ৰক্ত কণিকা – Purbodix.com

ৰক্ত কণিকা

আমৃণা জেৰিয়ানা

এমুঠি উশাহ বিচাৰি

তেজ ৰঙা সপোনবোৰ লৈ

জীৱনৰ মায়াবৃত্তত

এটি ৰক্ত কণিকাই

বাৰে বাৰে কিয় হেৰুৱায় সংযম/

 

প্ৰেমৰ প্ৰহৰী

সেই ৰক্ত কণিকাটি

বৈ থাকে নীৰৱে

উচুপে নিঃশব্দে,

বাট পাহৰি সি

উশাহ হেৰুৱায়

জীৱন বোৱা সিৰাই সিৰাই৷

 

মৌনতাৰ উত্তাপে

দহে হৃদয় মণিকোঠ

নিঃসংগ প্ৰহৰে প্ৰহৰে,

তাৰে সৈত দহে

ৰক্ত কণিকাটি

অস্তিত্ব বোৱা সিৰাই সিৰাই৷

 

প্ৰেমৰ চানেকিৰে

ফুল তোলা বিহুৱান

অনাদৰে উঁৱলিব,

পৰাচিত

ভুলৰ ভঁৰাল

আৰু, ৰক্ত কণিকাটি৷

 

নিদানৰ পথিক

সেই ৰক্ত কণিকাটি

বৈ থাকে নীৰৱে

উচুপে নিঃশব্দে,

এমুঠি উশাহ বিচাৰি

তেজ ৰঙা সপোনবোৰ হেৰুৱায়

মৃত্যু বোৱা সিৰাই সিৰাই৷

 

নিদানৰ পথিক

সেই ৰক্ত কণিকাটি

বৈ থাকে নীৰৱে

উচুপে নিঃশব্দে,

এমুঠি উশাহ বিচাৰি

তেজ ৰঙা সপোনবোৰ হেৰুৱায়

মৃত্যু বোৱা সিৰাই সিৰাই৷

 

জীৱনৰ মায়াবৃত্তত

ৰক্ত কণিকাটিয়ে

বাৰে বাৰে হেৰুৱায় সংযম

একান্ত ব্যক্তিগত

আবেশৰ ঠিকনা বিচাৰি

প্ৰেম বোৱা সিৰাই সিৰাই

 

প্ৰেম বোৱা সিৰাই সিৰাই৷

Leave a Reply

Your email address will not be published. Required fields are marked *