by Arup Kakoti
ইন্দিৰা দেৱী
মোৰ পৰা তেওঁৰ ঘৰলৈ দুখোজৰ বাট৷
ইহজনম পৰজনম উজাই উজাই
মই অক্লান্তা৷
সৰু সৰু শিপাবোৰে পোখা মেলি
শীৰ্ষমৃত্তিকাত পোত খাইছিলহে মাত্ৰ,
আকাশমুখী সেউজীয়া আগটোৰপৰা
বিহ্বলিত ঠাল–ঠেঙুলিবোৰে
আহল–বহলকৈ হাতবোৰ মেলি দিছিল৷
জিৰজিৰীয়া বতাহৰ সিৰসিৰনিত
উদভ্ৰান্ত হৈ দিকভ্ৰান্ত নহ’লেও,
উভতি চালে তেওঁৰ ছাঁটোত আজিও
মোৰেই প্ৰতিবিম্ব প্ৰতিবিম্বিত হয়৷
অপৰিসীমৰ সীমাত ৰৈ
ৰৌদ্ৰোজ্জ্বল পুৱাত সদ্যস্নাতা কোনো মহিমাময়ীৰ
আকুল আহ্বানত এদিন তেওঁ বিলীন হৈ গ’ল৷৷
মোলৈ এৰি থৈ গ’ল
ক্ষত–বিক্ষত ক্ষোভৰ দগমগীয়া জুইকুৰা৷
পুনৰ,
নেদেখাকৈয়ে তেওঁৰ গোপন প্ৰত্যাৱৰ্তন৷
উটি বুৰি ক’ৰবাত হেৰাই যোৱা
এতিয়া মই
এটা মৃত আত্মা৷৷