ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ ‘ৰূপকোঁৱৰ নাট্য উৎসৱ – ২০২৩’’ (- ৰঞ্জন শৰ্মা) – Purbodix.com

ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ ‘ৰূপকোঁৱৰ নাট্য উৎসৱ – ২০২৩’’ (- ৰঞ্জন শৰ্মা)

               জয় আলোকময়

                                                  অনাদি অনন্ত প্ৰসাৰী

                                             বিশ্ব জীৱন জ্যোতি

                                                  জয় জয় সুন্দৰ

                                             সত্য সনাতন

                                                   চিৰ প্ৰশান্ত বিশ্বপতি৷  (নাটকৰূপালীম, জ্যোতিপ্ৰসাদ আগৰৱালা৷)

               মানৱ জীৱন সুন্দৰৰ সাধনাৰ বাবেই সৃষ্টি৷ সত্যশিৱসুন্দৰৰ আৰাধনাই মানুহৰ মনত প্ৰেৰণা যোগায় আৰু এই সুন্দৰতেই নিহিত থাকে মানুহৰ জীৱন ৰস৷ এই সুন্দৰৰ আৰাধনাৰ একমাত্ৰ অৰ্ঘ হৈছে কলাৰ আৰাধনা৷ কলাৰ আৰাধনাইহে মানৱ জীৱনক সুন্দৰ অনুপম ৰূপত গঢ় দিয়ে৷ সুন্দৰৰ আৰাধনাৰ যোগেদিয়ে মানুহে সৎ চিন্তাসৎ সাধনাসৎ কৰ্ম আৰু সৎ ভাৱে জীৱন ধাৰণৰ অনুপ্ৰেৰণা লাভ কৰি জীৱন মহৎ আৰু সংস্কৃতিবান কৰি গঢ়ি তুলিব পাৰে৷ৰূপান্তৰেহে জগত ধুনীয়া কৰেএই মহামন্ত্ৰকে সাৰোগত কৰি ওৰেটো জীৱন সংস্কৃতিৰ সাধনাৰে জীৱন মহীয়ান কৰি তোলা চিৰ সুন্দৰৰ আৰাধক সংস্কৃতিৰ পূজাৰী গৰাকীয়েই হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা৷ শৈশৱৰে পৰাই পৰিয়ালসূত্ৰে পোৱা সাহিত্যসংস্কৃতি, সংগীতৰ সাধনাই শিশু জ্যোতিপ্ৰসাদক ভৱিষ্যতে এজন সুন্দৰৰ আৰাধক হোৱাত সহায় কৰিছিল৷

               মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰু দুজনাই নিমাৰ্ণ কৰি থৈ যোৱা সংস্কৃতিৰ বৰভেটিত সংস্কৃতিৰ বৰঘৰ নিমাৰ্ণ কৰিছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শমাৰ্দেৱে৷ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ, সুৰকাৰ, নাট্যকাৰলেখক, কবি, শিশু সাহিত্যিক, নিবন্ধকাৰ আৰু বোলছবি নিমাৰ্তা হিচাপে অসমীয়া সংস্কৃতিলৈ অনবদ্য  অৱদান আগবঢ়াই থৈ গৈছিল এইগৰাকী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীতসমূহত আছিল কেঁচা মাটিৰ গোন্ধ আৰু আলোক সন্ধানৰ আহ্বান৷ ৰূপকোঁৱৰে থলুৱা সুৰ আৰু পাশ্চাত্য ৰিডমক সংমিশ্ৰণ কৰি অসমীয়া আধুনিক সংগীতক এক নতুন মাত্ৰা প্ৰান কৰিছিল৷ মাত্ৰ চৈধ্য বছৰ বয়সতেইশোণিত কুঁৱৰীনাটক ৰচনা কৰি বিস্ময়কৰ প্ৰতিভাৰ পৰিচয় দিয়া এইগৰাকী মহান শিল্পীয়ে পৰৱৰ্তী সময়তকাৰেঙৰ লিগিৰী’, ‘ৰূপালীম’, ‘লভিতা’, ‘নিমাতী কইনাআদি কৰি কেইবাখনো মননশীল নাটক ৰচনা কৰি অসমীয়া নাট্য সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে৷ ১৯৩৫ চনতজয়মতীছবি নিমাৰ্ণেৰে অসমীয়া চলচ্চিত্ৰৰ ভেটি নিমাৰ্ণ কৰি থৈ গৈছে এইগৰাকী সংস্কৃতিৰ সাধকে৷ গীত, কবিতা, নাটক আৰু চলচ্চিত্ৰৰে অসমীয়া সমাজক এক সুন্দৰৰ জোনাকী বাটৰ সন্ধান দি থৈ যোৱা এইগৰাকী মহান শিল্পী যেতিয়ালৈকে মহাবাহু ব্ৰহ্মপুত্ৰ বহ্নিমান হৈ থাকিব,….যেতিয়ালৈকে অসমীয়া জাতি থাকিব তেতিয়ালৈকে প্ৰত্যেকজন অসমীয়াৰ হৃদয়ত উজ্জ্বলপ্ৰোজ্জ্বল কহিনুৰৰ দৰে জিলিকি থাকিব৷

               জীৱনযোৰা চিৰ সুন্দৰৰ আৰাধনাৰে অসমীয়া জাতিক চিৰ জ্যোতিস্মান কৰি থৈ যোৱা এইগৰাকী মহান শিল্পীৰ প্ৰতি শ্ৰদ্ধা জনাই ১৭ জানুৱাৰী শিল্পীগৰাকীৰ মৃত্যুৰ দিনটো সমগ্ৰ অসমবাসীয়েশিল্পী দিৱসহিচাপে উদ্যাপন কৰাৰ লগতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰয়ো এই দিনটোক আলম হিচাপে লৈ প্ৰতিবছৰেৰূপকোঁৱৰ নাট্য উৎসৱপালন কৰি আহিছে৷ এইবাৰ অথাৰ্ৎ ২০২৩ বৰ্ষত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শিল্পী সমাজে যোৰহাট জিলাৰ প্ৰশাসন আৰু সাংস্কৃতিক ৰাজধানী যোৰহাটৰ ঐতিহ্যমণ্ডিত যোৰহাট থিয়েটাৰৰ সহযোগত যোৰহাট থিয়েটাৰৰ ৰঙ্গমঞ্চত চাৰিদিনীয়াকৈ এক বৰ্ণিল নাট মহোৎসৱৰ আয়োজন কৰে৷ লগতে কেইবাখনো নাট আৰু ভাওনা সম্পৰ্কীয় মনোজ্ঞ আলোচনা চক্ৰ আয়োজন কৰি মহান শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ নিবেদন কৰা হয়৷ ১৯ জানুৱাৰীৰ ২০২৩ পৰা ২২ জানুৱাৰী ২০২৩ লৈকে অনুষ্ঠিত হোৱা এই বৰ্ণময় নাট মহোৎসৱৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ  শিক্ষামন্ত্ৰী ডাঃতৰণোজ পেগু ডাঙৰীয়াই৷ অসমৰ বিশিষ্ট শিল্পী, কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ ডাঙৰীয়াই সুন্দৰকৈ সজাইপৰাই তোলা যোৰহাট থিয়েটাৰৰ বাকৰি এক মিলনভূমিলৈ পৰিণত হয়৷ সাহিত্য একাডেমীৰ বঁটা বিজয়ী সাহিত্যিক অনুৰাধা শমাৰ্ পূজাৰী, শংকৰদেৱ কলাক্ষেত্ৰৰ উপ সভাপতি বিশিষ্ট শিল্পী জিতুল সোণোৱাল, কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ, ৰাষ্ট্ৰীয় খ্যাতিসম্পন্না শিল্পী তৰালী শমাৰ্, বিশিষ্টা অভিনেত্ৰী চেতনা দাস, ৰীণা বৰা, পূৰ্ণিমা পাঠক শইকীয়া, ডাঃ জাহানাৰা বেগম, গৰিমা শইকীয়া গাৰ্গ, ৰবিজিতা গগৈ, বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া, অবিনাশ শমাৰ্, গুণাকৰ দেৱগোস্বামী, বীৰেন সিংহ, উদ্যাপন সমিতিৰ মূখ্য আহ্বায়ক প্ৰদীপ পূজাৰী, শিল্পী জয়ন্ত নাথ, যোৰহাট থিয়েটাৰৰ সভাপতি যোগানন্দ বৰা, যোৰহাট সমষ্টিৰ মাননীয় বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীকে আদি কৰি বহুজন গুণীজ্ঞানী ব্যক্তিয়ে শুৱনি কৰা এই ৰূপকোঁৱৰ নাট মহোৎসৱত প্ৰথমদিনা পূৰ্বৰঙ্গ হিচাপে সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰে বিছমিল্লা খাঁন যুৱ সংগীত নাটক একাডেমীৰ বঁটা বিজয়ী বিশিষ্টা নৃত্যশিল্পী অঞ্জলি বৰবৰা বৰঠাকুৰ আৰু তেখেতৰ সংগীবৃন্দই৷ তাৰ পাছতে সদ্যপ্ৰয়াত কাব্যঋষি নীলমণি ফুকনদেৱৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় আৰুআলোকৰে যাত্ৰা…’ শীৰ্ষক এখনি নান্দনিক আৰু দৃষ্টিনন্দন চিত্ৰ প্ৰদৰ্শনীও মুকলি কৰা হয়৷ ৰূপকোঁৱৰ নাট্য উৎসৱৰ লগত সংগতি ৰাখি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে কলাসংস্কৃতিলৈ বিশেষ বৰঙণি আগবঢো.ৱা তিনিগৰাকীকৈ বিশিষ্ট শিল্পীক সম্বৰ্দ্ধনা জ্ঞাপন কৰে৷ ৯৫ বৰ্ষীয় বিশিষ্ট নাট্যশিল্পী নিত্যৰঞ্জন বৰঠাকুৰ, বিশিষ্ট সাংবাদিক নাট্যকাৰ শৈলেন কুমাৰ নাথ আৰু এসময়ৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনপ্ৰিয় অভিনেত্ৰী জিনু মাৰ্চেণ্টক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়৷

               ৰূপকোঁৱৰ নাট্য উৎসৱৰ প্ৰথম নিশাৰ নাটক আছিল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ নিবেদিত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী অমৰ সৃষ্টিৰূপালীম নাটখনৰ পৰিচালনা আছিল সংগীত নাটক একাডেমী বটা বিজয়ী বিশিষ্ট নাট পৰিচালক অবিনাশ শমাৰ্ৰ৷ শিল্পীসকলৰ সুন্দৰ অভিনয় আৰু মননশীল নাট পৰিচালনাই সকলো দৰ্শককে মন্ত্ৰমুগ্ধ কৰি ৰাখিবলৈ সক্ষম হয়৷ দ্বিতীয় নিশাৰ নাটক আছিল যোৰহাট থিয়েটাৰ নিবেদিত জনপ্ৰিয় অভিনেতা পৱিত্ৰ বৰুৱা (মিণ্টু) পৰিচালনাৰে নাট্যকাৰ প্ৰশান্ত কটকীৰ ৰচিত ৰূপকোঁৱৰৰ জীৱনভিত্তিক নাটকপ্ৰাণৰো প্ৰাণৰ গানৰো গান১….’ সুপৰিচালনা আৰু সুন্দৰ দলগত অভিনয়ৰ মননশীল নাটকখনে প্ৰেক্ষাগৃহৰ ভিতৰত থকা প্ৰতিজন দৰ্শকৰে মন চুই যাবলৈ সক্ষম হয়৷ ৰূপকোঁৱৰ নাট্য উৎসৱত এখন সুন্দৰ নাটক উপহাৰ দিয়াৰ বাবে যোৰহাট থিয়েটাৰ সঁচাই ধন্যবাদৰ পাত্ৰ৷ তৃতীয় নিশাৰ নাটক আছিল কলিকতাৰ দক্ষিণেৰ বাতাশ নাট্যগোষ্ঠীৰ বহুচৰ্চিত নাটকবিভাজন সাম্প্ৰতিক সময়ত হিন্দুমুছলমানৰ মাজত বিভাজন আনিবলৈ চেষ্টা কৰা কিছু অপশক্তিৰ বিৰুদ্ধে এক সুন্দৰ বিশ্লেষণাত্মক নাটকবিভাজন নাটকখনৰ ৰচনা আৰু পৰিচালনা আছিল অভিজিত কৰগু৫১৷ নাটকখনৰ বিষয়বস্তুৱে মানুহৰ মনমগজু জোকাৰি যায়৷ চতুৰ্থ তথা অন্তিম নিশাৰ নাটক আছিল ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় (NSড্ড) চিকিম ৰেপাৰটাৰী কোম্পানীৰ দ্বাৰা পৰিৱেশিত নাটকছফেড লকীৰ নিচাযুক্ত দ্ৰব্য সেৱনে কিদৰে এক প্ৰজন্মক ধবংসৰ মুখলৈ ঠেলি লৈ গৈছে সেয়া সুন্দৰকৈ দেখুওৱা হৈছে নাটকখনত৷ এক সুন্দৰ আৰু বলিষ্ঠ সামাজিক বাতাৰ্ থকা নাটকখনে প্ৰতিজন দৰ্শককে মোহা২৬ন্ন কৰি ৰাখে৷ বিশিষ্ট নাট্যকাৰ, পৰিচালক বিপিন কুমাৰৰ পৰিচালিত নাটকখনৰ অভিনয়, দৃশ্যসজ্জা, পোহৰ প্ৰক্ষেপণ আৰn নাটকৰ সংগীত আছিল অনন্য৷ নাট মহোৎসৱত প্ৰদৰ্শিত এখন সবাৰ্ঙ্গসুন্দৰ নাটক হিচাপে নাটকখনে দৰ্শকৰ মনত সাঁচ বহুৱাই থৈ যায়৷

               চাৰিওটি দিনেই বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী, মননশীল আলোচনা চক্ৰ আৰু বৰ্ণিল নাট প্ৰদৰ্শনৰ জৰিয়তে সাংস্কৃতিক বিনিময়েৰে যোৰহাট থিয়েটাৰক এক মহামিলন তীৰ্থত পৰিণত কৰিলে৷ যোৰহাটবাসী ৰাইজক এনে¸ এটি সুন্দৰ অনুষ্ঠান উপহাৰ দিয়াৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ৷ লগতে সহযোগিতা আগবঢা. এই বৃহৎ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে যোৰহাট জিলা প্ৰশাসন আৰু ঐতিহ্যমণ্ডিত যোৰহাট থিয়েটাৰৰ সমূহ কৰ্মকতাৰ্ৰ আন্তৰিক শলাগ লো৷

ৰ্  

 

     

Leave a Reply

Your email address will not be published. Required fields are marked *