
অসমৰ সত্ৰ বা গাঁও–চহৰৰ নামঘৰ–মন্দিৰত ফাগুন বা চ’ত মাহৰ পূৰ্ণিমা তিথিত অনুষ্ঠিত হোৱা শ্ৰীকৃষ্ণ ভগৱন্তৰ ‘‘দেউল বা দৌল উছৱ’’, পূৰ্বতে কেৱল বৈকুণ্ঠতহে অনুষ্ঠিত হৈছিল বুলি আমাৰ শাস্ত্ৰবিলাকে কয়৷ এই উছৱত শ্ৰীকৃষ্ণক দোলাত তুলি গোপ–গোপী–ভকতসকলে ভগৱানৰ প্ৰশংসামূলক গীত গাই নানাধৰণৰ গীত–নৃত্য–নাট্যৰ তালে তালে নাচি ইজনে–সিজনৰ গালে–মুখে ফাঁকুগুৰি সানি আনন্দ কৰিছিল৷ ব্ৰহ্মা, ইন্দ্ৰ, ৰুদ্ৰ আদি দেৱতাই পৰমপুৰুষক প্ৰাৰ্থনা কৰি এই উৎসৱ ‘দেৱলোক’লৈ আনিলে৷
ফাগুন মাহত ভগৱানে জনগণৰ কল্যাণাৰ্থে ক্ৰীড়া কৰিবলৈ দোলাৰোহণ কৰে৷ পৰৱৰ্তী সময়ত ‘ওৰেষা তীৰ্থ’ত ৰজা ইন্দ্ৰদ্যুম্নই নতুন ৰূপেৰে দৌল উছৱ পাতিবলৈ লয়৷ অসমত শ্ৰীমন্ত শঙ্কৰদেৱে বৈকুণ্ঠৰ আৰ্হিত ‘বৰদোৱা সত্ৰ’ত দৌলোৎসৱ পাতিছিল৷ পোন প্ৰথমবাৰৰ বাবে মহাপুৰুষ গুৰুজনাই মাত্ৰ একৈছ বছৰ বয়সতে ‘বৰদোৱা ধাম’ত এই দৌলোৎসৱ বা ফল্গুৎসৱৰ পাতনি মেলিছিল ফাগুন মাহৰ পূৰ্ণিমা তিথিত, ‘‘চিহ্নযাত্ৰা’’ ভাওনাৰ সময়ত৷
‘‘দক্ষিণে যাত্ৰাৰ দৌল মহাপুৰুষে নিৰ্মিলা৷
সাতো বৈকুণ্ঠৰ চিহ্ন আঁকিয়া দেখাইলা৷৷’’
স্থানবৰ্ণনৰ গীতত,
(বৰঠাকুৰ, পুৰুষোত্তমদেৱ)
‘ওৰেশা বৰ্ণন’ত এই উছৱৰ বিৱৰণ মহাপুৰুষে দিছে এনেদৰে–
‘‘ৰঙ্গে ফাঁকু খেলে চৈতন্য বনমালী৷
দুয়োহাতে ফাল্গু–গুড়া সিঞ্চন্ত মুৰাৰী৷৷
ফাল্গুনীত গোবিন্দক তুলিয়া দৌলত৷
দৌলযাত্ৰা কৰে মহোৎসৱে সিবেলাত৷৷’’
বৰীগততো মাধৱদেৱ মহাপুৰুষে উল্লেখ কৰিছে এনেদৰে–
‘‘ফাকু খেলে কৰুণাময় এ নন্দকুমাৰ৷
দেৱৰ দুল্লৰ্ভ কেলি ফাগুৰ বিহাৰ৷’’
এই উছৱৰ কথা সংস্কৃত গ্ৰন্থ ‘দশকুমাৰ’ আৰু ‘গৰুড়কুমাৰ’ত বিশদভাৱে বৰ্ণিত আছে বুলি জনা যায়৷ হৰ্ষদেৱ বিৰচিত ‘ৰত্নাৱলী’তো ফল্গুৎসৱৰ বিষয়ে উল্লেখ আছে, ‘হোলী’ উছৱ নামেৰে৷ কালিদাসৰ ভাষাৰে ‘হোলি’ হ’ল ‘মদনোৎসৱ’৷
পৰৱৰ্তী কালতহে অসমৰ আন আন সত্ৰসমূহত এই দেউল উছৱ অনুষ্ঠিত কৰিবলৈ লোৱা বুলি জনা যায়৷ বৰপেটাসত্ৰত প্ৰথমবাৰৰ বাবে মথুৰা দাস আতাই, ১৫১৮ শকত বৈকুণ্ঠৰ আৰ্হিত দেউল উছৱ পালন কৰিছিল৷
‘বসন্ত কালৰ দিন অতি বিতোপন৷
বৃন্দাবনে ফাঁকুখেলে নন্দেৰ নন্দন৷৷’

বৰদোৱা ধামত নামঘৰত সাত বৈকুণ্ঠৰ ঢাপ সাজি ফাগুন মাহৰ পূৰ্ণিমা তিথিত দৌলোৎসৱ অনুষ্ঠিত কৰিছিল৷ চৰিতপুথি মতে ‘মহুৱাপুৰ’ৰ পৰা সাতটা কড়িৰ সলনি সাত কলহ ফাঁকুগুড়ি অনাই মহাপুৰুষজনাই বৰদোৱা থানত ফাঁকুৱা খেলিছিল৷ এই ফাঁকু বা আবিৰ আছিল শিমলু, পলাশ, মদাৰ, মহুৱা, জেতুকা, পুৰৈ শাকৰ গুটি, কেঁতুৰিৰ গুড়ি আৰু হালধি গুড়িৰে তৈয়াৰী স্বাস্থ্যসন্মত প্ৰাকৃতিক সামগ্ৰী৷ চাৰি বা পাঁচদিনীয়াকৈ পালন কৰা এই উৎসৱক ‘‘ডেকা দেউল’’ বুলি কোৱা হৈছিল৷ আনহাতে চ’ত মাহৰ পূৰ্ণিমাত তিনিদিনীয়াকৈ পালন কৰা দেউল উছৱক ‘‘বুঢ়া দেউল’’ বুলি কোৱা হয়৷ এই উছৱ অসমৰ বৰদোৱা, বৰপেটা, নলবাৰী, হাজোৰ হয়গ্ৰীৱ মন্দিৰ, উত্তৰ গুৱাহাটীৰ ‘‘দৌলগোবিন্দ’’ মন্দিৰ, মাজুলী আৰু অন্যান্য ঠাইৰ সৰু–বৰ প্ৰায়খিনি সত্ৰ বা মহাপুৰুষীয়া থানতে, গাঁও–চহৰৰ নামঘৰে–নামঘৰে উলহ–মালহ–আধ্যাত্মিকতাৰে পালিত হৈ আহিছে৷
দেউল উছৱৰ লগত সৰ্বভাৰতীয় ‘‘হোলী’’ উছৱৰ সম্বন্ধ আছে৷ ই প্ৰকৃততে পৃথিৱীৰ অৱস্থাৰ পৰিৱৰ্তনৰ অতুলনীয় উৎসৱ৷ ঋতুৰ ৰঙৰ প্ৰতীক ‘‘আবিৰ’’ৰ এই ক্ৰীড়া উছৱ, সম্প্ৰীতিৰ মহোৎসৱ৷ দেউলৰ প্ৰথম দিনটোক ‘অধিবাস’ বা ‘গন্ধোৎসৱ’ বা ‘গোন্ধযাত্ৰা’ বা ‘বহ্নে্যাৎসৱ’ বোলা হয়৷ পিছৰ দিনা ‘‘ভৰদেউল’’ অনুষ্ঠিত হয়৷ মহাপ্ৰভুক দৰ্শন কৰি সকলো ভকত–বৈষ্ণৱে আবিৰ ফাঁকুগুড়ি সিঁচি আৰুসানি ভক্তিপূৰ্ণ সেৱা জনায়৷ সেইদিনা ‘‘যোগমোহন গৃহ’’ৰ সন্মুখত নিজা নীতিৰে নিত্য প্ৰসংগ কৰা দেখা যায়৷ অন্তিম দিৱসত (যাক ‘সুঁৱেৰি’ বা ‘ফাকুৱা’ বুলি কোৱা হয়) মহাস্নান কৰোৱাৰ পাছত গোসাই মহাপ্ৰভুক যথাস্থানত প্ৰবিষ্ট কৰোৱা হয়৷ পুৱাৰ ভাগত ভকতসকলে ‘‘বোকা ভাওনা’’ খেলে আৰু হাতে হাতে আবিৰ বা ফাঁকুগুড়ি আৰু চন্দন লৈ গালে মুখে সানি, বতাহত উৰুৱাই ঋতুৰঙ্গৰ বিনোদন ক্ৰীড়াৰে ফাঁকুৱা খেলে৷ গুৰুজনাই বৰদোৱাত প্ৰথমবাৰ আয়োজন কৰা দৌলোৎসৱত গোবিন্দ মূৰ্তিক আসনত প্ৰবিষ্ট কৰাই শোভাযাত্ৰা কৰি আবিৰ খেলি খেলি গোঁসাই আগমনী গীত জুৰি ‘‘গোঁসাই ফুৰোৱা অনুষ্ঠান’’ পালন কৰিছিল আৰু কৃষ্ণ গোঁসাইৰ গাত পোন প্ৰথমে ৰাম ৰাম গুৰু আৰু মহাপুৰুষ গুৰুজনাই ফাঁকুগুৰি সানিছিল৷ তাৰ লগে লগে সকলো সহশোভাযাত্ৰী আৰু ভকত–বৈষ্ণৱৰ সৈতে আবিৰৰ আদান–প্ৰদানেৰে ফাঁকুৱা সিঁচিছিল৷ সত্ৰৰ চাৰি হাটী আৰু সত্ৰৰ নিকটৱতীৰ্ অঞ্চলত গোঁসাই ফুৰোৱা হয়৷ পৰিভ্ৰমণৰ অন্তত সমদলত ভাগলোৱা ভকত–বৈষ্ণৱ দুটা ভাগত বিভক্ত হয়– এটা লক্ষ্মীদেৱীৰ পক্ষত আৰু আনটোৱে শ্ৰীকৃষ্ণৰ পক্ষ লয়৷ ঘুনুচাবাৰীৰ পৰা ঘূৰি অহা শ্ৰীকৃষ্ণক লক্ষ্মীদেৱীৰ দলে গৃহ প্ৰৱেশত বাধা দিয়ে৷ শেষত যথোচিত দণ্ডৰ বিনিময়ত শ্ৰীকৃষ্ণৰ পক্ষক বাট এৰি দিয়ে; তেতিয়াই গোবিন্দ মহাপ্ৰভুৰ বিগ্ৰহ কীৰ্তন ঘৰত আৰু মণিকূটত প্ৰৱেশ কৰিব পৰা হয়৷ আৰতি–বন্দনাৰে যথাস্থানত গোঁসাই পুনৰ প্ৰতিষ্ঠিত হয় আৰু দেউল উছৱৰ সমাপ্তি ঘটে৷ প্ৰসঙ্গীয়া নাম–কীৰ্তনৰ অন্তত ভকতসকলে ভোগ প্ৰসাদ গ্ৰহণ কৰে৷ নামঘৰৰ গুৰু আসনৰ আগত অৰ্পণ কৰা ফাকুগুড়ি, চন্দনৰ সৈতে ভকত বৈষ্ণৱৰ মাজত বিতৰণ কৰা হয়৷ গোঁসাই মণিকূটত প্ৰৱেশৰ পিছত ১০৮ বাৰ (ডবা কোবোৱা হয় আৰু দৌল উছৱৰ সামৰণি পৰে৷
দৌল উৎসৱ বা হোলী উছৱৰ বহুকেইটা জনশ্ৰুতি আছে–
ৰ৷ দৈত্যৰাম হিৰণ্যকশিপুৰ ভগ্নীৰ নাম আছিল ‘‘হোলিকা’’৷ তেওঁ একুৰা প্ৰকাণ্ড জুইৰ মাজত ভতিজাক প্ৰহ্লাদক লৈ বহি পৰিছিল, ভতিজাকক মৰাৰ পৰিকল্পনাৰে৷ কিন্তু সেই জুইত হোলিকাৰহে মৃত্যু হয়, প্ৰহ্লাদ অক্ষত থাকিল৷ এই কাহিনীৰ আলমতে এই উছৱে হোলী নাম পায়৷
২৷ শিশু কৃষ্ণই পুতনা ৰাক্ষসীক বধকৰাৰ কাহিনীৰ স্মৃতিচাৰণকো ইতিহাসে হোলী নাম দিয়ে৷

৩৷ উত্তৰ ভাৰতত শঙ্খচূড়ৰ আন নাম হোলিকা৷ তেওঁৰ পত্নীৰ সতীত্ব অক্ষত থকালৈকে বা পতিব্ৰতা হৈ থকালৈকে শঙ্খচূড় জীয়াই থাকিব৷ অত্যাচাৰী শঙ্খচূড়ক বধ কৰাৰ উদ্দেশ্যে স্বয়ং নাৰায়ণে শঙ্খচূড়ৰ বেশেৰে শঙ্খচূড় পত্নী তুলসীৰ সতীত্ব নষ্ট কৰিছিল আৰু ফলস্বৰূপে মহাদেৱৰ হাতত তেওঁৰ মৃত্যু হৈছিল৷ এই কাহিনীৰ আধাৰত ফাঁকুৱাই হোলী নাম পায়৷
এই দেউল উছৱৰ বিশেষ বৈশিষ্ট্য হ’ল–
ৰ৷ ফাগুৱাৰ গীত বা হোলী গীত, ২) ফাকুগুড়ি৷
‘চিহ্নযাত্ৰা’ ভাওনা পতাৰ সময়তে গুৰুজনাই দৌলোৎসৱ উপলক্ষে সাতোটা গীত ৰচনা কৰাৰ কথা চৰিত পুথিত পোৱা যায়৷ মাধৱদেৱ মহাপুৰুষেও ফাঁকুৱাৰ বাবে কিছু গীত ৰচনা কৰিছিল, যেনে–
ৰ৷ ফাগু খেলে কৰুণাময় ও নন্দ কুমাৰ– (ৰাগ–ভটিয়ালী)
২৷ দোলায় গোবিন্দ পৰমানন্দ– (ৰাগ–তুৰ বসন্ত)
৩৷ ভাই দেখো কমলাপতি দৌলৰ উপৰে – (ৰাগ–সিন্ধুৰা)
এই বৰগীতৰ আধাৰতে বৰদোৱা আৰু বৰপেটা সত্ৰৰ ‘‘অসমীয়া হোলী গীত’’, অম্বিকাগিৰি ৰায়চৌধুৰী, প্ৰসন্নলাল চৌধুৰী, পুৰুষোত্তম দাস, প্ৰহ্লাদ দাস, ফণী তালুকদাৰ আদি স্বনামধন্য গীতিকাৰ সকলৰ অহোপুৰুষাৰ্থত সম্পূৰ্ণ থলুৱা মাত–কথা–সুৰেৰে সৰ্বভাৰতীয় হোলী গীতৰ অনুকৰণ আৰু অনুপ্ৰেৰণাৰে আমাৰ বাবে সৃষ্ট হ’ল আৰু এতিয়াও তাৰ ধাৰাটো নতুন প্ৰজন্মই জীয়াই ৰাখিছে৷ এই সমূহ গীতত শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তনৰ লগতে অসমৰ জনজীৱনৰ বসন্ত–উল্লাস আৰু অসমৰ বিনন্দীয়া প্ৰকৃতিৰ অনুপম চিত্ৰ প্ৰস্ফুটিত হৈ আহিছে৷ যেনে–
ৰ৷ শ্যাম খেলে হোলী, গোপ গোপী মিলি বৃন্দাবনে
ময়ূৰ–ময়ুৰী নাচে বনে বনে– (গিৰীশ দাস)
২৷ আবিৰ উৰাই, কৃষ্ণ কানাই
ঘেৰি ঘেৰি সব গোপী মিলি– (খগেন্দ্ৰ নাথ দাস)
৩৷ পুলকিত পুৰবাসী মন–প্ৰাণ জাগে– (গোকুল পাঠক) আদি৷
এই মাধুৰ্যময় লোক উৎসৱত অনেক লোক পৰম্পৰা আৰু বিশ্বাস জড়িত হৈ আছে৷ আবিৰ বা ফাকুগুড়ি সানিলে বা বতাহে সমীৰে উৰা আবিৰে বসন্ত ৰোগ আৰু অন্যান্য চৰ্মৰোগ প্ৰতিৰোধত সহায় কৰে, গাৰ ছাল নিমজ হয়, মুখৰ সৌন্দৰ্য বৃদ্ধি হয়৷ আবিৰে প্ৰজনন শক্তি বঢ়ায়, বৃদ্ধি কৰে মানুহৰ মাজৰ আনন্দ, ৰং, সম্প্ৰীতি, আদান–প্ৰদান কৰে লোক পৰম্পৰাৰ ই এনে এটি সম্প্ৰীতিৰ মহোৎসৱ, যাৰ জৰিয়তে উচ্চ–নীচ, ধনী–দুখীয়া নিৰ্বিশেষে সদৌটিয়ে একেলগে, একে মঞ্চতে আনন্দত মতলীয়া হোৱাৰ সুযোগ সুবিধা পাবলৈ সক্ষম হয়, ‘বসুধৈৱ কুটুম্বকম্’ ধাৰণাৰে, ভিন্নতাৰ মাজত একতাৰ এনাজৰীৰে৷ সেয়ে হোলী গীতত গোৱা হয়–
আজি ৰঙে ৰঙে একাকাৰ,
আহা সৱে মিলি খেলো হোলী–
সদৌ শেষত আমাৰ দুৰ্বাৰ আশা–দৌলোৎসৱ এনে এক সমন্বয়ৰ উছৱ হৈ পৰক, যাৰ সহায়ত, নিষ্পাপ আশা–ভৰষা, মিঠা ভাৱনা আৰু পৰমব্ৰহ্মৰ প্ৰতি থকা অপাৰ্থিৱ পৰম প্ৰেমেৰে যেন আমি প্ৰতিজনেই, সাৰ্বজনীন ভাতৃত্ববোধ আৰু আধ্যাত্মিকতাৰে ভৰা একোখন অন্তৰৰ গৰাকী হ’ব পাৰোঁ৷ vv