মানৱ অধিকাৰ আৰু ভাৰতীয় সংবিধান (জয়ন্ত দাস) – Purbodix.com

মানৱ অধিকাৰ আৰু ভাৰতীয় সংবিধান (জয়ন্ত দাস)

 সাধাৰণতে মানৱ অধিকাৰ বুলি কওঁতে কিছুমান মৌলিক আৰু হস্তান্তৰবিহীন অধিকাৰৰ কথাকে বুজোৱা হয়৷ যিবিলাক অধিকাৰ প্ৰাকৃতিকভাৱে জন্মগত আৰু এনে অধিকাৰ অবিহনে মানুহে প্ৰকৃতাৰ্থত মানুহ হিচাপে জীৱন ধাৰণ কৰিব নোৱাৰে৷ অৱশ্যে এই মানৱ অধিকাৰৰ ধাৰণাটো তুলনামূলকভাৱে নতুন ধাৰণা বুলিও পাৰি৷ কিয়নো অতীজতে মানুহে প্ৰাকৃতিক ৰাজ্যত বসবাস কৰিছিল আৰু সেই সময়ৰে পৰা মানুহে কিছুমান অধিকাৰ ভোগ কৰিছিল যদিও তেতিয়া সেই অধিকাৰসমূহক মানৱ অধিকাৰ হিচাপে স্বীকৃতি দিয়া হোৱা নাছিল৷ কালক্ৰমত ৰাষ্ট্ৰ বিশেষে মানৱ অধিকাৰক সাংবিধানিক মৰ্যাদা দিলে যদিও মানৱ অধিকাৰৰ সম্পূৰ্ণ ধাৰণাটো ১৯৪৫ চনত ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ পাছতহে আনুষ্ঠানিকভাৱে স্বীকৃতি লাভ কৰিলে৷ তদুপৰি ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ১৯৪৮ চনৰ পৰা ১০ ডিচেম্বৰ তাৰিখটো মানৱ অধিকাৰ দিৱস হিচাপে উদ্যাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ এই অধিকাৰৰ ফলত মানুহৰ ব্যক্তিত্ব বিকাশৰ লগতে অন্যান্য গুণৰো বিকাশত সুবিধা ল৷ মানৱ অধিকাৰসমূহ জন্মগত কাৰণে প্ৰত্যেক ব্যক্তিয়ে নিজকে মানৱ অধিকাৰৰ গৰাকী বুলি গণ্য কৰিব পাৰে৷ মানৱ অধিকাৰ সম্পৰ্কে লীহ লোভিন নামৰ চিন্তাবিদগৰাকীয়ে কৈছেস্পষ্ট আৰু সহজে বোধগম্য হোৱাকৈ সূত্ৰবদ্ধ কৰা হোৱা অধিকাৰবোৰকে মানৱ অধিকাৰ বুলি কোৱা হয়৷ এই অধিকাৰসমূহক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় উভয় সমাজতে আইন প্ৰণয়নকাৰী প্ৰক্ৰিয়াবোৰৰ দ্বাৰা ন্যায়িক অধিকাৰৰূপে গঢ় দিয়া হৈছে

 মানৱ অধিকাৰ বিষয়ক বিভিন্ন আইন তথা অধিকাৰ সংৰক্ষণ আৰু সুৰক্ষাৰ কথাবোৰ প্ৰথম মহাসমৰৰ পিছৰ পৰাই আলোচিত বলৈ ধৰিলে৷ মানৱ অধিকাৰ খৰ্ব হোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথম মহাসমৰৰ পৰিসমাপ্তি ঘটাবলৈ ১৯১৯ চনত ভাৰ্চাই চুক্তি স্বাক্ষৰিত হৈছিল যদিও সেই সময়ত চুক্তিখন সফল নহল৷ বিশেষকৈ সেই সময়ত মানৱ অধিকাৰ সুৰক্ষাৰ বিষয়তকৈ কিদৰে নিজ নিজ ৰাষ্ট্ৰসমূহ বিদেশী ৰাষ্ট্ৰৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰি তাৰ ওপৰতহে ৰাষ্ট্ৰসমূহে গুৰুত্ব আৰোপ কৰিছিল৷ পিছত অৱশ্যে মানৱ অধিকাৰ সুৰক্ষাৰ কাৰণে কিদৰে ব্যৱস্থা গ্ৰহণ কৰিব পাৰি তাৰ ওপৰত ৰাষ্ট্ৰসমূহৰ মাজত আলোচনা নোহোৱাকৈ থকা নাছিল৷ মানৱ অধিকাৰ যে এটা সৰ্বজনীন বিষয় সেয়া ৰাষ্ট্ৰসমূহে আলোচনা কৰিছিল৷ মানৱ অধিকাৰক সৰ্বজনীন ঘোষণাৰ কাৰণে ইউৰোপ, আমেৰিকা, এছিয়া আদি বিভিন্ন দেশৰ প্ৰতিনিধিসকলে মানৱ অধিকাৰৰ আন্তৰ্জাতিক স্বীকৃতিৰ কাৰণে গুৰুত্ব আৰোপ কৰিছিল৷

 মানৱ অধিকাৰৰ ধাৰণাটো ব্যাপক অৰ্থত প্ৰয়োগ কৰা হয়৷ এই অধিকাৰৰ লগত ব্যক্তিৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক আদি অধিকাৰসমূহো জড়িত হৈ আছে৷ সমাজত বসবাস কৰা প্ৰতিজন ব্যক্তিৰে সৰ্বাংগীণ দিশতে ব্যক্তিত্বৰ বিকাশৰ কাৰণে মানৱ অধিকাৰৰ প্ৰয়োজন হৈ পৰে৷ অৰ্থাৎ অধিকাৰ মানেই কিছুমান সুযোগসুবিধাকে বুজোৱা হয়৷ প্ৰত্যেক সভ্য সমাজতে ব্যক্তিৰ বিকাশ আৰু উন্নতিৰ কাৰণে সমাজ আৰু ৰাষ্ট্ৰৰ দ্বাৰা কিছুমান অধিকাৰক অপৰিহাৰ্য বুলি গণ্য কৰি সকলোৰে কাৰণে সমানে স্বীকৃতিও প্ৰদান কৰা হয়৷ এই অধিকাৰসমূহক ৰাষ্ট্ৰই সুৰক্ষা প্ৰদানৰো ব্যৱস্থা গ্ৰহণ কৰে৷ মানৱ অধিকাৰসমূহ মানুহে বৈষয়িক আৰু আধ্যাত্মিক বিকাশৰ কাৰণেও ব্যৱহাৰ কৰে৷ মূলতঃ প্ৰতিজন ব্যক্তিকে এক মৰ্যাদাসম্পন্ন জীৱন জীয়াই থাকিবৰ কাৰণেই মানৱ অধিকাৰক ৰাষ্ট্ৰসংঘৰ জৰিয়তে আন্তৰ্জাতিক স্বীকৃতি প্ৰদান কৰা হৈছিল৷ The U.N. reaffirmed its faith in fundamental human rights, in the dignity and worth of human person, in the equal rights of man and woman and of nations large or small.

 মানৱ অধিকাৰসমূহৰ অবাধ ব্যৱহাৰৰ পৰা আঁতৰত ৰাখি কিছু সীমাবদ্ধতাও ৰখা হয়৷ ভাৰতীয় সংবিধানেও ইয়াৰ নাগৰিকৰ কাৰণে মানৱ অধিকাৰ প্ৰদানৰ ব্যৱস্থা কৰিছে৷ সংবিধানপ্ৰদত্ত বিভিন্ন অধিকাৰ ভাৰতীয় নাগৰিকৰ কাৰণে প্ৰদানৰ ব্যৱস্থা কৰি অধিকাৰসমূহ সুৰক্ষাৰ কথাও উল্লেখ কৰা হৈছে৷ ভাৰতীয় সংবিধান অনুযায়ী মানৱ অধিকাৰ সুৰক্ষাৰ কাৰণে ১৯৯৩ চনত ভাৰতত মানৱ অধিকাৰ আইন প্ৰণয়ন কৰা হয়৷ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়তো মানৱ অধিকাৰ আয়োগ গঠনৰ ওপৰত ১৯৯৩ চনৰ মানৱ অধিকাৰ আইনে গুৰুত্ব প্ৰদান কৰিছে৷ লগতে ১৯৯৩ চনৰ আইনখনে মানৱ অধিকাৰ উলংঘন সম্পৰ্কে উত্থাপিত হোৱা বিভিন্ন অভিযোগসমূহ নিষ্পত্তিৰ কাৰণে ব্যৱস্থা গ্ৰহণৰ ওপৰতো গুৰুত্ব দিছিল৷ সংবিধানপ্ৰদত্ত মানৱ অধিকাৰসমূহকে মানুহে মৌলিক অধিকাৰ হিচাপেও উপভোগ কৰি আহিছে৷

 ভাৰতৰ ১৯৯৩ চনৰ মানৱ অধিকাৰ আইনে মানৱ অধিকাৰৰ সংজ্ঞা উল্লেখ কৰি কৈছে যে মানৱ অধিকাৰৰ অৰ্থ ব্যক্তিৰ জীৱনৰ লগত জড়িত ব্যক্তিগত স্বাধীনতা, সমতা, ব্যক্তিৰ মৰ্যাদা সম্পৰ্কীয় যিবিলাক অধিকাৰ ভাৰতীয় সংবিধানে প্ৰদান কৰিছে লগতে যিবিলাক অধিকাৰ ভাৰতীয় আদালতে বলৱৎ কৰিছে তেনে অধিকাৰেই মানৱ অধিকাৰ৷ অৰ্থাৎ আইনগতভাৱে বলৱৎ কৰা এই অধিকাৰসমূহৰ ওপৰত বাধ্যবাধকতাও ৰখা হৈছে৷ বিভিন্ন সময়ত দেশত মানৱ অধিকাৰ উলংঘনৰ ঘটনা সংঘটিত লে তাৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণৰো সুবিধা সংবিধানত ৰখা হৈছে৷ ভাৰতীয় সংবিধানৰ তৃতীয় অংশত নাগৰিকৰ কাৰণে বিভিন্ন অধিকাৰৰ কথা উল্লেখ কৰা হৈছে৷ সংবিধানৰ তৃতীয় অংশৰ ১২ নং অনুচ্ছেদৰ পৰা ৩৫ নং অনুচ্ছেদৰ ভিতৰত অধিকাৰসমূহৰ কথা কোৱা হৈছে৷ এই অনুচ্ছেদ সমূহত উল্লিখিত মানৱ অধিকাৰ বিষয়ক সাৰ্বজনীন ঘোষণা আৰু ৰাজনৈতিক তথা অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰ সম্পৰ্কীয় আন্তৰ্জাতিক প্ৰতিজ্ঞা পত্ৰৰ নীতিসমূহকো প্ৰতিফলিত কৰা হৈছে৷ অৱশ্যে ভাৰতৰ সাৰ্বভৌম আৰু অখণ্ডতা ৰক্ষা কৰা, ৰাজহুৱা শৃংখলা তথা নৈতিকতা ৰক্ষা কৰাৰ প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি লে ৰাষ্ট্ৰই ন্যায়সংগতভাৱে বাধা আৰোপ কৰিব পাৰে৷

 

 ভাৰতত ১৯৯৩ চনৰ মানৱ অধিকাৰ আইনৰ অধীনত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হৈছে যদিও বিভিন্ন মহলত ইয়াৰ সফলতাক লৈ সমালোচনাও নথকা নহয়৷ বিশেষকৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ থকাৰ পাছতো বিভিন্ন পৰ্যায়ত মানৱ অধিকাৰ উলংঘন হোৱা ঘটনাই মানুহৰ মনত প্ৰশ্নৰ উদ্ৰেক ঘটাইছে৷ অৱশ্যে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ এটা অনুসন্ধানকাৰী সংস্থাহে৷ শাস্তিৰ বিধান কৰিব নোৱাৰে৷ মানৱ অধিকাৰ আয়োগে বিভিন্ন মানৱ অধিকাৰ উলংঘনৰ বিষয়ে অনুসন্ধান কৰি এই বিষয়ে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত পৰামৰ্শ দিব পাৰে৷ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এখন বছৰেকীয়া প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল কৰিব লাগে৷ জনসাধাৰণক মানৱ অধিকাৰৰ বিষয়ে সচেতন কৰিবৰ কাৰণে বিদ্যালয়সমূহৰ পৰা উচ্চ শিক্ষা পৰ্যন্ত মানৱ অধিকাৰ বিষটো অন্তৰ্ভুক্ত কৰিব লাগে৷ মানৱ অধিকাৰ আয়োগে মানৱ অধিকাৰ সংৰক্ষণৰ গুৰুত্বৰ ওপৰত জনসাধাৰণক অৱগত কৰিব লাগে৷ ইয়াৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণৰো পদক্ষেপ লাগে৷ ভাৰতৰ দৰে উন্নয়নশীল দেশসমূহত মানৱ অধিকাৰৰ বিষয়ে জনসাধাৰণক সচেতন কৰিব নোৱাৰিলে মানৱ অধিকাৰৰ নামত আন্দোলন কৰিলেও একো সুফল পোৱা নাযাব৷ মানৱ অধিকাৰ আয়োগে উপযুক্ত বিধান অনুযায়ী আগবাঢ়ি লে নি( অধিকাৰসমূহৰ সুৰক্ষাৰ ক্ষেত্ৰত সফল পাৰিব বুলি পাৰি৷ 

Leave a Reply

Your email address will not be published. Required fields are marked *