
অতীজতে নাৰীৰ জীৱন সন্তান জন্ম দি লালন–পালন কৰা আৰু ঘৰুৱা কাম–কাজ কৰাৰ বাবে ঘৰৰ চাৰি বেৰৰ মাজতে সীমাৱদ্ধ আছিল৷ সময় বাগৰাৰ লগে লগে সেই সীমাৱদ্ধতা অতিক্ৰম কৰি লাহে লাহে প্ৰগতিৰ জখলাত নাৰীসকল আগবাঢ়ি যাবলৈ ধৰিলে৷ উচ্চ শিক্ষাৰে শিক্ষিত হৈ আজিৰ স্বাধীনচিতীয়া, সাহসী আৰু উপাৰ্জনশীল নাৰীয়ে বিভিন্ন কাম–কাজত নিজকে নিয়োজিত কৰিছে৷ আজিৰ নাৰীয়ে দেশ চলাইছে, বিমান চলাইছে, মহাকাশলৈ গৈছে, দেশৰ হকে যুদ্ধ কৰিছে, ব্যৱসায়–বাণিজ্য কৰিছে, ক্ৰীড়াৰ ক্ষেত্ৰত নানা চমক দেখুৱাইছে, উচ্চ পদস্থ প্ৰশাসনিক বিষয়া হৈ দক্ষতাৰ পৰিচয় দিছে, সাহিত্য–সংস্কৃতিৰ ক্ষেত্ৰখনলৈ অনবদ্য অৱদান আগবঢ়াইছে৷ মুঠতে কোনো ক্ষেত্ৰতে আজিৰ নাৰী পুৰুষতকৈ পিছপৰি থকা নাই৷ শাৰীৰিকভাৱে সমকক্ষ নহলেও মানসিক জোখৰ তুলাচনীত নাৰীৰ ওজন পুৰুষতকৈ কোনোগুণে কম নহয়৷
সফলতাৰ উচ্চ শিখৰত যিমান দূৰেই আৰোহণ নকৰক কিয় ভালকৈ অনুধাৱন কৰিলে দেখা যায় ই এখন আধৰুৱা ছবিহে৷ কিয়নো সৰহসংখ্যক মহিলা এতিয়াও নিৰক্ষৰ আৰু নিৰ্যাতিত হৈয়ে জীৱন নিৰ্বাহ কৰি আছে৷ বিশ্বৰ বিভিন্ন পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত আজিও নাৰীক যৌন সুখ–সম্ভোগ, সন্তান জন্ম দিয়াৰ আহিলা হিচাপে গণ্য কৰা হয়৷ তদুপৰি বলাৎকাৰ, যৌতুকৰ নামত শাৰীৰিক–মানসিক অত্যাচাৰ আদিবোৰ চলিয়েই আছে৷ বিভিন্ন আইন–আঁচনি আদি ৰূপায়ণ হৈছে যদিও, সম–অধিকাৰৰ দোহাই দি প্ৰকৃতাৰ্থত পুৰুষৰ সমানে নাৰীক মৰ্যাদা প্ৰদান কৰিবলৈ আজিৰ সমাজ সক্ষম হ’ব পৰা নাই৷ যাৰ বাবে সমগ্ৰ নাৰী জাতিয়ে উচিত মৰ্যাদা পাবৰ বাবে, নাৰী মুক্তিৰ বাবে সংগ্ৰাম কৰিব লগা হৈছে৷ বছৰৰ ৮ মাৰ্চৰ দিনটো বিশ্বৰ শোষিত নাৰী সমাজৰ মুক্তি সংগ্ৰামক সবল কৰি তোলাৰ উদ্দেশ্যে সমগ্ৰ বিশ্বজুৰি আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰা হয়৷ এই দিৱসটো পালনৰ আঁৰত কাৰখানাত কৰ্মৰত নাৰী শ্ৰমিকৰ অধিকাৰ আদায়ৰ সংগ্ৰামৰ এক সুদীৰ্ঘ ইতিহাস জড়িত হৈ আছে৷
“জ্জ্ব মাৰ্চ আন্তৰ্জাতিক নাৰী দিবস “ এটা সাধাৰণ অৰ্থত “দিবস“ পালন কৰা দিন নহয়– ইয়াৰ লগত জড়িত আছে নাৰী সংগ্ৰামৰ এক গৌৰৱোজ্জ্বল ইতিহাস৷ ৮ মাৰ্চে এই ইতিহাস সোঁৱৰাই নাৰী অধিকাৰ ৰক্ষাৰ যুঁজখন তীব্ৰতৰ কৰি আগুৱাই লৈ যাবলৈ প্ৰেৰণা যোগায়৷
সকলো সংগ্ৰামৰ দৰে নাৰীৰ সমনাধিকাৰ প্ৰতিষ্ঠাৰ যুঁজখনো এক ধাৰাবাহিক প্ৰক্ৰিয়া৷ ঊনবিংশ শতিকাত ইউৰোপত শিল্প বিপ্লৱৰ সূচনা হোৱাৰ লগে লগে ভালেমান উদ্যোগ স্থাপিত হয়৷ উদ্যোগসমূহত প্ৰয়োজনীয় শ্ৰমিকৰ অভাৱ পুৰুষ শ্ৰমিকৰে পূৰণ নোহোৱাত মহিলা শ্ৰমিককো উদ্যোগৰ উৎপাদন প্ৰক্ৰিয়াত জড়িত কৰা হয়৷ ফলত ভালেমান মহিলাই ঘৰৰ চাৰিবেৰৰ বাহিৰ হৈ অৰ্থ উপাৰ্জনৰ সুযোগ লাভ কৰিলে যদিও মহিলা শ্ৰমিকসকলে সমনাধিকাৰৰ পৰা বঞ্চিত হৈছিল৷ সেয়ে ১৮৫৭ খ্ৰীষ্টাব্দৰ ৮ মাৰ্চত নিউয়ৰ্কৰ কপাহী কাপোৰৰ কাৰখানাবোৰত কাম কৰা মহিলা শ্ৰমিকসকলে মজুৰিৰ বৈষম্য, কৰ্মৰ নিদিষ্ট সময়সূচী, কৰ্মক্ষেত্ৰসমূহৰ অস্বাস্থ্যকৰ আৰু অমানৱীয় পৰিৱেশ আদিৰ বিৰুদ্ধে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰৰ ৰাস্তাত নামি প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ আৰু চৰকাৰী পুলিচ বাহিনীয়ে আন্দোলনকাৰী মহিলাসকলক কঠোৰভাৱে দমন কৰিছিল৷ ১৮৬০ খ্ৰীষ্টাব্দত এই কাৰখানাৰ মহিলাসকলে “মহিলা শ্ৰমিক ইউনিয়ন’’ গঠন কৰি তেওঁলোকৰ আন্দোলন চলাই গৈছিল৷
বিশ্ববিশ্ৰুত দাৰ্শনিক কাৰ্লমাক্সেই সৰ্বপ্ৰথমে এক আন্তৰ্জাতিক পুৰুষ শ্ৰমিক সন্মিলনত নাৰী–পুৰুষৰ সম অধিকাৰৰ বিষয়টো উত্থাপন কৰিছিল৷ পৰৱৰ্তী সময়ত আন এখন আন্তৰ্জাতিক শ্ৰমিক সন্মিলনত বিশ্ববৰেণ্য নেত্ৰী ক্লাৰা জেটকিঙে নাৰী–পুৰুষৰ সম অধিকাৰৰ দাবী সজোৰে উত্থাপন কৰিছিল৷ ক্লাৰা আছিল এগৰাকী জাৰ্মান ৰাজনীতিবিদ আৰু জাৰ্মান কমিউনিষ্ট পাৰ্টিৰ প্ৰতিষ্ঠাপক নেত্ৰী৷ ১৯০৮ চনত নিউয়ৰ্কৰ ছোচিয়েল ডেমোক্ৰেটিক নাৰী সংগঠনৰ দ্বাৰা আয়োজিত নাৰী সমাৱেশত জাৰ্মান গণতান্ত্ৰিক নেত্ৰী ক্লাৰা জেটকিঙৰ নেতৃত্বত সৰ্বপ্ৰথম আন্তৰ্জাতিক নাৰী সন্মিলন উদ্যাপিত হয়৷ এই সমাৱেশত নাৰীৰ ভোটৰ অধিকাৰ, নাৰীৰ কৰ্মৰ নিদিষ্ট সময় সূচী নিৰ্ধাৰণ আৰু মজুৰী বৃদ্ধিৰ দাবী তুলি মহিলাসকলৰ এক ৰেলী উলিয়াই ধৰ্মঘট আৰম্ভ কৰে৷ এই ঘটনাক স্মৰণ কৰি ১৯০৯ চনত “Socialist Party of America’’ ই ২৮ ফেব্ৰুৱাৰীত নিউয়ৰ্কত “ৰাষ্ট্ৰীয় নাৰী দিৱস“ উদ্যাপন কৰিছিল৷ ইয়াৰ পিছত ১৯১০ চনত ডেনমাৰ্কৰ কোপেনহেগেন চহৰত দ্বিতীয়খন আন্তৰ্জাতিক সাম্যবাদী নাৰী সন্মিলন অনুষ্ঠিত হয়৷ ইয়াত ১৭খন দেশৰ ১০০ গৰাকী মহিলা প্ৰতিনিধিয়ে যোগদান কৰে৷ এই সন্মিলনতে ক্লাৰাই প্ৰতিবছৰে ৮ মাৰ্চত নাৰী দিৱস পালন কৰিবলৈ এক প্ৰস্তাৱ আগবঢ়ায় আৰু সন্মিলনে সিদ্ধান্ত গ্ৰহণ কৰে৷ সেই সিদ্ধান্তমৰ্মে ১৯১১ চনৰ পৰা ৮ মাৰ্চৰ দিনটো নাৰীৰ সম অধিকাৰ দিৱসৰূপে পালন হৈ আহিছে৷ এই দিৱসটো পালন কৰিবলৈ বহুতো দেশৰ সমাজবাদী লোকসকল আগবাঢ়ি আহে৷

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. ইয়াৰ বহু বছৰৰ পাছত ১৯৪৫ চনত ৰাষ্ট্ৰসংঘ গঠন হোৱাত ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱনাত পুৰুষ–নাৰীৰ সম অধিকাৰৰ বিষয়টো সন্নিৱিষ্ট হয়৷ ১৯৪৬ চনত ৰাষ্ট্ৰসংঘই ইয়াৰ আৰ্থ–সামাজিক সংস্থাৰ অধীনত “The Commission on the States of Women’’ নামৰ এটা আয়োগ গঠন কৰে৷ ৰাষ্ট্ৰসংঘৰ নাৰীৰ মৰ্যাদা সম্পৰ্কীয় এই আয়োগে ১৯৭৫ চনটো “আন্তৰ্জাতিক নাৰীবৰ্ষ’’ হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ সেই বছৰতে মেক্সিকো চহৰত প্ৰথম আন্তৰ্জাতিক নাৰী সন্মিলন অনুষ্ঠিত হয় আৰু প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ উদ্যোগত ৮ মাৰ্চ তাৰিখটো “আন্তৰ্জাতিক নাৰী দিৱস’’ হিচাপে পালন কৰা হয়৷ তেতিয়াৰ পৰাই নাৰী মুক্তিৰ বিশ্বজোৰা সংগ্ৰামৰ উদ্দেশ্যে প্ৰত্যেক বছৰৰ ৮ মাৰ্চ তাৰিখটো “আন্তৰ্জাতিক নাৰী দিৱস’’ হিচাপে পালন কৰি অহা হৈছে৷
নাৰী দিৱস পালনে বৰ্তমান নাৰী সমাজত এক সজাগতাৰ সৃষ্টি কৰিছে আৰু নাৰীসকল নিজৰ স্থিতি সম্পৰ্কে জ্ঞাত হৈছে৷ তথাপি এইটো নিশ্চিত যে সমাজৰ সকলো স্তৰৰ নাৰীয়ে নাৰী দিৱসৰ তাৎপৰ্য বুজি উঠিলেহে এই দিৱস পালনৰ যথাৰ্থতা থাকিব৷ বস্তি অঞ্চল, চৰ অঞ্চল অথবা অতি পিছপৰা গ্ৰামাঞ্চলৰ নাৰীসকলৰ অৱস্থা অতি পুতৌজনক৷ প্ৰকৃততে এই শ্ৰেণীৰ নাৰীসকল, যিসকলে এতিয়াও শিক্ষা–দীক্ষাৰ পৰা বঞ্চিত হৈ আছে তেওঁলোকক এই দিৱসৰ লগত জড়িত কৰিব পাৰিলেহে নাৰী দিৱস পালন কৰাত সফলতা লাভ কৰিব পৰা যাব৷ কেৱল শিক্ষা–দীক্ষাত আগবঢ়া অথবা চহৰীয়া অঞ্চলতে নাৰী দিৱসৰ ওপৰত সভা পাতি, আলোচনা চক্ৰ আদি অনুষ্ঠিত কৰি নাৰী দিৱস পালন কৰি থাকিলেই প্ৰকৃতাৰ্থত নাৰী দিৱস সাৰ্থক হ’ব বুলি আশা কৰিব নোৱাৰি৷ সমাজৰ সকলো স্তৰৰ নাৰীকে এই দিৱসৰ লগত জড়িত কৰাবৰ বাবে নাৰীৰ অধিকাৰ, মৰ্যাদা, স্বাধীনতা আদিৰ বিষয়ে কাম কৰাৰ নাৰী সংস্থা তথা স্বেচ্ছাসেৱী অনুষ্ঠানসমূহে ভিতৰুৱা বা পিছপৰা অঞ্চলসমূহত বিশেষভাৱে প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে সজাগতা শিবিৰ আদি অনুষ্ঠিত কৰিব লাগিব৷ নাৰী দিৱসৰ তাৎপৰ্য সমাজৰ সকলো শ্ৰেণীৰ মহিলাই হৃদয়ংগম কৰিব পাৰিলেহে এই দিৱস সফল হৈ উঠিব৷ অন্যথা নাৰী দিৱস উদ্যাপনৰ প্ৰাসংগিকতাপই অৰ্থহীন যেন অনুভৱ হ’ব৷
নাৰী দিৱস পালন কৰা বহু বছৰ হৈ গ’ল৷ আজিও কিন্তু কন্যা ভ্ৰুণ হত্যা, কন্যা সন্তানৰ প্ৰতি অৱজ্ঞা, বোৱাৰী হত্যা, যৌতুকৰ বলি, বাল্য বিবাহ, যৌন উৎপীড়ন, বলাৎকাৰ আদি ব্যাধিবোৰে নাৰীসকলক অহৰহ নিৰাপত্তাহীনতাত ভোগাইছে৷ আজি বিজ্ঞান–প্ৰযুক্তিবিদ্যাৰ চৰম উন্নতিৰ দিনটো কিছুমান ঠাইত নাৰীসকল নিজৰ সামাজিক অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে৷ দেশে স্বাধীনতা লাভ কৰাৰ পিছৰ পৰা শিক্ষিত নাৰীৰ সংখ্যা বৃদ্ধি পালেও, আৰ্থ–সামাজিক তথা ৰাজনৈতিক জগতত উচ্চস্থান লাভ কৰিবলৈ সক্ষম হৈছে যদিও বৰ্তমানেও নাৰীসকল নিজৰ অধিকাৰ ভোগ কৰাৰ পৰা বঞ্চিত হৈছে৷ যৌতুক প্ৰথা, বাল্য বিবাহৰ দৰে সামাজিক সমস্যাসমূহ ৰোধ কৰাৰ প্ৰচেষ্টা কৰিলেও নাৰীসকল নিৰ্যাতনৰ দৰে সমস্যাৰ পৰা অজিও মুক্ত হ’ব পৰা নাই৷ ডাইনী হত্যা এতিয়াও বন্ধ হোৱা নাই৷ সন্তান প্ৰসৱৰ সময়ত ল’ৰা সন্তানক অগ্ৰাধিকাৰ দিয়াৰ মানসিকতা আঁতৰি যোৱা নাই৷ ইয়াৰ মূল কাৰণ নিৰক্ষৰতা৷ গতিকে পিছপৰা অঞ্চলৰ মহিলাসকলৰ মাজত শিক্ষাৰ পোহৰ বিলাই অন্ধবিশ্বাস, কুসংস্কাৰ আদিৰ পৰা মুক্ত কৰি তেওঁলোকক নিজৰ অধিকাৰ আৰু স্বাধীনতাৰ প্ৰতি সজাগ কৰিব পাৰিলেহে নাৰীমুক্তি সংগ্ৰাম পালনৰ উদ্দেশ্য ফলপ্ৰসূ হ’ব৷
এইক্ষেত্ৰত নাৰীসমাজৰ ভূমিকা অতিশয় গুৰুত্বপূৰ্ণ৷ প্ৰথমে নাৰীয়ে নিজৰ ঘৰখনৰ পৰাই আৰম্ভ কৰিব লাগিব৷ নিজৰ ঘৰখনত প্ৰথমে নাৰী, কন্যা সন্তানে সন্মান আৰু মৰ্যাদা পাব লাগিব৷ ল’ৰা সন্তান আৰু কন্যা সন্তানৰ মাজত প্ৰভেদ সৃষ্টি নকৰি একে মানব সন্তান হিচাপে লোৱাৰ পৰিৱেশ গঢ়ি তুলিব লাগিব৷ ধনাত্মক দৃষ্টিভংগীৰে কন্যা সন্তানৰ সমস্যাসমূহ সমাধান কৰিব লাগিব৷ কন্যা সন্তানক শিক্ষা–দীক্ষাৰে আগবঢ়াই নি অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তুলিব লাগিব৷ তেতিয়াহে আত্মনিৰ্ভৰশীল কন্যা সন্তানে যৌতুক লৈ বিয়া পাতিবলৈ অহা কোনো ল’ৰাৰ লগত বিয়াত নবহো বুলি সাহসেৰে ক’ব পাৰিব আৰু পৈতৃক সম্পত্তিৰ প্ৰাপ্য অধিকাৰৰ পৰাও বঞ্চিত কৰিব নোৱাৰিব৷

আন্তৰ্জাতিক নাৰী দিৱস উদ্যাপন কৰাৰ মূলতে হ’ল যিসকল নাৰীয়ে অৰ্থনৈতিক, ৰাজনৈতিক তথা সামাজিক দিশত কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে সেইসকল নাৰীৰ প্ৰতি সন্মান, শ্ৰদ্ধা তথা কৃতজ্ঞতা জ্ঞাপন কৰা৷ শাৰীৰিক দিশত পুৰুষ আৰু নাৰীৰ মাজত বিভিন্নতা থাকিলেও কিন্তু মানসিক তথা বৌদ্ধিক দিশত নাৰীসকল পুৰুষতকৈ কোনোগুণে পিছপৰা নহয়৷ গতিকে নাৰীৰ প্ৰতি বৈষম্যমূলক মনোভাৱ পোষণ কৰাটো মানৱ অধিকাৰ খৰ্ব কৰাৰ প্ৰধান অভিযোগ, যিয়ে নাৰীৰ আভ্যন্তৰীণ গুণৰ বিকাশত বাধা প্ৰদান কৰে৷
আজিকালি নাৰীৰ সুৰক্ষা, মৰ্যাদা, স্বাধীনতা আদি নাৰী সৱলীকৰণৰ দিশবোৰত অধিকাংশ পুৰুষেও আগভাগ লোৱা দেখা গৈছে৷ অৱশ্যে কেতিয়াবা নাৰীৰ প্ৰতি পুৰুষৰ নীচাত্মিকাবোধ নথকা নহয়৷ এই নীচাত্মিকাবোধ ত্যাগ কৰি পুৰুষসকলে ইতিবাচক চিন্তাৰে সংপৃক্ত হৈ নাৰী যে পুৰুষৰ সমান এই কথা বাস্তৱ ক্ষেত্ৰত প্ৰয়োগ কৰিব লাগিব৷ নাৰী–পুৰুষ উভয়ৰে শুভ চিন্তাৰ যোগেদিহে এখন নিকা আৰু সুস্থ–সবল সমাজ গঢ় দিব পৰা যাব৷
বছৰে বছৰে নাৰী দিৱস উদ্যাপন কৰি পৰম্পৰা ৰক্ষা কৰাতকৈ নাৰী–পুৰুষ উভয়ৰে ইতিবাচক চিন্তাৰে এখন নিকা আৰু সুস্থ সবল সমাজ গঢ় দিলে নাৰী দিৱস পালন কৰাৰ সাৰ্থকতা হ’ব৷
নাৰী দিৱসৰ মূল উদ্দেশ্য হৈছে নাৰীৰ কল্যাণৰ হকে কাম কৰা৷ গ্ৰাম্য অঞ্চলৰ অজ্ঞান, আন্ধাৰত ডুব গৈ থকা নাৰীসকলৰ মাজত জনমত গঠন কৰি পুৰুষৰ সমপৰ্যায়লৈ অনাৰ বিশেষ ভূমিকা ল’ব লাগিব শিক্ষিত আৰু জ্ঞানী মহিলাসকলে৷ নিৰক্ষৰ মহিলাসকলক তেওঁলোকৰ অধিকাৰ, মৰ্যাদা আৰু কৰ্তব্যৰ বিষয়ে অৱগত কৰিবৰ বাবে শিক্ষিত মহিলাসকল আগবাঢ়ি আহিব লাগিব৷ এই অজ্ঞ মহিলাসকলক নিজৰ অধিকাৰ আৰু কৰ্তব্যৰ প্ৰতি সচেতন কৰিব পাৰিলেহে এখন অপৰাধমুক্ত সুস্থ সমাজ গঢ়ি উঠিবলৈ সম্ভৱপৰ হ’ব৷
………“মোক এগৰাকী ভাল নাৰী দিয়া, মই এটা ভাল জাতি দিম’’……..কথাষাৰ কৈছিল নেপোলিয়ন বোনাপাৰ্টে৷ এটা জাতিৰ উন্নতিৰ বাবে তেওঁ এগৰাকী নাৰীক অনবদ্য আখ্যা দিছে৷ মাতৃ, ভগ্নী, স্ত্ৰী, কন্যা হিচাপে সমাজত নাৰীয়ে গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে৷ এতিয়া কথা হ’ল যে—-, যিখন সমাজত বোনাপাৰ্টে নাৰীক গুৰুত্বপূৰ্ণ স্থান দিছে কিন্তু সেইখন সমাজতে নাৰী অৱহেলিত আৰু নিৰ্যাতিতা হ’ব লগা হৈছে৷ নাৰী দিৱস ধুমধামকৈ পালন কৰি থকা সময়তে আমাৰ সমাজত পুৰুষৰ সমানে সমানে নাৰীয়েও নাৰীৰ ওপৰত নিৰ্যাতন চলোৱা দেখা পোৱা গৈছে৷ নাৰীৰ প্ৰগতিৰ পথত নাৰীয়েই প্ৰথম বাধাৰ সৃষ্টি কৰে৷ এয়া এক বাস্তৱ সত্য৷ গতিকে নাৰীয়ে নাৰীৰ প্ৰতি থকা শত্ৰুভাবাপন্ন মনোভাৱ এৰি নাৰীৰ সৰ্বাংগীণ উন্নতিৰ হকে সমাজত মাত মাতিব পাৰিব লাগিব৷
নাৰী পিছপৰি থাকিলে প্ৰগতি পিছপৰি থাকে৷ নাৰী পিছপৰি থাকিলে সভ্যতা পিছপৰি থাকে৷ আধুনিক সভ্যতাক সুস্থিৰ পদক্ষেপৰে শান্তিৰ পথলৈ আগুৱাই নিবলে হ’লে পুৰুষৰ সমানে সমানে নাৰীৰো অগ্ৰগতি হ’ব লাগিব৷ আধুনিক সমাজ গঠনত নাৰীয়ে বিশিষ্ট ভূমিকা লবলৈ হ’লে নাৰী সমাজ মানসিকভাৱে শিক্ষিত হ’ব লাগিব৷
বৰ্তমান সময়ত নাৰী দিৱসৰ প্ৰাসংগিকতা নুই কৰিব নোৱাৰি৷ এই বিশেষ দিনটোৱে নাৰী সমাজক আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা যোগাইছে৷ নাৰী জাতিৰ উন্নতিত সহায় হৈছে৷ এখন সুস্থ, শিক্ষিত আৰু সভ্য সমাজ গঢ় লৈ উঠিবলৈ পুৰুষৰ সনানে সমানে নাৰী জাতিৰো উন্নতি হ’ব লাগিব৷ আন্তৰ্জাতিক নাৰী দিৱস বিশ্বৰ সমগ্ৰ নাৰী সমাজৰ বাবে অনুপ্ৰেৰণা হওক, যিয়ে নাৰী জাতিৰ বৌদ্ধিক, সামাজিক আৰু মানসিক বিকাশ ঘটাই আগুৱাই যাবলৈ প্ৰতিমুহূৰ্ততে সাহস যোগাব পাৰে৷