আয়ুৰ্বেদৰ পঞ্চকৰ্ম চিকিৎসা (ডাঃ শশীন্দ্ৰ বৰ্মন) – Purbodix.com

আয়ুৰ্বেদৰ পঞ্চকৰ্ম চিকিৎসা (ডাঃ শশীন্দ্ৰ বৰ্মন)

আয়ুৰ্বেদৰ পঞ্চকৰ্ম চিকিৎসাই ভাৰতীয় অৰ্থনীতিৰ বৰ পথাৰখনত প্ৰভাৱ পেলাব পৰা দিশসমূহৰ এক পৰ্যালোচনা

পঞ্চকৰ্ম চিকিৎসা হৈছে আয়ুৰ্বেদ চিকিৎসা পদ্ধতিৰ এক অমূল্য সম্পদ৷ এই চিকিৎসা পদ্ধতি খৃঃ পূৰ্ব (২৫০০৩০০০) বছৰৰ আগৰ পৰাই ভাৰতবৰ্ষত প্ৰচলিত আছিল৷ চৰক আৰু শুশ্ৰুত সংহিতাত এই চিকিৎসা পদ্ধতিৰ বিতং বাখ্যা পোৱা যায়৷ চকু, কাণ, নাক, ডিঙি, ছাল আদি বিভিন্ন অংগপ্ৰত্যঙ্গৰ ৰোগ, পক্ষাঘাত আদি ৮০ প্ৰকাৰ বাতজ ৰোগ, আনকি শল্য কৰ্মৰ আগৰ আৰু পাছৰ বিভিন্ন পৰ্যায়ত পঞ্চকৰ্ম চিকিৎসাৰ বিধান পোৱা যায়৷

পঞ্চকৰ্ম পাঁচটা প্ৰক্ৰিয়াৰ দ্বাৰা কৰা চিকিৎসাৰ এক সমাহাৰ৷ এই কেইটা () বমণ (Therapeutic Emesis), () বিবেচন (Therapeutic purgation), () নস্য (Nasal Anstalotion), () বস্তি (Enema) আৰু () ৰক্তমোক্ষণ (Therapeutic blood letting) পঞ্চকৰ্ম শৰীৰৰ বিশুদ্ধিকৰণ কৰি ৰোগ নিৰাময় কৰা এক অতি মহত্বপূৰ্ণ ব্যৱস্থা৷ পঞ্চকৰ্ম শৰীৰৰ বিশুদ্ধিকৰণ কৰি ৰোগ নিৰাময় কৰা এক অতি মহত্বপূৰ্ণ ব্যৱস্থা৷ পঞ্চকৰ্ম চিকিৎসাই শৰীৰৰ ৰোগসমূহ দূৰ কৰাৰ লগতে মানসিক ৰোগীৰ নিদ্ৰানাশ আদিৰ শিৰোধাৰা আদি ব্যৱস্থাই অতি ফলপ্ৰসু কাম কৰি ৰোগীৰ টোপনি অহাত সহায় কৰে৷ যিয়ে ৰোগীৰ মনত প্ৰশান্তি আনি দিয়ে, যিটো ব্যৱস্থা বৰ্তমান প্ৰচলিত বিশ্বৰ আন কোনো চিকিৎসা পদ্ধতিতে পোৱাৰ নজিৰ নাই৷

দেশ, কাল, ভূমি, বায়ু এই আদিব ভূমিৰ ওচৰত বিৰাজমান বিভিন্ন ধাতুউপধাতু, ৰসউপৰস, মহাৰস, মণিক মুক্তা গছ, লতা আদি সকলো উপাদানৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতীয়সকলৰ দেহৰ গঠন, সক্ৰিয়তা আদিৰ ওপৰত লক্ষ্য ৰাখি যুগ যুগ ধৰি ঋষিমুনিসকলে বিভিন্ন পৰীক্ষানিৰিক্ষাৰ দ্বাৰা সৃষ্টি কৰা চিকিৎসাই পঞ্চকৰ্ম চিকিৎসা৷

গতিকে ভাৰতবাসীৰ কাৰণে পঞ্চকৰ্মৰ বাহিৰে আন কোনো চিকিৎসাই উত্তম নোৱাৰে৷ এই কথাটোৱে আজিও কিন্তু ভাৰতবাসীৰ মনৰ মাজত বোধগম্য কৰাবলৈ আয়ুৰ্বেদিক চিকিৎসক সকলৰ লগতে ৰাজ্যিক স্তৰৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় স্তৰলৈ চৰকাৰী প্ৰশাসন যন্ত্ৰটো সক্ষম হোৱা নাই৷ অৱশ্যে ইয়াৰ অন্তৰালত বহুতো কাৰণ লুকাই আছে যদিও মূলতে ২০০ বছৰীয়া ব্ৰিটিছ ৰাজত্ব কাল৷ জুইকো যেনেকৈ ঢাকিব ৰাখিব নোৱাৰি, ঠিক তেনেকৈ উন্নত পঞ্চকৰ্মত ফলাফলকো এদিন কোনেও ঢাকি ৰাখিব নোৱাৰিব৷ নিশ্চিত যে অচিৰেই ইয়াৰ প্ৰমাণ ব৷ আমি ভাৰতীয়সকলে নিজৰ ঘৰৰ মণিক বাদ দি পশ্চিমীয়া চিকিৎসা পদ্ধতি অৰ্থাৎ লোহাৰ মণিককে সাৱটি ধৰি সোণ বুলি ভাবি আছো৷ কিন্তু যিদিনা এই সাঁথৰটো ভাৰতবাসীৰ বাবে বোধগম্য সিদিনাই স্বাস্থ্য ক্ষেত্ৰত ভাৰতবৰ্ষৰ এক যুগান্তকাৰী পৰিৱৰ্তন আহিব৷ তেতিয়া বিশ্ববাসীয়ে ভাৰতবৰ্ষৰ আয়ুৰ্বেদ চিকিৎসা পদ্ধতিটো পুনৰ এবাৰ নতুন দৃষ্টিৰে ঘূৰি চাবলৈ বাধ্য ব৷ এই দিন অহাৰ সময় সমাগত৷

উন্নত পঞ্চকৰ্ম চিকিৎসাৰ প্ৰতিটো প্ৰচাৰ, প্ৰসাৰ কৰিলে ভাৰতীয় অৰ্থনীতিৰ বৰ পথাৰখনত প্ৰভাৱ পেলাই কি ধৰণে দেশৰ অৰ্থনীতি টনকিয়াল কৰিব পাৰিব তাৰ এক আভাস দাঙি ধৰিবলৈ ইয়াৰ দ্বাৰা প্ৰয়াস কৰা হৈছে৷

মানৱ সম্পদ হৈছে দেশ এখনৰ প্ৰগতিৰ মূল সম্পদচালিকা শক্তি৷ মানৱ সম্পদে দেশ এখনত সকলো প্ৰাকৃতিক সম্পদ, যেনেখনিজ সম্পদ, বনজ সম্পাদ, জলজ সম্পদ, তৈলজ সম্পদ, কৃষিজাত সম্পদ সকলোৰে উৎঘাটন কৰি¸ সেইবোৰক সংস্কাৰ কৰি দৈনন্দিন জীৱনত ব্যৱহাৰ উপযোগী কৰি তোলে৷ দেশ এখনত মানৱ সম্পদে প্ৰাকৃতিক সম্পদবোৰক কি ধৰণে ব্যৱহাৰ কৰিবৰ বাবে পৰিকল্পনা কৰে তাৰ ওপৰতেই দেশ এখনৰ প্ৰগতিৰ দিশটো নিৰ্ভৰ কৰে৷

 

মানৱ সম্পদ বিকল হৈ পৰিলে বাকী সকলো সম্পাদৰ প্ৰগতিৰ গতিপথ স্তব্ধ হৈ পৰে৷

মানৱ সম্পদ ৰক্ষা কৰিবলৈ লে চিকিৎসা খণ্ডৰে লগতে শিক্ষা খণ্ডৰ বাজেটেত প্ৰতি ৰক্ষাৰ বাজেটতকৈ বেছি টকা ধাৰ্য কৰিব লাগে৷ এই সত্যটোক আকৌ এবাৰ গোটেই বিশ্বকে কৰো¸ণা ভাইৰাচৰ তাণ্ডৱে পুনৰ সোঁৱৰাই দি পৰৱৰ্তী সময়ত কাৰ্যকৰী ব্যৱস্থা বলৈ সকিয়নিও দি থৈ ল৷

দেশ এখন ভিন্ন দিশত স্বাৱলম্বী পাৰিলেও দেশত অৰ্থনৈতিক ভেটি সুদৃঢ় ঘৰুৱা সম্পদসমূহৰ উৎপাদন বৃদ্ধি কৰি ইয়াৰ চাহিদা দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত বৃদ্ধি কৰিব পাৰিলে এখন বজাৰ সৃষ্টি কৰি ব৷ যিখন বজাৰৰ পৰা ভাৰত চৰকাৰে পুনৰ বৈদেশিক মুদ্ৰা উপাৰ্জন কৰিব পৰা সম্ভাৱনা নুই কৰিব নোৱাৰি৷

স্বাস্থ্যক্ষেত্ৰত স্বাৱলম্বী হোৱাৰ বাবে ভাৰতবাসীৰ কাৰণে বিভিন্ন সুগম পথ খোলা আছে৷ মাথোন ভাৰতবৰ্ষৰ চিকিৎসাই জনসাধাৰণ তথা ৰাজ্যিক চৰকাৰৰ পৰা আৰম্ভ কৰি কেন্দ্ৰীয় চৰকাৰৰ সকলো একগোট হৈ এই পথ গ্ৰহণ কৰি আগবাঢ়িলেই তাৰ পৰা সফলতা পোৱাৰ সম্ভাৱনা আছে৷ আয়ুৰ্বেদ চিকিৎসা পদ্ধতি এইক্ষেত্ৰত ভাৰতবাসীৰ বাবে আশীৰ্বাদ হিচাপে ৰৈ আছে৷

ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ চুকেকোণে থকা চিকিৎসালয়বোৰত যদি পঞ্চকৰ্ম চিকিৎসাৰ Unit  একোটা স্থাপন কৰিবলৈ ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ একেলগে আগবাঢ়ি আহে তেতিয়া এই পদক্ষেপটো ভাৰতবৰ্ষৰ ক্ষেত্ৰত এক আমূল পৰিৱৰ্তন আনি দিব৷ এলোপেথী চিকিৎসাই যিমান জনপ্ৰিয়তা লাভ কৰিছে তাৰ তুলনাত আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিয়ে সিমান জনপ্ৰিয়তা লাভ কৰা নাই৷ গতিকে এই চিকিৎসাৰে জনসাধাৰণৰ মাজত জনপ্ৰিয়তা বঢ়াবলৈ চিন্তাচৰ্চা কৰি থকা বুলি সদনত অৱগত কৰিছে ভাৰত চৰকাৰে৷

এইটো কৰিবলৈ যাওঁতে দেশৰ ৰাজকোষৰ এক বুজন পৰিমাণৰ অৰ্থৰ প্ৰয়োজন ব৷ এই খৰচে ভাৰতীয় অৰ্থনীতিত পৰোক্ষভাৱে দীৰ্ঘমাদী স্তৰত ফল দিব৷

পঞ্চকৰ্ম ইউনিট সমূহ প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে এক বুজন সংখ্যক নিবনুৱাই সাময়িকভাৱে লেও কৰ্ম সংস্থাপন পোৱাৰ পথ সুচল , দ্বিতীয়তে এই ইউনিটসমূহ চলাবলৈ স্থায়ীভাৱে কমেও (প্ত) জন লোকৰ প্ৰয়োজন ব৷

উদাহৰণ পঞ্চকৰ্মৰ আহিলা সমূহ যেনে দ্ৰোণী বাজন, বেদযন্ত্ৰ ইত্যাদিৰ বহুত প্ৰয়োজন ব৷ গতিকে এইবোৰ চোৱা উদ্যোগবোৰত নিবনুৱা লোক কিছুমান কামকাজত সুবিধা পায়৷ পঞ্চকৰ্মত আহিলাসমূহৰ বিক্ৰীৰ পৰা ভাৰত চৰকাৰৰ বহুত ৰাজহ সংগ্ৰহ ব৷ পঞ্চকৰ্মৰ ইউনিট সমূহত চিকিৎসা আৰম্ভ হোৱাৰ লগে লগে আয়ুৰ্বেদ চিকিৎসাৰ যোগাত্মক ফলাফলৰ হাৰ আগৰ তুলনাত বহুত বাঢ়িব৷ ফলত আয়ুৰ্বেদ Herbal pretaba য়েই হওক বা Metalac prebaha য়েই হওক ইয়াৰ চাহিদা বহুত বাঢ়িব গতিকে ইয়াৰ শক্তিও বহুত বাঢ়িব৷ আয়ুৰ্বেদিক ঔষধ প্ৰস্তুত কৰা উদ্যোগ কৰাতো কৰ্মসংস্থাপনৰ স্থাপন আছে৷ আয়ুৰ্বেদিক ঔষধবোৰ প্ৰস্তুত কৰোঁতে আৱশ্যক হোৱা কেঁচা সামগ্ৰীবোৰৰ চাহিদা বাঢ়িব৷

 

উদাহৰণ স্বৰূপেপত্ৰ পিত্ৰ স্বদত ব্যৱহাৰ কৰা প্ৰধান উপাদান () এৰাপাত (Ricenus communus), () পছতীয়া পাত (Veter Neyando), () অৰ্ক পাত (Alotrobs Gegentia), () ধতুৰা পাত (Dhattura Metal), () চজিনা পাত (Nanjnyu Olefere) এই পাতসমূহৰ ঔষধীয় গুণাগুণ ইমান আছে সঠিক চৰণত ব্যৱহাৰ কৰিব লাগিব৷ অতি কম সময়ৰ ভিতৰতে আচৰিত ধৰণে কাম কৰা দেখা পোৱা যায়৷ কিন্তু এই স্তৰৰ ঔষধি দ্ৰব্যসমূহৰ চাহিদা ভাবিব নোৱাৰাকৈ বঢ়াব৷ ফলত গাঁৱৰ লোকসকলক এইবোৰ গছৰ খেতি কৰি অৰ্থ উপাৰ্জন কৰাৰ পথ সুগম ব৷

আয়ুৰ্বেদিক চিকিৎসাৰ দ্বাৰা ৰোগসমূহ নিৰাময় লে এই চিকিৎসাৰ বাবে প্ৰয়োজনীয় সকলো ঔষধ, আচবাব আদি কিনোতে জনসাধাৰণৰ যি খৰচ , এই গোটেইখিনি টকায়ে ভাৰতত থাকি যাব, যিহেতু এইবোৰৰ সৰহভাগেই থলুৱা, ঘৰুৱা উৎপাদন৷

আয়ুৰ্বেদৰ পঞ্চকৰ্ম চিকিৎসা যদি ভাৰতবৰ্ষত নহৈ চীন, জাপান, কোৰিয়াৰ নিচিনা দেশৰ লহেতেন তেনেহলে অতি কম সময়ৰ ভিতৰতে এই দেশবোৰে সুপৰিকল্পিতভাৱে উন্নত প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰি ইয়াক এক উন্নত পৰ্যায়ত উপনীত কৰালেহেঁতন৷ লগে লগে বিশ্বৰ আন আন দেশবোৰতো জনপ্ৰিয় কৰি তুলিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিলোহেঁতেন৷ কিন্তু ভাৰতবৰ্ষৰ স্বাধীন হোৱাৰ ৭৫ বছৰ পিছতো নিজ দেশৰ চিকিৎসা পদ্ধতি পঞ্চকৰ্ম আজিও নিজ দেশতেই জনপ্ৰিয় কৰি গঢ়ি তুলিব নোৱাৰাটো ভাৰতবাসীৰ কাৰণে দুখ আৰু লাজৰ কথা নহয়নে? সেয়েহে মাননীয় প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীক অনুৰোধ জনাইছো যাতে জনসাধাৰণে নিজেই ওচৰৰ পৰা পঞ্চকৰ্মৰ সুফল লাভৰ বাবে চেষ্টা কৰে তাৰ বাবে ভাৰতবৰ্ষৰ চুকেকোণে থকা সকলো চিকিৎসালয় আৰু পঞ্চকৰ্মত চিকিৎসা প্ৰতিস্থা কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা কাৰ্যকৰী কৰাৰ বাবে প্ৰচেষ্টা হাতত লোৱা উচিত৷

 

মই আৰু মহকুমা চিকিৎসা বিষয়া মাৰ্ঘেৰিটা চিভিল হস্পিতালৰ একক প্ৰচেষ্টাৰ জৰিয়তে এটা পঞ্চকৰ্ম কক্ষ স্থাপন কৰি এই চিকিৎসালয়ৰ অধ্যক্ষ মাননীয় কে চি দাস ছাৰৰ সহযোগত আজি প্ৰায় বছৰৰ ভিতৰত প্ৰায় ৬০০ প্ৰেচেণ্টৰ ওপৰত থকা এক পৰীক্ষামূলকভাৱে চিকিৎসা কৰি প্ৰায় (৭০৮০) ফল লাভ কৰিবলৈ সক্ষম হোৱা দিশটোৱে এই চিকিৎসা পদ্ধতিৰে অৰ্থনৈতিক দিশত সফল হোৱাৰ এক পূৰ্বাভাস৷ 

Leave a Reply

Your email address will not be published. Required fields are marked *