শব্দ, শব্দতেই প্ৰতিবিম্ব হয় গতিশীল সময়ৰ ছাঁ৷ শব্দই কঢ়িয়াই আনে আনন্দৰ সমাহাৰ, সাফল্যৰ বতৰা আৰু হতভগীয়া বুকুৰ খবৰ৷ শব্দত প্ৰাণ পাই উঠে একো একোটা কবিতা৷ হয়তো কাৰোবাৰ হৃদয়ৰ বতৰা, উজাগৰী নিশাৰ বিষাদ, এই সকলোবোৰ শব্দ দ্বাৰাই প্ৰকাশ কৰা সম্ভৱ৷
নানা ঘাত–প্ৰতিঘাত, দুখ–সুখ, সফলতা–বিফলতা আদিৰ লগতে পোৱা–নোপোৱাৰ হিচাপ নিকাচেৰে পূৰ্ণ হৈ থাকে, এই ক্ষণস্থায়ী মানৱী জীৱন৷ ‘Life is a game and is full of strugle’ জীৱন হ’ল সংঘাতৰ স্থল৷ য’ৰ পৰা আৰম্ভ হয় সফলতা–বিফলতাৰ এক চৰম সত্যৰ আধাৰ৷ জীৱন ৰহস্যময়৷ এই ৰহস্যময় জীৱনত বিচিত্ৰতাৰ অংশ উদ্যাপন কৰিব লাগিব৷ জীৱন বাটত সফলতা লাভ কৰিবলৈ হ’লে লাগিব আত্মবিশ্বাস, কৰ্মসহিষ্ণুতা, কৰ্মোদ্যম, পৰিশ্ৰমী, সময়ানুৱৰ্তিতা, সত্যৰ ওপৰত বিশ্বাস আৰু মানুহ হৈ মানুহৰ মাজত থাকিব পৰাৰ প্ৰৱণতা৷ জীৱন হ’ল এটা বৃত্ত, মৃত্যু যাৰ শেষ সীমা৷
মৃত্যুও এটা চৰম সত্য জীৱনৰ৷ যিদৰে দুখৰ অবিহনে সুখ মাদকতাহীন, তেনেদৰে মৃত্যু, নিৰাশাৰ বিনে আশা, সেইদৰে মৃত্যু আছে বাবেইতো জীৱনৰ তাৎপৰ্যতা আছে৷ আমি মৃত্যু বা ভৱিষ্যতৰ সংবাদ নাপাওঁ বা নাজানো বাবেইতো জীৱনত জীয়াই থকাৰ আশা কৰো৷ মৃত্যু যদি হ’লহেতেঁন স্বপ্নময় সহজতা৷ মৃত্যুৰ সৈতে আমি যুঁজিব লাগিব৷ যিজন ব্যক্তিয়ে অনাগত মৃত্যুৰ বাবে হাঁহি হাঁহি প্ৰস্তুত হ’ব পাৰে তেওঁলোকে জীৱন যাত্ৰাৰ পথ জয় কৰিব পাৰে৷
মানুহৰ ক্ষণস্থায়ী জীৱনটোত বহুতো আশা থাকে৷ কিছুমান আশা পূৰ্ণ হয় আৰু কিছুমান আধৰুৱা হৈ ৰয়৷ আমি যিমানেই ই লাভ নকৰো কিয় আৰু অধিক প্ৰাপ্তিৰ বাবে আশা কৰো৷ আশাৰ মাজে মাজে নিৰাশাই জন্ম লয়৷ নিৰাশাৰ কলীয়া ডাৱৰে ঢাকি পেলায় জোনৰ দৰে জীৱন৷ বহুতো আশা কৰাৰ ফলতে নিৰাশা হয়৷ আৰু এই নিৰাশাই শেষ কৰি দিব পাৰে মানৱ জীৱন, আশাৰ বালিঘৰ, হৃদয়ৰ সকলো সপোন, দুচকুৰ নিদ্ৰা৷
প্ৰেম– প্ৰেম হ’ল পবিত্ৰ হৃদয়ৰ অনুভৱ৷ প্ৰকৃত প্ৰেম সৰগৰ পাৰিজাতৰ দৰে৷ য’ত বিশ্বাস আৰু শ্ৰদ্ধা থাকে, তাতে প্ৰেমৰ সৃষ্টি হয়৷ প্ৰেমৰ বাবেইতো জীৱন আছে৷ প্ৰেমৰ কোনো সংজ্ঞা নাই৷ দুখন হৃদয়ৰ মাজৰ এক সাকোঁ হ’ল প্ৰেম৷ মায়া, মোহ, সংসাৰ এই সকলোবোৰ প্ৰেমৰ পৰাই আৰম্ভ হয়৷ প্ৰেমৰ বাবেইতো এই ধৰিত্ৰীৰ সৃষ্টি হৈছে৷ প্ৰেম এক অবুজন শিহৰণ৷ যি এবাৰ প্ৰেমত পৰিছে তেওঁহে বুজিব পাৰে প্ৰেমৰ মহানুভৱতা, আনন্দ, বেদনা, উজাগৰী নিশাৰ সপোন৷ সেইবাবেইটো প্ৰেমত পৰে কীয়েটছ, গ্যেটে আদি মহান মনিষী৷ গ্যেটে লিখিছিল তেওঁৰ প্ৰেমিকলৈ ‘‘তুষাৰ qwতাৰ মাজতো ফুলি আছে এপাহি ফুল’’৷ ভেন গৰ্যে তেওঁৰ কাণ এখন কাটি প্ৰেমিকলৈ পঠাইছিল৷ এই বিচিত্ৰ্য সংসাৰৰ ৰহস্যময় প্ৰেম৷ প্ৰেমত প্ৰিয়জনক আঁকোৱালী লোৱাৰ হেঁপাহ৷ প্ৰেমত পৰাজনে মৃত্যু ভয়ো নেওচি যাব পাৰে৷ কবি হীৰেন ভট্টাচাৰ্যই লিখিছে ‘‘তুমিতো জানাই এই কবিৰ আৰু একো নাই৷ এটাই মাথো কামিজ, তাৰো ছিগো ছিগো চিলাই৷ প্ৰেম নি(য় এনেকুৱাই, আৱৰণ খুলি হৃদয় জুৰায়৷’’
প্ৰেমৰ পবিত্ৰতা আছে বাবেই ঘৃণাৰ স্থলন আছে৷ স্বাৰ্থপৰ, অনিষ্টকাৰী, গোড়া, কপটতা আদিৰ মূলেই হ’ল ঘৃণা৷ প্ৰেমৰ পৰশত পাপীজনকো সৎ পথলৈ ঘূৰাই আনিব পাৰি৷ প্ৰেমৰ সৌন্দৰ্য ইয়াৰ দ্বাৰাই বৃদ্ধি হয়৷
‘বাস্তৱ’- এই মানৱ জীৱনৰ অন্য এক অংগস্বৰূপ এই বাস্তৱ৷ বাস্তৱ জীৱনৰ দুখ–সুখ, হাঁহি–কান্দোন, আশা–নিৰাশা সকলো জড়িত থাকে৷ বাস্তৱ বৰ নিষ্ঠুৰ৷ যিজন ব্যক্তিয়ে মৃত্যুৰ বাবে ভয়, নিৰাশাৰ সন্মুখৰ পৰা পলায়ন কৰিব বিচাৰে, বাস্তৱ জীৱনত সাফল্যৰ আশা কৰাৰ কোনো প্ৰশ্নই নুঠে৷
এই মানৱ জীৱন কল্পনাৰে ভৰপুৰ৷ কল্পনাৰ মাজত যেতিয়া মানুহে উটি বুৰি থাকে, তেতিয়া বাস্তৱ জীৱনৰ অস্তিত্ব অনুভৱ কৰা অসম্ভৱ৷ কল্পনা কৰি জীৱন কটাবলৈ হ’লে বাস্তৱ হ’ব বিষাদপূৰ্ণ৷ কল্পনা এক মিঠা অনুভূতি৷ কল্পনাৰ মাজত নাথাকি বাস্তৱক স্বীকাৰ কৰা উচিত৷ এই জীৱন সংঘাতেৰে ভৰপূৰ, সেইবাবে বাস্তৱৰ মুখামুখি হৈ সময়ৰ লগত যুঁজ দিয়া জনহে জীৱনৰ পথত সফল ব্যক্তিৰূপে চিনাক্ত কৰিব পৰা যায়৷
মানৱ জীৱনৰ সুখ–দুখৰ প্ৰতিটো মুহূৰ্ত আমি চিৰস্মৰণীয় কৰিব লাগে৷ দুখ আছে বাবে সুখ সুন্দৰ, মধুৰ৷ অতি আনন্দময়৷ দুখৰ মাজত সুখৰ সন্ধান কৰিব লাগে৷ সুখৰ সৌন্দৰ্য অনুভৱ কৰিবলৈ হ’লে দুখৰ ভাষা স্বীকাৰ কৰিব লাগিব৷ জীৱনৰ মৰুভূমিত সুখৰ মৰীচিকা বিচাৰি ফুৰিলে সুখৰ অস্তিত্বকে নাপায়, পায় মাথো বেদনা৷ মানৱ জাতি স্বাৰ্থপৰ৷ নিজৰ সুখৰ বাবে আনৰ অনিষ্ট সাধন কৰিবলৈ তেওঁলোকে কুণ্ঠাবোধ নকৰে৷
সেয়েহে মই ক’ব বিচাৰো এখন সহজ–সৰল হৃদয়ৰ অধিকাৰী ব্যক্তিয়ে এই পৃথিৱীত জীয়াই থাকিবলৈ হ’লে বহুতো কষ্ট, দুখৰ সন্মুখীন হ’ব লাগিব৷ আধুনিকতাৰে আগুৰা বৰ্তমান সমাজখনত তেজপিয়াৰ দৰে সৰীসৃপবোৰৰ পৰা নিজকে বচাই ৰাখিব লাগিব৷