ফাগুনৰ আচলত ফাঁকুৱা উৎসৱ (কৰৱী বৰ্মন কলিতা) – Purbodix.com

ফাগুনৰ আচলত ফাঁকুৱা উৎসৱ (কৰৱী বৰ্মন কলিতা)

ফাগুনৰো আছে নিজস্ব একোটি স্বভাৱ৷ ফাগুনে যদিও মন উৰুঙা কৰে, কাৰোবাৰ মন বেদনাৰে গধুৰ কৰে, নতুবা ফাগুনৰ উতলা বাঁ লাগি কোনোবা চঞ্চলো হয়৷ তথাপি ফাগুনৰ বুকুতে লুকাই থাকে জীৱনৰ বতৰা, বহাগৰ বতৰা, বসন্তৰ আগমনৰ বতৰা৷ ফাগুনৰ আঁচলতে ধৰি নামি আহে ফাঁকুৱা বা ৰঙৰ উৎসৱ৷ এই উৎসৱ সমূহেই আমাৰ প্ৰাণ৷

হোলী বা ফাঁকুৱা ৰঙৰ উৎসৱ৷ বসন্তকালীন এই উৎসৱ অতি মাদকতাময়৷ প্ৰকৃতিৰ উন্মনা পৰিৱেশত ফাগুনে ছটিয়াই দিয়া নানান ৰঙৰ ফুলৰ সমাৱেশত হোলী বা ফাকুৱাই মানুহক উতলা কৰে৷ কিন্তু এই উতলা উৎসৱৰ মাজত আছে প্ৰকৃতি আৰু পৰিৱেশ চেতনা৷ হোলী বা ফাঁকুৱাত মূল কাৰ্যসূচী হৈছে ৰং খেলা৷

দৌল বা হোলী উৎসৱ হৈছে ঋতুকালীন ৰং আৰু আনন্দৰ উৎসৱ৷ এই দৌল উৎসৱক ভাৰতবৰ্ষৰ ভিন্ন জাতিসম্প্ৰদায়ৰ হিন্দু ধৰ্মাৱলম্বী লোকে বিভিন্ন নামেৰে পালন কৰা দেখা যায়৷ এই উৎসৱক হোলী, ফাঁকুৱা, ফল্গু উৎসৱ, বসন্তোৎসৱ, মদনোৎসৱ, হোলিকা দাহন আৰু দেউল উৎসৱ আদি নামেৰে বিভিন্ন ৰাজ্যত পালন কৰা হয়৷ ঊড়িষ্যা, বিহাৰ, পশ্চিমবংগ আদিতো বিভিন্ন নামেৰে আনন্দৰ উৎসৱ পালন কৰে৷ বসন্তকালৰ আৰম্ভৰ লগে লগে গছেবনে নতুন কুঁহিপাত মেলে৷ ফাগুনৰ পছোৱাই আঁচল উৰুৱাই মানুহৰ মনপ্ৰাণত শিহৰণ তোলে৷ হোলীৰ মূল উদ্দেশ্য হৈছে মানুহ, জীৱজন্তুৰ উৰ্বৰতা বৃদ্ধি কৰা উৎসৱ৷

 ভাৰতবৰ্ষৰ এই উৎসৱক বিভিন্ন ৰাজ্যত বিভিন্ন নামেৰে পালন কৰাৰ পৰম্পৰা প্ৰচলিত হৈ আহিছে৷ বিশেষকৈ বসন্তোৎসৱ, মদনোৎসৱ, ফল্পু উৎসৱ, ফাকুৱা, হোলী উৎসৱ, হোলিকা উৎসৱ আৰু দেউল উৎসৱ বুলি কোৱা হয়৷

 জনবিশ্বাস মতে হিৰণ্যকশিপুৰ ভনীয়েক হোলীকাই ইশ্বৰ ভক্ত প্ৰহ্লাদক কোলাত লৈ জুইত জাঁপ দিছিল৷ কাৰণ জুইত যাতে প্ৰহ্লাদৰ মৃত্যু হয়৷ কিন্তু ইশ্বৰ ভক্ত প্ৰহ্লাদৰ জুইত একো নহ আৰু অপ সংস্কৃতিৰ প্ৰতীক হোলীকা জুইত ভষ্মীভূত ল৷ এই কাৰণে অপশক্তিৰ নাশ কৰি শুভশক্তিৰ বাবে হোলীকাক দাহন কৰাৰ পৰম্পৰা আৰু জনবিশ্বাস প্ৰচলিত হৈ আছে৷

আন এক জনবিশ্বাস মতে কুৰুক্ষেত্ৰ যুদ্ধত শৰশয্যাত থকা ভীষ্মদেৱক ইচ্ছামৃত্যুৰ পিছত উক্ত দিনটোতে এই দাহন কাৰ্য সম্পন্ন কৰিছিল৷

হোলী উৎসৱ উপলক্ষে গোৱা গীতবোৰত যথেষ্ট প্ৰাণাৱন্ত আৰু উদ্দীপনাময় কৃষ্ণলীলাৰ সাৱলীল বৰ্ণনা থাকে৷

 মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নগাঁৱৰ বৰদোৱা ধামত অৰ্থাৎ পাতেকীবাৰীত এই ফলগু উৎসৱৰ পাতনি মেলিছিল৷ শংকৰদেৱৰ একৈশ বছৰ বয়সত বৰদোৱা ধামত সাতখলপীয়া বৈকুণ্ঠৰ পট কৰি লৈ বলোৰাম আতৈক ফাকুগুড়ি আনিবলৈ মৰুৱাপুৰলৈ পঠাই দহদিনৰ অন্তত সাতটা কড়ি বিনিময়ত সাত কলহ প্ৰাকৃতিক ফাঁকুগুড়ি আনিছিল৷

 

তাৰ পাছত সন্ধাৰা দলৈক পঞ্জিকাত দিনবাৰ চাই ফাগুন মাহৰ পূৰ্ণিমা তিথিত শুভ দিন চাই দৌল উৎসৱ পালন কৰিছিল৷ দৌল উৎসৱত ভক্তসকলে ইজনে সিজনক ফাকুগুড়ি ৰং সানি ৰংধেমালি কৰিছিল৷

 তেতিয়াৰ পৰাই ফাগুন মাহৰ শুক্লা পূৰ্ণিমাত এই দৌল উৎসৱ পালন কৰিছিল৷ এই দৌল উৎসৱত কৃষ্ণ সংস্কৃতিৰ ভক্তি ধৰ্মৰ বৰ্ণনাৰে পূজাঅৰ্চনা, উ২৬ল প্ৰাণাৱেগ, সংযম আৰু আধ্যাত্মিক দৃষ্টিভংগীৰে স্বকীয় বৈশিষ্ট্য সানি এই দৌল উৎসৱ পালন কৰি আহিছে ভক্তসকলে৷ অতি প্ৰাচীন আৰু ধৰ্মীয় উৎসৱ৷ ফাগুন মাহত অনুষ্ঠিত হোৱা দৌল পাঁচদিনীয়াকৈ পালন কৰে৷ ইয়াকডেকা দৌলআৰু মাহত পালন কৰা দৌলকবুঢ়া দৌলবুলি কয়৷ মাহৰ দৌল উৎসৱ তিনিদিনীয়াকৈ পালন কৰা হয়৷

ভাৰতবৰ্ষৰ সকলো ৰাজ্যতে অতি উলহমালহকৈ এই ৰং আৰু আনন্দৰ উৎসৱ পালন কৰে৷ ৰাজস্থানত এই উৎসৱকছোটা হোলীআৰুবড়া হোলীবুলি কয়৷ হোলীৰ দিনা হোলীকা দাহন কাৰ্য সম্পন্ন কৰে৷ উত্তৰ প্ৰদেশ, বিহাৰ, ছোটনাগপুৰ, সত্তিছগড় আদিত ইয়াক হোলী উৎসৱ হিচাপে পালন কৰে৷

 এনেদৰে বিভিন্ন সময়ত বিভিন্ন ঠাইত হোলী বা ফল্গু উৎসৱৰ পাতনি মেলা হৈছিল৷ ফাগুন মাহত বসন্ত কালত প্ৰকৃতিয়ে সাজত সাজিকাচি বিনন্দীয়া ৰূপ লয়৷ এই প্ৰকৃতিৰ বিনন্দীয়া সেউজীয়া ৰূপত মানুহৰ মনবোৰো ৰঙীন হৈ পৰে৷ এই সময়মতে হোলী বা ফাকুৱা উৎসৱ পালন কৰে মনৰ আনন্দত৷ 

 

 হোলী উৎসৱে সকলোৰে জীৱনটো ৰঙীন কৰি তোলক, জীৱনলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই লৈ আনক তাৰেই কামনা কৰিলোঁ৷ 

Leave a Reply

Your email address will not be published. Required fields are marked *