
vঃ মই দশম শ্ৰেণীত পঢ়ো, নৱম শ্ৰেণীৰ পৰাই মোতকৈ পাঁচ বছৰ ডাঙৰ ল’ৰাৰ সৈতে প্ৰেমত পৰিলোঁ৷ তেওঁ মোৰ স’তে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ বিচাৰে৷ মই মান্তি নোহোৱাত সম্পৰ্ক ছেদ কৰাৰ কথা কয়৷ তাৰ মানে তেওঁ মোৰ মনটোক ভাল পায় নে শৰীৰটোক?
মাৰিয়া বেগম (বৰপেটা)
I চোৱা, ভালপোৱা দুজন মানুহৰ মাজত শৰীৰৰ আকৰ্ষণ এটা থাকে৷ স্পৰ্শত মধুৰতা থাকিলে দুয়োপক্ষৰ সন্মতিত সম্পৰ্ক আগুৱাই যায়৷ কিন্তু তুমি কোৱা কথাৰ ভিত্তিত মই ক’ব খোজোঁ তেখেতে যদি শাৰীৰিক সম্পৰ্ক নকৰা বাবেই সম্পৰ্ক নোহোৱা কৰিব খোজে তেন্তে তেখেত অলপো ভাল মানুহ নহয়৷ চাৰিত্ৰিক খুঁত থকা মানুহৰ পৰা আঁতৰি অহাটোৱেই ভাল৷ বহুতো প্ৰেম স্বাৰ্থজনিত৷ বিয়াৰ পাছত কষ্ট পোৱাতকৈ বিয়া হোৱাৰ আগতেই সু–সিদ্ধান্ত লোৱা ভাল৷
ঃ মোৰ পত্নীগৰাকীৰ স’তে আজি সাত বছৰ কোনো ধৰণৰ মাত–বোল নাই৷ কাৰণ, তাই অহংকাৰী আৰু মই জেদী মনৰ মানুহ৷ আমাৰ এজনী কন্যা সন্তান আছে৷ সেয়ে বিবাহ বিচ্ছেদ কৰা নাই৷ কিন্তু কেতিয়াবা একো ভাল নলগা হয়৷ কি কৰো?
বিমান বৰুৱা (কামৰূপ)
I আজিকালি প্ৰায়বোৰ সংসাৰ খুব কম সময়ত ভাঙি গৈছে৷ তাৰ মুখ্য কাৰণটো হ’ল কোনেও কাকো সহিব নোৱাৰাটো৷ এৰা ধৰাটো সংসাৰৰ প্ৰধান ধৰ্ম৷ অহংকাৰী হ’লেও যদি তেওঁ পত্নীৰ দায়িত্ব পালন কৰি আছে তেন্তে আপুনিও জিদ এৰি দিয়া ভাল৷ আপোনালোকৰ কণমানিজনীয়েও সু–সংস্কাৰ পাবলৈ হ’লে মাক–দেউতাকৰ পৰাই সেই শিক্ষাৰ আৰম্ভণি হয়৷ কেনেবাকৈ সংসাৰখন বচাব পাৰি নেকি চাবচোন৷ মাত–বোল নকৰাকৈ বহু বছৰ পাৰ কৰিলে পাছলৈ স্বাভাৱিক হ’ব নোৱাৰি৷ অন্যথা একেবাৰে সহিব নোৱাৰিলে পিছে পৃথকে থকাই বহুগুণে ভাল৷
ঃ প্ৰেমগুৰু, মই যাক বিয়া কৰাম বুলি ভাবিছোঁ তেওঁ মোতকৈ সাত বছৰ ডাঙৰ৷ পূৰ্বৰ স্বামীৰ সৈতে তেওঁৰ বিবাহ বিচ্ছেদো হৈছে৷ মই তেওঁক লৈ সন্তুষ্ট৷ কিন্তু মোৰ ঘৰৰ অভিভাৱকসকলে কথাটো মানি লোৱা নাই৷ ঘৰখনক কেনেকৈ বুজাওঁ?

ৰজনী পাটোৱাৰী, নলবাৰী
I বিবাহ একেবাৰে সৰু শব্দ নহয়৷ হ’ব লগা পতি–পত্নীৰ সন্মতিৰ লগতে ঘৰখনৰ সন্মতিৰো অত্যন্ত দৰকাৰ৷ আপুনি যদি এগৰাকী নাৰীক সুখত ৰাখিব খোজে তেন্তে সিদ্ধান্ত আপোনাৰ৷ যিকোনো পুৰুষে ভৱিষ্যতে কাৰ স’তে কটাব সেই কথাৰ চিন্তা নিজে কৰিব লাগে লগতে ঘৰখনৰ মানুহখিনিক বুজাব পৰা ক্ষমতাও থাকিব লাগে৷ আপুনি যাক জীৱনসংগী কৰিম বুলি ভাবিছে তেওঁৰ ওচৰত যদি আপুনি বিচৰা বিশ্বাস আৰু মৰম পায় তেন্তে তেওঁকে বিয়া কৰাওঁক৷ ঘৰৰ মানুহক আপোনাৰ মনৰ মাজত থকা অনুভৱখিনি ব্যক্ত কৰক৷ তেওঁলোকে নি(য় বুজি পাব৷
ঃ মই এগৰাকী বিধবা নাৰী৷ দুটা সন্তানৰ মাতৃ৷ অকলে ঘৰ চলোৱা খুব অসুবিধা হয়৷ পাটৰ কাপোৰৰ দোকান এখন চোৱা–চিতা কৰোঁ৷ মই আকৌ এবাৰ বিয়া হোৱা উচিত নে প্ৰেমগুৰু? বিয়াত বহিলে মোৰ সন্তান দুটাক নতুন এজন পুৰুষে পিতৃ পৰিচয় দিবনে?
ৰিনা বৰুৱা (নগাঁও)
I অকলশৰীয়া নাৰী হিচাপে আপুনি এজন জীৱন সংগী মনৰ পৰা বিচৰাটো কোনো ভুল কথা নহয়৷ বৈধব্যৰ যন্ত্ৰণা মুখেৰে বৰ্ণনা কৰিব নোৱাৰি৷ আপুনি এনে মানুহ বিচাৰি চাওক যে আপোনাক সম্পূৰ্ণৰূপে বুজি পায়৷ আপোনাক সন্মান দিব আৰু আপোনাৰ আধৰুৱা জীৱনটো পূৰ্ণ কৰিব৷ আপোনাক যি সঁচা মনেৰে নিজৰ কৰিব তেওঁ আপোনাৰ সন্তান দুটিকো আপোন কৰিব৷ পৰাপক্ষত তৃতীয় সন্তানৰ কথা নাভাবিব৷ ভাবিলে বিভাজন আহিব পাৰে৷ শেষত কওঁ জীৱনত সুখী হৈ থাকিবলৈ সকলোৰে অধিকাৰ আছে৷ আপুনিও সুখী হওঁক৷

ঃ প্ৰেমগুৰু, মোৰ দাদা অসুখ এটাৰ বাবে বহু বছৰ বিচনাত পৰি থাকিল৷ তেওঁক যত্ন ল’বলৈ আমনি পাই বৌয়ে আমাৰ ঘৰৰ পৰা একেবাৰে গুচি গ’ল৷ এতিয়া বৌয়ে মোক মনে মনে ফোন কৰি কৈছে যে তেওঁৰ হেনো মোলৈহে বিয়া হ’বলৈ মন৷ বৌৰ এই অদ্ভুত অনুৰোধত বহুত চিন্তিত হৈছো৷ তেওঁক মই সেই চকুৰে কোনো দিনেই চোৱা নাই৷
দেবজিত বৰ্মন (গোৱালপাৰা)
I প্ৰথমতেই কওঁ, তোমাৰ বৌ এগৰাকী স্বাৰ্থপৰ মহিলা৷ তেওঁৰ পাকচক্ৰত নপৰাই মংগল হ’ব৷ নিজৰ স্বামীৰ সমস্যাত লগ দিব নোৱাৰা নাৰী পত্নীৰ নামত কলংক৷ কালিলৈ তোমাৰ বেয়া দিন আহিলে তোমাকো এৰি থৈ যাব৷ বুজিছাই নহয়৷
ঃ মোৰ স্বামীৰ স’তে মই শাৰীৰিক সম্পৰ্ক কৰি অলপো শান্তি নাপাওঁ৷ খুব কম সময়তে তেওঁ সন্তুষ্টি পায়৷ কিন্তু মোৰ সেয়াই অশান্তি৷ লাজ নকৰি আপোনাক কৈছো৷ কিবা উপায়?
মনোৰমা বৰা (যোৰহাট)
I আপোনালোকে সোনকালে ডাক্তৰৰ কাষ চাপক৷ সকলো কথাৰে চিকিৎসা আৰু সমাধান থাকে৷ আপুনি যিটো সমস্যাত আছে দেখাত সেয়া সাধাৰণ হ’লেও অকণো সাধাৰণ কথা নহয়৷ মনৰ আৰু শৰীৰৰ এটা ভোক থাকে৷ সেয়া পূৰণ নহ’লেই মানুহ অন্য অপৰাধত লিপ্ত হয়৷ ডাক্তৰকো লাজ নকৰি কথাবোৰ ভাঙি পাতি ক’ব আৰু মানুহজনকো আপোনাৰ অনুভৱখিনি ব্যক্ত কৰিব৷ মনত ৰাখিব নিজৰ স্বামীতকৈ ভাল বন্ধু আৰু কোনো নাই৷