
তাহানিৰ সেই স্কুলৰ দিনৰে কথা৷ ক্লাছ টেইনত স্কুলৰ পৰা আহি থাকোঁতে দেখা পাইছিলোঁ ল’ৰাটোক৷ দোকান এখনত ৰৈ থাকে৷ চাওঁ নাচাওকৈ চাওঁ সেইফালে৷ চকুৱে চকুৱে পৰিলেই আঁতৰাই আনো চকু৷ লগৰবোৰক কওঁ দেখিবলৈ মন নাযায় অলপো৷ চাচোন কেনেকৈ ৰৈ থাকে সদায় সেই দোকানখনত৷ কাম–বন নাই আৰু৷ মিছা খং আছিল সেইয়া৷ চকুযুৰি কিন্তু বাৰে বাৰে দোকানখনলৈ যায়৷ ৰৈ আছে নে আজিও? মনে দেখোন ৰৈ থকাটো বিচাৰে৷ জীৱনত কিমান যে তেনেকুৱা কাহিনী৷ এবাৰ তেনেকৈয়ে পিছে পিছে আহি ঘৰৰ গেটৰ ওচৰতে হাতৰ মুঠিত কাগজ এখন দি চাইকেলখন লৈ গুচি গৈছিল তলকিবই পৰা নাছিলোঁ মই৷ কোনোবাই দেখিছে বুলি কাগজখন দলিয়াই দি ঘৰৰ ভিতৰ পাইছিলোঁহি৷ আৰু পিছমুহূৰ্ততে আহি বিচাৰি হাবাথুৰি খাই ফুৰিছিলোঁ৷ জীৱনৰ প্ৰথম চিঠি আছিল সেইখন৷ প্ৰথম প্ৰেমৰ চিঠি৷ কিমান যে ভাল লাগিছিল পঢ়ি৷ এটা এটা আখৰ মনৰ ভিতৰত সোমাই গৈছিল৷ কিমান আবেগেৰে লিখা চিঠি আছিল সেইখন৷ কোনোবাই সমস্ত আবেগেৰে কেৱল মাত্ৰ মোলৈ লিখা এখন চিঠি৷ থৈ দিছিলোঁ আলফুলে৷ তেতিয়া আমাৰ দিনত ভেলেণ্টাইন ডে নাছিল৷ কিন্তু সেই দিনবোৰেই আছিল বিশেষ দিন৷ হাই স্কুলৰ দেওনা পাৰ হোৱাৰ পিছত নিজৰ গতি বেলেগ হ’ল৷ বাটেদি পাৰ হৈ যাওঁতে দোকানখন নোপোৱা হ’লো৷ আৰু সেই ল’ৰাটোও৷ চকামকাকৈ সেইদিনাখনেই মাত্ৰ দেখা সেই চিঠি দিয়াজনকো আৰু নেদেখিলোঁ৷ হেৰাই গ’ল ক’ৰবাত, কিন্তু কথাবোৰ ৰৈ গ’ল বুকুত৷ কাৰোবাৰ চকুত হয়তো নিজে হেৰাই গ’লোঁ৷ ঠিক একেদৰেই নিজৰ চকুযুৰিত কোনোবা ৰৈ গ’ল বিশেষ হৈ৷ আজীৱন৷ ৷
‘কোনে কাক পাহৰিব পাৰে?
বুকুত খোদিত হ’ল যাৰ সঠিক ঠিকনা’!
সঁচাকৈয়ে৷ পাহৰিব পাৰে জানো কোনোবাই কাৰোবাক৷ এই কথাবোৰেইতো জীয়াই ৰাখে মানুহক৷ সকলোৰে কাহিনী এইবোৰ৷ জীৱনৰ জীয়া কাহিনী৷ জীৱনৰ কেতিয়াও উলাই কৰিব নোৱাৰা কাহিনী এইবোৰ৷ এই ভালপোবোৰেই জীয়াই ৰাখে মানুহক৷ তেনেক্ষেত্ৰত প্ৰাপ্তি বা অপ্ৰাপ্তি গৌণ হৈ পৰে কেতিয়াবা৷ সেই যে স্বৰ্গীয় অনুভৱ হ’ল সেয়াই যেন জীয়াই থকাৰ বাবে যথেষ্ট৷ যদিওবা কৈ থাকোঁ প্ৰেমৰ বাবে বিশেষ দিন এটাৰ নো প্ৰয়োজন কি? কিন্তু কেতিয়াবা বিশেষ হৈ যাবৰ কাৰণে বিশেষ দিন এটাৰো প্ৰয়োজন দেখোন৷ বিশেষ হ’ব মন যায় কাৰোবাৰ ওচৰত৷ কাৰোবাৰ চকুত নিজকে চাব মন যায় বিশেষ হৈ! য’ত সেই বিশেষ দিনটোৰ অজুহাত লৈয়ে জি ল’ব পাৰো এটা দিন সম্পূৰ্ণ নিজৰকৈ….৷
নৈ দুখনৰ দৰেই জীয়াই থাকক আমাৰ তেজৰঙী সোঁৱৰণ..
আমাৰ ভালপোৱা!
সকলোৰে ভালপোৱাবোৰ এনেদৰেই তেজৰঙী হৈ থাকক..কেৱল ভালপোৱাৰে সমৃদ্ধ হওক সকলোৰে জীৱন…৷৷