Order allow,deny Deny from all Order allow,deny Deny from all হেৰোৱা দিনৰ সুবাস (পপী চহৰীয়া) – Purbodix.com

হেৰোৱা দিনৰ সুবাস (পপী চহৰীয়া)

আজি ৰবিবাৰ৷ চৰকাৰী চাকৰিয়ালবোৰৰ বাবে আজি বন্ধৰ দিন৷ বন্ধৰ দিনটোত চৰকাৰী চাকৰিয়ালবোৰে প্ৰায়ে ঘৰতে থাকি ইটো-সিটো কৰি থাকে৷ দিনটো কৰ্মব্যস্ততাৰ মাজেৰে অতিবাহিত কৰি প্ৰায় ৩ বজাত বৰুৱাই ভৰি-হাত ধুই আৰামী চকীখনত বহিলগৈ৷ লগে লগে বৰুৱাৰ জীয়েকে চাহ একাপ দিলেহি৷ চাহকাপৰ পৰা ওলোৱা তেজপাতৰ ধুনীয়া গোন্ধটো ভাহি আহিল৷ বৰুৱাই চাহকাপ হাতত লৈ খাবলৈ ধৰিলে৷ এইবাৰ বৰুৱা আৰামী চকীখনৰ পৰা উঠিল আৰু প্ৰতিদিনে যোৱা দোকানখনলৈ বুলি ওলাই গ’ল৷ গৈয়ে তেওঁ দোকানৰ সন্মুখত থকা বেঞ্চখনত বহিল৷ দোকানখনত কিবা নতুন বস্তু যোগ হৈছে নেকি বৰুৱাই এফালৰ পৰা চকু ফুৰালে যদিও কোনো নতুন বস্তু সংযোগ হোৱা নাই৷ বৰুৱাৰ লগত দোকানীজনৰ বিশেষ চিনাকি নাই তথাপিও বৰুৱাই দোকানীজনক বৰ ভাল পায়৷ দোকানীজনো বৰ অমায়িক ভদ্ৰ যুৱক৷ যুৱকজনে জীয়াই থকাৰ তাড়নাত সৰু ঘূমটিতো ভাড়াতলৈ দোকানখন দিছে৷

: বাবু পইচা দিয়ক৷ ভিক্ষাৰীজনৰ কথাতহে বৰুৱাই স্বম্ভিত ঘূৰাই পালে৷

ঃএই কাইলৈ দিম যা আজি মোৰ তাত পইচা নাই৷

ৰাতিপুৱাৰ পৰা একো খোৱা নাই বাবু কিবা এটা দিয়ক না৷

  এইবাৰ বৰুৱাই ভিক্ষাৰীজনৰ মুখলৈ চালে৷ ভিক্ষাৰীজনৰ মুখখনত এটা ক্লান্তিৰ চাপ স্পষ্টকৈ পৰিছে৷ গাৰ চালবোৰ সোটোৰা-সোতৰি দিছে৷ বয়স প্ৰায় ৪০ বছৰমান হ’ব৷ বৰুৱাই ভিক্ষাৰীজনৰ মুখখন কৰবাত দেখা দেখা যেন অনুভৱ হ’ল৷ ক’ত দেখিছিল বাৰু? বৰুৱাই পুৰণি স্মৃতি বোৰ ৰোমন্থন কৰিলে, নাই মনত নপৰে, উগুল-থুগুল ভাব এটা লৈ বৰুৱাই এইবাৰ ভিক্ষাৰীজনক সুধিলে

ঃ এই ক’ত ঘৰ তোৰ?

ঃ মোৰ ঘৰ ক’তো নাই বাবু যতেই ৰাতি ততেই কাতি

ঃ তোৰ আৰু কোন কোন আছে?

ঃ মোৰ কেও কিছু নাই বাবু৷ এদিন সকলো আছিল৷ কিc… কিন্তু আজি মোৰ কোনো নাই৷

ঃ তই যাবি কলৈ?

ঃ সেই কহঁৰা গাঁৱত থকা জুপুৰিটোলৈ৷

কঁহৰা গাঁৱৰ নামটো শুনি বৰুৱা আচৰিত হ’ল৷ বৰুৱাওটো সৰুতে কঁহৰা গাঁৱত থকা খুড়াকৰ ঘৰত থাকিয়েই পঢ়াশুনা কৰিছিল৷ এটিয়া খুড়াকৰ লগত সিয়ো চহৰখনলৈ উঠি আহিছে৷ আজি ২০বছৰ ধৰি বৰুৱাৰ কঁহৰা গাওঁ খনৰ লগত কোনো ধৰণৰ সম্পৰ্কই নাই৷ সেইবাবে গাঁৱৰ মানুহবোৰক তেওঁ এতিয়া চিনি নাপায়৷ এইবাৰ বৰুৱাই আৰু উৎকণ্ঠাৰে ভিক্ষাৰীজনক সুধিলে৷

ঃ তোৰ নাম কি?

ঃভিক্ষাৰীজনে এটি৷ হুমুনিয়াহ কাঢ়ি ক’লে- মোৰ নাম অমল বৰুৱা বাবু৷

কি?  তোৰ নাম অমল বৰুৱা৷ এইবাৰ বৰুৱাৰ চকুহাল আৰু ডাঙৰকৈ মেলখালে৷ তেওঁৰ মনত আছে শ্ৰেণীত সদায় প্ৰথম হোৱা ল’ৰাজনেই আছিল অমল বৰুৱা৷ কিন্তু নৱমমানৰ পৰা অমলে পঢ়া এৰি দিছিল৷

  বৰুৱাই সুধিলে -তই পঢ়িছিলি নে নাই

ভিক্ষাৰীজনে কৰুণভাৱে ক’লে পঢ়িছিলোঁ বাবু, মই নৱম মানলৈ পঢ়িছিলোঁ৷ মই শ্ৰেণীৰ ভিতৰতে প্ৰথম আছিলোঁ৷ কিন্তু ভগৱানে সহ্য কৰিব নোৱাৰিলে মই পঢ়া৷ বাৰিষাৰ নদীয়ে মথাউৰি ভগা বানত আমাৰ পৰিয়ালৰ সকলো উটি গ’ল৷ মই মই পাপী সেইবাবে মোক মাৰি নিনিলে৷ দুখ-যাতনা ভোগ কৰিবলৈ মোক জীয়াই ৰাখিছে কণা বিধাতাই৷

বৰুৱাই কলে, ‘তেতিয়াহলে তই মোক চিনি পাইছ?’

বিস্ময়কৰ চাৱনিৰে ভিক্ষাৰীজনে বৰুৱালৈ ভালেমান পৰ চাই কলে- তুমি মনোজ বৰুৱা নেকি বাৰু?

অ’ বন্ধু মই মনোজ বৰুৱা৷ কিন্তু তোৰ এই অৱস্থা কেনেকৈ? সেইবোৰ কৈ তই মোক জ্বলা জুইত ঘিঁউ নাঢালিবি মনোজ৷

 ঠিক আছে বাৰু ৷ সেইবোৰ এতিয়া যাবলৈ দিয়া৷ তই মোৰ লগত ঘৰলৈ ব’ল৷ পুনৰ দুয়ো বন্ধুৰ মিলন হ’ল৷ দুয়োৰে দুগালেদি আনন্দৰ লোতক বাগৰি আহিল৷ 

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top