
যোগ বা Yogaত দুবিধ মুদ্ৰাৰ কথা উল্লেখ আছে– শাৰীৰিক মুদ্ৰা আৰু হস্ত মুদ্ৰা৷ শাৰীৰিক মুদ্ৰা হ’ল যোগাসন, প্ৰাণায়াম আদি আৰু হস্ত মুদ্ৰাত হাতেৰে কৰা মুদ্ৰা অন্তৰ্গত৷ এই হস্তমুদ্ৰাবোৰৰ ভিতৰৰে এটা হ’ল শূণ্য মুদ্ৰা৷ শূণ্য মুদ্ৰাক ‘‘Heaven’’ বুলিও কোৱা হয়৷ এই মুদ্ৰাত শূন্যৰ অৰ্থ হৈছে আকাশ৷ দৰাচলতে এই মুদ্ৰা কৰিলে এনেকুৱা অনুভৱ হয় যেন কৰোঁতাজন কোনো বেলেগ পৃথিৱীত আছে৷ ভবা হয় যে অন্তৰীক্ষ গোটেই দুনিয়াতে আছে আৰু ই আমাৰ প্ৰত্যেক কোষিকাত আছে৷
শৰীৰত আকাশ তত্ত্ব প্ৰয়োজনতকৈ বেছি হ’লে শৰীৰত বিভিন্ন সমস্যা আৰু বিভিন্ন প্ৰকাৰৰ বেমাৰৰ কাৰক হয়৷ যেনে– হৃদয় শক্তি কমি যোৱা, কাণৰ সমস্যা, মূৰৰ বিষ বা মূৰ ঘুৰো¸ৱা ইত্যাদি৷ এই মুদ্ৰাই আকাশ তত্বৰ বেছি হোৱাৰ ফলত হোৱা সমস্যা দূৰ কৰে৷
এই মুদ্ৰাৰ নিয়মিত অভ্যাসে স্বাস্থ্যৰ বহুতো উপকাৰ সাধন কৰে৷ এই মুদ্ৰাই বাত আৰু পিত্ত ৰোগ দূৰ কৰাত সহায় কৰে৷ ই মনলৈ অহা ধনাত্মক (Negative) চিন্তাক শূন্য কৰে অৰ্থাৎ দূৰ কৰে৷ দীঘলীয়া সময় এই মুদ্ৰা কৰিলে একাগ্ৰতা বাঢ়ে, চঞ্চলতা দূৰ হয়৷ এই মুদ্ৰাই Blood Circulation বঢ়ায়৷ কাণ আৰু কাণৰ লগত সম্বন্ধিত সমস্যা দূৰ কৰাত লাভদায়ক৷ কাণ সম্বন্ধীয় বিকাৰ আৰু টিনিটাছ আদি দূৰ কৰাত এই মুদ্ৰা জনপ্ৰিয়৷ তাৰোপৰি ডিঙিৰ বিভিন্ন ৰোগৰ নিৰাময় কৰাতো এই মুদ্ৰা লাভদায়ক৷ কণ্ঠস্বৰ চাফা (Clear) হয়৷ ডিঙিৰ বিভিন্ন সংক্ৰমণ দূৰ কৰে৷ নিয়মিত কৰিলে আমাৰ হাৰ্ট ভালে থাকে৷ বায়ুজনিত বিকাৰ দূৰ কৰিবলৈ এই মুদ্ৰা অভ্যাস কৰিব পাৰি৷ গাঁঠিৰ বিষ, Arthritisৰ দৰে সমস্যাও বহু পৰিমাণে এই মুদ্ৰাই উপশম কৰে৷ সেইদৰে শৰীৰত পিত্ত বাঢ়িলেও শূণ্য মুদ্ৰা কৰিলে উপকাৰ পোৱা যায়৷ এই মুদ্ৰাই হৰমনৰ সমতা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ ফলত থাইৰয়ডৰ সমস্যা দূৰ কৰাতো লাভদায়ক হয়৷ Motiopn sickness আৰু Vertigo ১ কাৰণে মূৰ ঘূৰণী, চকুৰে কম দেখা বা বমি অহা আদি সমস্যাৰ সন্মুখীন হ’ব লগা হয়৷ তেনেক্ষেত্ৰত শূন্য মুদ্ৰা কৰিলে বহুত উপকাৰ পোৱা যায়৷
জেদী ল’ৰা–ছোৱালীক শান্ত কৰিবলৈ এই মুদ্ৰাৰ অভ্যাস কৰাব লাগে৷ এই মুদ্ৰাৰ নিয়মিত অভ্যাসে ই২৬াশক্তি বৃদ্ধি কৰে৷ ইয়াত মধ্যমা আঙুলিত সামান্য হেঁচা দিয়া হয় আৰু এই আঙুলিয়ে আকাশৰ ইংগিত বহন কৰে যাক স্বৰ্গৰ প্ৰতীক বুলি ভবা হয়৷ নিয়মিত ইয়াৰ অভ্যাসে একাগ্ৰতা বঢ়ায়৷ শৰীৰৰ আলস্য দূৰ হয়৷ হাড় মজবুত হয়৷
শূন্য মুদ্ৰা কৰিবলৈ প্ৰথমে কোনো শান্তিপূৰ্ণ আৰু বতাহ চলাচল কৰা ঠাইত বহি ল’ব৷ তাৰ পিছত নিজৰ সুবিধা অনুযায়ী পদ্মাসন, সুখাসন আদিত আৰামত বহি ল’ব লাগে৷ নোৱাৰিলে চকী বা বিছনাত বহিও কৰিব পাৰিব৷ পিঠি, ডিঙি চিধা কৰি বহি ল’ব৷ মন একেবাৰে চিন্তামুক্ত কৰি ল’ব৷ দুই হাত দুই আঁঠুৰ ওপৰত ৰাখি হাতৰ তলুৱা ওপৰলৈ মুখ কৰি ৰাখিব৷ এতিয়া মধ্যমা আঙুলিক হাতৰ তলুৱাৰ ফালে ভাঁজ কৰিব আৰু তাৰ ওপৰত বুঢ়া আঙুলি ৰাখিব৷ বাকী আঙুলি চিধা থাকিব৷ চকু বন্ধ কৰিব৷ উশাহ–নিশাহ স্বাভাৱিক ৰাখিব আৰু মন সম্পূৰ্ণ উশাহ–নিশাহৰ ওপৰত ৰাখিব৷ ৫ ১ পৰা ১৫ মিনিটলৈকে এইদৰে থাকিব পাৰিব৷ তাৰ পিছত আকৌ সামান্য অৱস্থালৈ আহিব৷ পুৱা আৰু গধূলি এই মুদ্ৰা কৰিব পাৰিব৷ চকু মেলিও এই মুদ্ৰা কৰিব পাৰে, কিন্তু বন্ধ কৰি কৰিলে বেছি ধ্যান দিব পৰা যায়৷ কোনো ভক্তিমূলক Background Music লগাই ল’ব পাৰে৷
সদায় খালী পেটত এই মুদ্ৰা কৰিব লাগে৷ ভোজনৰ পিছতেই বা ভোজনৰ আগে আগেও কৰিব নালাগে৷ আৰ্থাৰাইটিছৰ সমস্যা থকা ব্যক্তিয়ে হাতত তেনে মালিচ কৰি লৈহে এই মুদ্ৰা কৰিব লাগে৷ এই মুদ্ৰা কৰোঁতে আঙুলিৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব নালাগে৷ যদি পিঠিৰ বিষ হৈ আছে বা কোনো আঘাত পাইছে, তেনে অৱস্থাত এই মুদ্ৰা কৰিব নালাগে৷ বহুত বেছি দুৰ্বল অনুভৱ কৰিলেও এই মুদ্ৰা কৰিব নালাগে৷