
ফাগুন মানেই এজাক উতনুৱা পছোৱাই অনা দুৰন্ত গতিৰ পছোৱা বতাহ৷ বৈচিত্ৰ্যময় ফাগুনৰ কত যে কথা– পছোৱা হৈ পৃথিৱীক বুৰাই পেলোৱাই ফাগুনৰ স্বভাৱ৷
ফাগুন মানেই পলাশ–শিমলুৰ ৰঙাকৈ ফুলি উঠা অঘোষিত প্ৰতিযোগিতা, হেমন্তৰ হালধীয়াত নাচি বাগি সৰাপাত উৰুৱাই উদং পথাৰ, লঠঙা বিৰিখ, হাবি–বননি সকলোৰে বুকুত ফাগুনেই ধুলিৰ আবিৰ সানি ফাগুনী মলয়াজাকে পাহৰি পেলায় নিজৰ ঠিকনা, নামানে কোনো নিৰ্দেশ–নাই কোনো নিয়মৰ কথা৷ এক অহংকাৰী, ভাৱৰ খেয়ালী মনৰ৷ সৰাপাতৰ বুকুত ফাগুনৰ খচ্মচনিত ৰুনুজুনু নুপুৰ বাজে৷ খোলা খিৰিকীৰ শুকান পাতৰ বুকুত প্ৰেমৰ ছবি আঁকি চিঠি বিলায় আৰু তাতেই থাকে ফাগুনৰ অলেখ বতৰা–জনা–নজনা ভাষাৰেই ফাগুনেই কৈ উঠে…
‘শুকান পাতৰ চিঠি খিৰিকীৰে ময়েই বিলাওঁয শুকান পাতত থকা খবৰৰ কথা মাথোঁয মোকো নুসুধিবা…৷
(নৱকান্ত বৰুৱা)
সঁচাকৈয়ে ফাগুন বৰ খেয়ালী মনৰ, কোনোৱে যদি ফাগুনক অনুভৱ কৰিব খোজে বিষন্নতাৰ দস্তাবেজৰূপে, আকৌ কোনোৱে ফাগুনৰ ধুলিয়ৰিত বিচাৰি পায় মিঠা সংবাদ, প্ৰেমৰ অভিনৱ কৌশল, সেয়ে হয়তো আপোনজনে গতি কৰা কোনোবা বাটৰুৱাৰ চকুত ধুলি ছটিয়াই, ৰঙীন ছাটিৰ তলত কোনোবা গাভৰুৰ সৈতে প্ৰেমৰ চলেৰে পিন্ধি থকা কাপোৰখনকে টানি ধেমালিখন কৰে, বুকুৰ আঁচল খহায়, ৰং চাই…৷ এয়াতো ফাগুনৰ প্ৰিয় কাম…৷
ফাগুন আহে কাষলৈয চুব খুজি মোকযদেহেমনে ধুলি ছটিয়াই… (গীত ইবছনলাল বৰুৱা)
ফাগুন যেন কোনোবা ৰোমাণ্টিক যুৱক যিয়ে মন গহন ৰোমাঞ্চিত কৰি তোলাৰ যাদু জানে৷ সেয়ে ফাগুনৰ বহুত বদনাম, নিলাজ, নষ্ট, দুষ্ট… আৰু উদভ্ৰান্ত ফাগুন…৷ হালধীয়াৰ দুখবোৰ আঁতৰাবলৈকে প্ৰকৃতিৰ বুকুলৈ নামি আহে ফাগুন৷ ফাগুনৰ আছে স্বকীয় ৰং, ধুলি ছটিয়াই যোৱাৰ চলেৰে গোপনে সিঁচি যায় প্ৰেমৰ আবেগ৷ জক্মকাই ফুলি উঠা, শিমলুৰ ৰঙাকৈ বৰণত ফাগুন আৰু বেছি ৰঙীন হৈ পৰে৷ উতনুৱা পছোৱা জাকে ধুলিক সুধি চায়– আচলতে ফাগুনক আনে কোনে৷ পলাশৰ ৰঙা ৰঙে সোঁৱৰাই দিয়ে– দুয়ো, দুয়ো আনিছা এই ফাগুন…৷
ফাগুনক কোনেনো আনে? পছোৱাই ক’লে তুমিয গেৰুৱা বাটৰ ধুলিবোৰ ক’লে তুমিযসৰি পৰা সো পলাশে ক’লেহি দুয়োজনে দুয়োজনে…৷ (নৱকান্ত বৰুৱা)
নষ্ট স্বভাৱৰ ফাগুনে নাঙঠ হোৱাৰ আদিম বাসনাৰে নিমিষতে কৰিব নোৱাৰে কি৷ কেৱল দুৰন্ত বেগেৰে গুচি যোৱাৰ বাসনা– ৰৈ যোৱাৰ সময় মুঠেই নাই৷ নাঙঠ প্ৰকৃতিয়ে লাজে লাজে ৰয় ফাগুনৰ ৰূপ চায়, সেউজীয়াৰ আশাত কামনা কৰে এজাক আৱতৰীয়া বৰষুণ–ধুলিয়ৰি মনক জীপাল কৰাৰ এজাক বৰষুণ ফাগুনৰ প্ৰতিশ্ৰুতিত উদাসী পৃথিৱীয়ে নিজকে সজাবলৈ প্ৰস্তুত হয়৷
ফাগুনেই ধুলিৰ মাজত বিলাই যায় বসন্তৰ বতৰা৷ গছৰ কুঁহিয়ে ধুলিৰ ওৰণি ফালি ভুমুকিয়াই লাজে লাজে৷ ফাগুনৰ বুকুতে লুকাই থাকে বসন্তৰ মিঠা গান– সৃষ্টিৰ আনন্দ৷ বসন্তই ফাগুনক সোঁৱৰাই দিয়ে উভতি যোৱাৰ বাট, ঠিকনা বিহীন ফাগুন…৷ উদাসী মনেৰে ফাগুন উভতি যাব, এৰি থৈ যাব শাশ্বত প্ৰেমৰ হাবিয়াস৷

বিদায় বেলাত চকুলো টুকি
শুকান ডালক কোনে কৈ গ’ল
বিদায় যাওঁ দেই তোমাক এৰি থৈ
আকৌ হাঁহিবা তুমি সেউজীজনী হৈ৷ (চৈয়দ ছাদুল্লা)
শীতৰ কুঁৱলী দুৰলৈ ঠেলি ফাগুন আহে সৰাপাতৰ বুকুৰে বসন্তৰ সপোন ৰচি৷ মিঠা অনুভৱৰ অনন্ত সম্ভাৰ লৈ ফাগুনে আপোন মনে ছটিয়াই যায় প্ৰকৃতিৰ বুকুত বসন্তৰ সেউজীয়া হেঁপাহ৷ অথচ ফাগুনে নিজেই নাজানে নিজক সেয়ে কবিৰ কাপত ফাগুনৰ সংবাদ… ‘‘ফাগুনে নাজানে একোয জানে মাথো এটা কথায স্মৃতি মানে আৰম্ভণিৰ সমাপ্তি বিহীনয স্বপ্নতাৰ গতি পথয প্ৰেম তাৰ পৰিণতিয যাৰ কোনো আৰম্ভণি নাই…’’ (নৱকান্ত বৰুৱা)
শিমলুৰ ৰঙাকৈ পাহিত ফাগুনৰ মিতিৰালি৷ তৰুণ শিমলুৰ বুকু ফালি উৰুৱাই নিয়া হেজাৰ বিজাৰ তুলাৰ অপৰূপ নৃত্যৰ বুকুত জগায় প্ৰেমৰ অনুভূতি৷ ফাগুনেই মানুহ আৰু প্ৰকৃতিৰ নিবিড়তাক সোঁৱৰাই যায়৷ আপোনজনলৈ মনত পেলাই মনবোৰ চোন হৈ পৰে… প্ৰেম আকলুৱা৷ ফুল ফুলাৰ বতৰত সেউজীয়াৰ সপোনবোৰত ফাগুনৰ ৰক্তিম আভা, গছ–বিৰিখত গুণ গুণ সুৰে সপোন ৰচে– কোমল কুঁহিত লাজুকি চাৱনিৰে৷
‘‘ শুকান বতাহজাকেয পাতবোৰ উৰুৱাই নিয়েয ৰাংঢালী চৰাইবোৰ গছৰ ডালত পৰি নাচেয জুনুকাৰ জুনজুননিতয সাৰ পায় কুঁহিপাতে…’’৷ (হীৰেন ভট্টাচাৰ্য)
সময়ৰ বাৰ্তা হৈ ফাগুন নামে ধৰালৈ৷ ৰঙৰ উৎসৱ ফাঁকুৱাৰ ৰঙত ফাগুন হৈ পৰে মোহময়ী৷ মহাদিদেৱ শ্ৰীশ্ৰীশিৱৰ আৰাধনা কৰি শিৱৰাত্ৰী পালন কৰা হয়৷ বিয়া–বাৰু আৰু অনেক ধৰ্মীয় অনুষ্ঠান পতা হয়৷
প্ৰেম, বিশ্বাসৰ মন্ত্ৰ লৈ ফাগুন হৈ পৰে প্ৰেমৰ পূজাৰী৷ মায়াত বন্দী হয় মন…৷ শাশ্বত প্ৰেম জগায় তুলিবলৈকে ফাগুনে নামে শিমলু–মদাৰৰ ৰঙা পাহিত, ফাগুন নামে গীতৰ মালিতা আৰু ফাগুন নামে সৃষ্টিৰ অনামি আনন্দৰ সঁফুৰা লৈ৷
‘‘ফাগুনে মায়া জানে বাবেই ই কেৱল এটা ঋতুৱেই নহয়, ইমান ৰঙৰ মেলায আকাশে–বতাহেয ইমান সুৰৰ মেলায পৰা নে পৰা নে…’’৷ (নিৰ্মল প্ৰভা বৰদলৈ)৷