
শৰতৰ বতৰা লৈ শাৰদীয় দুৰ্গোৎসৱ আহিল৷ শৰৎ ঋতুক আঁকোৱালি ললে প্ৰকৃতিয়ে, চৌদিশে শৰতৰ শেৱালিৰ অথবা বকুল ফুলৰ গোন্ধ, নিয়ৰৰ দুৱৰি দলিছাখন ৰ’দৰ পোহৰত চিকমিকাব ধৰিছে নিয়ৰৰ টোপালবোৰে৷ নৈ দাঁতিকাষৰীয়া নতুবা চৰ–চাপৰিত গজি উঠা কহুৱা, বন–বিৰিণাবোৰে আকাশলৈ চাই হাঁহি বিৰিঙাব ধৰিছে, উলাহত বতাহত হালি–জালি নাচি পৰিছে৷ পথাৰত গজি অহা ধাননি দৰা যৌৱন প্ৰাপ্তি হৈ ওফন্দি আহিছে৷ শৰৎ মুখী পক্ষীকুল দুৰ দুৰণিৰ পৰা আহি সৌন্দৰ্য বৰ্দ্ধন কৰি তুলিছে বিল অথবা হাবি–বননিত, শৰৎত ফুলা বিভিন্ন ৰঙী ফুলবোৰে যেন জিপাল কৰি তুলিছে চৌপাশে, এক উছৱ মুখৰ পৰিৱেশ৷
দুৰ্গাপূজা বুলি ক’লে সাধাৰণতে জেলেপীৰ কথা, পিষ্টল আৰু পুতুলাৰ কথা মনলৈ আহে ৷ মন শৈশৱলৈ উৰা মাৰে৷ বৰ্তমান মানুহে কিন্তু বেছিকৈ জাক–জমকতাকহে বেছি প্ৰাধান্য দিয়া দেখা যায়৷ কোনটো পূজা মণ্ডপ কিমান ডাঙৰ অথবা কি ডিজাইন দিয়ে ইত্যাদি কথাবোৰত গুৰুত্ব আৰোপ কৰে৷ আজি–কালি ডাঙৰ ডাঙৰ মণ্ডপ সাজি প্ৰতিমা স্থাপন কৰি তাত পূজা অৰ্চনা কৰা হয়৷ যুগৰ পৰিৱৰ্তনৰ প্ৰভাৱ৷
তথ্য অনুসৰি অসমৰ প্ৰাচীন অনাৰ্যমূলীয় অধিবাসীসকলৰ মাজত দেৱী পূজা আৰু মাতৃ পূজাৰ প্ৰচলন আছিল৷ অসমত আহোম ৰাজত্ব কালৰ পৰাই বাসন্তী দুৰ্গা পূজাৰ প্ৰচলন আছিল, বাসন্তী কালত পূজিতা দুৰ্গাক ভিন্ন নামেৰে জনা গৈছিল, সেয়া যথাক্ৰমে কামাখ্যা, কেঁচাঁইখাইতী, তাম্ৰেশ্বৰী, দীঘেশ্বৰী, বাঘ্ৰেশ্বৰী, বুঢ়ীগোসানী, সিদ্ধেশ্বৰী, টুক্ৰেশ্বৰী, জয়ন্তশ্বৰী আদি নাম উল্লেখযোগ্য৷ বৰৰজা ফুলেশ্বৰীকে আদি কৰি হিন্দু ধৰ্মত দীক্ষিত আহোম স্বগদেউসকলৰ এইয়া এক সংস্কৃতি৷
প্ৰাপ্ত কিছু উৎসমতে ৰামচন্দ্ৰই ৰাৱণ বধৰ বাবে শৰৎ কালত দেৱী দুৰ্গাক পূজা কৰাৰ কাহিনী প্ৰচলিত আছে৷ মূল ৰামায়ণত দেৱীক বসন্ত কালতহে পূজা কৰাৰ ৰীতি প্ৰচলিত আছিল৷ ৰামৰ বাৰমাহী গীতত আছে, “বহাগ মাহতে ৰাম যজ্ঞ আৰম্ভিলাযলাখে লাখে মুণিগন হঠাতে আসিলা৷’’ সেইদৰে সীতাৰ বাৰমাহী গীতত আছে, “চৈত্ৰ মাহতে দেৱীৰ পূজা অৱসনে য সমুদ্ৰ বান্ধিয়া ৰামে বধিলা ৰাৱণে৷’’
ঠিক সেইদৰে শাস্ত্ৰমতে, দুৰ্গা পূজা হিন্দু দেৱীৰ আৰাধনাক কেন্দ্ৰ কৰি হিন্দু সম্প্ৰদায়ৰ লোকসকলে ব্যাপক উৎসাহেৰে এই উৎসৱ পালন কৰে৷ বৰ্তমান শৰৎ কালত যি এই দেৱী পূজা প্ৰচলন কৰাৰ মৌলিক ধাৰণাটো সোতৰ শতিকাৰ বংগীয়মূলৰ কবি কৃত্তিবাসৰ ৰামায়ণত প্ৰক্ষিপ্ত কৰা হৈছিল৷ কৃত্তিবাসে বংগত প্ৰচলিত লোক কাহিনীৰ আলমত তেওঁৰ ৰামায়ণত দেৱী পূজা সম্পৰ্কে সন্নিৱিষ্ট কৰে৷ ই কৃতিবাসৰ মৌলিকতাৰ পৰিচায়ক, ইয়াৰ ঠিক পিছতেই বংগৰ কৃষ্ণচন্দ্ৰ মহাৰাজে প্ৰথম ৰাজহুৱাভাবে দুৰ্গা পূজা প্ৰচলন কৰে৷
আগৰ পূজাসমূহত আচলতে দেৱ–দেৱীক পূজা কৰা ঠাইখন প্ৰতিষ্ঠা কৰি তাত বলি–বিধান কৰি পূজা ভাগ চলাই নিয়া দেখা গৈছিল৷ দেৱতাৰ বাসভূমি ভাৰতত মানুহৰ আশা–আকাংক্ষা, কামনা বাসনা পূৰণৰ কাৰণে দেৱ–দেৱীক পূজা উপাসনা কৰা, দেৱ–দেৱীৰ আশীৰ্বাদ লাভ কৰিবৰ কাৰণে মহা তপস্যাত ব্ৰতী হোৱাৰ উদাহৰণ অক্ষয় অপাৰ৷ দুৰ্গাদেৱী শক্তিৰ অধিষ্ঠাত্ৰী দেৱীৰূপে যুগে যুগে এক শ্ৰেণীৰ ভক্তৰ দ্বাৰা পূজিতা হৈ আহিছে৷ বৰ্তমান যুগত দুৰ্গাপূজা বংগদেশ জাতীয় উৎসৱৰূপে পৰিগণিত হৈছে৷ সেইবাবে এই পূজা বংগদেশত ব্যাপক আৰু সাৰ্বজনীনভাৱে মহাসমাৰোহেৰে অনুষ্ঠিত হৈ আহিছে৷ আমাৰ ব’হাগ বিহুৰ যি আনন্দ–উ২৬৩াস, উলহ–মালহ, প্ৰীতি আৰু মিলনৰ মধুৰ সমাবেশ, অপৰিমেয় উৎসাহ–উদ্দীপনাৰ স্বতঃস্ফূৰ্ত আৰু জীৱন্ত প্ৰকাশ, সেই সকলোখিনিয়েই দুৰ্গা পূজাৰ ক্ষেত্ৰতাে প্ৰযোজ্য৷ জাতীয় উৎসৱৰ যোগেদি একোটা জাতিৰ সাংস্কৃতিক জীৱনৰ একোটা সামগ্ৰিক পৰিচয় স্পষ্টভাৱেই প্ৰকাশিত হয়, দৈনন্দিন জীৱনৰ সাংস্কৃতিক জীৱনৰ একোটা সামগ্ৰিক পৰিচয় স্পষ্টভাৱেই প্ৰকাশিত হয়, জীৱনৰ ব্যথা–বেদনা, সুখ–দুখ আদি পৰিহাৰ কৰি মনৰ কলুষ–কালিমা, সংকীৰ্ণতা আঁতৰাই মানুহে জাতীয় বৃহৎ কল্যাণৰ উদ্দেশ্যেৰে জাতীয় উৎসৱসমূহত মিলিত হয়৷
বহু দেৱতাৰ সন্মিলিত শক্তিৰে গঢ়ি উঠা দেৱী দুৰ্গাই অপ্ৰতিৰোধ্য হৈ পৰা, দেৱতাক স্বৰ্গৰ পৰা খেদি পঠোৱা মহিষাসুৰক বধ কৰিছিল, দেৱতাক হেৰুওৱা স্বৰ্গ ওভতাই দিছিল৷ হয়তো আজি আৰু কোনেও দেৱী দুৰ্গাই প্ৰজাৰ দুৰ্গতি নাশ কৰিব বুলি আশা নকৰে৷ কিন্তু সন্মিলিত শক্তিৰে দুৰ্গতি নাশ কৰিব পাৰি বুলি এতিয়াও বেছিভাগ মানুহে বিশ্বাস কৰে৷ মানুহৰ সন্মিলিত শক্তিৰ সু–অভিপ্ৰায়ৰ প্ৰতি এতিয়াও বেছিভাগ মানুহৰে আস্থা আছে৷ যুগে যুগে দশভূজাৰ ৰূপ লৈ পৃথিৱীৰ কলুষতা মষিমূৰ কৰিবলৈ আৱিৰ্ভাব হওক একোজনী ’দুৰ্গা’ৰ৷ অসুৰৰূপী মানুহৰ হওক বিনাশ৷ শান্তিৰ চাকি জ্বলি উঠক চৌপাশে৷ তাৰেই কামনাৰে –
“যা দেৱী সৰ্ৱভূতেষু শক্তিৰূপেন সংস্থিতা৷
নমস্তসৈ নমস্তসৈ নমস্তসৈ নমো নমঃ৷’’ vv