
হে মুছলমান ভনীসকল..! আপুনি ভালদৰেই জানে যে প্ৰাক ইছলামী আৰু ইছলাম পৰিপূৰ্ণ হোৱাৰ পিছত আপোনাৰ স্থিতি কি আছিল, জাহিলী তথা প্ৰাক–ইছলামী যুগত নাৰীসকল আছিল নিপীড়িত, লাঞ্চিত আৰু সামাজিক সন্মানৰ পৰা বঞ্চিত৷ মহিলাসকলক অশুভ আৰু ঘৃণনীয় কাৰ্যৰ কাৰণ বুলি গণ্য কৰা হৈছিল৷ মহিলাসকলৰ শৰীৰ তেতিয়া কেৱল আৱেগিক সন্তুষ্টি আৰু মনোৰঞ্জনৰ বাবে বিবেচনা কৰা হৈছিল৷ বৈবাহিক আৰু পাৰিবাৰিক অধিকাৰৰ পৰাও বঞ্চিত কৰা হৈছিল মহিলাসকলক৷
কিন্তু ইছলামে দিলে মহিলাসকলক সন্মানৰ স্থান আৰু তেওঁলোকৰ অধিকাৰ ৰক্ষা কৰিলে৷ ইছলামৰ আগমন আছিল নাৰীৰ বাবে দাসত্ব, অপমান আৰু অত্যাচাৰৰ বান্ধোনৰ পৰা মুক্তিৰ বাৰ্তা৷ ইছলামে নাৰীৰ মানৱীয় মৰ্যাদা বিৰোধী সকলো কুৎসিত ৰীতি–নীতি নিৰ্মূল কৰি নাৰীক সমাজত পুৰুষে যি সন্মান পাব লাগে, সেই সন্মানৰ যোগ্য কৰি তুলিলে৷ ইছলামৰ আগত মহিলাসকলক জীৱিত অৱস্থাত সমাধিস্থ কৰা হৈছিল, (যিটো কেৱল সন্মান আৰু মানৱতাৰ বিৰোধী বেয়া প্ৰথাই নাছিল বৰঞ্চ সেয়া আছিল মানৱতাৰ হত্যা৷) ইছলামে এই ঘৃণনীয় প্ৰথাৰ পৰা মহিলাসকলক ৰক্ষা কৰিলে৷ ইছলামে এগৰাকী মহিলাৰ বাবে শিক্ষা আৰু জীৱিকাৰ অধিকাৰ নিশ্চিত কৰিলে৷ তেওঁ “ৱালি আল–আমৰ’’ৰ পৰা খাদ্য বস্তু, কাপোৰ, ঘৰ, শিক্ষা আৰু চিকিৎসাৰ সুবিধা লাভ কৰিব৷ জাহিলিয়া যুগৰ প্ৰাচীন বিবাহ, যিয়ে নাৰীক অপমান কৰিছিল, যিবোৰ আচলতে একপ্ৰকাৰ ব্যভিচাৰ আছিল, ইছলামে সেইবোৰ সকলো বাতিল কৰি নাৰীক সন্মান জনাইছিল৷ ইছলামে পুৰুষৰ লগতে মহিলাকো পৈতৃক সম্পত্তিৰ অধিকাৰ দিছে৷ তাই কেৱল নিজাববীয়াকৈ উপাৰ্জন কৰাই নহয় উত্তৰাধিকাৰী সূত্ৰে পোৱা সম্পত্তিৰ মালিকো হ’ব পাৰে৷
আজি মুছলমান মহিলাসকল নিজৰ কৰ্তব্যৰ প্ৰতি সম্পূৰ্ণ অজ্ঞাত কিয়?
হে মোৰ ভনী সকল! আপুনি নাজানে নে? ইছলামে কিদৰে নাৰীক সন্মানৰ স্থান আৰু মৰ্যাদা দিছে৷ গতিকে আল্লাহক ভয় কৰক, ইছলামৰ আদেশ পালন কৰক আৰু নিষেধাজ্ঞা মানি চলক, সতীত্ব ৰক্ষা কৰক আৰু হিজাবৰ বিষয়ত কঠোৰ হওক আৰু ভণ্ড, কাপুৰুষ আৰু নাস্তিকৰ জালত নপৰিব৷ তেওঁলোকে আপোনাৰ সুনাম আৰু নৈতিকতাক কলংকিত কৰি আপোনাক ধ্বংস কৰিব বিচাৰে৷
আল্লাহ তা–আলাই সকলো বাই–ভনীক তেওঁৰ নিজৰ আশ্ৰয়ত ৰাখক আৰু সকলোকে তেওঁৰ আজ্ঞা পালন কৰিবলৈ তৌফিক প্ৰদান কৰক! আমিন৷ আমিন
তথ্যসূত্ৰ ঃ সম্পূৰ্ণ প্ৰবন্ধটো প্ৰস্তত কৰিবলৈ ‘তাজকিৰা এ খাৱাতিন’ নামৰ উৰ্দু কিতাপৰ সহায় লোৱা হৈছে৷