
বৰ্তমান গোলাঘাট জিলাৰ সদৰ ঠাই গোলাঘাট নগৰৰ পৰা ৪ কিঃমিঃ পূৰ্বে অৱস্থিত কছাৰীহাট এক পুৰণি ঐতিহ্যপূৰ্ণ ঠাই৷ এসময়ত ঠাইডোখৰ কছাৰী ৰজাৰ অধীনত আছিল৷ তেতিয়া ইয়াত এখন হাট বা বজাৰ বহিছিল৷ তাৰ পৰাই অঞ্চলটোৰ নাম কছাৰীহাট হয়৷ পৰৱৰ্তী কালত এই ঠাই আহোম ৰজাৰ অধীন হয়৷ স্বৰ্গদেউ চুত্যাংফাৰ দিনত ইয়াত এক আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰ গঢ়ি উঠে৷ নগা, অঁকা, ডফলা আৰু কাৰ্বি আদি চুবুৰীয়া ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীৰ লোকৰ উপৰিও মণিপুৰ আৰু ম্যানমাৰৰ পৰাও মানুহ বজাৰলৈ আহিছিল৷ সেই সময়ত বিনিময় প্ৰথা প্ৰচলিত আছিল৷
বৰফুকনৰ খাট, ৰাঙলী আইদেউৰ মৈদাম, কছাৰীহাট তিনিআলিত অৱস্থিত ফাৰ্চী পঢ়া মছজিদ, কলীয়া ফকীৰৰ দৰগাহ আদি অঞ্চলটোৰ প্ৰাচীন ঐতিহ্যৰ বাহক৷ অঁকা আলিৰ দাঁতিত থকা আপীচৰ পুখুৰীৰ পাৰত এসময়ত তহচিলদাৰৰ অফিচ আছিল৷ কাষতে এটা ডাঙৰ পুখুৰী৷ কালক্ৰমত মানুহৰ মুখ বাগৰি অফিচৰ পুখুৰীৰ ঠাইত আপীচৰ পুখুৰী হ’ল৷ কছাৰীহাটৰ প্ৰধান বৈশিষ্ট্য হ’ল– সাম্প্ৰদায়িক সম্প্ৰীতি৷ আহোম ৰজাৰ দিনৰ পৰা হিন্দু–মুছলমান উভয় সম্প্ৰদায়ৰ লোকসকলে শ শ বছৰ ধৰি একেলগে মিলাপ্ৰীতিৰে বাস কৰি আহিছে৷ বিয়া–বাৰু, ধৰ্মীয় উৎসৱ আৰু ৰাজহুৱা কামত অংশীদাৰ হৈছে৷ বিপদৰ সময়ত ইঘৰে সিঘৰক সহায় কৰিছে৷ প্ৰতি বছৰ ধৰ্মপৰায়ণ মুছলমান লোকসকল আৰৱ দেশৰ মক্কালৈ হজ কৰিবলৈ যায়৷ তেওঁলোক ঘুৰি আহি ওচৰ চুবুৰীয়া হিন্দুসকলকো জম্জম্ পানী আৰু খেজুৰ খাবলৈ দিয়ে৷