
চহকী অতীত, চহকী ইতিহাস, চহকী পৰম্পৰা৷ যেনিয়েই চকু যায়, তেনিয়েই চহকী অতীতৰ মেটমৰা সম্ভাৰ৷ গৌৰৱময় ইতিহাসৰ স্বাক্ষৰ৷ গৌৰৱময় কামৰূপ৷ গৌৰৱময় অসম৷
এই কামৰূপ ভূ–খণ্ড সামৰি–সুতৰি থোৱা অলেখ ইতিহাসৰ বৰপেৰা৷ আনুমানিক খ্ৰীষ্টীয় দ্বিতীয়–তৃতীয় শতিকা মানৰ পৰাই কামৰূপৰ ইতিহাসৰ সোণালী যুগ আৰম্ভ হৈছিল৷ গঢ় লৈ ড ×ঠিছিল অনেক স্থাপত্য, মঠ–মন্দিৰ, উপাসনাস্থলী আদি৷ দূৰ্ভাগ্যজনক কথা এয়ে যে কালৰ সোঁতত এই প্ৰায়সমূহ ধ্বংসৰ গৰাহত পৰিছে আৰু আজিৰ তাৰিখত আমি তাৰে বহু কম সংখ্যকহে ভগ্নাৱশেষৰ ৰূপত দেখিবলৈ পাইছো৷ এতিয়াও হয়তো বহু ইতিহাস উদ্ধাৰ হ’বলৈ বাকীআছে৷
অসমৰ দৰঙ জিলাৰ পশ্চিম প্ৰান্তৰ মাহৰিপাৰা গাঁৱত গঢ়ি উঠা ৰূদ্ৰেশ্বৰ দেৱালয় এনে এক গৌৰৱময় ইতিহাসৰ উজ্জ্বল নিদৰ্শন৷ ঐতিহাসিক খটৰা সত্ৰৰ পৰাই যাৰ দুৰত্ব মাত্ৰ তিনি কিলোমিটাৰ আৰু বুৰঞ্জী প্ৰসিদ্ধ পথৰুঘাট বা পাথৰিঘাটৰ পৰা ইয়াৰ দুৰত্ব পাঁচ কিলোমিটাৰ আৰু দৰঙ জিলাৰ সদৰ মঙ্গলদৈৰ পৰাই মাত্ৰ পঁচিশ কিলোমিটাৰ৷ মঙ্গলদৈ–খৈৰাবাৰী পথত দুনী নামৰ সৰু ঠাইখন পাৰ হৈ মুলপথৰ পৰা প্ৰায় এক কিলোমিটাৰ সোমাই গ’লেই যোৱাৰ বাওঁফালে পথাৰৰ মাজৰ মন্দিৰটো চকুতপৰে৷ দুৰৈৰ পৰা সাধাৰণ যেন লগা মন্দিৰটোৰ ইতিহাস কিন্তু অসাধাৰণ৷ অসমৰ প্ৰাণকেন্দ্ৰ গুৱাহাটীৰ পৰা ইয়াৰ দুৰত্ব ৬০ কিলোমিটাৰ৷
এই দেৱালয় প্ৰথমে কোনে, কেতিয়া, কিয় স্থাপন কৰিছিল তাৰ কোনো প্ৰামাণিক তথ্য নাই যদিও ৰূদ্ৰেশ্বৰ আৰু নিকটবৰ্তী তাম্ৰেশ্বৰ দেৱালয়ৰ তাম্ৰফলি অনুযায়ী আৰn ¸অসম সাহিত্য সভাই১৯৬০খ্ৰীষ্টাব্দত প্ৰকাশ কৰা ড॰ মহেশ্বৰ নেওগৰ দ্বাৰা সংকলিত–সম্পাদিত গ্ৰন্থ ‘পবিত্ৰ অসম’ত উল্লেখ থকা অনুযায়ী আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজত্বকালত অৰ্থাৎ ১৭০৮ খ্ৰীষ্টাব্দ বুলি কোৱা হৈছে৷
জনপ্ৰবাদ মতে বহু বছৰ আগতে মাহৰিপাৰা অঞ্চলত এক গভীৰ অৰণ্যই আঁৱৰি আছিল আৰু সেই গহীন অৰণ্যৰ মাজত প্ৰাকৃতিকভাবেই এক শিৱ লিঙ্গ আৱিৰ্ভাৱ হৈছিল৷ সেইদিনাৰ পৰাই এজনী গাই গৰু এই ঠাইলৈ যায় আৰু তাইৰ ওহাৰৰ পৰা এই শিৱলিঙ্গৰ ওপৰত আপোনা–আপুনি গাখীৰ পৰে৷ এক বিশেষ ¸দিনত এজন সন্নাসীয়ে ঈশ্বৰৰ স্বপ্নাদেশ লাভ কৰি গাঁৱৰ মানুহক জানিবলৈ দিয়ে আৰু সেই ঠাইত এটি মন্দিৰ নিৰ্মাণ কৰে৷
স্থানীয় ৰাইজে এই বিষয়ে সেই সময়ৰ দৰঙী ৰজা স্বগ ৰ্নাৰায়ণক অৱগত কৰাত তেওঁ আহোম ৰজা গৌৰীনাথ সিংহৰ আদেশানুক্ৰমে ১৭০৮ শকত এই মন্দিৰৰ নিমিত্তে ১৬০ পূৰা মাটি দান কৰে৷ মন্দিৰ চৌহদত উদ্ধাৰ হোৱা এক তামৰ ফলিত এই ইতিহাস লিপিবদ্ধ কৰা আছে৷ বৰ্তমানে এই তামৰ ফলি ৰাজ্য চৰকাৰৰ তত্ত্বাবধানত ৰাজ্যিক সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে৷ ৰাজপ্ৰদত্ত এই দেৱালয়ৰ নিষ্কৰ ভূমি পৰ্যায়ক্ৰমে নিষ্পিখেৰাজ ভূমিলৈ ৰূপান্তৰিত হয়৷ ১৯৬৮ চনৰ চৰকাৰৰ ধৰ্মানুষ্ঠান আইন অনুসৰি আৰু আ১. আ১. টি/২৭/৬৮/৪৯ দিনাংক ০৮.০৫.১৯৬৮ নম্বৰৰ ৰাজপত্ৰ অধিসূচনা মৰ্মে এই ভূমি চৰকাৰে অধিগ্ৰহণ কৰে আৰু ১৯৭২ চনত ইয়াৰ ৰায়তসকলক ৰায়তী স্বত্ব প্ৰদান কৰে৷ বৰ্তমানে এই দেৱালয়ৰ প্ৰকৃত ভূমিৰ পৰিমাণ ২৮ বিঘা, ৩ কঠা, ১২ লেচা৷
আনহাতে এই স্থানত উদ্ধাৰ হোৱা কিছু পৌৰাণিক কীৰ্তিচিহ্ন, ভাস্কৰ্য, বিভিন্ন ভগ্নাৱশেষ আদিৰ পৰা এই স্থানত বহু আগতেই কোনো মঠ–মন্দিৰ স্থাপন হৈছিল বুলি ভবাৰ থল আছে৷ কিয়নো অসম নামৰ এই ভূখণ্ডত বহু আগতেই অলেখ মঠ–মন্দিৰ আদি স্থাপন কৰা হৈছিল বুলি ইতিহাসে কয়৷ উদ্ধাৰ হোৱা বিভিন্ন যুগৰ শিল্প–কলাৰ নিদৰ্শনে আমাৰ এই বিষয়ে সকিয়াই দিয়ে৷ মাহৰিপাৰাও ইয়াৰ ব্যতিক্ৰম নহয়৷
অসমৰ বিভিন্ন ঠাইৰ দৰে মাহৰিপাৰাৰ এই অঞ্চলতো উদ্ধাৰ কৰা হৈছে কিছু পৌৰাণিক কীৰ্তিচিহ্ন৷ ইয়াতে উদ্ধাৰ হোৱা এটা শিৱলিঙ্গ খ্ৰীষ্টীয় দশম–একাদশ শতিকা বা তাৰো আগৰ বুলি পুৰাতত্ত্ব বিভাগৰ তথ্যত প্ৰকাশ৷
পুৰাতাত্বিক দিশৰ পৰা এই ঠাইডোখৰ যথেষ্ট গুৰুত্বপূৰ্ণ৷ ইতিমধ্যেই বিভাগে এই স্থান ২০১১–১২ বৰ্ষত নিজৰ আয়ত্বলৈ আনি সংৰক্ষণৰ ব্যৱস্থা কৰিছে৷ মুল স্থানৰ চৌপাশে দেৱাল নিৰ্মাণেৰ চৌহদটো সম্পূৰ্ণ কৰি তুলিছে৷
অসমৰ প্ৰায়বোৰ ঠাইৰ নামৰ দৰেই এই গাওঁখনৰ নাম মাহৰিপাৰা হোৱাৰো এক কাহিনী মানুহৰ মুখে মুখে চলি আহিছে৷ লোকবিশ্বাস অনুসৰি দেৱাদিদেৱ শিৱৰ পত্নী পাৰ্বতীক মা আৰু দেৱাদিদেৱ শিৱক হৰি বুলিও জনা যায়৷ পাৰা হ’ল আবাসস্থল৷ প্ৰবাদ অনুসৰি একালত এই স্থানত পাৰ্বতী আৰn ¸শিৱ (মা আৰn ¸হৰি)ই বাস কৰিছিল আৰু পৰবৰ্তী কালত তেওঁলোকৰ নাম অনুসৰি এই গাওঁখনৰ নাম মাহৰিপাৰা হোৱা বুলি স্থানীয় লোকে বিশ্বাস কৰে৷ আৰু কালক্ৰমত দেৱাদিদেৱ শিৱৰ প্ৰতি সমৰ্পিত এই দেৱালয়ৰ নাম হৈ পৰে ৰূদ্ৰেশ্বৰ দেৱালয়৷
কিছু বছৰ আগতে মন্দিৰ নতুনকৈ নিৰ্মাণ কৰাৰ বাবে ঠাই পৰিষ্কাৰ কৰাৰ সময়ত ইয়াতে কিছু প্ৰাচীন সামগ্ৰী তথা কিছু ভগ্নাৱশেষ তথা বিভিন্ন শিল্পকৰ্মসমৃদ্ধ শিলাখণ্ড উদ্ধাৰ হয়৷ এতিয়াৰ মুল মন্দিৰৰ বাওঁফালে এটা সৰু সংগ্ৰহালয় সাজি এইসমূহ তাত সংৰক্ষণ কৰা হৈছে৷ তাৰে ভিতৰত দুটা সৰু আচিনাকি মানৱ মূৰ্তি আছে৷ আৰু আছে কিছু প্ৰাচীন শিল্পকৰ্মৰ চিহ্ন থকা শিলাখণ্ড৷ ২০০২–০৩ বৰ্ষত মন্দিৰৰ নব–নিৰ্মিত ভৱন নিৰ্মাণৰ বাবে খনন কাৰ্য চলাওতে এই স্থানতে উদ্ধাৰ হৈছিল এক নলাৰ আকৃতিৰ স্থাপত্য ভাবিব পাৰি, এই স্থানত ভালদৰে খনন কাৰ্য চলালে হয়তো প্ৰাচীন অসমৰ আৰn ¸বহু কীৰ্তি চিহ্নৰ লগতে অনেক অজানা তথ্য উদ্ধাৰ হ’ব আৰn ¸আমি আমাৰ পূৰ্ব পুৰুষৰ বিষয়ে আৰn ¸অধিক নজনা কথা জানিব পাৰিব৷
মুল মন্দিৰ তথা ৰূদ্ৰেশ্বৰ দেৱালয় মুখ্য আকৰ্ষণ প্ৰাচীন অসমৰ ভাস্কৰ্য শিল্পৰ সুন্দৰ নিদৰ্শন এটি বিষ্ণুৰ সুন্দৰ মূৰ্তি৷ অভিজ্ঞ হাতৰ নিখুঁত কাম৷ কোনো অভিজ্ঞ শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠি এই শিলাখণ্ডই পালন কৰ্তা বিষ্ণুৰ ৰূপ লৈছিল৷ এই ভাস্কৰ্যক বৰ্তমান মুল মন্দিৰৰ গৰ্ভগৃহত স্থাপন কৰা হৈছে৷ ইয়াৰ লগতে আছে শালগ্ৰাম, শিৱ আৰn ¸দুৰ্গাৰ যুগল মূৰ্তি, কালীৰ মূৰ্তি, লাৰুৱা গোঁসাই বা কৃষ্ণৰ মূৰ্তি৷ সম্পূৰ্ণ অক্ষত অৱস্থাত থকা এই কেইবা শ বছৰ শিৱ লিঙ্গ আৰু পুৰণি ভাস্কৰ্যসমূহ দেৱালয় কৰ্তৃপক্ষই বৰ সুন্দৰভাবে সংৰক্ষণ কৰিছে৷
দূৰ্ভাগ্যজনক কথা এই যে এই দেৱালয়ৰ পৰা ২০০৫–০৬ বৰ্ষত কিছু আপুৰুগীয়া সামগ্ৰী চুৰি হয়৷ মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক শ্ৰীযুত ভাস্কৰ শৰ্মাদেৱে জানিবলৈ দিয়া মতে বহুসংখ্যক ঐতিহাসিক সামগ্ৰী চোৰে লৈ গুচি যায়৷ যাৰ ফলত এই প্ৰজন্মৰ লগতে আহিবলগীয়া প্ৰজন্মই এই ঐতিহাসিক সামগ্ৰীসমূহৰ বিষয়ে বিশদভাৱে জনাৰ পৰা বঞ্চিত হ’ল৷
ৰূদ্ৰেশ্বৰ মন্দিৰৰ গৰ্ভগৃহৰ আৰn ইয়াতে প্ৰতিষ্ঠিত শিৱ লিংগসমূহ বাহিৰৰ মজিয়াতকৈ বহুত তলত স্থাপিত৷ কিহৰ বাবে এনে কৰা হৈছিল সেইয়া অজ্ঞাত৷
দেৱাদিদেৱ শিৱৰ প্ৰতি সমৰ্পিত এই দেৱালয়ত মূলত শিৱৰ পূজা–অৰ্চনা হয় যদিও আনদেৱতাৰো উপাসনাৰ ব্যৱস্থা ইয়াতে আছে৷ গৰ্ভগৃহত স্থাপিত শিৱ লিংগৰ ওচৰত নিয়মীয়া পূজা পাতল হয়৷ পূজাৰীৰ বাহিৰে গৰ্ভগৃহত আন লোকৰ প্ৰবেশ নিষেধ৷ মুল মন্দিৰৰ বাহিৰত ভক্তসকলৰ বাবে বন্তি প্ৰজ্বলনৰ ব্যৱস্থা আছে৷ মূল মন্দিৰৰ ভিতৰত একমাত্ৰ ঘিঁউৰ চাকি জ্বলোৱা হয়৷
কথিত আছে যে প্ৰাচীন কালত নিকটবৰ্তী তাম্ৰেশ্বৰ মন্দিৰৰ সৈতে ৰূদ্ৰেশ্বৰ মন্দিৰৰ ভূগৰ্ভৰ কোনো পথেৰে যোগাযোগ আছিল৷ এটা মন্দিৰত হোৱা সমস্ত পূজা–অৰ্চনা নিকটবৰ্তী আনটো মন্দিৰত দৃশ্যমান হৈছিল৷ এই সংযোগৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই৷
উল্লেখ কৰিব পাৰি যে, শিৱৰাত্ৰি, দুৰ্গাপূজা আদিৰ লগতে গোটেই বছৰ জুৰি এই মন্দিৰত বিভিন্ন পূজা–পাতল, উৎসৱ–পাৰ্বনৰ আয়োজন কৰা হয়৷ অসমীয়া দিনপঞ্জী অনুসৰি বহাগ মাহৰ ২ তাৰিখৰ দেউল উৎসৱেৰে বছৰেকীয়া কাৰ্যসূচী আৰম্ভ হয়৷ দেউল উৎসৱ অসমৰ ভিতৰত একমাত্ৰ দৰং জিলাতেই উদ্যাপিত হয়৷
এই দেউল মুলতঃ বিষ্ণুৰ আৰাধনা যদিও ইয়াৰ কিছু বাণিজ্যিক গুৰুত্বও আছে৷ কোনো ঠাইত এই দেউল আধ্যাত্মিকতাৰ লগতে মেলামুখী হোৱাও দেখা যায় বা কোনো কোনো ঠাইত এদিনতকৈ বেছিকৈ উদ্যাপিত হয়৷ বা কোনো কোনো ঠাইত এই দেউল মেলামুখী হোৱাৰ পৰিবৰ্তে আধ্যাত্মিকতাৰেও উদ্যাপন কৰা হয়৷
জেঠ মাহৰ অমাবস্যাত গঞাৰ উপস্থিতিত নিশা গোঁসাইক ভোগ দিয়া অনুষ্ঠানত নখন পাতত ভোগ আগবঢ়োৱা হয়৷ একে মাহৰেই পূৰ্ণিমা তিথিত সত্যনাৰায়ণ পূজাৰ আয়োজন কৰা হয়৷ কাতি আৰু আঘোণ মাহৰ দোমাহীৰ নিশা শিৱ আৰু দুৰ্গাৰ আৰাধণাৰ বাবে জাগাৰ পূজা অনুষ্ঠিত হয়৷ গোটেই নিশা অনুষ্ঠিত এই অনুষ্ঠানত ছিপাঝাৰৰ ব্যাসপাৰাৰ শিল্পীসকলে সন্ধিয়াৰ পৰা ৰাতিপুৱালৈকে ব্যাসৰ ওজাপালি পৰিৱেশন কৰাৰ এক পৰম্পৰা প্ৰচলিত হৈ আহিছে৷ ফাগুন মাহত শিৱৰাত্ৰি এই দেৱালয়ত বৰ ধুম–ধামকৈ অনুষ্ঠিত কৰা হয়৷ আনহাতে ফাঁকুৱা বা দৌল উৎসৱৰ দিনা শ্ৰীকৃষ্ণ বা লাৰুৱা গোঁসাইৰ বিগ্ৰহৰ মন্দিৰৰ ভিতৰৰ পৰা উলিয়াই আনি মন্দিৰৰ বাহিৰৰ বিশেষ বেদীত স্থাপন কৰি পূজা কৰা হয়৷ এটা সময়ত এই দেৱালয়ত শাৰদীয় দুৰ্গাপূজা অনুষ্ঠিত কৰা হৈছিল৷ পিছলৈ বিশেষ কোনো কাৰণত শাৰদীয় দুৰ্গাপূজাৰ পৰিবৰ্তে বসন্তকালত অনুষ্ঠিত বাসন্তী পূজাৰ অষ্টমী তিথিত এদিনীয়াকৈ চণ্ডী পাঠেৰে এই পূজা সম্পন্ন কৰা হয়৷ তাৰ পিছত চ’তৰ শেষত মুল মন্দিৰৰ বাওঁফালে ৰূদ্ৰসাগৰ পুখুৰীৰ পাৰত মনসা মন্দিৰত দূদিনীয়াকৈ মনসা পূজাৰ আয়োজন কৰা হয়৷
ৰূদ্ৰেশ্বৰ মন্দিৰৰ চৌহদৰ বাহিৰত বাওঁফালে প্ৰাচীন কালতে নিৰ্মিত দুটা বৃহত পুখুৰী আছে৷ সম্ভৱতঃ এই দুয়োটা পুখুৰী একালৰ ৰজা আৰিমত্তই পিতৃ হত্যাৰ প্ৰায়শ্চিত্তৰ বাবে ব্ৰাহ্মণসকলৰ পৰামৰ্শ অনুসৰি খন্দা এক কাউন (১৬০০) পুখুৰীৰ অন্তৰ্গত৷
বৰ্তমান তাৰে এটা সুন্দৰকৈ সংৰক্ষণ কৰাৰ বিপৰীতে আনটো সংক্ষণৰ বাবে ব্যৱস্থা লোৱাৰ প্ৰয়োজন আহি পৰিছে৷ প্ৰায় ১২ বিঘা মাটিত বিস্তৃত প্ৰথম পুখুৰীটোক ১৯৮৭ চনৰ পৰা ৰুদ্ৰসাগৰ নামেৰে নামকৰণ কৰা হয়৷ আৰু আজি কিছু বছৰ আগৰ পৰা মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত ইয়াতে মীন পালন কৰা হয়৷
১৯৮৭ চনৰ আগলৈকে বুঢ়াপুখুৰী নামেৰে প্ৰসিদ্ধ এই পখুৰীটো চৰকাৰী অনুদানৰ সহায়ত এক নতুন ৰূপ দিয়া হয় আৰু স্থানীয় মাহৰিপাৰা সাঁতোৰ সংঘৰ দ্বাৰা প্ৰথমে জিলাভিত্তিত আৰু পিছলৈ মাহৰিপাৰা যুৱক সাতোৰ সংঘৰ দ্বাৰা সদৌ অসম ভিত্তিত জলক্ৰীড়াৰ আয়োজন কৰা হয়৷ মুল মন্দিৰৰ গাতে লাগি থকা আন এটা সৰু পুখুৰী আছে৷
এই পুখুৰীবোৰৰ সৈতে বিভিন্ন লোক কথা সাঙোৰ খাই আছে৷ যেনে – ইয়াৰ ওচৰে–পাজৰে গাঁওবোৰত দেখা দিয়া বেমাৰ–আজাৰত পীড়িত ব্যক্তিয়ে ভক্তিভাবেৰে এই পুখুৰীৰ পানী সেৱন কৰিলে বেমাৰ–আজাৰৰ পৰা পৰিত্ৰাণ পাইছিল৷ কালক্ৰমত এনে লোক কথা বা কাহিনীবোৰ মানুহৰ মুখৰ পৰা ক্ৰমাৎ আঁতৰি গৈ আছে৷
বিভিন্ন ঠাইৰ সৈতে স্থাপন হোৱা উন্নত যোগাযোগ তথা যাতায়ত ব্যৱস্থাই বিভিন্ন ঠাইৰ ভক্ত তথা দৰ্শনাৰ্থীক ইয়ালৈ অহাৰ বাবে অধিক সূচল কৰি তুলিছে, যাৰ ফলত বছৰৰ প্ৰায় প্ৰত্যেক দিনেই ইয়াত ভক্ত তথা দৰ্শনাৰ্থীৰ সমাগম থাকে৷
মাহৰিপাৰা, হৰিপুৰ, কমাৰগাওঁ, কেন্দুগুৰি, ডুনী, ডিপিলা, ভেৰুৱা, দগীয়াপাৰা, টেঙেৰা আৰু ভকতপাৰা ধৰি মুঠ দহখন গাঁৱৰে পৰিবেষ্টিত এই দেৱালয় দৰঙ জিলাৰ ইতিহাসৰ এক অন্যতম কেন্দ্ৰস্থল বুলি ভাবিব পাৰি৷
একেসময়তে, ঐতিহাসিক তখা পূৰাতাত্ত্বিক দিশৰ পৰা গুৰুত্বপূৰ্ণ এনে এখন ঠাইৰ প্ৰণালীবদ্ধ অধ্যয়ন চৰ্চা আৰn ¸গৱেষণাৰ দ্বাৰাহে ইয়াৰ প্ৰকৃত ৰহস্য তথা ইতিহাস উন্মোচিত কৰিব পৰা হ’ব৷ যাৰ ফলত অসমৰ ইতিহাসে বিশ্বৰ পথাৰত এক নতুন মাত্ৰা লাভ কৰিব৷
আনহাতে এনে এক ঐতিহাসিক স্থানৰ শুদ্ধ অধ্যয়ন আৰু প্ৰচাৰে এই স্থানলৈ যথেষ্ট সংখ্যক পৰ্যটক আকৰ্ষিত কৰাৰ লগতে ৰাজ্যৰ ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰতো কিছু পৰিমাণে সহায়ক হ’ব বুলি ভাবিব পাৰি৷ vv