
কৈশোৰ অৱস্থাটো মানৱ জীৱনৰ এক স্পৰ্শকাতৰ সময়৷ দৈহিক, মানসিক তথা সামাজিক আবেগিক পৰিৱৰ্তনৰ উচ্চসীমা এইখিনি সময়তে স্পৰ্শ কৰে৷ এই সংঘাতৰ সময়খিনি পাৰ হোৱাটো যথেষ্ট কঠিন৷ কৈশোৰ অৱস্থাত ভৰি দিয়াৰ লগে লগে এজন ব্যক্তিৰ মানসিক, বৌদ্ধিক আৰু আবেগিক ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন আহে৷ এইখিনি সময়ত কিশোৰ এজনে ঘৰুৱা পৰিৱেশৰ পৰা ওলাই গৈ বন্ধু মহলত নিজৰ এক সুকীয়া পৰিচয় ডাঙি ধৰিব বিচাৰে৷ মনোবিজ্ঞানী এৰীক এৰীকচনে মানুহৰ মনো–সামাজিক বিৱৰ্তনক মুঠ আঠটা স্তৰত ভাগ কৰিছে৷ কৈশোৰ অৱস্থাৰ এই স্তৰটো হৈছে পৰিচয় বনাম চৰিত্ৰ ধুসৰতা৷ প্ৰত্যেকটো স্তৰতে কিছুমান মানসিক বাধা আহে, যিয়ে এই বাধা অতিক্ৰম কৰিব পাৰে, তেৱেঁই মানসিকভাৱে সুস্থ৷ এই সময়ত ব্যক্তি এজনে মনৰ বিভিন্ন দুৱাৰ খুলি দিয়ে, নিজকে কোনোবা নায়ক অথবা সঙ্গীতজ্ঞ বা ৰাজনৈতিক নেতাৰ অনুগামী হিচাবে পৰিচয় বিচাৰে৷ কিছুমান কিশোৰে এই অনুগামিত্বতে বিলীন হৈ যায় আৰু নিজৰ পৰিচয় বিচাৰি নাপায়৷ কিন্তু যিসকল কিশোৰৰ বন্ধু মহলত একাত্মতা আছে, নিজকে অন্যান্য কৰ্মত নিয়োগ কৰি ৰাখে, তেওঁলোকে আদৰ্শ চৰিত্ৰত বিলীন হৈ নাযায়৷ তাৰ বিপৰীতে যিসকল কিশোৰে বন্ধুমহলত সমাদৃত নহয় তেওঁলোক আদৰ্শ চৰিত্ৰত বিলীন হৈ যায় আৰু নিজৰ আত্ম পৰিচয় দাঙি ধৰাত বিফল হয়৷ এওঁলোকে আবেগজনিত অথবা মানসিক সমস্যাত ভোগে৷ কাম কাজ, চিন্তাধাৰাত স্বনিৰ্ভৰশীলতা বিচাৰে, চিন্তাধাৰাৰ বিকাশ ঘটে, বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পায়৷ বহুক্ষেত্ৰত অভিভাৱক, শিক্ষক–শিক্ষয়িত্ৰীৰ লগত সংঘাত হয়৷ পৰিয়ালৰ স্বীকৃতিতকৈ বন্ধু মহলৰ স্বীকৃতিয়ে আগস্থান পায়৷ মনে কোনো বাধা মানিব নোখোজে, চিন্তাধাৰাত যুক্তি–যুক্ততা বৃদ্ধি পায়৷ এইসমূহৰ পৰিৱৰ্তনৰ মাজেৰে গতি কৰি কিশোৰ এজনে এক স্বকীয় পৰিচয় লাভ কৰে, নিজা এক ব্যক্তিত্ব গঢ় দি প্ৰাপ্তবয়স্ক লৈ ৰূপান্তৰ ঘটে৷
কিন্তু বৰ্তমান সময়ত কিশোৰ–কিশোৰীৰ মাজত অপৰাধ প্ৰৱণতা যথেষ্ট বৃদ্ধি পাইছে৷ ইয়াৰ মূল– কাৰণসমূহ হৈছে ৰ) অভিভাৱক সকলৰ সন্তানৰ প্ৰতি হোৱা সময় আৰু মনোযোগিতাৰ অভাৱ৷ নিসংগতাই কিশোৰ এজনৰ মনত বাৰুকৈয়ে নেতিবাচক প্ৰভাৱ পেলাব পাৰে৷ ২) সমাজখন ব্যক্তিকেন্দ্ৰিক হৈ পৰাটোও কিশোৰসকলৰ মাজত পৰোক্ষভাবে অপৰাধ প্ৰৱণতাৰ জন্ম দিব পাৰে৷ ৩) বন্ধুমহলৰ প্ৰভাৱেও কিশোৰ এজনৰ মনত অপৰাধ প্ৰৱণতা জগাই তুলিব পাৰে৷ তেওঁ যদি সকলোৱে সময়তে মদ ভাং সেৱন কৰা বন্ধুৰে পৰিৱেষ্টিত হৈ থাকে তেন্তে তেওঁৰ মানসিকতাও তেনে হোৱাটো স্বাভাৱিক৷ ৪) আধুনিক বিলাসিতাপূৰ্ণ জীৱনৰ লগত ফেৰ মাৰিবলৈ গৈ দুখীয়া শ্ৰেণীৰ কিশোৰসকলে অনৈতিক কাৰ্যত লিপ্ত হোৱা দেখা যায়৷ প্ত) বৰ্তমান সময়ত মোবাইল ফোনৰ সঠিক ব্যৱহাৰ নজনাৰ ফলটো কিশোৰসকল বিপথে যোৱা দেখা গৈছে৷ ইণ্টাৰনেটৰ জগতখনত যিসকলে বেয়া দিশটো আঁকোৱালি লৈছে, তেওঁলোকে লাহে লাহে এখন নিষিদ্ধ পৃথিৱীত ভৰি দিছে৷ ৬) কেতিয়াবা অভিভাৱক সকলেও প্ৰতিযোগিতাৰ অত্যধিক বোজা সন্তানৰ মূৰত জাপি দি সিহঁতক মানসিকভাৱে অস্থিৰ কৰি তুলিছে৷ এনে পৰিৱেশত কিশোৰ এজনে সহজতেই অনৈতিক কাৰ্যৰ প্ৰতি ঢাল খাব পাৰে৷ শিশু অৱস্থাৰপৰা আমি অভিভাৱকসকলে কেনেকুৱা মানসিক পুষ্টি যোগাইছো, ইয়ে ব্যক্তি এজনৰ মানসিকতা নিৰ্ণয় কৰে৷ আজিৰ প্ৰতিযোগিতাৰ যুগত শিশু এটি ছাত্ৰ হোৱাৰ পিছৰপৰাই আজৰি সময় নোহোৱা হয়৷ ঘৰ, স্কুল, টিউচন বৃত্ত এটাৰ ভিতৰতে ছাত্ৰজীৱন ঘূৰ্ণীয়মান৷ যিখিনি আজৰি সময় পায় অনলাইন ক্লাছ, মোবাইল, টিভি লৈ ব্যস্ত থাকে৷ কিশোৰ এজনৰ মানসিক বিকাশত সামাজিকীকৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ শিক্ষকসকলেও বিদ্যালয়ত তীক্ষ্ণ মেধা ছাত্ৰসকলৰ লগতে পঢ়া–শুনাত দুৰ্বল ছাত্ৰ–ছাত্ৰীসকলকো গুৰুত্ব দিয়া উচিত৷ পিতৃ–মাতৃৰ ব্যৱহাৰ কৰ্তৃত্বশীল হোৱাৰ লগতে বন্ধুভাবাপূৰ্ণ আৰু সহযোগিতামূলক হোৱাটো দৰকাৰ৷ মাৰপিট খং ঠাট্টা–মস্কৰা কৰি জেদি কৰি তোলাতকৈ কিশোৰ এজনৰ লগত মুক্ত আৰু যুক্তিপূৰ্ণভাবে সকলো কথা আলোচনা কৰিব লাগে৷ vv