ডেংগুৰপৰাকেনেকৈপৰিত্ৰাণপাবপাৰি? (দেবৰ্ষিগৌতম) – Purbodix.com

ডেংগুৰপৰাকেনেকৈপৰিত্ৰাণপাবপাৰি? (দেবৰ্ষিগৌতম)

দেবৰ্ষি গৌতম

 

বৰ্তমান সময়ত অৰ্থাৎ গৰম আৰু বাৰিষাৰ সময় অহাৰ লগে লগে সকলো মানুহৰ দেহত ঠাণ্ডাৰ তুলনাত অধিক বেমাৰৰ লক্ষণে দেখা দিয়ে৷ ইয়াৰ ভিতৰত কিছুমান লোকৰ সাধাৰণ পানীলগা জ্বৰ হয় তাৰ বিপৰীতে কিন্তু কিছুমান লোক অন্য বহু গুৰুতৰ ৰোগত আক্ৰান্ত হয়৷ এনেকুৱা গুৰুতৰ ৰোগসমূহৰ ভিতৰত ডেংগু ৰোগটো অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে৷ মানুহৰ নিজৰ অসাৱধানতা আৰু গুৰুত্বহীনতাৰ বাবে ডেংগু ৰোগটোৱে মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে৷ ডেংগু মানুহৰ দেহলৈ কেনেকৈ বিয়পিব পাৰে সেই বিষয়ে আমাৰ সম্যক জ্ঞানখিনি থকাটো অতিকৈ প্ৰয়োজনীয়৷ ডেংগু যাতে আমাৰ দেহলৈ বিয়পিব নোৱাৰে তাৰ ক্ষেত্ৰতো আমি নিজৰ লগতে সমাজত সচেতনতা বৃদ্ধি কৰিব লাগে যাতে সকলোৱে এই বেমাৰৰ পৰা বাছি থাকিব পাৰে৷ ইয়াৰ উপৰিও যদি কোনোবা ব্যক্তি এই ৰোগত আক্ৰান্ত হয় তেনেহলে তাৎক্ষণিক ভাৱে চিকিৎসকৰ ওচৰলৈ যাব লাগে৷ সাধাৰণতে বছৰৰ প্ৰতিটো ঋতুতে ডেংগুৰ প্ৰভাৱ আমি দেখিবলৈ নাপাওঁ৷ বিশেষকৈ বাৰিষা সময়ত ডেংগুৰ প্ৰভাৱ বেছি হয়৷ মাইকী এডিছ মহে মানুহক কামুৰিলে মানুহৰ দেহত ডেংগু ৰোগৰ সংক্ৰমণ আৰম্ভ হয়৷ মাইকী এডিছ মহে এগৰাকী ডেংগু সংক্ৰমিত লোকক কামোৰাৰ পিছত আকৌ যদি আন এগৰাকী লোকক কমোৰে তেনেহলে সেই ব্যক্তিগৰাকীও ডেংগু ৰোগত আক্ৰান্ত হব৷ ডেংগু ৰোগ এডিছ মহে এগৰাকী ব্যক্তিৰ দেহৰ পৰা আন এগৰাকী ব্যক্তিৰ দেহলৈ বিয়পাব পাৰে যাৰ ফলত ডেংগু ৰোগবিধ অতি দ্ৰুত গতিত সংক্ৰমিত হয়৷ যদি ঘৰত ডেংগু সংক্ৰমিত লোক ঘৰত থাকে তেনেহলে সেই ব্যক্তিগৰাকীক অধিকাংশ সময় আঁঠুৱাৰ তলত ৰাখিব লাগে যাতে এডিছ মহে তেওঁক কামুৰি আকৌ আন ব্যক্তিৰ দেহলৈ এই ৰোগ বিয়পাব নোৱাৰে৷ মাইকী এডিছ মহৰ সাধাৰণতে বসতিস্থল হল জমা হৈ থকা চাফা পানী৷ জমা হৈ থকা চাফা পানীত এইবিধ মহে কণী পাৰে আৰু ইয়াৰ পৰাই এডিছ মহৰ বংশ বৃদ্ধি হয়৷ মাইকী এডিছ মহ বিধে সাধাৰণতে দিনৰ পোহৰত মানুহক কামোৰাৰ উপৰিও ৰাতিও পোহৰ থকাত ঠাইত কামোৰাৰ সম্ভাৱনা থাকে৷  সাধাৰণ মহ অথবা এডিছ মহ কোনটো সাধাৰণতে চিনাক্ত কৰাটো মানুহৰ বাবে অতিকৈ জটিল৷ গতিকে এই ৰোগৰ পৰা বাছি থাকিবলৈ লে সাৱধানতা অবিহনে অন্য কোনো গত্যান্তৰ নাই৷ ইয়াৰ উপৰিও আমি ডেংগু ৰোগৰ পৰা বাছি থাকিবলৈ লে ঘৰৰ ওচৰেপাজৰে পানী জমা হৈ থকা সকলো বস্তু আঁতৰাই ৰাখিব লাগিব যাতে এডিছ মহে কণী পাৰিব নোৱাৰে৷ ৰাতি আৰু দিনত শোৱাৰ সময়ত আঁঠুৱা তৰি শুব লাগিব৷  কোনো লোকক মাইকী এডিছ মহে কামোৰাৰ পিছত যেতিয়া ডেংগু সংক্ৰমণ হয় তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে৷ ডেংগু সংক্ৰমিত লোক সকলৰ দেহত জ্বৰ উঠে৷ জ্বৰৰ লগত প্ৰচণ্ড মূৰৰ বিষ হোৱাৰ উপৰিও গাঁঠি সমূহত বিষ অনুভৱ হয়৷ লগতে চকুৰ পতাত বিষ অনুভৱ হয়৷ এনেকুৱা ধৰণৰ লক্ষণে কোনো মানুহৰ দেহত দেখা দিয়াৰ লগে লগে চিকিৎসিকৰ ওচৰলৈ যাব লাগে আৰু পৰ্যাপ্ত চিকিৎসা গ্ৰহণ কৰিব লাগে৷ ডেংগু সংক্ৰমিত লোকসকলৰ দেহত তেজত থকা প্লেটলেট নামৰ এটা বস্তু অতি দ্ৰুত গতিত কমি যায় যাৰ ফলত এগৰাকী ব্যক্তিৰ দেহৰ পৰা ৰক্তক্ষৰণৰ সম্ভাৱনা অধিক প্ৰকট হৈ উঠে৷ অৰ্থাৎ ডেংগু সংক্ৰমণ হোৱা ব্যক্তি এগৰাকী যিমানে চিকিৎসা অবিহনে থাকে সিমানে সেই ব্যক্তি গৰাকীৰ দেহত ৰক্তক্ষৰণ প্ৰতিৰোধ ক্ষমতা লাহে লাহে কমি আহে যাৰ ফলত ব্যক্তিগৰাকীৰ স্বাস্থ্য দ্ৰুত গতিত অৱনতি হবলৈ আৰম্ভ কৰে৷ যদি প্ৰথম অৱস্থাত ডেংগু সংক্ৰমিত লোকে চিকিৎসা গ্ৰহণ নকৰে তেনেহলে তেনেকুৱা লোকৰ দেহৰ যিকোনো স্থানৰ পৰা যেনেনাক, চকু, কান আদিৰ পৰা ৰক্তক্ষৰণ হোৱাৰ সম্ভাৱনা থাকে৷ আচলতে সামাজিক সচেতনতাৰ অভাৱৰ বাবে ডেংগু সংক্ৰমিত বহু লোকে মৃত্যু মুখত পৰে৷ যদি নিজে সচেতন হৈ ডেংগুৰ লক্ষণ দেহত দেখা দিয়াৰ লগে লগে চিকিৎসকৰ ওচৰলৈ যায় তেনেহলে অতি কম সময়ৰ ভিতৰত এই ৰোগ বিধৰ পৰা পৰিত্ৰাণ পাব পাৰি৷ যিহেতু এতিয়াও আমাৰ দেশ আৰু ৰাজ্যত বহুতো পিছ পৰা আৰু নিৰক্ষৰ লোক আছে গতিকে তেনেকুৱা লোক সকলেও যাতে এনেকুৱা বেমাৰৰ বিষয়ে অৱগত হয় তাৰ বাবে সজাগতামূলক কিছুমান পদক্ষেপ হাতত লোৱাৰ প্ৰয়োজনীয়তা আছে৷ গাঁৱেভূঞে বসবাস কৰা লোকসকল যদি অধিক সচেতন হৈ উঠে তেনেহলে অনায়াসে ডেংগুৰ দৰে ৰোগত সংক্ৰমিত লোকক মৃত্যু হোৱাৰ পৰা বচাব পৰা যাব৷ সচেতনতাৰ অভাৱৰ বাবে এটা সাধাৰণ যেন লগা ৰোগেও বহু সময়ত মানুহৰ মাজত আতংকৰ সৃষ্টি কৰা আমি বহু সময়ত দেখিবলৈ পাই আহিছোঁ৷ চৰকাৰ আৰু স্বাস্থ্য বিভাগে বিশেষকৈ সাধাৰণ লোকসকলৰ মাজত এনেকুৱা কিছুমান ৰোগৰ বিষয়ে জনসজাগতামূলক পদক্ষেপ গ্ৰহণ কৰি ৰাইজক সজাগ কৰি তুলিব লাগিব৷ অন্যথা যিমান কাৰ্যব্যৱস্থা গ্ৰহণ কৰিলেও চৰকাৰ অথবা বিভাগে সফলতাৰ মুখ দেখিবলৈ সক্ষম নহব৷  vv

Leave a Reply

Your email address will not be published. Required fields are marked *