
পাৰ্বতীয়ে দৰ্জাখনত তলাটো লগাই কাষৰ ফেমিলীটোৰ বাৰান্দাখনলৈ চালে৷ একেই দৃশ্য৷ অকণমানি ছোৱালী এজনীয়ে পুতলা এটা নষ্ট কৰি আছে৷ প্ৰথমে হাত–মূৰ আঁচুৰি সৰু কেচীখনেৰে পুতলাটো কাটি চিঙি পেলাইছে৷ খন্তেক ৰৈ পাৰ্বতী গেটৰ ফালে আগবাঢ়িল৷
সৰু চহৰখনলৈ পাৰ্বতী নতুনকৈ আহিছে৷ পি ডব্লিও ডিৰ চাকৰি৷ চৰকাৰী আধা জৰাজীৰ্ণ অফিচৰ বিল্ডিংটোৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ আঁতৰত তাইৰ ভাড়া ঘৰটো৷ মালিক নথকা কেম্পাছটোত পাৰ্বতীৰ স’তে চাৰিটা পৰিয়াল৷ বিল্ডিঙৰ পিছফালে একেটা চৌহদতে মিস্ত্ৰী কেইজনমান থাকে৷ সিহঁতৰ বাবেই পাৰ্বতীৰ ঘৰটোত থাকিবলৈ মন নাছিল৷ হুলস্থূল হ’ব বুলি তাই মনতে ভাবিয়েই লৈছিল৷ কিন্তু ঘৰটো বৰ ধুনীয়া৷ আগফালে ফুলনি এখনো আছে৷ বাকীকেইটা পৰিয়ালো বৰ ভাল৷ এসপ্তাহতে এনেকুৱা লাগিছে তেওঁলোক যেন পাৰ্বতীৰ বহুদিনৰ আপোন৷ পাৰ্বতীৰ চিন্তা নোহোৱা মানেই তাইৰ গাঁৱৰ ঘৰত থকা মাক–দেউতাক আৰু ভায়েকৰ চিন্তা নোহোৱা হোৱা৷ মুঠতে নতুন চাকৰি, নতুন ঠাই, নতুন মানুহৰ সৈতে তাই বিৰাট সুখী৷ মাত্ৰ অকণমানি ছোৱালীজনীকহে তাইৰ কিবা আচহুৱা লাগিছে৷ ক্লাছ ৱানত পঢ়ি থকা ছোৱালীজনী যেন ৰহস্য কিবা এটা৷ পাৰ্বতীলৈ চাই দূৰৈৰ পৰা হাঁহে৷ কিন্তু ওচৰলৈ নাহে৷
পটল আৰু আলুকেইটাৰ সৈতে গাখীৰ, চেনী, চাহপাত লৈ পাৰ্বতী ৰুমলৈ উভতিল৷ ৰুমত বস্তুকেইটা থৈ মুখ–হাত ধুই তাই চাহকাপ লৈ বাৰান্দাত বহিল৷ অকণমানি ছোৱালীজনী বাহিৰতে বহি আছে৷ সৰু ছোৱালী এজনী ইমান নিৰ্জুকৈ বহি আছে পাৰ্বতীৰ মৰম লাগি গ’ল৷ তাই লাহেকৈ ছোৱালীজনীৰ ফালে চালে৷ অকণমানিজনীয়ে হাঁহি দিলে৷ পাৰ্বতীয়ে প্লেটত থকা লাডু এটা তাইলৈ দেখুৱাই মাতিলে৷ বাৰান্দাখনৰ মাজতে এখন সৰু গেট আছে৷ যিখনে একেটা ঘৰক দুটা ভাগত ভাগ কৰিছে৷ অকণমানিজনীয়ে ভিতৰৰ পৰা পুতলা এটা লৈ গেটখন খুলি পাৰ্বতীৰ ওচৰ পালেহি৷ লাডুটো খাই খাই তাই পাৰ্বতীৰ সৈতে কথা পাতি থাকিল৷ তাইৰ নাম জিয়া৷ মাক–দেউতাক দিনত অফিচ গৈ ঘুৰি আহোঁতে গধুলি সাত মানেই বাজে৷ জিয়া স্কুলৰ পৰা আহি মালতী বাৰ লগতে থাকে৷ পাৰ্বতীয়ে অনুমান কৰিলে জিয়াই একে বয়সৰ ল’ৰা–ছোৱালীৰ লগত থকাতকৈ কাম কৰা সহায়িকাগৰাকীৰ লগতে বেছিভাগ সময় কটোৱাৰ বাবে চাল–চলনবোৰ অলপ বেলেগ৷ পাৰ্বতীয়ে জিয়াক সুধিলে ‘তুমি পুতলা খুব ভাল পোৱা ন’? খাই শেষ হ’ব ধৰা লাডুটো জিয়াই হাতৰ পৰা পেলাই প্ৰায় পাৰ্বতীৰ কাণৰ কাষত ক’লে, ‘মই পুতলা বেয়া পাওঁ মাহী৷ সেইকাৰণে নতুন পুতলা আনিলেই মই চিঙি থাকো৷’ মাহী শব্দটো শুনি পাৰ্বতীৰ মনটো ভাল লাগি গ’ল৷ অকণমানি ছোৱালীজনীয়ে ইমান আপোনকৈ মুহূৰ্ততে সম্পৰ্ক এটাৰ নাম দি লৈছে৷ পাৰ্বতীয়ে জিয়াক কোচত লৈ সুধিলে, ‘পুতলা আকৌ কিয় বেয়া পোৱা? তুমিওতো ইমান ধুনীয়া এটা পুতলা৷ পুতলাই পুতলাক নষ্ট কৰে নেকি?’
‘মই পুতলা নহয় মাহী’ পাৰ্বতীৰ কোচৰ পৰা নামি জিয়াই লগতে অনা চকীৰ কাষত থকা পুতলাটোৰ কাণ দুখন টানি টানি মাৰিবলৈ লাগিল৷ পাৰ্বতীয়ে বুজাই–বঢ়াই জিয়াক সিহঁতৰ ঘৰৰ বাৰান্দালৈ আগবঢ়াই দিলে৷ মালতীও ওলাই আহিছিল তেতিয়ালৈ৷
ৰাতি বিচনাত শুই শুই পাৰ্বতীয়ে ওৰে নিশাটো জিয়াৰ কথাই ভাবি থাকিল৷ ইমান সৰু ছোৱালীজনীৰ মনৰ পৃথিৱীখন এনেকুৱা জটিল হ’ব পাৰেনে? নে মাক–দেউতাকৰ সময় নোপোৱাৰ বাবে তাই এনেকুৱা হৈছে৷ শিশুৰ সৰলতাৰে ভৰা মুখবোৰৰ ভিতৰত জিয়া এটা কৌতুহলী চেহেৰা হৈ পৰিছে তাইৰ বাবে৷
দেওবাৰৰ দিনটো ৰুমৰ চাফ–চিকুণৰ পৰা আৰম্ভ কৰি কাপোৰ ধোৱা কামলৈ আঁত মাৰোতে পাৰ্বতীৰ আবেলিয়ে হ’লহি৷ আচাৰৰ বটলকেইটা ৰ’দৰ পৰা ভিতৰলৈ নিবলৈ লওঁতে পাৰ্বতীয়ে জিয়াক দেখিলে৷ পিছফালে থকা মিস্ত্ৰীকেইজনে জিয়াৰ লগত বল এটা লৈ খেলি আছে৷ জিয়াই বলটো তাৰ ফালে মাৰি দিছে৷ জিয়াক ভালদৰে খেলা আক’ বুলি কৈ মাকে বাৰান্দাত ফুলৰ টাবকেইটাত পানী দি আছে৷ পাৰ্বতীৰ কিবা এটা ভাল নালাগিল৷ কিবা এটা বুলি নহয় জিয়াক দেখিলে পাৰ্বতীৰ কিবা এটা হয়৷ যেন কিবা এটাই জিয়াক খুলি খুলি খাইছে কিন্তু কাকো ক’ব পৰা নাই৷ হয়তো বেছি ভাবিছে পাৰ্বতীয়ে৷ তেনেকুৱা একো কথাই নাই৷ সকলো শিশুৰ আচৰণ একে নহ’বওতো পাৰে৷ তেনেকুৱা হ’লেই হয়৷
চাহকাপ লৈ পাৰ্বতী বাৰান্দালৈ আহিল৷ জিয়া নাই তেতিয়া৷ সিহঁতৰ বাৰান্দাৰ এচুকত ছিঙি–ভাঙি পৰা পুতলা এটা পৰি আছে৷ পাৰ্বতীৰ মনটোৱে জিয়াক বিচাৰি ফুৰিছে৷ হঠাৎ তাই বাৰান্দাৰ পৰা পিছফালে চাই দেখিলে জিয়াৰ সৰু জোতাযোৰ মিস্ত্ৰীকেইজন থকা ৰুমৰ ওচৰত পৰি আছে৷ সিহঁত ছাগে এইবাৰ ৰুমৰ ভিতৰতে খেলিছে৷ ভিতৰতনো কি খেলিছে বুলি পাৰ্বতী বাৰান্দাখনেৰে নামি গৈ তৰ্জাৰ বেৰ দিয়া ঘৰকেইটাৰ ফালে আগবাঢ়ি গ’ল৷ নতুনকৈ বনোৱা ঘৰ৷ মিস্ত্ৰী ল’ৰাকেইজনে চাফ–চিকুণকৈ ৰাখিছে৷
জিয়াৰ জোতা থকা ৰুমটোৰ দৰ্জাখন বন্ধ৷ মাতিবলৈ বুলি লওঁতেই পাৰ্বতীৰ চকু তৰ্জা বেৰখনৰ মাজত থকা সৰু খিৰিকীখনলৈ গ’ল৷ ফেনৰ বতাহত পৰ্দাখন লৰি আছে৷ পাৰ্বতী লাহেকৈ খিৰিকীখনৰ ওচৰলৈ গ’ল৷ জিয়াই ডাঙৰকৈ চিঞৰ এটা মাৰিছে৷ পাৰ্বতীৰ চকু ডাঙৰ হৈ গ’ল৷ মিস্ত্ৰী ল’ৰা দুজনৰ হাতকেইখনে জিয়াৰ মুখৰ পৰা ভৰিলৈ কিবা এটা বিচাৰি ফুৰিছে৷ জিয়াই চিঞৰিব খোঁজোতে তাইৰ মুখত হাত দি ল’ৰা এজনে কৈছে ‘কিয় চিঞৰিছা পুতলাজনী৷ পুতলাই কথা নকয় নহয়৷’ পাৰ্বতীৰ সৰ্বশৰীৰ কঁপি উঠিল৷ জিয়াই ইমানদিনে নিৰ্জীৱ পুতলাবোৰক মানে কথা নোকোৱাৰ খঙত শাস্তি দি আহিছিল৷ যি শাস্তি প্লাষ্টিকৰ পুতলাকেইটাৰ বাবে নহয়েই৷ আৰু জিয়াৰ? একো নাই৷ আজি পুতলাই কথা ক’ব৷ বাহিৰত পৰি থকা প্লাষ্টিকৰ চকীখন লৈ পাৰ্বতীয়ে তৰ্জাবেৰৰ দৰ্জাখন ঠেলা মাৰি সোমাই গ’ল৷ জিয়াক এখন হাতেৰে নিজৰ গাৰ ফালে টানি ৰুমটোৰ ভিতৰত থকা বস্তুবোৰ তাত থকা ল’ৰাকেইজনৰ মুখত পাৰ্বতীয়ে দলিয়াবলৈ ধৰিলে৷ পানীৰ বািল্টটোৰ আঘাতত ল’ৰা দুজনৰ মূৰৰ পৰা তেজ ওলাইছে৷ চিঞৰ–বাখৰ, বস্তু ভঙাৰ শব্দত ওচৰৰ মানুহবোৰ চৌহদটোলৈ সোমাই আহিছে৷ পুতলাৰ মূল্য অসুৰে নাজানে৷ অসুৰে পুতলা খেলাৰ যোগ্য নহয়৷ মানুহবোৰে পৰিস্থিতিটো বুজিবলৈ চেষ্টা কৰিছে৷ পাৰ্বতীয়ে খঙত ফোঁপাই–জোপাই ৰুমৰ প্ৰতিটো বস্তু পাৰেমানে দলিয়াই থাকিল ঠিক জিয়াই পুতলাবোৰ বাৰে বাৰে নষ্ট কৰাৰ দৰে৷