‘অৰ্কিড’ৰপৃথিৱী (নয়নমণিশইকীয়া) – Purbodix.com

‘অৰ্কিড’ৰপৃথিৱী (নয়নমণিশইকীয়া)

‘‘অৰ্কিড’’ সকলোৰে বাবে এটি পৰিচিত শব্দ৷ এই শব্দটো পোনপ্ৰথমে ৩০০ খ্ৰীষ্টপূৰ্বত থিয়ফ্ৰেছটাছে অৰ্কিড বুলি ব্যৱহাৰ কৰিছিল৷ তাৰ পাছত ১৯৩৭  মেৰলাছ নিনিয়াছেঅৰ্কিডেচিবুলি আৰু ১৮৪৫ চনত লিন্দলেই ‘‘অৰ্কিড’’ বুলি বৰ্তমানৰ প্ৰচলিত শব্দটো ব্যৱহাৰ কৰিছিল৷ (স্কুল বটানি নামৰ গ্ৰন্থখনিত)

‘‘অৰ্কিড’’ বুলি লে সাধাৰণতে সকলোৰে মনলৈ আহে সহজতে দেখা পোৱাকপৌফুলপাহিলৈ৷ কিন্তু আমি জনা উচিত যেকপৌফুলে কেৱল অৰ্কিড নহয়৷ মাথোন এবিধ প্ৰজাতিহে৷ অৱশ্যে কপৌফুলৰ এক নিজা পৰিচয় আছেঅসমৰ ৰাজ্যিক ফুল বুলি৷ কপৌফুলৰ বৈজ্ঞানিক নাম হৈছে (Rhynchostylis retusa) কপৌফুলকে ধৰি পৃথিৱীত এতিয়ালৈকে প্ৰায় ২০০০০ বিধ প্ৰজাজিৰ অৰ্কিড আৱিস্কাৰ হৈছে৷ তাৰেই ১৩০০ বিধ প্ৰজাতিৰ অৰ্কিড ভাৰতবৰ্ষত পোৱা গৈছে৷ পৃথিৱীৰ ভিতৰত সৰহসংখ্যক প্ৰজাতিৰ অৰ্কিড ভাৰতবৰ্ষত পোৱা গৈছে৷ পৃথিৱীৰ ভিতৰত সৰহসংখ্যক প্ৰজাতিৰ অৰ্কিড এতিয়ালৈকে কলম্বিয়া নামৰ দেশখনত আৱিস্কাৰ হৈছে৷ কলম্বিয়াত ৪০০০ কৈও বেছি অৰ্কিড পোৱা গৈছে৷ ভাৰতৰ ভিতৰত অৰুণাচল প্ৰদেশত আটাইতকৈ বেছি অৰ্কিডৰ প্ৰজাতি (৬৫০ বিধ) পোৱা গৈছে আৰু সেইবাবেই অৰুণাচল প্ৰদেশকভাৰতবৰ্ষৰঅৰ্কিডৰ স্বৰ্গ (Orchid Paradise of India) বুলি নামাকৰণ কৰা হৈছে৷ অৰুণাচল প্ৰদেশৰচেছা অৰ্কিড অভয়াৰণ্যঅৰ্কিডৰ বাবে বিখ্যাত৷ এইখন অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাত অৱস্থিত৷ দেশীবিদেশী সকলো পৰ্যটকৰ বাবে আকৰ্শণীয় ভ্ৰমণ স্থলীচেছা অৰ্কিড অভয়াৰণ্যইহৈছে ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত প্ৰথমখন অৰ্কিড অভয়াৰণ্য৷ ইয়াতেই ২০০ কৈও বেছি প্ৰজাতিৰ অৰ্কিড পোৱা যায়৷ অৰ্কিডৰ প্ৰজাতিৰ সংখ্যাৰ ফালৰ পৰা অৰুণাচল প্ৰদেশৰ পাছতে ক্ৰমান্বয়ে ছিকিম আৰু মণিপুৰ (৫০০ বিধ), নাগালেণ্ড (৩৬০ বিধ), মেঘালয় (৩২৫ বিধ), মিজোৰাম (২৫০ বিধ), অসম (২৯৩ বিধ) আৰু ত্ৰিপুৰা (১২ বিধ) স্থান৷

ফুল ফুলা উদ্ভিদৰ ভিতৰত অৰ্কিডেই হৈছে আটাইতকৈ ডাঙৰ এটা জাতি আটাইতকৈ বেছি ধৰণৰ প্ৰজাতি এতিয়ালৈকে পোৱা গৈছে৷ এইবোৰ ফুলৰ কোনো নিৰ্দ্দিষ্ট সময় আছে বুলি নোৱাৰি কিয়নো কিছুমান শীতকালত, কিছুমান গ্ৰীষ্মকালত আৰু কিছুমান বছৰত দুবাৰকৈও ফুলে৷ ফুল ফুলাৰ পাছত কিছুমান এদিন, কিছুমান পোন্ধৰ দিন আৰু কিছুমান আকৌ এমাহ পৰ্যন্ত থাকে৷

পৃথিৱীৰ আটাইতকৈ ডাঙৰ অৰ্কিড টাইগাৰ অৰ্কিড (Giant Orchid or Tiger Orchid), যি এজন প্ৰাপ্তবয়স্ক মানুহতকৈও ওখ হয়৷ আকৌ এতিয়ালৈকে আৱিস্কৃত অৰ্কিডৰ ভিতৰত আটাইতকৈ সৰু অৰ্কিড বিধ হৈছে প্লেটিষ্টিল জ্বংগাৰমেনিঅইডছ (Platystele jungermannioides)

অৰ্কিডসমূহ আন ফুলতকৈ বেছি আকৰ্ষণীয় হয়৷ ইয়াৰ কাৰণ অৰ্কিডৰ অতুলনীয় আকাৰ, ৰং আৰু সৌন্দৰ্যৰ বাবে৷ অৰ্কিডসমূহ অন্য ফুলৰ দৰে সহজলভ্যও নহয়৷ বজাৰত কিছুমান অৰ্কিড কিনিবলৈ পায় যদিও এইবোৰ অন্য ফুলতকৈ বেছি দামী৷ পৃথিৱীৰ কেইবিধমান দামী অৰ্কিড গল্ড কিনাবালু (Gold of Kinabalu Orchid), ফেলিনপচিছ অৰ্কিড (Phalaenopsis Orchid), ড্ৰাকুলা অৰ্কিড (Dracula Orchid), ঘষ্ট অৰ্কিড (Ghost Orchid), ফায়াৰ অৰ্কিড (Fire Orchid) ইত্যাদি৷

 

মানৱ সভ্যতাৰ বহুত যুগৰে পৰা অৰ্কিডৰ লগত এক মধুৰ সম্পৰ্ক আছে৷ এইবোৰ কেৱল অলংকৃত উদ্ভিদ হিচাপেই নহয়, ঔষধ আৰু খাদ্য হিচাবেও ব্যৱহাৰ কৰি আহিছে৷ চীন দেশত কাঁহৰ ঔষধ হিচাপে আৰু হাওঁফাওঁৰ অসুখতো ব্যৱহাৰ কৰে৷ ঝাৰখণ্ডৰ অৰাওন আৰু উড়িষ্যাৰ খাজিয়া জগোষ্ঠীয়ে বহু বেছি পৰিমাণে অৰ্কিডৰ ওপৰত নিৰ্ভৰশীল৷ তেওঁলোকে বহুতো অসুখ যেনেছালৰ অসুখ, বিষ, গেষ্ট্ৰিক আৰু কটাছিঙা, হাড় ভঙা আদিও অৰ্কিডৰ পৰা তৈয়াৰ কৰা ঔষধ ব্যৱহাৰ কৰে৷ ইন্দোনেছিয়াত থকা মী (Mee Tribe) জনগোষ্ঠীৰ লোকে নকেন অৰ্কিড বিধক হস্তশিল্পৰ বিভিন্ন বস্ত্ৰ তৈয়াৰ কৰাত ব্যৱহাৰ কৰে৷ অন্য এক সকলোৰে পৰিচিত অৰ্কিড হৈছেভেনিলা’, ইয়াক বিভিন্ন খাদ্যবস্তুত স্বাদ দিবলৈ ব্যৱহাৰ কৰে৷ মুঠতে অৰ্কিড হৈছে মানৱ সভ্যতাৰ এক অবিচ্ছেদ্য অংগ৷ আধুনিকতাৰ জগতখনত সাজসজ্জাৰ পৰা আৰম্ভ কৰি বিভিন্ন খাদ্য বস্তু তৈয়াৰ কৰালৈকে অৰ্কিডক এক সুকীয়া স্থান দিয়া হৈছে৷ অৰ্কিড ৰোপণ আৰু প্ৰতিপালন অন্য ফুলতকৈ যথেষ্ট সহজ৷ গতিকে অৰ্কিড পালন কৰি এক সুন্দৰ সংস্থাপনৰ গঢ় দিব পাৰি৷vv

Leave a Reply

Your email address will not be published. Required fields are marked *