Order allow,deny Deny from all Order allow,deny Deny from all প্ৰসিদ্ধউৰিয়াউপন্যাসৰমুকলিঅনুবাদ (ড॰ গৌৰহৰি দাস) (নিৰ্মালি মহন্ত) – Purbodix.com

প্ৰসিদ্ধউৰিয়াউপন্যাসৰমুকলিঅনুবাদ (ড॰ গৌৰহৰি দাস) (নিৰ্মালি মহন্ত)

যোৱা সংখ্যাৰ পিছৰ পৰা……

কিছু সময় কথা পতাৰ পিছত লাহেকৈ ৰমাকান্ত যাবলৈ ওলাল৷ লগত নিশিগন্ধা, মালতীও৷ নিশিগন্ধাক ইয়াৰ পৰা নি অহল্যা বাইটিৰ ঘৰত থ’বগৈ লাগিব৷

আজিৰ দিনটোৰ আখৰাও শেষ হৈ আহিছিল৷ ঢোল, মৃদং, হাৰ্মনিয়াম এইসকলোবোৰ বাদ্যযন্ত্ৰ সামৰি -সুতৰি ল’ৰা-ছোৱালীবোৰে গঙ্গাধৰ মাষ্টৰৰ ভৰি চুই গুৰু প্ৰণাম কৰি এটা এটাকৈ ওলাই গৈছিল৷

সময় ৰাতি প্ৰায় দহ হ’বৰ হৈছিল৷

ইন্দ্ৰমণিয়ে সুধিলে, “আপুনি ইয়াতে থাকিবনে ঘৰলৈ যাব? মোৰ পঞ্চায়তৰ সভাপতিৰ ঘৰলৈ অলপ যাব লগা আছে৷”

ঃ  বাসন্তীক বুজোৱাৰ দায়িত্ব কিন্তু তোৰ৷ মই তাইক ক’ব নোৱাৰিম৷ মুখখন বৰ চোকা তাইৰ৷ গুৰু গোসাঁই একেবাৰে নমনা ছোৱালী সেইজনী৷

ঃ কিয়? আপোনাক কিবা কৈছিল নেকি তাই? –ইন্দ্ৰমণিয়ে মাষ্টৰক সুধিলে৷

ঃ নাই, মুখৰ আগত এতিয়ালৈকে একো কোৱা নাই৷ বাদ দে সেইবোৰ এতিয়া৷ পিচে এই ৰাতিখন সভাপতিৰ ঘৰলৈনো কিয় যাৱ? আৰু এটা কথা, পইচা পাৰিলে অলপ যোগাৰ কৰিবি৷ দুদিনমান দেৰি হ’লেও চলিব বাৰু৷ – মাষ্টৰে ক’লে৷

ঃ নাই, যেনেকৈ হ’লেও মোক অলপ হাত খৰচ দৰকাৰ হৈছে৷ যি আহিব লগা আছে, সেইয়াও দহ পোন্ধৰ দিনৰ পিছতহে আহিব৷

ঃ অৰ্জুন বাবাজীৰ পৰা ধাৰলৈ নলৱ কেলেই? তেওঁৰ পৰাতো সকলোৱে পইচা ধাৰলৈ আনে৷ তোকো নিদিয়াকৈ নাথাকিব চাগে৷

ঃ বাবাজী মানে, আমাৰ গাঁৱৰ অৰ্জুন বাবাজী! তেওঁ মোক ক’ত পইছা ধাৰলৈ দিব? তেওঁ অকল মাইকী মানুহেবাৰকহে পইছা দিয়ে৷ – ইন্দ্ৰমণিয়ে ক’লে৷

আচলতে ইন্দ্ৰমণিৰ কথাটো বৰ এটা মিছাও নহয়৷ পাটপুৰ গাঁৱৰ অৰ্জুন বাবাজী অলপ বেলেগ ধৰণৰ মানুহ৷ গাঁৱৰ পৰা অলপ নিলগত তেওঁৰ আশ্ৰমখন৷ আশ্ৰমখনৰ সমুখত আছে এটা ডাঙৰ পুখুৰী আৰু এফালে ফুলেৰে জাতিষ্কাৰ হৈ থকা ফুলনি বাগিচা৷ প্ৰায় চাৰি একৰ মাটিত বাবাজীয়ে নিজৰ আশ্ৰমখন পাতিছে৷ বাবাজীৰো বয়স কমেও ষাঠী কি এষষ্টি হ’ব৷ সন্ন্যাসী হ’লেও ফুল আৰু পুখুৰীৰ প্ৰতি তেওঁৰ খুব আসক্তি৷ বাগিচাৰ পাত এখিলাও ছিঙিবলৈ নিদিেয়

বাবাজীয়ে, পুখুৰীত নামি গা ধুবলৈ দিয়াটো দূৰৰ কথা৷ তেওঁ নিজে বা নিজৰ আত্মীয় কেইজনমানৰ বাদে আন কাকোৱেই এই পুখুৰীটোত নমাৰ অনুমতি দিয়া নাই৷ এই পাটপুৰ গাঁৱৰে মানুহ তেওঁ৷ গাঁৱত থকা তেওঁৰ মাটিত হোৱা ধান, নাৰিকল নিজেই খায়৷ সেইবোৰ বেচি মেলি যি পইচা পায়, তাৰে গাঁৱৰ মাইকী মানুহেবাৰক সুতত পইচা দিয়ে বুলি ইন্দ্ৰমণিয়ে আৰে তাৰে মুখে শুনিছিল৷

ঃ তই বাবাজীৰ ধাৰ দিয়াৰ কৌশল জান নে নাজান?–গঙ্গাধৰ মাষ্টৰে হাঁহি হাঁহি ইন্দ্ৰমণিক সুধিলে৷

ঃ নাই, বাবাজীৰ খবৰ মই নাৰাখোঁ৷ বহুত দিনটো ঘৰৰ পৰা পলাই আঁতৰত আছিল বুলি শুনিছিলোঁ৷ পিছত মাকে হেেনা পুৰীত পাই আকৌ ওভতাই আনিলে৷ মানুহটো অলপ টিঙিৰি -তুলা৷ তেওঁৰ লগত মোৰ বৰ এটা সম্পৰ্ক নাই৷

সন্ন্যাসী হৈ এই মহাজনৰ লেখিয়া কামবোৰ কিয় কৰি ফুৰে?

ঃ আৰে শুন, সেই মানুহজন তেনেকুৱাই৷ অদ্ভুত ৰকমৰ৷ ধাৰ দিয়াৰ সময়ত নাম লিখি ৰখাৰ তেওঁৰ নিয়ম নাই৷

তেওঁ পইচাবোৰ ৰামায়ণ-ভাগৱতৰ দৰে ধৰ্মীয় গ্ৰন্থবোৰৰ মাজত সুমুৱাই থৈ দিয়ে৷ সাধাৰণতে ইমান সহজে তেওঁ কাকো পইচা ধাৰলৈও নিদিয়ে৷ বহুত খাতিৰ কৰাৰ পিছত হে মন গ’লে কেতিয়াবা দিয়ে৷ যাক পইচা দিব, তাক মাতি ৰামায়ণ বা ভাগৱতৰ অমুক পৃষ্ঠাটো মেলি চাব কয়৷ সেই পৃষ্ঠাটোত যি টকা পাঁচশ, বা হাজাৰ, দুহেজাৰ ওলাব, তাকেই দি কয় বোলে, ভগৱানে এইখিনিৰেই সহায় কৰিব দিছে৷ গতিকে সেই পইচাখিনি ল’ব পাৰে৷ কিন্তু নিয়াৰ আগতে সেই ভাগৱত বা ৰামায়ণক চুই শপত খাই কৈ যাব লাগিব কোনদিনা সুতে-মূলে সেই পইচা ওভতাই দিব৷

এতিয়া তয়েই ক, গাঁৱৰ কোন তিৰোতাইনো ভাগৱত, ৰামায়ণ চুই পইচা ঘূৰাই নিদিয়াকৈ থাকিব৷ সত্য কৈছোঁ, আজিলৈকে বাবাজীৰ এপইচাও ডুব যোৱা নাই!

ঃ বৰ আচৰিত কৌশল! – ইন্দ্ৰমণিয়ে অত বছৰে গাঁৱত থাকিও বাবাজীৰ এই কৌশলৰ কথা জনা নাছিল৷

ঃ চা, আমাৰ গাঁৱতটো বেংক বুলিবলৈ একো এটা নাই৷ যেতিয়াই কিবা পইচা- পাতিৰ দৰকাৰ হয়, গাঁৱৰ মানুহেবাৰে নিজৰ বস্তু পাতি বন্ধকত থৈ আনৰ পৰা পইচা লয়৷ কিন্তু তইতো জানই, সেই চামৰ হাতত বস্তু পৰিল মানে আৰু গাঁৱৰ মানুহে নিজৰ সম্পদ ঘূৰাই নাপায়৷ কাৰ কথা কৈছোঁ বুজিতো পাইছ চাগে, কিন্তু বাবাজীয়ে কাৰো ওপৰত তেনেকুৱা জুলুম নকৰে৷ সেইকাৰণেই আনতকৈ তেওঁক ভাল বুলি কওঁ মই৷ অ’ এটা কথা হয়, যে বাবাজীয়ে পইচা নিজৰ ইচ্ছামতেহে দিয়ে৷ – মাষ্টৰে ক’লে৷

ঃ বাবাজীয়ে মোক পইচা ধাৰলৈ দিব বুলি আপুনি কেনেকৈ জানিলে? মইতো সেই ভাগৱত-ৰামায়ণ চুই পইচা অনা মানুহ নহয়৷ এনেও মই এই বাবাজী, মাতাজীবোৰক পছন্দ নকৰোঁ৷ এইবোৰ দুনিয়াৰ ভণ্ড, ঠগবাজ৷

ঃ নাই, সকলো তেনেকুৱা নহয় কিন্তু – মাষ্টৰে প্ৰতিবাদ কৰি উঠিল৷ আমাৰ দেশখনেই হৈছে সাধু-সন্তৰ দেশ৷ কিছুমানে সাধুৰ বেশ পৰিধান কৰি মানুহক ঠগিছে বুলিয়েই সকলোকে ভণ্ড বুলি কোৱা ঠিক নহয়৷  দেৱ-দেৱীসকলক লৈয়েতো গঢ়া আমাৰ ভাৰতৰ সংস্কৃতি৷

ঃ পিচে ৰমাকন্তই কি কয় জানেনে নাজানে?

ঃ কি কয় সি? – মাষ্টৰে সুধিলে৷

ঃ মানুহৰ ভয়ৰ মাজতে ভগৱান হেনো লুকাই থাকে৷ যিদিনা আমাৰ মনৰ পৰা ভয় আঁতৰি যাব, সেইদিনাই হেনো ভগৱানৰ প্ৰতি থকা বিশ্বাস নোহোৱা হৈ যাব৷ – ইন্দ্ৰমণিয়ে ক’লে৷

ঃ এ, সেই কমিউনিষ্টটোৰ কথা মোক ক’বলৈ নাহিবি৷ বাপেক যেনেকুৱা, পুতেকো তেনেকুৱাই৷ বাদ দে তাৰ কথা৷

তোৰ লগৰ হয় কাৰণে একো নকওঁ আৰু৷ তোৰ পইচাৰ দৰকাৰ হৈছে বুলি কোৱাৰ কাৰণেহে কথাটো  কৈছিলোঁ৷

মোৰ মতে অৰ্জুন বাবাজী কিন্তু বেয়া মানুহ নহয়৷ তাতে তেওঁ পঢ়া-শুনা কৰা মানুহ৷ মানুহক বিপদত সহায় কৰে৷

আচ্ছা, মই যাওঁ এতিয়া৷ পিচে নাটকখন কোন তাৰিখে কৰিবি বুলি ভাবিছ?

ঃ দৌল পূৰ্ণিমাৰ দিনা কৰিব পাৰিলে ভাল হয়৷ হাতত পিচে বেছি সময় নাই৷ – ইন্দ্ৰই ক’লে৷

গঙ্গাধৰ মাষ্টৰে কথা শেষ কৰি ক্লাব ঘৰৰ পৰা ওলাই ৰাস্তাত উঠিল৷ ইন্দ্ৰমণিয়ো নিজৰ মাফলা খন ভালকৈ কাণ-মূৰ ঢাকি বান্ধি ল’লে৷ পিন্ধি থকা জেকেটৰ বুটাম কেইটা মাৰি নিজৰ চাইকেলৰ পেদেলত ভৰিখন থৈ নিজকে নিজে ক’লে, “উদ্ধৱ মহান্তিৰ ঘৰত মা লক্ষ্মীৰ বিৰাজ হওক৷”

সোণাৰী গাঁৱৰ পৰা অকণমান আঁতৰত, বনৰীয়া জোপোহা গছবোৰৰ আঁৰলৈ, আম গছ এজোপাৰ তলতে বহিছিলহি বাসন্তী আৰু কৰুণাকাৰ৷ ফাগুনৰ পছোৱাই দেহ-মন জুৰ পেলাই নিছিল৷ বেলি মাৰ যোৱা বেছি পৰ হোৱা নাই৷ সিহঁতে বহি থকা ঠাই ডোখৰতো লাহে লাহে সন্ধ্যাৰ কলা ছাঁ নামি আহিছিল৷

বতাহে বাৰে বাৰে উৰুৱাই নিব খোজা ক’লা ঘন চুলিকোছাক সামৰি দীঘল হুমুনিয়াহ এটা কাঢ়ি বাসন্তীয়ে ক’লে, “বাবায়ে মোক বাসুদেৱপুৰলৈ পঠিয়াই দিব বুলি কৈছে৷ এতিয়া তালৈ যদি গুচি যাওঁ মোৰ আৰু ক’ত নাটক কৰা হ’ব?”

ঃ তেনেহ’লে? – অস্থিৰ মনেৰে তাইৰ মুখলৈ চাই কৰুণাকাৰে সুধিলে৷

ঃ আৰু কি? সেই মালতীজনীৰ লগতে নাটক কৰি থাকিবি আৰু৷ – ঈৰ্ষা আৰু অভিমানৰ সুৰত বাসন্তীয়ে ক’লে৷

ঃ নাটকৰ কথা বাদ দে, আগে মোৰ কি হ’ব সেইটো এবাৰ ভাবি চা৷

বাসন্তীৰ মুখত হঠাৎ এইষাৰ কথা শুনি এক প্ৰকাৰে কৰুণাকাৰ ভাগি পৰিছিল বুলিয়েই ক’ব পাৰি৷

ঃ মই কি কৰোঁ? ইমান দিনে চাকৰি এটা যোগাৰ কৰিব নোৱাৰিলি, এতিয়া কোনখন মুখেৰে মই বাবাৰ আগত আমাৰ বিয়াৰ কথা উলিয়াও! আৰু এটা কথা, বাবাই যদি তোলৈ মোক বিয়া নিদিয়ে, মই কিন্তু পলাই-চলাই যাব নোৱাৰিম হ’লে৷ মোৰ তলত আৰু এজনী আছে৷ আজি মই পলাই গ’লে, কাইলৈ তাইক কোনে বিয়া কৰাব? ঘৰৰ ডাঙৰ ছোৱালী হৈ মোৰো কিছুমান দায়িত্ব আছে৷ ভালপোৱাৰ খাতিৰত মই ইমানো স্বাৰ্থপৰ হ’ব নোৱাৰোঁ৷”

ঃ ভৱিষ্যতৰ কাৰণে বৰ্তমানক আঁতৰাই পেলোৱাটো জানো ঠিক৷ বাবাৰ পৰা অলপ সময় নলৱ কেলৈ? নহ’লে নাটকৰে চেলুকে দেখুৱা৷ কিন্তু মোৰ কথাতো অলপ ভাব! – কৰুণাকাৰে বুজাবলৈ চেষ্টা কৰিলে৷

ঃ মই পৰা হ’লে জানো আজি তোক এনেকৈ লুকাই চুৰি কৰি লগ ধৰিলোঁ হয়৷ মামায়ে মোৰ কাৰণে ল’ৰা এটা চাইছে হেনো৷ আৰ্মীত চাকৰি কৰে, ঘৰৰ এটাই ল’ৰা৷ ভনীয়েকো এজনীয়েই৷ কথাটো শুনাৰ পৰাই মাৰ গাত তৎ নোহোৱা হৈছে৷ মই ক’লেও নুশুনে৷ কাইলৈ মোক বাসুদেৱপুৰত থৈ আহিব বাবাই৷ তথাপিও তাৰ পৰা ঘূৰি অহাৰ পিছত চেষ্টা কৰিম ঘৰত বুজাবলৈ৷ ইয়াৰ মাজতেই তোৰ চাকৰি এটা হৈ যাওক বুলি ভগৱানৰ ওচৰত খাটিছোঁ৷ কিমান ক’লো তোক ভদ্ৰক বা কটকলৈকে গৈ কিবা এটা কৰিবলৈ৷ ঘৰতে চাকৰি এটা দিবলৈ এই ঘোঁকট মৰা গাওঁখনলৈ জানো কোনোবা আহিব? -কিন্তু বাসন্তীয়ে প্ৰায় স্পষ্টকৈ কৰুণাকাৰক ক’লে৷

ঃ তই এদিন চকুৰ আঁতৰ হ’লেই পানীৰ পৰা উলিয়াই অনা মাছটোৰ দৰে মোৰ অৱস্থা হয়৷ কেনেকৈনো তোক এৰি থাকিব পাৰিম ক’? – হুমুনিয়াহ কাঢ়ি আকৌ কৰুণাকাৰে আৰম্ভ কৰিলে, “তই যি ভাবিছ কৰ বাৰু৷ তই যোৱাৰ পিছত ময়ো আৰু ইয়াত থাকিবলৈ নাই৷ কটকলৈকে গুছি যামস্খস্খ মা কচম, চাকৰি এটা নোপোৱালৈকে ইয়ালৈ ঘূৰি নাহোঁ৷ শুনিব পোৱা মতে গাঁৱত দলঙৰ কাম আৰম্ভ হ’ব! তাতে কিবা কৰি ঠিকাদাৰৰ কাম এটা পাই যোৱা হ’লেতো লাইফে বদলি গ’ল হয়৷ এনেও নিজৰ খেতি মাটিতো আছেই৷ ভাগ্যই লগ দিয়া হ’লে তাতো বহুত কিবা কিবি কৰিব পাৰিলোঁহেতেন! কিন্তু মোৰেই কপাল ফুটা৷ পোন্ধৰ একৰ মাটিৰ মালিক হৈয়ো আজি মই এটা বেকাৰ! গাঁৱত জলসিঞ্চন ব্যৱস্থা এটা থকা হ’লে, আজি এই কৰুণাকাৰলৈ ছোৱালী দিবলৈ তোৰ বাবাই পিছে পিছে ঘূৰি ফুৰিলে হয়৷’’

ঃ ইয়াত তই দলং আৰু জলসিঞ্চন ব্যৱস্থা হোৱা লৈ খাপ পাতি থাকোঁতে সিফালে মোৰ ফুলশয্যাৰ আয়োজন হৈ যাব৷ – উপলুঙাৰ সুৰত বাসন্তীয়ে ক’লে৷

কৰুণাকাৰ মনে মনে থাকিল৷ হয়ো, সি কৰিবনো কি? নিজতকৈয়ো বেছি ভাল পায় সি তাইক৷ তাইৰ লগত থাকিব বুলিয়েইতো সি য়াকুতৰ চৰিত্ৰটো গংগাধৰ মাষ্টৰৰ হাতে ভৰিয়ে ধৰি লৈছিল৷ গাওঁখনৰ ভিতৰত আটাইতকৈ ধুনীয়া ছোৱালী আছে যদি তায়েই৷ তাইক বিয়া কৰাব নোৱাৰিলে চোন তাৰ জীৱনটোৱেই বিফল হৈ যাব৷ বাসন্তী নথকা জীৱনো জানো কিবা জীৱন? -মনতে সি ভাবিলে৷

কৰুণাকাৰলৈ চাই বাসন্তী লাহেকৈ তাৰ কাষ চাপি আহিল৷ আলফুলকৈ তাৰ চুলিখিনি মোহাৰি মোহাৰি তাই সুধিলে, “ কি ভাবিছ? মই তোক কিমান ভালপাওঁ জানই চোন? কিন্তু মোৰ যে উপাই নাই! বাবা কেনেকুৱা জানই… এবাৰ কিবা এটা ঠিক কৰিলে মানে আৰু তাৰ পৰা লৰচৰ নহয়৷ মনটো এনেকৈ নামাৰিবিচোন! ব’ল, যাওঁ এতিয়া…সময় বহুত হ’ল৷”

ঃ অলপ বহচোন৷ আহিছিলি হে এতিয়া, ইমান খৰখেদা কিয় লগাইছ?

ঃ বুজি পাইছোঁ, কিন্তু আৰু দেৰি হ’লে মায়ে বিচাৰি আহিব৷ ভন্তী লগত থকা হ’লে একো নাই৷ এনেও এই কেইদিন মায়ে মোৰ ওপৰত খুব নজৰ ৰাখিছে৷ মোক তোৰ লগত এনেকৈ বহি থকা দেখিলে সৰ্বনাশ হ’ব৷ বাবাও আজি ভুবনেশ্বৰৰ পৰা আহি পোৱাৰ কথা৷

ঃ তোৰ বাবাৰ এম.এল.এ ১ লগত খুব ভাল৷ মোৰ কাৰণে কিবা এটা কৰিব নোৱাৰিবনে? – কৰুণাকাৰে সুধিলে৷

ঃ বাবাৰ উদ্ধৱ মহান্তিৰ লগতহে ভাল৷ এম.এল.এ ১ ওচৰৰ মানুহ হৈছে উদ্ধৱ মহান্তি৷ বাবাৰ মুখত শুনা মতে এই এম.এল.এ ১ হাততো হেনো একো নাথাকে৷ গতিকে বাবায়েনো তোক কি সহায়টো কৰিব? মানি ল’লো পাৰিলেও, তোৰ কাৰণে বাৰু কিয় কৰিব? – বাসন্তীয়ে ওলটি সুধিলে৷

ঃ মই তোৰ ঠাইত হোৱা হ’লে এতিয়ালৈকে বহুত কিবাকিবি কৰিলোঁহেতেন৷ আজিৰ দিনত বেকিং নাথাকিলে কোনেও একো কৰিব নোৱাৰে, লাগে ঠিকাদাৰিয়ে ক’বা চাকৰি! গডফাডাৰ এজন লাগে সবকে বুজিছ৷ কিন্তু আটাইতকৈ দুখৰ কথা, মোৰ সেইজনেই নাই৷

“হ’ব, হ’ব, মই যাওঁ এতিয়া৷ আৰু অলপ দেৰি হ’ল মায়ে বিচাৰি এইখিনি পাবহি৷”- কথাখিনি কৈয়ে বাসন্তী বহাৰ পৰা উঠিল৷ কিন্তু কৰুণাকাৰে তাইৰ হাতখন টানি আকৌ বহুৱাই দিলে, আৰু উন্মাদৰ দৰে দুয়োখন হাতেৰে বাসন্তীৰ ধক ধক কৈ বগা মুখখনক চুমাৰে উপচাই দিলে৷ তাৰ পিছত তাইৰ ফুলৰ পাহিৰ দৰে ওঁঠ দুটাতো৷ বাসন্তীয়েও কোনো আপত্তি নকৰিলে৷ উলটি দুয়োখন হাতেৰে তাক জোৰকৈ সাৱতিহে ধৰিলে৷ কাৰণ তাই বিচাৰিছিল কৰুণাকাৰে তাইক আৰু মৰম কৰক৷ এনেদৰেই চুমাৰে উপচাই পেলাওক তাইৰ দেহ-মন৷

পাৰ ভাঙি অহা নৈৰ দৰে কৰুণাকাৰৰ চুম্বন, বাসন্তীৰ কপাল, গলধন, পিঠি আৰু নাভিৰ ওপৰেদি বৈ গ’ল৷

“এৰি দে মোক৷ গাতো গৰম হৈ আহিছে ৷ মুকলিকৈ এইবোৰ কৰা ঠিক নহব৷” সহিব নোৱাৰি বাসন্তীয়ে ক’লে৷

কিন্তু কৰুণাকাৰে তাৰ হিতাহিত জ্ঞান হেৰুৱাই উন্মাদৰ দৰে বাসন্তীৰ ব্লাউজৰ হুক কেইটা খুলিবলৈ ধৰিলে৷ কিন্তু ঠিক সেই সময়তে কোনোবাই চাইকেল চলাই অহাৰ শব্দ শুনা গ’ল৷ বাসন্তী উচপ খাই উঠিল৷ লগে লগে তাই শাৰীখন ঠিক কৰি ল’লে৷ মেল খাই পৰা চুলি কোছা বান্ধি গছৰ পিছফালে লুকাই পৰিল৷

কৰুণাকাৰৰ উত্তেজনাৰ তেতিয়াও শাম কটা নাছিল৷ থকা ভাগেই সি ডিঙি মেলি আন্ধাৰৰ মাজত চাবলৈ চেষ্টা কৰিলে৷ সি দেখিলে কোনোবা এটাই চাইকেল মাৰি অৰ্জুন বাবাজীৰ মঠৰ ফালে গৈ আছে৷

ঃ আমাক দেখা পালে নেকি? – ভয়ে ভয়ে বাসন্তীয়ে সুধিলে৷

মানুহটো যোৱাৰ পিছত কৰুণাকাৰে তাৰ আধৰুৱা বাসনাক পূৰণ কৰিবলৈ আকৌ বাসন্তীক নিজৰ ফালে টানি আনিলে৷ কিন্তু বাসন্তী আৰু ৰৈ নাথাকিল৷ তাৰ হাতখন এৰুৱাই খৰখেদাকৈ তাৰ পৰা গুছি গ’ল৷

কৰুণাকাৰ অকলশৰে আম গছজোপাৰ তলতে বহি থাকিল৷ বলি থকা শীতল বতাহ জাকেও বাঢ়ি অহা তাৰ শৰীৰৰ উত্তাপ কমাব পৰা নাছিল৷

নুৱা নৈৰ ঘাটৰ পৰা আপোনমনে গাই থকা ঘাটোৱাল নাৰায়ণৰ গীতৰ কলিবোৰ আম গছজোপাৰ ওচৰলৈকে ভাহি আহিছিল৷ কৰুণাকাৰে লাহেকৈ উঠি এইবাৰ ঘাটৰ ফালে খোজ ল’লে৷ তাৰ মনটো মৰা৷ কাইলৈ পুৱাই বাসন্তী বাসুদেৱপুৰ গুছি যাব৷ কিয় জানো তাইক আৰু লগ নোপোৱাৰ কথা মনলৈ আহিলে তাৰ বুকুখন বিষাই উঠে৷

ঘাটতে ঘনশ্যামে চালিখনৰ তলত চাহ বনাই আছিল৷

ঃ ঘন চাহ একাপ দে৷ – কৰুণাই ঘাট পাই ঘনক ক’লে৷

কৰুণাকাৰক দেখি হাঁহি হাঁহি ঘনয়ে ক’লে, “কি হ’ল ঐ কলাকাৰ, আজি তোৰ ৰিহাৰ্চেল নাই নেকি? ইয়ালৈ আহিলি যে? চাবি আকৌ, সিফালে তোৰ চুলতানাক কোনোবাই লৈ যাব!”

ঘনৰ মুখত কথাটো শুনি কৰুণাকাৰ উচপ খাই উঠিল৷ বাসন্তীৰ কথা কিয় উলিয়ালে ই! সেই চাইকেল মাৰি যোৱা মানুহটো ঘন আছিল নেকি? নাই, ঘন নহয়, বাবাজীৰ মঠলৈ চাইকেল মাৰি যোৱাটো যে ইন্দ্ৰমণি আছিল সি ধৰিব পাৰিছিল৷ তথাপিও ওক মাৰি ওলাই আহিব খোজা তাৰ ভয়খিনিক চেপি ধৰি কোনোমতে কৰুণাকাৰে ক’লে, “ইমান চিন্তা হৈছে যদি তয়ে যা আকৌ৷ দে, দে আগে চাহ একাপ দে৷”

ঘনশ্যামে ষ্টোভৰ ওপৰত উতলি থকা কেটলিৰ পৰা চাহ অলপ গিলাচ এটাত বাকি, কৰুণাকাৰৰ ফালে আগুৱাই দিলে৷ পাৰতে থকা শিৰীষ গছজোপাৰ মাটিৰ ওপৰলৈ ওলাই অহা শকত শিপা এডালত বহি চাহ খাব লওঁতেই দেখিলে ঘাটোৱাল নাৰায়ণে গান গাই গাই তাৰ নাৱখন ঘাটত লগাইছেহি৷ নাৱখনৰ ওপৰত আছিল এখন মটৰ চাইকেল৷ ঘনৰ ষ্টোভত জ্বলি থকা জুইকুৰাৰ পোহৰ তাৰ হেণ্ডেলত পৰাৰ লগে লগে চিকচিকাই উঠিছিল৷

“এইয়া আমাৰ সভাপতি যেন লগা নাইনে? ক’ৰবালৈ গৈছিল হ’বলা৷” কৰুণাকাৰে নাৱখনলৈ চাই ক’লে৷

ঃ গৈছিল কাৰণেইতো ঘূৰি আহিছে৷ তোৰো যে কথা! ভালকৈ চা, সভাপতিৰ লগত নৰোত্তম মণ্ডলো আছে৷ দুদিনৰ আগত দুয়োজন ভুৱনেশ্বৰৰ ফালে গৈছিল৷

ঃ অ’ নৰোত্তম খুৰাও লগতে আহিছে ৷ আচ্ছা, তই গিলাচটো ৰাখ৷ চাহৰ পইচা খাটাত লিখি থবি৷ – গৰম চাহ কাপ একে উশাহতে গিলি, খালি গিলাচটো ঘনৰ ফালে আগুৱাই দিলে কৰুণাকাৰে৷

ঃ হেৰ, উতলা চাহ কাপ চৰ্বত খোৱা দি খালি যে? ক’ৰবাত জুই লাগিল নে কি? বহচোন অলপ, তোৰ লগত কথা আছে৷ – ঘনই ক’লে৷

ঠিক সেই সময়তে নাৰায়ণে চিঞৰিলে, “ঐ ঘনিয়া, নাৱৰ ৰছীডাল খুটাটোত বান্ধি দে৷”

“মাতিলেই নহয়!”, বুলি কৈ ঘন দৌৰ মাৰিলে নাৱ বান্ধিবলৈ৷ এইবাৰ কৰুণাকাৰে ঘাটৰ ফালে পিঠি দি বহিল৷ তাৰ অকনো ইচ্ছা নাছিল নৰোত্তম মণ্ডলৰ সৈতে মুখামুখি হোৱাৰ৷ ইতিমধ্যে বাসন্তীয়ে বঢ়াই থৈ যোৱা তাৰ শৰীৰৰ উত্তাপ লাহে লাহে শাম কাটিছিল৷ বুকুতে হাতদুখন সাৱট মাৰি লৈ সি জ্বলি থকা ষ্টোভটোৰ কাষৰ পৰা আঁতৰি আহিল৷

নাৱৰ পৰা ওলোৱাৰ সময়ত উদ্ধৱ মহান্তিয়ে নাৰায়ণক সুধিলে, “ বিশাল বাবুৱে আৰু কি কি ক’লে? ”

ঃ নাই, আৰু নো কি ক’ব? তেখেতৰো অলপ লৰালৰি আছিল৷ বেছিকৈ কথা পতা আৰু নহ’ল৷ – যোৱাবাৰৰ অভিজ্ঞতাৰ পৰা আৰু লুলু বিশালৰ কথা নুলিওৱাই ভাল বুলি ভাবি নাৰায়ণে কথা তাতেই সামৰিলে৷

ঃ হ’ব বাৰু৷ সি হে আমাক বেয়া পায়, আমাৰ মনত কিন্তু তেনেকুৱা একো নাই৷ কৈ দিবি তাক, যে চৰকাৰে খুব সোনকালেই এই নুৱা নৈৰ ওপৰত দলং নিৰ্মাণৰ কথা ঘোষণা কৰিব৷  – এক গুৰুত্বপূৰ্ণ তথ্য ফাদিল কৰা দি উদ্ধৱ মহান্তিয়ে নাৰায়ণক কাণ চুৱাই থ’লে৷

কথাষাৰ আহি কৰুণাকাৰৰ কাণতো পৰিল৷ পঞ্চায়তৰ সভাপতিয়েনো আৰু কি কি কয়, শুনিবলৈ বুলি এইবাৰ সি কাণ ঠিয় কৰিলে৷

ঘাটলৈ নমাৰ সময়ত লগতে অহা নৰোত্তম মণ্ডলে, উদ্ধব মহান্তিক ক’লে, “ মই কালি অলপ বাসুদেৱপুৰত থকা মিতিৰ এঘৰলৈ যাম৷ ঘূৰি আহোঁতে দুদিনমান লাগিব৷ তাৰ পৰা আহি হে যি যি কৰিব লগীয়া আছে সেইমতে আগবাঢ়িম আৰু৷ ”

ঃ এহ, এই সময়ত আৰু সেইবোৰ কথা নক’বা বুজিছানে! এতিয়া দুদিন কি, দুঘণ্টাৰ কাৰণেও বাহিৰলৈ যোৱাৰ কথা নক’বা৷ মই সকলো ব্যৱস্থা কৰি দিম৷ পূৰ্ণিমালৈ অকল তেইছ নে চৌবিছ দিন বাকী৷ ইয়াৰ আগত ক’লৈকো যাব নোৱাৰা নৰোত্তম৷ সময় তেনেই কম আৰু কৰিব লগা কাম বহুত ৷ মনত ৰাখিবা, এইয়া কিন্তু আমাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়৷ – ব্যতিব্যস্ত হৈ উদ্ধৱ মহান্তিয়ে বুজাবলৈ চেষ্টা কৰিলে৷

ঃ আপোনাৰ কথা মই বুজি পাইছোঁ৷ কিন্তু বৰ দৰকাৰী কাম এটাত হে মই যাব ওলাইছোঁ৷ মানে আপোনাক হে কৈছো কথাটো দেই, আমাৰ ডাঙৰজনীৰ কাৰণে ভাল প্ৰস্তাৱ এটা আহিছে৷ ল’ৰা হেনো ছুটীত ঘৰলৈ আহিছে৷ গতিকে এবাৰ নিজে গৈ কথা-বতৰা পাতি চাই আহিব লাগিছিল৷ – নৰোত্তম মণ্ডলে ক’লে৷

ঃ সেইটোক লৈ ইমান চিন্তা কৰিব লগীয়া কিটো আছে হে? লাগিলে আমি গাড়ীৰে ল’ৰাক আমাৰ গাঁৱলৈকে লৈ আহিম৷ বা অসুবিধা হ’লে আন কিবা ব্যৱস্থা হ’লেও কৰিম৷ ছোৱালী দেখোৱাৰ কথা হে? তাত ইমানকৈ চিন্তা কৰিব লগা কিটো আছে? আমি আলোচনা কৰি কিবা এটা উপায় উলিয়াম নহয়৷ – উদ্ধৱ মহান্তিয়ে ক’লে৷

ঃ চাওঁ চোন বাৰু৷ বলক আগে চাহ অলপ খাই লওঁ৷ বৰ জাৰ লাগিছে৷ – নৰোত্তম মণ্ডলে ক’লে৷

“হ’ব বাৰু৷ আচ্ছা, এই ইন্দ্ৰমণিক কিন্তু খবৰটো দিবা৷ সিয়ো আশা কৰি ৰৈ আছে৷ এতিয়ালৈকে দুবাৰমান আহিলেই, মোৰ ওচৰলৈ৷ তাক এই পেকেটতো দি দিম৷ ভালে ভালে তাৰো নাটকখনো হৈ যাওক৷ পিচে তোমাৰ মতে সাধাৰণ সভাখন কেতিয়া মানে কৰিলে ভাল হয়?” – উদ্ধৱ মহান্তিয়ে সুধিলে৷

ঘনয়ে দুহাতত দুগিলাচ চাহ আনি তেওঁলোকৰ হাতে হাতে দি থৈ গ’ল৷

ঃ সেই মহাদেৱ মন্দিৰ প্ৰাঙ্গনতে কৰা ভাল হ’ব৷ বেছি দূৰত কৰিলে মানুহবোৰে থেৰো-গেঁৰোখন লগাব৷ -নৰোত্তম মণ্ডলে নিজৰ পৰামৰ্শ আগবঢ়ালে৷

ঃ কিন্তু মোৰ এনে লাগিছে সোণাৰি গাঁৱৰ ফালে কৰিলে হে ভাল হ’ল হয় নেকি, নে কি কোৱা?

ঃ আগে ইন্দ্ৰমণিৰ লগত কথাটো পাতি লওক৷ সি নাটকখন য’ত কৰিব, তাতেই সভাখন কৰিলে ভাল৷

ঃ এহ, তোমাৰো আৰু কথা! এই নাটক-চাটকৰ পৰা আমাৰ কিডাল লাভ হ’ব? আমাৰ কাৰণে এতিয়া সভাখন মেইন৷ সভালৈ মন্ত্ৰী, এম.এল.এ আহিব৷ এতিয়া আমাৰ ক্ষমতা দেখুৱাৰ সময়, বুজিছানে নাই?

ঃ সকলো হৈ যাব৷ তাৰ কাৰণে পাঁচ, ছখন মান নাৱৰ ব্যৱস্থা আগে কৰিব লাগিব৷ সিপাৰৰ পৰা মানুহখিনি আহিবলৈ লাগিব নহয়৷ এইফালে প্ৰচাৰটো গোপীনাথপুৰলৈকে কৰিব লাগিব৷ আমাৰ গাঁৱৰ মানুহখিনিটো আছেই৷ তাতে মন্ত্ৰীও যদি সভালৈ আহে, তেতিয়া হেলিকেপ্টাৰ চাবলৈ বুলি মানুহবোৰেতো হেতা-ওপৰা লগাব৷ কিন্তু সেইদিনা ৰাতি খোৱাৰ ব্যৱস্থা এটাও কৰিব লাগিব৷ অন্ততঃ ভাত- ডালমা৷ – নৰোত্তম মণ্ডলে ক’লে৷

ঃ কৰিব লাগিব৷ মই পিচে আৰু এটা কথা ভাবিছিলোঁ৷ এই ফাকুৱাৰ দিনা পালনাম এভাগ কৰোৱালে কেনে হ’ব বাৰু? গাঁৱৰ মানুহখিনি গোট খালে হয়৷ পৰিৱেশটোও উৎসৱমুখৰ হৈ পৰিব৷ এবাৰ চিন্তা কৰি মোক জনাবাচোন৷ কিন্তু মনত ৰাখিবা, এই সনা দাসে যেন আমাৰ পৰিকল্পনাৰ কোনো ভু নাপায়৷ জানাই নহয় কেনেকুৱা মানুহ৷ কথাই প্ৰতি সন্দেহ৷ বাপেক যেনেকুৱা, পুতেকো সেই একেই৷

চাহ খাই ইতিমধ্যে শেষ হৈছিলেই দুয়োজনৰে৷

ঘনয়ে তেওঁলোকৰ গিলাচ দুটা আনি পানীৰ বাল্টিটোৰ ভিতৰতে থৈ দিলে৷

উদ্ধৱ মহান্তিও গৈ নিজৰ মটৰ চাইকেলখনত বহিল৷

নৰোত্তম মহান্তিয়ে আকৌ সুধিলে, “পিচে ইন্দ্ৰমণিক কি বুলি ক’ম?”

ঃ ব’লা মোৰ লগত, কৈ আছো ৷

মটৰচাইকেলখনে দুয়োজনকে উঠাই গাঁৱৰ পিনে লৈ গুছি গ’ল৷

তেওঁলোক যোৱাৰ পিছত চালিৰ পিছফালৰ পৰা লাহেকৈ কৰুণাকাৰ ওলাই আহি আকৌ ঘনক চাহ একাপ দিবলৈ ক’লে, “আগৰ গিলাচ একেবাৰে চেঁচা হৈ গৈছিল অ’ ঘন, আৰু এগিলাচ দে৷”

ঃ চাহ ঠাণ্ডা আছিল নে, তই ঠাণ্ডা পৰি গৈছিলি?

কৰুণাকাৰৰ আৰু ঘনৰ লগত মুখ চলাই থাকিবৰ মন নগ’ল৷ তাৰ বাসন্তীলৈ হে বাৰে বাৰে মনত পৰিছিল৷ কপাহী সূতাৰ শাৰীখনে তাইক যে কিমান ধুনীয়া লাগিছিল৷ চুম্বকৰ দৰে টানি লৈ গৈছিল তাক৷ তাইৰ শৰীৰৰ সেই কেঁচা হালধিৰ গোন্ধই তাৰ মন মতলীয়া কৰি পেলাই আৰু বঢ়াই তোলে শৰীৰ উত্তেজনা৷

“আজি আৰু ৰিহাৰ্চেল লৈ তোৰ যোৱা নহ’ব যেন হে লাগিছে?” – ঘনয়ে সুধিলে৷

“চাহকন শেষ কৰি যাম৷ চিগাৰেট আছে নেকি তোৰ ওচৰত?”- কৰুণাকাৰে সুধিলে৷

“সকলোৱে নোৱাৰোঁ বুলি কোৱাৰ পিছত হে আপোনাৰ ওচৰলৈ আহিছোঁ৷ পাৰে যদি অলপ সহায় কৰক৷ দহ হাজাৰমান টকাৰ বৰ প্ৰয়োজন হৈছিল৷”- ইন্দ্ৰমণিয়ে ক’লে৷

“এই সময়খিনি হৈছে এক প্ৰকাৰৰ সন্ধিক্ষণ৷ দিন আঁতৰি, লাহেকৈ সন্ধ্যা নামিছে৷ সাধাৰণতে এইখিনি সময়ত মই কাকো নিৰাশ কৰি নপঠিয়াও৷ তুমি আগতেও এবাৰ আহিছিলা৷ কিন্তু বিশ্বাস কৰা, বৰ্তমান মোৰ হাতত দিবলৈ ইমান টকা নাই৷ যি আছিল, সেইয়া কোনোবাই ধাৰলৈ বুলি লৈ গ’ল৷ পাৰিলে এক তাৰিখৰ পিছত এবাৰ আহা, তেতিয়া নি(য় তোমাক কিবা অলপ সহায় কৰিব পাৰিম৷” – অৰ্জুন বাবাজীয়ে ক’লে৷

অৰ্জুন বাবাজীয়ে যে মিছা মতা নাই সি বুজি পাইছিল৷ পিচে গংগাধৰ মাষ্টৰক কোনে বুজায়? মানুহটোৱে একেবাৰে তৎ নোহাৱা কৰি পেলাইছে তাৰ! ইন্দ্ৰমণিৰ নিজকে অসহায় যেন লাগিল৷

অলপ সময় কিবা এটা চিন্তা কৰি বাবাজীয়ে আকৌ ক’লে, “আচ্ছা, তুমি অলপ বহাচোন বাৰু৷ মোৰ সন্ধ্যা আৰতি দিয়াৰ সময় হৈছে৷ প্ৰাৰ্থনা কৰি উঠি আকৌ আমি কথা পাতিম৷ একেখন গাঁৱতে থাকিও তোমাৰ সৈতে দেখা সাক্ষাৎ বৰ বেছি নহয়৷ আজি বহা অলপ৷”

কিন্তু ইন্দ্ৰমণিৰ হাতত আৰতি বা ভজন শুনাৰ সময় নাই৷ কিবা কৰি পইচাৰ যোগাৰ কৰি, আকৌ আখৰালৈ যাব লাগে৷ এতিয়াও ‘ৰেজিয়া চুলতান” নাটকখনৰ আখৰা ভালকৈ আৰম্ভ হোৱা নাই৷ বাবাজীয়ে হাতত পইচা নাই বুলি কৈয়ে দিলে যেতিয়া, এনেয়ে ইয়াত সময় নষ্ট কৰি কি লাভ? নে বাবাজীৰ পইচা দিয়াৰ সংকেত আছিল সেইয়া? নহ’লে তেওঁৰ লগত বহি ভজন শুনাৰ কথা কিয় ক’লে হয়! বাৰু আহিলেই যেতিয়া আৰু অলপ সময় ৰৈ যোৱাত কি আপত্তি? পঞ্চায়তৰ সভাপতি উদ্ধৱ মহান্তিয়ে কিন্তু তাক বৰ আশা দিছিল৷ দুবাৰকৈ তেখেতৰ ঘৰলৈ গৈয়ো সি শুদা হাতে আহিব লগীয়া হৈছে৷ ফুটা-কড়ি এটাও নিদিলে মানুহটোৱে৷ এইবাৰ কিন্তু সি খোলাখুলিকৈ কৈ দিব, “দিব পাৰে যদি দিয়ক, নহ’লে নাই বুলি কৈ দিয়ক৷” অন্ততঃ সি অন্য কিবা ৰাস্তা বিচাৰিব৷ কিন্তু ইন্দ্ৰমণিৰ হাতত আন পথ কিবা থাকিলে হে? তাৰ সংস্থাৰ নামত আহিব লগীয়া পইচাখিনিও এতিয়ালৈকে হাতত পৰা নাই৷ নতুন চৰকাৰে বেচৰকাৰী সংস্থাবোৰৰ ওপৰতো কঠোৰ নিয়ম জাপি দিছে৷ মানে এই সময়খিনিত তাক চাৰিওফালৰ পৰা চেপি ধৰিছে৷

অহা সংখ্যাত………….

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top