প্ৰত্যাশা (জিনামণিবৰা) – Purbodix.com

প্ৰত্যাশা (জিনামণিবৰা)

খিৰিকীৰে সন্ধিয়াৰ পশ্চিম আকাশলৈ চাই চাই শিৱানন্দ শৰ্মা ভাবত বিভোৰ হৈ আছিল৷ ক্ষণে ক্ষণে আকাশখনে বৰণ সলাইছে৷ একোবাৰ সোণবৰণীয়া হৈ দুচকু ভৰাই তুলিছে, আকৌ ৰাঙলী বৰণ ধৰি আকাশখন ৰঙাই তুলিছে৷ কিন্তু অলপ পিছতে লীয়া ডাৱৰ এচপৰাই আহি হঠাতে গোটেই আকাশখন অন্ধকাৰা২৬ন্ন কৰি পেলাইছে৷ ঠিক তেওঁৰ জীৱনটোৰ দৰেই৷ শৰ্মাৰ মনটো বিষাদে আৱৰি পেলালেহি৷

  শিৱানন্দ শৰ্মাই বোৱাৰীয়েকে দিয়া চাহ কাপ লৈ ভিতৰৰ পৰা ওলাই আহি আগফালৰ বাৰাণ্ডা পালেহি৷ তেওঁ সন্মুখলৈ চকু ফুৰালে৷ অসম আৰ্হিৰ পুৰণি ঘৰটো ভাঙি পুত্ৰ অভিয়ে নতুনকৈ সাজি পেলোৱা ঘৰখনৰ সন্মুখত এতিয়া পুৰণি গছ এজোপাও নাই৷ মাকৰ কাঢ়া নিৰ্দেশ আছিল– “তগৰ, খৰিকাজাঁই কেইজোপা কিন্তু কেতিয়াও নাকাটিবি দেই৷’’ শিৱানন্দ শৰ্মাই বাৰাণ্ডাত থকা তেওঁৰ নিদিষ্ট চকিখনত আহি বহিলহি৷ সন্ধিয়াৰ মৃদু বতাহজাকত জকমকাই ফুলি থকা খৰিকাজাঁই জোপাৰ সুঘ্ৰাণ কেউফালে বিয়পি পৰিছে৷ আস! চকুকেইটা মুদি দীঘলকৈ উশাহ লে তেওঁ৷ এনেকুৱা লাগিল—- লা ফুলৰ পুৰণি মুগাৰ কাপোৰযোৰ পিন্ধি অবৰীত তগৰ ফুল এপাহ গুজি লৈ জকমকাই ফুলি থকা খৰিকাজাঁই জোপাৰ মাজত ৰৈ পত্নী সবিতাই যেন তেওঁক সুধিছে– “মই নথকা ঘৰখনত আপোনাৰ বাৰু অসুবিধা হৈছে নেকি? খোৱাবোৱাবোৰ সময়মতে কৰি আছেনে? দৰৱপাতিবোৰ ঠিকমতে খাই আছে নে নাই?’’ এনেতে আকাশৰ বুকুৱেদি উৰি যোৱা এজাক নীড়মুখি পক্ষীৰ কোলাহলত তেওঁ বাস্তৱলৈ উভতি আহিল৷ দীঘলকৈ হুমুনিয়াহ এটা কাঢ়ি খৰিকাজাঁই আৰু তগৰজোপালৈ চাই ভাবিলে—– পত্নীৰ অবিহনে তেওঁ কেনেকৈ পাৰ কৰিব জীৱনৰ বাকী থকা সময়খিনি! চাকৰি কৰা নাছিল শৰ্মাই৷ সৰুসুৰা ঠিকাঠুকলি কৰিয়েই ঘৰখন চলোৱাৰ লগতে একমাত্ৰ পুত্ৰ অভিক পঢ়ুৱাই শুনোৱাই মানুহ কৰিছিল৷ অভিয়ে চাকৰি পোৱাৰ পাছত তেওঁক সি জিৰণি বলৈ দিলে৷ কৰ্মময় জীৱনৰ পৰা অৱসৰ লোৱাৰ পাছৰে পৰা পতিপত্নী দুয়ো দুয়োৰে পৰিপূৰক হৈ পৰিছিল৷ পত্নী সবিতাৰ হঠাৎ গা বেয়া হোৱাৰে পৰা তেওঁৰ সকলো কামতে শৰ্মাই সহায় কৰি দিয়াতো যে নিয়মত পৰিণত হৈছিল৷ এতিয়া হঠাৎ বাৰু তেওঁ কেনেকৈ আঁকোৱালি লয় এই একাকিত্বক৷

  পত্নী সবিতা ঢুকোৱা আজি দহদিনেই লহি৷ পুৱাৰ পৰাই ব্যস্ততাৰে ভৰা আছিল আজিৰ দিনটো৷ কাইলৈ সবিতাৰ শ্ৰাদ্ধ৷ পোবোৱাৰী, ভায়েকতিনিও মিলি অতি আগ্ৰহেৰে শ্ৰাদ্ধ ভাগৰ পুৰোহিত যোগাৰকে ধৰি অতিথি আপ্যায়নৰ বাবে ৰান্ধনী যোগাৰ কৰালৈকে সকলো কামৰ তদাৰক কৰিছে৷ ভাই বোৱাৰীয়েকে আজলীৰ হতুৱাই পুৱাই সকলো কাপোৰকানি ধুৱাই ঘৰদুৱাৰ মচিকাচি চাফা কৰি পেলালে৷ ভনীয়েক তিনিজনীয়েও ঘৰদুৱাৰ বাদ দি এইকেইদিন তেওঁৰ লগতেই আছেহি৷ মুঠতে কাইলৈ শ্ৰাদ্ধ ভাগ সুকলমেই পাৰ হৈ লেই আৰু৷ তেহে সবিতাৰ আত্মাই শান্তি পাব৷ শিৱানন্দ শৰ্মাই আকাশলৈ মূৰ তুলি চালেতেওঁৰ বুকু সুদা কৰি পত্নী সবিতাই আকাশৰ বহল বুকুত আশ্ৰয় লেগৈ কোনোদিন উভতি নহাৰ প্ৰতিশ্ৰুতিৰে৷

   কথাবোৰ ভাবি থাকোঁতেই সন্ধিয়া পাৰ হৈ গৈছে৷ ষ্ট্ৰিট লাইটৰ অস্পষ্ট পোহৰবোৰে ঠাইখিনি ৰহস্যময় কৰি তুলিছে৷  তেওঁ বহাৰ পৰা উঠি চাহ খোৱা কাপটো লৈ বাৰাণ্ডাৰ পৰা ভিতৰলৈ ল৷

   শিৱানন্দ শৰ্মাই তুলসীজোপাৰ গুৰিত চাকিগছ জ্বলাই দিলে৷ তাৰপিছত ধূনাদানিত শুকান নাৰিকলৰ আহখিনিত জুই লগাই ধুনা অলপ ছটিয়াই পদূলিমুখ আৰু আটাইকেইটা কোঠা ঘূৰাই আনি তেওঁৰ নিজৰ কোঠাত সোমাল৷ আজি এই কোঠাটোত তেওঁৰ পত্নী সবিতা নাই৷ চাপৰ মেজ এখনত সবিতা স্থিৰচিত্ৰ হৈ বহি আছে৷ এইকেইদিন ফটোখনৰ আগত চাকি জ্বলাই ৰখা হৈছে৷ আজিও চাকিগছ জ্বলি আছে৷ শৰ্মাই ধূনাদানিটো গোটেই কোঠাটোত এবাৰ ঘূৰাই আনি সবিতাৰ ফটোখনৰ আগত লে৷ চাকিগছৰ শলিতাদাল কাঠিডালৰে আগুৱাই দি কাষতে থকা বটলটোৰ পৰা তেল অকন ঢালি দিলে৷ চাকিগছৰ পোহৰে কোঠাটো আলোকিত কৰি তুলিলে৷ ফটোখনৰ কাষতে লেপেটা কাঢ়ি বহি তেওঁ ফটোখনলৈ চাই চাই ভাবিবলৈ ধৰিলেসঁচাকৈয়ে দেৱীৰ দৰে আছিল এই মানুহজনী৷ এনেকুৱা মানুহ এগৰাগীক তেওঁ পত্নী হিচাপে পাইছিল, যিগৰাকীয়ে কাৰো মাজত কেতিয়াও ভিন্নতা দেখা নাপাইছিল৷ সকলোকে হিয়াত ঠাই দিবলৈ তেওঁৰ হিয়াখন ইমানেই ডাঙৰ আছিলনে!

  এটা এটাকৈ পুৰণি দিনৰ কথাবোৰে শৰ্মাৰ মনত দোলা দিবলৈ ধৰিলে৷ চহৰখনৰ মাজ মজিয়াত আছিল তেওঁৰ ঘৰ৷ তেওঁৰ দেউতাক দুখীৰাম শৰ্মা সঁচা অৰ্থতে দুখীৰাম আছিল৷ বৰ দুখকষ্টৰ মাজেৰে তেওঁ সাতজনীয়া পৰিয়ালটো পোহপাল দিছিল৷ পৰম্পৰাগভাবে পিতৃপিতামহৰ দিনৰে পৰা চলি থকা যজমানি বৃত্তিটোকে লৈ তাৰ পৰা পোৱা ধনৰেই পৰিয়ালটোৰ অভাৱবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰিছিল৷ খাইবৈ ৰাহি হোৱা দুটকামান বেঙ্কত জমা কৰি দেউতাকে এদিন খেৰবাঁহৰ ঘৰটো ভাঙি পকাৰে এটি সৰু ঘৰ সাজিছিল৷ দুটা ৰা, তিনিজনী ছোৱালী, মাকদেউতাকমুঠ সাতজন মানুহ সেই সৰু ঘৰটোতে আৱদ্ধ আছিল৷ ৰাছোৱালীকেইটাক লৈ তেওঁ সপোন দেখিছিল৷ কিন্তু দেউতাকৰ সপোনে পূৰ্ণতা নৌ পাওঁতেই এদিন মানুহ এঘৰত পূজা কৰি উভতি আহোঁতে দুৰ্ঘটনাত পতিত হৈ তেওঁৰ মৃত্যু হৈছিল৷ তেতিয়াৰ পৰাই ডাঙৰ ৰা হিচাবে ঘৰৰ সমস্ত দায়িত্ব শিৱানন্দ শৰ্মাৰ ওপৰত আহি পৰিছিল৷

  শিক্ষাজীৱন আধাতে সমাপ্ত কৰি তেওঁ পি ডব্লিউ ডিৰ ইঞ্জিনীয়াৰ হোৱাৰ পৰিবৰ্তে পি ডব্লিউ ডি অফিচৰ এজন বি ক্লাচ কণ্ট্ৰে×কটৰ হৈ দেউতাকৰ সপোনক পূৰ্ণতা দিছিল৷ শৰ্মাই ভায়েকভনীয়েককেইটাক উচ্চ শিক্ষা দিয়াত অলপো কৃপণালি কৰা নাছিল৷ উচ্চ শিক্ষা লৈ ভায়েকে বেঙ্কত চাকৰি পালে৷

  তই বিয়া পাত৷ পৰিয়ালৰ সকলোৰে একেটাই কথা, একেটাই উপদেশ৷ ইতিমধ্যে ভায়েকেও বিয়া পাতিলে৷ চাকৰিসূত্ৰে সি পত্নীসহ কলিকতাত৷ তাতেই সি ফ্লেট কিনি স্থায়ীভাৱে থাকিবলৈ লে৷ শিৱানন্দ শৰ্মাই কিন্তু তিনিওজনী ভনীয়েক আৰু মাকক লগত লৈ দেউতাকে সাজি থৈ যোৱা অসম আৰ্হিৰ সৰু ঘৰটোতেই থাকি ল৷

  তই মত দেছোন, এবাৰ হা কৰছোন৷ ছোৱালী আমি বিচাৰিম নহয়৷শিৱানন্দ শৰ্মাই জানে, মাকভনীয়েকহঁতে তেওঁৰ বাবে ছোৱালী এজনী বিচাৰি পাব৷ কিন্তু তেওঁ বিচৰাৰ দৰে ভাল, বুজা ছোৱালী এজনী পাবনে?

   বিয়াৰ কথাটোৱে চিন্তাত পেলাইছিল তেওঁক৷ তিনিজনীকৈ ভনীয়েকক বিয়া দিবলৈ আছে৷ কোনে বুজিব এইবোৰ কথা?

  বিছনাত দীঘল দি পৰি তেওঁ ভাবিছিল, এৰা! এতিয়া সময় জীৱনলৈ কাৰোবাক আদৰি অনাৰ৷ কিন্তু কাক! অতীতৰ পাত লুটিয়াই মনত পেলায়৷ নাই…, এনে কোনো ছোৱালী তেওঁৰ দৃষ্টিলৈ নাহিল, যাৰ সান্নিধ্যই তেওঁৰ চিন্তাবোৰ দূৰ কৰিব৷ ঘৰখনৰ দায়িত্ব আৰু কৰ্তব্যবোৰ নিজৰ বুলি লৈ ঘৰখন চলাই নিয়াত তেওঁক সহায় কৰিব৷

   ওচৰৰে বিয়া এখনত দেখা ছোৱালী এজনীক মাকৰ পচন্দ হৈছিল৷ আলেঙে আলেঙে খবৰ কৰি মাকে জানিব পাৰিছিল মাকদেউতাক নথকা ছোৱালীজনী ককায়েকনবৌয়েকৰ লগতে থাকে৷ পঢ়াশুনা বেছি নকৰিলে যদিও ঘৰুৱা কামবনৰ লগতে ৰন্ধাবঢ়া, চিলাই, ঊল গুঠা, গৃহ সজ্জা আদি সকলোতে পাৰদৰ্শী৷ সবিতা তাইৰ নাম৷

   এদিন বন্ধু এজনৰ লগত শিৱানন্দ শৰ্মা সবিতাহঁতৰ ঘৰলৈ গৈছিল৷ তেওঁতকৈ দহবছৰমান সৰু ব৷ লাহিকৈ ওখ, মাগুৰ বৰণীয়া সবিতা দেখিবলৈ ধুনীয়া আছিল৷ প্ৰথম দেখাতেই তেওঁক গভীৰবোধসম্পন্ন যেন লাগিছিল শৰ্মাৰ৷ আৰু সেয়ে হয়তো প্ৰথম দেখাতেই তেওঁ সবিতাক পচন্দ কৰিছিল৷ এদিন কপৌ আৰু তগৰ ফুলাৰ বতৰতেই শিৱানন্দ শৰ্মাই সবিতাক তেওঁৰ জীৱনলৈ আদৰি আনিছিল৷ নিজৰ ওপজা গৃহ এৰি সবিতাই গৃহলক্ষ্মী হৈ তেওঁৰ ঘৰ শুৱনি কৰিছিলহি৷ এনেকৈয়ে দুটা জীৱন এক হৈছিল৷ এখন সুখৰ সংসাৰৰ আৰম্ভণি হৈছিল৷ সবিতাৰ দেহৰ অনামি গোন্ধ এটা যেন এই মুহূৰ্তত তেওঁৰ নাকত লাগিলহি৷ আজি পত্নীৰ অনুপস্থিতিৰ এই নিঃসংগ ক্ষণত সবিতাৰ সকলো গুণে ধৰা দিলেহি শিৱানন্দ শৰ্মাৰ দৃষ্টিত৷ 

  মাকে পছন্দ কৰি দিয়া সবিতাজনী ভাল ছোৱালী আছিল৷ এক সাধাৰণ সহজ, সংস্কাৰী নাৰী৷ ঠিক মাক আৰু তেওঁ বিচৰাৰ দৰেই৷ ৰন্ধাবঢ়া, পূজাপাঠ, মিতিৰকুটুম, পৰিয়ালপৰিজনক আদৰআপ্যায়ন আদিতেই সবিতা ব্যস্ত৷ শিৱানন্দ শৰ্মাৰ অগাধ ধনসম্পতি নাছিল৷ কিন্তু থকাখিনিক লৈয়েই সবিতা সুখী আছিল৷ শহুৰেকে সাজি থৈ যোৱা পুৰণি সৰু অসম আৰ্হিৰ ঘৰখনতেই সপোনৰ সৰগ ৰচিছিল৷ ইয়াতকৈ বেছি একো বিচৰা নাছিল বা বিচাৰিবলৈয়ো নাজানিছিল৷ সৰু সৰু সুখবোৰ লৈয়ে সবিতা সুখী আছিল৷ তেওঁক লৈয়ো সবিতা ব্যস্ত আছিল৷ সময়মতে খোৱাবোৱা দিয়া, পোছাকপৰি২৬দ যতনাই ৰখা, তেওঁ খাই ভালপোৱা ব্যঞ্জনবোৰ সুস্বাদুকৈ ৰন্ধাএইখিনি লৈয়ে সবিতা সুখী আছিল৷ অকল পত্নী হিচাপেই নহয়বোৱাৰী, নবৌ, খুড়ী, মামী, মাপ্ৰতিটো ৰূপতেই তেওঁ আছিল অনন্যা৷ তেওঁলোকৰ সংসাৰ সাৰ্থক কৰিবলৈ এদিন সবিতাৰ কোলা শুৱনি কৰিছিলহি অভিয়ে৷ অভিক বৰ মৰমত ডাঙৰ কৰিছিল দুয়ো৷ সবিতাই বহুত সপোন দেখিছিল পুতেকক লৈ৷ কিন্তু সেইবুলি ঘৰখনৰ প্ৰতি থকা দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি সবিতাই কেতিয়াও অৱহেলা কৰা নাছিল৷ বৰঞ্চ সেই দায়িত্ব আৰু কৰ্তব্যবোৰ পালন কৰি যাবলৈ তেওঁ শৰ্মাক হাত উজান দিছিল৷

   দিনবোৰ বাগৰি গৈ থাকিল মাহ হৈ বছৰ হৈ৷ এই দিনবোৰৰ মাজতেই সবিতাৰ তৎপৰতাত শিৱানন্দ শৰ্মাই তিনিজনীকে ভনীয়েকক বিয়া দি তেওঁৰ দায়িত্ব পালন কৰিছিল৷ তাৰ মাজতেই তেওঁ মাককো হেৰুৱালে৷ মাকক হেৰুৱাই তেওঁ শূন্য হৈ পৰিছিল৷ বিশেষকৈ মাক তেওঁৰ কাৰণে শান্তিৰ নীড় আছিল৷ তেওঁৰ পিঠিয়েমূৰে বুলাই দিয়া মাকৰ হাতৰ স্পৰ্শ হেৰুৱাই তেওঁ যেন শূন্য হৈ পৰিছিল৷ কিন্তু সবিতাই সেই শূন্য ঠাই পূৰণ কৰিছিল৷ মৰমী পত্নীৰ হাতৰ স্পৰ্শই তেওঁৰ জীৱনটো আগবাঢ়ি যোৱাত সহায় কৰিছিল৷

   ঘৰখনৰ বোজা লৈ লৈ ভাগৰি পৰা শিৱানন্দৰ কাৰণে সবিতাৰ বৰ চিন্তা হৈছিল৷ সেয়ে তেওঁৰ মাক ঢুকোৱাৰ পিছৰে পৰা তেওঁক লৈ সবিতা ভীষণ ব্যস্ত হৈছিল৷ তাৰ সমান্তৰালকৈ তেওঁ সংসাৰ লৈ, সন্তানক লৈয়ো ব্যস্ত হৈছিল৷ সবিতাই সপোন দেখিছিল পুতেক অভিক লৈ৷ মনতে আশা পুহি ৰাখিছিল দেউতাকে কৰিবলৈ বাকী থকা কামবোৰ পঢ়িশুনি ডাঙৰ হৈ সি সম্পূৰ্ণ কৰিব৷ সবিতাই আশা কৰিছিল উৱলি যাব ধৰা তেওঁলোকৰ পুৰণি ঘৰটো পুতেকে এদিন নতুনকৈ সাজি উলিয়াব৷

  লাহে লাহে অভি ডাঙৰ হৈ আহিছিল৷ শিৱানন্দ শৰ্মাই যেনেকৈ ভায়েকভনীয়েকহঁতক উচ্চ শিক্ষা দিয়াৰ ক্ষেত্ৰত কোনো কৃপণালি কৰা নাছিল৷ ঠিক তেনেকৈ পুতেককো পঢ়াৰ ক্ষেত্ৰত সকলোখিনিয়েই সুবিধা দিছিল৷ ফলস্বৰূপে অভিয়ে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ইঞ্জিনীয়াৰিং কলেজত নাম লগাইছিলগৈ৷ এদিন সি প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান দখল কৰি মেকানিকেল ইঞ্জিনীয়াৰ হৈ ওলাই আহিছিল৷ আৰু নিজৰ দক্ষতাৰ বলতেই .পি..চি.- অৱতীৰ্ণ হৈ পি.ডব্লিউ.ডি.- চাকৰি এটাও লাভ কৰিছিল৷ ৰাঙলী আকাশখনৰ দৰে সেইদিনা শিৱানন্দ শৰ্মাৰ মনৰ আকাশখনো তৃপ্তিৰ ৰঙেৰে ভৰি পৰিছিল৷ কিয়নো ইঞ্জিনীয়াৰ হোৱাৰ আশা ত্যাগ কৰি তেওঁ কণ্ট্ৰেকটৰ লগা হৈছিল৷ কিন্তু তেওঁৰ সেই আশা পুত্ৰই পুৰণ কৰিছিল৷ সেয়ে তেওঁৰ আনন্দে হিয়া নধৰা হৈছিল৷ আৰু অভিৰ কৃতকাৰ্যতাত সবিতাৰ সপোনবোৰেও যেন লাহে লাহে পাহি মেলিছিল৷

   এৰা! সবিতাৰো নিজৰ এক মন, এক অস্তিত্ব আছে৷ সবিতাৰ বুকুৰ হাহাকাৰবোৰ তেওঁ কাহানিও উপলব্ধি কৰা নাছিল, বুকুৰ শূন্যতাবোৰ দেখা পোৱা নাছিল৷ সংসাৰৰ যতমানে জঞ্জাল মাৰিও ভাগৰি নপৰা মানুহজনীৰ পোৱানোপোৱাৰ হিচাপনিকাচ তেওঁ কোনোদিনেই নকৰিলে৷ সদায় ঘৰখন আৰু আলহীঅতিথিৰ সেৱাশুশ্ৰুষাতে ব্যস্ত হৈ থকা সবিতাৰ সৰল মুখখনত কিন্তু তেওঁ প্ৰাপ্তিৰ কিছু সুখ, কিছু আনন্দ দেখা পাইছিল সেইদিনা…, যিদিনা তেওঁলোকৰ একমাত্ৰ পুত্ৰ অভিয়ে ককাকৰ দিনৰ পুৰণি ঘৰটো নতুন ধৰণেৰে সাজি উলিওৱাৰ প্ৰস্তাৱটো তেওঁলোকৰ আগত দাঙি ধৰিছিল৷

   গৃহ প্ৰৱেশৰ শিৱ পূজাভাগ সুন্দৰকৈ হৈ গৈছিল৷ পূজাৰীৰ মন্ত্ৰোচ্চাৰণ, হোমৰ ধোঁৱা আৰু গোন্ধে গোটেই পৰিৱেশটোকেই মাংগলিক কৰি তুলিছিল৷ শিৱানন্দ শৰ্মাৰ হেঁপাহৰ ঘৰখনত সেইদিনা তেওঁৰ পুনৰ শুভ পদাপৰ্ণ হৈছিল৷ অন্নবস্ত্ৰবাসস্থান জীৱনৰ তিনিটা মৌলিক উপাদান৷ বৰষুণৰ পৰা ৰক্ষা পাবলৈ, দিনটোৰ কৰ্মৰাজিৰ শেষত আহি নিশাৰ বিশ্ৰামৰ বাবে প্ৰতিজন লোকৰে প্ৰয়োজন হয় এই বাসস্থানৰ৷ সবিতাৰ মন সেইদিনা পৰিপূৰ্ণ হৈ পৰিছিল৷ সেয়া সম্ভৱ হৈছিল একমাত্ৰ পুত্ৰ অভিৰ কাৰণে৷ সংসাৰৰ দায়িত্ব পালন কৰি কৰি ভাগৰি পৰা শিৱানন্দ শৰ্মাৰ কাৰণে কিন্তু সেয়া সম্ভৱ নহৈছিল৷ সেয়ে সবিতা স্বামীৰ সুখতেই সুখী আছিল৷ মাত্ৰ সপোন দেখিছিল পুত্ৰ অভিক লৈ৷ অৱশেষত সেই সপোন তেওঁৰ পূৰ্ণ হৈছিল৷

   ঘৰ লোৱাৰ দিনটো বৰ ব্যস্ততাৰে পাৰ হয় মাকপুতেকৰ৷ আটাইবোৰ বস্তু কি কেনেকৈ তাক আগতেই ভাবি থৈছিল যদিও কৰি যাওঁতে মাকপুতেক দুয়োৰে যথেষ্ট সময় লাগিছিল৷ শিৱানন্দই কৈছিল সবিতাক– “নতুন ঘৰটোত সোমালো যেতিয়া লাহে লাহে কামবোৰ কৰি থাকা৷ ইমান লৰালৰি কৰাৰ সকাম নাই৷ অলপ জিৰণি লৈ লাহেধীৰে সজাইপৰাই লোৱা৷’’ প্ৰত্যুত্তৰত সবিতাই কৈছিল– “আপুনি কি বুজিব! নিজৰ ঘৰখন সজোৱাৰ হেঁপাহ যে প্ৰতিগৰাকী নাৰীৰে অন্তৰত সুপ্ত হৈ থাকে৷ গতিকে মোৰ এনে লাগিছে যেন একেদিনাই ঘৰখন সজাইপৰাই স্বৰ্গপুৰী বনাই পেলাম৷’’ সবিতাৰ কথাত শিৱানন্দ শৰ্মাই আচৰিত হৈ ভাবিছিল, তাৰমানে! তেওঁক ঘৰখনৰ দায়িত্ব আৰু কৰ্তব্যবোৰ নিয়াৰিকৈ কৰি যোৱাত সহায় কৰি কৰি সবিতাই নিজৰ হেঁপাহবোৰ, আনন্দবোৰ অন্তৰতে লুকুৱাই ৰাখিছিল! শিৱানন্দ শৰ্মাই বহা ঠাইৰ পৰা উঠি আহি সবিতাক সাবটি ধৰিছিল৷ দুয়োৰে চকুৰে তপত চকুপানী দুটোপাল সৰি পৰিছিল, সেয়া যে আনন্দাশ্ৰু/

   ঘৰ লোৱাৰ চাৰি মাহমানৰ পিছতেই অভিয়ে বিয়া পাতিছিল৷ অভিয়ে নিজৰ পছন্দমতে বিয়া পাতিলেও বোৱাৰী হিচাপে ৰিংকীক পায়ো সুখী হৈছিল সবিতা৷

  ৰিংকিক নিজৰ পছন্দ মতে বিয়া কৰালেও অভিয়ে ৰিংকিক কৈছিল– “মাদেউতাক সদায় সন্মান কৰিবা৷ বিশেষকৈ মাক বুজিবলৈ যত্ন কৰিবা, উপকৃত তুমিয়েই বা৷ মাক অইন সাধাৰণ নাৰীৰ লগত তুলনা নকৰিবা৷ সদয় মনত ৰাখিবা তেওঁ মোৰ মা৷’’

   অভিৰ কথা মানি চলিছিল ৰিংকিয়ে৷ সবিতায়ো ৰিংকিক নিজৰ ছোৱালীৰ দৰে কথাবোৰ শিকাইছিল৷ সেয়ে ৰিংকিয়ে মাক আৰু শাহুৱেক সবিতাৰ মাজত একো পাৰ্থক্য বিচাৰি পোৱা নাছিল৷

  কিন্তু জোনাকৰ শেষত আন্ধাৰ অহাৰ দৰেই শিৱানন্দ শৰ্মাৰ জীৱনলৈও যেন অমানিশা নামি আহিছিল৷ পুত্ৰৰ বিয়াৰ অলপ দিনৰ পিছতেই ধৰা পৰিছিল সবিতাৰ শৰীৰত কেঞ্চাৰৰ বিষাক্ত কীট৷ তেওঁ বুকু ভৰি ভাল পোৱা মানুহজনী কেঞ্চাৰত আক্ৰান্ত হোৱা খবৰটোৰ দুখে তেওঁক কোঙা কৰি পেলাইছিল৷ এটা বিষাক্ত কীটে কুটি কুটি খাই পেলালে তেওঁৰ শৰীৰ৷ ছমাহ মানো নালাগিল বেমাৰটোৱে তেওঁৰ শৰীৰ, মন, মগজু সকলো নিঃশেষ কৰি পেলাবলৈ৷ শিৱানন্দ শৰ্মাই ভগৱানকে দিনে ৰাতিয়ে প্ৰাৰ্থনা কৰিছিল তেওঁলোকৰ মাজৰ পৰা সবিতাক যাতে নিয়তিয়ে কাঢ়ি লৈ নাযায়৷ কিন্তু ভগৱানে তেওঁৰ প্ৰাৰ্থনা নুশুনিলে৷ অৱশেষত ডাক্তৰে হাত দাঙি দিয়াৰ বাহিৰে একো উপায় নাছিল৷

  এতিয়া শিৱানন্দ শৰ্মাক লৈ ব্যস্ত বলৈয়ো সবিতা নাই৷ সবিতা তেওঁক এৰি গুচি গৈছে৷ সকলো প্ৰচেষ্টা, কষ্টক নস্যাৎ কৰি তেওঁক এৰি, সন্তানক এৰি, এই ঘৰবাৰী এৰি এক অবৰ্ণনীয় বিষাদৰ মাজত তেওঁলোকক পেলাই থৈ সবিতা আঁতৰি ল৷ কিমান হেঁপাহ আৰু আদৰযত্নেৰে তেওঁ চিক্চিকীয়াকৈ ৰাখিছিল এই ঘৰ৷ এই ঘৰখনেই সবিতাৰ পৃথিৱী আছিল৷ তেওঁলোক আছিল তেওঁৰ পৃথিৱীখনৰ চাৰিসীমা৷ তাৰ বাহিৰত এটা খোজো পেলোৱা নাছিল সবিতাই৷ এতিয়া তেওঁ অকলে কেনেকৈ চম্ভালিব সবিতাৰ পৃথিৱীখন৷

   অসংলগ্ন ভাববোৰৰ মাজতে তেওঁৰ দুচকুত ভাহি আহিল সেই দশ্য– “চোতালৰ মূৰৰ তুলসীজোপাৰ তলত বগা কাপোৰেৰে ঢাকি থোৱা আছিল সবিতাৰ মৃতদেহ৷ লাহে লাহে আগবাঢ়ি গৈ তেওঁ উদঙাই দিছিল বগা কাপোৰখন৷ সবিতাৰ কমনীয় মুখমণ্ডলত বিয়পি পৰিছিল গভীৰ প্ৰশান্তি৷ চোতালত অগণন মানুহ৷ শিৱানন্দ শৰ্মাৰ মুখেৰে এটা যন্ত্ৰণাকাতৰ চিঞৰ ওলাই আহিছিল৷’’

   “দেউতা, দেউতাতুমি বলা ইয়াতে বহি আছা? পুৰোহিত হৰি ঠাকুৰ আহিছে৷ কাইলৈৰ শ্ৰাদ্ধ ভাগৰ জাযোগাৰ ঠিকমতে হৈছেনে নাই খবৰ বলৈ৷’’

 

   পুতেক অভিৰ মাতত শিৱানন্দ শৰ্মা বাস্তৱলৈ ঘূৰি আহিল৷ কোনো এটা কোঠাতে দেউতাকক বিচাৰি নাপাই সি মাকৰ কোঠালৈ আহি দেখা পাইছিল-– দেউতাকে দুচকু চপচপীয়া কৰি মাকৰ ফটোখনৰ সন্মুখত লেপেটা কাঢ়ি বহি আছে৷ ইতিমধ্যে ধূনাবাতিৰ অঙঠা ছাইত পৰিণত হৈ গৈছিল৷ সি আগবাঢ়ি গৈ দেউতাকৰ কান্ধত হাতখন ৰাখিলে৷ শিৱানন্দ শৰ্মাই পুতেকৰ হাতখন খামুচি ধৰি হুক্হুকাই কান্দি উঠিল৷ vv

Leave a Reply

Your email address will not be published. Required fields are marked *