সন্ধিয়া সময়খিনিত আগফালৰ বেলকনিখনত সদায় বহাৰ দৰে আজিও বহিবলৈ মই ওলাই আহিলো৷ আকাশখনলৈ চাই দেখিলো– শৰতৰ আকাশত কাঁচি জোনৰ আভাস৷ সেমেকা বতাহ এচাটিয়ে চুই গ’ল মোক৷ বতাহত বৈ পৰিছিল শেৱালিৰ সুৱাস৷ কোনোবা প্ৰতিবেশীৰ চোতাল চাগে, শুৱনি কৰি তুলিছে শেৱালিজোপাই? শেৱালিৰ সুৱাসত পুলকিত হৈ মই দীঘলকৈ ঘ্ৰাণ এটি টানি ল’লো—দুৰ্গা পূজালৈ আৰু মাত্ৰ কেইটামান দিন!
শাৰদীয় উৎসৱ দুৰ্গা পূজা বুলি ক’লে আজিও যেন উৎসাহৰ অন্ত নাই৷ এমাহমানৰ পৰাই গা সাতখন আঠখন৷ কি লম পূজাত, কোনদিনা কি পিন্ধিম, ইত্যাদি ইত্যাদি৷ প্ৰথমে সাজোন –কাচোনৰ কথাই মনলৈ আহে তাৰ পিছতহে দেৱী মাৰ ওচৰত পূজা–অৰ্চনা, শৰাই, পুষ্পাঞ্জলী দিয়াৰ চিন্তা৷ নহ’বনে কিবা? এটা বছৰ বাট চাব নালাগে জানো দুৰ্গা পূজালৈ? পূজাৰ মণ্ডপত ভোগ খোৱাৰ আনন্দও কম জানো? এওঁ জানে মোৰ ভোগৰ প্ৰতি থকা লোভকণ৷ কিয়নো নকৰিম? ঘৰত নালাগে কোনোবা ৰেষ্টুৰেণ্টেও জানো এনেকুৱা সোৱাদ লগাকৈ বনাব পাৰিবনে? আচলতে তেৱো চাগে ভাল পায় কিন্তু মই ক’লেই এঙাই দেখুৱায়৷ কাৰণটো মই নুবুজা নহয়, এই যে হেঁচা–ঠেলাকৈ সোমাই মেলি বহাৰ চিট দখল কৰিব লগা হয় যে! খোৱা শেষ হ’বলৈ নাপাওঁতেই কাষত আহি মানুহ থিয় দিয়েহিয়েই আৰু খোৱা পাতখনলৈ চাই চাই, ‘বোলো কিমান খাৱ আৰু? উঠ৷ আমিবোৰ বহিব লাগে৷’ আৰু অকণ খিচিৰি লোৱাৰ ইচ্ছা থাকিলেও উঠি আহিব লগীয়া হয়৷ উঠিবলৈ নৌপাওঁতেই সিফালে বহিবলৈ সোমালেই এজাক৷ কি কম আৰু সকলোৰে একেই ভোক, একেই লোভ৷ দুবছৰমান এইবোৰ কাৰণতেই ভোগ খাবলৈ নাপালো৷ মানুহজনক অসন্তোষ কৰি নিজে জানো সন্তোষ লৈ বহি থাকিব পাৰি?
এইবাৰ কিন্তু বিশেষভাৱে আমি ভোগৰ বাবে নিমন্ত্ৰণ পালো৷ কমিটিৰ মানুহ চিনাকি থাকিলে এনেকুৱা সুবিধা কেতিয়াবা পোৱা যায়৷ এইবাৰ নাই কোনো হেঁচা–ঠেলা৷ মোৰ মানুহজনকো ৰাজী কৰাব পাৰিলো৷ উৎসাহ এইবাৰ যেন দুগুণে বাঢ়িল৷ কোনদিনা কি পিন্ধিম সকলোবোৰ আগতীয়াকৈ ঠিক কৰিলোৱেই মই৷ এওঁ কিন্তু এদিনেই ভোগ খাবলৈ যাব বুলি ক’লে৷ ‘ঠিক আছে৷’ ময়ো মান্তি হ’লো৷ “নাই মোমাইতকৈ কণা মোমায়েই ভাল৷’’
মহা অষ্টমীৰ দিনা দেৱী ‘মা’ লৈ শৰাই আগবঢ়াই সেইদিনাই ভোগ খাম বুলি আমি ঠিক কৰিলো৷ বাকী কেইদিন ৰেষ্টুৰেণ্ট কেইখনতে চলি যাব৷ মুঠতে পূজাৰ দিন কেইটাত মোৰ কিচ্ছেন বন্ধ থাকিবই লাগিব৷
যথা দিনত দোলাত মৰ্তগমন কৰা দেৱী ‘মা’ক ঢাক–ঢোলেৰে, সভক্তিৰে পূজা–অৰ্চনা কৰি বেদীত স্থাপন কৰা হ’ল৷ পূজা আৰু পূজা! ৰঙচঙীয়া লাইট, বেলুন, পেপাৰ পেঁ পেঁ শব্দ আৰু দূৰ্গতি নাশিনীৰ জয় গানেৰে যেন চাৰিওফালে উৎসৱ মুখৰ পৰিৱেশ৷ ময়ো সাজোন–কাচোনেৰে হাতত ফুল আৰু ধূপ –চাকি লৈ মানুহজনৰ সৈতে সভক্তিৰে দেৱী ‘মা’ৰ সন্মুখত আঁঠু লৈ পুষ্পাঞ্জলী আগবঢ়ালো৷ জয়ঢোলৰ শব্দত গমগমাই আছে পূজাস্থলী৷ মহামায়াৰ আশীষ শিৰত লৈ এওঁৰ হাতত ধৰি মণ্ডপৰ পৰা নামি আহিব লওঁতেই হঠাৎ দেখিলো সন্মুখৰ আসনত বহি থকা এযোৰ তীক্ষ্ণ সন্ধানী চকুৱে যেন মোকেই লক্ষ্য কৰি আছিল৷ মূহূৰ্ততে এটি কম্পন বৈ গৈছিল মোৰ শৰীৰেদি৷ এটা মূহূৰ্তও লগা নাছিল মোৰ সেই চকুযুৰি চিনি পাবলৈ৷ পোন্ধৰ বছৰৰ পিছতো একেই আছে সেই চকুযুৰিৰ চাৱনি৷ এইবাৰ বুকুৰ ভিতৰতে যেন পুনৰ বাজি উঠিছিল জয়ঢোলটো!
মনটো উভতি গৈছিল পোন্ধৰ বছৰৰ আগৰ কোনোবা এটি শৰতৰ আবেলিলৈ– সেইদিনা পিছে নিয়ৰ সৰা নাছিল, তাৰ সলনি আকাশৰ বুকুৰ পৰা কিন্ কিন্ কৈ বৰষুণ হে পৰিছিল৷ বতৰটোৱে যেন শীত আৰু সন্ধিয়াক জোৰকৈ নমাই আনিবলৈ চেষ্টা চলাইছিল৷ বতৰটো দেখিয়েই অফিচৰ পৰা সোনকালে ওলাইছিলো মই৷ এই আপদীয়া বৰষুণটো এতিয়াহে আহিব পালেনে? ছাতিও নাই বেগত৷ পুৰণিগুডামত মোৰ অফিচ৷ বাছত অহা যোৱা কৰো৷ বাছৰ পৰা নামি ঘৰলৈকে এচোৱা বাট খোজকাঢ়িব লাগে৷ আচলতে বৰ এটা দূৰ নহয় সেইবাবে হয়তো ৰিক্সা আহিবলৈ টান পায়, ভাৰা পাঁচ টকাও কিজানি বেছিহে হয়, সেয়ে খোজকাঢ়িয়েই অহা–যোৱা কৰো, এক্সাচাইজ এটাও হয়৷ কিন্তু আজি এই আৱতৰীয়া বৰষুণটোৱেহে বিপাঙত পেলালে মোক৷ ৰাস্তাটোৰ অৱস্থাও তথৈৱচ৷ ঠায়ে ঠায়ে বৰষুণৰ পানী জমা হৈ বোকাময় হৈ পৰিছে৷ মই আৰু বোকা পানীৰ মাজেদি কোনোমতে খুপিজুপি জপং জপংকৈ আহি আছো৷ সন্মুখেদি স্বয়ং ভগৱান পাৰ হৈ গৈছে যদিও মুৰ তুলি চাবৰ উপায় নাই, ভৰি গৈ ক’ৰ খালত সোমাব একো ঠিক নাই৷ তেনে সময়তে এই হেন পথত সন্মুখেদি তীব্ৰ গতিত অহা বাইক এখনে মোৰ গোটেই গাতে বোকাৰে ফুটুকী বাচি পাৰ হৈ গ’ল৷ মই তলকিবই নোৱাৰিলো৷ ঘূৰি চাওঁ মানে বাইক গৈ কোনোবা লংকা পালেগৈ৷ কৰিবলৈকো একো উপায় নাই৷ খঙত মনৰ ভিতৰতে বাইক চালকটোক এশ এবুৰি গালি পাৰি পাৰি আহি ঘৰ পালোহি৷
পিছদিনা অফিচলৈ যাবলৈ বাছৰ বাবে ৰৈ থাকোঁতে দেখিছিলোঁ বাইক এখনৰ পৰা ল’ৰা এটা নামি আহি মোলৈ সৰু কাগজ এখন আগবঢ়াই দিছিল৷ কি আছে বুলি চকু ফুৰাই দেখিছিলোঁ ডাঙৰকৈ লিখা আছে– ‘SORRY’৷ মই কিবা কোৱাৰ সুযোগেই নাপালোঁ, ইতিমধ্যে আতঁৰি গৈছিল সি৷ সেয়াই আৰম্ভণি৷ তাৰ পিছত প্ৰায়ে তাক মই দেখা পোৱা হ’লো৷ সিয়ো চাই, ময়ো তাক চাই পাৰ হৈ যাওঁ৷ মোৰ মনৰ পৰা তাৰ প্ৰতি থকা খঙটো লাহে লাহে নাইকিয়া হৈ পৰিল৷ এদিন সি মোলৈ চাই হাঁহিলে, ময়ো মিচিকিয়া হাঁহিৰে প্ৰত্যুত্তৰ দিলো৷ ইতিমধ্যে আমি চকুৰ চিনাকি হৈ পৰিছিলোঁ৷ আমি প্ৰায়ে দেখা–দেখি হোৱা হ’লো৷ কেতিয়াবা যদি বাছৰ বাবে ৰৈ থাকোঁতে, কেতিয়াবা অফিচৰ পৰা আহোঁতে, কেতিয়াবা শ্বপিঙলৈ যাওঁতে আৰু একো নহ’লে কেতিয়াবা সপোনতো তাক দেখা পোৱা হ’লো৷ কেইবাদিনো মই তাক সপোনতো দেখিছো৷ এই সপোনবোৰো যে আৰু! যাক চাব বিচাৰো তাক হ’লে নেদেখো৷ সপোনত সেই ল’ৰাটোকনো কিয় দেখো মই নিজেই ভাবি নাপাওঁ৷ ইতিমধ্যে মোৰ বিয়াও প্ৰায় ঠিক হোৱাৰ নিচিনাই৷ এজন নতুন পুৰুষক মোৰ জীৱনলৈ স্বাগতম জনাবলৈ সাজু হৈছো৷
সদায় দেখি থকা ল’ৰাটোৰ প্ৰতি মোৰ কিবা এটা ভাল লাগিবলৈ ধৰিলে৷ বিশেষকৈ তাৰ চকুযুৰি৷ বৰ গভীৰ সেই চকুযুৰিৰ চাৱনি৷ কিবা এটা যেন ক’ব বিচাৰে মোক সেই দুটি চকুয়ে৷ মোতকৈ সি তিনি–চাৰি বছৰমান চাগে সৰুৱেই হ’ব কিজানি৷ তাৰ প্ৰতি মোৰো কিবা এটা মৰম উপজিবলৈ ধৰিলে৷ এনেকৈয়ে আমি প্ৰায়ে লগ পোৱা হ’লো৷ আচৰিত লাগে মোৰ কেতিয়াবা, ইমাননো সময়বোৰ মিলেনে আমাৰ যে য’তেই যাওঁ তাতেই তাক লগ পাওঁ? তেতিয়ালৈকে আমাৰ মাজত কথাৰ আদান–প্ৰদান হোৱাই নাছিল৷ চকুৱে চকুৱেই যেন কথা পাতিছিলো আমি আৰু এদিন মই তাৰ চকুৰ ভাষা পঢ়ি পেলাইছিলো৷ অসম্ভৱ! এয়া কেতিয়াও হ’ব নোৱাৰে৷ সি মোতকৈ সৰু৷ তাতোতকৈও ডাঙৰ কথা মই এতিয়া এজনৰ বাগদত্তা৷ কেইমাহ মানৰ পিছতে তেওঁৰ সৈতে মই এটা নতুন জীৱনৰ বাটত খোজ পেলাম৷ মই তাৰ পৰা লুকাবলৈ চেষ্টা কৰিলো, তাক দেখিলে নেদেখাৰ ভাঁও ধৰি আতঁৰি যাবলৈ বিচাৰিলো৷ কেনেবাকৈ চকুত পৰিলেও মুখ ঘূৰাই আনো৷ মোৰ তাক দেখুওৱা এই সকলোবোৰ অৱজ্ঞা দেখিও যেন বুজি নোপোৱাৰ দৰেই থাকিল সি৷ মোক লগ ধৰি কথা পাতিবলৈ চেষ্টা কৰিলে সি৷ তাক আতঁৰত কেনেবাকৈ দেখা পালেই মই লুকাবলৈ চেষ্টা কৰো৷ সি যেন মোৰ বাবে সন্ত্ৰাস সৃষ্টি কৰিবলৈ ধৰিলে৷ মোৰ বাছৰ পিছে পিছে গৈ সি কেতিয়াবা মোৰ অফিচ পৰ্যন্তও ওলাই গৈ৷ অফিচৰ বাহিৰত ঘণ্টাৰ পিছত ঘণ্টা অফিচ চুটি নোহোৱালৈকে ৰৈ থাকে৷ কি কৰা যায়? উপায় নাপাই মই মোৰ ক্ল’জ দুজনীমান ক’লিগকো কথাটো অৱগত কৰালো যদিও মই তাৰ অনিষ্ট হোৱাটোও বিচৰা নাছিলো৷ মোৰো বাৰু কৰ’বাত তাৰ প্ৰতি অকণমান দূৰ্ব্বলতাৰ সৃষ্টি হৈছে নেকি? ইচ্ছা কৰিলে মই তাৰ প্ৰতি কঠোৰ হ’ব পাৰিলোহেতেঁন, ঘৰৰ মানুহক কৈ মেলি তাক পুলিচত দিয়া পৰ্যন্তও কৰাব পাৰিলো হয়, কিন্তু মই সেইবোৰ একো নকৰিলো আৰু এদিন তাক লগ ধৰাৰ কথা ভাবিলো৷ মই জানিবই লাগিব সি এইদৰে মোৰ পিছ লৈছে কিয়? আচলতে সি মোৰ পৰা বিচাৰিছে কি?
সঁচাকৈয়ে এদিন অফিচৰ পৰা আহোঁতে মই তাক লগ ধৰিছিলো৷ মোক হতবাক কৰি সি অতি নিষ্ঠাৰে স্বীকাৰ কৰিছিল মোক ভাল পোৱাৰ কথা৷ ইয়াকো জনাইছিল মই যে তাতকৈ ডাঙৰ সেয়াও সি জানে৷ সি ইঞ্জিনিয়াৰিং কমপ্লিট কৰি চাকৰিৰ ইণ্টাৰভিউ দি আছে৷ চাকৰি পালেই সি মোক তাৰ প্ৰেম মুকলিভাৱে নিবেদন কৰিলেহেঁতেন৷ অকল প্ৰেমেই নহয়, সি মোক তাৰ নিজৰ কৰিবৰ বাবে মোৰ মা–দেউতাৰ ওচৰত দুয়ো হাত যুৰি নিবেদনো কৰিলেহেতেঁন৷ মই তাক বুজাবলৈ বহু চেষ্টা কৰিছিলো৷ কিন্তু সি যেন শপত খাইহে থৈছিল মোৰ কোনো কথাই নুবুজিবলৈ৷ বহু কথাই ক’লো মই তাক যদিও মোৰ বিয়া ঠিক হৈ থকাৰ কথা মই তাক ক’ম বুলিও ক’ব নোৱাৰিলো৷ সেয়া মোৰ ভয় নে আন
(অহা সংখ্যাত…)