লাউপাৰাস্থিতমূলশ্ৰীশ্ৰীশ্যামৰায়সত্ৰৰভকতসকলৰজীৱনীকোষ (ধাৰেশ্বৰপালদাস) – Purbodix.com

লাউপাৰাস্থিতমূলশ্ৰীশ্ৰীশ্যামৰায়সত্ৰৰভকতসকলৰজীৱনীকোষ (ধাৰেশ্বৰপালদাস)

লাউপাৰাস্থিত শ্ৰীশ্ৰীশ্যামৰায় সত্ৰৰ উৎপত্তি সম্বন্ধে আৰু এই সত্ৰখনৰ চালিকা শক্তি সত্ৰাধিকাৰ প্ৰভূসকলৰ বংশানুক্ৰম নামসহ তথ্য শ্ৰীশ্ৰীশ্যামৰায় সত্ৰৰ মাহাত্ম্যৰে ‘‘লাউপাৰাৰ সৌৰভ’’ নামৰ কিতাপখনত পঢ়িবলৈ পালো৷ খ্ৰীষ্টীয় পোন্ধৰশ শতিকাৰ কিছু আগতে এই সত্ৰখন স্থাপিত হৈছিল৷

সত্ৰখন উৎপত্তিৰ সময়ৰ পৰা, প্ৰায় ১৮৬৮ চনৰ আগত, এই সত্ৰখনত কিমানসংখ্যক ভকতে প্ৰসঙ্গ কৰিছিল জানিব নোৱাৰিলো৷ ইয়াৰ পিছৰ, বহু কেইজন দেউৰী ভকত, পাহেৰী ভকত আৰু মহন্ত ভকতেও শ্যামৰায় সত্ৰত প্ৰসঙ্গৰ লগতে বিভিন্ন কাৰ্যসিদ্ধি কৰি ইহঃ সংসাৰৰ পৰা গুচি ল৷

অতীতৰ পৰা এই শ্যামৰায় সত্ৰখন লুইতৰ খহনীয়া আৰু প্ৰাকৃতিক দুৰ্যোগে ঠন ধৰি উঠিব নিদিলে৷ সত্ৰাধিকাৰ প্ৰভুসকল, ভকতসকল আৰু সত্ৰ পৰিচালনা সমিতিৰ মৃত আৰু জীৱিত মহান ব্যক্তিসকলে সত্ৰখনৰ বাবে বহু কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিলে৷ তাৰ বিনিময়ত, গন্ধৰ দিয়া গাঁৱৰ জনসম্পদেৰে সমৃদ্ধশালী লাউপাৰাৰ ভক্তপ্ৰাণ ৰাইজে আধ্যাত্মিক আৰু সংস্কৃতিৰ কেন্দ্ৰ হিচাবে শ্ৰীশ্ৰীশ্যামৰায় সত্ৰখন পাবলৈ সক্ষম লো৷

এই সত্ৰৰ অধীনৰ সমূহ শিষ্য আৰু ৰাইজ একতাৰ ডোলেৰে বান্ধ খাই থাকি আজি শ্যামৰায় প্ৰভুৰ ওচৰত মুৰ দোৱাই গৌৰৱবোধ কৰিছো৷

প্ৰায় ১৮৬৮ চনৰ বৰ্তমানলৈ, শ্ৰীশ্ৰীশ্যামৰায় সত্ৰত প্ৰসঙ্গৰ লগতে অন্যান্য কাৰ্যসিদ্ধ কৰা, মৃত আৰু জীৱিত এই ভকতসকলৰ বংশৰ নাতিপুত্ৰৰ সুত্ৰে লোৱা তথ্যৰ ভিত্তিত জীৱিত কালৰ এটা চমু জীৱনী কোষ লিখি থোৱাৰ মানস কৰিলোঁ৷

অগ্ৰজসকলৰ স্মৃতিত মণিৰাম মেধিৰ আগৰ ভকতসল পাহৰণিৰ গৰ্ভত৷

ৰ৷            মণিৰাম মেধি             পুৰণি লাউপাৰাৰ পূব চুবুৰীৰ পাগলাদিয়া, পুঠিমাৰী উপনৈ দুখনৰ সঙ্গমস্থলৰ ওচৰতে এওঁৰ বসতি আছিল৷ (মণিৰাম মেধিৰ দেউতাকো এজন মহন্ত ভকত আছিল, নামটো অজ্ঞাত) এওঁ সৰুৰে পৰা কৃষি কৰ্মত ব্যস্ত আছিল৷ সেই সময়ত স্কুলীয়া শিক্ষা বিশেষ পোৱা নাছিল যদিও শাস্ত্ৰজ্ঞান আহৰণ কৰি লাউপাৰা অঞ্চলত ধৰ্মীয় লোক হিচাবে খ্যাতি অৰ্জন কৰিছিল৷ এওঁ এজন ভাল সমাজ সংগঠক হিচাবেও পৰিচিত আছিল৷

                              এওঁ কম বয়সতে মহন্তৰ বাব লৈ, বহু বছৰ ধৰি শ্যামৰায় সত্ৰৰ ভকত হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল৷ মৃত্যুৰ সময়ত তিনিজন ৰা আৰু দুজনী ছোৱালী ইহ সংসাৰত এৰি থৈ যায়৷

২৷             দুলাল কলিতা             এওঁ লাউপাৰা অঞ্চলত দুল্লৰ্ভ ভকত হিচাবে পৰিচিত আছিল৷ পুৰণা লাউপাৰাৰ পূব চুবুৰীত পাগলাদিয়া নৈৰ ওচৰতে এওঁৰ বসতি আছিল৷

                              এওঁৰ দেউতাকো আছিল এজন মহন্ত৷ নিজ ঘৰতে পূৰ্ব পুৰুষে স্থাপিত কৰি থৈ যোৱা সচংখন এওঁ প্ৰতি পালন কৰিছিল৷ লাউপাৰা অঞ্চলৰ লগতে বিভিন্ন ঠাইত ভকত সেৱা অনুষ্ঠিত কৰি ধৰ্মীয় বাতাবৰণ গঢ়ি তুলিছিল৷ এওঁ বহু বছৰ ধৰি শ্ৰীশ্ৰী শ্যামৰায় সত্ৰত মহন্ত ভকত হিচাবে কাৰ্য সম্পাদন কৰিছিল৷

                              এওঁলোকৰ সচংখন ১৯৭১ চনত ব্ৰহ্মপুত্ৰৰ পৰা খহনীয়াত বিলীন হৈ যায়৷

৩৷            নিভাৰ্ষা মেধি              এওঁ আছিল, ভকত  ঁমণিৰাম মেধিৰ ডাঙৰ ৰা৷ ক্ষীণ, ওখ আৰু গাৰ বৰণ মিঠা ৰঙৰ আছিল৷ এওঁ ডেকা অৱস্থাত এজন ভাল খেতিয়ক আৰু অতি পৰিশ্ৰমী লোক আছিল৷ নম্ৰতা, ভদ্ৰতা এওঁৰ আছিল এটা বিশেষ গুণ৷ ডেকা অৱস্থাৰ পৰা কীৰ্তন ঘোষা, নামঘোষা পঢ়ি বৰ ভাল পাইছিল আৰু আনকো শুনাইছিল৷ এওঁ বংশানুক্ৰমে পোৱা নীতিনিয়মানুৱৰ্তিতা বজাই ৰাখিব পাৰিছিল বাবে, শ্যামৰায় সত্ৰত দেউৰী ভকত হিচাবে বহু বছৰ কাৰ্য নিৰ্বাহ কৰাৰ সুবিধা পাইছিল৷ মৃত্যুৰ সময়ত দুজন ৰা আৰু তিনিজনী ছোৱালী ইহ সংসাৰত এৰি থৈ যায়৷

৪৷             সনাৰাম কলিতা         এওঁ ভকত দুলাল কলিতাৰ প্ৰথম ৰা৷ এওঁক লাউপাৰা অঞ্চলৰ লগতে ওচৰৰ বিভিন্ন ঠাইত ‘‘সনাপাণ্ডা’’ হিচাবেহে ভালদৰে জানিছিল৷ লাউপাৰা আৰু ওচৰৰ অঞ্চল বিশেষত যেতিয়া কলেৰা ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছিল, এইজনা পাণ্ডাই কলেৰাৰ ভূত খেদিছিল৷

                                             লোক বিশ্বাস মতে তেতিয়াৰ মানুহে চৌতালীক নাম ধৰি ৬যজ্জ টা নাগাৰা বজাইছিল৷ নাগাৰা কোবৰ তালে তালে হাতত লাঠি লৈ পাণ্ডাই জক্ দি কলেৰা ভূত খেদিছিল৷ এওঁ বিভিন্ন ৰোগৰ আয়ুৰ্ব্বেদ চিকিৎসা কৰি মানুহৰ প্ৰিয়পাত্ৰ হৈছিল৷

                                             প্ৰায় দুবছৰ মান শ্যামৰায় সত্ৰৰ দেউৰী ভকত হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল৷

প্ত৷            বংশী পাল দাস            পুৰণি লাউপাৰাত, শ্যামৰায় সত্ৰৰ পূবফালে থকা (পেৰামাৰী) চুবুৰীত এওঁ বাস কৰিছিল৷

                                             ১৯৬৪ চনৰ কোনোবা এটা মাহত, শ্যামৰায় সত্ৰ পৰিচালনা সমিতি আৰু তেতিয়াৰ সত্ৰাধিকাৰ  পূৰ্ণদেৱ গোস্বামীদেৱে এওঁক শ্যামৰায় সত্ৰৰ পাহেৰী ভকত হিচাবে দায়িত্ব দিছিল৷

                                             এওঁ সৰুৰ পৰা অতি সাহসী আৰু নিৰ্ভীক লোক আছিল৷ ডেকা অৱস্থাৰ পৰা, কুকুৰে কামোৰা চিকিৎস্যা ব্যাধিৰ বিশিষ্ট চিকিৎসক, শাস্ত্ৰজ্ঞ আৰু সুদক্ষ ৰান্ধনি আছিল৷ তেতিয়াৰ কেবাগৰাকী উপায়ুক্ত আৰু মন্ত্ৰীৰ পৰা ৰান্ধনি হিচাবে পদক, লগতে প্ৰমাণ পত্ৰ লাভ কৰিছিল৷

                                             ১৯৪২ চনৰ অসহযোগ আন্দোলনত সক্ৰিয় সদস্য আৰু লাউপাৰা হাইস্কুল প্ৰতিষ্ঠা কৰা তেতিয়াৰ উদ্যমী ডেকাসকলৰ ভিতৰত এজন আছিল৷

                                             এওঁ শ্যামৰায় সত্ৰৰ উৎসৱপাৰ্বনসমূহত, নানা ৰঙৰ ফুল আৰু বিভিন্ন ৰঙীন কাপোৰেৰে মণিকুটো সজাইপৰাই ধৰ্মপ্ৰাণ ৰাইজৰ মন আপ্লুত কৰিব পাৰিছিল৷

                                             ব্ৰহ্মপুত্ৰৰ খহনীয়াত, শ্যামৰায় সত্ৰ ছয়বাৰ স্থানান্তৰ হোৱাত, সেই দুখদুৰ্দশাৰ সময়ত এইজনা ভকতে অতি কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি, সত্ৰৰ মূল সম্পদসমূহ অক্ষত অৱস্থাত ৰাখি থৈ গৈছে৷

 

অহা সংখ্যাত

Leave a Reply

Your email address will not be published. Required fields are marked *