
উপকৰণ ঃ
পকা অমিতা– আধা টুকুৰা, চুজি– ১ কাপ, নাৰিকল পাউদাৰ– ৪ চামুচ ডাঙৰ চামুচেৰে, চেনী– ১ কাপ, ইলাচী গুড়ি– ১ চামুচ, কাজু– ৪যপ্ত টা (কাটি লোৱা), কিচমিচ– ৪যপ্ত টা, আলমণ্ড– ৪যপ্ত টা (কাটি লোৱা), মগজ– ১ চামুচ, ঘী– ২ চামুচ
প্ৰণালী ঃ
প্ৰথমে পকা অমিতা টুকুৰা বাকলি গুচাই সৰু টুকুৰা কৰি কাটিলৈ মিক্সিত মিহিকৈ পেষ্ট প্ৰস্তুত কৰি ল’ব৷
এখন পেনত এক চামুচ ঘী দি কাজু, কিচমিচ, আলমণ্ড, মগজ এই আটাইখিনি উপাদান ভাজি এখন প্লেটত টুকি ৰাখিব৷
এতিয়া এখন ননষ্টিক কেৰাহীত ঘী দি চুজি কাপ ভাজি থাকিব৷ যেতিয়া চুজিখিনি ভাজ খাব তেতিয়া পকা অমিতাৰ পেষ্টখিনি দি পুনৰ লৰাই কম জুইত ভাজি থাকিব৷ এতিয়া চুজি আৰু অমিতাৰ পেষ্টখিনিৰ লগতে চেনী, নাৰিকল পাউদাৰ আৰু ইলাচী গুড়িখিনি দি ভালদৰে লৰাই দিব৷ আগতে ভাজি থোৱা কাজু, কিচমিচ, আলমণ্ড আৰু মগজখিনি দিব৷ ভালদৰে লৰাই কম জুইত ভাজি থাকিব৷ যেতিয়া চুজি আৰু অমিতাৰ পেষ্টখিনি ভাজ খাই শুকাই আহিব তেতিয়া অলপ সময় ঠাণ্ডা হ’বলৈ দি হাতত অকণমান ঘী সানি লৈ এটা এটাকৈ লাডুখিনি প্ৰস্তুত কৰি ল’ব৷ এতিয়া প্ৰস্তুত হৈ যোৱা পকা অমিতাৰ লাডুখিনি কাজু গাৰ্নিছ কৰি পৰিৱেশন কৰিব৷
ভাপা দৈ

উপকৰণ ঃ
পূৰবী গাখীৰৰ দৈ – ৪০০ গ্ৰাম, মি{¨মেড– ৪০০ গ্ৰাম, গাখীৰ– ২য৩ চামুচ (প্ৰয়োজন অনুসৰি), ইলাচী গুড়ি – ১ চামুচ, কিচমিচ– ৪যপ্ত চামুচ, আলমণ্ড– ৪যপ্ত টা (কাটি লোৱা)
প্ৰণালী ঃ
প্ৰথমে দৈখিনি এখন চাফা পাতল কাপোৰত বান্ধি ২য৩ ঘণ্টা মান সময় ওলোমাই ৰাখক যাতে গৈ থকা পানীখিনি সম্পূৰ্ণভাৱে ওলাই যায়৷ তাৰ পিছত দৈখিনি এটা পাত্ৰত উলিয়াই লৈ ভালদৰে ফেটি লওক৷ লগত মিক্সমেডখিনি, গাখীৰ দুই চামুচ মান আৰু ইলাচী গুড়িখিনি দি আকৌ খুব ভালদৰে মিহিকৈ ফেটি মিশ্ৰণ প্ৰস্তুত কৰি লওক৷ এতিয়া এটা টিফিনৰ বাটিত ঘী সানি লৈ মিশ্ৰণখিনি ঢালি দি ওপৰত কাটি লোৱা আলমণ্ড আৰু কিচমিচখিনি দি ল’ব৷ টিফিনৰ বাতিটো ঢাকোনখন লগাই দিব, টিফিনৰ বাটিতো ফইল পেপাৰেৰে বান্ধি ল’ব৷
এতিয়া এখন কেৰাহীত পানী দি এডাল ষ্টেণ্ড পাৰি লৈ টিফিনৰ বাটিতো বহুৱাই দি ঢাকোন লগাই দিব৷ প্ৰায় ৩৫য৪০ মিনিট মান সময় এইদৰে ভাপত সিজিবলৈ দিব৷ ৩০য৪০ মিনিট মান সময় পিছত টিফিনৰ বাটিতো গেছৰ পৰা নমাই ঠাণ্ডা হ’বলৈ দিব৷ এতিয়া প্ৰস্তুত হৈ যোৱা ভাপা দৈ ফ্ৰিজত ভৰাই ঠাণ্ডা হ’বলৈ দিব৷ এতিয়া ঠাণ্ডা হৈ যোৱা ভাপা দৈখিনি টুকুৰা কৰি কাটি পৰিৱেশন কৰি জুতি লওঁক৷ খুব সোৱাদ ভৰা সুস্বাদু এবিধ ডিজাৰ্ট মাত্ৰ দুবিধ উপাদানেৰে এইদৰে প্ৰস্তুত কৰিব পাৰি৷ vv
