‘‘কণজলকীয়া’’ আৰুস্তুতিহাজৰিকা (ৰীতুগগৈ) – Purbodix.com

‘‘কণজলকীয়া’’ আৰুস্তুতিহাজৰিকা (ৰীতুগগৈ)

মহিলা সকলৰ বাবে’  শীৰ্ষক এটি অনুষ্ঠানৰ জৰিয়তে ভিন্ন ক্ষেত্ৰত জড়িত তথা আত্মসংস্থাপিত মহিলাসকলৰ সফল কৰ্ম খতিয়ান আন দহগৰাকী মহিলাৰ আগত দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে৷কণ জলকীয়াইউটিউব চেনেলত প্ৰচাৰিত এই অনুষ্ঠানৰ দ্বাৰা অনুপ্ৰাণিত কৰিবলৈ চেষ্টা কৰা হৈছে আন দহগৰাকী মহিলাকো৷ এই মহৎ কৰ্মৰ অন্তৰালৰ মহিলাগৰাকীয়েই বিগত ১২ বছৰ ধৰি বিভিন্ন ধৰণৰ জনকল্যাণকামী কৰ্মত জড়িত কণজলকীয়া ফাউণ্ডেচনৰ সভাপতি তথা স্বত্ত্বাধিকাৰী, বিশিষ্ট সংগীত শিল্পী, ফুড ব্লজাৰ স্তুতি হাজৰিকা৷ উদ্যোগী মহিলা হিচাপে কেৱল নিজে আগবাঢ়ি যোৱাই নহয় আন বহুতো মহিলাকো হাতেকামে আগবঢ়াই মহিলাই মহিলাৰ হকে নিঃস্বাৰ্থভাৱে কাম কৰিব পৰাৰ সুন্দৰ উদাহৰণ দাঙি ধৰিছে বাহ্যগুণসম্পন্না এইগৰাকী মহিলাই৷ ১২ বছৰ ধৰি কণজলকীয়া ফাউণ্ডেচনৰ উদ্যোগত সমাজৰ বিভিন্ন দিশৰ উন্নতিৰ লগতে মহিলা আৰু শিশুসকলৰ উন্নয়ন আৰু বিকাশৰ বাবে যথেষ্ট কাম কৰি আহিছে উদ্যোগী মহিলাগৰাকীয়ে৷ কণজলকীয়া ষ্টৰখন ব্যৱসায়িক ভিত্তিত গঢ়ি তোলা যদিও স্তুতি হাজৰিকাই যিসকল মহিলাই কৰা গিলাচ, কুচন, টেবুল, ফুড, ফটো আদিৰ কভাৰ, পেলনীয়া বস্তুৰে সজা সামগ্ৰী, হেণ্ড এম্বইদাৰী কৰা সাজপাৰ বা হাতেৰে গঢ়া গহণা আদি ষ্টৰত ৰাখে সেইসমুহ বিক্ৰী কৰি তাৰ লাভাংশ মহিলাসকলক প্ৰদান কৰি স্বাৱলম্বী হোৱাত তেওঁলোকক সহায় কৰি আহিছে৷ গুৱাহাটীৰ নাৰেঙ্গী অঞ্চলতো খুলি ৰখা ইয়াৰ এটি শাখাৰ জৰিয়তে একেধৰণৰ কামেই কৰি থকা হৈছে৷ বিশিষ্ট সমাজকৰ্মী পদ্মকুমাৰ ভূঞা আৰু প্ৰগতি ভূঞাৰ জ্যেষ্ঠ কন্যা স্তুতি হাজৰিকাক সততে উৎসাহিত কৰি আহিছে সামদাং চাহ বাগিচাৰ মুখ্য পৰিচালক হিচাপে কৰ্মৰত স্বামী মৃদুল হাজৰিকাই৷

জনপ্ৰিয় সামাজিক মাধ্যম ইনষ্ট্ৰাগ্ৰামত ১৬ হাজাৰ ফলৱাৰেৰে নিজৰ সুন্দৰ কৰ্মসমূহ প্ৰকাশ কৰি আহিছে স্তুতি হাজৰিকাই৷ কিছুদিনৰ পূৰ্বে তেওঁ এটি জনপ্ৰিয় গীতহৃদয়তে ৰং অনলাইন ইনষ্ট্ৰাগ্ৰামযোগে ৰিলচ্ প্ৰতিযোগিতা অনুষ্ঠিত কৰে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰে৷ গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত কৰা এক সুন্দৰ অনুষ্ঠানত বিজয়ীসকলক নগদ ধনৰ লগতে অন্যান্য পুৰস্কাৰো বিতৰণ কৰা হয়৷ বৰ্তমানলৈকে ১২ টা গীতত কণ্ঠদান কৰা কণ্ঠশিল্পী হিচাপেও খ্যাতি অৰ্জন কৰা স্তুতি হাজৰিকাৰ দুটা কভাৰ গীত আৰু দুটা আধুনিক গীতৰ কাম বৰ্তমান চলি আছে৷

কৃষি, খাদ্যসম্ভাৰ, ফুলনি, মেকআপ, বিউটি থেৰাপি আদি বিষয়ত আনুষ্ঠানিক শিক্ষাগ্ৰহণ কৰি ২০২২ বছৰে এইক্ষেত্ৰত অভিজ্ঞতাপুষ্ট হোৱাৰ বাবে বৰ্তমান এই সকলো দিশত সহায়ক হৈছে বুলি স্তুতি হাজৰিকাই খোজে৷

বৰ্তমান কণজলকীয়া ফাউণ্ডেচনৰ লগত প্ৰায় ৫০ গৰাকী মহিলাক ওতঃপ্ৰোতভাৱে জড়িত কৰি স্তুতি হাজৰিকাই তেওঁলোকক আত্মসংস্থাপনৰ পথ দেখুৱাইছে আৰু তেওঁলোকেও আন বহুতৰ হকে কাম কৰি এক আদৰ্শ সমাজত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে৷ কভিডকালীন সময়ছোৱাতো কণজলকীয়া ফাউণ্ডেচনৰ উদ্যোগত বিশেষভাৱে সক্ষম ৰাছোৱালীহঁতক হাতৰ কাম, পেইণ্টিং আদিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ শিক্ষা প্ৰদান কৰিছিল৷ বৰ্তমানেও অব্যাহত হৈ আছে৷

কণজলকীয়া ইউটিউব চেনেলৰ আৰম্ভণিৰ সময়ছোৱালৈ আমি যদি ঘূৰি চাওঁ তেন্তে দেখা পাওঁ যে সোৱাদমুক্ত খাদ্যসম্ভাৰ ৰন্ধন, প্ৰস্তুতি পৰ্বৰ পৰা পৰিৱেশন শৈলীলৈকে বহুতো টিপচ আগবঢ়াইছিল ফুড ব্লগাৰগৰাকীয়ে৷ পৰৱতীৰ্ পৰ্যায়ত ঘৰখনত এখন সুন্দৰ বাগিচা ফুলেপাতে জাতিষ্কাৰ কৰি কেনেকৈ গঢ়ি তুলিব পাৰি সেয়াও তেওঁ শিকাবলৈ চেষ্টা কৰিছিল৷ বৰ্তমান তেওঁ মহিলাসকলৰ অনুষ্ঠানটিৰ সমান্তৰালভাৱে পুৰণি বিশেষত্বপূৰ্ণ গৃহ তথা গৃহসজ্জাও প্ৰচাৰ কৰি এক ব্যতিক্ৰমী সোৱাদ দিবলৈ সক্ষম হৈছে৷ এতিয়া কণজলকীয়া চেনেলৰ ভিউৱাৰৰ্চ কেইবা হাজাৰো লোক৷

জ্জ বছৰ বয়সৰ পৰা সংগীতৰ শিক্ষাগ্ৰহণ কৰি বিশাৰদ সম্পূৰ্ণ কৰা স্তুতি হাজৰিকাৰ কৰ্ম খতিয়ান বহু দীঘলীয়া৷ আমি মাত্ৰ ইয়াত আভাস দিয়াৰহে চেষ্টা কৰিছো৷ তেওঁৰ কৰ্মক্ষেত্ৰখনৰ দিশ কেইবাটাও৷ প্ৰতিটো দিশতে আছে সুকীয়া সফল্যতা৷ সংগীতৰ ক্ষেত্ৰখনত লাভ কৰা সফলতাৰ যাত্ৰাত আমি যোগ দিব পাৰো আৰু কেইটামান কথাগুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ তেওঁ স্বীকৃতিপ্ৰাপ্ত শিল্পী (যদিও তেওঁ বৰ্তমান ব্যৱস্ততাৰ বাবে অনাতাঁৰ কেন্দ্ৰৰ লগত বিশেষভাৱে জড়িত হৈ থকা নাই) তেওঁ কণ্ঠদান কৰা কেইটামান বিহুগীত পঁইতাভাত, আবেলি আবেলি, উৰুকা, কোম্পানীৰ চাকৰি ইত্যাদি৷ অডিঅ’-ভিডিঅগীত ওৰণিৰ আঁৰতে চকুলো টুকিলো, শেহতীয়াকৈ হৃদয়তে ৰং শীৰ্ষক গীতটিয়ে জনপ্ৰিয়তা অৰ্জন কৰাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান গীতটিৰ ভিডিঅএলবামৰ কাম চলি আছে৷ সামাজিক মাধ্যমত তেওঁৰকিচলিয়ে মেনে প্যাৰ কিয়া’ ‘কাজৰা মহব্বতৱালা’, ‘জান্নিয়ে আপ কাঁহা জায়েং গেআদি গীতে বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছে৷

উল্লেখিত কৰ্মৰাজিৰ বাবেই স্তুতি হাজৰিকাক বিভিন্ন অনুষ্ঠানে প্ৰদান কৰিছে বঁটাবাহন, সম্বৰ্দ্ধনা তথা সন্মান৷ বিভিন্ন ধৰণৰ খাদ্যসম্ভাৰ প্ৰতিযোগিতা, যেনেমায়াবিনী ইভেণ্টচ্ এণ্ড এণ্টাৰটেইনমেইণ্ট, ডায়মণ্ড ক্ৰিয়েচন, ম্ফ্ৰুপটাং অসম আদিয়ে আয়োজন কৰা অনুষ্ঠান, আম এচ ইভেণ্টৰ পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা, লেভ ইভেণ্টচ এণ্ড এণ্টাৰটেইনমেণ্টৰ সৌন্দৰ্য প্ৰতিযোগিতা আদিত বিচাৰক হিচাপে আসন শুৱনি কৰা স্তুতি হাজৰিকাই লাভ কৰা বিভিন্ন বঁটাসমূহ

জ্ঞ ১০০ গৰাকী মহিলাৰ ভিতৰত উদ্যোগী মহিলা হিচাপে টাৰী ক্লাৱ, দিছপুৰৰ সম্বৰ্দ্ধনা, ২০২৩৷

জ্ঞ বিভিন্ন ধৰণৰ সামজসেৱা, ফুড ব্ৰগাৰ, উদ্যোগী মহিলা তথা শিল্পী হিচাপে নাৰী শক্তি বঁটা, ২০২০৷

জ্ঞ ষ্টাৰ আইকণ এক্সিলেন্স এচিভাৰ্চ বঁটা, ২০২০নাৰী শক্তি, অসম শাখা৷

জ্ঞৰহস্যমাহেকীয়া আলোচনীৰ দ্বাৰা প্ৰদানউদ্যোগ উদয় বঁটা ২০২১২২৷

জ্ঞ স্বাৱলম্বী বঁটা, উইমেন অৱ দ্যা ইয়েৰ বঁটা২০২১, ৰাষ্ট্ৰীয় মহিলা সুৰক্ষা সংগঠন ফাউণ্ডেচন, অসম প্ৰদেশৰ তৰফৰ পৰা৷

জ্ঞ সমাজৰ প্ৰতি ভিন্ন কৰ্মেৰে আগবঢ়োৱা অৰিহণাৰ বাবে লাইফ স্মাৰ্ট উৎকৰ্ষ বঁটা, ২০২২৷

 

বহুমুখী প্ৰতিভাৰে উজ্জীৱিত, সমাজৰ হকে, শিশু আৰু মহিলাৰ হকে কাম কৰি স্তুতি হাজৰিকাৰ অনুপ্ৰেৰণামূলক কামবোৰ অব্যাহত থাকক৷ এইগৰাকী মহৎ কৰ্মৰ লগত জড়িত মহিলালৈ আমাৰ তৰফৰ পৰাও জনালো অলেখ শুভ কামনা৷ vv

Leave a Reply

Your email address will not be published. Required fields are marked *