
পৌৰাণিক অসমত সোণ হিমালয়ৰ মানস সৰোবৰৰ পৰা অলপ পূৱফালে অৱস্থিত ‘টামচুক খামবাব’ নামৰ এটা হিমবাহৰ পৰা উৎপত্তি হোৱা অসমৰ মাজেৰে বৈ অহা বিভিন্ন নদ–নদী, যেনে– ব্ৰহ্মপুত্ৰ, সোৱণশিৰি, জীয়াভৰালী, মানাহ, দিহিং, দিচাং, দিখৌ, জাঁজী, ভোগদৈ, ধনশিৰি, কপিলী, জীয়াধল, ৰঙানৈ, ডিক্ৰং বুৰৈ, বৰগাং, চম্পাৱতী, সৰলদাঙা, সোণকাষ, ডিব্ৰু, বুঢ়ীদিহিং, ডিগাৰু, কুলসী, শিংৰা, দুধনৈ, কৃষ্ণাই, জিঞ্জিৰাম আদি নৈৰ বালিত পোৱা গৈছিল৷ অতীত অসমৰ প্ৰেক্ষাপটলৈ মন কৰিলে দেখা যায় যে আ–অলংকাৰৰ ক্ষেত্ৰত অসমৰ প্ৰত্যেকটো জনগোষ্ঠীয়ে যথেষ্ট চহকী আছিল৷ সেইসময়ত গামখাৰু, লোকাপাৰা, উঝান্তি, চিতি পাতি, ঘাগৰি জাতীয়, কিংকিণী, নেপুৰ, জাংফাই আদি নানাবিধ গহনা–গাঁঠৰিৰ ব্যৱহাৰ পোৱা যায়৷ আ–অলংকাৰৰ নামোল্লেখ থকা তেনে কেইফাকিমান বিহুগীত–বিহুনাম উল্লেখ কৰা হ’ল–
নৰাই বেচিলে নৰা জাংফাই
মিৰিয়ে বেচিলে কি;
মাতলৈ তুলিলে মাতেৰে মইনা
ধনলৈ তুলিলে জী৷
ঙ্ম ০ ০ ঙ্ম
লোক–সাহিত্যৰ অন্যতম প্ৰধান অংশ হ’ল ফকৰা–যোজনা আৰু প্ৰবাদ–পটন্তৰ৷ অসমীয়া ফকৰা–যোজনা, প্ৰবাদ–পটন্তৰ জাতি–জনগোষ্ঠীৰ নামোল্লেখেৰে ভৰা৷ আমি ইয়াত আ–অলংকাৰ জড়িত স্বৰ্ণকাৰীসকলৰ নামোল্লেখ থকা অসমীয়া প্ৰবাদ–পটন্তৰ অকল উল্লেখহে কৰিলো, তাৎপৰ্য বিচাৰ আমাৰ ইয়াত মূল বিচাৰ্য বিষয় নহয়৷
সোণাৰিৰ ঠুকঠাক কমাৰৰ একোব
ঙ্ম ০ ০ ঙ্ম
সোণাৰিয়ে মাকৰ কাণৰো সোণ কাঢ়ে৷
ঙ্ম ০ ০ ঙ্ম
এতিয়া আমি মূল বিচাৰ্য বিষয়লৈ আহো– অসমৰ জনগোষ্ঠীয় সমাজত গহনা–গাঁঠৰিৰ প্ৰভাৱ৷ আহোম ৰাজত্বৰ কালছোৱাত অসমৰ নদ–নদীসমূহত সোণ কমাই ৰজাঘৰত যোগান ধৰিবৰ বাবে সোণোৱাল নামেৰে এক বিশেষ খেল সৃষ্টি কৰা হৈছিল৷ সেইদৰে সোণৰ গহনা–গাঁঠৰি তৈয়াৰ কৰিবৰ কাৰণে ৰাজ পৃষ্ঠপোষকতাত অসমৰ ঠায়ে ঠায়ে সোণৰ কাৰখানা স্থাপন কৰাৰ প্ৰমাণ পোৱা যায়৷
মৰাণ জনগোষ্ঠী আৰু আ–অলংকাৰ ঃ
বৰ্তমান মৰাণসকলে অসমৰ ডিব্ৰুগড়, ডিৰাক, ডাঙৰি, চেঁচা, টিংৰাই আদি নৈৰ উপত্যকাত বাস কৰি আহিছে৷ মৰাণসকলৰ আ–অলংকাৰৰ প্ৰভাৱ বাৰুকৈয়ে পৰিলক্ষিত হয়৷ মৰাণ পুৰুষসকলে পূৰ্বতে কাণ ফুটাই কৰ্ণপথ বহলাই কেৰু বা কৰিয়া পিন্ধিছিল বা দুহাতত মুঠিখাৰু পিন্ধিছিল যদিও বৰ্তমান তেনে ধৰণৰ সাজসজ্জা কৰা লোকৰ অভাৱ৷ মন কৰিবলগীয়া যে এইবোৰ আ–অলংকাৰ গঢ়িবলৈ নিজৰ মাজত সোণাৰি নাছিল বাবে ৰূপাই গঞা খেল এই কামত নিযুক্ত হৈছিল৷
মৰাণ সমাজত মহিলাসকলে বিশেষকৈ ডিঙিত পিন্ধা অলংকাৰৰ ক্ষেত্ৰত সোণৰ মাদলী, ডালমণি, বেনা আদি পৰিধান কৰে৷ হাতত পিন্ধা অলংকাৰৰ ভিতৰত মুঠিখাৰু, গামখাৰু, চিৰিখাৰু আদি পৰিধান কৰে৷ কাণৰ অলংকাৰৰ ভিতৰত বিভিন্ন আকাৰৰ থুৰীয়া পিন্ধাৰ পৰম্পৰা বৰ্তমানেও তেওঁলোকৰ মাজত প্ৰচলিত৷ অতীজতে মৰাণ যুৱতীসকলে থুৰীয়াৰ সলনি জেঙুপাতৰ ঠাৰি ব্যৱহাৰ কৰাও পৰিলক্ষিত হৈছিল৷ আঙুলিত তেওঁলোকে বিভিন্ন শৈলীৰ আঙঠি পৰিধান কৰা দেখা যায়৷
মিচিং জনগোষ্ঠী আৰু আ–অলংকাৰ ঃ
মিচিংসকলক মিৰি বুলিও কোৱা হয়৷ মিচিংসকল মংগোলীয় আৰু অসমলৈ উত্তৰ–পূব দিশেদি সোমাই আহি চিয়াং জিলাইদি বৰ্তমান অসমৰ ধেমাজি, উত্তৰ লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাটত বাস কৰিছে৷ চিয়াং জিলাৰ লগত মিচিং জনগোষ্ঠী বহু কথা জড়িত৷ সোণ–ৰূপৰ জখলাইদি মিচিংসকল স্বৰ্গৰ পৰা নামি আহা আৰু চন্দ্ৰক পিতৃ সূৰ্যক মাতৃ বুলি তেওঁলোকে গণ্য কৰে৷
অসমীয়া সাজপাৰেই হওক বা আ–অলংকাৰেই হওক, বিহুৰ লগত অসমৰ জাতি–জনজাতি মুদ্ৰাৰ ইপিঠি–সিপিঠি বুলি ক’ব পাৰি৷ মিচিংসকলেও বিহু পাতে, হুঁচৰি গায় যদিও তেওঁলোকৰ বসন্ত উৎসৱ আলি–আই লৃগাংহে৷ ৰঙালী বিহুৰ দৰেই এই উৎসৱতো মিচিংসকলে নানান ৰং–ৰহইচ কৰে৷ মিচিং ডেকা–গাভৰুৱে আলি–আই লৃগাঙৰ ঘাই উৎসৱ ‘গুমৰাগ’ নাচে৷ গাভৰুৰ উপৰিও গাঁৱৰ বুঢ়া–বুঢ়ী বিবাহিত–অবিবাহিত সকলোৱে এই নৃত্যত অংশগ্ৰহণ কৰে৷ শাৰী পাতি বা ঘূৰণীয়াকৈ অতি শৃংখলাৱদ্ধভাৱে নচা গুমৰাম নৃত্য অতি মনোমোহা৷ নৃত্যত অংশগ্ৰহণ কৰা গাভৰুসকলে ব্যৱহাৰ কৰা উল সূতাৰে তৈয়াৰী ফুল দুমপন আৰু লাকপুন এই নৃত্যৰ আন এক দৃষ্টিনন্দন উপকৰণ৷ মিচিং জাতীয় উৎসৱ ঘাইকৈ আলি–আইলৃগাঙৰ উপৰিও ‘দবুৰ পূজা’ আৰু সামূহিকভাৱে ‘পৰাগ’ ইত্যাদি৷ এই সমাজত তিৰোতাসকলে বিভিন্ন ধৰণৰ মণি পৰিধান কৰা দেখা যায়৷ বিবাহৰ সময়ত এবিধ বিশেষ মণি বা দগ নৌ দকচৰী ব্যৱহাৰ বাধ্যতামূলক৷ তিৰোতাসকলে পিন্ধা আ–অলংকাৰৰ ভিতৰত সাচমৰা (আনচৌমৰা), গামখাৰু, পটীয়াখাৰু, গোটাখাৰু ইত্যাদি৷ কাণত পিন্ধা অলংকাৰৰ ভিতৰত কেৰু (ডাঙৰবিধ জাংফাই, সৰুবিধ থুৰীয়া) পৰিধান কৰে৷
ৰাভা জনগোষ্ঠীয় আৰু আ–অলংকাৰ ঃ
মংগোলীয় প্ৰজাতিৰ অন্যতম ৰাভাসকল অসমৰ এটি বিশিষ্ট জনগোষ্ঠী৷ ৰাভাসকল প্ৰধানকৈ নামনি অসমৰ গোৱালপাৰা, কামৰূপ আৰু দৰং জিলাত বসবাস কৰা দেখা যায়৷ অলংকাৰে তিৰোতাৰ শোভা বৰ্ধন কৰে৷ সেয়েহে ৰাভা তিৰোতাসকল বৰ অলংকাৰ প্ৰিয়৷ তেওঁলোকে এক মুহূৰ্তত অলংকাৰবিহীন হৈ থাকিব নোৱাৰে৷ অলংকাৰবিহীন তিৰোতাক তেওঁলোকে ঘিণ কৰে৷ তলত ৰাভা তিৰোতাসকলৰ নিত্য ব্যৱহাৰ্য অলংকাৰবিদৰ উল্লেখ কৰা হ’ল–
ৰ৷ ছান ঃ সোণ, ৰূপ বা তামেৰে নিৰ্মিত এবিধ গোটা খাৰু৷ ইয়াক চান্দাপ বকক বুলিও কোৱা হয়৷
২৷ হাত–বাজু ঃ ই ৰূপেৰে নিৰ্মিত৷ ইয়াক খাৰু লগত পিন্ধা হয়৷
৩৷ হাৰ–গুলাই ঃ সোণ বা ৰূপেৰে নিৰ্মিত৷ ইয়াক হাতত পিন্ধে৷
৪৷ মায়াৰ চিংচাপ ঃ সোণ বা ৰূপেৰে নিৰ্মিত৷ ইয়াক হাতত পিন্ধে৷
প্ত৷ বাউতি ঃ পিতলেৰে নিৰ্মিত৷ ই এবিধ হাতত পিন্ধা শাঁখা৷
৬৷ কাঁটা বাজু ঃ ইও ৰূপেৰে নিৰ্মিত৷ ইয়াক হাতৰ বাহুত পিন্ধা হয়৷
জ্জ৷ চাছিতাম ঃ হাতৰ আঙুলিত তেওঁলোকে পৰম্পৰাগত আঙঠি চাছিতাম পৰিধান কৰে৷
জ্জ্ব৷ চন্দ্ৰহাৰা বা চন্দ্ৰমুখী হাৰ ঃ ৰূপেৰে নিৰ্মিত ডিঙিত পিন্ধা অলংকাৰ৷
জ্ঝ৷ হাচা ঃ ই গোটা ৰূপেৰে নিৰ্মিত৷ ইয়াকো ডিঙিত পিন্ধা হয়৷ ইয়াক ‘হিং চিল’ বুলিও কোৱা হয়৷
১০৷ জিঞ্জিৰি ঃ সোণেৰে নিৰ্মিত ডিঙিত পিন্ধা অলংকাৰ৷
ৰৰ৷ সিকি বা ছুকীয়া ঃ আধলি বা সিকিত আকোৰা (তেৰায়ী) লগাই তাক মালাৰ দৰে গাঁথি ডিঙিত পিন্ধে৷
১২৷ মলখাৰু ঃ সোণ বা ৰূপেৰে নিৰ্মিত৷ ইয়াক হাতত পিন্ধে৷
১৩৷ ‘ৰুবুক’ ঃ ই তিৰোতাসকলে কঁকালত পিন্ধা সাতধাৰী মালা৷ ই হাতী দাঁতেৰে তৈয়াৰী৷ কোনো ৰাভাসকলে ইয়াক ‘লৱক’ বোলে৷
১৪৷ ‘নামব্ৰি’ ঃ এভৰি ওজনৰ সোণ বা ৰূপেৰে অলংকাৰ৷ ইয়াক দুখন কাণৰ লতিত পিন্ধে৷
১৫৷ ‘বোলা’-নামব্ৰি ঃ ইয়াক দুয়োখন কাণৰ ওপৰৰ অংশত পিন্ধে৷ ই সোণ বা ৰূপেৰে নিৰ্মিত৷
১৬৷ ‘নাকাপতি’ ঃ এসিকি ওজনৰ সোণ বা ৰূপেৰে নিৰ্মিত নাকত পিন্ধা অলংকাৰ৷
১৭৷ ‘বালি’ ঃ সোণ বা ৰূপেৰে নিৰ্মিত নাকৰ তলৰ অংশত পিন্ধা অলংকাৰ৷
১৮৷ খুচ মাক্ৰং ঃ ই জ্ঝ–১০ ইঞ্চি দীঘল লোৰ শলা৷ ইয়াক চুলিৰ খোপাত গুঁজি লয়৷
১৯৷ ভৰিখাৰু ঃ ই ৰূপেৰে নিৰ্মিত ভৰিত পিন্ধা ফোঁপোলা৷ ভিতৰত বালি সুমাই দি তৈয়াৰ কৰা হয়৷ খোজ কাঢ়োতে ৰুণ–জুন শব্দ হয়৷
এইবোৰ অলংকাৰ ছোৱালী, গাভৰু, বিবাহিত তিৰোতা এনেকি বুঢ়ী তিৰোতায়ো পিন্ধিব পাৰে৷ কেৱল বিধবা তিৰোতাই এইবোৰ অলংকাৰ পিন্ধা আৰু কপালত সেন্দূৰৰ ফোঁট লোৱা সমাজৰ বিধি অনুযায়ী নিষিদ্ধ৷ অবিবাহিতা ছোৱালীৰো কপালত সেন্দূৰৰ ফোঁট লোৱা নিষিদ্ধ৷ বুঢ়ী তিৰোতাই এযোৰ ‘কাটাবাজু’ পিন্ধি নিজকে নিজে গৌৰৱ অনুভৱ কৰে৷ বিলাসিতাৰ প্ৰভাৱত পৰি বৰ্তমান ৰাভা ছোৱালীয়ে আধুনিক নমুনাৰ অলংকাৰ–পাতিলৈ আকৰ্ষিত হোৱা দেখা যায়৷
সোণোৱাল কছাৰী জনগোষ্ঠী আৰু আ–অলংকাৰ ঃ
সোণোৱাল কছাৰীসকলে বৰ্তমানে উজনি অসমৰ লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, গোলাঘাট আৰু শিৱসাগৰ জিলাত বসবাস কৰি আছে৷ তদুপৰি চুবুৰীয়া ৰাজ্য আৰু নাগালেণ্ডতো তেওঁলোকৰ বসতি দেখা যায়৷ মূলতঃ সোণোৱাল কছাৰীসকলে মংগোলীয় (কিৰাত) প্ৰজাতিৰ কছাৰীসকলৰ এটা প্ৰধান ভাগ৷

সোণোৱাল কছাৰীসকলৰ সৃষ্টিমূলক বিভিন্ন পুৰণি কাহিনী বা মিথ পোৱা বিষয়ে অসমৰ সংস্কৃতি বৈচিত্ৰ্য আৰু সমন্বয় গ্ৰন্থত লোকসংস্কৃতিৰ পথাৰত সোণোৱাল কছাৰীৰ সংস্কৃতি বিৱৰণত লেখক নিবেদিতা বড়া সন্দিকৈয়ে উল্লেখ কৰিছে যে ৰাৱণ লংকা ৰাজ্যখন কুবেৰৰ পৰা কাঢ়ি লৈ যোৱাত কুবেৰে পিতৃৰাজ্য হিমালয়লৈ গুচি যায়৷ কুবেৰে বাটত হিমালয়ৰ সেৱা–শুশ্ৰুষাত কুবেৰ সন্তুষ্টিত হৈ কছাৰী ৰাজ্য মানিবাক এটি সোণৰ মেকুৰী উপহাৰ দিয়ে৷ ত্ৰিমূৰ্তিস্বৰূপে সোণৰ মেকুৰী পোৱাৰ পাছত ৰাজ্যত অপায়–অমংগল,
অভাৱ–অনাটন নাইকীয়া হ’ল৷ এইদৰে তেওঁলোকে উন্নতিৰ জখলাত আৰোহণ কৰিলে৷ লাহে লাহে প্ৰজাই সোণৰ মেকুৰীক পূজা কৰিবলৈ ধৰিলে৷ কালক্ৰমত সোণৰ মেকুৰীৰ উপাসকসকল ‘সোণোৱাল’ কছাৰী নামে জনজাত৷
সোণোৱাল কছাৰীসকলৰ গুৰুঘাতৰ মালিতাৰ প্ৰতি লক্ষ্য কৰিলে দেখা যায় যে সাগৰ মন্থন কৰি অমৃত উলিয়াই পান কৰিবলৈ ধৰোতে সাগৰ শুকাই ছিৰাল ফটা দি ফাটিল আৰু সাগৰৰ জীৱ–জন্তু মৃত্যুৰ কৰাল গ্ৰাসত পৰিল৷ সেইসময়ত দেৱাদিদেৱ শিৱ ধ্যানত মগ্ন আছিল৷ শিৱৰ ধ্যান ভাঙিবলৈ গন্ধৰ্ব শায়নেৰে আগবাঢ়িছিল৷ এওঁলোকেই অমৃত পান কৰিবলৈ নোপোৱা অসুৰ নামধাৰী কছাৰী৷ কালক্ৰমত কেশৰীসোণোৱালসকলেই ‘সোণোৱাল’ নামে বিখ্যাত হৈ পৰিল৷
হালালী ৰাজ্যৰ কিছুমান কছাৰীয়ে সোৱণশিৰি নৈৰ বালিৰ পৰা বালি চালি সোণ কমাই সেই সোণেৰে ব্যৱসায়–বাণিজ্য কৰিছিল৷ সেয়েহে এওঁলোক ‘সোণোৱাল’
নামে খ্যাত হৈ পৰিল৷
এগৰাকী ইংৰাজ লেখক এল.এ.
ৱাডেলে সোণোৱালসকলৰ বিষয়ে এইদৰে মন্তব্য কৰিছে যে ‘The
Sonowal or Sodial are mostly gold washer in the Lakhimpur District in Uhper
Assam.’ একেদৰে বুৰঞ্জীবিদ তথা কবি হিতেশ্বৰ বৰবৰুৱাই ‘আহোম দিন’ গ্ৰন্থত উল্লেখ কৰিছে যে ‘সোণোৱাল কছাৰীসকলৰ ঘৰ পূৰ্বে উজনি অঞ্চলৰ শদিয়াত আছিল আৰু সোৱণশিৰি নৈত সোণ কমাইছিল৷
সোণোৱাল কছাৰীসকলে সোৱণশিৰি নৈত সোণ কমোৱাৰ বিষয়ে আন এটি জনশ্ৰুতি শুনা যায়, আৰিমত্ত ৰজাই নিজ পিতৃক বধ কৰি পিতৃহত্যাৰ পাপৰ পৰা নিষ্কৃতি পাবৰ হেতুকে এক বিৰাট যজ্ঞৰ আয়োজন কৰিছিল৷ সেই যজ্ঞৰ পৰা ব্ৰাহ্মণ–সজ্জন সকলোৱে বিৰত থকাত মনৰ সন্তাপত আৰিমত্ত ৰজাই নাও ভৰাই সোণ লৈ আহোতে সোৱণশিৰি নৈত নাও বুৰে৷ তেতিয়াৰ পৰাই সোৱণশিৰিত সোণৰ চেকুৰা বিয়পি পৰে৷ সোণোৱাল কছাৰীসকলে এই কথাৰ ভু পাই উক্ত নৈৰ পৰা সোণ চালি উলিয়াবলৈ সক্ষম হয়৷ ইয়াৰ প্ৰমাণস্বৰূপে শিৱসাগৰৰ শিৱদৌলৰ সোণৰ কলচীটোলৈ আঙুলিয়াব পাৰি৷ সোণোৱাল কছাৰীসকলে সোৱণশিৰি নদীৰ পৰা কমোৱা সোণকেই আহোম স্বৰ্গদেৱে শিৱদৌলৰ সোণৰ কলচী নিৰ্মাণ কৰিছিল৷
ড॰ সূৰ্যকুমাৰ ভূঞাই কছাৰী বুৰঞ্জীত সোণোৱালসকলৰ সম্পৰ্কে মন্তব্য কৰিছে যে ‘শদিয়া অঞ্চলত কছাৰীসকলে ৰাজ্য পাতি প্ৰবল প্ৰতাপেৰে ৰাজত্ব কৰিছিল৷ এই ৰাজ্যৰ সীমা পূৰ্বে শদিয়া, পশ্চিমে দিখৌমুখ আৰু দক্ষিণে দিলিহিৰ কেন্দ্ৰগুৰিলৈকে স্থিতি আছিল৷ ৰাজ্যৰ বাসিন্দাসকলক শদিয়াল কছাৰী বুলি উল্লেখ কৰিছে৷ যাৰ অৰ্থ হা মাটি, শালি উজ্জ্বল অৰ্থাৎ উজ্জ্বল মাটিৰ দেশ৷ এই শদিয়াল কছাৰীসকলেই পৰৱৰ্তী সময়ত কছাৰী নামেৰে খ্যাত হৈ পৰে৷
তদুপৰি সোণোৱাল কছাৰীসকলৰ ইতিহাস প্ৰণেতা ৰজনীকান্ত বৰদলৈ অন্যত্ৰত এনেদৰে উল্লেখ কৰিছে যে হালালী ৰজা বসবাস কৰি থকা সময়ত সোণোৱাল কছাৰীসকলৰ জাতি গঠন প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে পূৰ্ণতা লাভ কৰিছিল৷ সেয়েহে তেওঁলোকৰ অতি প্ৰাচীন সংগীত (হাইদাংগীত)ত স্বকীয় ঐতিহ্যপূৰ্ণ বংশ পৰিচয় পোৱা যায়৷ এইদৰে বংশ পৰিচয় অন্তৰ্ভুক্ত হৈ পৰা মধ্যযুগীয়া উজনি অসমৰ কছাৰী লোকে মাতেৰেই সোণোৱাল কছাৰী বুলি জনাজাত হৈ আৰু কালক্ৰমত সেই নামটোৱেই স্থায়িত্ব লাভ কৰিলে৷ ওপৰত উল্লেখ কৰা জনশ্ৰুতিকেইটিৰ ওপৰত নিৰ্ভৰ কৰি ক’ব পাৰি যে যিসকল কছাৰীয়ে নদীত সোণ ধোৱা বা সোণ কমোৱা বৃত্তি গ্ৰহণ কৰিছিল, তেওঁলোকেই সোণোৱাল (সোণ ঋ ওৱাল) ৰূপে পৰিচিত হ’ল৷
অসমৰ জাতীয় উৎসৱ বিহু৷ এই সম্প্ৰদায় লোকে বৰ উলহ–মালহেৰে বিহু পালন কৰে৷ এওঁলোকে বিহুত হাইদাং গীত, হিলালী গীত গায়৷ সোণোৱাল কছাৰীসকলৰ সমাজত মহিলাসকলে হাতত মুঠিখাৰু বা খুচুৰীয়া খাৰু, গামখাৰু, পটীয়া খাৰু আৰু গোটা খাৰু পৰিধান কৰে৷ ডিঙিত পিন্ধা অলংকাৰৰ ভিতৰত জোনবিৰি, মাদলী,
ডুগডুগী আদি পৰিধান কৰে৷ হাতৰ আঙুলিত পিন্ধা অলংকাৰৰ ভিতৰত জেঠীনেজীয়া, শেনপতীয়া, বাখৰ খটোৱা আদি আঙঠি পৰিধান কৰে৷ পুৰণি কালত কেৰু, জাংফাই পৰিধান কৰিছিল যদিও আজিকালি সমাজত যথেষ্ট সীমিত৷
শৰণীয়া কছাৰী জনগোষ্ঠীয় অলংকাৰঃ
বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত বিলীন হোৱা জনগোষ্ঠীসকলৰ ভিতৰত অন্যতম শৰণীয়া কছাৰী৷ আ–অলংকাৰ পৰিধানৰ বেলিকাও শৰণীয়া কছাৰীসকল সিদ্ধহস্ত৷ আ–অলংকাৰৰ ভিতৰত সোণ–ৰূপৰ বিভিন্ন গলপতা, আঙঠি, কাণপাচা, চন্দ্ৰহাৰ, বিছহাৰ, মুঠিখাৰু, গামখাৰু, বালাখাৰু, কাণফুলি, তৰাফুলি, মণি আদি ব্যৱহাৰ কৰিছিল৷ অৱশ্যে আজিকালি তেওঁলোকে এই আ–অলংকাৰবোৰতো কিছু নতুনত্ব দি আধুনিক গঢ়েৰে গঢ়ি লোৱা দেখা যায়৷
কোচ জনগোষ্ঠী আৰু আ–অলংকাৰ ঃ
কোচসকল মূলতঃ মেঘালয় ৰাজ্যৰ বাসিন্দা৷ নামনি অসমৰ অংশতো কোচসকলক বসবাস কৰা পৰিলক্ষিত হয়৷ কোচ সমাজত মহিলাসকলে বিশেষকৈ ডিঙিত চন্দ্ৰহাৰ, ছোনোমালা, টাকামালা (মদ্ৰাৰ মালা) আদি অলংকাৰ পৰিধান কৰে৷ তেওঁলোকে হাতত ছাংকি (শাঁক),
ছাংকু আদি অলংকাৰ পৰিধান কৰে৷ কাণৰ–নাকৰ কৰেয়া, বেণ্টা,
কৰং ফুল, মাতুকুৰি আদি অলংকাৰ পৰিধান কৰে৷ নাকত তেওঁলোকে নোলক, নাকুংপাৰ আদি অলংকাৰ পৰিধান কৰে৷ হাতৰ বাহুত পিন্ধা অলংকাৰৰ ভিতৰত কাটা বাজু পৰিধান কৰে৷ ভৰিত পিন্ধা অলংকাৰৰ ভিতৰত হাহাল বিশেষ উল্লেখযোগ্য৷ কঁকালত পিন্ধা নিজে হাতে তৈয়াৰী লগ বগ (হাতী দাঁতৰ বা সাগৰীয়া মণিৰ) নামৰ অলংকাৰে কোচ নাৰীৰ সৌন্দৰ্য চৰ্চাৰ লগতে ৰক্ষা কৱচৰো কাম কৰে৷
মেচ জনগোষ্ঠী আৰু আ–অলংকাৰ ঃ
মেচ জনজাতিৰ লোকসকল বৰ্তমান কাৰ্বি আংলঙৰ পাৰখোৱা অঞ্চল, গোলাঘাটৰ দয়াং বনাঞ্চল, শিৱসাগৰৰ নাজিৰা অঞ্চলত সিঁচৰতি হৈ আছে৷ এই সমাজৰ নাৰীয়ে নানাধৰণৰ আ–অলংকাৰেৰে সাজ–সজ্জা কৰিছিল৷ তিৰোতাসকলে সমাজত হাতত মুঠিখাৰু,
গামখাৰু আৰু পটীয়াখাৰু পৰিধান কৰা দেখা যায়৷ ডিঙিত তেওঁলোকে পদ, ৰঙামণি, সোণৰ মাদলী, চন্দ্ৰহাৰ,
থাকানছিৰি,
পোৱাল মণি, বেনা আদি অলংকাৰ পৰিধান কৰে৷ আঙুলিত নেজেপতা আঙঠি, মকৰাচানেকীয়া আঙঠি, জেঠীনেজীয়া আঙঠি আদি বিভিন্ন শৈলীৰ আঙঠি পৰিধান কৰে৷ নাকত পুতি (নাকফুল),
নাকফুল,
বুলকি
(নাকফুল)
আদি পৰিধান কৰে৷ পুৰুষে আঙঠিৰ বাহিৰে একো অলংকাৰ পৰিধান নকৰে৷
ঠেঙাল কছাৰী জনগোষ্ঠী আৰু আ–অলংকাৰ ঃ
সোণোৱাল আৰু মেছ কছাৰী মহিলাসকলৰ দৰে ঠেঙাল কছাৰী মহিলাসকলেও হাতত মুঠি খাৰু, গামখাৰু,
পটীয়াখাৰু আৰু গোটা খাৰু পৰিধান কৰা দেখা যায়৷ ডিঙিত তেওঁলোকে ৰঙামণি, সোণৰ মাদলী, পোৱালমণি, চন্দ্ৰহাৰ, বেনা আদি অলংকাৰ পৰিধান কৰা দেখা যায়৷ বিভিন্ন আকাৰৰ থুৰীয়া আৰু জাংফাই ব্যৱহাৰ বৰ্তমানেও ঠেঙাল সমাজত বিদ্যমান৷
বড়ো জনগোষ্ঠী আৰু আ–অলংকাৰ ঃ
অসম তথা উত্তৰ–পূৰ্বাঞ্চলৰ নৃতত্ত্বৰ ভূ–স্বৰ্গ৷ ই শতাধিক জাতি–জনজাতিৰ বাসভূমিয়েই নহয়, মিলনভূমিও৷ এই জনগোষ্ঠীসমূহৰ ভিতৰত বড়োসকল অন্যতম৷ বড়োসকল প্ৰধানতঃ নামনি অসমৰ বাসিন্দা৷ কিন্তু উজনি অসমৰ কিছু অংশতো কম–বেছি পৰিমাণে বড়ো লোকসকলে বসতি কৰি আহিছে৷ বড়োসকলৰ মাজত বিশেষকৈ বসুমতাৰী,
দৈমাৰী,
খাখলাৰী,
মাদাৰী
(মুছাহাৰী),
নাৰ্জাৰী,
গয়াৰী আদি গোত্ৰ দেখিবলৈ পোৱা যায়৷ বড়ো সমাজত মহিলাসকলে হাতত আছান মুঠা (বালা) পৰিধান কৰে৷ হাতৰ আঙুলিত পিন্ধা অলংকাৰৰ ভিতৰত আখথাম (আঙঠি)
পৰিধান কৰে৷ অন্যান্য আ–অলংকাৰৰ ভিতৰত কাণৰ খেৰা (কেৰু),
তালিং লৰা (দুল), নাকত বালি (নাকফুল),
ডিঙিত লৌ (চন্দ্ৰহাৰ) আদি পৰিধান কৰে৷ বৰ্তমান তেওঁলোকৰ মাজতে প্ৰচলিত অলংকাৰৰ বঙালী অলংকাৰৰ আৰ্হিৰ যথেষ্ট প্ৰভাৱ পৰিছে৷
কাৰ্বি জনগোষ্ঠী আৰু আ–অলংকাৰ ঃ
কাৰ্বিসকল অসমৰ অন্যতম আদিম অধিবাসী৷ পাহাৰ আৰু ভৈয়ামৰ সমভূমি অঞ্চলত বসবাস কৰা কাৰ্বিসকলৰ মাজত নাচ–গান, উৎসৱ–পাৰ্বণৰ ভূমিকা অনন্য৷
আ–অলংকাৰ চৰ্চাৰ দিশত কাৰ্বিসকলৰ এক স্বকীয় পৰম্পৰা আৰু ঐতিহ্য আছে৷ অতীততে কাৰ্বিসকলে কাণত বাঁহৰ কুণ্ডল (ন’লাংপাং) পিন্ধিছিল৷ উৎসৱ–সমাৰোহত ডেকাসকলে ডিঙিত ৰূপৰ ‘লেক–জিনজিৰি’ আৰু হাতৰ আঙুলিত ‘আৰনান’ পিন্ধি সু–সজ্জিত হৈ লয়৷ নাৰীসকলেও বয়স আৰু মৰ্যাদা অনুসৰি বিভিন্ন ‘ন’
থেংপী,
কেৰু,
হাতত কাঁইটীয়া খাৰু ‘ৰয় পেংখ্ৰা’ আৰু ‘চই–আৰি’ নামৰ হাঁচতি অপৰিহাৰ্য আভূষণ৷ সম্ভ্ৰান্ত মহিলাই কলডিলীয়া কেৰু ‘ন’
জাংচাই’ৰে কৰ্ণ শোভিত কৰে৷ গাভৰুসকলে লেকহিকি, লেক–ছ’ৱাই, লেক–পংতেং আদি বিভিন্ন মালা–মণি আৰু হাতত ৰয় (খাৰু), আঙুলিত আঙঠি
(আৰনান)
পিন্ধি ভাল পায়৷
ডিমাচা জনগোষ্ঠী আৰু আ–অলংকাৰ ঃ
ডিমাচা সমাজত পুৰুষ আৰু মহিলা উভয়ৰে মাজত অলংকাৰৰ বহুল প্ৰচলন থকা পৰিলক্ষিত হয়৷ পুৰুষসকলে দুই ধৰণৰ অলংকাৰ ব্যৱহাৰ কৰে৷– ৰ) য়াওশ্বেৰ আৰু ২) খাৰিক৷ মহিলাসকলে তলত উল্লেখ কৰা অলংকাৰসমূহ ব্যৱহাৰ কৰে–
ৰ) জংগচামা ঃ ডিঙিত পিন্ধা এই অলংকাৰবিধ বিভিন্ন ৰং–বিৰঙৰ সৰু সৰু মালাগুটিৰ লগত প্ৰবাল আৰু তাৰ মাজত ৰূপৰ মালাগুটি দি গঁঠা হয়৷
২) ফয়াঁল ঃ ডিঙিত পিন্ধা এই অলংকাৰবিধ মূল্যৱান প্ৰবাল আৰু শুদ্ধ ৰূপৰ ধাতুৰে নিৰ্মিত মালাগুটি৷ পুৰুষেও এইবিধ অলংকাৰ পিন্ধা পৰিলক্ষিত হয়৷
৩) ৰেংব্ৰশ্বা ঃ মুদ্ৰা লেখীয়া ডিঙিত পিন্ধা অলংকাৰ৷
৪) ৰ’লিক ঃ সৰু সৰু মালাগুটিৰে গঠিত৷
প্ত) লিকযাও ঃ সৰু সৰু মালাগুটিৰে গঢ়া ডিঙিত পিন্ধা অলংকাৰ৷
৬) লিকচিম ঃ সৰু ক’লা মালাগুটিৰে গঢ়া ডিঙিত পিন্ধা অলংকাৰ৷
৭) খাদু ঃ ৰূপ বা সোণেৰে নিৰ্মিত৷ ই কাণত পিন্ধে৷
৮) য়াশ্চিদাম ঃ হাতৰ আঙুলিত পিন্ধা আঙঠি৷
চিংফৌ জনগোষ্ঠী আৰু আ–অলংকাৰ ঃ
চিংফৌসকল অসমৰ উজনি খণ্ডত বিশেষকৈ তিনিচুকীয়া অঞ্চলত বসবাস কৰে৷ পুৰুষে তেওঁলোকৰ পৰম্পৰাগত উৎসৱ–পাৰ্বণ আদিত সৰু কাণফুলি পৰিধান কৰে৷ চিংফৌ সমাজত মহিলাসকলে কাণত বিভিন্ন আকাৰৰ লুকান (কেৰু) আৰু জাংফাই পৰিধান কৰে৷ হাতত পিন্ধা অলংকাৰৰ ভিতৰত সোণ অথবা ৰূপেৰে নিৰ্মিত বিভিন্ন শৈলীৰ ‘লুখন’
(খাৰু)
পৰিধান কৰে৷ এই লুখনসমূহৰ ভিতৰত ‘খচমৰা লুখন’ অন্যতম৷ আঙুলিত তেওঁলোকে বিভিন্ন ধৰণৰ ‘লাকচ’প’ (আঙঠি) পৰিধান কৰে৷ চিংফৌ মহিলাসকলে ডিঙিত পৰম্পৰাগত মণি ‘কিইচি’ পৰিধান কৰে৷ এই সমাজৰ মহিলাই খোপা বান্ধিবৰ বাবে ব্যৱহাৰ কৰা ৰূপৰ চেইনডালক জ–দাং বোলে৷
গাৰো জনগোষ্ঠী আৰু আ–অলংকাৰ ঃ
গাৰো লোকসকল মংগোলীয় বংশধৰ৷ খ্ৰীষ্টীয় সোতৰ শতিকা পৰ্যন্ত অসমলৈ মংগোলীয় প্ৰব্ৰজনৰ সোঁত বৈ আছিল৷ আজি–কালি গাৰো লোকসকল অসমৰ কোনো কোনো অংশত বসবাস কৰা পৰিলক্ষিত হয় যদিও প্ৰধান বাসস্থান হ’ল মেঘালয়ৰ গাৰো পাহাৰ৷ গাৰো সমাজৰ পৰম্পৰা অনুসৰি ঘৰৰ সৰু জীয়ৰীয়ে উত্তৰাধিকাৰী সূত্ৰে মাকৰ সম্পত্তিবোৰ লাভ কৰে৷ এওঁলোক সংগীত আৰু নৃত্যপ্ৰিয়৷ গাৰো লোকসকলে বিভিন্ন ধৰণৰ উৎসৱ উদ্যাপন কৰে আৰু ৱাংগলা অক্টোবৰ মাহত উদ্যাপন কৰা এটা উল্লেখনীয় উৎসৱ৷ গাৰো সমাজত পুৰুষ আৰু মহিলা উভয়ৰে মাজত অলংকাৰৰ বহুল প্ৰচলন থকা পৰিলক্ষিত হয়৷ পৰম্পৰাগত অলংকাৰবোৰ মালাগুটি আৰু বিভিন্ন ধাতুৰে গঠিত৷ অসমত বসবাস কৰা গাৰো পুৰুষ–মহিলা উভয়ে হাতত জাকতত (খাৰু),
বৃকৃতক
(পৰম্পৰাগত মণি) আৰু নাথাপচি (কাণফুল)
পৰিধান কৰে৷ মহিলাসকলে কঁকালত এবিধ পৰম্পৰাগত মণি ‘চেংখি’
পৰিধান কৰে৷ তেওঁলোকে হাতত পিন্ধা আঙঠিক জাক্সথেম বোলে৷ ভৰিত তেওঁলোকে জাঘ্ৰাং (নেপূৰ)
পৰিধান কৰে৷
দেউৰী জনগোষ্ঠী আৰু আ–অলংকাৰঃ
বৰ্তমান দেউৰী সম্প্ৰদায়ৰ লোকে অসমৰ উজনি খণ্ডত বিশেষকৈ শিৱসাগৰ আৰু যোৰহাট জিলাত বসবাস কৰে৷ এই সমাজত পুৰুষ আৰু মহিলা উভয়ৰে মাজত অলংকাৰৰ বহুল প্ৰচলন থকা পৰিলক্ষিত হয়৷ অলংকাৰবোৰ সোণ, ৰূপ আৰু পোৱালমণিৰে গঠিত৷ দেউৰী সমাজত পুৰুষে ডিঙিত ‘কণ্ঠমণি’
নামৰ অলংকাৰ ব্যৱহাৰ কৰে, যেতিয়া পৰম্পৰাগত সামাজিক অনুষ্ঠানসমূহত অংশগ্ৰহণ কৰে৷ এই সমাজৰ মহিলাসকল অলংকাৰপ্ৰিয়৷ তেওঁলোকে হাতত উচ্চ গামখাৰু, গোটা খাৰু বা পটীয়া খাৰু আদি পৰিধান কৰে৷ আঙুলিত ‘গেমা’
নামৰ বিভিন্ন শৈলীৰ আঙঠি পৰিধান কৰে৷ বিহুত বিভিন্ন ধৰণৰ ডিঙিত পিন্ধা অলংকাৰৰ ভিতৰত মাদলী, জোনবিৰি, ডুগডুগী আদি ব্যৱহাৰ কৰা পৰিলক্ষিত হয়৷ বয়সস্থ দেউৰী মহিলাসকলে কাণত কেৰু আৰু জাংফাই পৰিধান কৰা দেখা যায়৷ প্ৰথমে কেৰু পিন্ধিবলৈ তেওঁলোকে কাণৰ লতিৰ বাট বহলাবৰ বাবে কুঁহিলা বা শুকান কলঠৰুৱা কাটি ভৰাই থৈছিল৷ বৰ্তমান নৱ প্ৰজন্মৰ মাজত এই দুবিধ অলংকাৰৰ প্ৰচলন অতি সীমিত৷ অতীজতে দেউৰীসকলৰ মাজত ৰূপৰ মোহৰেৰে তৈয়াৰ কৰা এবিধ অলংকাৰৰ প্ৰচলন আছিল৷ এই অলংকাৰবিধ পুৰুষে কঁকালত পৰিধান কৰাৰ প্ৰমাণ পোৱা যায়৷
খাছি জনগোষ্ঠী আৰু আ–অলংকাৰ ঃ
খাছিসকলৰ প্ৰধান বাসস্থান হ’ল মেঘালয়৷ কিন্তু অসমৰ কোনো কোনো অংশতো খাছি লোকসলকলে বসবাস কৰি অহা পৰিলক্ষিত হয়৷ খাছি সমাজত মহিলাৰ মাজত অলংকাৰ আৰু কাণফুলি পিন্ধাৰ প্ৰতি বহুল প্ৰচলন থকা পৰিলক্ষিত হয়৷
টাইফাকে–খাময়াং জনগোষ্ঠী আৰু আ–অলংকাৰ ঃ
অসমৰ কোনো কোনো অংশত কমসংখ্যক টাইফাকে–খাময়াং লোকসকলে বসবাস কৰা পৰিলক্ষিত হয়৷ টাইফাকে জাতিক ফাকিয়াল বুলিও জনা যায়৷ পাটকাই সীমাইদি খ্ৰীষ্টাব্দ ১৮ শতিকাৰ শেষৰফালে থাইলেণ্ডৰ পৰা অসম সোমাইছিল৷ বুঢ়ীদিহিং নদীৰ দক্ষিণপাৰে ১৮৫০ চনত এখন গাঁও পাতি থাকিবলৈ লয় আৰু এই গাঁওখনকে
‘নামফাকে’
গাঁও বুলি জনা যায়৷ টাইফাকে আৰু টাই খাময়াংসকলে হাতত ৱেনটান (গোটাখাৰু), পটীয়া খাৰু, গামখাৰু,
আঙুলিত বিভিন্ন ধৰণৰ লাংচ’প (আঙঠি), চকৰপতা আঙঠি, কংপং
(মানুহৰ মূৰ অংকিত আঙঠি) পৰিধান কৰে৷ কাণত পিন্ধা অলংকাৰৰ ভিতৰত প্ৰধানকৈ কেনহু (চকৰু)
আৰু চেংফাই (জাংফাই) পৰিধান কৰা দেখা যায়৷ খোপাত তেওঁলোকে সোণ বা ৰূপৰ এপাহ ফুল গুঁজি লয় এই ফুলপাহক তেওঁলোকে কাটকাও বোলে৷
হাজং জনগোষ্ঠী আৰু আ–অলংকাৰ ঃ
অসমৰ কোনো কোনো অংশত কমসংখ্যক হাজং জনগোষ্ঠীয়ে বসবাস কৰা পৰিলক্ষি হয়, প্ৰকৃতাৰ্থত তেওঁলোক বড়ো সম্প্ৰদায়ৰ অন্তৰ্গত৷ তেওঁলোকৰ শাৰীৰিক গঠন গাৰো আৰু বড়ো কছাৰীৰ সৈতে প্ৰায় একে৷ হাজং সমাজত মহিলাসকলে পৰম্পৰাগত কিছুমান অলংকাৰ পিন্ধা পৰিলক্ষিত হয়, যেনে–
কাটা বাজু, বাঘু, হাৰচাৰা, গুনজাৰ, কায়ৰু ইত্যাদি ৰূপেৰে নিৰ্মিত নাকত পিন্ধা অলংকাৰ ‘নালাচ’ পৰিধান কৰাও পৰিলক্ষিত হয়৷
জেম নাগা জনগোষ্ঠী আৰু আ–অলংকাৰ ঃ
জেম নগাসকলৰ প্ৰধান বাসস্থান মণিপুৰ আৰু নাগালেণ্ড৷ কিন্তু অসমৰ উত্তৰ কাছাৰ পাহাৰতো জেম নগাসকলে বসবাস কৰি অহা পৰিলক্ষিত হয়৷ এই সমাজৰ মহিলাসকলে ৰূপ, পিতল আৰু চৰাই চানেকিৰে অলংকাৰ পিন্ধা পৰিলক্ষিত হয়৷
টাই আহোম জনগোষ্ঠী আৰু আ–অলংকাৰ ঃ
অসমৰ এটি অন্যতম জনগোষ্ঠী হ’ল টাই আহোমসকল৷ টাই আহোমসকলে ইউনান আৰু উত্তৰ ব্ৰহ্মত বাস কৰিবৰ সময়ৰে পৰা সোণেৰে চহকী আছিল৷ আৰু বহুমূলীয়া বাখৰপতা বা বাখৰ খঁজা অলংকাৰ ব্যৱহাৰ কৰিছিল৷ ৰজাই জোৰণ দিবলৈ আহবঢ়োৱা অলংকাৰৰ নাম পোৱা যায়৷ সোণ, ৰূপ,
তাম তিনিবিধ ধাতুৰে অলংকাৰৰ ব্যৱহাৰ আছিল৷ সাধাৰণ শ্ৰেণীৰ মানুহৰ মাজত পিতলৰ অলংকাৰো ব্যৱহৃত হৈছিল৷ ৰূপ আৰু তামৰ ওপৰত পতা সোণ লগাই আৰু সোণৰ পানী চৰাই অলংকাৰ তৈয়াৰ কৰিছিল৷ অলংকাৰৰ শ্ৰেণীবিভাগ কৰিলে পুৰুষতকৈ তিৰোতাৰ অলংকাৰৰ পৰিমাণ অধিক৷ পুৰুষে হাতত আঙুঠি, ডিঙিত শিলিখা –মণি, মতামণি, কাণত কঁৰিয়া আৰু লোকাপাৰা,
বাহুত বাজু পিন্ধিছিল৷ তিৰোতাই সকলো অংশতে অলংকাৰ পিন্ধিছিল৷ এনে লাগে, আহোম যুগৰ সম্ভ্ৰান্ত তিৰোতাৰ গাত কুৰি–ডেৰ কুৰি তোলা সোণ ওলমি আছিল৷ অলংকাৰবোৰ উকা বাখৰুৱা,বাখৰপতা,
মিনাকৰা,
হীৰা পতোৱা আদি ভাগত ভাগ কৰিব পাৰি৷ তিৰোতাই মূৰৰ সেওঁতাৰে পৰা আৰম্ভ কৰি কপাল, কাণ, ডিঙি, হাতৰ ঠাৰি, আঙুলি বাহু, কঁকাল, ভৰি আদিত এপদ এপদ বা কেতিয়াবা কেইবাপদো অলংকাৰ পিন্ধিছিল৷ শিৰত শিৰপতা, কপালত কপালী, খোপাত সোণ–ৰূপৰ ফুল, ডিঙিত জোনবিৰি, ঢোলবিৰি, ঢৰীয়াবিৰি, শিলিখাবিৰি, পাৰচকুৱা বিৰি, লতা–বাখৰুৱা বিৰি, মাদলী, মগৰমূৰী বিৰি, গেজেৰা,
বেনা,
ডুগডুগী,
সাতসৰী,
ধোপমণি,
চিপাত,
গলপতা,
শিলিখামণি,
ফুটিমণি,
চন্দ্ৰহাৰ,
সোণে পোৱালে বনকিয়াই কৰা মণি, পুৰুষে ডিঙিত লতামণি, কাণত লোকাপাৰা কঁৰিয়া, তিৰোতাই কেৰু, থুৰীয়া, নেজেপতা, বাখৰুৱা, বৰৈলগা, উকা, জাংফাই, নেজেপতা জাংফাই আৰু বাখৰুৱা জাংফাই, লংকেৰু, কাণফুল, কৰ্ণবালা, নাকত নাকফুলি, নাকফুটি,
হাতৰ বাহুত বাজু, হাতৰ ঠাৰিত মুঠি খাৰু, গামখাৰু, সঁচৰুৱা খাৰু, পটীয়া খাৰু, মগৰমূৰী খাৰু, গোটা খাৰু, কংকণ, ডলীয়াখাৰু উকা, বাখৰুৱা,
মিনাকৰা,
আঙঠি ডিৰিপা, শেনেপতা, জেঠীনেজীয়া, পাৰচকুৱা ম’ৰানেজীয়া,
পদুকলি,
বাৰবিৰছা,
মাছবাকলীয়া,
হীৰাপতা,
বাখৰুৱা উকা৷ ৰজাঘৰীয়া মোহৰ লগাই কৰা আঙঠিক মোহৰী আঙঠি বোলে৷ তদুপৰি কঁকালত চন্দ্ৰহাৰ কৰধনি কঁকালী ঘাগৰ আদি অলংকাৰৰো প্ৰচলন আছিল৷ বুৰঞ্জীবোৰত ৰজাঘৰীয়া বিয়াৰ জোৰণ আৰু পত্ৰসন্দেহৰ লগত দিয়া অলংকাৰৰ তালিকাত আৰু কিছুমান আ–অলংকাৰৰ নাম পোৱা যায়৷ পেচন্দাৰ,
কলক,
ক{¨া,
ঝুনৰ,
নখচন্দ্ৰিকা,
উজণ্টি,
কেয়ুৰ,
মুকুট,
কিৰীটি আদি অন্যান্য অলংকাৰৰ ব্যৱহাৰৰ সেৰেঙা হ’লেও পুৰণি সাহিত্যত উল্লেখ পোৱা যায়৷ এইবোৰ ধাতুৰ অলংকাৰৰ বাহিৰেও একালত জীৱ–জন্তুৰ দাঁত–নখ আদিৰে অলংকাৰ তৈয়াৰ কৰা হৈছিল৷ হাতী দাঁতৰ খাৰু, আঙঠি,
কেৰুমণি আদি বিশেষ জনপ্ৰিয় আছিল৷ গাহৰিৰ দাঁত, বাঘৰ নখ, হাতীৰ হাড় আদিৰেও কোনো কোনোৱে অলংকাৰ তৈয়াৰ কৰি পিন্ধিছিল৷ কাউৰী মণি, ৰুদ্ৰাক্ষ গুটি, সাপৰ ৰাজহাড় আদিৰেও মণি পিন্ধিছিল৷
(অসমৰ সাংস্কৃতি, পৃঃ ৬৮–৬৯,
ড॰ লীলা গগৈ)
খামটি জনগোষ্ঠী আৰু আ–অলংকাৰঃ
অতি কমসংখ্যক লোকে অসমৰ কোনো অংশত দেখা যায় বিশেষকৈ পূব চিৰাং জিলাত বসবাস কৰে৷ সোণৰ অলংকাৰৰ প্ৰতি খামটি লোকসকলৰ বিশেষ দুৰ্বলতা আছে আৰু তেওঁলোকে কাণত জাংফাই পিন্ধা পৰিলক্ষিত হয়৷ ডিঙিত বিভিন্ন ধৰণৰ পোৱাল মণি ব্যৱহাৰ কৰে৷
খেমা জনগোষ্ঠী আৰু আ–অলংকাৰ ঃ
অসমৰ কোনো কোনো অংশত কমসংখ্যক প্ৰধানকৈ ডিমা–হাচাও, কাছাৰ আৰু কাৰ্বি আংলঙত খেমা জনগোষ্ঠীয়ে বসবাস কৰা পৰিলক্ষিত হয়, প্ৰকৃতাৰ্থক তেওঁলোকে খেমা সম্প্ৰদায়ৰ অন্তৰ্গত৷ খেমা সমাজৰ আ–অলংকাৰ বিশেষ আকৰ্ষণীয়, মহিলা সমাজত বিভিন্ন গাঁথনিৰে মালা গুটি আৰু মুদ্ৰাকৃতিৰ অলংকাৰ ডিঙিত মেৰিয়াই পৰিধান কৰে