দ’লগুৰিৰ বাসুদেৱ দ’ল … (ঊঅন্জন ডেকা)
ছশ বছৰীয়া গৌৰৱময় শাসনকালত অসমৰ স্থাপত্যশিল্পলৈ আহোমসকলৰ অৱদান আছিল অতুলনীয়৷ ৰাজ্য বিস্তাৰৰ লগতে তেওঁলোকে সেই স্থানসমূহত ভিন ভিন স্মাৰক, বা স্থাপত্য নিৰ্মাণ কৰিছিল আৰু আজিৰ তাৰিখত তাৰে কিছু আমাৰ মাজত এতিয়াও সেই গৌৰৱময় ইতিহাসৰ সাক্ষ্য প্ৰমাণ হিচাপে ৰৈ গৈছে, সময়ৰ সোঁতত ক্ষতিগ্ৰস্ত হোৱা কিছু সংখ্যক স্মাৰক পুনৰ্নিৰ্মাণ কৰি পূৰ্বৰ অৱস্থালৈ ঘূৰাই আনি এক গৌৰৱময় অতীতৰ সোণসেৰীয়া ইতিহাসক ওভতাই আনিবলৈ চেষ্টা কৰা হৈছে আৰু কিছুমান ভগ্নাৱশেষৰ ৰূপত বিভিন্ন ঠাইত সিঁচৰিত হৈ আছে আৰু কিছু সংখ্যক প্ৰকৃতিৰ কোলাত একেবাৰে নিঃশ্চিহ্ন হৈ গৈছে৷ আহোমৰ শাসন কালত ৰাজ পৰিয়াল আৰু স্বৰ্গদেউৰ পৃষ্ঠপোষকতাত বিভিন্ন স্থানত দ’ল দেৱালয়, মঠ–মন্দিৰ নিৰ্মাণ কৰা হৈছিল বা তেওঁলোকৰ শাসন কালৰ বহু আগতেই নিৰ্মিত বহু প্ৰস্তৰ স্মাৰক পুনৰ্নিৰ্মাণ কৰা হৈছিল৷
এনে এক গৌৰৱময় ইতিহাসৰ সাক্ষী অসমৰ বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ অন্তৰ্ৱৰ্তী কলাবাৰীস্থিত ঐতিহাসিক বাসুদেৱ দৌল বা বাসুদেৱ দ’ল৷ সম্প্ৰতি ভাৰতীয় পূৰাতত্ত্ব জৰীপ বিভাগৰ আওঁতাত সংৰক্ষিত হৈ থকা বাসুদেৱ দৌলৰ স্মাৰক বা স্মৃতিচিহ্ন অসমৰ সংৰক্ষিত পৌৰাণিক স্মৃতি চিহ্নসমূহৰ ভিতৰত অন্যতম৷
ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীৰ পৰা এই স্মৃতিচিহ্নলৈ দূৰত্ব প্ৰায় ৩২০ কিলোমিটাৰ৷ ঐতিহাসিক বাণৰজাৰ ৰাজধানী তেজপুৰৰ পৰা ইয়ালৈ দূৰত্ব প্ৰায় ১২১ কিলোমিটাৰ আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে পুবা–পশ্চিমাকৈ আগবঢ়া ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কলাবাৰী নামৰ ঠাইখনৰ পৰা ইয়ালৈ ৬ কিলোমিটাৰ (গুগলৰ তথ্য) পথ যোগাযোগ ব্যৱস্থা সুচল হোৱা বাবে বছৰৰ প্ৰতিটো দিনতেই এই স্থানলৈ আহ–যাহ কৰিব পৰা যায়৷ এই দ’লৰ নামেৰে দ’লস্থিত ঠাহখন দ’লগুৰি বুলি জনা যায়৷
বাসুদেৱ দ’ল পাচখন গোলাকাৰ কুণ্ডলেৰে নিৰ্মিত কলচীৰে এক পঞ্চৰথ মন্দিৰ৷
প্ৰচলিত জনশ্ৰুতি অনুসৰি খ্ৰীষ্টীয় ১৬৭৯ বৰ্ষৰ পৰা খ্ৰীষ্টীয় ১৬৮১ বৰ্ষলৈ আহোম ৰাজপাত অধিষ্ঠিত স্বৰ্গদেউ ৰত্নধ্বজ সিংহ (চুলিকফা বা ল’ৰাৰজা)ৰ পৃষ্ঠপোষকতাত ১৬৮০ বৰ্ষত বাসুদেৱ দ’লৰ বিশাল স্থাপত্য নিৰ্মাণ কৰোৱা হৈছিল৷ আৰু এই স্থাপত্য ভগৱান বিষ্ণুৰ নামত উৎসৰ্গা কৰি পূজা–অৰ্চনা কৰা হৈছিল৷ অৱশ্যে সময়ৰ লগে লগে এই পূজা–অৰ্চনাৰ পৰম্পৰাৰ গতি স্থবিৰ হৈ পৰে৷ স্বৰ্গদেউৰ ৰাজত্বকালত সেই স্থানত থকা শ্ৰীশ্ৰী দক্ষিণপাট কলাবাৰী আদি সত্ৰৰ সত্ৰাধিকাৰ হাতত দ’ল পৰিচালনাৰ দায়িত্বভাৰ অৰ্পণ কৰা হৈছিল৷ দ’ল পৰিচালনাৰ বাবে স্বৰ্গদেউৱে ১২০০ বিঘা ভূমি দান কৰা বুলিও বিভিন্ন তথ্যত প্ৰকাশ৷ বৰ্তমান এই দ’লৰ প্ৰাঙ্গনত সত্ৰৰ এক বিশাল কীৰ্তনঘৰ আছে৷ প্ৰতিদিনেই এই স্থানলৈ বিভিন্ন স্থানৰপৰা বহু লোকৰ আগমন হয়৷
অসম সাহিত্য সভাই প্ৰকাশ কৰা পণ্ডিত ড॰ মহেশ্বৰ নেওগ সম্পাদিত গ্ৰন্থ ‘পবিত্ৰ অসম’ত উল্লেখ থকা অনুসৰি এই দ’লৰ স্থিতি গহপুৰ মৌজাৰ কলাবাৰী অঞ্চলৰ কামদেৱাল গাঁৱৰ খাৰৈবান্ধৰ উত্তৰ পাৰে৷ এই দ’ল দক্ষিণপাট সত্ৰাধিকাৰৰ বাবে নিৰ্মাণ কৰা হৈছিল বিভিন্ন সময়ৰ প্ৰকৃতিৰ আঁচোৰে এই দ’লৰ বিস্তৰ ক্ষতিসাধন কৰিছিল যদিও পিছলৈ ইয়াৰ মেৰামতি কৰি আগৰ সৌন্দৰ্য ঘূৰাই অনাৰ চেষ্টা কৰা হয়৷ উল্লেখযোগ্য যে, এই দ’লৰ নিৰ্মাণ শৈলী শিৱসাগৰৰ ঐতিহাসিক শিৱদ’লৰ দৰে একে, অৰ্থাৎ কৰ্দৈশিৰীয়া৷ সেই সময়ৰ অসমৰ কেইবাটাও স্থাপত্যত এই নিৰ্মাণ শৈলী ব্যৱহাৰ কৰা হৈছিল৷ পোৰামাটিৰ ইটাৰে নিৰ্মিত বাসুদেৱ দ’ল আহোমৰ ৰাজত্বকালত নিৰ্মিত স্থাপত্য সমূহৰ এক উল্লেখযোগ্য নিদৰ্শন৷ পবিত্ৰ অসমত এই দ’লৰ উচ্চতা শিৱদ’লৰ সমান আছিল বুলিও সম্ভাৱনা ব্যক্ত কৰা হৈছে৷ আনহাতে সম্প্ৰতি বহুল প্ৰচলিত ৱিকিপিডিয়াতো এই উচ্চতা কুৰি মিটাৰ (৪১ হাত) বুলি উল্লেখ কৰা হৈছে৷ এই ক্ষেত্ৰত কিছু অধ্যয়ন আৰু আলোচনাৰ প্ৰয়োজন আছে৷
দৰং গেজেটিয়াৰত উল্লেখ থকা অনুসৰি এই দ’লৰ ভেটিৰ ব্যাস ২৬ফুট, উচ্চতা ৬২ফুট আৰু গৰ্ভগৃহ ২৮–১৫ বৰ্গফুট৷ বেৰসমূহ আছিল প্ৰায় চাৰিফুট ডাঠ৷ কিয় আৰু কেনেকৈ ইমান বিশাল স্থাপত্য নিৰ্মাণ কৰা হৈছিল সেই সম্পৰ্কেও বেচ কিছু অধ্যয়নৰ প্ৰয়োজন আছে৷ বিশেষকৈ বৰ্তমান আৰু সেই দুৰ অতীতৰ নিৰ্মাণশৈলী আৰু ব্যৱস্থাৰ বিষয়ে জানিবৰ বাবে৷ বৰ্তমান সময়ত থকা স্থাপত্যত দ’লৰ গৰ্ভগৃহ, অন্তৰাল আৰু মণ্ডপ স্পষ্ট৷ ইয়াৰে মণ্ডপটো ২০০৫ বৰ্ষত মেৰামতি কৰা হৈছে৷
মন্দিৰৰ বাস্তুপুৰষমণ্ডল পঞ্চৰথ আৰ্হিৰ৷ ত্ৰায় বাৰ পদ্ধতিত এই মন্দিৰৰ নিম্ন ভাগ আৰু বাৰাণ্ডা অংশত তিনিটাকৈ ঊঁকা আৰু উঠঙা পথালি পটি আছে৷ আন আন স্থাপত্য সমূহৰ দৰে এই দ’লতো আছিল অনেক প্ৰাচীন শিল্পকৰ্ম৷ মন্দিৰৰ প্ৰতিখন বেৰৰ মাজত পথালিয়ে দেৱকোষ্ঠবিশিষ্ট এশাৰী প্ৰস্তৰ ভাস্কৰ্যৰ অৱশেষ দেখা যায়৷ এই ভাস্কৰ্যসমূহত আছিল মধ্যযুগীয় প্ৰভাৱ৷ ছয়–সাত দশক আগতে দেখা প্ৰত্যক্ষদৰ্শীৰ মতে দ’লৰ দেৱালত খোদিত ভাস্কৰ্যসমূহ মানুহে হাতেতে চুব পৰাতেই আছিল৷ লাহে লাহে দ’লটো ভূগৰ্ভলৈ বহি যোৱাত সেই ভাস্কৰ্যসমূহে ভূমিস্পৰ্শ কৰে আৰু তাৰে বহুকেইটা ভাস্কৰ্য হেনো কেনো অজ্ঞাত শিল্প–ভাস্কৰ্যপ্ৰেমীৰ (?) হাতলৈ স্থানান্তৰ হয়৷ প্ৰকৃতিৰ লগতে মানুহৰ হাততো ক্ষয় হয় মানৱ নিৰ্মিত এক ঐতিহাসিক স্মাৰকৰ, এক গৌৰৱময় অতীতৰ৷
মানুহৰ মুখে মুখে চলি অহা মতে দ’লৰ শীৰ্ষত আছিল এক স্বৰ্ণ কলচী৷ দুৰ্ভাগ্য, মানৰ অসম আক্ৰমণৰ সময়ত তেওঁলোকে সেই দ’লত লুটপাত চলাই আৰু সেই স্বৰ্ণ কলচী লৈ যায়৷ মন্দিৰৰ শিখৰৰ সৈতে আছিল চাৰিটা অঙ্গশিখৰ৷ অঙ্গশিখৰৰ নিৰ্মাণ শৈলী আছিল মূল শিখৰৰ অনুৰূপ৷ বিমানৰ সন্মুখত থকা অন্তৰাল প্ৰকৃতিৰ আঁচোৰ পৰি নিঃশ্চিহ্ন হয় যদিও বিমানৰ সংযোগস্থলত ইয়াৰ চানেকি ৰৈ যায়৷ মন্দিৰৰ মণ্ডপ “অসমীয়া দোচালা’’ আৰ্হিৰ আছিল৷ মন্দিৰৰ গৰ্ভগৃহ অষ্টভূজাকৃতিৰ আৰু বেচ আহল–বহল৷ সেই সময়ত অসমত নিৰ্মিত বহুসংখ্যক মন্দিৰত এই ধৰণৰ অষ্টভূজাকৃতি গৰ্ভগৃহ দেখা যায়৷ মন্দিৰৰ মাজভাগত এখন আয়তাকাৰ বেদী আছে৷
ইতিমধ্যে বিভিন্ন কাৰকৰ প্ৰভাৱত দ’লৰ বেৰত থকা ক্ষয় হোৱা ভাস্কৰ্যসমূহৰ বাৰটা ভাস্কৰ্য খ্ৰীষ্টীয় ১৯৩৬ বৰ্ষত চিনাক্ত কৰা হয়৷ এই সমূহৰ ভিতৰত আছিল ধানস্থ বুদ্ধ, ৰাজহাঁহৰ পিঠিত বহি থকা ব্ৰহ্মা, কুবেৰ, বৰাহ, সৰ্পশয্যাত অনন্ত নাৰায়ণ আৰু নৰসিংহ৷ আনহাতে দ’ল ভিতৰত প্ৰতিষ্ঠা কৰা হৈছিল বাসুদেৱৰ ধাতৱ বিগ্ৰহ৷
দূৰ্ভাগ্যজনক কথা, সঠিক সময়ত সঠিক ভাবে যত্ন নকৰাৰ ফলশ্ৰুতিত কোনো বনৰীয়া বিহঙ্গই দ’লৰ ওপৰভাগত এৰি যোৱা জৰীগছৰ বীজে গজালি মেলি দ’লৰ শিখৰটো বেয়াকৈ ক্ষতিগ্ৰস্ত কৰে৷ প্ৰকৃতিৰ আঘাতত ক্ষয় হ’বলৈ ধৰা দ’লৰ প্ৰতি লক্ষ্য ৰাখি গৰ্ভগৃহত প্ৰতিষ্ঠিত ধাতৱ বিগ্ৰহক স্থানান্তৰ কৰি সাময়িকভাবে এটা খেৰৰ পঁজাত আশ্ৰয় দিয়া হয়৷ অৱশ্যে খ্ৰীষ্টীয় ১৯৩৯ বৰ্ষত সেই স্থানৰ পৰা ধাতৱ বিগ্ৰহটো নিৰূদ্দেশ হয়৷
পুৰাতত্ত্ববিদ ড॰ প্ৰদীপ শৰ্মাই “অসমৰ শেষ মধ্যযুগীয় মন্দিৰ–স্থাপত্য’’ শীৰ্ষক গ্ৰন্থত উল্লেখ কৰা অনুসৰি এই স্থাপত্যৰ নিৰ্মাণ কাল চুলিকফা বা ল’ৰাৰজাৰ সময়তকৈ কিছু পিছৰ হ’ব পাৰে বুলি মত ব্যক্ত কৰিছে৷ লগতে নিৰ্মাণ শৈলীৰ প্ৰতি লক্ষ্য ৰাখি মন্দিৰটো কোন দেৱতাৰ প্ৰতি উৎছৰ্গা কৰা হৈছিল সেই সম্পৰ্কেও আলোচনা আগবঢ়াইছে৷ সেই অনুসৰি, স্থাপত্য নিৰ্মাণৰ সময়ৰ অৰ্থাৎ মধ্যযুগীয় পৰম্পৰা অনুসৰি, ভৌগোলিক পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি মন্দিৰৰ প্ৰবেশদ্বাৰ সমূহ পূৱ, পশ্চিম, উত্তৰ, দক্ষিণÊ; যি কোনো এটা দিশতেই নিৰ্মাণ কৰা হৈছিল৷ কিন্তু সময় আগবঢ়াৰ লগে লগে হিন্দু ধৰ্মীয় বিশ্বাসৰ আধাৰত নিৰ্মিত মন্দিৰৰ দুৱাৰমুখ সমূহ পশ্চিমফালে কৰাৰ পৰম্পৰা আৰম্ভ হ’ল৷ ইয়াৰ আঁৰতো আছে এক অন্য কাহিনী৷
অৱশ্যে পশ্চিমমুখী দ্বাৰৰ পৰম্পৰা আৰম্ভ হ’লেও বহু শিব মন্দিৰৰ দ্বাৰ দক্ষিণ দিশলৈও নিৰ্মাণ কৰা হৈছিল যাতে দেৱতাক উত্তৰলৈ পূজা কৰিব পাৰি৷ আহোম স্থাপত্য নিৰ্মাণৰ সময়ত কেইটামান স্থাপত্যত দক্ষিণমুখী দুৱাৰ স্থাপন কৰা হ’ল৷ আৰু সেই সমূহ স্থাপত্যৰ ভিতৰত দ’লগুৰি স্থাপত্যও এটা৷ আনহাতে নিৰ্মাণ শৈলীৰ প্ৰতি লক্ষ্য কৰিলেও এই স্থাপত্যৰ নিৰ্মাণকাল অষ্টাদশ শতিকাৰ আগৰ নহয় বুলি অনুমান কৰিব পাৰি৷ সেয়েহে, ড॰ শৰ্মাই আগবঢ়োৱা আলোচনা অনুসৰি, এই স্থাপত্য দেৱাদিদেৱ শিৱৰ প্ৰতি উৎসৰ্গীকৃত আছিল আৰু পিছলৈ বসুদেৱৰ বিগ্ৰহ স্থাপন কৰি ইয়াক বসুদেৱ মন্দিৰলৈ পৰ্যবসিত কৰা হয়৷
এইখিনিতে উল্লেখ কৰিব পাৰি যে, আহোম স্থাপত্যৰ বিকাশৰ ধাৰা বিচাৰ কৰিলে বাসুদেৱ দ’লৰ নিৰ্মাণ শৈলী জনশ্ৰুতি অনুসৰি চলি অহা চুলিকফাৰ দিনতকৈ অনেক পিছৰ বুলি ভাবিব পাৰি৷ কিয়নো, স্বৰ্গদেউ গদাধৰ সিংহৰ ৰাজত্বকালৰ আগতে আহোম স্থাপত্যৰ নিৰ্মাণ শৈলীয়ে বৰ বিশেষ গতি লাভ কৰা নাছিল৷ আৰু সেই সময়ত নিৰ্মিত স্থাপত্যসমূহ আকাৰত সৰু আৰু সৰল আছিল৷ এইবোৰ প্ৰায়েই আছিল ’ৰেখাদেউল’ৰ আৰ্হিৰ৷ উদাহৰণ স্বৰূপে গুৱাহাটী মহানগৰীৰ নিকটবৰ্তী ভস্মাচল বা উমানন্দত দ্বীপত থকা গদাধৰ সিংহই নিৰ্মাণ কৰা মন্দিৰটোৰ কথা উল্লেখ কৰিব পাৰি৷ স্বৰ্গদেউ শিৱসিংহই (১৭১৪–১৭৪৪) তেওঁৰ ৰাজত্ব কালত বহু ৰেখাদেউল নিৰ্মাণ কৰিছিল৷ শিৱসাগৰৰ শিৱদ’ল এই আৰ্হিৰ সৰ্বোচ্চ আৰু সৰ্বশ্ৰষ্ঠ স্থাপত্য বুলি ঠাঁৱৰ কৰা হৈছে৷ তেওঁ উত্তৰসূৰী সকলেও একেধৰণৰ স্থাপত্য নিৰ্মাণত মনোনিবেশ কৰিছিল৷ স্বৰ্গদেউ লক্ষ্মী সিংহৰ পৃষ্ঠপোষকতাত নিৰ্মিত শিৱসাগৰৰ ৰূদ্ৰসাগৰ পুখুৰীৰ পাৰত নিৰ্মাণ কৰা ন–পুখুৰী দ’লেই এই স্থাপত্যশৈলীৰ শেষ ওখ দ’ল৷ ইয়াৰ পৰা অনুমান কৰিব পাৰি যে দ’লগুৰি বাসুদেৱ দ’ল স্বৰ্গদেউ শিৱ সিংহৰ পৰা স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্বকালৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল৷ স্বৰ্গদেউ প্ৰমত্ত সিংহই এটা বাসুদেৱ দ’ল নিৰ্মাণ কৰিছিল বুলি বিভিন্ন বুৰঞ্জীত পোৱা যায়৷ দ’লগুৰিৰ বাসুদেৱ দ’লটোও প্ৰমত্ত সিংহ নিৰ্মিত সেই বিশেষ দ’লটো হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷
প্ৰতিবছৰে ফাগুন মাহৰ পূৰ্ণিমা তিথিত বাসুদেৱ দ’লত দৌল উৎসৱৰ আয়োজন কৰা হয়৷ সেইদিনাখন দ’লত প্ৰতিষ্ঠিত বাসুদেৱৰ বিগ্ৰহৰ ওচৰত পূজা–অৰ্চনা কৰা হয়৷ একে দিনাই শ্ৰীশ্ৰী দক্ষিণপাট কলাবাৰী আদি সত্ৰৰ কীৰ্তন ঘৰতো নাম–কীৰ্তনৰ আয়োজন কৰা হয়৷ পূজা আৰু কীৰ্তনৰ পৰ্বৰ পশ্চাতত গায়ন–বায়ন সহিতে মাঙ্গলিক বাদ্যধ্বনি আৰু হৰ্ষোল্লাষৰ মাজেৰে বিগ্ৰহক দ’লৰ পৰা বাহিৰলৈ উলিয়াই ফুৰাবলৈ নিয়া হয়৷
আনহাতে দ’লৰ বাকৰিত প্ৰতিবছৰে উলহ মালহেৰে অসমীয়া নববৰ্ষ আৰু ব’হাগ বিহুৰ উদ্যাপন কৰা হয়৷ চ’তৰ শেষৰ পৰা বিহু উদ্যাপন এক উখল–মাখল পৰিৱেশ আৰম্ভ হৈ ব’হাগ মাহৰ জ্জ্ব–জ্ঝ তাৰিখে এই উৎসৱৰ সামৰণি পৰে৷ শেষৰ দিনা বিহুৱা–বিহুৱতী সকলে দ’ল প্ৰাঙ্গনত মুকলি বিহু মাৰি সমাজৰ কল্যাণ কামনা কৰে আৰু পিছলৈ নোচোৱাকৈ ঘৰমুখী হয়৷ এই অনুষ্ঠানক বিহুবন্ধা বা বিহু উৰুৱা উৎসৱ বুলি জনা যায়৷
আনহাতে, ঘৰৰ ডেকা–গাভৰু সকল বিহু উৎসৱত ব্যস্ত হৈ থকা সময়ত ঘৰ ৰখীয়া হৈ থকা বয়োজ্যেষ্ঠ সকলে আৰম্ভণিৰ ফালে উৎসৱত ভাগ ল’ব নোৱাৰাৰ পৰিপ্ৰক্ষিতত আৰু উৎসৱত ভাগ লোৱাৰ তীব্ৰ হেঁপাহৰ বাবে অনুষ্ঠানৰ শেষৰফালে ঘৰৰ পৰা দৌৰাদৌৰিকৈ বিহুলৈ আহি তেওঁৰলোকৰ অনুষ্ঠান পৰিৱেশন কৰে৷ এইদৰে ফোঁপাই–জোপাই আহি অনুষ্ঠানত ভাগ লোৱাৰ বাবে বয়োজ্যেষ্ঠ সকলে পৰিৱেশন কৰা অনুষ্ঠানক ‘ফোঁপনি বিহু’ বুলি কোৱা হয়৷ দ’লগুৰি ৰঙালী বিহুৰ অনুষ্ঠানৰ ই এক বিশেষ বৈশিষ্ট্য (গুগলৰ তথ্য)৷
দ’ল চৌহদত আছে এক বিশাল আয়তনৰ প্ৰাচীন জলাশয়৷ যোৰহাটৰ ঐতিহাসিকৰ ৰাজমাও পুখুৰীৰ দ’ৰে বিশাল এই নিৰ্মল পানীৰ জলাশয৷ চৌপাশে সেউজীয়া বিনন্দীয়া প্ৰকৃতিৰে আৱৰা ‘আঈৰু’ নামেৰে প্ৰসিদ্ধ এই পুখুৰীয়ে দ’ল চৌহদৰ সৌন্দৰ্ষৰ সোণত সুৱগা চৰাইছে৷ প্ৰতিবছৰে এই জলাশয়লৈ বিভিন্ন পৰিভ্ৰমী পক্ষীৰ আগমন হয়৷ সেই সময়চোৱা পৰিভ্ৰমী পক্ষীৰ কাঁকলিয়ে সমগ্ৰ দ’লগুৰি অঞ্চলটো মুখৰ কৰি ৰাখে৷
এই খিনিতে উল্লেখ কৰিব পাৰি, ঐতিহাসিক বাণ ৰজাৰ ৰাজধানী তাহানিৰ শোণিতপুৰক কেন্দ্ৰ হিচাবে লৈ পশ্চিমে শিঙৰি পাহাৰৰ পৰা পূৱে বিশ্বনাথ ঘাটলৈ ব্যপি থকা ঐতিহাসিক তথা পুৰাতাত্ত্বিক সমল সমূহে প্ৰতি মুহূৰ্ততে অসমৰ এক গৌৰৱময়, সোণোৱালী অতীতৰ কথা ব্যক্ত কৰাৰ লগতে ইতিহাসৰ প্ৰতি আগ্ৰহ থকা প্ৰতিগৰাকী ব্যক্তিকেই ৰিঙিয়াই মাতে৷ সমগ্ৰ অসম তথা ভাৰতবাসীৰ বাবে ই এক আকৰ্ষণীয় অঞ্চল৷ কালৰ সোঁতত বহু ঐতিহ্য লয় পাইছে যদিও বহু কীৰ্তিচিহ্ন এতিয়াও জীৱন্ত হৈয়েই আছে৷ এই জীৱন্ত দলিলসমূহত আৰু অধিক আকৰ্ষণীয় কৰিবলৈ প্ৰয়োজন আছে মাথো প্ৰণালীবদ্ধ সংৰক্ষণ আৰু সঠিক প্ৰচাৰৰ দৰ্কাৰ৷ লয় পাব ধৰা স্থাপত্য, কীৰ্তিচিহ্নসমূহ সামান্য মেৰামতিৰে যদি হেৰোৱা ইতিহাস উজলাই বিশ্বৰ আগত দাঙি ধৰিব পাৰি, মই ভাবো, অসমৰ পৰ্যটনৰ উদ্যোগৰ বাবে ই হ’ব এক ফলপ্ৰসূ প্ৰচেষ্টা আৰু মুকলি হ’ব অসমৰ ৰাজহ আদায়ৰ অনেক ন ন পথ৷