প্ৰিয়জন (ঊনয়নী বৰগোহাঁই) – Purbodix.com

প্ৰিয়জন (ঊনয়নী বৰগোহাঁই)

ৰাতি পুৱাৰ প্ৰথম ফ্লাইটখনতে আকাশ আহিছে৷ দিল্লীৰ পৰা কলকাতালৈ অহা যাত্ৰাটোৱেই আকাশৰ বাবে আটাইতকৈ ভাল লগা যাত্ৰা৷ কলকাতা মানেই আকৃতি৷ কলকাতাখন ভাল লগাৰ কাৰণেই আকৃতি অথবা পাৰি আকৃতি আছে বাবেই কলকাতাখন তাৰ প্ৰিয়৷ এয়াৰপৰ্টৰ পৰা ওলাই আনদিনাৰ দৰেই আকাশে হালধীয়া টেক্সি এখনত বালিগড় অভিমুখে আগবাঢ়িল৷ অক্টোবৰ মাহ৷ গৰমৰ প্ৰকোপ কমিছে৷ দিল্লীত হোৱা লে এয়াৰ কণ্ডিচন নথকা গাড়ীত ভুলতো নবহে৷ কলকাতাত আকাশে বহুত কিবা কিবি কৰিব পাৰে৷ দুটা মাহৰ শেষত এটা সপ্তাহ সি কলকাতাত জীয়াই যাবলৈ আহে৷ যান্ত্ৰিকভাৱে চলি থকা জীৱনটোত কলকাতাৰ সাতটা দিন তাৰ বাবে উন্মাদনা৷ আৰু আকৃতি! প্ৰেম নহয় তাৰবুকুৰ মাজত সাৱটি ধৰি নিজক হেৰুৱাই দিব পৰাকৈ তাই আকাশৰ কোনো নহয়৷ আকৃতি আকাশৰ কোনো নহয় অথচ তাইক বহুদিন নেদেখিলে আকাশ ভাগৰি যায়৷ নিজৰ নহয় কিন্তু আপোনতকৈও আপোন আকৃতি৷ পৃথিৱীৰ আটাইতকৈ পবিত্ৰ প্ৰাৰ্থনাটোৱেই ভালপোৱা৷ সেয়া আত্মিক৷ সেয়ে চাগৈ শুভেচ্ছা, আশীৰ্বাদ, মৰম সকলোবোৰেই আপোনাআপোনি ওলাই আকৃতিৰ বাবে৷

টেক্সিৰ পৰা মূৰটো  উলিয়াই বতাহত চুলিখিনি উৰি যোৱা চেলফী এখন ক্লিক কৰি সি আকৃতিলৈ পঠালে৷ এই ক্ষণটো

আকাশে বাৰে বাৰে উপভোগ কৰে৷ আমৰী হস্পিতেলৰ পৰা ওভতাৰ বাটতে হালধীয়া টেক্সিখনৰ খিৰিকীয়েদি ছোৱালী

এজনীয়ে চেলফী মাৰি আছিল৷ প্ৰাণখোলা হাঁহিটোৱে আকাশৰ হৃদয়ত খুন্দিয়াইছিল৷ ইমান সুখৰ হাঁহি৷ যেন পৃথিৱীৰ আটাইতকৈ সুখৰ হাঁহিটোৱেই সেইটো৷ আকাশে বাৰে বাৰে চাইছিল গাড়ীখনলৈ৷ আমৰীৰ চৌহদত এখনেই হালধীয়া টেক্সি৷ কোন বাৰn ¸ছাৱালীজনী! পিছদিনাও আকাশে ডাক্তৰক ৰিপৰ্ট দেখুৱাব যাওঁতে হালধীয়া টেক্সিখন দেখিলে৷ ছোৱালীজনী বহি আছে সেইদিনাও৷ হাতত কিতাপ এখন মেলি গাড়ীৰ সন্মুখৰফালে থকা গ্লাচখনত নিজৰ মুখখন চাই আছে৷ চুচুক চামাককৈ থকা আকাশক দেখি হাতখন জোকাৰি তাই মাতিলে৷ ছোৱালী দেখিলে ঘামি যোৱা আকাশে লাহেকৈ গাড়ীৰ কাষ পালেগৈ৷ গাড়ীত বহি থকা ছোৱালীজনীয়ে চিঞৰিলে, তোমাৰ নাম কি? তুমি হাসপাতালে আসছ কেন’? ’ হস্পিতেল কিয় আহিছা বুলি সোধাৰ ধৰণটোত আকাশ থতমত খাই ল৷ মন গৈছিল কলকাতা আহিছিলো এতিয়া হস্পিতেললৈ ফুৰিব আহিলো৷ কিন্তু নকলে৷ দেখাত বিৰাট ধুনীয়া নহয়, কিন্তু সপ্ৰতীভ এখন মুখ৷ এখন্তেক ৰৈ যাব লগাকৈ আকৰ্ষণ আছে চকুকেইটাত৷

বাথৰুমত পৰিলো৷ হাতত দুখ পালো৷ এক্সৰে ৰিপৰ্ট দেখাই আহিলো৷ হাড় ভগা নাই বাৰু৷ কিন্তু দুখ পাইছো৷আকাশে লাহেকৈ লে৷

আচ্ছা, ডাক্তৰৰ ওচৰলৈ কিয় আহিছা যদি গমেই পালা?’ হাঃ হাঃ কৈ হাঁহিএকো নাই ধেমালি কৰিছো ভাল হৈ যাববুলি আকৃতিয়ে তাৰ মুখলৈ চালে৷ সেইদিনালৈ সিমানেই কথা হৈছিল আকৃতিৰ লগত৷

কেইদিনমান পিছত হস্পিতাললৈ যাওঁতে আকাশে দেখিলে হালধীয়া টেক্সিখনৰ দৰ্জা খুলি হুইলছেয়াৰ এখন বাহিৰ ওলাইছে৷ খৰ খোজেৰে গৈ ৰা এজনে হুইলছেয়াৰখন ঠিক কৰিছে৷ তাৰ পিছত লাহেকৈ ধৰি আকৃতিক বহুৱাই দিছে৷ দুেয়াটাই হাঁহি  হাঁহিঁ হস্পিতালৰ পিডিৰ ফালে আগবাঢ়িছে৷ আকাশে ভবাই নাছিল ইমান প্ৰাণো২৬ল হাঁহিৰ গৰাকীৰ এনেকুৱা এটা ৰূপো  আছে৷ চকুৰে দেখাবোৰ আধৰুৱা বুলি এনেই কোৱা নহয় চাগৈ৷ আকাশৰ অফিচৰ কামবোৰ হৈ যোৱাৰ পিছত আকৃতিক আকৌ দেখা পালে৷ গাড়ীৰ চিটত বহি তাই চাহ আৰn ৰসগোল্লা খাই আছে৷ আকাশ ওচৰলৈ ল৷ কাগজৰ বাতিটোত তাই ৰসগোল্লা এটা আগবঢ়াই দিলে৷ লওঁনলওকৈ বাতিটো লৈ কথাৰ মাজত কেনেকৈনো গাড়ীৰ আগৰ চিটত সি বহি পৰিল তলকিবই নোৱাৰিলে৷ জুখি জুখি খুব কম শব্দৰে বৰ ধুনীয়াকৈ কথা কয় আকৃতিয়ে৷ জন্মৰে পৰা স্নায়ুৰ দুৰাৰোগ্য ৰোগ এটাত ভুগি লাহে লাহে তাইৰ ককাঁলৰ পৰা তলৰ অংশ বিকল হৈ আহিছে৷

পেশাত ড্ৰাইভাৰ আকৃতি দেউতাকে কিনা প্ৰথম গাড়ী এই হালধীয়া টেক্সিখন৷ এতিয়া সিহঁতৰ ছখন গাড়ী৷ মাকে সৰুকৈ বেকাৰী এখন খুলিছে বালিগড়ৰ সিহঁতৰ ঘৰৰ কাষতে৷ প্ৰথম গাড়ী হিচাপে পুৰণা লেও দেউতাকৰ আবেগ সোমাই আছে টেক্সিখনত৷ দেউতাকে আজিও বেছিভাগ কামতে হালধীয়া টেক্সিখন লৈহে ওলাই যায়৷ সেইটো সূত্ৰতে আকৃতিৰো মৰমৰ গাড়ী এইখন৷ তায়ো এইখনতে দেউতাকৰ লগত ঘূৰি ফুৰে৷

কথাবোৰ শেষ হৈছিলহে৷ ৰা এজন আহি গাড়ীৰ ড্ৰাইভিং চিটত বহিল৷ আকৃতিয়ে চিনাকি কৰি দিলে সেয়া আলোড়ন চেটাৰ্জী৷ আকৃতিৰ বিশেষ বন্ধু৷ আলোড়নেও আকাশৰ সৈতে কথা পাতিলে৷ বৰ সহজসৰল ৰা৷ জীৱনটো উপভোগ কৰি জীয়াই থাকিব জানে৷ ভাড়া গাড়ীতকৈ আকাশক সিহঁতৰ গাড়ীতে তুলি পাৰ্ক ষ্ট্ৰীটৰ ধুনীয়া ৰেষ্টুৰেণ্ট এখনলৈ লৈ ল৷ ৰেষ্টুৰেণ্টখন আলোড়নৰ৷ ইণ্টেৰিঅৰটো বৰ সুন্দৰ৷ নিম্নস্বৰত বেংগলী গায়ক নচিকোতাৰ গান বাজি আছে৷ ধুনীয়াকৈ ভাত এসাজ খাই আকাশৰ ফোন নাম্বাৰ লৈ আকৃতিহঁতে তাক সি থকা হোটেলখনৰ সন্মুখত নমাই থৈ গুছি ল৷

ৰাতি বিচনাত পৰাৰ আগত ৱাইনৰ গিলাছটো  লৈ কেৰিয়াৰৰ সমস্যা আৰু জীৱনৰ নোপোৱাবোৰৰ কথা চিন্তা কৰা আকাশে সেইদিনা আকৃতি আৰু আলোড়নৰ কথাই ভাবি থাকিল৷ ইমান সহজতে আপোন কোনেও কাকো নকৰে৷ আকৃতি আলোড়নে দিয়া আজিৰ ধুনীয়া আবেলিটোৰ আৰঁত কিবা স্বাৰ্থ ৰখা নাইতো? পিছদিনা আকাশ দিল্লীলৈ গুছি আহিছিল৷ গতানুগতিক জীৱনটোৰে সৈতে আগবাঢ়ি থকা আকাশক মাজে মাজে আকৃতিয়ে মেচেজ কৰে৷ তাকো ৱাটচআপৰ ষ্টেটাছ দেখিহে৷ আকাশে আকৃতিৰ আপডেটবোৰ পঢ়ে৷ তো গম নাপায় যে সেই ধুনীয়া শব্দৰে বাক্যবোৰ লিখা ছোৱালীজনী আচলতে শাৰিৰীকভাৱে অক্ষম পথলৈ দিনে দিনে গৈ আছে৷ অফিচিয়েল টুৰ বুলিলে টেঙাই যোৱা আকাশে কলকাতা টুৰ অহালে বাট চাই থকা ল৷ আকাশ বাৰু প্ৰেমত পৰিছে নেকি আকৃতিৰ? নাই, আকাশ আকৃতিৰ প্ৰেমত নহয় আকৃতিৰ ব্যক্তিত্বৰ প্ৰেমত পৰিছে৷ এই প্ৰেমে আকাশক জীয়াবলে শিকাইছে৷ নিজক ভাল পাবলে শিকাইছে৷ প্ৰেম এনেকুৱাও হয়৷ নিজকে নিজৰ প্ৰেমত পেলাব পাৰে৷

আজি ছয়টা বছৰে যেতিয়াই কলকাতা আহে আকৃতিক লগ পায় আকাশে৷ কেতিয়াবা আলোড়নক৷ আকৃতিৰ শৰীৰ দিনে দিনে বেয়া হৈ আহিছে৷ চিকিৎসা ব্যয়ো বাঢ়িছে৷ কিন্তু আকৃতিৰ ঘৰৰ পৰিৱেশত তেনেকুৱা একোৱেই অনুভৱ নকৰে আকাশে৷ মাজে মাজে আলোড়ন আহে আকৃতিৰ ঘৰলৈ৷ আকাশৰ জানিবলৈ মন যায় শাৰীৰিকভাৱে অক্ষম ছোৱালীজনীক গোটেই জীৱনৰ বাবে নিজৰ কৰাৰ সাহস সঁচাকৈয়ে আলোড়নৰ আছেনে নে সহানুভুতিতে আলোড়নে আকৃতিৰ বুকুত এটা সপোনৰ ঘৰ সাজি দেখাইছে৷ আৰু আলোড়নৰ পৰিয়াল বা আকৃতিৰ পৰিয়ালে ভৱিষ্যতৰ অন্ধকাৰ দিশবোৰ দেখা পাইনে? এনেকুৱা একোৱেই নোসোধে আকাশে৷ কম বয়সৰ পৰা কষ্ট কৰা বাবে হয়তো আকৃতিৰ মাকদেউতাক বৃদ্ধ যেন হৈছে৷ মনবোৰ পিছে ডেকাই হৈ আছে৷ লেও শৰীৰৰ আগত মন হাৰি যায় কেতিয়াবা৷  তিনিটা মাহৰ আগত আকৃতিৰ মাক ঢুকাল৷ ফোনতে তাই কৈছিল৷ আকাশে ভাবিছিল আকৃতি কান্দি কাটি বাউলী ব৷ দুদিনৰ ভিতৰতে আকাশ কলকাতা পাইছিল৷ আকৃতি একেই আছিল৷ বৰঞ্চ মাকৰ অবৰ্তমানত তাই বেছি সাহসীহে হৈছিল৷ মনৰ এটা কোণ শূন্য হৈ পৰিছিল, বাকী ভৰি থকাখিনিৰেই আকৃতি জীয়াই থাকিব বিচাৰিছে আগৰ দৰেই৷ আকাশে শুনিছিল আকৃতিৰ আৰ্তনাদবোৰ যদিও তাই একোৱেই কোৱা নাছিল৷ এসপ্তাহ থাকি আকাশ গুছি গৈছিল৷ আলোড়নে এয়াৰপৰ্টলৈকে আগবঢ়াই দিছিল৷  তেতিয়াৰে পৰা আকাশৰ আকৃতিলৈ প্ৰায়ে মনত পৰি থাকে৷ মাক নথকা ঘৰখনত তাইৰ চাগৈ বৰ কষ্ট হৈছৈ৷ দেখুৱাব নোখোজে কিন্তু মাকজনীৰ যে প্ৰয়োজন আছিল তাইৰ এইখিনি সময়ত৷ তিনি চাৰি দিনৰ মুৰে মুৰে আকাশৰ তে তাইৰ কথা হয়৷ আলোড়নৰ কথা, দেউতাকৰ কথা আৰু আকাশৰ কথা৷ পাৰ্থক্য ইমানেই আকৃতিয়ে সকলোতে পুৰ্ণতা দেখা পায় আৰn আকাশে আধৰুৱাবোৰ৷ আকাশৰ বেয়া লাগে আকৃতিলৈ৷ দেউতাকৰ যদি কিবা এটা হৈ যায় আৰু আলোড়নেও যদি আকৃতিক এৰি দিয়ে আধাবাটতে৷ তাই দেখোন জীয়াই জীয়াই মৰি যাব৷ আকৃতিক জীয়াই থাকিবলৈ এজন মানুহৰ যে বৰ প্ৰয়োজন৷ আকাশৰ মাকে কৈ আছে বিয়া পাতিবলৈ৷ মাকৰ বয়স হৈ আহিছে৷ ঘৰখনতো বোৱাৰী এগৰাকীৰ প্ৰয়োজন হৈ পৰিছে৷ ছোৱালীও চাইছে মাকে৷ হয়তো খুব কমদিনৰ ভিতৰতে আকাশে বিয়া পাতিব৷ আকাশৰ বিয়াৰ পিছত জানো আকৃতিৰ সতে তাৰ এই সম্পৰ্ক একেদৰে থাকিব৷ সি নাজানে৷ হয়তো সকলো কথাই সলনি অথবা আকৃতিয়ে সামৰি সকলোবোৰ৷ তাই বুজা ছোৱালী৷ উকা কেনভাচত ৰং সানিব জানে৷

ৰাতি এঘাৰ বজাত আকৃতিয়ে ফোন কৰিছিল৷ অফিচৰ কামৰ প্ৰেচাৰ নাথাকিলে কলকাতালৈ আহিব পাৰিব নেকি বুলি৷ আকাশে পোনছাটেই পাৰিম বুলি লে৷ আৰু এয়া ৰাতিপুৱাই সি কলকাতাত৷ কিয় মাতিব পাৰে আকৃতিয়ে৷ কিবা দৰকাৰ নেকি বা কিবা কথা৷ যদি কথা আছিল এনেকুৱা কি কথা আছে যিটো ফোনত নোৱাৰি৷ আৰু দৰকাৰ? আকৃতিয়ে সকলো মেনেজ কৰে৷ তেনেহলে কি পাৰে৷  গাড়ী আহি আকৃতিৰ ঘৰৰ ওচৰৰ গলিটোত ৰৈ ল৷ আকাশে ড্ৰাইভাৰজনক ব্লক দিয়া গলিটোলৈ আঙুলিয়াই দিলে৷ গাড়ীৰ দৰ্জা খোলোতেই আকৃতিৰ হুইলচেয়াৰখন তাৰ কাষ পালেহি৷ চকুকেইটা সোমাই গৈছে৷ চকুৰ তলৰ ভাগ সাংঘাতিককৈ লা হৈ আছে৷ কেইবাদিনো টোপনি যোৱা নাই চাগৈ আকৃতিৰ৷ আকাশৰ বুকুখনত কিবা এটাই খুন্দা মাৰি ধৰিলে৷ কি হৈছে বাৰু আকৃতিৰ৷ আলোড়নে এৰি যোৱা নাইতো! দেউতাক চকীখনত বহি আছে৷ ঘৰটোত মানুহো অলপ গোট খাইছে৷ মাত্ৰ আলোড়নক দেখা নাই৷ আকাশ নিশ্চিত আলোড়ন আকৃতিৰ কাষৰ পৰা গুছি গৈছে৷ আকাশৰ খঙেই উঠিল৷ সি বাৰn ¸নাজানে নে এই অৱস্থাত আকৃতিৰ কাষত এজন মানুহৰ কিমান প্ৰয়োজন৷ আলোড়নৰ ভালপোৱা স্বাৰ্থই আছিল চাগৈ৷ কোনে কেতিয়া কাৰ লগত প্ৰেমৰ অভিনয় কৰে সেয়া কোনেও নাজানে৷ আকাশে আকৃতিয়ে দিয়া পানী গিলাছ একে উশাহতে খাই পেলালে৷  ৰুমটোত নিস্তব্ধতা৷ ড্ৰয়িং ৰুমটোৰ পৰা ধুপৰ গোন্ধ উৰি আহি নাকত লাগিছে৷ সেইটো  ৰুমতে আকৃতিৰ দেউতাক বহি আছে৷ কাষত এইখিনি মানুহ৷ পৰিৱেশটো আচহুৱা আকাশৰ বাবে৷ আকৃতিয়ে হুইলচেয়াৰখন চলাই আকাশৰ কাষত লহি৷ আকাশে কিবা সোধাৰ আগতেই আকৃতিয়ে লেৰেষ্টুৰেণ্টৰ পৰা আহোতে আলোড়নৰ এক্সিডেণ্ট ল৷ হস্পিতেল গৈ পোৱালৈ দেৰি হৈ গৈছিল৷ সি আৰু নাথাকিল৷আকাশৰ হাতৰ পৰা পানীৰ গিলাছেটা সৰি পৰিল৷ আকৃতিয়ে অনামিকা আঙুলিত পিন্ধি থকা আঙুঠিটো  চাই চাই আকাশৰ চকুলৈ চালে৷

তোমাক খবৰ দিয়া দেৰি ল৷ কিন্তু তোমাক নমতাকৈ থাকিব নোৱাৰো৷আকৃতিয়ে তাৰ চকুৰ ফালে চাই চাই কৈ থাকিল৷ আলোড়নৰ মৃত্যুৰ পিছতে মানুহেবাৰে ভাবিবলৈ লে আকৃতি কেনেকৈ জীয়াই থাকিব৷ যাৰ শৰীৰৰ পঞ্চাশ শতাংশই বিকল সেইজনী ছোৱালীয়ে কাৰো সহায় নোলোৱাকে গোটেই জীৱন থাকিব পাৰিব জানো! দেউতাকতো  এতিয়া বৃদ্ধ হৈছে৷ ৰৈ যোৱা জীৱনটোত গতি দিব পৰাকৈ আকৃতিৰ যে এতিয়া একো সম্বল নাই৷ তাতেই মানুহে ভুল কৰিলে৷ এই এসপ্তাহত আকৃতিক আলোড়নৰ মৃত্যুতকৈও এইবোৰ কথাই ভাঙি পেলালে৷ তাই কান্দিবও নোৱাৰা ল৷ পুৰুষবোৰৰ এগৰাকী নাৰীৰ প্ৰয়োজন কিয় হয়? আলোড়ন আকৃতিৰ প্ৰয়োজন নাছিল৷ আলোড়ন আকৃতিৰ প্ৰিয়জন আছিল৷ এই কথাটো আকাশৰ বাহিৰে কোনেও নাই বুজা৷ আকৃতিৰ চকুৰ পৰা ধাৰাসাৰে পানী বাগৰিছে৷ আকাশৰ নিজকে মানসিকভাৱে পংগু যেন লাগিল৷ আকৃতিক দুখ দিয়া মানুহখিনিৰ মাজতেই আকাশ আছিল৷ আকৃতিয়ে আকাশৰ পুৰুষত্বক উলংগ কৰি পেলালে৷ আজি প্ৰেমত পৰি আকাশ৷ আকৃতিৰ ব্যক্তিত্বৰ নহয়, আকৃতি নামৰ সম্পূৰ্ণ সত্বাৰ৷ আকৃতিয়ে জোৰকৈ কান্দিছে৷ আকাশে ৰুমৰ দৰ্জাখন বন্ধ কৰি দিলে৷ কোনেও নুশুনক এই কান্দোনৰ শব্দ৷ প্ৰতিজন পুৰুষ প্ৰিয়জন হওক, প্ৰয়োজন নহয়৷ আকাশ আজি সম্পুৰ্ণ৷ ভালপোৱাৰ শেষ অনুভূতিয়ে আকাশক চুই গৈছে৷ ইয়াতকৈ ওপৰত প্ৰেমৰ কোনো সংজ্ঞা নাই৷ আকৃতি জী উঠক আলোড়নৰ স্মৃতিৰ সৈতে৷ তাই পাৰিব৷ আৰু আকাশৰ মনৰ বন্ধ কোঠাত এই ক্ষণটো জীপাল হৈ ৰওঁক অনুভৱবোৰ সাৰে থকালৈ, তাৰ শেষ উশাহলৈ৷

Leave a Reply

Your email address will not be published. Required fields are marked *