লাউপাৰাস্থিত মূল শ্ৰীশ্ৰীশ্যামৰায় সত্ৰৰ ভকতসকলৰ জীৱনী কোষ (ঊধাৰেশ্বৰ পাল দাস) – Purbodix.com

লাউপাৰাস্থিত মূল শ্ৰীশ্ৰীশ্যামৰায় সত্ৰৰ ভকতসকলৰ জীৱনী কোষ (ঊধাৰেশ্বৰ পাল দাস)

যোৱা সংখ্যাৰ পিছৰ পৰা

৬৷  নবীন মহন্ত   এওঁৰ পুৰণি বাসস্থান আছিল বঢ়িগাঁৱত৷ লুইতৰ খহনীয়াত স্থানান্তৰিত হৈ বৰ্তমান মুকালমুৱাত স্থায়ীভাৱে বসতি কৰি আছে৷

ভকত  ঁবংশী পাল দাসৰ স্বাস্থ্যৰ অৱনতি ঘটাত, তেতিয়াৰ শ্যামৰায় সত্ৰ পৰিচালনা সমিতিয়ে এওঁক সত্ৰত প্ৰসঙ্গ কৰাৰ দায়িত্ব দিয়ে৷ এওঁ ৰাতিপুৱা আৰু গধুলি বৰষুণ নেওচি ৩য৪ কিলোমিটাৰ খোজকাঢ়ি আহি সত্ৰত প্ৰসঙ্গ কৰিছিল৷ প্ৰায় ১৯৭৪য৭৫ চনত এওঁ মহন্তৰ ভাৰ লয়৷

তেতিয়াৰ পৰা দামোদৰি পন্থাৰ কাৰ্যপ্ৰণালী যেনেভকত সেৱা, কৰণী সেৱা, মেৰু কৰণী সেৱা কাৰ্যবোৰ, বৰক্ষেত্ৰী অঞ্চলৰ লগতে নলবাৰী জিলা আৰু কামৰূপ জিলাৰ বিভিন্ন ঠাইত অনুষ্ঠিত কৰি মানুহৰ পৰা ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল৷

এওঁ যিকোনো শাস্ত্ৰজ্ঞানৰ পণ্ডিত বুলি লেও বঢ়াই কোৱা নহয়৷ এওঁ এজন আদৰ্শ খেতিয়কৰ লগতে বাঁহবেতৰ নিপুণ শিল্পী আছিল৷

বৰক্ষেত্ৰী দেব দামোদৰ সংঘৰ প্ৰাণ প্ৰতিষ্ঠা কালৰ পৰা, এওঁৰ মৃত্যুৰ সময়লৈ সংঘৰ উন্নতিৰ হকে সদায় কাম কৰি গৈছিল৷ প্ৰায় এবছৰ ধৰি শ্যামৰায় সত্ৰত কৰা কষ্ট আৰু ত্যাগ, লাউপাৰা গাওঁ আৰু সত্ৰ পৰিচালনা সমিতিয়ে সদায় শ্ৰদ্ধাৰে মনত ৰাখিব৷

জ্জ৷            ৰত্নেশ্বৰ মহন্ত   নবীন মহন্তদেৱ ৰাতিপুৱা আৰু গধুলি বৰষুণ নেওচি, দূৰণিৰ পৰা সদায় আহিব লগা হোৱাত অসুবিধা হোৱাৰ বাবে তেতিয়াৰ সত্ৰ পৰিচালনা সমিতিৰ সিদ্ধান্ত মৰ্মে  ৰত্নেশ্বৰ মহন্তক শ্যামৰায় সত্ৰত প্ৰসঙ্গ কৰাৰ দায়িত্ব দিয়ে৷

পুৰণি লাউপাৰা গাঁৱত এওঁৰ বাসস্থান আছিল (কাচৰটাৰী) মাজৰ চুবুৰীত৷ এওঁ সৰুৰে পৰা এজন আদৰ্শ খেতিয়ক আছিল৷ স্কুলীয়া শিক্ষা বিশেষ নাছিল যদিও, বিভিন্ন শাস্ত্ৰ যেনেগীতা, ভাগৱত, কীৰ্তনঘোষা, নামঘোষা আদি শাস্ত্ৰ জ্ঞানেৰে পৰিপুষ্ট হৈছিল৷

এওঁ এজন ৰাগখং নোহোৱা নিৰ্জু লোক আছিল৷ গাঁৱৰ সামাজিক কামবোৰত বৰ আগৰণুৱা আছিল৷

এওঁৰ পূৰ্বপুৰুষ ২য৩ জন মহন্ত আছিল, এজনৰ নাম  মহেশ্বৰ মহন্ত৷ বংশানুক্ৰম পোৱা এখন সচং এওঁৰ ঘৰত এতিয়াও বিদ্যমান৷

জ্জ্ব৷   ভোগীৰাম তালুকদাৰ   এওঁ পুৰণা লাউপাৰা গাঁৱৰ শোলমাৰী চুবুৰীত বাস কৰিছিল৷ এওঁ এজন ভাল খেতিয়ক হিচাবে প্ৰতিস্থিত হৈয়ো সামাজিক কামবোৰত বিশেষভাৱে আগৰণুৱা আছিল৷ গাঁৱৰ দুখীয়া ৰাছোৱালীক শিক্ষাত আগুৱাই নিয়াৰ বাবে আৰ্থিকভাৱে সহায়ৰ হাত আগবঢ়াইছিল৷                                  ১৯৪২ চনৰ অসহযোগ আন্দোলনত যোগ দি অভূতপূৰ্ব সঁহাৰি যোগাইছিল৷ বৰ্তমানত অৱস্থিত শ্যামৰায় সত্ৰত পাহেৰী ভকত হিচাবে সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীদেবেন্দ্ৰ গোস্বামী (মহন্ত) দেৱে নিযুক্ত কৰে৷ সত্ৰৰ নিয়মানুৱৰ্তিতা আৰু পৰিষ্কাৰপৰি২৬ন্নতা বজাই ৰাখি কিছু বছৰ প্ৰসঙ্গ কৰাৰ পিছত, শাৰীৰিক অসুস্থতাৰ বাবে অব্যাহতি লয়৷

এওঁৰ সহঃধৰ্মিণী  ঁকৌশল্যা তালুকদাৰ এজনী সুকণ্ঠী দিহা নামৰ পাঠিকা আছিল৷

জ্ঝ৷  হোলিৰাম কলিতা পুৰণা লাউপাৰাত মাজৰ চুবুৰী (কাচৰটাৰী) এওঁ বাস কৰিছিল৷  ভোগীৰাম তালুকদাৰৰ শাৰীৰিক অসুস্থতাৰ বাবে শ্যামৰায় সত্ৰ পৰিচালনা সমিতি আৰু সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীদেবেন্দ্ৰ গোস্বামী (মহন্ত) দেবে সত্ৰৰ প্ৰসঙ্গ আৰু যাৱতীয় কাৰ্য সম্পাদনৰ দায়িত্ব দিয়ে৷

এওঁ শ্ৰীশ্ৰীশ্যামৰায় প্ৰভুৰ কিছুমান অলৌকিক ঘটনা আৰু মাহাত্ম্যৰ বিৱৰণ দুইচাৰিজন মানুহৰ আগত প্ৰকাশ কৰিছিল৷ এওঁ সৰুৰে পৰা এজন সহঃ পালক হিচাবে পৰিচিত আছিল৷

তন্ত্ৰমন্ত্ৰৰ জৰিয়তে বনৰীয়া গৰু বশঃ কৰিব পাৰিছিল৷

১০৷  ফণীধৰ কলিতা   এওঁ পুৰণা লাউপাৰাত শ্যামৰায় সত্ৰৰ পূবৰ চুবুৰী (পেৰামাৰা) টোত বাস কৰিছিল৷                                                হোলিৰাম কলিতাৰ মৃত্যুৰ পিছত লাউপাৰা ৰাইজৰ সহযোগত সত্ৰাধিকাৰ শ্ৰীদেবেন্দ্ৰ গোস্বামী (মহন্ত) দেৱে এওঁক মহন্তৰ ভাৰ দি, সত্ৰ পৰিচালনাৰ লগতে প্ৰসঙ্গ কৰাৰ দায়িত্ব দিয়ে৷

এওঁ লাউপাৰা হাইস্কুলত দশম শ্ৰেণীলৈ শিক্ষাগ্ৰহণ কৰে৷ তেতিয়া লাউপাৰা অঞ্চলত ৰঙালী বিহু বা অন্য উৎসৱপাৰ্বনত নাট্যাভিনয় কৰাটো এটা পৰম্পৰা আছিল বুলি পাৰি৷ এওঁ পঢ়ি থকা সময়ৰ পৰা নাটবোৰত স্মাৰক হিচাবে আৰু স্ত্ৰীৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ পৰা প্ৰশংসিত হৈছিল৷                                                        ১৯৮১৮২ চনত বৰক্ষেত্ৰী চাৰ্কোলত ৪১্থ (চতুৰ্থ) বৰ্গৰ চাকৰিত মকৰল হয় যদিও পিছত চাকৰি বাদ দি ঘৰুৱা কামত নিয়োজিত হৈ থাকে৷                                                          ফণীধৰ কলিতাৰ অসুস্থতাৰ বাবে শ্ৰীঅতুল কলিতাক সত্ৰাধিকাৰ প্ৰভুই দেউৰী ভকত হিচাবে সত্ৰৰ প্ৰসঙ্গ কৰাৰ দায়িত্ব দিয়ে৷ আৰু সাত বছৰ পিছতে ঘৰুৱা অসুবিধাৰ কাৰণে অতুল কলিতাই কাৰ্যভাৰ এৰি দিয়ে৷

ৰৰ৷         শ্ৰীকুশোৰাম কলিতা   এওঁ পুৰণা লাউপাৰাত মাজৰ চুবুৰী (কাচৰট্টাৰী) বাস কৰিছিল৷                                                শ্ৰী অতুল কলিতাৰ ঘৰুৱা অসুবিধাৰ কাৰণে এওঁক সত্ৰ পৰিচালনা সমিতি আৰু সত্ৰাধিকাৰ প্ৰভুই সত্ৰত কাৰ্যনিৰ্বাহ কৰাৰ দায়িত্ব দিয়ে৷                                              এওঁ বংশানুক্ৰম এটা মহন্ত পৰিয়ালৰ এজন ভদ্ৰ আৰু শান্ত প্ৰকৃতিৰ লোক আছিল৷ এওঁৰ ধৰ্মৰ প্ৰতি থকা বিশ্বাস আৰু আনুগত্যৰ বাবে শ্যামৰায় সত্ৰৰ দেউৰী ভকত হিচাবে কাৰ্যনিৰ্বাহ কৰাৰ সুবিধা পাইছিল৷ বৰ্তমান এওঁ দৰঙ্গীপাৰাত স্থায়ীভাৱে থাকে যদিও তিনি কিলোমিটাৰ খোজকাঢ়ি আহি ৰাতিপুৱাগধুলি সত্ৰত প্ৰসঙ্গ কৰিছিল৷                    সত্ৰত বহু বছৰ কাৰ্যনিৰ্বাহ কৰাৰ পিছত স্বাস্থ্যজনিত কাৰণত অব্যাহতি লয়৷

১২৷        শ্ৰী অতুল কলিতা   এওঁ পুৰণা লাউপাৰাৰ মাজৰ চুবুৰী (কাচৰট্টাৰী) বাস কৰিছিল৷                                                          এওঁ কিছু বছৰ আগতে শ্যামৰায় সত্ৰৰ ভকত হিচাবে আছিল যদিও ঘৰুৱা অসুবিধাৰ বাবে অব্যাহতি লৈছিল৷ পিছত কুশোৰাম মহন্তৰ অসুস্থতাৰ বাবে পুনৰ সত্ৰাধিকাৰ প্ৰভুই সত্ৰৰ দেউৰী ভকত হিচাবে কাৰ্যনিৰ্বাহ কৰাৰ দায়িত্ব দিয়ে৷                          কাৰ্যতঃ এওঁ সৰুৰ পৰা কৃষি কাৰ্যত ব্যস্ত থাকিও কাঠৰ কামৰ এজন নিপুণ শিল্পী হিচাবে সুনাম কঢ়িয়াব পাৰিছে৷                                                   এওঁ কিছুমান ঘৰুৱা সমস্যা ত্যাগ কৰিও অসমৰ বিভিন্ন ঠাইৰ মঠ, মন্দিৰ, সত্ৰ আদি ভ্ৰমণ কৰি যথেষ্ট ধৰ্মীয় জ্ঞান আয়ত্ব কৰিব পাৰিছে৷ গুৱাহাটীৰ বহুকেইটা পীঠ আৰু মন্দিৰত তাৰ পূজাৰীসকলৰ লগত থাকি বিভিন্ন পূজাপাৰ্বনৰ জ্ঞানো লাভ কৰিছে৷                                                শ্ৰীশ্ৰীশ্যামৰায় সত্ৰলৈ অহা ভক্তপ্ৰাণ যাত্ৰীসকলৰ পৰা এওঁ আজিও প্ৰশংসিত হৈ আহিছে৷

উপৰোক্ত ভকতসকলৰ উপৰিও শ্যামৰায় সত্ৰত আৰু দুজন পাহেৰী ভকতে প্ৰসঙ্গ কৰিছিল৷ এওঁলোক ঁমনু মেধি আৰু শ্ৰীনবীন কলিতা (কাপটুকা) এই দুজনা শ্যামৰায় সত্ৰৰ স্থায়ী ভকত নাছিল৷ স্থায়ী ভকতসকলৰ অসুস্থতা, জীয়াৰ অশৌচ আৰু মৰাম অশৌচৰ সময়ত সত্ৰৰ প্ৰসঙ্গ বাদ নপৰিবৰ বাবে বিভিন্ন সময়ত সত্ৰ পৰিচালনা সমিতিয়ে এই দুজন ভকতক প্ৰসঙ্গ কৰাৰ অনুমতি দিছিল৷

কিছু বছৰ আগৰ পৰা শ্ৰীনবীন কলিতা, লতিবাৰীৰ দুৱামখাত স্থায়ীভাৱে থাকিবলৈ লয়৷ তেতিয়াৰ পৰা স্থায়ী ভকতসকলৰ অসুস্থতা, জীয়াৰ বা মৰাৰ অশৌচত লাউপাৰা গাঁৱৰ কেইজনমান বালকৰ দ্বাৰা বিভিন্ন সময়ত প্ৰসঙ্গ কাৰ্য সমাপন কৰি অহা হৈছে৷

উক্ত বালকসকল – (সৌ সিদিনা লাউপাৰাবাসীক কন্দুৱাই অকল মৃত্যুবৰণ কৰা) ধৰ্মেশ্বৰ মহন্ত, সৰ্বশ্ৰী শ্ৰীঅৰূপ ডেকা, বিকাশ তালুকদাৰ, ৰামকৃষ্ণ মহন্ত, কমল মেধি, বিশাল কলিতা আৰু অপূৰ্ব কলিতা৷ প্ৰাৰ্থনা জনাওঁ যে শ্যামৰায় প্ৰভুই এওঁলোকক দীৰ্ঘায়ু কৰক৷

সত্ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু ভকতসকলৰ স্মৃতি সংৰক্ষণ কৰাটো পৰিচালনা সমিতিৰ দায়িত্ব৷

মহান অনুষ্ঠান, লগতে গাঁৱৰ অতীত বুৰঞ্জী জনাটো ভৱিষ্যত বংশধৰসকলৰ বাবে অত্যন্তই প্ৰয়োজনীয়৷

সত্ৰ পৰিচালনা সমিতিৰ জীৱিত আৰু মৃত মহান ব্যক্তিসকল আৰু ভকতসকলৰ বিদেহী আত্মাক সোঁৱৰণ কৰিবলৈ পাই ধন্য মানিছোঁ৷

সদৌ শেষত ভুলভ্ৰান্তিৰ বাবে ক্ষমা প্ৰাৰ্থনাৰে সামৰণি মাৰিলো৷

জয়তু শ্ৰীশ্ৰীশ্যামৰায় S…

বিঃদ্ৰঃ শ্ৰীযুত মনি গোস্বামী (ছয়গাঁও) দেৱৰ পৰামৰ্শ আৰু শ্ৰীযুত পিকু কলিতা (লাউপাৰা) সহযোগত এই লিখনিটো আগবঢ়োৱা ল৷

Leave a Reply

Your email address will not be published. Required fields are marked *