প্ৰসিদ্ধ উৰিয়া উপন্যাসৰ মুকলি অনুবাদ (ড॰ গৌৰহৰি দাস)(নিৰ্মালি মহন্ত) – Purbodix.com

প্ৰসিদ্ধ উৰিয়া উপন্যাসৰ মুকলি অনুবাদ (ড॰ গৌৰহৰি দাস)(নিৰ্মালি মহন্ত)

যোৱা সংখ্যাৰ পিছৰ পৰা

 

ভিতৰলৈ গৈ হাতভৰি ধুই, কাপোৰ সলাই বাবাজী ওলাই আহিল৷ এহাতে চোঁৱৰ আৰু আনখন হাতত ঠাল এখনত জলাবলৈ কপূৰ্ৰ এডোখৰ৷ কপূৰ্ৰডোখৰ জলাই এইবাৰ বাবাজীয়ে আৰতি বন্দনা আৰম্ভ কৰিলে৷ মুহূৰ্তৰ ভিতৰতে ঠাইডোখৰ কপূৰ্ৰৰ গোন্ধত আমোলমোলাই উঠিল৷ আৰতি শেষ হোৱাৰ পিছত ঠালখন আনি ইন্দ্ৰমণিৰ সমুখত দাঙি ধৰাত, ইন্দ্ৰমণিয়েও আৰতিৰ ওপৰত হাত দুখন বুলাই আনি সেই তাপ নিজৰ মুখ মণ্ডলত লে৷ নোৱাৰাকৈয়ে তাৰো কিবা এটা ভাল লাগি আহিছিল৷ এইবাৰ অৰ্জুন বাবাজীয়ে কঠ এখন পাৰি, হাৰ্মোনিয়ামটো সমুখত লৈ বহিল, আৰু মৃদংগটো ইন্দ্ৰমণিৰ ফালে আগুৱাই দি লে, “আগে নিজৰ মনটোক শান্ত কৰা ইন্দ্ৰ, তেতিয়াহে বাট বিচাৰি পাবা৷ সকলো সমস্যা সমাধানৰ এক নিৰ্দিষ্ট সময়ত হে হয়৷ লোৱা, মৃদং বজোৱা৷ তুমিতো এজন কলাকাৰ মানুহ, নি( ভালেই বজাবা৷

ইন্দ্ৰমণিয়ে মৃদংগ তুলি লে৷

অৰ্জুন বাবাজীয়ে বনমালী ভজন আৰম্ভ কৰিলে৷

হে প্ৰভু তোমাৰ মহিমা অপাৰ

 একমাত্ৰ প্ৰাৰ্থনা কৰো ওচৰত তোমাৰ

 মৰণকালত দৰ্শন দিবা শ্যামকানু কলাকাৰ৷

মোৰ শিৰত থাকে যেন আজ্ঞামালা তোমাৰ

মুখত তুলসীলৈ তোমাৰ নাম জপি

কৰি দিয়া যেন বৈকুণ্ঠৰ বাট মুকলি৷

অৰ্জুন বাবাজী মাতটো ইমান মিঠা বুলি ইন্দ্ৰমণিয়ে সপোনতো ভবা নাছিল৷ আবেগৰ সৈতে গাই যোৱা বনমালী ভজনৰ মাজত যেন এক অদ্ভুত সন্মোহন শক্তি সোমাই আছিল৷ চাকিৰ উজ্জ্বল আলোকৰ মাজত বাবাজীক শ্ৰীক্ষেত্ৰৰ শৰধাবালিত আত্মবিভোৰ হৈ ঈশ্বৰৰ ভজন গাই থকা ভক্তসকলৰ দৰেই লাগিছিল৷ ইন্দ্ৰিয় আসক্তিৰ পৰা বিছিন্ন হৈ লাহে লাহে যেন মানুহজন ভক্তিত বিলীন হৈ গৈছিল আৰু নিগৰি আহিছিল দুচকুৰে দুধাৰি চকুলো৷

মানুহজনে তন্ময় চিত্তৰে এটাৰ পিছত এটাকৈ ভজন গাই ল৷

বহু সময় ঈশ্বৰক আৰাধনা কৰাৰ পিছত লাহেকৈ সেৱা এটা কৰি বাবাজীয়ে প্ৰাৰ্থনা সামৰিলে৷

হাৰ্মোনিয়ামখন বন্ধ কৰি, লাহেকৈ আঁতৰাই থৈ তেওঁ ইন্দ্ৰমণিক লে, “তুমি বৰ সুন্দৰ মৃদং বজোৱা ইন্দ্ৰ৷ বেয়া নোপোৱা যদি মোৰ কথা এটা ৰাখিবা? আমাৰ মঠৰ কীৰ্তনলৈ তুমি আহিবা৷

আপুনিও কিন্তু মোৰ লগীয়া নাটকখনৰ আৰম্ভণিত ভজনেৰে শুভাৰম্ভ কৰিব লাগিব?” – ইন্দ্ৰমণিয়ে লে৷

অৰ্জুন বাবাজীয়ে এইবাৰ একো নামাতি লাহেকৈ হাঁহিলে৷

ঠিক সেই সময়তে ঘনশ্যাম আহি কিবা এটা বলৈ বুলি বাবাজীৰ দুৱাৰ মুখত ৰৈছিলহি৷ কিন্তু ইন্দ্ৰমণিক দেখিহে সি মনে মনে থাকিল৷ তাক দেখি অৰ্জুন বাবাজীয়ে সুধিলে, “ঘন, কি খবৰ তোৰ? ঘাট বন্ধ নেকি?”

ঘনই একো নামাতি মনে মনে ৰৈ থকা দেখি ইন্দ্ৰমণিক লাহেকৈ সেই কোঠাটোৰ পৰা ওলাই বাবাজীৰ বাগিছাখনৰ ফালে গুছি আহিল৷ সময় প্ৰায় চাৰে আঠ মানে বৰ ল৷ এতিয়া চাগে, আখৰাঘৰত সকলোৱে তাকে বিচাৰি ফুৰিছে৷ বিশেষকৈ মাষ্টৰে৷

ঘনয়ে অৰ্জুন বাবাজীক সোনকালে তাৰ কথাখিনিকৈ খৰখেদা কৈ মঠৰ পৰা গুচি ল৷ সি যোৱাৰ পিছত বাবাজীয়ে আকৌ ইন্দ্ৰমণিক ভিতৰলৈ মাতিলে৷

বাবাজীয়ে এইবাৰ তেওঁৰ গাদীখনৰ তলৰ পৰা সোণৰ হাৰ এডাল উলিয়াই ইন্দ্ৰমণিৰ আগত ৰাখিলে৷এইখিনি হৈছে প্ৰভুৱে তোমাক কৰা সাহাৰ্য৷ মোৰ হাতত বৰ্তমান এটকাও নাই৷ এই হাৰডাল যদি তোমাৰ কিবা কামত আহিব পাৰে বুলি ভাবা, তেনেহলে লৈ যোৱা৷ আমি হৈছো সন্ন্যাসী মানুহ, সোণৰূপৰ মূল্য আমি বুজি নাপাওঁ৷ কিন্তু দেখি লাগিছে ইয়াৰ মূল্য চল্লিছপঞ্চল্লিছ হাজাৰতকৈ হয়তো কম নহব৷ এইডাল বন্ধকত থৈ অন্ততঃ তুমি তোমাৰ কামখিনি কৰিব পাৰিবা৷ খালি দিওঁতে চাই মেলি দিয়া যেন, যাতে হাৰডাল আকৌ ঘূৰাই পোৱা৷ কাম শেষ লে ইয়াক আকৌ মোকোলাই আনি মোক ঘূৰাই দিবা৷ এই হাৰডাল আন কাৰবাৰ হে সম্পত্তি৷

সমস্যাৰ সমাধান পোৱাত ইন্দ্ৰমণিয়ে মনতে সকাহ পালে৷ এই হাৰডাল নি অহল্যা বাইটিৰ ওচৰত ৰাখিলে নি( কিছু অলপ লেও পইচা পোৱা যাব৷ এবাৰত দহ হাজাৰ নাপালেও, বাইটিয়ে দুবাৰত পাঁচ হাজাৰ পাঁচ হাজাৰ কৰি লেও দিব পাৰিব৷

বাবাজীয়ে হাৰডাল ইন্দ্ৰমণিৰ ফালে আগুৱাই দিলে৷ হাৰডাল লোৱাৰ সময়ত ইন্দ্ৰমণিয়ে ভাবিলে, ইচ্ছা কৰিলে বাবাজীয়েতো এইডাল তাক আগতেই দিব পাৰিলেহেঁতেন৷ ইমান পৰ বহোৱাই ৰাখিলে কিহৰ কাৰণে?

অৰ্জুন বাবাজীয়ে ইন্দ্ৰমণিৰ মনৰ কথা বুজি লাহেকৈ লে, “তুমি মোক চাগেসন্দেহেই কৰিছা৷ কিন্তু মই তোমাক এইয়াই যে মই লোঁ মাত্ৰ এক মাধ্যম৷ যেনেদৰে ডাকঘৰলৈ বাহিৰৰ পৰা চিঠি আহিলে, আকৌ চিঠিবোৰ অন্য কোনো দিশে গুচি যায়, মোৰো কাম সেইয়াই৷ তোমাৰ প্ৰয়োজনৰ কথা মই বুজি পাইছিলোঁ হয়, কিন্তু সেই সময়ত মোৰ ওচৰত তোমাক দিবলৈ একো নাছিল৷ এই মাত্ৰ যেতিয়া হাতত পৰিলত, মই লগে লগে তোমাক দি দিলোঁ৷

এই মাত্ৰ আহিল মানে? মানেঘনই? – ইন্দ্ৰমণিৰ মুখেদি ওলাই আহিল৷

তাৰ পিছত মনতে ভাবিলে, “ ঘন চোৰ নেকি? নহলে তাৰ ওচৰত ইমান দামী হাৰডাল পৰা আহিল? ”

তোমাৰ মনত আকৌ সন্দেহ৷ বিশ্বাসে মিলয় কৃষ্ণ, তৰ্কৰে যায় বহু দূৰ৷ যিমানে তৰ্ক কৰিবা, সিমানেই সন্দেহৰ গহ৩১লৈ সোমাই সোমাই গৈ থাকিবা৷  ঘাটৰ পৰা ঘূৰি আহোঁতে বাটত পৰি থকা দেখি ঘনই লৈ আহিল৷ কাৰোবাৰ ডিঙিৰ পৰা সুলকি পৰিল চাগে৷ তাৰ ছৈ দিয়া ঘৰটোত নিৰাপদ নহয় কাৰণে সি মোৰ ওচৰতে থৈ গৈছে৷ যিদিনাই ইয়াৰ মালিক ওলাব, আমি তেওঁক হাৰডাল ওভতাই দিব লাগিব৷ কিন্তু নোলোৱালৈকে হাৰডাল বন্ধকত থৈ তুমি তোমাৰ কামখিনি অন্ততঃ কৰিব পাৰিবা৷ ” – অৰ্জুন বাবাজীয়ে লে৷

বাবাজীৰ কথা শুনি ইন্দ্ৰমণিয়ে থতমত্ খালে৷ তাৰ মনৰ মাজত খেলি থকা কথাবোৰৰ উমঘাম বাবাজীয়ে পায় কেনেকৈ? মুখেৰে একো নামাতি সি থাপনাৰ সমুখত মূৰ দোঁৱাই সেৱা এটা কৰি গুচি আহিল৷ ওলাই অহাৰ আগে আগে বাবাজীয়ে লে, “ সকলো প্ৰভু জগন্নাথৰ ইচ্ছা৷ আৰতি দিয়াৰ আগমুহূৰ্তলৈকে মই সপোনতো ভবা নাছিলো, তোমাক এনেকৈ সহায় কৰিব পাৰিম বুলি৷ কিন্তু তোমাক সহায় কৰিবলৈ মোৰ ইচ্ছা জাগিছিল৷ এই সকলোবোৰ ঈশ্বৰৰ লীলা বুজিছা৷

হয়, আপুনি থিকেই কৈছে৷ বাৰু মই আহো তেতিয়াহলে৷ আখৰাঘৰত মোৰ কাৰণে সকলো ৰৈ আছে চাগে

অৰ্জুন বাবাজীয়ে এইবাৰ হাঁহি হাঁহি লে, “মনত ৰাখিবা ইন্দ্ৰ, সকলো সমস্যাৰে সমাধান আছে, আৰু তাৰ এক নিৰ্দিষ্ট সময় থাকে৷ যাৰ কাৰণে মানুহক প্ৰয়োজন ধৈৰ্যৰ৷

ইফালে আখৰাগৃহত ইন্দ্ৰমণিৰ কাৰণে দুটা খবৰ ৰৈ আছিল৷ প্ৰথমটো, বাসন্তীয়ে নাটক কৰিব নোৱাৰিব৷ কাৰণটো পিছত জনাব৷ দ্বিতীয়টো, যি তাৰ কাৰণে খুবেই উৎসাহজনক আছিল, সেইয়া কাইলৈ উদ্ধৱ মহান্তিক এবাৰ লগ কৰিবলৈ নৰোত্তম মণ্ডলে খবৰ দি পঠিয়াইছে৷ নৰোত্তম মণ্ডলৰ সৰুজনী জীয়েকেই দুয়োটা খবৰ দিবলৈ আখৰাঘৰলৈ আহিছিল৷ কিন্তু ইন্দ্ৰমণিৰ দেৰি হোৱা দেখি ঘূৰি গুচি গৈছিল৷

ভালেই সভাপতিয়ে নিজেই মাতি পঠিয়াইছে৷ এনেও মই কাইলৈ তেওঁৰ ওচৰলৈ লোৱে হয়৷ পিচে এতিয়া বাসন্তীৰ সলনি কাক লোৱা যায়?

গংগাধৰ মাষ্টৰে স্ফূৰ্তিত জাপ মৰা দি লে, “বৰ ভাল ল৷ মইতো আগতেই তোক কৈছিলো, ৰেজিয়া চুলতানৰ চৰিত্ৰটো এই ফুটাব নোৱাৰিব বুলি৷ কিন্তু তাইৰ বাপেক পঞ্চায়তৰ উপসভাপতি বুলি তই মুখেৰে টু এটা নকৰিলি৷ মুঠৰ ওপৰত যি হয়, ভালৰ কাৰণেই হয়৷ কোৱাৰ আগতেই, নিজে নিজে ওলাই ল৷

সেইটো বুজি পাইছো, কিন্তু এতিয়া মালতীয়েও যদি নকৰো বুলি কয়, তেতিয়া কি কৰিম? মহিলাৰ চৰিত্ৰ কৰিবলৈ মহিলা অভিনেত্ৰী বিচাৰি পোৱাটো ইমান সহজ জানো? নহলে মতাকে মাইকী বনাই মানুহক নাটক দেখুৱাব লাগিব আৰু৷ইন্দ্ৰমণিয়ে লে৷

সেই সোপা নাটক কোনে চাব? আমাৰ ৰাজ্যত মতাক মাইকী সাজি নাটক কৰিলেও কিমান দূৰনো সফল হৈছে৷ নাৰী অবিহনে নাটক কি, জীৱনেই বা কি? সীতা, দ্ৰৌপদীক বাদ দি কোনোবাই ৰামায়ণ, মহাভাৰতৰ কথা চিন্তা কৰিব পাৰিব নে? – গংগাধৰে যোগ দিলে৷

সেইটো বাৰু মানি ললোঁ৷ কিন্তু আমাৰ এই গাওঁখনত ফিমেইল আৰ্টিষ্ট পোৱা কিমান টান সেইয়াতো আপুনি নিজেই জানে৷

একো চিন্তা কৰিব নালাগে৷ মালতীয়ে সেই চৰিত্ৰটো কৰিব, চাই থাকিবি৷ নহলে নিশিগন্ধাকে ম৷গংগাধৰ মাষ্টৰে কাহ এটা মাৰি ৰৈ ল৷ তাৰ পিছত লাহেকৈ সুধিলে, “ আজি মোৰ কিবা ব্যৱস্থা বনে ইন্দ্ৰ৷

 দুগুণ উৎসাহেৰে ইন্দ্ৰমণিয়ে লে, “ , ব৷ নি( ব৷ মাত্ৰ আজি ৰাতিৰ ভিতৰত নহ, কিন্তু কাইলৈ ৰাতিপুৱাৰ ভাগত কিবা নহয়, কিবা এটাতো ব্যৱস্থা হৈ যাব৷ নিশ্চিন্তমনে থাকক৷

বাৰু, ইমান দিন অপেক্ষা কৰিলোৱেই যেতিয়া, আৰু এৰাতি পাৰ কৰাত কি যায়৷গংগাধৰে লে৷

কথা সলনি কৰি ইন্দ্ৰমণিয়ে লে, “ বাসন্তীয়ে পাৰ্ট নকৰিলে আৰু এটা সুবিধা ব৷ য়াকুতৰ চৰিত্ৰ কৰিবলৈ কৰুণাকাৰেও আগ্ৰহ নকৰিব৷ আচলতে তাৰ আগ্ৰহ আন ৰবাত হে৷ মোৰতো লাগিছে সেই কাৰণেই বাসন্তীক বাপেকে নাটকত অভিনয় কৰিবলৈ মনা কৰিছে৷

পাৰে৷ আচ্ছা তোৰ ওচৰত চিগাৰেট আছে যদি দেচোন৷

লওক৷ চিগাৰেট এটা মাষ্টৰৰ ফালে আগবঢ়াই দি ইন্দ্ৰমণিয়ে লে, “ কাইলৈ সকলো ফাইনেল কৰি দিম৷ চিন্তা নকৰিব৷

হেৰ, মইনো কিয় চিন্তা কৰিম? আৰু চিন্তা কৰিলোৱেই বা, তাৰ পৰানো কিটো পাম? – এজন পৰাজিত মানুহে কোৱাৰ সুৰত গংগাধৰে লে৷

তেনেকৈ কিয় কৈছে? আপুনি হৈছে আমাৰ সংস্থাপ্ৰয়াস মহাভাৰতৰ শ্ৰীকৃষ্ণ স্বৰূপ৷ নিজে অস্ত্ৰ নধৰিলেও সমগ্ৰ বিশ্বই জানে কুৰুক্ষেত্ৰ ৰণৰ প্ৰকৃত যোদ্ধা তেৱেই বুলি৷ আচ্ছা, আপুনি পিছে গোপীনাথপুৰৰ মানুহখিনিৰ লগত কথা পাতিবলৈ কেতিয়া যাব?

যাম, যাম৷ এই হাটৰ দিনতে এদিন গৈ আহিব লাগিব৷ বাৰু মই যাওঁ দে৷কথাষাৰ কৈ চিগাৰেট টানি টানি গংগাধৰ মাষ্টৰ লাহে লাহে ঘৰমুৱা ল৷

ইন্দ্ৰমণিৰ পেণ্টৰ পকেটতো গধুৰ হৈ পৰিছিল৷ সোণৰ হাৰডাল তাতেই আছিল৷ এতিয়া এই ৰাতিখন অহল্যা বাইটিৰ ঘৰলৈ যোৱাটোও ঠিক নহব৷ ৰাতিপুৱা যোৱাই ভাল৷ অন্ততঃ মাহটোৰ কাৰণে দহ হাজাৰ টকা পালেও বহুত৷

অৰ্জুন বাবাজীয়েও ঠিকেই কৈছিলসমস্যা সমাধানৰ এক নিৰ্দিষ্ট সময় থাকে৷ আজি বহুদিনেই সিহঁতে নাটক নকৰাৰ৷ এই নাটকখন কিবা কৰি ভালকৈ কৰিব পাৰিলে, তাৰ লগত কাম কৰা মানুহখিনিৰ মনলৈও আত্মবিশ্বাস আহিব৷

ফাগুনৰ প্ৰথম জাক পছোৱাই গছৰ পাতবোৰক কঁপাই তুলিছিল৷ পুখুৰীৰ পাৰৰ পৰাই ইন্দ্ৰমণিয়ে নিজৰ গাওঁখনলৈ এবাৰ চালে৷ নিশাৰ আলোকত এজন চিত্ৰশিল্পীয়ে নিজৰ তুলিকাৰে আঁকি তোলা এখন মায়াবী চিত্ৰৰ দৰে দেখা গৈছিল তাৰ পাটপুৰক৷ এফালে নৈ, আনফালে পাহাৰ৷ এইখন গাঁৱতেই আছে তিনিটাকৈ পুখুৰী, তিনিখন আধ্যাত্মিক স্থলমহাদেৱ মন্দিৰ, ৰাধাকৃষ্ণ মঠ আৰু লগতে অৰ্জুন বাবাজীৰ আশ্ৰম৷ ইয়াৰ পুখুৰীবোৰেই গাওঁবোৰক ইখনৰ পৰা সিখনক পৃথক কৰিছে বুলি কব পাৰি৷ গাঁৱৰ প্ৰায় ভাগ মানুহৰেই ঘৰবোৰ জুপুৰিৰ৷ ৰাতিৰ পোহৰত সেই ঘৰবোৰক একো একোটা বিশাল কাঠফুলাৰ দৰে লাগিছিল৷ সি মনে প্ৰাণে বিচাৰে তাৰ গাওঁখনৰ মঙ্গল হওক৷ উন্নতি হওক মানুহবোৰৰ৷ এইফালৰ পৰাই হওক বা সিফালৰ পৰাই হওক, মুঠতে গাঁৱলৈ বুলি পকী ৰাস্তা এটা হওক৷ মানুহখিনি উপকৃত ব৷ ডেকা ৰাছোৱালীবোৰে মূৰ তুলি বাহিৰৰ জগতখনক চাব পাৰিব৷ লগতে লাগিছিল গাঁৱৰ খেতি পথাৰলৈ বুলি এটা কেনেল৷ জহ কালি নুৱা নৈৰ পানী লুণীয়া হৈ পৰে কাৰণে পুখুৰীবোৰো শুকাই যায়৷ কেনেল এটা থকা লে, আগৰ পৰাই পানী ধৰি ৰাখি, সেই পানী মাঘলৈকে ব্যৱহাৰ কৰিব পৰা লহেতেন৷

তেনেতে ৰমাকান্তই কোৱা কথা এষাৰ তাৰ মনলৈ আহিল৷ ৰমাকান্তই কয়, পিছ পৰি থকা মানুহবোৰ যেতিয়া আগুৱাই যায়, তেতিয়া সিহঁতৰ গতিবেগ তীব্ৰ হৈ পৰে৷ কাৰণ সেই গতিপথত সিহঁতে নতুন নতুন নীতি কৌশল আয়ত্ব কৰি লয়৷ হয়ো, কথাষাৰ একেবাৰে মিছাও নহয়৷ পিচে আজি বহুত দিন ৰমাকান্তক নেদেখা৷ কাইলৈ পাৰিলে এবাৰ তাক লগ ধৰি আহিব লাগিব৷ এতিয়া ৰেজিয়া চুলতান চৰিত্ৰটোৰ কাৰণে মালতীয়েই একমাত্ৰ তাৰ আশা৷ মালতীয়ে কৰিব বুলিতো তেতিয়া কৈছিলে, কিন্তু ধেমালিতে কৈছিল নে সঁচাকৈয়ে কৈছিল, সেইয়া গৈ সুধিলে হে গম পোৱা যাব৷ আৰু মালতীও যদি ৰাজি নহয়, তেতিয়া লে নিশিগন্ধাই তাৰ শেষ আশাভৰসা৷ মুঠতে চৰিত্ৰটো মালতীয়েই কৰক বা নিশিগন্ধাই, সেই দায়িত্বভাৰ সি ৰমাকান্তৰ ওপৰতেই দিব৷ কালি এবাৰ তাক কাণ চুৱাই থৈ আহিব লাগিব৷ আকৌ ইন্দ্ৰমণিয়ে ভাবিলে, কালি কিয়? আজিয়েই চোন পাৰি৷ সি হৈছে এটা নিশাচৰ৷ এতিয়াও শোৱাই নাই চাগে

লগে লগে ইন্দ্ৰমণিয়ে ৰমাকান্তৰ ঘৰৰ ফালে চাইকেল পোনালে৷ কৃষ্ণপক্ষৰ জোনটো লাহে লাহে বেছি উজ্জ্বল হৈ পৰিছিল৷

পুৱাই পুৱাই ইন্দ্ৰমণিক ঘৰলৈ অহা দেখি অহল্যাই হাঁহি হাঁহি লে, “হেৰ, আজি সন্ধ্যা তৰাটো পুৱাই পুৱাই ওলাল কেনেকৈ?”

বুজি পোৱা নাই বাইটি? – ইন্দ্ৰমণি লে৷

হেৰতই লি অভিনেতা, নিৰ্দেশক মানুহ৷ এন্ধাৰ হোৱাৰ পিছত ঘৰৰ পৰা ওলাৱ৷ দিন দুপৰত জানো কোনোবাই তোৰ দৰ্শন পায়?

দৰকাৰ পৰিল কাৰণেহে খৰধৰকৈ আহিব লগীয়া বাইটি৷চাইকেলখন বেৰতে আঁউজাই সি লে৷

হয় নেকি৷ বাৰু আহ, বহ ইয়াতে৷ চাহ খাবি নেকি? – অহল্যাই সুধিলে৷

নাই, নালাগে৷ ইয়াৰ পৰা মই আকৌ উদ্ধৱ মহান্তিৰ ঘৰলৈ যাব লাগিব৷ দেৰি লে মানুহটো নহলে ভুৰুঙকৈ ৰবালৈ গুচি যাব৷কথাখিনি কৈ এইবাৰ ইন্দ্ৰমণিয়ে পকেটৰ পৰা সোণৰ হাৰডাল উলিয়ালে৷

সেই সময়ত নিশিগন্ধাও গা ধুই সেইখিনিত ওলাইছিলহি৷ বগা শাৰীখনৰ লগতে মেলি থোৱা চুলিকোছাৰ সৈতে তাইক আগতকৈয়ো বেছি ধুনীয়া লাগিছিল৷

ইন্দ্ৰমণিৰ হাতত সোণৰ হাৰডাল দেখি, নিশিগন্ধাই ধেমালি কৰি সুধিলে, “এইডাল আমাৰ বলগীয়া বৌৰ কাৰণে গঢ়াইছা নেকি? বেছ দেখনীয়াৰ হৈছে কিন্তু৷

নাইনাই, কথা বেলেগ হে৷” – অহল্যাই লে৷

’, হয় নেকি”, বুলি কৈ নিশিগন্ধা আকৌ ভিতৰলৈ সোমাই ল৷

ডাঙৰ বিপাঙত পেলালি ইন্দ্ৰমণি, কিনো কওঁ তোক বুজিয়ে পোৱা নাই৷”- অহল্যাই লে৷

ইন্দ্ৰৰ যে বৰ আলৈআহুকালখন হৈছে, সেই কথা আকৌ এবাৰ সি অহল্যাক বুজাবলৈ চেষ্টা কৰিলে৷ আনকি অৰ্জুন বাবাজীৰ লগত হোৱা বুজাবুজিৰ কথাও লে৷

চাহ দুকাপ হাতত লৈ নিশিগন্ধা ওলাই আহি লে, “ময়ো শুনোচোন তোমাৰ সমস্যাৰ কথা৷

ইন্দ্ৰৰ কথাখিনি শুনি উঠি নিশিগন্ধাই লে, “মোৰ মনে কৈছে তুমি এই হাৰডাল বাইটিৰ ওচৰতে থৈ, পঞ্চায়তৰ সভাপতিৰ ঘৰলৈ লে বাট মুকলি হৈ যাব৷

মানে? – চাহ কাপত শোহা এটা মাৰি ইন্দ্ৰমণিয়ে সুধিলে৷

এইৰ কথাবোৰক উৰুৱাই নিদিবি লে দেই৷ নিশিগন্ধাৰ ভৱিষ্যতবাণী প্ৰায়ে সঁচা হয় কিন্তু৷ তই আগে উদ্ধৱ মহান্তিৰ ঘৰৰ পৰা আহ গৈ৷অহল্যাই লে৷

ইন্দ্ৰমণিয়ে চাহৰ কাপটো তলতে থৈ খৰখেদাকৈ সভাপতিৰ ঘৰলৈ গুচি ল৷ তাৰ গাওঁ আৰু মহান্তি গাঁৱৰ মাজত আছে চন্দ্ৰশেখৰ মহাদেৱ মন্দিৰ৷ মাধৱ পূজাৰীয়ে শ্লোক মাতি মাতি মন্দিৰৰ দুৱাৰ খুলি অহা যোৱা কৰি আছিল৷

দেউৰ প্ৰতি ইন্দ্ৰমণিৰ তিলমাত্ৰও শ্ৰদ্ধা নাই৷ মাত্ৰ চকুৱে চকুৱে পৰাৰ কাৰণে হে সি চাইকেল চলাই গৈ থাকোঁতেই মাত এষাৰ দি , “দেউ প্ৰণাম৷ ভগৱানৰ ওচৰত আমাৰ হৈও দুআষাৰ বচোন৷

অকল তোৰ কাৰণেই নে, মইতো গোটেই গাওঁখনৰ হৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ৷ লাগে মানুহে বুজি পাওক বা নাপাওকঅকাল মৃত্যুহৰণম, সৰ্বব্যাধি বিনাশম, ঔম নমো শিৱায়

ইন্দ্ৰমণিয়ে আৰু দেউৰ শ্লোক শুনিবলৈ ৰৈ নাথাকিল৷ চাইকেল চলাই গুচি ল৷ ফলিয়াওক বা নফলিয়াওকেই, নিশিগন্ধাৰ সেই দুআষাৰ কথাই কিন্তু তাৰ মনত সাহস দিছিল৷ অৰ্জুন বাবাজীৰ কথাৰ লগত নিশিগন্ধাৰ কথাৰ যেন বহুত মিল আছিল৷ নিশিগন্ধাই সঁচাকৈয়ে ভৱিষ্যতবাণী কৰিব পাৰে নেকি? গাঁৱৰ মানুহৰ মুখতো বহুত কিবাই শুনিছে৷ পিচে ইন্দ্ৰমণিয়ে এনেবোৰ কথাত বিশ্বাস নকৰে৷ সব অন্ধবিশ্বাসৰ বাদে আন একো নহয়৷

উদ্ধৱ মহান্তিৰ ঘৰৰ সমুখত তেওঁলোকৰ গৰুগাড়ীখন ঠিয় হৈ আছিল৷ ঘৰৰ বাওঁফালে আছে ডাঙৰ গোহালি ঘৰটো৷ গোহালিটোৰ আগত বান্ধি থোৱা আছে দুটা বলদ আৰু দুজনী খীৰতী গাই৷ চোতালত আছিল উদ্ধৱ মহান্তিক সকলো সময়তে কঢ়িয়াই লৈ ফুৰা তেখেতৰ মটৰ চাইকেলখন৷ সভাপতিক লগ ধৰিবলৈ ইতিমধ্যে পুৱাতে আহি চোতালত ৰৈ আছিল তিনিচাৰিজনমান মানুহ৷

ইন্দ্ৰমণিয়ে সেই মানুহ কেইজনৰ আগেদিয়ে গৈ সভাপতিৰ ঘৰত সোমাল৷ সভাপতি উদ্ধৱ মহান্তি সেই সময়ত ৰা ঘৰৰ চকী এখনত বহি চাহ খাই আছিল৷ তেওঁৰ সমুখত আছিল এখন হাত ভঙা চকী৷ ইন্দ্ৰমণিয়ে গৈ সেই চকীখনতে বহিল৷

চাহ খাবি নেকি? – সভাপতিয়ে সুধিলে৷

নাই নাখাওঁ৷ কালি খবৰটো পাওঁতে দেৰি হৈ ল৷ গধূলি অৰ্জুন বাবাজীৰ আশ্ৰমলৈ গৈছিলোঁ৷ তাতে ভজনকীৰ্তন কৰোঁতে অলপ দেৰি হৈ ল৷

মইতো তোৰ কামতেই গৈছিলোঁ৷ তইতো মই পাহৰি লো বুলিয়ে ভাবিছিলি চাগে? আমাৰ গাঁৱৰ ৰা হয় তই, প্ৰয়োজনৰ সময়তে মই যদি তোক সহায় নকৰো, আৰু কোনে কৰিব? আচ্ছা, এতিয়া চোন, এই নাটকখনত খৰচপাতি কিমান ?

খৰচটো বহুতেই ব৷ ড্ৰামা আৰু গান বাজনা যিমান ভালকৈ কৰিব পাৰি সিমানেই ভাল৷ মই নিজেও অলপ কিছু যোগাৰ কৰিছোঁ৷ লগতে আপোনাৰ পৰাও যদি কিবা অলপ সহায় পাওঁ, তেতিয়াহলে গোটেইখিনি ভালকৈয়ে কৰিব পাৰিম৷

তথাপিও, কিমান মান পৰিব?

ষাঠি, সত্তৰ হাজাৰ মানতো পৰিব৷ নাটকৰ সাজপাৰ, লাইট, বাদ্যযন্ত্ৰ এইবোৰৰ বাদেও, নাটকৰ সৈতে জড়িত ৰা ছোৱালীখিনিকো কিবা খুৱাব লাগিব৷

বাৰু তই বহ চোন৷ চাওঁ কি কৰিব পাৰোঁ?” বুলি কৈ উদ্ধৱ মহান্তি ভিতৰলৈ সোমাই ল৷ সভাপতিৰ কথাৰ সুৰ শুনি ইন্দ্ৰই মনতে নিজকে লে, “আজি শেনৰ কণ্ঠত সৰসঞ্জৱতীৰ মাত যে? এনে চোন কিবা এটা লেই স্বফাইদাং মাৰি গুচি যায়৷

উদ্ধৱ মহান্তিয়ে খবৰ কাগজেৰে মেৰিয়াই অনা বাণ্ডিলটো ইন্দ্ৰমণিৰ ফালে আগবঢ়াই দি লে, “ইয়াত চল্লিছ হাজাৰ আছে৷ মোৰ বোধেৰে এইখিনিৰে তোৰ কাম ধুনীয়াকৈ হৈ যাব লাগে৷

চল্লিছ হাজাৰ! অলপ আচৰিত হোৱা দিয়েই ইন্দ্ৰমণিয়ে সুধিলে৷

’” বুলি কৈ উদ্ধৱ মহান্তিয়ে নিজৰ চাহ কাপত শোহা এটা মাৰিলে৷

ইন্দ্ৰমণি ধন্য হৈ উদ্ধৱ মহান্তিক লে, “আপোনাৰ এই সহায়ৰ কথা মই কোনোদিনে পাহৰিব নোৱাৰিম৷ ভৱিষ্যতে কেতিয়াবা মোৰ দৰাকাৰ লে নিঃসংকোচে জনাব৷ মোৰ ৰাবোৰ আপোনাৰ লগত সদায় থাকিব৷

লগে লগে ঠাট্টাৰ সুৰত উদ্ধৱ মহান্তিয়ে লে, “কটা ঘাডোখৰত চূণ লগাব নাহিবি বুজিছ৷ নিৰ্বাচনৰ সময়ত কিমান সহায় কৰিলি ভালকৈ জনা আছে৷ বাদ দিছোঁ আৰু সেইবোৰ কথা এতিয়া৷ মই যেনেকৈ পাহৰি গৈছোঁ, তয়ো যোৱা কথা পাহৰি যা৷ মাত্ৰ আহিব লগীয়া দিনবোৰৰ কথা চিন্তা কৰ৷

আহিব লগীয়া দিন?

নহলে? আমাৰ গাঁৱখন কি সদায় পাণ্ডৱ বৰ্জিত গাঁও হৈয়ে পৰি থাকিব নেকি? তহঁত ডেকা ৰাবোৰে যদি মোৰ লগত আগবাঢ়ি নাহ, মই অকলেনো কিমান কৰিব পাৰিম৷ মইতো অকল এইখন গাঁৱৰ সভাপতি নহয়, আৰু কেইবাখনো গাওঁ আছে মোৰ হাতত৷ মাত্ৰ নিজৰ ঠাই বুলি হে পাটপুৰৰ কাৰণে কিবা এটা কৰিবলৈ ওলাইছোঁ৷ তোৰ নাটকৰ আয়োজন আমি সকলোৱে মিলি ডাঙৰকৈ কৰিম বুজিছ৷ বিধায়ককতো মাতিমেই, প্ৰয়োজন লে মন্ত্ৰীকো মাতিম৷ তই খালি এখন দৰখাস্ত লিখি মোক দে৷ মই সেইখন বিধায়েকৰ হতুৱাই মন্ত্ৰীৰ ওচৰলৈ পঠিয়াম৷ যিহেতু মন্ত্ৰীৰ ওচৰলৈ যাবলৈ আমাৰ হাতত আৰু সময় নাই, গতিকে বিধায়ককে লাগিব৷

খুবেই ভাল কথা৷ আগতে আমাৰ গাঁৱত মন্ত্ৰীতো দূৰৰে কথা, বিধায়কেই ভৰি নথৈছিল৷ আজি বাৰু মই সন্ধিয়াৰ ভিতৰত দৰখাস্তখন লিখি আপোনাক দি থৈ যাম৷বৰ উৎসাহেৰে ইন্দ্ৰমণিয়ে কথাষাৰ লে৷

শুন, মন্ত্ৰী আহিলে কিন্তু সভাখন ভালকৈ পাতিব লাগিব৷ মানে হোৱাতো খুবেই জৰুৰী৷ অন্ততঃ পাঁচ হাজাৰ মান মানুহৰ সমাগম লাগিব৷ নহলে দেখাত বেয়া লাগিব৷ তাৰ কাৰণে এইফালে গোপীনাথপুৰ, সিফালে বিজয়পাটনা আৰু তাৰ ওচৰ পাজৰৰ গোটেই বোৰ গাৱতেই মন্ত্ৰী অহাৰ কথাটো প্ৰচাৰ কৰিব লাগিব৷ তাৰ কাৰণে ময়ো তহঁতক পিছফালৰ পৰা সহায় কৰি থাকিম৷ মুঠতে কিবা কৰি লেও আয়োজন ভাল লাগিব৷ অন্ততঃ ঘূৰি যাওঁতে মন্ত্ৰীৰ ইম্প্ৰেচন ভাল হৈ যায় যেন৷

কিন্তু ইমানবোৰ মানুহক পেণ্ডেলত বহোৱাৰ বাবদ খৰচ বহুত পৰিব৷ইন্দ্ৰমণিয়ে লে৷

সেইবোৰ মোৰ ওপৰত এৰি দে৷ দৰকাৰ পৰিলে ভোজৰো আয়োজন কৰিব লাগিব৷ আগে সভা, তাৰ পিছত ভোজ, আৰু ভোজৰ পিছতেই আৰম্ভ তোৰ নাটক৷ কি ’? ভাল নহ নে? মানুহবোৰে ভোজ খাই উঠি, আৰামত বহি নাটক চাব৷

সুধিব লাগিছেনে, মজা ব৷ইন্দ্ৰমণিৰ উৎসাহ দুগুণ চৰিল৷

বাৰু তই যা এতিয়া৷ পিচে আমাৰ মাজত হোৱা আলোচনাৰ কথা এতিয়াই বাহিৰত ঢোল পিটি নুফুৰিবি৷ আগে মন্ত্ৰীৰ পাটপুৰ অহাৰ প্ৰগ্ৰেমটো ফাইনেল হৈ যাওক৷ কিন্তু তলে তলে তই কামত লাগি যা৷ আৰু এটা কথা, এই কথাবোৰ সনাতন দাসৰ পুতেকক ভুলতো নকবি৷ তোৰ ভাল বন্ধু বুলি মই জানো৷ আচ্ছা, সেই যে ছোৱালী এজনী সি লগত লৈ আহিছিল, তাই পিচে গাঁৱত আৰু কিমান দিন থাকিব? দুমাহ বৰ ল৷ মোক গাঁৱৰ মানুহবোৰে সুধি আছে৷ কোন হয়নো তাই? কাৰোবাৰ লগত সম্পৰ্ক নাথাকিলে এনেয়ে এজনী ছোৱালী অচিনাকি গাঁৱ এখনলৈ গুচি নাহে? শুনামতে তাই হেনো কলিকতাত নাৰ্চৰ চাকৰি কৰিছিল৷ বিনা কাৰণত চাকৰিবাকৰি এৰি এনেকৈ ইয়াত আহি থকাতো নাই, মোৰ লে কথাটো হজম হোৱা নাই৷ তই কি ভাব মই নাজানো, কিন্তু ভাবি চালে কথাটো ভাল হোৱা নাই৷ মাধৱ পূজাৰীয়েতো….

কি কৈছে মাধৱ পূজাৰীয়ে?

তেওঁ কৈছিল, ৰমাকান্তই হেনো ইতিমধ্যে সেই ছোৱালীজনীক বিয়া পাতিলেই৷ মাত্ৰ তাৰ ভনীয়েকৰ বিয়াখন হৈ যোৱা লৈকে হে ৰৈ আছে৷ মালতীৰ বিয়াখন হৈ লে, সি কথাটো বাপেকমাকৰ আগত খোলাখুলিকৈ কৈ দিব৷

ইন্দ্ৰমণিয়ে উদ্ধৱ মহান্তি আৰু সনাতন দাসৰ মাজত থকা তিক্ত সম্পৰ্কৰ কথা ভালকৈয়ে জানে৷ সি মূৰটো জোকাৰি নকও বুলি সভাপতিক লে, “ আপুনি কোৱা কথাটো মই বুজি পাইছোঁ৷ কিন্তু ৰমাকান্ত আৰু ছোৱালীজনীৰ মাজৰ কথা মই একো নাজানো৷ বাকী থাকিল ৰমাকান্তক আমাৰ মাজত হোৱা আলোচনাৰ বিষয়ে নকবলৈ কোৱা কথাটো, সেই বিষয়ে আপুনি একেবাৰে নিশ্চিন্ত হৈ থাকক৷ আপোনাক মই পাৰো মানে সহায় কৰি যাম৷ মাত্ৰ মোৰ সংস্থাটোৰ ওপৰত আপোনাৰ কৃপাদৃষ্টি এনেকৈয়ে পৰি থাকে যেন৷

থাকিব, থাকিব৷ আমাৰ গাওঁখন এবাৰ মাত্ৰ মন্ত্ৰীয়ে চাই যাওক৷ তাৰ পিছত চাবি কেনেকৈ গাওঁখনৰ লগতে, তোৰ নিজৰো দোপতদোপে উন্নতি হয়৷ মইতো বিধায়কক কৈছোৱেই, যে গোটেই গাওঁখনৰ ভিতৰত প্ৰতিভাৰ লগতে কামৰ প্ৰতি নিষ্ঠা থকা ৰা আছে যদি তয়েই৷

ইন্দ্ৰই হাঁহিলে৷ উদ্ধৱ মহান্তিৰ পৰা পোৱা পইচাখিনিক দুভাগ কৰি পকেটত ভৰাই উঠি লে, “ মই আহিছো তেতিয়াহলে৷ কিবা দৰকাৰ লে খবৰ দিলেই ল৷ আজি সন্ধিয়াৰ ভিতৰত যেনেতেনে লেও মন্ত্ৰীৰ কাৰণে চিঠিখন লিখি আপোনাক দি থৈ যাম৷

দীঘল দীঘল খোজেৰে ওলাই যোৱা ইন্দ্ৰলৈ বিদ্ৰুপৰ চাৱনিৰে চাই উদ্ধৱ মহান্তিয়ে মনতে হাঁহিলে, আৰু তাৰ পিছত তেওঁক লগ কৰিবলৈ অহা মানুহ কেইজনৰ মাজৰ পৰা এজনক ভিতৰলৈ মাতি পঠিয়ালে৷

সভাপতিৰ ঘৰৰ পৰা ওলায়েই এইবাৰ ইন্দ্ৰমণিয়ে চাইকেল উৰুৱাই অহল্যা বাইটিৰ ঘৰ পালেহি৷ এতিয়া আৰু তাক সোণৰ হাৰৰ প্ৰয়োজন নাই৷ সেইডাল এতিয়াই গৈ সি অৰ্জুন বাবাজীক ঘূৰাই দি থৈ আহিব৷

অহল্যা বাইটিৰ ঘৰলৈ আহি দেখে বাসন্তী আৰু তাইৰ ভনীয়েকজনী ৰৈ আছে৷ বাসন্তীক দেখি লাগিছে যিকোনো মুহূৰ্ততে তাইৰ চকুৱেদি হৰ হৰ কৈ পানী ওলাই আহিব৷ ইন্দ্ৰমণিক দেখাৰ লগে লগে তাই নিজৰ মুখখন লুকুৱাবলৈ চেষ্টা কৰিলে৷ ইন্দ্ৰমণিয়ে সুধিলে, “শুনিছো তই নাটকত অভিনয় নকৰ বোলে?”

মোৰতো কৰাৰ খুবেই ইচ্ছা আছিল৷ কিন্তু বাবায়ে মোক মামাৰ ঘৰলৈ পঠিয়াইছে৷ কি কৰোঁ? মোৰ উপায় নোহোৱা হৈছে৷ বাৰু আহিছোঁ!” খৰখেদাকৈ কথাখিনি কৈ বাসন্তী তাৰ পৰা গুচি ল৷

বাসন্তী আঁতৰ হোৱাৰ পিছত ইন্দ্ৰমণিয়ে অহল্যা বাইটিক সুধিলে, “এই পুৱাই পুৱাই আহি ওলাল যে?”

তোকে বিচাৰি আহিছিল৷ আচ্ছা, আগে চোন উদ্ধৱ মহান্তিৰ পৰা কিবা সহায়সহযোগ পালি নে নাই? তোৰ মুখ দেখিতো সমাধান পোৱা যেনেই লাগিছে৷অহল্যাই হাঁহি হাঁহি সুধিলে৷

বাইটি তোমাৰ মুখেৰে সঁচা কথাটোৱেই ওলাইছে৷ আৰু ধাৰধোপাৰ কৰাৰ মোৰ প্ৰয়োজন নাই৷স্পষ্টকৈ ইন্দ্ৰমণিয়ে লে৷

পিচে তই বাসন্তী ইয়ালৈ আহিছিল বুলি কাকো কৈ নুফুৰিবি৷ বেচেৰীয়ে ভয় খাইছে৷ ইয়ালৈ অহা বুলি শুনিলে, বাপেকে বেয়া পাব৷ আচলতে তাই নিজৰ মূল্যবান সম্পদ এপদ ৰবাত হেৰুৱালে৷  ঘূৰাই পাব নে নাপাই সুধিবলৈকে নিশিগন্ধাৰ ওচৰলৈ আহিছিল৷

ইন্দ্ৰমণি চক খাই উঠিল৷ মূল্যবান সম্পদ? সি অৰ্জুন বাবাজীৰ পৰা অনা সোণৰ হাৰডাল তাইৰ নহয়তো? কিন্তু সেইডাল চোন ঘনই বাটত পাই অনা হে আছিল৷ তাৰ কিবা কথাটো আচহুৱা যেন লাগিল৷ সি লগে লগে সুধিলে, “ বাইটি আপুনি তাইক আকৌ, মই অনা হাৰডাল দেখুৱালে নেকি?”

মই কিবা পগলা নেকি, তাইক দেখুৱাবলৈ?

ভালেই কৰিলে৷

মোকো লে তাই তোৰ নাটকত কাম কৰিব নোৱাৰিব বুলি৷ কোনোবাই ৰাক দেখুৱাইছে বলা৷ মোমায়েকৰ ঘৰলৈ পঠিয়াইছে মাকবাপেকে৷

যাওক৷ তাইৰ সলনি মালতীয়ে কৰিব এতিয়া৷আত্মবিশ্বাসৰ সৈতে লে ইন্দ্ৰমণিয়ে৷

: ভাল কথা৷ এতিয়া পিছে তই তোৰ বস্তুটো লৈ যা৷ যাৰ পৰা আনিছিলি, গৈ তেওঁক ঘূৰাই দি থৈ আহ৷ লক্ষ্মী আছে এই হাৰডালত, হাতত পৰাৰ লগে লগে তোৰ সমস্যাৰ সমাধান হৈ ল৷

সোণৰ হাৰডাল ইন্দ্ৰমণিয়ে ওভতাই লে৷

যোৱা কালিলৈকে পইচা যোগাৰ কৰাটোৱেই আছিল ইন্দ্ৰমণিৰ এক ডাঙৰ চিন্তা৷ কিন্তু এতিয়া আৰু সেই চিন্তা নাই৷ পৰিস্থিতি সলনি হৈ গৈছে, লগতে চিন্তাও৷ এতিয়া তাৰ সমুখত এক নতুন চিন্তা, কেনেকৈ মন্ত্ৰী আহিব লগীয়া সভাখন ভালে ভালে হৈ যায়৷ ৰমাকান্তই তাক ইয়াত সুন্দৰকৈ সহায়সহযোগ কৰিব পাৰিলেহেঁতেন৷ কিন্তু উদ্ধৱ মহান্তিয়ে যে তাক সাঙুৰিব বিচৰা নাই৷ তেনেহলে সি এতিয়া কাক সহায় কৰিবলৈ? কৰুণাকাৰটো একো কামৰ নহয়৷ নিজৰ স্বাৰ্থ নাথাকিলে সি সহায় অকন কৰিবলৈ আগবাঢ়ি নাহে৷ এতিয়া বাকী থাকিল গংগাধৰ মাষ্টৰ৷ কিন্তু তেওঁতো নাচগান, নাটকৰ কামতে লাগি থাকিব৷ মন্ত্ৰী সভাৰ আগগুৰি তেওঁ কি বুজি পাব? এতিয়া আছেনো কোন তাক সহায় কৰিবলৈ?

ৰমাকান্তইতো কৈছেই মালতীক, ৰেজিয়াৰ অভিনয় কৰিবলৈ ৰাজি কৰাব বুলি৷ কৰুণাকাৰে য়াকুতৰ চৰিত্ৰটো কৰে যদি কৰিব, নকৰিলে আন কাৰোবাকে দিব৷ পইচা হাতত পৰিলে গংগাধৰ মাষ্টৰেও উঠিপৰি লাগিব৷ এতিয়া সিয়েই সভাখনৰ দায়িত্ব লাগিব৷ উদ্ধৱ মহান্তিয়ে ঠিকেই কৈছে, মন্ত্ৰীৰ পাটপুৰ ভ্ৰমণ সি যদি ঠিকে ঠিকে চলাই নিব পাৰে, তেতিয়াহলে এক ডাঙৰ কাম ব৷  আজিলৈকে এজন বিশিষ্ট নেতাই ভৰি দি নোপোৱা এই পাটপুৰ গাৱলৈ এইবাৰ অকল বিধায়কেই নহয়, মন্ত্ৰীও আহিব!

কিন্তু আখৰাগৃহ পাওঁ পাওঁ হওঁতেই ইন্দ্ৰমণিৰ মনত আকৌ এটা প্ৰশ্নই মূৰ দাঙি উঠিল৷ সিটোপ্ৰয়াস’’ ফালৰ পৰা মন্ত্ৰী বিধায়কক মতা নাছিল৷ তেতিয়াহলে হঠাতে তেওঁলোক নাটক চাবলৈ অহাৰ কথা পৰা ওলাল? কথা কিবা বেলেগ হে নেকি? ইয়াৰ আঁৰত কি লুকাই থাকিব পাৰে?

কথাটো এবাৰ ৰমাকান্তৰ লগত আলোচনা কৰিবলৈ তাৰ খুব ইচ্ছা ল৷ কিন্তু উদ্ধৱ মহান্তিয়ে, ৰমাকান্তক ইয়াত নোসোমোৱাবলৈ কোৱাৰ কাৰণে সি ৰৈ ল৷

ভাবি থাকোঁতেই সভাপতিয়ে কোৱা, ৰমাকান্ত আৰু নিশিগন্ধাই মনে মনে বিয়া পতাৰ কথা মনত পৰিল৷ সঁচাকৈয়ে ৰমাকান্তই বিয়া পাতিলে নেকি? – অনেক প্ৰশ্নই ইন্দ্ৰমণিক জুমুৰি ধৰিলে৷

কথাবোৰ মিছাও পাৰে৷ বাদ দে, এতিয়া সেইবোৰত মূৰ ঘমাই লাভ নাই৷ আখৰাগৃহৰ ওচৰ পাই সি চাইকেলৰ পৰা নামিল৷ আজি হে তাৰ মনটো পাতল লাগিছে৷

 

অহা সংখ্যাত

Leave a Reply

Your email address will not be published. Required fields are marked *