
প্ৰায় এমাহৰ আগৰে পৰা পাঙি থকা দিনটো ওচৰ পালেহি৷ পাৰ্ছপৰ্ট, ভিছা, বিদেশী মুদ্ৰা সংগ্ৰহৰ বাবে ঘূৰিবলৈ আৰম্ভ কৰিলোঁ৷ এয়াৰ টিকট দিয়া এজেন্সীটোৱে ভিছাৰো ব্যৱস্থা কৰি দিলে৷ সময়মতে আহিপৰা ভিছা এয়াৰ টিকট পাছপৰ্টলৈ পাণবজাৰত থকা এছ বি আই আঞ্চলিক মুখ্য কাৰ্যালয়ত গৈ ফৰেক্স ট্ৰেভেল কাৰ্ড সংগ্ৰহৰ লগতে বেংক সম্পৰ্কীয় যাৱতীয় কামখিনি কৰি ল’লো৷ গুাৱাহাটীৰ এটা প্ৰতিষ্ঠিত ফৰেক্স ট্ৰেডিং এজেন্সীৰ পৰা আমাৰ ভাৰতীয় টকাৰ বিপৰীতে পাব পৰা সেই দেশৰ কাৰেন্সী অলপ লৈ যোৱাৰ বাবে প্ৰায় সাজু হলো৷ মোৰ কন্যাও আমাৰ লগতে যাবলৈ বুলি নিজা কৰ্মস্থলীৰ পৰা আহি ঘৰ পালেহি৷ এণ্ড্ৰয়ড মোবাইটো ইণ্টাৰনেশ্বনেল ৰোমিং কৰি ললোঁ৷
সেইদিনা আছিল বুধবাৰ৷ গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা আমাৰ বিমানখনৰ উৰণৰ সময় আছিল পুৱা ৬ ঃ০৫ বজা৷ বিমান পৰিবহণৰ নতুন নিৰ্দেশনাৱলী মতে বিমানযাত্ৰী বিমান বন্দৰত উৰণ সময়ৰ পৰা তিনিঘণ্টাৰ পূৰ্বে বিমান বন্দৰত উপষ্ঠিত হ’ব লাগে৷ সেই মতে আমি নিশা দুই বজাতে বিছনাৰ পৰা উঠি মুখ হাত লগতে প্ৰাতঃ কাৰ্য সমাপনেৰে গা–পা ধুই ললো৷ দুৰলৈ ওলাই গ’লে গা–পা ধুই গ’লে দেহ–মন দুয়োটা ভাল লাগে৷ গা ধুই উঠি গোসাঁই ঘৰত সোমালোঁ৷ ইতিমধ্যে মোতকৈও আগতেই সেইখিনি কাম কৰি শ্ৰীমতীয়ে একোকাপ কৈ ৰঙা চাহ আৰু থিনএৰাৰুট বিস্কুট ডাইনিং টেবুলত সাজু কৰি থৈছিল৷ কণ্যায়ো গা–পা ধোৱাৰ লগতে যাৱতীয় যোগাৰখিনি কৰি একেলগে চাহ বিস্কুট খাই কাপোৰ কানি পিন্ধি সাজু হ’লো৷ ইফালে ড্ৰাইভাৰে তলত গাড়ীখন সাজু কৰি আমাক মাতি আছে৷ আগদিনাই নিজৰ নিজৰ ট্ৰলী বেগ, হেণ্ড বেগত প্ৰয়োজনীয় বস্তু ভৰাই থোৱা আছিল৷ ড্ৰাইভাৰে দেৰি হোৱা বুলি খৰধৰকৈ ট্ৰলী বেগকইটা নি গাড়ীৰ ডিকিত ভৰালে৷ শ্ৰীমতীয়ে ঘৰৰ সকলো ফালে এপাক চাই ঘৰৰ ৰখীয়াক মাত লগাই আমি তিনিও গাড়ীত উঠিলোঁ ৷ পুৱতি নিশা৷ মহানগৰৰ দিনৰ ভীৰ ৰাতি নেথাকে৷ ৰাজআলিৰ ৰঙা চিগনেল লাইটবোৰ শুই আছে৷ দিনৰ ঘণ্টাত ৫০ কিলোমিটাৰ সীমা নেউচি ৰাজআলিত সেৰেঙা সেৰেঙকৈ গাড়ীবোৰ দৌৰিছে ঘণ্টাত আশী–এশ–এশ বিশ কিলোমিটাৰ বেগেৰে৷ আমাৰ ড্ৰাইভাৰেও তাৰ মাজতে নিয়ন্ত্ৰিত বেগেৰে নি আমাক বিমান বন্দৰ পোৱালেগৈ৷
পোণপ্ৰথমবাৰৰ বাবে বিদেশ ভ্ৰমণ৷ কথাটো ভাৱিলে মনটো অলপ ৰোমাঞ্চিত হৈ পৰে৷ গাড়ীৰ পৰা এয়াৰপৰ্টৰ ট্ৰলীত আমাৰ বেগবোৰ ভৰাই লৈ ডিপাৰচাৰ গেট পালোগৈ৷ আমি হাতে লৈ থকা পাচপৰ্ট ভিচা এয়াৰ টিকট আৰু আধাৰ কাৰ্ড গেটৰ চিকিউৰিটিক দেখুৱাই আগবাঢ়িলো বেগৰ স্কেনিং কৰাবলৈ৷ বেগৰ স্কেনিং হ’ল৷ আমি ট্ৰলী ঠিলি আগবাঢ়িলো ইণ্ডিগ’ কাউণ্টাৰলৈ৷ আমাৰ প্ৰত্যেকৰে পাছপৰ্ট, ভিছা, এয়াৰ টিকট, আই ডি চেক কৰি ডাঙৰ ট্ৰলী বেগকেইটা গন্তব্য স্থানলৈ টিকট নম্বৰ দি আমাৰ ফ্লাইটৰ কাৰ্গলৈ পঠাই কাউণ্টাৰৰ দায়িত্বত থকা কৰ্মচাৰীয়ে আমাৰ হাতত বৰ্ডিং পাচ কেইখন তুলি দি মিচিকিয়া হাঁহিৰে হেপী জাৰ্ণি জনালে৷ এইবাৰ আহিল চিকিওৰিটি চেকিং৷ মহিলা–পুৰুষৰ বাবে নিৰ্দিষ্ট কৰি থোৱা ষ্টেণ্ডত গৈ ট্টে এখনত হেণ্ডবেগ, মোবাইল, ৱালেট, বেল্ট, ঘড়ী সকলো ভৰাই স্কেন ট্ৰেকত দি আমি নিজৰ নিজৰ শৰীৰ স্কেন কৰালোঁ ৷ এয়াৰপৰ্টত এই চিকিউৰিটি চেক কামটো কিছু বিৰক্তিকৰ৷ হেণ্ডবেগত কেতিয়াবা বিমান পৰিবহণ বিভাগৰ নিৰ্দেশনা বহিৰ্ভূত বস্তু থাকিলে যাত্ৰীৰ যি হাৰাশাস্তি হয় ইয়াৰ পৰা হাত সাৰি সুকলমে চিকিউৰিটি চেকৰ জপনাখন পাৰ হৈ যাৱলৈ উপৰোক্ত নিৰ্দেশনাৱলী মতেহে হেণ্ডবেগত বস্তু ভৰাই নিয়াটো দৰ্কাৰী৷ নহ’লে কিছু অশান্তিত পৰিবলগীয়া হ’ব পাৰে৷ যিটো বহু যাত্ৰীৰ ক্ষেত্ৰত দেখা যায়৷ চিকিউৰিটি চেকৰ জপনাখন পাৰ হৈ এইবাৰ নিজৰ নিজৰ হেণ্ডবেগবোৰ লৈ বৰ্ডিং পাচ দিয়া মতে আমাৰ বিমানখনত উঠা গেট নম্বৰ পালোগৈ৷ বিমান উৰণৰ সময় অলপ আছে৷ বিমান বন্দৰৰ গেটত সোমোৱাৰ পৰা স্কেনিং চেকিঙৰ জপনাবোৰ পাৰ হৈ উৰণৰ গেট পোৱালৈকে মাজৰ কামবোৰ এক উৎকণ্ঠাৰ মাজেদি পাৰ হৈ যাওঁতে ক’ব নোৱাৰাকৈয়ে এটা মানসিক চাপ পৰে৷ এই চাপৰ পৰা কিছু উপশম পাবলৈ গেটৰ ওচৰত সজাই থোৱা যাত্ৰীৰ চকীত বহি ললোঁ৷
ঘৰৰ পৰা নিশাতে উঠি লৰালৰিকৈ আহোতে ভালদৰে চাহ কাপো খাব পৰা নাছিলো৷ ফ্লাইটত উঠাৰ আগেয়ে একোকাপকৈ চাহ খাই ললোঁ৷ এয়াৰ পৰ্টৰ ভিতৰত চাহ খোৱা মানে বিলাস কৰা যেনহে লাগে৷ এয়াৰ পৰ্টৰ বাহিৰত আৰু ভিতৰত সকলো বস্তুৰে দামৰ মাজত থাকে আকাশ–পাতাল পাৰ্থক্য৷ গতিকে অত্যাৱশ্যকীয় বস্তু এয়াৰ পৰ্টৰ বাহিৰত কিনিলে আৰ্থিকভাৱে কিছু সকাহ পোৱা যায়৷
নিৰ্দিষ্ট সময়ত আমি হাতত বৰ্ডিং পাছ লৈ গেটৰ সন্মুখত যাত্ৰীৰ শাৰীত থিয় দি আগবাঢ়িলোঁ৷ বৰ্ডিং পাছ স্কেন কৰি ফ্লাইটৰ ভিতৰত সোমাই বিদেশ ভ্ৰমণৰ প্ৰথমটো খলপা পাৰ কৰিলোঁ৷
লক্ষ্যস্থান আমাৰ পাৰস্য উপসাগৰৰ পাৰত থকা বিশ্ব ব্যৱসায় কেন্দ্ৰ ডুবাই৷ য’ত আছে বিশ্বৰ পৰ্যটকক আকৰ্ষণ কৰিব পৰা বহুতো আন্তৰ্জাতিক মানদণ্ডৰ পৰ্যটন থলী৷ ৰাতি য’ত সৃষ্টি হয় সপোন পুৰী৷ থাকে মাথোঁ তাত হাঁহি–আনন্দৰ মেলা৷ সকলোৰে মুখত থাকে সফলতাৰ স্বাক্ষৰ৷ সকলোৰে হাতত যেন বাঞ্চিত প্ৰাপ্তিৰ টোপোলা৷
দুটা ঢাপৰ মাজেৰে আমাৰ গুৱাহাটী ডুৱাই বিমান যাত্ৰা সম্পূৰ্ণ হৈছিল৷ প্ৰথমটো ঢাপ আছিল গুৱাহাটী মুম্বাই আৰু দ্বিতীয়টো ঢাপ আছিল মুম্বাইৰ পৰা ডুবাই৷ আমি গুৱাহাটী–মুম্বাই ফ্লাইটৰ ভিতৰত নিৰ্দিষ্ট আসনত বহি ল’লো৷ এয়াৰ হোষ্টেচ নিৰ্দেশনা ক্ৰমে ককাঁলত চিট বেল্ট মাৰি ললোঁ৷ মোবাইলৰ চুইচ অফ কৰি আসনত আৰামত বহি ললোঁ৷ এটা সময়ত বিমানখনে প্ৰচণ্ড বেগেৰে ৰান কৰি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তজাৰ্তিক বিমান বন্দৰৰ পৰা মুম্বাইৰ ছত্ৰপতি শিৱাজী আন্তজাৰ্তিক বিমান বন্দৰলৈ বুলি আকাশলৈ উৰা মাৰিল৷

অক্টোবৰ মাহৰ কমোৱা তুলাৰ দৰে শুকুলা ডাৱৰবোৰ ফালি নীল আকাশৰ মাজেদি বায়ু কঁপাই তিনিঘণ্টা অতিক্ৰম কৰি আমাৰ বিমান মুম্বাই বিমান বন্দৰৰ এক নং টাৰ্মিনেলত গৈ অৱতৰণ কৰিলে৷ আমি এক নং টাৰ্মিনেলৰ পৰা এয়াৰপৰ্টৰ বাছেৰে গৈ দুই নং টাৰ্মিনেলত প্ৰৱেশ কৰিলোঁ ৷ দুই নং টাৰ্মিনেলত পুনৰ আমাৰ লগত থকা পাছপৰ্ট, ভিচা, এয়াৰ টিকট, হেণ্ডবেগ, মোবাইল ফোন, ৱালেট ঘড়ী স্কেন কৰাই নিজৰ শৰীৰৰ চিকিউৰিতি চেক কৰালোঁ ৷ সকলোবোৰ ঠিকেঠাকে পোৱাৰ পাছত আমাত ডুবাই ফ্লাইটৰ গেট দেখুৱাই দিলে৷ গেটৰ ওচৰতে থকা টিষ্টলখনৰ পৰা আমি পাতলীয়া ব্ৰেকফাষ্ট কৰি ফাষ্ট ব্ৰেক কৰিলোঁ৷ পেটটোৱে অলপ ভাল পোৱা যেন লাগিল৷ এইবাৰ সম্পূৰ্ণ বিদেশৰ ভূমিত ভৰি দিম৷ যাৰ খাদ্যাভাস সংস্কৃতি, পৰিৱেশৰ বিষয়ে পূৰ্ব অভিজ্ঞতা শূন্য৷ সম্বল মাথোঁ আত্মবিশ্বাস, সাহস আৰু সংযোগী ভাষাৰ জ্ঞান৷ মুম্বাইৰ ছত্ৰপতি শিৱাজী আন্তৰ্জাতিক বিমান বন্দৰত ছঘণ্টা সময় পাৰ কৰি পূৰ্ব নিদ্ধাৰিত সময়ত আমি ডুবাইমুখী বিমানত উঠিবলৈ হাতে হাতে নিজা নিজা পাছপৰ্ট আৰু বৰ্ডিংপাছ লৈ ডুবাই যাত্ৰী কঢ়িওৱা ইণ্ডিগ’ বিমানত উঠি গৈ নিজ আসনত বহিলোগৈ৷
এয়াৰ হোষ্টেছৰ নিৰ্দেশনাৱলী মৰ্মে ককাঁলত চিটবেল্ট মাৰি মোবাইলটোৰো চুইচ অফ কৰি লৈ আৰামদায়কভাৱে আমি বহি ল’লো৷ নিৰ্দিষ্ট সময়ত আমাৰ বিমান ইণ্ডিগ’ উৰা মাৰিলে সুদুৰ ডুবাই অভিমুখে৷ এইয়া বিদেশ যাত্ৰাৰ নতুন অভিজ্ঞতাৰ পাতনি মেলি মই বন্ধ খিৰিকিয়েদি বাহিৰলৈ চালো৷ কেৱল নীলা আৰু নীলা৷ মাজে মাজে শুকুলা ডাৱৰ চপৰা বোৰ শূন্যত ওপঙি ফুৰিছে৷ ওপৰত নীল আকাশ তলত আৰৱ সাগৰৰ নীলা জলৰাশি৷ তাৰ মাজেৰে আমাৰ বিমান আগবাঢ়িছে আৰৱ এমৰিটাছৰ সুবিখ্যাত চহৰ ডুবাইলৈ৷ য’ত আছে পৃথিৱীৰ ভিতৰত উচ্চতম টাৱাৰ ’বুৰ্জ খলিফা’৷ যাৰ সুদৃশ্য দৰ্শনৰ লগতে আৰোহণ কৰি জীৱনব্যাপী লাভ কৰা চিৰস্মৰণীয় অভিজ্ঞতাই মনক দিয়ে বিমল আানন্দ আৰু প্ৰেৰণা৷ এনে এটা হেঁপাহ বুকুত বান্ধি বিশ্বৰ ভিন্ন দেশৰ মানুহ আহে৷ নয়ন সাৰ্থক কৰি তৃপ্তি লভে৷
এটা সময়ত ওমানৰ ওপৰেদি আমাৰ বিমান পাৰ হৈ গৈ সংযুক্ত আৰৱ এমেৰিটাছ ১ আকাশমণ্ডলত প্ৰৱেশ কৰিলে৷ বিমানখন লাহে লাহে তললৈ নামিবলৈ আৰম্ভ কৰিলে৷ পাইলতে আমাৰ বিমান ডুৱাই বিমান বন্দৰৰ ওচৰ পোৱাহি বুলি জনোৱাৰ লগতে ডুৱাইৰ বায়ুমণ্ডলৰ তাপমাত্ৰ সময় আদি জনাই সকলো যাত্ৰীকে ধন্যবাদ জনালে৷ এয়াৰ হোষ্টেছে সকলোৰে চিটবেল্ট মোবাইলবোৰ লগত ইলেকট্ৰনিক আহিলাবোৰ বন্ধ কৰিবলৈ কৈ সেইবোৰ নিৰীক্ষণ কৰি নিজ স্থানত বহি ল’লে৷
হাতৰ ঘড়ীটোলৈ চালোঁ৷ সময় বিয়লি সাত বাজিছে৷ এইটো ভাৰতীয় সময়৷ অৰ্থাৎ মোৰ হাতত থকা ঘড়ীৰ সময় মতে তেতিয়া সন্ধ্যা সাত বাজিছে৷ গুৱাহাটীত সম্পূৰ্ণ হৈছে৷ কিন্তু সেই সময়ত ডুৱাইৰ ঘড়ীত আবেলি পাঁচ বাজি ত্ৰিশ মিনিট পাৰ হৈছে৷ কেউফালে পোহৰ হৈ আছে৷ বতৰটো ফৰকাল৷ আমি যাওঁতে গুৱাহাটীৰ বতৰ ডাৱৰীয়া আছিল৷ বিমানৰ দুৱাৰ খোলাৰ লগে লগে আমি বিমানৰ পৰা ওলাই বিদেশৰ মাটিত প্ৰথম বাৰৰ বাবে খোজ পেলালোঁ৷
অহা সংখ্যাত…