“এখন নেদেখা নদীৰ সিপাৰে’’ (ঊমঞ্জু মেচ) – Purbodix.com

“এখন নেদেখা নদীৰ সিপাৰে’’ (ঊমঞ্জু মেচ)

ছেপ্টেম্বৰ মাহৰ সংখ্যাৰ পিছৰ পৰা..

পৃথিৱীৰ প্ৰতিটো জীৱৰ জীৱনেই এক মায়াময় খেল৷ জীৱন নদীৰ পাৰে পাৰে কিমান যে ঘাতপ্ৰতিঘাত! হয়তো সেইবাবেই জীৱনৰ কত সময়ত জীৱ শ্ৰেষ্ঠ মানুহো পিছলি পৰে৷ অশেষ কষ্টৰে পুনৰ থিয় হয়৷ এই ধুনীয়া পৃথিৱীখনৰ পাৰ ভাঙি মানুহ সহজেই কলৈকো যাব নোৱাৰে৷ কিয়নো; মানুহ আশাবাদী৷ বহু আশাআকাংক্ষা আৰু সপোনৰ প্ৰহেলিকাত বান্ধখাই মানুহ জীয়াই থাকে বা জীয়াই থাকিবলৈ বাধ্য হয়৷ তদুপৰি পৃথিৱীয়েও নিবিচাৰে পৃথিৱীৰ বুকু সুদা কৰি মানুহ কোনো অজান পৃথিৱীলৈ গুছি যাওক৷ মানুহ অবিহনে এই ধুনীয়া পৃথিৱীখন যে অপূৰ্ণ৷

   ভাবি পাৰ নোপোৱা বহু কথাই মানকীৰ হৃদয়ত দোলা দি থাকে৷ মানকীৰ জীৱনৰ ওপৰেদিও পাৰ হৈ গৈছে নিজান পৃথিৱীৰ অমাৱস্যাই বৰণহীন কৰা লা গোলাপৰ দৰে ৰাতি৷ মুক্ত মনৰ মানকীয়ে কুটিলতা কি চিনি নাপাইছিল৷ বিয়াৰ পাছত ৰাজীৱৰ পৰিয়ালত যি পৰিস্থিতিৰ সন্মুখীন হৈছিল সেয়া ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি৷ এসময়ত মানকীয়ে বৰকৈ ভাবিছিল যে পৃথিৱীৰ কোনো নিজান কোণত গৈ অকলশৰীয়াকৈ থাকিব৷ এক নিঃসংগ নিৰিৱিলি পৰিবেশ, ভাবনাৰ সুগভীৰত নিজৰ লগতে একাত্ম পাৰে মানুহ, নিজক খুচৰি খুচৰি বিচাৰিব, ৰক্তাক্ত কবিতাৰ দৰে পাঠ কৰিব নিজকে, শান্তশিষ্ট পৰ্বতৰ দৰে স্থিৰ হৈ তধা লাগি চাব দূৰৈৰ প্ৰকৃতিৰ ৰংৰূপ, অনুভৱী সাগৰৰ অটল গভীৰতাত৷ কিন্তু যাওঁ বুলিয়েই জানো যাব পাৰে পৃথিৱীৰ পৰিসীমা ভেদি কোনো দূৰদূৰণিলৈ? চকু মেলিয়েই যি পৃথিৱীৰ প্ৰেমত পৰে, পাৰিনে কৰিব এই প্ৰেমক প্ৰত্যাখ্যান? আচলতে জীৱনৰ দায়িত্ববোধ এৰি মানকীয়ে নোৱাৰিলে যাব৷ হয়তো প্ৰেম নাথাকিলেও বুজিবলৈ চেষ্টা কৰাৰ বাবে, হয়তো আকৰ্ষণ নাথাকিলেও এক দায়িত্ববোধৰ বাবে৷ হয়তো পাৰে জীৱনৰ দায়িত্ববোধেই হৃদয়ৰ এক টান৷ মানকীয়ে আজিয়ো ভাবে সেইয়া তাইৰ জীৱনৰ কি আছিল? দায়িত্ববোধ নে হৃদয়ৰ টান? মাজে মাজে মানকীয়ে নিজৰ কৰ্তব্য আৰু দায়িত্বক এজন প্ৰেমিক ৰূপত ভাবি বাৰে বাৰে কাতৰ অনুৰোধ কৰিছিলএৰি দিয়া মোক! জাহ যাওঁ কোনো অজান ঠাইত৷ কৰি দিয়া মোক চিন্তাহীন, চেতনাহীন৷ আওৰাইছিল ডঙ্ম লক্ষ্যহীৰা দাসৰ অনিন্দ্য সুন্দৰ কাব্যিক ভাষা

এৰি দিয়া প্ৰিয় মই যাওঁ

অকণি ঘৰৰ বন্ধ কোঠাত

আত্মাৰ তৃপ্তি নাপাওঁ৷’’

  মানকীশ্যামল! তুমি পঢ়া টেবুললৈ যোৱা, চাওঁতে চাওঁতে গৰমৰ বন্ধ শেষ বলৈ ল৷ ছাৰবাইদেৱে দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখি মুখস্থ কৰিব লাগিব৷

শ্যামলহয় মা! উত্তৰবোৰ লিখি শেষ , মুখস্থ কৰিবলৈহে দুইএটা বাকী আছে৷

লাবণ্য প্ৰভামানকী! তোমাক ৰন্ধা কামত সহায় কৰি দিওঁ লা!

মানকীনালাগে পেহী! আপুনি জিৰণি লওক, মই পাৰিম৷

 ৰাতি প্ৰায়ে আঠ বাজিল৷ মানকীয়ে সকলোৰে বাবে ৰাতিৰ আহাৰ ডাইনিং টেবুলত সজাই দিলে৷ ৰাজীৱ, লাবণ্য প্ৰভা আৰু শ্যামল তিনিও খোৱাত ব্যস্ত হৈ পৰিল৷ মানকীয়ে ৰান্ধনীশালতে আহাৰ গ্ৰহণ কৰিলে৷ মানকীয়ে তিনিও জনকে টেবুলতে আহাৰ সজাই দিয়ে৷ নিজে পাকঘৰতে খায়৷ এয়া মানকীৰ পুৰণি অভ্যাস বুলিয়ে পাৰি৷

   খাইবৈ উঠি শ্যামল আৰু লাবণ্য প্ৰভা দুয়ো নিজৰ বিছনালৈ ল৷ পেহী আইতা অকলে শোৱাৰ বাবে শ্যামল পেহী আইতাকৰ লগতে শোৱে৷ বাচনবৰ্তন ধুই, সামৰি মানকীও নিজৰ শয়ন কক্ষৰ ফালে ল৷ ৰাজীৱে নিবিড়ভাৱে কম্পিউটাৰটোত কিবা কৰি আছে৷ মানকীয়ে ৰাজীৱক মাত নলগাই পোনছাটেই বিছনাখনৰ বাওঁ কাষত বাগৰ দিলে৷ নিস্তব্ধ নিশাক কিছুপলৰ বাবে লেও জগাই কোনো এক পক্ষী জোৰেৰে ডেউকা কোবাই উৰি গৈছে৷ এক নাম নজনা বিষাদে মানকীৰ বূকুখন সাউৎকৈ হেঁচা মাৰি ধৰিলে৷ মানকীয়ে ভাবিলে বিষাদৰো থাকে এক অন্য মাদকতা৷ যি আনন্দ বা সফলতাৰ অনুভৱ নহয়৷ কিন্তু এই মাদকতাৰ সূক্ষ্ম লে মানুহক সুকীয়া এক উত্তেজনা দি যায়৷

   ৰাতিৰ নীৰৱতাই অন্য এখন পৃথিৱী সাজে৷ হয়তো কোনোৱে শাৰীৰিক কোনোৱে মানসিক তিক্ততা বা পূৰ্ণতাত ডুব যায়৷ কোনো হৈ পৰে জয়ল নিশাৰ এক ভয়াবহ কবিতা৷

  ৰাজীৱে শোৱনি কোঠাৰ লাইট জ্বলাই কম্পিউটাৰত কিবা কৰি থকাৰ বাবে মানকীৰ টোপনি অহা নাই৷ লাইটৰ পোহৰত মানকীৰ টোপনি নাহে৷ দিনে পোহৰ কাঢ়ি লোৱা ৰাতিৰ নানান কথা মানকীৰ মনৰ মাজত অগাদেৱা কৰি থাকিল৷ অসহায় ৰাতিৰ নীৰৱতালৈ কাৰ বুকুৰ মাজলৈ কত যে স্মৃতি নামি আহে! কোনেনো জানে? কত যন্ত্ৰণা, কত মন্ত্ৰণা, কত ক্ষমতাৰ কোব এই নিষ্পাপ নিশাৰ বুকুত৷

   মানকীৰ শাশ্বতীৰ মুখখনলৈ মনত পৰিল৷ মৰিলে লঘোণ থকা ৰাজীৱহঁতৰ পৰিয়ালৰ বোৱাৰী শাশ্বতী বৰুৱা৷ মানকীৰ দেওৰৰ পত্নী শাশ্বতী৷ মানকী আৰু শাশ্বতীৰ মাজত নিজৰ বাইভনীৰ দৰে এক গভীৰ সম্পৰ্ক৷ ৰাজীৱক শাশ্বতীয়ে খুবেই সমীহ কৰে৷ একে তেজৰ ককাইক সন্মান কৰাৰ দৰে সন্মান কৰে৷ ৰাজীৱৰ সামাজিক স্থিতিক হত্যা কৰিবৰ বাবে শাশ্বতীকো বদনাম কৰা হৈছিল৷ মানুহৰ মন কিমান নৃশংস লে দুটা পবিত্ৰ সম্পৰ্ক বা দুজন নিৰপৰাধী মানুহক ষড়যন্ত্ৰ কৰি বদনাম কৰিব পাৰে? বিবাহিত জীৱনৰ সুদীৰ্ঘ ওঁঠৰ বছৰে শাশ্বতীয়ে বহু কষ্ট কৰি জীয়াই থকা মানকীয়ে দেখি আহিছে৷ নিজৰ প্ৰয়োজনীয় খৰচৰ লগতে তিনিটা সন্তানৰ পঢ়াশুনা, পিন্ধা খৰচ উলিয়াবলৈ শাশ্বতীয়ে প্ৰায়ে দিন হাজিৰা কৰিবলগীয়া হয়৷ শাশ্বতীৰ গিৰিয়েকৰ উপাৰ্জন নাই৷ কেতিয়াবা দুইএটকা উপাৰ্জন কৰিলেও মদ খাই শেষ কৰে৷ মানুহজন সন্দেহবাদী, বহু মানুহৰ লগত শাশ্বতীক সন্দেহ কৰে৷ মন আৰু মগজুৰ ভাৰসাম্য নথকা এজন মদাহী৷ তাৰে সুবিধা লৈ শাশ্বতীৰ গিৰিয়েকৰ মনত ৰাজীৱৰ বিৰুদ্ধে নানান বেয়া কথা সুমুৱাই দিছিল৷ শাশ্বতী গিৰিয়েকৰ অসুস্থ মানসিকতাৰ সুযোগ লৈ শাশ্বতীক বদনাম কৰিবলৈ তাইৰ গিৰিয়েকক ব্যৱহাৰ কৰিছিল৷ সচৰাচৰ এগৰাকী নাৰীয়ে জীৱনটোত ন্যুনতম যিখিনি আশা কৰে সেইখিনিও শাশ্বতীয়ে কেতিয়াও পোৱা নাই৷ সন্তান কেইটাৰ মুখলৈ চাই কেৱল জীয়াইহে আছে৷

  কৃষ্ণাংগী কাশ্যপ, মানকীহঁতৰ একে গাঁৱৰে এগৰাকী চল্লিশ ঊৰ্দ্ধৰ নাৰী৷ দুগৰাকী কন্যা সন্তানৰ মাতৃ কৃষ্ণাংগী৷ বৰ কথকী নাৰী, সহজেই মানুহৰ মনটো ভুলাই বলৈ পাৰে৷

    বহু মানুহে কয় যে নাৰীয়ে নাৰীৰ শত্ৰু! এই কথা মানকীয়েও বিশ্বাস কৰে৷ কৃষ্ণাংগী এনে এগৰাকী নাৰী যি নাৰী হৈয়ো নাৰীৰ শত্ৰু৷ মানকীয়ে মনতে ভাবিলে কৃষ্ণাংগীৰ গিৰিয়েক মৃগাংক কাশ্যপো কম মানুহ নহয়৷ভালে পায় ভালক জাৱৰে পায় খালকবুলি কোৱা কথাষাৰ মিছা নহয়৷ মদৰ ঘাটিয়ে ঘাটিয়ে বহি আনৰ বদনাম গাই ফুৰা মানুহ এইসকল৷ নিজৰ চৰিত্ৰৰ কলংক কিন্তু এনে মানুহে কেতিয়াও দেখি নাপায়৷ আচলতে সাপেহে সাপৰ ঠেং দেখে এই কথাষাৰ একেবাৰেই সঁচা৷

   বিভিন্ন সময়ত শাশ্বতীয়ে কৃষ্ণাংগীক সহায় কৰি আহিছে৷ কেতিয়াবা ঘৰৰ কামত, কেতিয়াবা মেলেমিটিঙে কৃষ্ণাংগীৰ লগত ছাঁটোৰ দৰে থাকে শাশ্বতী৷ নিজৰ তেজমঙহৰ সম্পৰ্ক থকা বায়েকৰ দৰেই শাশ্বতীয়ে কৃষ্ণাংগীক সন্মান জনাই আহিছে৷ এই গৰাকী শাশ্বতীকে কৃষ্ণাংগীয়ে ৰাজীৱৰ তে বদনাম উলিয়াইছিল৷ এগৰাকী শিক্ষিত নাৰী হৈয়ো কৃষ্ণাংগী ইমান বিকৃত মনৰ ভাবিলে মানকীৰ আচৰিত লাগে৷ এগৰাকী নাৰী হৈয়ো কেনেকৈ ভগ্নীসম অন্য এগৰাকী নাৰী চৰিত্ৰক মিছা বদনাম দি সমাজত উলংগ কৰিব পাৰেকিন্তু শাশ্বতীয়ে এতিয়াও নানা কামত কৃষ্ণাংগীক সহায় কৰি দিয়ে৷ এখন সমাজত দৰিদ্ৰ মানুহৰ মানসন্মান বা স্বাভিমানৰ জানো মূল্য আছে? কৃষ্ণাংগীহঁত গাড়ী, টকাপইচা থকা মানুহ! সিহঁতৰ দৰে মানুহক প্ৰতিবাদ কৰিব পৰাকৈ শাশ্বতী হঁতৰ দৰে দুখীয়া মানুহৰ সাহস নাই৷ ৰাছোৱালী বা মদাহী গিৰিয়েকৰ বিপদআপদত হয়তো সহায় বিচাৰিবলগীয়া পাৰে বুলিও শাশ্বতীয়ে সকলো বদনাম সহ্য কৰি থাকিব লগা হৈছে৷ ডেউকা ভগা পখীৰ দৰে শাশ্বতীৰ যন্ত্ৰণাকাতৰ মুখখন মানকীৰ মনৰ মাজত ভাঁহি উঠিল৷ মানকীয়ে শুনিলে এখন নেদেখা নদীৰ সিপাৰে কত কিমান যে ভাবৰ চিৎকাৰ!

  ৰাজীৱে লাইট অফ কৰি মানকীৰ কাষতে বিছনাত শুই পৰিল৷ মানকী ভাবনাৰ জগতখনৰ পৰা ঘূৰি আহিল৷ চকুদুটা মুদি গভীৰ টোপনিত থকাৰ দৰে নিঃসাৰ হৈ বিছনাত পৰি থাকিল৷ আঁতৰৰ পৰাই ৰাজীৱৰ মুখৰ পৰা তপত নিশাহ মানকীৰ চকুৱেমুখে পৰিল৷ খন্তেক পাছতে ৰাজীৱ টোপনিত লালকাল দিলে৷

 মানকীয়ে এখন হাত লাহেকৈ ৰাজীৱৰ গাত লে৷ ৰাজীৱৰ কোনো কানসাৰ নাই৷ মানকীয়ে ৰাজীৱৰ ফালে পিঠি দি টোপনি যাবলৈ অশেষ চেষ্টা কৰিলে

 

(অহা সংখ্যাত)

Leave a Reply

Your email address will not be published. Required fields are marked *