
যোৱা সংখ্যাৰ পিছৰ পৰা
কিবা দূৰ্বলতা আছিল মই নিজেই বুজি নাপালো৷ ঘূৰি আহিছিলো মই তাৰ কাষৰ পৰা৷ বুকুৰ গহ৩১ত যেন ভূমিকম্পৰ তীব্ৰ জোকাৰণি! বাৰে বাৰে মোৰ মগজুত ঠেকা খাইছিল তাৰ নামটো— প্ৰাচূৰ্য, প্ৰা–চূ–ৰ্য –প্ৰা–ণ ব–ৰু–ৱা!
আচৰিত ধৰণেৰে সেইদিনাৰ পৰা সি মোক অনুসৰণ কৰিবলৈ বাদ দিছিল৷ কিন্তু মোৰ অনুসন্ধিৎসু মনে যেন তাকেই বিচাৰি ফুৰিছিল৷ কিন্তু তাক আৰু মই দেখা নাপালো৷ অফিচলৈ যাওঁতে সি মোলৈ অপেক্ষা কৰি থকা ঠাইডোখৰলৈ চকু যায় মোৰ, সকলোবোৰ একেই থাকে মাত্ৰ সি নাথাকে৷ শূন্যতাৰ প্ৰথম অনুভৱ উপলব্ধি হয় মোৰ হৃদয়ত৷ বুকুৰ ভিতৰত যেন তৰংগায়িত হয় সি কোৱা এষাৰ কথা–“মোক কিছুদিন সময় দিয়া এছটাব্লিছ হ’বলৈ যাতে মই নিজকে তোমাৰ বাবে যোগ্য কৰি তুলিব পাৰো৷’’ ঢৌৰ দৰে খলকনি তুলি অহা কথাষাৰ পুনৰ ঢৌৰ দৰেই বিলীন হৈ পৰে মোৰ শূন্য বুকুত৷ ইয়াৰ কিছুদিনৰ পিছতে মই এটি সেন্দূৰীয়া বাটত খোজ পেলালো৷ জীৱনে বাট লয় কেৱল অদৃশ্যজনাৰ ইচ্ছাত হে৷ মনত নপৰাকৈ থকা নাছিল তালৈ৷ তাৰ প্ৰতি মোৰ অনুকম্পা আছিল যদিও মই নিঃসহায়৷ অনুতপ্ত মই, তাক মোৰ সকলোবোৰ কথা খুলি নোকোৱাৰ বাবে৷ প্ৰাচূৰ্যই মোৰ বাবে এনে এটা পথত খোজ পেলাবলৈ আৰম্ভ কৰিছিল, য’ত পৃথিৱীৰ শেষ প্ৰান্তহে ওলমি আছিল৷ সি মোৰ বাবে জীৱনত পাৰ হৈ যোৱা ঘড়ীৰ কাটাৰ দৰেই৷ সময়ে যাক বিচাৰিলেও কেতিয়াও আৰু ঘূৰাই পোৱা সম্ভৱ নহয়৷ স্বামীৰ হাতত ধৰি মই ভৰি থৈছিলো এখন নতুন ঘৰত, আপোন কৰি লৈছিলো এজন নতুন মানুহক৷ মোৰ বিয়াৰ প্ৰায় আঠমাহমানৰ পিছতে হঠাৎ এদিন সি মোক বিচাৰি মোৰ অফিচ ওলাইছিলগৈ৷ তেতিয়ালৈ মই অফিচৰ পৰা দীঘলীয়া চুটি লৈছিলো৷ কাৰণ আমাৰ দুজনীয়া জীৱনত তৃতীয়জনক স্বাগতম জনাবলৈ প্ৰস্তুত হৈছিলো আমি৷ মোৰ ক’লিগজনীয়ে মাত্ৰ কৈছিল তাক যে মই এতিয়া তাৰ জীৱনৰ পৰা বহু দূৰৈত অৱস্থান কৰিছো আৰু এই সত্যক সি সন্মান সহকাৰে মানি লোৱা উচিত৷ মোৰ বাবেই সি ভালদৰে সংস্থাপিত হ’বলৈ যোৱাৰ সময়খিনিতে মই আনৰ হৈ গৈছিলো৷ ব্যস্ত হৈ পৰিছিলো এটি নতুন জীৱনৰ অন্বেষণত৷ সি যেন পাগল হৈ পৰিছিল৷ সি মোৰ নতুন ঠিকনা বিচাৰিছিল, মোৰ দেউতাৰ ঘৰ গৈ ওলাইছিল, মোৰ ফোন নম্বৰ বিচাৰিছিল, কিন্তু কেৱল কৰ্কথনাৰ বাহিৰে সি একোৱেই লাভ কৰিবলৈ সমৰ্থ নহ’ল৷ এটা উন্মাদ জীৱনক যেন সি স্ব–ইচ্ছাই নিজলৈ আজুৰি আনিছিল৷ যি সময়ত সি মোক বিচাৰি ফুৰিছিল সেই সময়খিনিত মই নতুনকৈ পৰিচিত হৈছিলো মাতৃ ৰূপে৷ এজনী কণমানি পৰীয়ে আমাৰ জীৱন অৰ্থৱহ কৰি তুলিছিল৷ পাৰ হৈ গৈছিল কেইবা বছৰ৷ বহু পিছতহে মই এই কথাবোৰ জানিবলৈ পাইছিলো৷ মোৰ নতুন জীৱনটোত যাতে এইবোৰ কথাই কোনো ধৰণেৰে ব্যাঘাত নজন্মাই তাৰ প্ৰতি তৎপৰ হৈছিল চাগে’ সকলো৷ কিছুদিনৰ পিছত তাক আৰু কোনেও কেতিয়াও দেখা পোৱা নাছিল৷ এটা উচ্ছৃঙ্খল জীৱন বাচি লোৱা সেই ল’ৰাটো সকলোৰে অলক্ষিতে যেন হেৰাই গৈছিল এদিন৷ কেইমাহ মানৰ ভিতৰতে মই ট্ৰান্সফাৰ লৈ গুচি আহিছিলো স্বামী থকা ঠাইলৈ৷ ব্যস্ততাৰ বাবেই বা আন কাৰণতেই হওক, প্ৰাচূৰ্যৰ স্মৃতিও এদিন মোৰ মনৰ পৰা মচ খাই পৰিছিল৷ জীৱনৰ ছন্দত হেৰাই যায় বহু অনাবিল মূহূৰ্ত৷
পাৰ হৈ গৈছিল বহু বছৰ আৰু হঠাৎ নভৱাকৈয়ে আজি পুনৰ মই প্ৰাচূৰ্যৰ মুখা–মুখি হৈ পৰিলো৷ ইমান বছৰৰ পিছতো কোনেও কাকো চিনি পাবলৈ সময় নালাগিল৷ আজিও যেন মই সম্মোহিত হৈ পৰিছো সেই চকুদুটিৰ প্ৰতি৷ দৃষ্টি ঘূৰাই আনিব লৈয়ো ব্যৰ্থ হৈছিলো মই৷ চুম্বকৰ দৰেই যেন সেই চকুদুটিয়ে মোৰ দৃষ্টিক আকৰ্ষিত কৰি ৰাখিছিল৷ এনে সময়তে দেখিছিলো এগৰাকী ধুনীয়া বিবাহিতা মহিলাই এটি মৰম লগা দেৱশিশু তাৰ কোলাত তুলি দিছেহি! দেখিয়েই বুজি পাইছিলো সেয়া প্ৰাচূৰ্যৰ প্ৰাচূৰ্যতাৰে ভৰা এখন সুন্দৰ সংসাৰ৷ তাৰমানে এটি জীৱন ধংস হোৱা পথৰ পৰা উলটি আহিল! শৰতৰ একাঁজলি স্নিগ্ধ পোহৰে যেন মোৰ মন গহনক পোহৰাই তুলিলে৷ আৱেগক মই ধৰি ৰাখিব পৰা নাছিলো, চকুত কিবা সোমোৱাৰ অজুহাত লৈ জোৰকৈ আতঁৰি আহিছিলো মই সেইখিনিৰ পৰা৷ এইবাৰ মোৰ স্বামী ব্যস্ত হৈ পৰিছিল মোৰ চকুক লৈ, “চাওঁ চাওঁ কি সোমাল? এইখন ৰুমাল লৈ চকুত সেক দিয়া৷’’ তেওঁ নিজৰ ৰুমালখন মোৰ হাতত গুজি দিছিল৷ নেদেখিলেও গম পাইছিলো স্বামীৰ মোৰ প্ৰতি থকা আদৰখিনি যদি প্ৰাচূৰ্যই দেখিছে সি নি(য় সুখী অনুভৱ কৰিছে৷ মোক লৈ ব্যস্ত হৈ পৰা মোৰ স্বামীয়ে হয়তো কোনো দিনেই গম নাপাব যে এবুকু সুখৰ ঢলে মোৰ দুচকুলৈ প্লাৱন নমাই আনিলে৷ এৰা, কিছুমান সুখৰ কোনো নিদিষ্ট সংজ্ঞা নাথাকে, দি থৈ যায় অজানিতে মাথোঁ অন্তৰত কেতবোৰ অনুভৱৰ সুখানুভূতি!