
সকলোৱে শীতৰ দিন কেইটাত কোমল ৰদ কাঁচলিৰ উমলৈ বতৰৰ ফল-মূল খাই সময় অতিবাহিত কৰি ভাল পায়৷ শীতকালি বায়ু অতি শীতল আৰু শুকান হৈ পৰে বাবে আমাৰ ছালখনো শুকান হৈ ফাটে বা খহটা হৈ পৰে৷ ইয়াৰপৰা পৰিত্ৰাণ পাবলৈ উপযুক্ত পৰিমাণে ভিটামিন-চি বৰ প্ৰয়োজন হয়৷ প্ৰকৃতিয়েও আমাক শীতকালীন ভিটামিন-চি যুক্ত অজস্ৰ ফল দান দিছে৷ কমলা টেঙা বা সুমথিৰা, ৰবাব টেঙা, জলফাই, আমলখি, নেমু টেঙা, কৰদৈ টেঙা আদি শীতকালতে উপলব্ধ হয়৷ আঘোন মাহ সোমোৱাৰ লগে লগে সেউজীয়া পথাৰবোৰো লাহে লাহে সোণোৱালী হৈ সোণগুটি পূৰঠ হৈ ভৰপক হয়৷ এই ছেগতে গৃহস্তই পথাৰৰ লখিমী ঘৰলৈ আনি নচাউল মুঠি মোকলাই লয়৷ প্ৰথমে গোসাঁইৰ আগত থাপনাত আগবঢ়াই আশীৰ্বাদ লৈ পিছত আলহী অতিথিক নিমন্ত্ৰণ কৰি মাছ-মঙহৰে নানা তৰহৰ ব্যঞ্জনেৰে অপ্যায়িত কৰি নখোৱা পাতে৷ এয়াই চহা খেতিয়কৰ পৰম সংস্কৃতি৷ গাঁৱৰ প্ৰত্যেক ঘৰ মানুহে নখোৱাৰ পৰম সুখ অনুভৱ কৰে৷
জাৰ কালি অহাৰ লগে লগে বাৰিৰ চুক-কোণ চাফা কৰি শাক পাত, মূলা, কবি-গাজৰ, বিলাহী-বেঙেনা, জলকীয়া আৰু অন্যান্য পাচলিৰ খেতি কৰা আৰম্ভ কৰে৷ তেনেকৈ জাৰকালি পাচলিসমূহ উভয় নদী হৈ উঠে৷ পাচলি বাগিচাসমূহৰ মাজে মাজে বনৰীয়া শাকসমূহেও প্ৰাণ পাই উঠে৷ শাক, কবি খেতিৰ মাজে মাজে খুতৰীয়া, মাটিকাঁদুৰি, মালভোগ, ভতুৱা বা জিলমিল, মৰলীয়া, লাতকচু শাকবোৰে গা কৰি উঠে৷ মৰলীয়া শাকৰ খাৰ বা শাকবোৰৰ মিহলি ভাজি বা জোলখন যে কিমান সোৱাদ লগা হয়! বজাৰৰ সাৰ দিয়া পাচলি খোৱাতকৈ এই প্ৰাণদায়িনী বনৰীয়া শাকসমূহ খাব পাৰিলে উপকাৰ হয়৷ চহৰীয়া বা নগৰীয়া জীৱনত ঠাইৰ অভাৱৰ বাবে পাচলি খেতিৰ উপযুক্ত বাগিচাখন হৈ নুঠে৷ তথাপিও বহুতে চাদৰ ওপৰত বা বাৰাণ্ডাত টাব বা মাছৰ কুহিলাৰ বাকচত খেতি কৰিবলৈ লৈছে৷ বহুতে এনেকৈ একোখন কিট্চেন গাৰ্ডেন পাতি লয়৷
শীতকালি যিহেতু বৰষুণৰ পৰিমাণ কম হয় সেয়ে বতৰো ফৰকাল হয়৷ জাৰ পৰাৰ লগে লগে নবেম্বৰ -ডিচেম্বৰলৈ বছৰটোও শেষ হ’বলৈ ধৰে৷ পুৰণি বছৰৰ শেষত বা নতুন বছৰৰ আগমনত সকলোৱে লগ হৈ প্ৰকৃতিৰ লগত একাত্মহৈ একেলগে এসাজ খাবলৈ বিচাৰে৷ নদীৰ পাৰত বা হাবি-জংঘলৰ কাষত, বননিত এনেকৈ এসাজ লগে ভাগে খোৱাকে বন ভোজ বা বালি ভোজ বুলি কোৱা হয়৷ আমি বালি ভোজ বা বন ভোজ নকৈ পিকনিক বুলিয়ে কৈ থওঁ৷ আমাৰ আদিম পুৰুষসকলে হাবি-জংঘলত বসবাস কৰি হাবি-জংঘলত বা বালি- মাটিতেই খাদ্য গ্ৰহণ কৰিছিল, পোৰা মাছ, মাংস খাই জীৱন কটাইছিল৷ বছৰত এটা দিন আমিও যেন সেই অৱস্থালৈ উভতি গৈ তেওঁলোকক স্মৰণ কৰোঁ৷ বাৰু যি কি নহওক৷ গান-বাজানা, নৃত্য, হাঁহি স্ফূৰ্ত্তি কৰি বছৰত এদিন লগে ভাগে এসাজ খোৱাতোও আমাৰ জৰুৰী৷ শৰীৰটোৰ লগতে আমাৰ মনবোৰকো সুখ-শান্তি, আনন্দ দিয়াটো আমাৰ প্ৰয়োজন৷ কিন্তু উচ্চ স্তৰত মাইক বজাই প্ৰকৃতিৰ শান্ত-নিৰ্মল পৰিৱেশ বিনষ্ট নকৰাকৈ আৰু হাবি-বননিত সোমাই থকা জীৱ-জন্তুবোৰে ভয় নোখোৱাকৈহে আমি সীমিত ব্যৱস্থাত আনন্দ, স্ফূৰ্ত্তি কৰা উচিত৷ ডাঙৰ ডাঙৰ স্পীকাৰ কেইবাটাও একেলগে বজাই আৰু কাষত থকা আন আন পিকনিক পাৰ্টীসমূহৰ স্পীকাৰসমূহো যেতিয়া একেলগে উচ্চ স্তৰত বাজে কোনটো কাৰ গান ধৰিবই নোৱাৰাকৈ কাণ-তাল মাৰি যোৱা শব্দত আমাৰ মানুহৰেই অৱস্থা নোহোৱা হয়৷ তেনে স্থলত আন জীৱ-জন্তুৰ অৱস্থা কেনেকুৱা হ’ব তাৰ উমান ল’ব লাগে৷ কিছুমানৰ পিকনিক বুলি ক’লে ৰঙা-বগা পানীয় বিধ নহ’লেই নহয়৷ এইবিধ নহ’লে যেন পিকনিক অথলে যাব৷ কি ডাঙৰ, কি সৰু, পুৰুষ বা মহিলা বুলি একো কথা নাই৷ এটোপা খাইলৈ ৰাজহুৱা স্থানত মাতলামি কৰে৷ এই সকলক নাকী লগাব কোনে? তদুপৰি পিকনিক খাই স্ফূৰ্ত্তি-তামাচা কৰি জাবৰ-জোথৰ, খোৱা কাগজৰ প্লেট প্লাষ্টিকৰ গিলাচ, বটল, চিপচৰ পেকেটসমূহো য’ত-তত পেলাই ঠাইডোখৰ লেতেৰা কৰি জঘন্য কৰি থৈ আহে৷ অকল চৰকাৰ বা ৰাইজলৈ সকলোবোৰ কথা ঠেলি দিলে নহয়৷ পৰিষ্কাৰ পৰিছন্নতা আমি প্ৰত্যেকেই অন্তৰৰ পৰা উপলব্ধি কৰিব লাগে৷

পিকনিকৰ জাবৰ জোথৰবোৰ এঠাইত গোটাইলৈ জাবৰ পেলোৱা ডাষ্টবিন বা নিৰ্দিষ্ট ঠাইত গোটাই থব লাগে৷ এই ক্ষেত্ৰত প্ৰত্যেক পিকনিক স্পটৰ কৰ্তৃপক্ষসকলৰ চোকা দৃষ্টি থাকিব লাগে৷ প্ৰয়োজন হ’লে জৰিমনা বিহাৰ ব্যৱস্থাও কৰিব লাগে৷ এই ক্ষেত্ৰত পৰিৱেশ সুৰক্ষাৰ এখন কঠোৰ আইন প্ৰণয়ন হ’ব লাগে৷ কিছুমান স্পটৰ চে’ক গেটত টিকটৰ ব্যৱস্থা আছে৷ তেওঁলোকে নিতৌ ঠাইসমূহ পৰিষ্কাৰ পৰি২৬ন্ন কৰি ৰাখিব লাগে৷ পিকনিকৰ ঠাই সমহূৰ আশে-পাশে, কাষৰ জলধাৰা বা নদ-নদী বা সংৰক্ষিত অঞ্চলত যাতে কোনোৱে জাবৰ-জোথৰ পেলাব নোৱাৰে তাৰ চোকা দৃষ্টি ৰাখিব লাগে৷ প্ৰত্যেকেই আমাৰ নিজৰ মনৰ পৰা সষ্টম হৈ থাকিলে আমাৰ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট নোহোৱাকৈ থাকিব প্ৰকৃতিয়েও আমাক অন্তৰ ভৰি ভাল পাব৷ v
[DISPLAY_ULTIMATE_SOCIAL_ICONS]