
খ্ৰীষ্টান ধৰ্মাৱলম্বীসকলৰ এক পবিত্ৰ তথা আনন্দভৰা উৎসৱেই হ’ল – বৰদিন৷ এই উৎসৱত থাকে বৰ্ণাঢ্য আয়োজন, য’ত পৰিপূৰ্ণ হৈ থাকে কে’ক্, মম, কেৰল আৰু বিভিন্ন উপহাৰ৷ ধৰ্মীয় দিশৰ উপৰি খ্ৰীষ্টমাছ বা বৰদিন উৎসৱৰ এক সামাজিক দিশো আছে৷ যেনেঃ ইজনে সিজনৰ লগত মিলন, উপহাৰ আদান–প্ৰদান, প্ৰীতিভোজ খোৱো ইত্যাদি৷ বৰদিনৰ সময়ছোৱাত সম্পূৰ্ণ বিশ্বত এক আনন্দময় পৰিৱেশ বিৰাজ কৰে৷ শিশুসকলেও খুৱ আগ্ৰহেৰে মৰমৰ ছাণ্টাক্ল’জৰ আগমনৰ অপেক্ষা কৰি ৰয়৷ ৰঙা – বগা কাপোৰ পৰিধান কৰা, দাড়িৱালা ছাণ্টাক্ল’জৰ বিভিন্ন প্ৰতিমূৰ্তি অথবা পুতুলাৰে বিপণীসমূহ ভৰি পৰে৷ সকলো দিশে নানাৰঙী লাইটৰ পোহৰত বিশ্ব জিলিকি উঠে৷ দিনৰ ভাগত খ্ৰীষ্টানসকলে ৰাতিপুৱা প্ৰাৰ্থনা আৰু যীশুৰ গুণ–কীৰ্তন গায়৷ সকলোৱে মিলিজুলি ভোজ–ভাত খায়৷ সকলোৱে সন্ধিয়া ঘৰত প্ৰদীপ জ্বলায়৷
বৰদিন উদ্যাপনৰ কিছু ইতিহাস –
বৰদিনত উপহাৰ দিয়া, আনন্দ–ফূৰ্তি কৰা, ভোজ খোৱা দ্যা এনচাইক্লোপিডিয়া আমেৰিকানাই এইদৰে বৰ্ণনা কৰিছেঃ “প্ৰাচীন ৰোমানসকলে ডিচেম্বৰ মাহৰ মাজ ভাগত চাটাৰনেলি উৎসৱ পালন কৰিছিল৷ ইয়াৰপৰাই বৰদিনৰ বহুতো আনন্দ–ফূৰ্তিৰ প্ৰথা আৰম্ভ হয়৷ উদাহৰণস্বৰূপে, বৰদিনত আনন্দ–স্ফুৰ্তি কৰা, এজনে–আনজনক উপহাৰ দিয়া আৰু মমবাতি জ্বলোৱা আদি প্ৰথা চাটাৰনেলি উৎসৱৰপৰা লোৱা হৈছে৷’’ দ্যা এনচাইক্লোপিডিয়া ব্ৰিটানিকাই উল্লেখ কৰিছে যে চাটাৰনেলি উৎসৱৰ সময়ছোৱাত “সকলো ধৰণৰ কাম–কাজ আৰু ব্যৱসায় বন্ধ কৰি ৰখা হৈছিল৷”
বৰদিনৰ লাইট দ্যা এনচাইক্লোপিডিয়া অফ্ ৰিলিজনৰ অনুসৰি মকৰ সংক্ৰান্তিত পালন কৰিবলৈ আৰু দুষ্ট আত্মাক প্ৰতিৰোধ কৰিবলৈ ইউৰোপৰ লোকসকলে তেওঁলোকৰ ঘৰবোৰ “লাইট আৰু সকলো ধৰণৰ সেউজীয়া জোপোহাৰে” সজাইছিল৷
বৰদিনৰ বিশেষ গছজোপাঃ “গছ–গছনিক উপাসনা কৰাটো সাধাৰণতে মূৰ্তিপূজা কৰা ইউৰোপীয় লোকসকলৰ মাজত দেখা গৈছিল৷ এই লোকসকলে খ্ৰীষ্টান ধৰ্মলৈ পৰিৱৰ্তন হোৱাৰ পাছতো গছ–গছনিক উপাসনা কৰিবলৈ ত্যাগ নকৰিলে৷” “শীতকালৰ মধ্য ভাগত ঘৰৰ সন্মুখত বা ঘৰৰ ভিতৰত বৰদিনৰ গছ ৰখাৰ প্ৰথা আছিল” আৰু এইদৰে গছ উপাসনা কৰাটো থাকি গ’ল৷

ইতিহাসৰ পাতত লিখা আছে যে চতুৰ্থ শতাব্দীত ইটালীৰ ৰামে চহৰত ২৫ ডিচেম্বৰ তাৰিখটো যীশুখ্ৰীষ্টৰ জন্মদিন হিচাপে ধৰি লৈ অনুষ্ঠান পতাৰ প্ৰথম পৰম্পৰা আৰম্ভ হয়৷ তাৰ পাছৰপৰাই এই অনুষ্ঠানটো ২৫ ডিচেম্বৰ তাৰিখে খ্ৰীষ্টমাছ ডে’ হিচাপে পালন কৰি অহা হৈছে৷ ইফালে ইউৰাপেৰ কোনো কোনো ঠাইত ৬ জানুৱাৰীত খ্ৰীষ্টমাছ উদ্যাপন কৰা হয়৷ যীশু খ্ৰীষ্টৰ পিতৃৰ নাম আছিল জোছেফ আৰু মাতৃৰ নাম আছিল মেৰী৷ যীশুৰ জন্মৰ কালছোৱা পৃথিৱী অশান্তি, অধৰ্ম আৰু নানান ধৰণৰ পাপাচাৰেৰে ভৰি পৰিছিল৷ বিশ্বৰ মানুহে সঠিক পথ হেৰুৱাই পেলাইছিল৷ তেনে দুৰ্যোগপূৰ্ণ সময়ত যীশু খ্ৰীষ্টই জন্মলাভ কৰি মানৱৰ মুক্তিৰ পথ দেখুৱাইছিল৷ তেওঁ মানুহৰ মাজত প্ৰেম, দয়া, ভাতৃত্বেবাধ, ক্ষমা, পৰোপকাৰ আদি মহান আদৰ্শৰ কথা প্ৰচাৰ কৰিছিল৷ তেওঁ প্ৰচাৰ কৰা ধৰ্মক তেওঁৰ নাম অনুসাৰেই ‘খ্ৰীষ্টান ধৰ্ম’ বুলি কোৱা হয়৷
কিন্তু সেই সময়ত বহুতো লোকে বিশেষকৈ ইহুদি সম্প্ৰদায়ৰ লোকে যীশু খ্ৰীষ্টৰ প্ৰেমৰ বাণী অগ্ৰাহ্য কৰি তেওঁৰ বিৰোধিতা কৰি অৱশেষত তেওঁক ক্ৰুছবিদ্ধ কৰি হত্যা কৰিছিল৷
এই দিনটো প্ৰেম আৰু ভাতৃত্ববোধৰ প্ৰতীক ৰূপে পালন কৰা হয়৷ যীশুৰ মহান ত্যাগৰ কথা এই উৎসৱে সোঁৱৰাই দিয়ে৷ বৰদিন উৎসৱটো গোটেই মানৱ জাতিৰ বাবে এক মঙ্গলময় বাৰ্তাৰ বাহক৷ ইয়ে মানুহক সৎ আৰু ঈশ্বৰপৰায়ণ হ’বলৈ শিক্ষা দিয়ে৷ অভিভাৱকৰ নৈতিক কৰ্ম হিচাপে নতুন প্ৰজন্মক বৰদিন উৎসৱ পালনৰ লগে লগে লগে যীশু খ্ৰীষ্টৰ ত্যাগ আৰু ধৰ্মীয় বাণীৰ দ্বাৰা অনুপ্ৰাণিত কৰা উচিত৷ গীৰ্জাত গোৱা কেৰলে সোঁৱৰাই দিয়ে – সকলো এক প্ৰভুৰ সন্তান৷ মমতা, সহানুভুতিশীল প্ৰৱণতা, দয়া, ক্ষমা আদি গুণবোৰেই হওক মানৱ জীৱনৰ আৰ্দশস্বৰূপ৷ vv