
পুৱাৰ পৰা এৰা ধৰাকৈ অলপ অলপ বৰষুণ দি আছে৷ চেঁচা বতাহ এজাকো মাজে মাজে বলি থকাৰ বাবে পূজাৰ কেইদিনতকৈ আজি গৰম কিছু কমিছে৷ চিপ চিপ বৰষুণজাকৰ মাজেৰে সাৰংগৰ বাইকখন ধীৰ গতিৰে কলেজৰ দিশে আগবাঢ়িছে৷ মোবাইলৰ হে’ডফোনদাল সি কাণত লগাই ল’লে৷ “তেৰে মেৰে মিলন কি য়ে ৰেইনা’’– মোবাইলত মৃদু স্বৰত বাজি থকা কিশোৰ কুমৰৰ গীতটোৱে পৰিৱেশটো আৰু অধিক চঞ্চল কৰি তুলিছে৷
সৰ্বস্তৰৰ জনগণক উদ্বেলিত কৰি অন্ত পৰিল শাৰদীয় দুৰ্গোৎসৱৰ ভক্তি ৰসেৰে জীপাল আৰু উৎসৱৰ ৰঙেৰে ৰঙিয়াল মধুৰ সময়৷ মৰতৰ পূজাৰ বেদী এৰি কৈলাসলৈ গমন কৰিলে শক্তিদায়িনী, মাতৃস্বৰূপিনী, মহিষমৰ্দিনী দেৱী দুৰ্গাই৷ বিজয়া দশমীৰ বিদায় ক্ষণত অশ্ৰুসিক্ত নয়নেৰে ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱী দশভূজাক বিদায় দিলে ভক্তিপ্ৰাণ ভক্তগণে৷ দেৱীৰ সৈতে মৰতৰ পূজাৰ বেদী এৰিলে মৃণ্ময় গণেশ, কাৰ্তিক, লক্ষ্মী আৰু সৰস্বতীয়ে৷ সপৰিয়ালে দেৱী দুৰ্গাৰ বিদায়ৰ পিছত উকা হৈ পৰিল পূজাৰ বেদী৷ নিজম পৰিল ভিন্ন মাত্ৰিক ব্যস্ততা, কলৰৱেৰে মুখৰ অসংখ্য পূজাথলী৷ সাৰঙ্গৰ মনটোও কিবা উকা উকা লাগিল, আচলতে মা দুৰ্গাই তাৰ প্ৰাৰ্থনা নুশুনিলে৷ পূজাৰ কেইদিনত আকাংক্ষিত মুখখন এবাৰ দেখা হ’লেও হয়তো দেৱী দুৰ্গাৰ বিদায়ৰ পিছতো তাৰ মনটো সেউজীয়া সেউজীয়া লাগি থাকিলহেঁতেন৷
এইবাৰ আ(ৰ্যজনকভাৱে শৰতৰ বতৰত নপৰিল কুঁৱলী, নাহিল ঠাণ্ডা৷ উৎকট গৰমৰ মাজতেই শেষ হ’ল শাৰদীয় দূৰ্গোৎসৱ৷ দিন–ৰাতিজোৰা উৎসৱৰ অন্তত আজি চহৰখন আকৌ গতানুগতিক হৈ পৰিছে৷ স্কুল–কলেজ, চৰকাৰী–বেচৰকাৰী অফিচ, কোম্পানী, কল–কাৰখানা সকলো খুলিছে৷
পুৱাৰ পৰা এৰা–ধৰাকৈ অলপ অলপ বৰষুণ দি আছে৷ চেঁচা বতাহ এজাকো মাজে মাজে বলি থকাৰ বাবে পূজাৰ কেইদিনতকৈ আজি গৰম কিছু কমিছে৷ চিপ চিপ বৰষুণজাকৰ মাজেৰে সাৰঙ্গৰ বাইকখন ধীৰ গতিৰে কলেজৰ দিশে আগবাঢ়িছে৷ মোবাইলৰ হে’ড ফোনদাল সি কাণত লগাই ল’লে৷ “তেৰে মেৰে মিলন কি য়ে ৰেইনা’’– মোবাইলত মৃদু স্বৰত বাজি থকা কিশোৰ কুমাৰৰ গীতটোৱে পৰিবেশটো আৰু অধিক চঞ্চল কৰি তুলিছিল৷
আহি আহি সাৰঙ্গ কলেজৰ গেটৰ মুখ পালেহি৷ ব্যস্ত মহানগৰীখনৰ একেবাৰে সোঁমাজতে আছে সি পঢ়া কলেজখন৷ কলেজখনৰ বৃহৎ চৌহদটোলৈ সোমাই পাৰ্কিং প্লেচত তাৰ বাইকখন থৈ চাৰ্টৰ জেপৰ পৰা মোবাইলটো উলিয়াই চালে৷ চাৰে দহ বাজি গৈছে৷ কাণৰ পৰা হে’ডফোনদাল এৰুৱাই মোবাইলটো চাইলেণ্ট মুডত ৰাখি পিঠিৰ পৰা বেগটো নমাই আগফাললৈ আনিলে, চেইনদাল খুলি হে’ডফোনৰ সৈতে মোবাইলটো বেগটোত ভৰাই থ’ব খোজোতেই ভিতৰত থকা ডায়েৰীখনত তাৰ হাতখন লাগি যোৱাত চাৰিওফালে এবাৰ সি চকু ফুৰালে৷ আছে নেকি বাৰু ক’ৰবাত ৰৈ ডায়েৰীখনৰ গৰাকী!
এনেতে দেখিলে কলেজ কেম্পাছত মেজৰৰ হেড ৰূপালী মেমৰ গাড়ীখন আহি ৰ’লহি৷ মেমৰ ক্লাছটোৰ বাবেই সাৰঙ্গও লৰালৰিকৈ কলেজ পাইছেহি৷ সি মেমে নেদেখাকৈ মোবাইলটো বেগটোত ভৰাই থ’লে৷ সি জানে, পাঁচ মিনিটৰ পাছতে মেম ক্লাছৰূম পাবগৈ৷ সেয়ে একপ্ৰকাৰ দৌৰি যোৱাদি গ’ল সাৰঙ্গ ক্লাছৰূমলৈ৷
১০: ৪৫ ১ মেজৰৰ ক্লাছটো কৰি উঠিয়েই সাৰঙ্গই বেগটোৰ পৰা মোবাইলটো উলিয়াই চাই দেখিলে অচিনাকি নাম্বাৰ এটাৰ পৰা অহা চাৰি–পাঁচটামান মিচ্ কল৷ কাৰ নাম্বাৰ হ’ব পাৰে! –কিছু সময় সি চিন্তা কৰিলে, কিন্তু অচিনাকি নাম্বাৰ কাৰণে কল বেক্ নকৰিলে৷ সাৰঙ্গই মোবাইলটো চাইলেণ্ট মুডৰ পৰা আঁতৰাই ভাইব্ৰেছনত ৰাখি চাৰ্টৰ ওপৰৰ পকেটত ভৰাই থ’লে৷ ক্লাছত তাৰ আজি বৰকৈ মন নবহিল৷ ক্লাছৰ শেষত সদায় হোৱা নিয়মীয়া আড্ডাৰ পৰা আঁতৰি আহি সি ক্লাছৰূমৰ পৰা ওলাই চিধা বইজ কমন ৰূমত সোমালহি৷ পূজাৰ বন্ধ খুলিছেহে, বন্ধ বন্ধ আমেজ এটা আছেই, সেয়ে কমনৰূমত ল’ৰাৰ সংখ্যা সেৰেঙা৷ তাৰ মাজতে ক’মনৰূমত তাৰ একে ক্লাছৰে কেইটামান ল’ৰাই কেৰেমবৰ্ড খেলি হুলস্থূল কৰি আছে৷ হুলস্থূলীয়া পৰিৱেশটো তাৰ একেবাৰে ভাল লগা নাই, তাক আজি কিছু নিৰিবিলিৰ প্ৰয়োজন৷ সেয়েহে ল’ৰাবোৰৰ পৰা অকণমান আঁতৰি আহি সি দুৱাৰমুখতে চকি এখন পাৰি বহিল, যাতে সন্মুখৰ বাৰাণ্ডাইদি কোনোবা গ’লে সহজতে দেখা পাব পাৰে৷ কলেজখনৰ ভিতৰত য’লৈকে নাযাওক কিয় বয়জ ক’মন ৰূমৰ আগেদিয়েই যাব লগা হয়৷ গতিকে কোন আহিছে কোন গৈছে এইখিনিৰ পৰা সি অনায়াসে দেখা পাব৷ আচলতে তাৰ হাতত থকা ডায়েৰীখনৰ গৰাকীৰ সন্ধানত আছে সি৷ আহিছেনে বাৰু ডায়েৰীৰ গৰাকী কলেজলৈ? আগ্ৰহেৰে বাট চাইছে সি৷ ডায়েৰীখন দিয়াৰ চলেৰে এবাৰ তেওঁক লগ পোৱাৰ আগ্ৰহ৷ কিয় ইমান আগ্ৰহ, হেঁপাহ বুজি নাপায় সি৷ কি কয় বাৰু এই সম্পৰ্কক? – কিবাকিবি ভাবি সাৰঙ্গ এনেয়ে বহি থাকিল৷ কেৰ’ম খেলি থকা ল’ৰা কেইটাই খেলৰ মাজে মাজে কথা পাতিছে– হায়াৰ ছেকেণ্ডাৰীৰ প্ৰথম বৰ্ষত নতুনকৈ নামভৰ্ত্তি কৰা ছোৱালীবোৰৰ সন্দৰ্ভত৷ তাৰো মনত পৰিছিল নৱাগত আদৰণি সভাত প্ৰথম দেখা পোৱা মোহনীয় ব্যক্তিত্ব আৰু অপৰূপ সৌন্দৰ্যৰ অধিকাৰী সেই বিশেষ ছোৱালীজনীলৈ৷ কেইদিনমান আগতে দ্বিতীয়বাৰৰ বাবে সি তাইক দেখা পাইছিল কলেজ কেণ্টিনখনৰ দুৱাৰমুখত৷ মুহূৰ্ততে তাৰ মন উৰা মাৰিছিল সেই দিনটোলৈ৷
সাৰঙ্গ স্থানীয় কলেজখনৰ স্নাতক বৰ্ষৰ শেষ ষাণ্মাসিকৰ এজন মেধাৱী ছাত্ৰ৷ সেইদিনা সি মেজৰৰ ক্লাছকেইটা সম্পূৰ্ণ কৰি চাহ একাপ খোৱাৰ মনেৰে কেণ্টিনলৈ সোমাই যাওঁতে দুৱাৰমুখতে তিনিজনী নৱাগত ছাত্ৰীৰ মুখামুখি হৈছিল৷ হায়াৰ ছেকেণ্ডাৰি প্ৰথম বৰ্ষত নামভৰ্ত্তি কৰা ছোৱালী তিনিজনীয়ে তাক দেখি এক সমীহ দৃষ্টিৰে তাৰ কাষেদিয়েই পাৰ হৈ কেণ্টিনৰ পৰা ওলাই গৈছিল৷ সিহঁতৰ মাজৰে এজনী ছোৱালীক দেখি খন্তেক সময়ৰ বাবে সি স্থিৰ হৈ ছোৱালীজনীক চাইছিল৷ সি ছোৱালীজনীৰ নামটো মনত পেলাবলৈ চেষ্টা কৰিছিল– কি নাম আছিল ছোৱালীজনীৰ? ছেঃ… ইমান সোনকালেনো সি তাইৰ নামটো পাহৰিব লাগেনে৷ অলপদিনৰ আগতে সি আঁত ধৰা নৱাগত আদৰণি সভাখনৰ মুখ্য আকৰ্ষণ আছিল তাই৷ শান্ত, সৌম্য ব্যক্তিত্ব, অকৃত্ৰিম কথোপকথন ভঙ্গিমাই নৱাগত আদৰণি সভাৰ প্ৰতিজনকে মুহূৰ্ততে আপোন কৰি ল’ব পাৰিছিল ছোৱালীজনীয়ে৷ দীঘল চুলিটাৰি, সুবেশী, তিলফুলীয়া নাকেৰে, টনা টনা চকুযুৰি, আলফুলীয়া মুখাবয়ব, সুমিষ্ট হাঁহিৰে যেন এক বিতোপন সৌন্দৰ্যৰ প্ৰতীক৷ পিন্ধনত শুদ্ধ বগা চক্ চকীয়া দামী বহল গুণাৰ পাৰীৰ পাটৰ মেখেলা–চাদৰসহ দীৰ্ঘদেহ আবৰি ৰক্ষা কৰা এক যেন আন্দোলিত আকৰ্ষণ৷ সবাতোকৈ গুৰুত্বপূৰ্ণ তাইৰ মোহনীয় ব্যক্তিত্ব আৰু সবাৰে প্ৰতি থকা একান্ত আনুগত্যও একাধাৰে সেইদিনা সকলোৰে বাবে অনুকৰণীয় আছিল৷
সিহঁতক নেদেখা হোৱালৈকে চাই থাকি সাৰঙ্গ কেণ্টিনলৈ সোমাই আহি চুকৰ টেবুল এখনত বহি পৰিছিল৷ এনেতে বহা টেবুলখনৰ কাষৰ চকি এখনত ডায়েৰী এখন পৰি থকা দেখি সি হাতত তুলি লৈছিল৷ ওপৰত কাৰো নাম নাছিল, মাত্ৰ ওপৰত গোট গোট আখৰেৰে লিখা আছিল “মোৰ দিনলিপি৷ যাক ইংৰাজীত “ডায়েৰী’’ বুলি কোৱা হয়৷ কাৰ ডায়েৰীনো হয় বুলি সি সেইখন মেলিবলৈ লওঁতেই তাৰ বিবেকে যেন হৰ্থাৎ তাক বাধা দি কৈ উঠিছিল—“নেমেলিবি, অনুমতি অবিহনে আনৰ ডায়েৰী পঢ়িব নাপায়৷ ই এক দোষণীয় কাম৷’’
আধামেলা ডায়েৰীখন জপাই থৈ সাৰঙ্গই কেচ কাউণ্টাৰৰ ওচৰলৈ আহি সেইখন মেনেজাৰৰ হাতত দিবলৈ ধৰোঁতেই কেণ্টিনৰ ল’ৰাটো দৌৰি আহি কৈছিল—“এইখন অলপ আগেয়ে ইয়াৰ পৰা ওলাই যোৱা ছোৱালী তিনিজনীৰ মাজৰ সেই মৰমলগা ওখ ধুনীয়া ছোৱালীজনীৰ হয়৷ তাই নিজৰ বেগটোত কিবা বস্তু বিচাৰি থাকোঁতে সেই ডায়েৰীখন উলিয়াই কাষৰ চকীখনতে থৈছিল৷ পাছত বোধকৰোঁ তাই সেইখন বেগটোত ভৰাবলৈ পাহৰি গৈছিল৷ “ল’ৰাটোৰ কথাখিনি শুনাৰ পিছত সাৰঙ্গ তাত এক মুহূৰ্তও ৰৈ নাথাকি ডায়েৰীখন লৈ ছোৱালী তিনিজনীক বিচাৰি বেগেৰে বাহিৰলৈ ওলাই গৈছিল৷

গোটেই কলেজ চলাথ কৰিও ছোৱালী তিনিজনীৰ এজনীকো সি বিচাৰি নাপালে৷ ইতিমধ্যে কলেজ ছুটি হৈছিল৷ প্ৰায়বোৰ ছাত্ৰ–ছাত্ৰী গৈ শেষ হৈছিল৷ বিমুখ হৈ পুনৰ সি কেণ্টিনলৈ উভতি আহিছিল৷ মেনেজাৰেও কেণ্টিন বন্ধ কৰি ঘৰলৈ যাবলৈ ওলোৱাত সাৰঙ্গই লৰালৰিকৈ গৈ মেনেজাৰৰ হাতত ডায়েৰীখন দি কৈছিল– “ছোৱালীজনী আহিলে দি দিব৷’’
ঃ কাইলৈৰ পৰা পূজাৰ কাৰণে কলেজ বন্ধ থাকিব৷ কলেজ বন্ধ মানেই কেণ্টিনো বন্ধ৷ গতিকে এইখন ইয়াত থাকিলে হেৰুৱাৰহে সম্ভাৱনা বেছি৷ মই ভাবো এইখন তোমাৰ ওচৰত থাকিলে হেৰুৱাৰ ভয় নাথাকে৷ গতিকে তোমাৰ হাততে থৈ দিয়া৷ কলেজ খুলিলে ছোৱালীজনীক দি দিলেই হ’ব৷ – কথাখিনি কৈ কৈ মেনেজাৰে তাক ডায়েৰীখন আকৌ ঘূৰাই দিছিল৷
সি মনতে ভাবিলে– এৰা, কথাটো মিছা নহয়৷ ডায়েৰীখন হেৰালে বৰ ডাঙৰ কথা হ’ব৷ কাৰণ, য’ত লিপিবদ্ধ হয় জীৱনৰ কথা….., মানুহে নিজৰ জীৱনৰ উল্লেখযোগ্য ঘটনাৰ পৰা দুখজনক ঘটনালৈকে, হাঁহি–কান্দোন, খং–ৰাগ, মান–অভিমান, প্ৰেম–বিৰহ, সুখ–দুখ সকলো নিঃসংকোচে ডায়েৰীত লিপিবদ্ধ কৰি ৰাখে৷ কিন্তু তাই জীৱনটো আৰম্ভ কৰিছেহে! তাইৰ ডায়েৰীত বাৰু কি লিখা আছে? – যিয়েই লিপিবদ্ধ কৰি নাৰাখক তাইৰ ডায়েৰীখন এনেকৈ কেণ্টিনৰ ড্ৰয়াৰত পেলাই থৈ যাবলৈ তাৰ বেয়া লাগিল৷ মেনেজাৰৰ হাতৰ পৰা ডায়েৰীখন পুনৰ নিজৰ হাতত লৈ আনখন হাতেৰে সি ডায়েৰীখনৰ ওপৰ ভাগত আলফুলে এবাৰ বুলাই দিছিল, তাৰপিছত বেগটোত সেইখন ভৰাই লৈ কেণ্টিনৰ পৰা ওলাই আহিছিল সাৰঙ্গ৷
শৰতৰ যাদুকৰী পৰশত ৰঙিয়াল প্ৰকৃতিৰ নীৰৱ আয়োজন আৰু উৎসৱপ্ৰেমী জনগণৰ আয়োজনৰ অন্তত অৱশেষত আহিল বহু প্ৰতীক্ষিত মাহেন্দ্ৰ ক্ষণ৷ প্ৰান্তে প্ৰান্তে চলিছে দুৰ্গাপূজাৰ আনন্দ–উৎসৱ৷ শংখ–ঘণ্টা, আয়তীৰ উৰুলি, পুৰো¸হিতৰ মন্ত্ৰধ্বনি আৰু ভক্তপ্ৰাণ জনগণৰ দেৱী বন্দনাৰ মাজত পূজাৰ বেদীত প্ৰতিষ্ঠা হ’ল দুৰ্গতিনাশিনী দেৱী দশভুজাৰ প্ৰতিমা৷ দেৱী দুৰ্গাৰ আশে–পাশে পূজাৰ বেদীত যথাস্থানত প্ৰতিষ্ঠা কৰা হ’ল মৃণ্ময় গণেশ, কাৰ্তিক, লক্ষ্মী আৰু সৰস্বতীক৷ দেৱী ত্ৰিশূলধাৰিণী দশভুজাৰ পদযুগলৰ ওচৰত ঠাই ল’লে ক্ষত–বিক্ষত মৃণ্ময় মহিষাসুৰে৷
পূজাৰ বেদীত দেৱীক প্ৰতিষ্ঠা কৰাৰ লগে লগে ভক্তপ্ৰাণ জনগণৰ দেৱী ভক্তিৰে বিগলিত হৃদয়ৰ আৰ্তিৰে জীপাল আৰু উছৱৰ ৰঙেৰে ৰঙিয়াল হৈ পৰিল ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ পূজাথলীৰ পৰিৱেশ৷ ষষ্ঠী, সপ্তমী, মহা অষ্টমী পূজাৰ অন্তত দিনৰ ন বজাৰ পৰা মহা নৱমী পূজা আৰম্ভ হৈছিল৷ দুপৰীয়া এক বজাত ৭ গৰাকী কুমাৰী কন্যাক লৈ সম্পন্ন হৈছিল কুমাৰী পূজা৷ ধৰ্মীয় বিশ্বাস অনুসৰি অতীতৰ পৰা পৰম্পৰাগতভাৱে চলি অহা বিভিন্ন দেৱালয়, শক্তিপীঠ, মন্দিৰ আদিত এইবাৰ ম’হ বলি দিয়া প্ৰথা বন্ধ কৰা হৈছিল৷ সাৰঙ্গহঁতৰ ছাত্ৰ সমাজেও ম’হ বলি দিয়া কাৰ্যক লৈ বহুদিনৰ পৰা প্ৰতিবাদ কৰি আহিছিল৷ এইবাৰো সিহঁতে বিশেষ বিশেষ পূজা কেইখনমানৰ ওপৰত এক বিশেষধৰণে চকু ৰাখিছিল, যাতে মহা সপ্তমী, অষ্টমী আৰু নৱমীৰ দিনা কোনো জীৱকে তেওঁলোকে দেৱীৰ আগত বলি দিব নোৱাৰে৷ অৱশ্যে এইবাৰ ৰাজ্যৰ বহুকেইখন ভিন্ন প্ৰান্তৰ দেৱালয়, মন্দিৰ, দেৱীপীঠত ম’হ, ছাগলী, হাঁহ–পাৰ বলি দিয়াৰ সলনি কুঁহিয়াৰ, কোমোৰাৰে বলি–বিধান সম্পন্ন কৰিছিল৷ বলি প্ৰথা যাতে সম্পূৰ্ণৰূপে নাইকিয়া হৈ যায় তাৰবাবে পূজাৰ কেইদিন সিহঁতবোৰে বিভিন্ন ঠাইৰ পূজা মণ্ডপবোৰত সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰি ঘূৰি ফুৰিব লগা হোৱাত সি তাৰ লগৰ কেইটাৰ লগত পূজাত এপাক ওলাই যাবও পৰা নাছিল৷ ইফালে পাৰ্থও বাংগালুৰুৰ পৰা পূজাৰ বন্ধত ঘৰলৈ আহিছে৷ তাকো লগ পোৱা নাই৷ সেয়ে নৱমীৰ দিনা দিনতে ৰাজাই তাক কাঢ়া নিৰ্দেশ দিছিল, যাতে সি সেইদিনা সন্ধিয়া সিহঁতৰ স্থানীয় পূজা মণ্ডপটোৰ সন্মুখত সিহঁতৰ বাবে ৰৈ থাকে, আটাইকেইটা লগ হৈ পূজাৰ শেষৰ দিনা চহৰখনৰ যিমান পূজা আছে গোটেই কেইখন পূজা চাই আনন্দ কৰিব৷ কিয়নো পিছদিনা বিজয়া দশমী, পুৱা চাৰে ন বজাৰ ভিতৰতে পুৰো¸হিতে পূজা শেষ কৰি ভক্তসকলক শান্তি পানী দি দেৱীক বিসৰ্জন দিব৷ তাৰপিছতেই দুৰ্গা পূজাৰ অন্ত পৰিব৷
গতিকে ৰাজাই কোৱাৰ দৰেই ঠিক সন্ধিয়া হোৱাৰ লগে লগেই সাৰঙ্গ ঘৰৰ পৰা ওলাই আহিছিল৷ স্থানীয় পূজা মণ্ডপটোৰ সন্মুখত লগৰকেইটালৈ ৰৈ ৰৈ তাৰ আমনি লাগিছিল৷ ঢাকৰ শব্দত তেতিয়া মুখৰিত হৈ আছিল দুৰ্গা পূজাৰ থলী৷ জেলেপিৰ সুগন্ধ, পেঁপাৰ মাত, ৰঙচঙীয়া বেলুনৰ সমাহাৰেৰে সজীৱ হৈ পৰিছিল পূজাথলী৷ ৰঙীণ শোনপাপৰি, সাপ বেলুন, গেছ বেলুন, পানী বেলুন, খুৰমাৰ দোকান, পুতলা, পিস্তল আদি খেলনা বস্তুৰ দোকানেৰে ভৰি পৰা পূজাথলীত বিৰ দি বাট নোপোৱা ভিৰ লাগিছিল৷ ৰঙা শাৰী পৰিহিতা কণ কণ ছোৱালী কেইজনীমানে গোসাঁনীৰ সমুখত দুহাতে ধূণাৰ পাত্ৰ লৈ নাচি নাচি আৰতি কৰি আছিল৷ সাৰঙ্গৰ মন শৈশৱৰ দিনবোৰলৈ উৰা মাৰিছিল– “মন্দিৰৰ পকা মজিয়াত লেপেতা কাঢ়ি বহি সৌৱা ৰাজা, চিন্ময়, অভিজিত, সাৰঙ্গই আৰতি চোৱাৰ মাজে মাজে দবৰা দবৰি কৰিছে৷ ইটোৱে সিটোৰ কাণৰ কাষত জোৰকৈ হুইছেল বজাইছে, পুতলা পিস্তল লৈ ইফালৰ পৰা সিফাললৈ দৌৰি ফুৰিছে৷ তাকে দেখি আৰতি চাই থকা মানুহবোৰে সিহঁতক গালি পাৰিছে৷ মাকে বহাৰ পৰা উঠি গৈ সাৰঙ্গক কাণত ধৰি টানি আনি কাষত বহুৱাই থৈছে৷ সি সেমেনা সেমেনি কৰি মাকৰ কাষত বহি আছে, তাকে দেখি ৰাজা, চিন্ময়হঁতে দূৰৰ পৰা তাক ফিচিঙা ফিচিঙ কৰি হাঁহিছে৷’’
সেইসময়তেই এজাক গাভৰুৰ হাঁহিৰ খিলখিলনিত সাৰঙ্গ অতীতৰ পৰা বৰ্তমানলৈ ঘূৰি আহিছিল৷ ভাহি অহা হাঁহিৰ শব্দৰ দিশে সি চকু ঘূৰালে, চিনাকি–অচিনাকি এজাক ছোৱালীয়ে ৰভাতলত তেতিয়া একেলগে থিয় হৈ হাঁহিৰ খিলখিলনি তুলি আৰতি চাই আছিল৷ সি ৰ’ লাগি সিহঁতক চাই থাকিল…..৷ –দেখা পাব নে কি বাৰু এই ছোৱালীজাকৰ মাজত সি বিচাৰি ফুৰা সেই মুখখন! সেইকেইদিন পূজা মণ্ডপবোৰ ঘূৰি ফুৰোতেও মনে মনে সি সেই মুখখনৰ সন্ধানতেই আছিল৷ সেই মুহূৰ্তটো সেই মুখখন বিচাৰি ছোৱালী জাকটোৰ মাজত তাৰ চকুযুৰিয়ে পিট পিটাই ফুৰিবলৈ ধৰিছিল৷ নাই…., সেই মুখৰ গৰাকী তাৰ দৃষ্টিত ধৰা নপৰিল৷ সাৰঙ্গই ভাবিছিল– সিহঁতে চিনি পাইছিলনেকি বাৰু তাইক, সুধিবলৈ মন গৈছিল সি বিচাৰি ফুৰা ছোৱালীজনীৰ কথা! ক’বলৈ মন গৈছিল তাইৰ যে ডায়েৰীখন তাৰ হাতত আছে! কিc…..! কি বুলি সুধিব, সিটো তাইৰ নামটোৱেই নাজানে৷ কেণ্টিনৰ চকিখনত ডায়েৰীখন পোৱাৰ পিছত সি তাৰ বেগটোত সেইখন ভৰাইহে থৈছিল৷ সেইখনটো সি মেলি চোৱা নাই৷ ডায়েৰীখন পোৱাৰ লগে লগে মেলিবলৈ মন গৈছিল যদিও তাৰ বিবেকে কিন্তু তাক সেইখন মেলিবলৈ দিয়া নাছিল
ৰাজাই তাৰ পিঠিখনত পিছফালৰ পৰা ঢকা মাৰি দিয়াত সি ভাব জগতৰ পৰা আঁতৰি আহিছিল৷ ইতিমধ্যে পাৰ্থ, অভিজিৎ, চিন্ময় আৰু অনন্তও আহি তাৰ ওচৰ পাইছিলহি৷
: সমাজ সেৱা কৰি কৰি দেখিছোঁ তই তোৰ বাল্য বন্ধু কেইটাকো পাহৰি গ’লি? এই উছৱৰ দিনতনো আমি তোক বিচাৰি ফুৰিব লাগেনে? নে সমাজসেৱাৰ নামত পূজা মণ্ডপে মণ্ডপে তই তোৰ অনামিকাৰ সন্ধানত আছিলি? – ৰাজাই তাৰ কান্ধত হাতখন থৈ সুধিলে৷ হঠাৎ ছোৱালীজাকৰ ওপৰত চকু পৰাত –
ঃ অ’ই, চা চা৷ সেই ছোৱালীজাকৰ মাজত তই তোৰ অনামিকাক বিচাৰি পাবও পা১….! –কৌতুকত চিকমিকাইছিল ৰাজাৰ চকুযোৰ৷
ঃ নৱমীত বোলে যি খোজে তাকে পায়৷ —– অভিজিতে হাঁহি হাঁহি কৈছিল৷
ঃ হয়? – এখন্তেক অভিজিতলৈ চাই সাৰঙ্গই হাঁহি হাঁহি তাক প্ৰশ্ন কৰিছিল–
Êঃ ৰ’ তেনেহলে, সেৱা কৰি গোসাঁনীক কৈ থও অনামিকাক যেন সোনকালে ডায়েৰীখন ঘূৰাই দিব পাৰোঁ৷
দুখোজমান আগবাঢ়ি গৈ সি গোসাঁনীৰ সমুখত থিয় হ’ল৷ সাৰঙ্গই হাতযোৰ কৰি দীঘলীয়া সময়লৈ সেৱা কৰিলে, শেষলৈ যেন মগ্ন হৈ পৰিছিল সি৷ –সেৱা কৰি উঠি মুখৰ পৰা আৱেগৰ ৰং মচি নিজৰ বাহ্যিকতালৈ উভতি গৈছিল সাৰঙ্গ৷
ঃ অনামিকা কোন? —– পাৰ্থই আচৰিত হৈ সিহঁত আটাইকেইটাক উদ্দেশ্যি সুধিছিল৷
নাটকীয় ভংগীমাত ৰাজাই উত্তৰ দিছিল– “নকওঁ৷’’
ঃ কিয়? কিয়? মই কি দোষ কৰিলোঁ? ——- পাৰ্থই হুলস্থূল কৰি উঠিছিল৷
ঃ কিয় নকব জান? ক’লে তই নিৰ্ঘাত থপিয়াই লৈ যাবি৷ তেতিয়া সাৰঙ্গৰ কি অৱস্থা হ’ব কচোন৷
ৰাজাৰ কথাত চিন্ময়, অভিজিৎ, অনন্তৰ লগতে সাৰঙ্গয় ৰাজালৈ চাই মিচিক মাচাককৈ হাঁহি আছিল৷
ঃ তোৰ সকলো কথাতে ধেমালি৷ ক’ বুলিছো নহয় ভালে ভালে ক’৷ —— পাৰ্থই ৰাজাৰ কাণখনত চেপি ধৰিছিল৷
ঃ কৈছো কৈছো৷ মোৰ কাণখন এৰি দে৷
ঃ এৰিলো ক’৷
ঃ ঠিক আছে তেনেহলে৷ সেইজনী চা৷ খুটাটোত ধৰি যে সাৰঙ্গলৈ ৰ’ লাগি চাই আছে, সেই যে চুটি চাপৰ গোলাপ জামুৰ নিচিনা ছোৱালীজনী……
ঃ চুটি চাপৰ গোলাপ জামু! ——- ৰাজাৰ কথাত আটাইকেইটাই হাঁহিত কিৰিলি পাৰি উঠিছিল৷
ৰভাতলৰ মানুহবোৰে ঘূৰি ঘূৰি সিহঁতক চাইছিল৷ ছোৱালীজাকৰো মন সেই হাঁহিৰ ঢৌৱে চুই গৈছিল৷
সেয়া আছিল পূজাৰ থলী৷ উৎসৱৰ থলী৷ তাত আনন্দই ৰামধেনু হাতেৰে সকলোকে চুই যায়, হৃদয় হৈ পৰে সামান্য বতাহতে হালি–জালি পৰা কঁহুৱা বন৷
আৰতি শেষ হৈছিল৷ হুৰমূৰকৈ সিহঁতো স্থানীয় পূজা মণ্ডপটোৰ পৰা ওলাই আহিছিল৷ আটাইকেইটাৰ বাইককেইখন একেলগে ষ্টাৰ্ট হৈ গৈছিল, শব্দ প্ৰদূষণৰ সৃষ্টি কৰি চাইলেন্সাৰ পাইপেৰে ধোঁৱা উৰুৱাই চাৰিওফালৰ ছাঁ–পোহৰৰ কৃত্ৰিম সমাহাৰৰ মাজত মানুহৰ ভিৰৰ ফাঁকে ফাঁকে সিহঁতৰ বাইক কেইখন তীব্ৰবেগেৰে আগবাঢ়িছিল৷ কৰ্তব্যৰত পুলিচ কেইটায়ো সিহঁতক কোনো বাধা দিয়া নাছিল৷
হঠাতে সাৰঙ্গৰ চাৰ্টৰ ওপৰ পকেটত থকা মোবাইল ফ’নটোত জোৰ জোৰকৈ কম্পন হোৱাত তাৰ ভাবত যতি পৰিছিল৷ দুৰ্গাপূজাৰ ছাঁ–পোহৰৰ কৃত্ৰিম সমাহাৰ আৰু বিৰ দি বাট নোপোৱা ভিৰৰ মাজৰ পৰা আঁতৰি আহি সি বাস্তৱলৈ ঘূৰি আহিল৷ চাৰ্টৰ পকেটৰ পৰা মোবাইলটো উলিয়াই দেখিলে পাৰ্থৰ মেচেজ৷ আগদিনা পৰিকল্পনা কৰি থোৱা মতে পাৰ্থ এক বজাৰ লগে লগে কলেজ আহি পাই যাবহি৷ পাৰ্থ আৰু সি আজি ডেৰ বজাত আই ন’ক্সত চিনেমা চাবলৈ যোৱাৰ কথা আছে৷ সাৰঙ্গৰ আজি চিনেমা চাবলৈ অলপো মন যোৱা নাই৷ আচলতে কাইলৈ পাৰ্থ বাংগালুৰুলৈ উভতি যাবগৈ৷ এইবাৰ সি ইঞ্জিনীয়াৰিঙত ফাইনেল দিব, পাছ কৰি বোলে তাতেই চাকৰি কৰিব৷ গতিকে আকৌ কেতিয়া লগ পাব একো ঠিক নাই৷ সেয়ে সাৰঙ্গই তাক না কৰিবলৈ বেয়া পালে৷ তাৰ আগতে ডায়েৰীৰ গৰাকীক ডায়েৰীখন ঘূৰাই দিব পৰা হ’লে ভাল আছিল!
সাৰঙ্গ হতাশ হ’ল৷ ক’মনৰূমতে আকাশ–পাতাল ভাবি এনেয়ে বহি থাকিল৷ ঠিক তেনে সময়তে মোবাইলটোত কথা পাতি পাতি ডায়েৰীৰ গৰাকী চিন্তিত মনে খৰকৈ তাৰ সন্মুখেদি পাৰ হৈ গৈছে৷ সি নিজৰ চকুকে বিশ্বাস কৰিব পৰা নাই৷ হয়নে নহয় বুলি ভাবি সি অকণমান আগুৱাই আহি পাৰ হৈ যোৱা ছোৱালীজনীক ডিঙি মেলি মেলি চাইছিল৷ হয়, সেই একেই শান্ত, সৌম্য ব্যক্তিQ……! হঠাতেই তাৰ বহু আকাংক্ষিত সময়টো আহি পৰিল, আকৌ এসোপা অজানা সুবাসে তাৰ যেন উশাহটো চুটি কৰি পেলালে৷
সি মুহূৰ্তৰ ভিতৰতে পিঠিত বেগটো ওলমাই লৈ ক’মনৰূমৰ পৰা ওলাই আহিল৷ বুকত অদম্য হেঁপাহ লৈ আগবাঢ়িল সি৷ পিছফালৰ পৰা সাৰঙ্গই তাইক মাতিব খুজিও ৰৈ গৈছিল–কিc…..! তাইৰ নামটো?
সন্মুখৰ ফালৰ পৰা আহি থকা বান্ধৱী দুজনীক দেখি তাই বকুলজোপাৰ তলত ৰৈ সিহঁতলৈ অপেক্ষা কৰিছে৷ ছোৱালীজনীৰ ফালে দৌৰি যোৱাদি গ’ল সাৰঙ্গ, ক্ৰমান্বয়ে সি তাইৰ ওচৰ চাপি গৈ থাকিল৷ সন্মুখেৰে আহি থকা বান্ধৱী দুজনীয়ে ইংগিতেৰে তাইক কিবা এটা ক’ব বিচাৰিছে—– আৰু এটা সময়ত সি নিচেই কাষত ৰৈ পিছফালৰ পৰা ছোৱালীজনীক মাত লগাবলৈ লওঁতেই ঘটিছিল ঘটনাটো……৷ …… কাহানিও নভৱা–নিচিন্তা এটা ঘটনা, প্ৰস্তুত নথকাৰ বাবে হামখুৰি খাই পৰি যাব খুজিও সাৰঙ্গই কোনোমতে ভাৰসাম্য ৰক্ষা কৰি স্থিৰ হৈ একেঠাইতে ৰৈ থাকিল৷ ইমান তৰিৎ গতিৰে সকলো হৈছিল যে ঘটনাৰ আকস্মিকতাত সি হতভম্ব হৈ ব্ৰজপাত পৰা মানুহৰ দৰে ঠাইতে থৰ হৈ পৰিল৷
কলেজখনৰ চৌদিশে এক মৃদু উত্তেজনা বিয়পি পৰিল, কোঠাই কোঠাই গুণগুণনি আৰম্ভ হ’ল৷ জুম বান্ধি বান্ধি ল’ৰা–ছোৱালীবোৰ গে’টৰ বাহিৰলৈ ওলাই আহিছে৷ কলেজৰ ওচৰৰ বিদ্যামন্দিৰ আৰু সাহিত্য মন্দিৰ বুকষ্ট’ল দুখনৰ সন্মুখৰ খট্ খটিত বহি ছাত্ৰবোৰে ঘটনাটোৰ ওপৰত আলোচনা কৰিছে৷ ছাত্ৰ একতা সভাৰ ল’ৰা–ছোৱালীবোৰ ছোৱালীজনীৰ কাণ্ডত জাঙুৰ খাই উঠিছে৷ সমুখৰ আঁহতজোপাৰ তলত ৰৈ থকা ছাত্ৰীবোৰৰ মাজত সৰৱ আলোচনা চলিছে৷
সাৰঙ্গই বাইকখন লৈ কলেজ কেম্পাছৰ পৰা ওলাই আহিল৷ গে’টৰ মুখত অসংখ্য ল’ৰা–ছোৱালীৰ ভিৰ৷ গে’টৰ বাহিৰ হৈ সি বাইক ষ্টাৰ্ট দিলে৷ সকলোৱে তাৰ ফালে চাইছে৷ লজ্জাই তাক আগুৰি ধৰিব লাগিছিল হয়তো; কিন্তু সেই আৱৰণ তাৰ শৰীৰ–মনত নাই৷ মাত্ৰ খং, ক্ষোভ আৰু দুখেৰে তাৰ বাইক আগলৈ চলি থাকিল বেগেৰে৷
নিজৰ চিন্তাত বিভোৰ হৈ গৈ থাকোঁতে কেতিয়ানো সি মেইন ৰোডৰ কাষতে থকা পাৰ্কখনৰ সন্মুখ পালেগৈ গমেই নাপালে৷ বাইকখন ৰখাই পাৰ্কৰ ভিতৰলৈ সোমাই গৈ একোণৰ বেঞ্চ এখনত ধুপুচকৈ বহি পৰিল, পিঠিৰ পৰা বেগটো নমাই চেইনডাল খুলি ইমানদিনে পিঠিত কঢ়িয়াই লৈ ফুৰা ডায়েৰীখন বেগটোৰ ভিতৰৰ পৰা উলিয়াই বেঞ্চখনৰ আনটো মূৰলৈ দলিয়াই দিলে৷ “ কি দৰ্কাৰ আছিল ইমানদিনে আনৰ বোজা পিঠিত কঢ়িয়াই ফুৰিবলৈ!’’ – কিছুসময় ডায়েৰীখনলৈ চাই থাকিল সি৷
দীঘল চুলিটাৰি, সুবেশী, তিলফুলীয়া নাক, আলফুলীয়া মুখাবয়ব, সুমিষ্ট হাঁহিৰে তাইৰ বিতোপন সৌন্দৰ্যৰ ছবিখন কিমান সযতনে তাৰ হৃদয়ৰ নিভৃত কোণত সাঁচি ৰাখিছিল! কিন্তু মুখ আৰু মুখা ——! শান্ত, সৌম্য ব্যক্তিত্বৰ আঁৰতো যে লুকাই থাকিব পাৰে মানুহৰ আন এখন কুৎসিত মুখ!
মুহূৰ্ততে সাৰঙ্গই তাইৰ প্ৰতি থকা সকলো আকৰ্ষণ হেৰুৱাই পেলালে৷ তাইৰ প্ৰতি গোপনে কঢ়িয়াই লৈ ফুৰা গোলাপবুলীয়া ভালপোৱাবোৰৰ বৰণ সলনি হ’ল৷ হৃদয়ৰ নিভৃত কোণত আলফুলে সাঁচি ৰখা তাইৰ ছবিখন নিমিষতে মোহাৰি নোহোৱা কৰি পেলালে৷ কাকো ঘৃণা নকৰোঁ বোলা শব্দটো যেন আজি সাৰঙ্গৰ মনত তাইৰ পৰাই আৰম্ভ হ’ল৷ মনৰ ভিতৰত যেন একুৰা জুইহে জ্বলিছে! কিন্তু কিহৰ জুই এইকুৰা? প্ৰতিশোধৰ? সি চকু কেইটা মুদি দীঘলকৈ উশাহ ল’লে– নাই…… নোৱাৰে৷ কাৰো ওপৰত সি প্ৰতিশোধ লোৱাৰ কথা ভাবিবই নোৱাৰে৷ কেতিয়াও নোৱাৰে৷
ৰাস্তাত বাইক এখন ৰোৱাৰ শব্দ হ’ল৷ সি ৰাস্তাৰ ফালে চালে৷ পাৰ্থ জাপ মাৰি বাইকৰ পৰা নামি আহিল৷ আজি পাৰ্থ আৰু সি চিনেমা চোৱাৰ কথা আছিল৷
নাঃ আজি সাৰঙ্গৰ কলৈকো যাবলৈ মন যোৱা নাই৷ ঘটনাটো ঘটাৰ পিছৰে পৰা বিশেষ এক অনীহাৰে ভৰি আছে তাৰ মনটো৷
পাৰ্থই চিঞৰি চিঞৰি কৈ আহিল—-
ঃ তোক বিচাৰি মই কলেজ পালোগৈ৷ কলেজত নাপাই চিনেমা হল পালোগৈ৷ তাতো নাপাই ঘৰলৈ উভতি যাওঁ বুলি এইফালে আহোঁতেহে দেখিলোঁ মহাশয় ইয়াত৷ পিছে এই দুপৰীয়াখন পাৰ্কত অকলে বহি কি কৰিছ?’’
প্ৰথমে সাৰঙ্গই তাৰ লগত চিনেমা চাবলৈ নোযোৱাৰ বাবে ক্ষমা খুজিলে৷ তাৰপিছত কওঁ নকওঁকৈ ক’লে–
ঃ আজি তাই মোক অপমান কৰিলে জাননে?
ঃকোন তাই?
ঃ ইমানদিনে যাৰ ডায়েৰী মোৰ বেগটোত ভৰাই পিঠিত ওলমাই লৈ ফুৰিছিলো……, তাই৷
ঃ কিন্তু তোৰ অপৰাধ?– পাৰ্থই আচৰিত হৈ প্ৰশ্ন কৰিলে৷
ঃ মোৰ অপৰাধ……, ডায়েৰীখন ওভতাই দিয়াৰ লগতে তাইৰ লগত দুষাৰ কথা পাতিবলৈ বিচৰা, নামটো নজনাৰ বাবে পিছফালৰ পৰা কান্ধত হাত দি মাতিবলৈ চেষ্টা কৰাৰ অপৰাধ…..৷ –কিন্তু, “ক্ষমা কৰিব আপোনাৰ নামটো নজনাৰ বাবেই এনেকৈ পিছফালৰ পৰা মাতিব লগা হ’ল“—— এই কথাষাৰ মই সম্পূৰ্ণ কৰিবলৈ নৌপাওঁতেই শান্ত, সৌম্য ব্যক্তিত্ব আৰু বিতোপন সৌন্দৰ্যৰ অধিকাৰী ছোৱালীজনীৰ বাওঁহাতৰ এটা পূৰ্ণহতিয়া চৰ মোৰ সোঁ–গালত আহি পৰিছিলহি৷ মই মাত্ৰ নীৰৱে সহ্য কৰাৰ বাহিৰে একো কৰিব নোৱাৰিলোঁ৷
ঃ কি? তাইৰ ইমান সাহস? তাই তোৰ নিচিনা অমায়িক, মেধাৱী ল’ৰা এটাক অপমান কৰিছে? আৰু তই সকলোবোৰ নীৰৱে সহ্য কৰিলি? —- পাৰ্থই চিঞৰি উঠিল৷ তাৰপিছত পুনৰ সি কলে—-
ঃ আচলতে তাইৰ নিজৰ চেহেৰাটোক লৈ অহঙ্কাৰ! এনেকুৱা ছোৱালীৰ মুখত এচিদ ঢালি দিব লাগে! —– পাৰ্থই খঙতে মুখত যি আহিছে তাকে কৈ গ’ল৷
পাৰ্থৰ কথাষাৰে তাৰ মগজুত লাহে লাহে ক্ৰিয়া কৰিবলৈ ধৰিলে৷ শান্ত, অমায়িক ল’ৰাটোৰ মুখখন ক্ৰমে হিংস্ৰ হৈ পৰিল৷ দুপৰীয়াৰ বেলিটো যিমানে তেজাল হ’ল সিমানে তাৰ অন্তৰত উমি উমি জ্বলি থকা জুইকুৰাৰ উত্তাপো বাঢ়িবলৈ ধৰিলে৷ – “ হয়, তাইৰ অহঙ্কাৰ ভাঙিব লাগিব৷’’ – এইবুলি সি এটা বিকট চিঞৰ মাৰি পাৰ্থক তাতে এৰি বাইকখন জোৰেৰে চলাই গুচি গ’ল৷
সাৰঙ্গ যোৱালৈ পাৰ্থই চাই থাকিল৷ কিন্তু পিছতহে সি উপলদ্ধি কৰিব পাৰিলে যে সি কিমান ডাঙৰ ভুল কৰি পেলালে৷ উচটনিমূলক মন্তব্যৰে তাৰ মনত প্ৰতিশোধৰ ভাব সৃষ্টি কৰিব নালাগিছিল৷ এতিয়া যদি সি খঙৰ ভমকত নকৰিবলগীয়া সাংঘাতিক কিবা এটা কাম কৰি পেলায়! তেতিয়া কি হ’ব? কিংকৰ্তব্যবিমূঢ় হৈ পাৰ্থই মূৰে–কপালে হাত দি বেঞ্চখনতে বহি থাকিল৷
নাই নাই তাৰ নিচিনা সমাজৰ হিতৰ কাৰণে চিন্তা কৰা, মেধা সম্পন্ন ল’ৰা এটাৰ জীৱনটো ধ্বংস হ’বলৈ দিব নোৱাৰি৷ তাৰ ওপৰত ঘৰখনৰ ভৱিষ্যত নিৰ্ভৰ হৈ আছে৷ সি সাংঘাতিক কিবা এটা কৰাৰ আগতেই তাক বাধা দিব লাগিব৷ এইবুলি সাৰঙ্গৰ পিছ ল’ব খোজোতেই হঠাৎ পাৰ্থৰ চকু পৰিছিল সাৰঙ্গই বেঞ্চখনত পেলাই থৈ যোৱা ছোৱালীজনীৰ ডায়েৰীখনৰ ওপৰত৷ পাৰ্থই ডায়েৰীখন হাতত তুলি লৈছিল, ডায়েৰীখনৰ প্ৰথম পৃষ্ঠাটো মেলি সি থৰ হৈ গ’ল৷ তাৰ উশাহ বন্ধ হৈ যোৱা যেন লাগিল৷ ভৰিৰ তলৰ পৃথিৱীখন সৰি পৰা যেন লাগিল৷ ডায়েৰীখন বুকুত সাৱটি লৈ ৰাস্তাত ৰখাই থোৱা বাইকখনৰ ওচৰলৈ সি দৌৰিছিল……. ভীষণ দৌৰিছিল, এটা সময়ত তীব্ৰ গতিৰে বাইকখন চলাই সাৰঙ্গৰ ওচৰলৈ ঢাপলি মেলিলে৷
ইতিমধ্যে সাৰঙ্গৰ বাইকখন চিনাকি ফাৰ্মাচী এখনৰ সমুখত ৰৈ গ’লহি৷ ফাৰ্মাচীখনৰ পৰা এচিদৰ বটল এটা কিনি ল’লে সি৷ সময় তেতিয়া আবেলি তিনি বাজিছে৷ কলেজ ছুটি হ’বৰ হৈছে৷ ল’ৰা–ছোৱালীবোৰ কলেজলৈ অহা–যোৱা কৰা ৰাস্তাটোৰ বৰগছজোপাৰ তলতে কোনেও নেদেখাকৈ সি ৰৈ থাকিল৷ নিৰ্জন পৰিৱেশ, ৰাস্তাত কোনো মানুহ–দুনুহ নাই৷ সৌৱা তাই আহি আছে, তাকো অকলে৷ তাইক দেখাৰ লগে লগে তাৰ বুকুখন দুৰু দুৰুকৈ কঁপি উঠিল৷ ক্ৰমাত তাই তাৰ ওচৰ পাইছেহি৷ সি বটলটোৰ সাফৰখন খুলি ল’লে৷ সেয়া তাই পাৰ হৈ গৈছে৷ অলপ দূৰে দূৰে থাকি সিয়ো তাইৰ পিছ লৈছে৷ এটা সময়ত বটলটোৰ এচিদখিনি তাইৰ মুখত মাৰিবলৈ লওঁতেই হঠাৎ তাৰ ভনীয়েকৰ মুখখন চকুৰ আগলৈ আহি যোৱাত সি থমকি ৰ’ল! –তাই যেন তাৰ হাতখনত খামুচি ধৰি কৈছে—- কি কৰ দাদা? সামান্য কথা এটাৰ কাৰণেই তই তাইৰ মুখত এচিদ ঢালিব খুজিছ? আজি তাইৰ ঠাইত যদি মই হ’লোহেঁতেন, তোৰ সলনি যদি আন কোনোবাই মোৰ মুখত এচিদ ঢালিলেহেতেন? পাৰিলিহেঁতেন নে তই সহ্য কৰিব? – এচিডে পুৰি কুৰূপা কৰা ভনীয়েকৰ মুখখন তাৰ চকুৰ আগত ভাহিবলৈ ধৰাত সি চকুকেইটা মুদি এটা চেপা আৰ্তনাদ কৰি উঠিছিল, লগে লগে সি হাতৰ বটলটো কাষৰ জংঘললৈ দলিয়াই দিছিল৷
এৰা, এই ছোৱালীজনীও হয়তো তাৰ মৰমৰ ভনীয়েকজনীৰ দৰে আন কাৰোবাৰ মৰমৰ ভনীয়েক হ’ব পাৰে! – সি আজি কি মাৰাত্মক ভুল কৰিবলৈ ওলাইছিল!
সি সেইখিনিৰ পৰা উভতি যাবলৈ ধৰোঁতেই পিছফালৰ পৰা কোনোবাই তাক মতা যেন অনুভৱ হ’ল৷ সাৰঙ্গই ঘূৰি চাই দেখে ছোৱালীজনীয়ে অপৰাধী অপৰাধী মনোভাৱেৰে তালৈকে চাই ৰৈ আছে৷ সি তাইৰ ওচৰ চাপি গ’ল৷ প্ৰথমে তাই হাতযোৰ কৰি কলেজত তাৰ প্ৰতি কৰা ব্যৱহাৰৰ বাবে ক্ষমা খুজিলে৷ ঘটনাটোৰ বাবে তাই হেনো বৰ অনুতপ্ত৷ উত্তৰত সি মাথোঁ তাইলৈ চাই নীৰৱে হাঁহিছিল৷ তাৰপিছত একো নোকোৱাকৈ উভতি যাবলৈ ধৰোঁতেই তাই তাৰ হাতখন নিজৰ হাতৰ মুঠিত লৈ কাতৰ ভাবে সুধিলে– “পাৰিবনে আপুনি মোক ক্ষমা কৰি দিব?’’
সাৰঙ্গই তাইক কেনেকৈ ক’ব যে তাইক এবাৰ লগ কৰি এষাৰ কথা পাতিবলৈ তাৰ কিমান হেঁপাহ, কিমান আগ্ৰহ৷ সি মাথোঁঁ ক’লে, “হৈ যোৱা কথাবোৰ ভাবি মনত কষ্ট নিদিবা৷ এইবোৰ সকলো পাহৰি যোৱা৷’’
ছোৱালীজনীয়ে নিজৰ হাতৰ মুঠিৰ পৰা সাৰঙ্গৰ হাতখন মুক্ত কৰি লাহে লাহে কৈ গ’ল—–
“নৱাগত আদৰনি সভাত আপোনাক প্ৰথম দেখাৰ পিছৰে পৰা আপোনাৰ লগত চিনাকি হ’বলৈ মোৰ প্ৰবল ইচ্ছা হৈছিল৷ সেইদিনা কেণ্টিনৰ পৰা ওলাই আহোঁতে আপোনাৰ লগত আকৌ মুখামুখি হৈছিলোঁ যদিও কিয় জানো মাতিবলৈ সাহস কৰিব পৰা নাছিলোঁ৷ কিন্তু আজি ৰাতিপুৱা মোৰ ডায়েৰীখন বিচাৰি কেণ্টিনলৈ যাওঁতে সেইখন আপোনাৰ হাতত আছে বুলি জানিব পাৰি মই অত্যন্ত সুখী অনুভৱ কৰিছিলোঁ, কিয়নো ডায়েৰীখনৰ মাধ্যমেৰে আপোনাৰ লগতটো মই চিনাকি হ’ব পাৰিম৷ সেয়ে তেওঁলোকৰ পৰা আপোনাৰ নাম্বাৰটো মই লৈ আহিছিলোঁ৷ বহুতবাৰ আপোনালৈ ফ’ন কৰিলোঁ যদিও আপোনাৰ পৰা কোনো সঁহাৰি নাপায় গোটেই কলেজতে আপোনাক বিচাৰি ফুৰিছিলোঁ৷ ক’তো আপোনাক বিচাৰি নাপায় ঘৰলৈ যাওঁগৈ বুলি ওলাই আহোঁতেই লগৰ বান্ধৱী দুজনী সন্মুখেৰে আহি থকা দেখি বকুল জোপাৰ তলতে ৰৈ সিহঁতলৈ অপেক্ষা কৰিছিলোঁ৷ মোৰ পিছে পিছে আপোনাক আহি থকা দেখি সিহঁতে ইংগিতেৰে মোক আপুনি আহি থকা কথাটো কৈছিল৷ মই প্ৰথমে সিহঁতৰ কথা বুজি পোৱা নাছিলোঁ, কিন্তু পাছত বুজি পাই ময়ো উদগ্ৰীব হৈ পাছলৈ ঘূৰি চাওঁতেই মোৰ বাওঁহাতৰ প্ৰচণ্ড কোব আহি আপোনাৰ সোঁ–গালত পৰিছিলগৈ৷ ঘটনাৰ আকস্মিকতাত মই নিজেই হতভম্ব হৈ পৰিছিলো৷ কলেজতো সকলোৱে মোকেই দোষ দিছে৷ “ একেলেঠাৰিয়ে কথাখিনি কৈ তাই ভাগৰি পৰিল, বেগটোৰ পৰা পানীৰ সৰু বটল এটা উলিয়াই পানী এঢোক খাই ল’লে৷ ইতিমধ্যে সাৰঙ্গয়ো চাৰ্টৰ পকেটৰ পৰা মোবাইলটো উলিয়াই কল ৰেজিষ্টাৰত আননউন নাম্বাৰকেইটা চাই ভাবি আছিল! – তাৰমানে আজিৰ এই মিছকলকেইটা সি বিচাৰি ফুৰা ডায়েৰীৰ গৰাকীৰেই!
ভুল বুজাবুজিৰ বাবেই সিয়ো যে ইমান ডাঙৰ অপৰাধ এটা কৰিবলৈ ওলাইছিল তাৰবাবে এতিয়া অনুতপ্ত৷ —– কিন্তু এই কথাষাৰ সি ছোৱালীজনীৰ আগত ব্যক্ত কৰিব নোৱাৰিলে৷
এনেতে পাৰ্থৰ বাইকখন জোৰেৰে আহি সিহঁতৰ কাষত ৰৈ গৈছিলহি৷ সি বাইকখন তাতে পেলাই দৌৰি আহি ছোৱালীজনীক সাৱটি ধৰিলেহি৷ সাৰঙ্গই অবাক হৈ পাৰ্থলৈ চাই থাকিল৷ লাহে লাহে পাৰ্থ তাৰ নিচেই কাষলৈ আহি সৰু সৰুকৈ কৈছিল– “এইজনী মোৰ একমাত্ৰ ভনী জাননে৷ তাই আমাৰ ঘৰখনৰ সকলোৰে বৰ মৰমৰ৷ আজি যদি তাইৰ কিবা এটা হ’লহেঁতেন তোৰ লগতে মইও সমানে দায়ী হ’লোহেঁতেন, তাৰবাবে মই হয়তো নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিলোহেঁতেন৷ “–এইবুলি পাৰ্থই ভনীয়েকক বাইকত তুলি লৈ গুচি গ’ল৷ সাৰঙ্গই মাথোঁঁ মন্ত্ৰমগ্ধ হৈ সিহঁত যোৱালৈ চাই থাকিল৷
কিন্তু তাইৰ নামটো? কি নাম আছিল তাইৰ? ছেঃ সি বাৰু তাইৰ নামটো আজিও সুধিবলৈ পাহৰিব লাগেনে; সি আকাশলৈ মূৰ তুলি চালে, —– চিপ্ চিপ্ কৈ পাতলীয়া বৰষুণ এজাক নামি আহি তাৰ গালে–মুখে পৰিলহি…, হঠাতে তাৰ মনত পৰি গ’ল…..৷ আজিও তাইক ডায়েৰীখন দিয়া নহ’ল৷ এবাৰো খুলি চোৱাও নহ’ল৷ এতিয়া ডায়েৰী চোৱাৰ প্ৰয়োজনেই বা কি৷ সি ভাবিলে…কোনে কাক পাহৰিব পাৰে হৃদয়ত লিখা থাকে যাৰ সঠিক ঠিকনা৷ vv