মূল পথৰ পৰা নামি যোৱা বাটটোৰে অলপ আগলৈ এখন সুদৃশ্য তোৰণেৰে দেৱালয়লৈ যোৱা বাট৷ বিপৰীত দিশত অৰ্থাৎ মুল পথৰ সিপাৰে অসমৰ স্বাধীনতা আন্দোলনৰ শ্বহীদ কনকলতা বৰুৱা প্ৰতিমূৰ্তি৷ অদুৰৰ সেউজীয়া পৰিৱেশৰ মাজৰ এখন ব্যতিক্ৰমী আৰ্হিৰ তোৰণেৰে সৰু কল্যাণী থান৷ সন্মুখৰ সৰু পুখুৰীটোৱে ঠাইখনৰ সৌন্দৰ্যক অধিক উজলাই তুলিছে৷
সৰু কল্যাণী থান এৰি কিছু আগলৈ এটা কেঁকুৰীৰ সোঁফালে এখন পুৰণি তোৰণ তাৰ পৰা কিছু আগলৈ এক বিশাল তোৰণেৰে সৈতে এক সুদৃশ্য চৌহদ৷ শ্ৰীশ্ৰী মা কল্যাণী দেৱালয়ৰ চৌহদ৷ শেহতীয়াকৈ অসম চৰকাৰৰ পৃষ্ঠপোষকতাত এই সুন্দৰ চৌহদ ন কৈ নিৰ্মাণ কৰা হৈছে৷ আগলৈ যথেষ্ট সংখ্যক যাত্ৰী আৰু ভক্তৰে পৰিপূৰ্ণ দেৱালয়ৰ মূল গৃহ৷
বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰৰ দিশলৈ প্ৰায় ৬০ কিলোমিটাৰ দূৰৈৰ বৰঙাবাৰী গাঁৱৰ মাজেৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা প্ৰায় ছয় কিলোমিটাৰ দক্ষিণে এই ঐতিহাসিক শ্ৰীশ্ৰী মা কল্যাণী দেৱালয়৷ গুৱাহাটী ৰে’ল ষ্টেশ্যনৰ পৰা এই স্থানলৈ নগাৱৰ মাজেৰে কলিয়াবৰ তিনিআালি হৈ প্ৰায় ৩০৫ কিলোমিটাৰ আৰু বাইহাটা দৰঙ জিলাৰ সদৰ মঙ্গলদৈৰ মাজেৰে প্ৰায় ২৮৫ কিলোমিটাৰ৷ বছৰৰ সকলো সময়তে অহা–যোৱা কৰিব পৰাকৈ পোনপটীয়া সুচল পথ যোগাযোগ ব্যৱস্থাৰ উপৰিও এই স্থানলৈ দেশৰ সকলো ঠাইৰ পৰা ৰে’ল পথেৰেও অহা–যোৱা কৰিব পাৰি৷ নিকটৱৰ্তী ৰে’ল ষ্টেশ্যন টেটোনবাৰী আৰু ব্ৰহ্মজান৷ নিকটৱৰ্তী বিমান বন্দৰ তেজপুৰৰ শালনিবাৰী৷
জন সমাজত প্ৰচলিত বিশ্বাস অনুসৰি প্ৰায় হেজাৰ বছৰীয়া ইতিহাসেৰে সমৃদ্ধ শ্ৰীশ্ৰী কল্যাণী দেৱালয়৷ অৱশ্যে কোনে, কেতিয়া কিয় আৰু কেনেকৈ এই দেৱালয় প্ৰতিষ্ঠা কৰিছিল সেই সম্পৰ্কে ইতিহাস প্ৰায় নিমাত৷
ড॰ মহেশ্বৰ নেওগ সম্পাদিত পবিত্ৰ অসম গ্ৰন্থত উল্লেখ থকা অনুসৰি এই দেৱালয় কলংপুৰ মৌজাস্থিত গমিৰিঘাটৰ পৰা তিনি মাইল উত্তৰপূৱে অৱস্থিত৷ তাহানিতে সেই অঞ্চলত শাসন কৰা ৰজা আৰিমত্তই এই দেৱালয় প্ৰতিষ্ঠা কৰিছিল বুলি ৰাইজে বিশ্বাস কৰে৷ কল্যাণী দেৱীৰ নামানুসৰি সেই অঞ্চলৰ নাম কল্যাণীপুৰ আৰু পিছলৈ কলংপুৰ হয় বুলি কোৱা হয়৷ আহোমৰ শাসন কালত এই দেৱালয় পৰিচালনাৰ বাবে ৭২ বিঘা নিষ্পিখেৰাজ ভূমি প্ৰদান কৰা হয়৷ অৱশ্যে অসম ধৰ্মীয় আৰু দাতব্য ভূমি অধিগ্ৰহণ আইনৰ অধীনত এই ভূমি চৰকাৰে অধিগ্ৰহণ কৰিছে৷
লিপিবদ্ধ ইতিহাস অবিহনে যি কোনো এখন ঠাইৰ সবিশেষ অধ্যয়ন কৰাটো এটা অত্যন্ত জটিল কথা৷ আনহাতে স্থান, কাল, নিৰ্মাণ শৈলী আদিয়ে বহু কথা অনুমান কৰিবলৈ সুৰুঙা এৰি থলেও, সময়ে সময়ে হোৱা পৰিৱৰ্তনে সেই সুৰুঙা সমূহ ক্ৰমাৎ শীৰ্ণ কৰি তোলে৷ লগতে মানুহৰ মুখে মুখে প্ৰচলিত কথাবোৰে বাট বোলোতেও বহু কথাৰ যোগ–বিয়োগে কোনোবাখিনিত ফাগুনৰ পথাৰত বাটে পোখা মেলাৰ দৰে বিষয়টোৱে আঁত হেৰুৱাই অন্য ধৰণেও প্ৰকাশ পোৱাৰ সুযোগ থাকে৷
এই লেখাত কল্যাণী থান বা কল্যাণী দেৱালয় সম্পৰ্কে কিছু সম্ভাব্য বিষয়হে উনুকিওৱাৰ চেষ্টা কৰা হ’ব৷
অতি প্ৰাচীন কালৰে পৰা সমাজ অদৃশ্য শক্তিৰ প্ৰতি বিশ্বাস গঢ় লৈ উঠিছিল৷ মানৱ সমাজক প্ৰভাৱিত কৰা প্ৰতিটো কাৰকেই কোনো অদৃশ্য শক্তিৰ দ্বাৰা নিয়ন্ত্ৰিত বুলি সাধাৰণ লোকে বিশ্বাস কৰিছিল৷ জুই, পানী, বতাহ, বৰষুণ, বেমাৰ–আজাৰ, মাৰি–মৰক সকলোৱেই যেন আছিল কোনো অদৃশ্য শক্তিৰ প্ৰভাৱ৷ সেয়েহে এই শক্তিসমূহৰ প্ৰতি সাধাৰণ লোকৰ আছিল অগাধ ভক্তি আৰু ভয়ৰ কাৰণ৷
স্থানীয় ৰাইজৰ বিশ্বাস আৰু জনশ্ৰুতি অনুসৰি খ্ৰীষ্টীয় বাৰ শতিকা বা তাতোকৈ আগতে ঐতিহাসিক শ্ৰীশ্ৰী কল্যাণী দেৱালয় প্ৰতিষ্ঠা হয়৷ একে সময়তে, ৰজা আৰিমত্তৰ পৃষ্ঠপোষকতাত এই দেৱালয় স্থাপন হোৱা বুলিও বহু লোকে ক’ব খোজে৷ সেই সম্পৰ্কীয় প্ৰচলিত লোক কথা অনুসৰি, আজিৰ দিপৰা অঞ্চলত তাহানিতে কুচান এগৰাকী বেচ চহকী লোকে বাস কৰিছিল৷ তেওঁ আছিল ৰজা আৰিমত্তৰ আমোলৰ বিষয়ববীয়া৷ সেই চহকী লোকজনৰ আছিল কেইবাগৰাকীও সুন্দৰী কন্যা সন্তান৷ কন্যাসৱ আছিল ঘৰুৱা কামে কাজে নিপুণ আৰু সকলো কামতে আগৰণুৱা৷ তেওঁলোকে তাঁত বোৱা সময়ত আন এগৰাকী সুন্দৰী গাভৰু তেওঁলোকৰ ওচৰলৈ প্ৰায়ে অহা–যোৱা কৰিছিল৷ তেনে এটা দিনতে সেই সময়ত ৰাজ্য শাসন কৰা ৰজা আৰিমত্ত সেই চহকী ব্যক্তিগৰাকীক লগ কৰিবলৈ আহি দীপলিপ সুন্দৰী গাভৰু গৰাকীৰ মুখামুখি হৈ তেওঁৰ মোহত বন্দী হয় আৰু বিবাহৰ প্ৰস্তাৱ আগবঢ়ায়৷ ৰজা আৰিমত্তৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰি সেই সুন্দৰীয়ে সেই স্থানৰ পৰা প্ৰস্থান কৰে৷ ৰজাৰ প্ৰস্তাৱ উলংঘা কৰাৰ বাবে ৰজা ক্ৰোধিত হয় আৰু সেই গাভৰুগৰাকীক ধৰিবলৈ বুলি পিছে পিছে খেদি যায়৷
সম্ভাব্য বিপদৰ আগজাননী দেখি সেই গাভৰুৱে গৈ থকা অৱস্থাতে নিজৰ গোৰোহাৰে মাটিত আঘাত কৰে৷ তৎমুহূৰ্ততে আঘাতৰ স্থানত সৃষ্টি হোৱা গহ৩১ৰ মাজেৰে সেই গাভৰু অন্তৰ্ধান হয়৷ ঘটনাৰ আকস্মিকতাত তথা মুখামুখি হ’বলগীয়া সেই অস্বাভাৱিক ঘটনাত ৰজা আৰিমত্ত স্তম্ভিত হয় আৰু একে স্থানতে মূচকঁচ যায়, লগতে তেওঁ মুৰটো এফালে বেঁকা হৈ পৰে৷ পিছলৈ ৰজাই সপোনত দেখে যে, তেওঁ সন্মুখত হঠাতে অন্তৰ্ধান হোৱা দীপলিপ সুন্দৰী আন কোনো নহয়৷ সেয়া স্বয়ং দেৱী কল্যাণী৷ দেৱী কল্যাণীৰ প্ৰতি তেওঁৰ দুৰ্ব্যৱহাৰৰ বাবে তেওঁৰ শাস্তি অপৰিহাৰ্য৷ লগতে তেওঁ সপোনত ইয়াকো দেখে যে, ইতিমধ্যে দেৱী অন্তৰ্ধান হোৱা স্থানত যদি কোনো মন্দিৰ নিৰ্মাণ কৰি দেৱীৰ পূজা–অৰ্চনা কৰে, তেতিয়াহে ৰজা আসন্ন বিপদৰ পৰা মুক্তি লাভ কৰিব৷ অন্যথা বিপদ অনিবাৰ্য৷ সপোনৰ আজ্ঞা অনুসৰি, অকণো দেৰী নকৰাকৈ ৰজাই সেই স্থানত এক মন্দিৰ নিৰ্মাণ কৰোৱায় আৰু দেৱীৰ পূজা–অৰ্চনা আৰম্ভ কৰে৷ সেয়া আছিল কল্যাণী দেৱালয়৷
ব্ৰহ্মপুত্ৰ নদীৰ নাতিদূৰৈত নিৰ্মাণ কৰা এই মন্দিৰত পূজা–অৰ্চনাৰ বাবে ব্যৱহৃত ফুল–তুলসী আদি যাতে পোনপটীয়াকৈ নদীত বিলীন হয় তাৰ বাবেও মন্দিৰৰ গৰ্ভগৃহৰ পৰা নৈৰ বুকুলৈ বুলি এক সুৰঙ্গ নিৰ্মাণ কৰা হৈছিল৷ এই দৰে সুৰঙ্গ নিৰ্মাণ কৰা বাবে এই মন্দিৰক ‘গম্ভৰ’ বুলিও জনা যায়৷
এই জনশ্ৰুতিৰ বাহিৰে প্ৰাচীন কালতে নিৰ্মাণ হোৱা বুলি অনুমান কৰা শ্ৰীশ্ৰী কল্যাণী দেৱালয়ৰ নিৰ্মাণ সম্পৰ্কীয় কোনো তথ্যই পোৱা নাযায়৷ কিন্তু প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত হোৱা দেৱালয়ৰ স্থানত দুৰ অতীততে যে এক সুন্দৰ তথা প্ৰসিদ্ধ ভাস্কৰ্য খচিত স্থাপত্য আছিল সেই কথা অনুমান কৰিব পাৰি৷
অসমৰ প্ৰাক্তন প্ৰশাসনিক বিষয়া, লেখক, শ্ৰদ্ধাৰ কনক চন্দ্ৰ শৰ্মাই তেওঁৰ গ্ৰন্থ ‘তেজপুৰ নামে ইটো নগৰ বিশেষ’ত ‘কল্যাণী দেৱালয়ঃ ঐতিহ্যৰ অৱলুপ্তি’ শীৰ্ষক নিবন্ধত উল্লেখ কৰা অনুসৰি বৰঙাবাৰী কেন্দ্ৰৰ পৰা দক্ষিণে তিনি কিলোমিটাৰ আগলৈ থকা গুৱাধৰা সত্ৰৰ পৰা তিনি কিলোমিটাৰ আগলৈ তেলেনিপুখুৰী গাঁৱ আৰু তাৰ নিকটতে দিপৰাপুখৰী গাঁৱ৷ এই গাঁৱৰ নিকটতে থকা ঘন অৰণ্যৰ মাজত এটা শিলৰ স্থাপত্য উদ্ধাৰ হৈছিল৷ এই স্থাপত্যৰ গৰ্ভগৃহ আছিল যথেষ্ট নামনিত আৰু সেই গৰ্ভগৃহলৈ অহা–যোৱা কৰিবলৈ শিলৰ খটখটী ব্যৱহাৰ হৈছিল৷ এয়ে আছিল তাহানিৰ শ্ৰীশ্ৰী কল্যাণী মন্দিৰ৷ শিলৰ গুহাৰ মাজত গৰ্ভগৃহ থকা বাবে ই ‘গম্ভৰ’ বা ‘গহ৩১’ মন্দিৰ নামেৰে জনাজাত হৈছিল৷ বিগ্ৰহ ৰহিত মন্দিৰৰ গৰ্ভগৃহৰ বাহিৰত দেৱীৰ শক্তিৰূপী ভাস্কৰ্য বা বিগ্ৰহ স্থাপন কৰা হৈছিল৷ এই মন্দিৰৰ নিলগতে আছিল হেনো তেলেনি পুখুৰী আৰু প্ৰসাদধোৱা পুখুৰী৷ মন্দিৰৰ গৰ্ভ, এই দুয়োটা পুখুৰী আৰু ওচৰেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীৰ মাজত গোপন পথেৰে সংযোগ ৰখা হৈছিল৷ এয়া আছিল কুৰি শতিকাৰ তৃতীয়–চতুৰ্থ দশকৰ কথা৷ পিছলৈ প্ৰকৃতিৰ ৰোষত পৰা এই প্ৰাচীন ঐতিহ্য ১৯৫০ বৰ্ষৰ বৰভূইকঁপত ব্ৰহ্মপুত্ৰৰ বুকুত লীন হয়৷ লগতে লীন হয় এই মন্দিৰত থকা অনেক প্ৰাচীন শিল্পকৰ্ম আৰু মন্দিৰৰ শৈল সম্ভাৰ৷ হেৰাই যায় গৌৰৱময় ব্ৰহ্মপুত্ৰ উপত্যকাৰ এক সোণালী ইতিহাস৷
অৱশ্যে, স্থানীয় ৰাইজৰ সহযোগত কিছু প্ৰাচীন শিল্পসম্ভাৰ ৰক্ষা কৰিব পৰা হয়৷ সেইবোৰৰ ভিতৰৰে প্ৰাচীন মন্দিৰৰ চূড়াত থকা পদ্মাকৃতিৰ শৈলচক্ৰৰ ভগ্নাংশ, স্তম্ভ আৰু দুৱাৰৰ শিলাপট্টি আদি এতিয়াও মন্দিৰ চৌহদত দেখিবলৈ পোৱা যায়৷ যদিহে ব্ৰহ্মপুত্ৰ নদীৰ বুকুত কেনেবাকৈ খনন কৰিব পৰা যায় তেনেহ’লে নি(য় ঐতিহাসিক কল্যাণী দেৱালয়ৰ আৰু কিছু ইতিহাস সম্বলিত শিল্পকৰ্ম উদ্ধাৰ কৰিব পৰা যাব৷
কোনো কোনো পুথিত উল্লেখ থকা মতে আহোম ৰাজত্ব কালৰ পিছৰচোৱাৰ স্বৰ্গদেউ শিৱসিংহই এই দেৱালয় নিৰ্মাণ কৰা বুলি কোৱা হয় যদিও উদ্ধাৰ হোৱা প্ৰাচীন শিল্প কৰ্ম, প্ৰস্তৰ ভগ্নাৱশেষ, আৰু সেই স্থানত দেখিবলৈ পোৱা ভাস্কৰ্যশৈলীৰ পৰা এই দেৱালয় নিৰ্মাণৰ সময় নৱম–দশম শতিকা বুলি অনুমান কৰিব পাৰি৷ অৱশ্য, আহোমৰ ৰাজত্বকালত বহু প্ৰাচীন স্থাপত্য পুৱৰ্নিৰ্মাণ হোৱালৈ চাই আৰু স্বৰ্গদেউ শিৱসিংহই এই স্থাপত্যৰ পুনঃনিৰ্মাণ কৰোৱাৰ কথা নুই কৰিব নোৱাৰি৷ আনহাতে পবিত্ৰ অসম গ্ৰন্থত উল্লেখ থকা মতে স্বৰ্গদেউৱে এই দেৱালয়লৈ ৭২ বিঘা ভূমি আগবঢ়োৱাৰ উপৰিও দেৱালয়ৰ পূজাৰী পৰিয়ালৰ ঘৰত শিৱসিংহ ৰজা খোদিত তিনিটা মুদ্ৰা উদ্ধাৰ হোৱা কাৰ্যই এই দেৱালয়ৰ সৈতে স্বৰ্গদেউৰ যোগাযোগ থকাৰ ইঙ্গিত বহন কৰে৷
পণ্ডিত নিৰ্মলপ্ৰভা বৰদলৈয়ে তেওঁ ৰচিত গ্ৰন্থত উল্লেখ কৰা অনুসৰি আহোম ৰাজত্বকালত নিৰ্মিত স্থাপত্যসমূহ প্ৰায়ে পোৰামাটি অৰ্থাৎ ইটাৰে নিৰ্মিত আছিল৷ আনহাতে কঠিন শিলেৰে নিৰ্মিত স্থাপত্যসমূহৰ অধিকাংশৰেই নিৰ্মাণ হৈছিল খৃষ্টীয় অষ্টম–দ্বাদশ শতিকাৰ ভিতৰত৷
প্ৰত্নতত্ত্ববিদ ড॰ প্ৰদীপ শৰ্মাই ‘অসমৰ শেষ মধ্যযুগীয় মন্দিৰ স্থাপত্য’ গ্ৰন্থত উল্লেখ কৰা অনুসৰি ৰজা ধৰ্মপালৰ প্ৰয়াণৰ লগে লগে প্ৰায় আঠশ বছৰ ধৰি চলি অহা শিল্পচৰ্চা, কলা সৃষ্টিৰ ধাৰাটো স্থৱিৰ হৈ পৰে৷ তাৰ পিছলৈ ব্ৰহ্মপুত্ৰ উপত্যকাত তেনেধৰণৰ কোনো ব্যয়বহুল প্ৰস্তৰ শিল্পকৰ্ম, স্থাপত্য আদিৰ সৃষ্টি হোৱাৰ প্ৰমাণ পোৱা নাযায়৷ তেনে ক্ষেত্ৰত কল্যাণী দেৱালয়ো যে সেই ঐতিহাসিক সময়ৰ এক ঐতিহাসিক সৃষ্টি সেই কথা অনুমান কৰিবলৈ অসুবিধা নহয়৷
প্ৰাকৃতিক দুৰ্যোগে প্ৰভাৱিত কৰা শ্ৰীশ্ৰী কল্যাণী দেৱালয়ৰ মুল স্থান ব্ৰহ্মপুত্ৰৰ বুকুত হেৰাই যোৱাৰ উপক্ৰম হোৱাৰ সময়তে স্থানীয় ৰাইজে সেই স্থানত উদ্ধাৰ হোৱা প্ৰাচীন স্থাপত্যৰ ভগ্নাৱশেষ, বিভিন্ন শিল্পকৰ্ম, প্ৰস্তৰ ভাস্কৰ্য, শৈলসম্ভাৰ, শিলাপট্টি আদি ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল আৰু তাৰে কিছু সংখ্যক ঐতিহ্য ৰক্ষা কৰিবলৈ সক্ষম হৈছিল৷ খৃষ্টীয় ১৯৫০ বৰ্ষৰ বৰভূইকঁপৰ সময়ত এই দেৱালয়ৰ বিস্তৰ ক্ষতি হয় আৰু ৰাইজে একত্ৰিত হৈ মন্দিৰৰ সামগ্ৰী সমূহ দিপৰাৰ পাৰলৈ স্থানান্তৰিত কৰে৷ বৰ্তমানৰ শ্ৰীশ্ৰী কল্যাণী দেৱালয় পূৰ্বৰ স্থানৰ পৰা স্থানান্তৰিত দেৱালয়৷
ড॰ মাধুৰ্যমণ্ডিত বৰুৱা ৰচিত অসম বুৰঞ্জী অনুসৰি খৃষ্টীয় ১৩৬৭ বৰ্ষৰ পৰা ১৩৮৩ বৰ্ষলৈ ৰজা আৰিমত্তই ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ কামৰূপ ভূখণ্ডত ৰাজত্ব কৰিছিল৷ বৰ্তমানৰ শুৱালকুছি, উত্তৰ গুৱাহাটী, দৰং, বিশ্বনাথ আদিৰ বিভিন্ন ঠাই যদিও ৰজা আৰিমত্তৰ স্মৃতি বিজড়িত তথাপিও তেনে স্মৃতিৰ সাক্ষ্য প্ৰমাণ আকাৰে কোনো লিপিবদ্ধ তথ্য, ফলি আদি এতিয়ালৈকে উদ্ধাৰ হোৱা নাই৷ মানুহৰ মুখে মুখে চলি অহা কাহিনী অনুসৰি ৰজা আৰিমত্তই খৃষ্টীয় চতুৰ্দশ কোনো কোনোৰ মতে দ্বাদশ শতিকাত শ্ৰীশ্ৰী কল্যাণী দেৱালয় প্ৰতিষ্ঠা কৰিছিল৷ এই ক্ষেত্ৰত মই ভাবো, এক সঠিক অধ্যয়নৰ প্ৰয়োজন আছে৷
আন প্ৰাচীন ধৰ্মীয় অনুষ্ঠান, উপাসনা স্থলী আদিৰ ওচৰত একো একোটা জলাশয় থকাটো একপ্ৰকাৰ প্ৰায় নিয়মত পৰিণত হৈছিল৷ বিশেষ অনুষ্ঠানসমূহৰ প্ৰয়োজনীয় পানীৰ চাহিদা পূৰণৰ বাবে নিকটৱৰ্তী সুবিধাজনক স্থানত জলাশয় নিৰ্মাণ কৰা হৈছিল৷ শ্ৰীশ্ৰী কল্যাণী দেৱালয়ো ইয়াৰ ব্যতিক্ৰম নাছিল৷ দেৱালয়ৰ চৌপাশে ৰজা আৰিমত্তই চাৰিটা পুখুৰী খন্দোৱাইছিল বুলি মানুহৰ মুখে মুখে প্ৰচলিত৷ সেই সমূহৰ ভিতৰত বৰ্তমান দিপৰা পুখুৰী অন্যতম৷ দ্বিপৰ ‘‘দুই প্ৰহৰ’’ৰ ভিতৰতে খান্দি উলিওৱা বাবে হেনো এই পুখুৰীৰ নাম দিপৰা পুখুৰী৷
সুবিশাল দিপৰা পুখুৰীৰ আয়তন পাৰ বাদ দি ৫১ বিঘা৷ কোনো কোনো পুথিত উল্লেখ থকা অনুসৰি অজানিতে পিতৃ হত্যাৰ পাপত বন্দী হোৱা ৰজা আৰিমত্তই নিজ পাপৰ প্ৰায়শ্চিত্তৰ বাবে দৈৱজ্ঞৰ পৰামৰ্শ অনুসৰি এক কাউন ‘‘১৬০০’’ পুখুৰী খন্দোৱাইছিল৷ ‘‘জলজলীৰ জিলিঙণিঃ মহেন্দ্ৰ শইকীয়া’’ এই সমূহৰ অধিকাংশৰে অস্তিত্ব প্ৰায় নাইকিয়া হোৱাৰ দৰে যদিও অসমৰ বহু স্থানত এনেধৰণৰ জলাশয় বিদ্যমান৷ ডিপৰা পুখুৰীও সেই ষোল্লশ পুখুৰীৰ ভিতৰৰে এটা বুলি কোনোবাখিনিত ভাবিবৰ থল আছে৷ আনহাতে প্ৰত্নতত্ত্ববিদ আনন্দ চন্দ্ৰ আগৰৱালাদেৱৰ মতে ৰজা দীপৰবৰ্মাই পৃষ্ঠপোষকতাত এই পুখুৰী খন্দোৱা হৈছিল৷ তেওঁ মতে, এই পুখুৰীৰ পাৰ সমূহ ইটাৰে বন্ধোৱা আছিল৷ ইটাৰে নিৰ্মিত খটখটী, ঘাট আদি আছিল৷ কোনো দুৰ্বৃত্তৰ হাত লাগি এই ইটাসমূহ এচপৰা এচপৰা কৈ হৰলুকি হ’ল৷
তাহানিতে ব’হাগ বিহুৰ পিছৰ দিনাখন, অৰ্থাৎ ব’হাগ মাহৰ সাত তাৰিখে ‘গম্ভৰ’ দেৱালয়ৰ দেৱীক গাওঁ ফুৰোৱা প্ৰথা প্ৰচলিত আছিল৷ দেৱীক ফুৰাবলৈ আনি তেলেনী পুখুৰীৰ পৰা তিনি কিলোমিটাৰ উত্তৰৰ ’মৰাণৰ বাৰী’ নামে ঠাইত জিৰণি লোৱাৰ ব্যৱস্থা আছিল৷ আৰু একে স্থানতে সেই গোসাঁনী ফুৰোৱা উৎসৱৰ সামৰণি মৰা হৈছিল৷ সেয়েহে এই স্থান কল্যাণী গোসাঁনীৰ অন্যতম থান হিচাপে পৰিগণিত হয়৷
মূলতঃ শক্তি পূজাৰ এক অন্যতম স্থান শ্ৰীশ্ৰী কল্যাণী দেৱালয়ত দেৱীৰ পূজা–অৰ্চনাৰ লগতে প্ৰতি বছৰে ধুম ধামকৈ দুৰ্গাপূজাৰ আয়োজন কৰা হয়৷ লোকে লোকাৰণ্য হয় দেৱালয় চৌহদ৷ এক জাগ্ৰত শক্তিপীঠ বুলি বিশ্বাস কৰা এই পীঠলৈ নিজৰ মানসিক শান্তি, মনোবাঞ্ছা পূৰণৰ বাবে প্ৰতি দিনে অসংখ্য যাত্ৰীৰ আগমন হয়৷
কল্যাণী দেৱালয়ত এক প্ৰাচীন দ্বিভূজা নাৰীমূৰ্তি দেখিবলৈ পোৱা যায়৷ কল্যাণী দেৱীৰ বুলি পৰিচিত এই নাৰীমূৰ্তিৰ শিৰত শোভিত হৈ আছে ফণাযুক্ত সৰ্প ছত্ৰ আৰু সোঁহাতে আছে সৰ্প৷ এই অনুসৰি এই বিগ্ৰহক মনসা দেৱীৰ বুলি ভাবিব পাৰি৷ অৱশ্য পুৰাণত উল্লেখ থকা অনুসৰি দেৱী মনসাৰ আন এটা নাম কল্যাণী৷
ইয়াৰ উপৰিও মন্দিৰৰ বাহিৰত মুণ্ডহীন, সুগন্ধী এক প্ৰাচীন নাৰীমূৰ্তিয়ে শোভা বৰ্ধন কৰিছিল৷ নাৰী সৌন্দৰ্যৰ সনাতন স্বৰূপেৰে সেয়া আছিল ত্ৰিপুৰাসুন্দৰীৰ ভাস্কৰ্য৷ দুখৰ বিষয়, কোনো দুৰ্বৃত্তৰ হাতত পৰি সেই সুন্দৰ ভাস্কৰ্য হেৰাই থাকিল৷
তাহানিৰে পৰা পাৰম্পৰিকভাবে মানি অহা এই শক্তিপীঠত ত্ৰিপুৰাসুন্দৰীৰ ভাস্কৰ্যই একালত যে এই দেৱালয় বামাচাৰী তান্ত্ৰিক শক্তি চৰ্চাৰ কেন্দ্ৰ আছিল তাৰে ইঙ্গিত প্ৰদান কৰে৷
২০১৮ বৰ্ষত অসম চৰকাৰে গ্ৰহণ কৰা অসম দৰ্পণ আঁচনিৰ অধীনত ন কোটি টকা ব্যয় সাপেক্ষে এই দেৱালয়ৰ মুল গৃহ, ৰাস্তা–পদূলি পুনঃনিৰ্মাণৰ কাৰ্যসূচী হাতত লোৱা হৈছে৷ এই আঁচনি অনুসৰি দেৱালয় খনি সৰ্বাঙ্গ সুন্দৰ কৰি সজাই তোলাৰ লগতে দেৱালয় চৌহদত যাত্ৰীৰ সকলো ধৰণৰ সা–সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি জিৰণি গৃহ, অতিথিশালা, আদি নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে৷ আগন্তুক দিনত শতিকা পুৰণি এই দেৱালয়খনে এক নতুন ৰূপত প্ৰতিষ্ঠা লাভ কৰিব৷ vv