
ৰাতিপুৱাৰ বাতৰিকাকতখন প্ৰায় ৮ বাজি ৩০মিনিট মানত হাতত পৰেহি৷ আশা থাকে কাকতখন মেলি লৈ কিছুমান ধনাত্মক চিন্তা–চৰ্চা অথবা কিছু নতুন ধনাত্মক খবৰেৰে দিনটো আৰম্ভ কৰিব পাৰিম৷ কিন্তু সেইখিনি আজিকালিৰ বাতৰিবোৰৰ লগত যেন সম্ভৱ নহয়৷ সেয়া কিন্তু সংবাদকৰ্মী অথবা বাতৰি লিখোতা কেইজনৰ দোষ নহয়৷ এয়া দোষ কাৰ সেয়া আজি নিৰ্ণয় কৰিবলৈ মই লিখিবলৈ লোৱা নাই৷ মাত্ৰ ছাত্ৰ হিচাপে মনত উদয় হোৱা কিছুমান কথা বা কিছুমান প্ৰশ্ন আজি ৰাজহুৱা কৰিম৷
কাকতখনৰ প্ৰথম পৃষ্ঠাই হওক বা শেষৰ পৃষ্ঠাই হওক কতো যেন কোনোধৰণৰ নতুন চিন্তা–চৰ্চাৰ উমান পোৱা নাযায়৷ কতো অকণমানো ধনাত্মক কথা বতৰাৰ খবৰ পোৱা নাযায়৷ কেৱল প্ৰতিবাদ, হত্যা, হিংসা, লুণ্ঠন অথবা ৰাজনৈতিক মেৰুকৰণৰ খবৰ৷
বৰ্তমান সময়খিনিত ৰাজনীতিও যেন কলুষিত৷ ৰাজনীতি অৱশ্যেই ধৰ্মৰ উৰ্দ্ধত যাব নোৱাৰে বুলি বহুখিনি সময়ত আমি ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ হিচাপে জানিবলৈ পাও৷ কিন্তু বৰ্তমান সময়ৰ ৰাজনীতিত ধৰ্মীয় মেৰুকৰণ যেন তেনেই সাধাৰণ কথা আৰু ধৰ্মীয় মেৰুকৰণ অবিহনে যেন একবিংশ শতিকাৰ ৰাজনীতি কল্পনাই কৰিব নোৱাৰি৷
ৰাজনীতি কিয় লাগে আমাক? কিহৰ কাৰণে ৰাষ্ট্ৰ লাগে, দেশ লাগে, ৰাজ্য লাগে? কিহৰ কাৰণে ৰাষ্ট্ৰৰ মূল ব্যক্তিগৰাকী থকা দলটোক শাসক দল, তেখেত থকা পক্ষক শাসক পক্ষ বুলি কোৱা হয়? সাংসদ, সাংসদ ভৱন, ইমান দীঘল এখন সংবিধান, ইমানকেইখন আদালতেৰে সংযুক্ত ইমান বিশাল এটা শাসন ব্যৱস্থা৷ যদি ৰাতিপুৱা উঠিয়েই প্ৰথম বাতিৰটো হত্যা, লুণ্ঠন, ভ্ৰষ্টাচাৰৰেই পঢ়িব লাগে তেতিয়াহলে ইমানকৈ নিজক বিশ্বৰ সৰ্ববৃহত গণতান্ত্ৰিক ৰাষ্ট্ৰ বুলি কোৱাৰ যুক্তিযুক্ততাই ক’ত?
যদি আপুনি ভ্ৰষ্টাচাৰী নহয়, যদি আপোনাৰ দলৰ বিধায়ক মন্ত্ৰী শুদ্ধ, তেতিয়াহলে আপুনি কিয় তাৰ প্ৰমাণ দিব নোৱাৰে? কিয় দোষাৰোপ কৰা সকলৰ পৰা সঠিক প্ৰমাণ বিচাৰে? আপুনি জনসাধাৰণৰ ওচৰত দায়বদ্ধ নহয় নেকি? আপোনাৰ ওচৰত আপোনাৰ বিৰোধীয়ে তোলা লজ্জাজনক অপব্যাখ্যাৰ সুদুত্তৰ নাই নেকি? আপোনাৰ ওচৰত ঘটনাৰ সঠিক তথ্য নাই নেকি? তেতিয়াহ’লে কিয় মানহানিৰ গোচৰ? প্ৰমাণটো আপুনিও দাঙি ধৰিব পাৰে, তথ্য আপোনাৰ হাততো নাছে জানো?
আনহাতে প্ৰতিজন ৰাজনৈতিক নেতা ৰাজনৈতিক মতাদৰ্শৰ ফালৰ পৰা শক্তিশালী হোৱাটোও প্ৰয়োজনীয় নহয়নে? কোনো নেতাৰ শক্তিশালী শব্দৰ শৰে যদি আপোনাক বাকৰুদ্ধ কৰে, আপোনাৰ ৰাজনীতি কৰাৰ যোগ্যতাই ক’ত? যদি আপুনি শাসক দলৰ প্ৰকৃত দোষবোৰ অথবা ভুলবোৰ প্ৰমাণ সহকাৰে আঙুলিয়াব নোৱাৰেই তেতিয়াহ’লে জনসাধাৰণে আপোনাক কি বিশ্বাসত ভোট দিয়েনো?
দ্বিতীয়তে আপুনি ৰাজনীতি কৰিছে আপোনাৰ মূল লক্ষ এইটো হ’ব নালাগে নে যে, কেনেকৈ নিজৰ অধীনত থকা অঞ্চলটোৰ উন্নতি সাধন কৰিব পাৰি অথবা কেনেকৈ ইয়াৰ মানুহখিনিক এক উন্নত মানদণ্ডৰ জীৱনশৈলী দিব পৰা যায়? অ অৱশ্যেই নিজৰ ক্ষমতা ৰক্ষাৰ যুঁজখনতো প্ৰতিজন সফল ৰাজনীতিকে অৱতীৰ্ণ হ’বই লাগিব৷ কিন্তু ক্ষমতা ৰক্ষাৰ একমাত্ৰ উদ্দেশ্য ক্ষমতাত থাকি প্ৰজাৰ হিত সাধন হ’ব নোৱাৰে নে? আজিৰ ক্ষমতা ৰক্ষাৰ যুঁজ যেন কেৱল টকা আৰু ক্ষমতা লোভৰ কাৰণেহে৷ ক্ষমতাৰ লোভ অথবা অৰ্থৰ লোভ একেবাৰে বেয়া বুলি ক’ব নোৱাৰো৷ সকলোৱে বিচাৰে নিজৰ জীৱনটো বিলাসীতাৰে পাৰ হওক৷ কিন্তু এই ক্ষমতাৰ লোভে যদি আপোনাক ক্ষমতা দান দিয়াসকলকে সমস্যাত পেলায় তেতিয়াহলে এই ৰাজনীতিৰ লাভেই বা কি?
ৰাজনীতি মানুহৰ কাৰণে, সৰ্বসাধাৰণৰ কাৰণে, আইন–শৃংখলা নিয়ন্ত্ৰণৰ কাৰণে, ৰাষ্ট্ৰৰ হিতৰ কাৰণে কাৰোবাৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধি অথবা কাৰোবাৰ জীৱন বিলাসীতাৰে পৰিপূৰ্ণ কৰাৰ কাৰণে নহয়৷ vv