
পুৱাৰ কোমল ৰ’দালিজাক শাব্দিকৰ ধুনীয়া মুখখনত পৰিবলৈ উচপিচাইহে আছিল যেন৷ দেউতাক ৰণধীৰ হাজৰিকাই চ’ক্লেট আৰু মাখন ৰঙী ষ্ট্ৰাইপ থকা পৰ্দাখন সামান্য গুচাই দিলত ৰ’দজাক উবুৰি খাই শাব্দিকৰ মুখত পৰিল৷
“বাবা, উঠ৷ দেৰী হ’ব তোৰ৷’’
“দেউতা আৰু অলপ শুবলৈ দিয়ানা৷ বহুত টোপনি আহিছে৷’’ তাৰ প্ৰিয় সেউজীয়া ভেলভেট ৰঙৰ কোমল ব্লেংকেটখন মুৰলৈকে টানি চকু নেমেলাকৈয়ে শাব্দিকে উত্তৰ দিলে৷
“নহয় বাবা৷ অকলে ইমান দূৰ যাব ওলাইছ৷ দিনটো আগত লৈ যোৱা ভাল৷ ৰাস্তাও অচিনাকি৷ অৰুণাচলৰ একাবেকা পথ৷ সাৱধানে ড্ৰাইভিং কৰিব লাগিব৷ টাইম লাগিব যথেষ্ট৷’’
ইমান পৰে শীতৰ আমেজসনা টোপনিৰ আৱেশকন বুকুভৰি উপভোগ কৰি থকা শাব্দিকে অৰুণাচল শব্দটো শুনিয়েই ব্লেংকেটখন একপ্ৰকাৰ দলিয়াই দি বিছনাৰ পৰা উঠিল৷
“গুড মৰ্নিং দেউতা৷ ইয়েছ, আই এম মষ্ট এক্সাইটেড টু গ’ ডেয়াৰ৷’’
“গুড মৰ্নিং বাবা৷ ’’
শাব্দিকৰ উৎসাহটো দেখি দেউতাকৰ ভাল লাগিল৷
সৰুৰে পৰাই অসমৰ বাহিৰত থাকি পঢ়া শুনা কৰা শাব্দিকে কথাই প্ৰতি ইংৰাজী ভাষাৰ প্ৰয়োগ কৰে৷ কিন্তু ৰণধীৰ হাজৰিকাই নিজৰ সন্তান শাব্দিকক লৈ গৌৰৱবোধ কৰে কাৰণ সি ইংৰাজী মাধ্যমত পঢ়া–শুনা কৰিলেও মাতৃভাষাৰ প্ৰতি তাৰ সন্মানো নথকা নহয়৷
শাব্দিকে গা–পা ধুই ৰেডি হোৱালৈ দেউতাকে তাৰ বাবে ব্ৰেকফাষ্ট ঠিক কৰিলে নিজহাতে৷ সৰুৰে পৰাই ৰণধীৰ হাজৰিকাই পুতেকক নিজহাতে ৰান্ধি খুৱাই ভাল পায়৷ ব’ৰ্ডিঙ ত থাকি পঢ়া–শুনা কৰা ল’ৰাটো তেতিয়া ভেকেশ্যনত ঘৰলৈ আহিছিল ৰণধীৰ হাজৰিকাই সি ভালপোৱা বস্তুবোৰ আগৰেপৰাই গোটাই ৰাখিছিল৷ মাকহীন ল’ৰাটোক তুলি–তালি ডাঙৰ কৰাটো সহজ নাছিল তেওঁৰ বাবে৷ সহজ আৰু বহু কথাই নাছিল৷ সহজ নাছিল গোটেই জীৱনটো অকলে কটোৱাটো৷ সহজ নাছিল নিজৰেই সন্তান আত্মীয়ৰ অৱহেলাৰ পাত্ৰ হোৱাটো৷ নিজ চকুৰে চাই থকা, সহজ নাছিল নিজৰ বুকুৰ অংশটোক দূৰৈৰ বৰ্ডিংস্কুলত ৰাখি পঢ়ুৱাটো, সহজ নাছিল শৈশৱ এৰি কৈশোৰত ভৰি থোৱা নিজৰেই সন্তানক তাৰ জন্ম আৰু পিতৃৰ সৈতে অমিল জনজাতীয় চেহেৰাটো সম্পৰ্কে সোধা প্ৰশ্নবোৰৰ উত্তৰ দিয়াটো, তাৰ কৌতূহলী মনটোক শাঁত লগোৱা কৈ তাৰ প্ৰশ্নৰ সমিধান দিয়াটো৷ আচলতে ৰনধীৰ হাজৰিকাৰ গোটেই জীৱনটোয়েই যেন পাকলগা সূতাৰ এটা জঁট, যিমানেই ভাঙিব খোজে সিমানেই জঁট লাগে৷
একা বেকাকৈ পৰি থকা চুলি এডালৰ দৰেই পথটো৷ পথটোৰ একাষে দ’ খাৱৈ আৰু আনফালে চিৰসেউজীয়া অৰণ্য আৰু নাতি দূৰৈত সুউচ্চ পাহাৰলানি৷ খুউব সাৱধানে গাড়ীখন চলাই আহিছিল সুদক্ষ ড্ৰাইভাৰ বাহাদুৰে৷ উচ্চতালৈ ভয় কৰিছিল ৰণধীৰে সৰুৰে পৰাই৷ কিন্তু একেসময়তে তেওঁ সেউজৰ আজন্ম প্ৰেমিক আছিল৷ ঘণ্টাৰ পিছত ঘণ্টা ধৰি প্ৰকৃতিৰ বুকুত কটাই ভাল পায় তেওঁ৷ অচিনা পখীৰ কিচিৰ–মিচিৰ শব্দ তেওঁ আপোন পাহৰা হৈ শুনে৷ বনৰীয়া ৰঙ–বিৰঙী ফুলবোৰে তেওঁক সদা আকৃষ্ট কৰে৷ বিশেষকৈ বনৰীয়া অৰ্কিডবোৰৰ প্ৰতি এক আচৰিত মোহ তেওঁৰ৷ য’লৈকে যায় অৰ্কিড ১ এটা নতুন সঁচ লৈ আহে তেওঁ৷ ঘৰৰ সন্মুখৰ বিভিন্ন স্থানত অৰ্কিডৰ এখন বিশাল উদ্যান৷ ঘৰৰ মালী ৰঘুৰ পৰশত অৰ্কিডবোৰে প্ৰাণ পাই উঠে৷ বসন্ত কালত ৰণধীৰ হাজৰিকাৰ ঘৰখন অৰ্কিডেৰে মোহনীয় হৈ উঠে৷
“চাৰ গাড়ীৰ কাৰ্বোৰেটৰ বেয়া হৈছে৷ আপুনি অলপ ৰওক৷ মই অলপ আগত গেৰেজ–চেৰেজ পাওঁ নেকি চাওঁ৷ নহলে বেলেগ গাড়ীক লিফ্ট খুজিব লাগিব৷’’
“ঠিক আছে বাহাদুৰ৷ তুমি যোৱা৷ মই আছো৷ “বাহাদুৰক পঠাই ৰণধীৰে পথৰ কাষৰ লুঙলুঙীয়া পথটোৰে আগবাঢ়িল৷ জনশূন্য পথটো সেউজীয়া গছ লতিকাৰে আৱৰা৷ অচিনাকি চৰাইৰ কিচিৰ–মিচিৰ শব্দত মন্ত্ৰ মুগ্ধ ৰণধীৰ হাজৰিকাই কিমান দূৰ আগবাঢ়িল উমানেই নাপালে৷ হঠাৎ এবিধ অৰ্কিডত চকু পৰিল ৰণধীৰৰ৷ এজোপা গছত ওলমি ফুলি থকা উজ্জ্বল হালধীয়া বৰণৰ অৰ্কিড জোপা দেখিয়েই ভাল লাগি গ’ল ৰণধীৰৰ৷ ডেন্সিফ্ল’ৰাম৷ শব্দটো উচ্চাৰণ কৰিলে ৰণধীৰে৷ বহুদিনৰ পৰা বিচাৰি আছিল এই অৰ্কিড বিধ তেওঁ৷ হঠাৎ আজি আকস্মিক ভাৱেই পাই গ’ল তেওঁ৷ বৰ সাৱধানে গছ জোপাত এটা ভৰিৰে খোপনি পুতি সামান্য উচ্চতাত থকা অৰ্কিড জোপালৈ বগুৱা বালে৷ পিছে জোতাত লাগি থকা বোকাৰে গছত পিছলৈ খাই তেওঁ মাটিত থেকেঁচা খাই ধপকৈ সৰি পৰিল ৷ কাৰোবাৰ খিলখিল হাঁহিত থতমত খালে ৰনধীৰে৷ ইফালে সিফালে চাই দেখিলে নাতি দূৰৈত ৰৈ আছে এজনী জনজাতীয় সাজ পৰিহিতা গাভৰু আৰু এটা আঠ দহবছৰীয়া ল’ৰা৷ তপিনাত পোৱা সামান্য আঘাতৰ বিষটোতকৈ আছিল বেছি নিজৰ মুৰ্খামিত লজ্জিত হ’ল ৰণধীৰ৷ ছেহ! কি দৰকাৰ আছিল তাৰ নলঙা জেঙত লাগিবলৈ?
হাঁহি সামৰি ল’ৰা ছোৱালী দুটাই ৰনধীৰক মাটিৰ পৰা উঠাত সহায় কৰি দিলে৷ সৰু ল’ৰাটো য়ে জনজাতীয় ভাষাত তাক কিবা এটা সুধিলে৷ ৰনধীৰে একো মাথামুণ্ড বুজি নাপাই মুখ মেলি চাই থাকিল৷ ছোৱালীজনীয়ে ৰণধীৰক ভঙা ভঙা হিন্দীতে সুধিলে অৰ্কিড জোপা লাগে নেকি বুলি৷ ৰণধীৰে মুৰ দুপিয়ালে৷ প্ৰথমবাৰৰ বাবে সি ছোৱালীজনীক লক্ষ্য কৰিলে৷ ৰঙা বৰণৰ গালে আৰু হাত দীঘল হালধীয়া টপ এটা পিন্ধি থকাছোৱালীজনী সঁচাকৈয়ে অদ্ভুত ধুনীয়া৷ ডিঙিৰ পৰা ওলমি আছিল এধাৰ সেউজীয়া বৰণৰ মনি৷ ঠিক ডেন্সিফ্লৰাম ফুল পাহৰ দৰেই মনোমোহা তাইৰ সৌন্দৰ্য৷ সৰু ল’ৰাটোয়ে অনায়াসে গছজোপাত উঠি ডেন্সিফ্লৰামৰ এটা পুলি শিপাৰে উভালি আনি তাক দিলেহি৷ সেয়াই আৰম্ভণি৷ তাৰপিছত বহুবাৰ লগ পাইছিল ৰণধীৰে সেই পাহাৰী যুৱতীক আৰু আৰম্ভ হৈছিল এটা কাহিনীৰ, ৰণধীৰৰ জীৱনে বৰণ সলোৱা এটা জীয়া কাহিনীৰ৷
জানুৱাৰী মাহৰ প্ৰথম সপ্তাহ৷ পুৱাৰ আমেজসনা ৰ’দজাকৰ উম লৈ জাকে জাকে মানুহ আহিছে নাহৰলগুনৰ সেই বিশেষ স্থানডোখৰলৈ৷ ৰঙ–বিৰঙী ফুল বেলুনেৰে সজোৱা হৈছে ঠাইডোখৰ৷ মুকলি পথাৰত তৰি দিয়া হৈছে চামিয়না৷ তলত ৰঙা সেউজীয়া কাৰ্পেট৷ জনজাতীয় থলুৱা বিচিত্ৰ ৰঙীন কাপোৰ পিন্ধি অহা মানুহবোৰক দূৰৈৰ পৰা এখন ৰামধেনুৰ দৰে দেখা গৈছে৷ টাগিন জনগোষ্ঠীৰ সৱাতোকৈ হেঁপাহৰ উৎসৱ ছি দঞি৷ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে বছৰৰ এই দিনকেইটালৈ বাট চাই থাকে৷ কিছুবেলিৰ আগতেই নিবুয়ে ছি আৰু দঞিক উদ্দেশ্য কৰি সামুহিক প্ৰাৰ্থনা জনায় যাতে টাগিন সমাজৰ পৰা অশুভ শক্তিবোৰ আঁতৰি যায়, কৃষি কৰ্ম সুচাৰুৰূপে পৰিচালিত হৈ উন্নত মানৰ শস্য উৎপাদন হয় আৰু পৰমেশ্বৰে যাতে সকলো টাগিন ভ্ৰাতৃ ভগ্নীক সু–স্বাস্থ্য আৰু সুখী জীৱন উপহাৰ দিয়ে৷ সামুহিক প্ৰাৰ্থনাৰ অন্তত আৰম্ভ হয় গাভৰুহঁতৰ ৰিয়াবু নৃত্য৷ তেওঁলোকৰ দেহত ৰঙ–বিৰঙী সাজ৷ কোনোয়ে যদি পিন্ধিছে বগা হাত দীঘল টপৰ লগত সেউজীয়া বৰণৰ গালে, আন কোনোৱে পিন্ধিছে বেঙেনা বুলীয়া টপৰ লগত টিকটিকীয়া ৰঙা গালে৷ বুকুৰ ওপৰত জনজাতীয় পৰিচয় বহন কৰা একোধাৰী মালা৷ ৰঙা কাৰ্পেটৰ ওপৰত ঠিক যেন নৃত্যৰতা এজাক ৰঙ–বিৰঙী পখিলা৷ এবাৰ যদি দুজনীয়েযোৰ বান্ধি নাচে পলকতে আকৌ শাৰীত মিলি পৰে সিহঁত৷ চামিয়নাৰ তলত অৰুণাচলৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকে ধৰি অন্যান্য বিশিষ্ট অতিথিসকল৷ একাষে বহি আছিল নতুন ৰাস্তা বনাবলৈ অহা ডেকা ইঞ্জিনীয়াৰৰ দলটো৷ ৰিয়াবু নৃত্যৰ তালত নাচি থকা টাগিন গাভৰুৰ সৌন্দৰ্যই বাৰুকৈয়ে মোহিত কৰিছে ডেকা ইঞ্জিনীয়াৰকেইজনক৷ ইঞ্জিনীয়াৰৰ দলটোৰ মাজতে বহি থকা ডেকা ঠিকাদাৰ ৰণধীৰ হাজৰিকাৰ চকু কিন্তু সন্মুখৰ দ্বিতীয় লানি গাভৰুৰ মাজত থকা সেই নিৰ্দিষ্ট গৰাকীতহে৷ সেউজীয়া হাত দীঘল টপটোৰ সৈতে মিলাই ৰঙা বৰণৰ গালে পিন্ধি থকা সেই ধুনীয়া হাঁহিটোৰে সৌজনীচোন তাই! এটা দৰ্শনতে যেন সেই সুন্দৰী টাগিন গাভৰুক নিজৰ হিয়াখন দি দিবলৈ বাধ্য হৈছিল ৰণধীৰ৷ সিদিনাৰ পৰা নাই চকুত টোপনি নাই নাছিল মনত জিৰণি৷ ২৭বছৰীয়া জীৱনত পোন প্ৰথমবাৰৰ বাবে এনে দশা হ’ল ৰনধীৰৰ৷ খাওঁতে, শোওঁতে উঠোঁতে বহোঁতে মনত কেৱল সেই সুন্দৰীৰ অবাধ বিচৰণ৷ ইচ্ছা কৰিও পাহৰিব পৰা নাই তেওঁ৷ ইফালে সেই সুন্দৰীৰো মনৰ ভাব, কি দৰ্কাৰ আছিল তেনেকৈ হাঁহিবলৈ৷ অচিনাকি ঠাইত এনেয়েই গাড়ী বেয়া হৈছিল বেচেৰাটোৰ৷ ভাবি ভাবি অনুশোচনাত দগ্ধ হৃদয়৷ এবাৰ লগ পোৱা হ’লে তাক!
ৰিয়াবু নৃত্যৰ তালে তালে চাৱনিৰ বিনিময়৷ দুয়োৰে মনত ন ভাৱৰ উকমুকনি৷ এটা সময়ত নাচি থকা গাভৰুহঁতে বহি থকা অতিথিসকলক আহ৩ান জনালে নাচিবৰ বাবে৷ ঠিক এনে এটা সময়ৰ বাবেই যেন ৰৈ আছিল দুয়ো৷ সকলোৰে সন্মুখত পৰস্পৰৰ হাত ধৰি নৃত্য কৰিলে দুয়ো৷ এটা বাক্যৰো বিনিময় নোহোৱাকৈ দুখনি হিয়াৰ বিনিময় হৈ গৈছিল চাগৈ সিদিনা৷
এটা বৃহৎ চাংঘৰ৷ নাৰিকলৰ শুকান খোলা কিছুমান চাংঘৰটোৰ ওপৰৰ পৰা বিশেষ কায়দাৰে শাৰী শাৰীকৈ ওলোমাই ৰখা হৈছে, য’ত হিয়া ঢালি মন কাঢ়ি নিয়াকৈ ফুলি আছে এসোপামান ডেন্সিফ্লোৰাম৷ ৰণধীৰৰ প্ৰিয় ডেন্সিফ্লোৰাম৷ চাংঘৰটোৰ মজিয়াখন বৰ সুন্দৰকৈ বাহৰ কামিৰে বৈ উলিওৱা৷ ঠিক যেন এখন বিশাল ঢাৰীৰ দৰে৷ বাহিৰৰ পৰা দেখাত আয়ত ক্ষেত্ৰাকাৰ ঘৰটোৰ সৰ্বত্ৰে বাঁহ–বেতৰ ব্যাপক পয়োভৰ৷ বেৰত লগাই ৰখা শাৰী শাৰী হৰিণা পহুৰ শিংবোৰে উমান দিয়ে ঘৰটোৰ গৰাকীৰ চিকাৰৰ পাৰদৰ্শিতাক৷ পৰিষ্কাৰ মজিয়াখনৰ ঠিক সোঁমাজতে জুইশালখন৷ ওপৰত এখন চাং৷ তাতে পাকঘৰৰ আটাইবোৰ সা– সৰঞ্জাম বিদ্যমান৷ বাহৰ বেৰখনত মাছ ধৰা সঁজুলিৰ পৰা আৰম্ভ কৰি বাহৰ কামিৰে নিৰ্মিত ঘৰুৱা কাম–কাজত ব্যৱহৃত অসংখ্য প্ৰকাৰৰ সামগ্ৰী৷ ঠিক যেন এটি জনজাতীয় সংগ্ৰহালয়হে৷
আজি প্ৰথমবাৰৰ বাবে ৰণধীৰ আহিছে আচিনৰ ঘৰলৈ৷ টাগিন জনগোষ্ঠীৰ বসতি প্ৰধান গাঁওখনৰ মুখিয়াল আচিনৰ দেউতাক৷ পকা ঠেকেৰাৰ বৰণৰ মানুহজন দেখাত গহীন গম্ভীৰ৷ বাহিৰৰ পৰা দেখাত সাংঘাতিক খঙাল যেন লগা মানুহজনৰ অন্তৰখন আচিনৰ মতে বৰ কোমল৷ আচিনে শিকাই দিয়া মতেই নিছি ভাষাতে নমস্কাৰ জনালে ৰণধীৰে৷ ভঙা ভঙা হিন্দী আৰু অসমীয়া ভাষাতে ৰণধীৰৰ সৈতে কথা পাতিলে বৃদ্ধ কাদাঙে৷ টাগিন জনগোষ্ঠীৰ সমাজ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি অৰুণাচলৰ ৰাজনৈতিক দিশেও ঠাই পালে কথাৰ মাজত৷ জনাই নজনাই বহু কথাই পাতিলে ৰণধীৰেও৷ আলহী সুধিবলৈ আহি চকুৰ টিপতে দেউতাকক সিহঁতৰ সম্পৰ্কটোৰ কথাও ক’বলৈ ইংগিত দি গ’ল আচিনে৷ কথাটো উলিয়াবলৈ গৈ বুকুৰ মাজত হাজাৰটা ডবা বাজি উঠা যেন অনুভৱ হ’ল ৰণধীৰৰ৷ মুখৰ ৰং ঘনে ঘনে সলনি হোৱা লক্ষ্য কৰিয়েই হয়টো বৃদ্ধ কাদঙে উপযাচিয়ে কৈ গ’ল মাতৃহাৰা আচিনৰ কথা৷ মাক নোহোৱা ছোৱালীজনীক ডাঙৰ কৰাটো তেওঁৰ বাবে কিমান কঠিন আছিল৷ কথাৰ মাজতে উচুপি উঠিল সত্তৰ বছৰীয়া মানুহজন৷ ছোৱালীজনীক সুপাত্ৰত গোটাব পাৰিলেই যেন তেও আজৰি হয়৷ বৃদ্ধৰ দুহাত ধৰি আবেগ বিহ৩ল ৰণধীৰে কৈ পেলাইছিল আচিনক জীৱন লগৰী কৰিব বিচৰাৰ কথা৷ সন্মত হৈছিল আচিনৰ পিতৃ কাদঙ৷ মাথোঁন বিচাৰিছিল তেওঁ ৰণধীৰৰ পৰা আজীৱন জীয়ৰীক সুখত ৰখাৰ এটা সবল প্ৰতিশ্ৰুতি৷
জোনাকী পৰুৱাই বাট দেখুওৱা দিনবোৰ ৰণধীৰৰ সদায়েই প্ৰিয় আছিল৷ সেইদিনাও সহস্ৰ জোনাকী পৰুৱাই ধৰাত পোহৰৰ যেন মেলাহে পাতিছিল৷ সেউজীয়া উপত্যকাটোত জোনাকী পৰুৱাই দীপাৱলী পতা নিশাটোতে আচিনক চিৰ জীৱনলৈ আপোন কৰি লৈছিল ৰণধীৰে৷ কোনোবা দূৰৈৰ চাংঘৰৰ পৰা ভাহি আহিছিল উজাক তাপুৰৰ শব্দ৷ ৰণধীৰৰ মিউজিক প্লেয়াৰটোত মৃদু স্বৰত বাজি আছিল লাৱাৰিচ বোলছবিৰ উদিত নাৰায়ন আৰু অলকা য়াগ্নিকৰ কণ্ঠৰ “আ কহী দুৰ চলে যায়ে হাম’’ গীতটি৷ ক্ৰমে মায়াবী হৈ পৰিছিল নিশাটো৷ চাংঘৰটিৰ খটখটিতে বহি বাহিৰৰ জোনাকী নিশাটো উপভোগ কৰি আছিল ৰণধীৰে৷ জীৱন সঁচাকৈয়ে অনুপম হৈ পৰে যেতিয়া মানুহক বিচৰা সকলো খিনিয়েই ঈশ্বৰে প্ৰদান কৰে৷ আচিনক জীৱন সংগী ৰূপে পাই এক প্ৰকাৰৰ অনিৰ্বচনীয় সুখ এটাত লীন গৈ আছিল ৰণধীৰ৷ হঠাৎ ৰণধীৰৰ কান্ধতে মূৰটো পেলাই বহি থকা আচিনে সশব্দে উচুপি উঠিল৷ হৃদয়ে বিচৰাজনক কাষতে পোৱাৰ সুখ আৰু মাতৃহাৰা ছোৱালীজনীয়ে চেনেহৰ পিতাকক এৰি অহাৰ দুখ এটাই একেসময়তে আমনি কৰি আছিল তাইক৷ জীৱনৰ এনেকূৱা মূহূৰ্তবোৰত কিদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা যায় সেয়া অত্যন্ত জটিল৷ লাহেকৈ দুহাতেৰে আচিনৰ চকুপানী টোপাল মচি মুখৰ আগত পৰি থকা চুলিবোৰ কাণৰ কাষলৈ নি কপালত এটা চুমা আঁকি দিলে ৰণধীৰে৷ লাজুকী লতাডালৰ দৰে জাপ খাই পৰিল পাহাৰী গাভৰুজনী৷ হৃদয়ৰ আহ৩ানক বাধা দি ৰাখিব নোৱাৰিলে কোনো এজনেও৷ উশাহবোৰ ঘন হৈ আহিল আন্ধাৰবোৰ ঘন হৈ অহাৰ দৰেই৷ ভালপোৱাৰ অপাৰ বাৰিধিত নিজকে এৰি দি চিৰজীৱনলৈ ইজন সিজনৰ হৈ পৰিল দুয়ো৷ সন্মুখৰ খিৰিকীখনেদি এজাক জোনাকী সোমাই আহিল৷ মধুৰতম মূহূৰ্তটোৰ সাক্ষী হৈ ৰ’ল সেউজীয়া উপত্যাকাৰ সেই জোনাকী ৰাতিটো, উজাক তাপূৰৰ সেই বুকু কঁপোৱা টানটো৷
সুদূৰ মুম্বাইৰ টাটা মেম’ৰিয়েল হস্পিটেলৰ আই চি ইউৰ কক্ষ এটাত মৃত্যুৰে যুঁজি আছিল ৰণধীৰৰ পিতৃয়ে৷ সমাগত নিৰ্মম সত্য এটালৈ অপেক্ষা কৰি বাহিৰত ৰণধীৰ৷ নিৰ্বাক নিস্পন্দ৷ বিগত প্ৰায় আঠ ন মাহেই পিতৃৰ চিকিৎসাৰ বাবে মুম্বাইত থিতাপি লৈছিল ৰণধীৰে৷ ডেকা কালছোৱা নিৰোগী শৰীৰ এটাৰে পাৰ কৰা মানুহজনে জীৱনৰ বিয়লি বেলাত দুৰাৰোগ্য ৰোগ এটাত আক্ৰান্ত হৈ পৰিল৷ একমাত্ৰ পুত্ৰ ৰনধীৰে পিতৃৰ আৰোগ্যৰ বাবে যথাসাধ্যে চেষ্টা কৰিছে৷ ইফালে নিজ পিতৃৰ ৰোগত আক্ৰান্ত হোৱাৰ খবৰ পায়েই সদ্যবিবাহিতা পত্নীক পিতৃগৃহতে এৰি থৈ আহিছিল ৰণধীৰে৷ বিগত মাহকেইটাত আচিনৰ সৈতে যোগাযোগ কৰিবলৈও বাৰে বাৰে ব্যৰ্থ হৈছিল ৰণধীৰ৷ অৰুণাচলৰ দুৰ্গম ভিতৰুৱা গাঁওখনলৈ যোগাযোগ কৰিবলৈ বিশেষ সুবিধাও উপলব্ধ নাছিল৷ বৃদ্ধ কাদঙক দিয়া প্ৰতিশ্ৰুতি আৰু আচিনৰ সৰল মুখখনলৈ মনত পৰিলেই ৰণধীৰৰ বুকুত উমি উমি জ্বলি থকা অনুশোচনাৰ জুইকুৰা দপদপাই জ্বলি উঠিছিল৷ নিজৰ দৃষ্টিতে বাৰে বাৰে লজ্জিত হৈছিল সি৷ অনিচ্ছাকৃতভাৱেই যেন সেই সৰল পাহাৰী ছোৱালীজনীৰ জীৱনটোৰ সৈতে খেলি পেলাইছিল সি!
এখন কেলেণ্ডাৰ পুৰণি হৈছিল৷ প্ৰত্যাশিতভাৱেই এদিন পিতৃৰ প্ৰাণহীন নিথৰ শৰীৰটো লৈ স্বগৃহলৈ প্ৰত্যাৱৰ্তন কৰিছিল ৰণধীৰে৷ পিতৃৰ শেষকৃত্য সম্পন্ন কৰি প্ৰাণৰ লগৰীৰ কাষলৈ উভতি গৈছিল সি৷ সি তেতিয়া আচিনৰ চাংঘৰ টোত উপস্থিত হৈছিলগৈ তেতিয়া দুপৰীয়া হৈছিল৷ আচিনহতৰ চাংঘৰটো পূৰ্বতকৈ বহুত অপৰিপাটী যেন লাগিছিল ৰণধীৰৰ৷ অকলশৰে এজুপি ডেন্সিফ্লোৰাম ফুলি যেন বিষাদৰহে গীত গাই আছিল৷ ৷ এফালে প্ৰায় এটা বছৰৰ মূৰত আচিনক লগ পোৱাৰ হেঁপাহ আনফালে ইমান দিনে একো খা খবৰ ৰাখিবলৈ অপাৰগ হোৱাৰ বাবে বৃদ্ধ কাদঙৰ সন্মুখীন হোৱাৰ লজ্জানুভৱ৷ নাই, সকলো ঠিক কৰি দিব সি৷ আজলী আচিনক সি মৰমেৰে বুজাই দিব সকলো৷ বুজি পাব তাই৷ অন্তত: তাৰ প্ৰেমত সিমান বিশ্বাস আছে তাৰ৷ দীঘলকৈ উশাহ এটা টানি ৰিলেক্স হ’বলৈ যত্ন কৰিছিল সি৷
চাংঘৰ টোত উপস্থিত হৈ ৰণধীৰে দুই তিনিবাৰ আচিনক নাম ধৰি মতাৰ পিছত থৰক বৰক খোজেৰে ওলাই আহিছিল বৃদ্ধ কাদঙ৷ এটা বছৰতে যেন আগতকৈ বহু বৃদ্ধ হৈ পৰিছিল মানুহজন৷ পকা থেকেৰাৰ বৰণৰ মানুহজন যেন শেঁতা পৰি গৈছিল৷ দুচকুত তেওঁৰ ৰণধীৰৰ প্ৰতি হেজাৰ অভিযোগ যেন থুপ খাই আছিল৷ দুচকু নমাই আনি বৃদ্ধ কাদঙৰ দুভৰি চুইছিল ৰণধীৰে৷ হৰ্ঠাৎ ৰণধীৰক সাৱটি প্ৰথমে অস্ফুট শব্দৰে উচুপি উচুপি শেহলৈ চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে সত্তৰোৰ্দ্ধৰ ব্যক্তিজনে৷ বুকুৰ ভিতৰত ইমান দিনে শুই থকা বিষাদৰ নৈখন যেন পাৰ ভাঙি বৈ আহিল তেওঁৰ৷ ঘটনাৰ আকস্মিকতাত একোৱেই উৱাদিহ নাপালে সি৷ দুহাতেৰে আচিনৰ পিতৃক সাৱটি লৈ সি বাৰে বাৰে সুধিলে “কিয় কান্দিছে আপুনি আবু? আচিন ক’ত? মোৰ আচিন ক’ত?’’ বুকুৰ ভিতৰখন অজান আশংকাই কঁপাই তুলিলে তাক৷ তাৰ প্ৰশ্নৰ একো উত্তৰ নিদিলে তেওঁ৷ হাতেৰে তেওঁ দেখুৱাই দিছিল চোতালৰ আগফালে থকা এডোখৰ নিৰ্দিষ্ট ঠাইলৈ, য’ত কেইবামাহৰ পূৰ্বেই তাৰ মৰমৰ আচিনে চিৰনিদ্ৰাক সাৱটি লৈছিল৷ একপ্ৰকাৰ মানসিক ভাৰসাম্য হেৰুৱা মানুহৰ দৰেই দৌৰি গৈ আচিনৰ সমাধিস্থলী পাইছিলগৈ ৰণধীৰ৷ পাগলৰ দৰে চিঞৰিছিল সি৷ নিজৰ অজ্ঞতাত নিজৰ অসমৰ্থতাত দিকবিদিক হেৰুৱাই নিজৰ গালতে উৰ্পযুপৰি চৰিয়াইছিল সি৷ আইনাৰ সন্মুখত ঠিয় হৈ নিজৰ চকুলৈ চাব পৰা সাহসকনো শেষ গৈ গৈছিল তাৰ৷ গোটেই সন্ধিয়াটো আচিনৰ সমাধিতে পৰি থাকিল ৰণধীৰ৷ সন্ধিয়া বেলিকা ৰণধীৰে আচীনে ৰুই থৈ যোৱা ডেন্সিফ্লোৰাম জোপাৰ অৱশিষ্ট ফুলপাহ আচিনৰ সমাধিত দি থৈ আহিল৷ পাতল আন্ধাৰে চাংঘৰটো আৱৰি লোৱাৰ সময়তে দূৰণিৰ পৰা বতাহত উজাক তাপূৰৰ বিষাদভৰা সুৰ এটি ভাহি আহিছিল৷ ৰণধীৰ যেতিয়া আচিনহঁতৰ চাংঘৰটোলৈ উভতি গৈছিল আন এক আ(ৰ্যই বাট চাই আছিল তালৈ৷ আচিনৰ সম্বন্ধীয় পেহীয়েক এগৰাকীৰ কোলাত উমলি আছিল জন্মতে মাতৃহাৰা হোৱা অবোধ শিশুটি, যাৰ এই পৃথিৱীত অস্তিত্ব সম্পৰ্কে জন্মদাতা পিতৃও অজ্ঞাত আছিল৷
বুকুৰ ভিতৰখন এফালৰ পৰা মোচৰখাই আহিছিল তাৰ; কলিজাটো ভাঙি যেন ডোখৰ ডোখৰ হৈ যাব পলকতে; অকণমানি কেঁচুৱাকনক বুকুত সাৱটি গালে–মুখে চুমা খাবলৈ ধৰিলে সি৷ দ্বিতীয়বাৰৰ বাবে সি লজ্জিত হৈছিল সেই কণমানিটোৰ ওচৰত, নিজৰ ওচৰত, বৃদ্ধ কাদঙৰ ওচৰত, সমগ্ৰ পৃথিৱীৰ ওচৰত৷
কণমানিটোক বুকুত সাৱটি উভতি গৈছিল সি৷ নিজকে প্ৰতিশ্ৰুতি দিছিল ৰণধীৰে৷ আচিন আৰু তাৰ প্ৰেমৰ সাক্ষী সেই অবুজ শিশুটিক সি কাহানিও নিঠৰুৱা নকৰে৷ বুকুৰ উমেৰে ডাঙৰ কৰিব৷ নহ’লে আচিনৰ আত্মাই তাক কাহানিও ক্ষমা নকৰিব৷ আচিন বিহীন দীঘলীয়া জীৱনটোত ৰণধীৰৰ সাহস, জীয়াই থকাৰ উদ্দেশ্য হৈ শাব্দিক লাহে লাহে ডাঙৰ হ’ল৷ খলা বমা জীৱন বাটত ইটো–সিটো পৰিপূৰক হ’ল পিতৃ আৰু পুত্ৰ৷ সুখৰ মাজতো বেদনাদায়ক অতীতৰ একোটি পৃষ্ঠাই আমনি দিয়ে ৫৪বছৰীয়া ৰণধীৰক৷ বুকুৰ কোনোবাখিনিত আচিনৰ স্মৃতিয়ে দকৈ বহাই থোৱা দাগটোক আজিও সময়ে ভালকৈ শুকোৱাব পৰা নাই৷ ৷ আচিনৰ স্মৃতি সামৰি আজিও ফুলি আছে হালধীয়া ডেন্সিফ্লোৰামবোৰ ৰণধীৰৰ বাগিছাত ৷
চামে মলংগ চী ৰাহে সুৰংগ চী
বাগ্হী উডান পেহী নাজানে কয়ু
ইলাহী মেৰা জী আয়ে আয়ে..
ইলাহী মেৰা জী আয়ে আয়ে…
গাড়ীৰ মিউজিক চিষ্টেমত উচ্চস্বৰে অৰিজিতৰ কণ্ঠত তাৰ প্ৰিয় গানটো শুনি একান্ত মনে গাড়ী চলাই গৈ আছিল শাব্দিক৷ এবাৰত সি দেখিলে কিছু দূৰৈত ছোৱালী এজনীয়ে হাত দাঙি তাৰ গাড়ীখন ৰখাব খুজিছে৷ প্ৰথমে সি গুৰুত্ব নিদি আঁতৰি যাব খুজিছিল৷ হঠাৎ তাৰ ভাব হ’ল, “কিবা সমস্যাত পৰিছে বেচেৰী!’’ গাড়ীখন ৰখাই দিলে সি৷
গাড়ীৰ ভিতৰলৈ বেগটো দলিয়াই একেজাপে গাড়ীত বহিল ছোৱালীজনী৷ ৷ পিন্ধনত এটা ডেনিম জিন্স, আঁঠুৰ ওপৰত ফটা৷ ওপৰত মুগা বৰণৰ এটা জেকেট৷ মূৰত এটা বগা টুপী৷ পৰিষ্কাৰ সুন্দৰ ছাল৷ স্মাৰ্ট লুক৷ প্ৰথম দৰ্শনতে আকৃষ্ট হ’ব পৰাকৈ ধুনীয়া তাই৷ নিজেই চিনাকি হ’ল তাই৷ অৰুনাচলৰ পাচিঘাটৰ জীয়ৰী টাশি৷ টাশি ডৰং৷ দিল্লীৰ লেডী শ্ৰীৰাম কলেজৰ ইংৰাজী সাহিত্যৰ ছাত্ৰী৷ পঢ়া–শুনাৰ লগতে মডেলিং কৰে তাই৷ গুৱাহাটীৰ পৰা ইটানগৰলৈ গৈ থকা বাছখন ৰাস্তাতে বেয়া হোৱাৰ বাবে বাছৰ যাত্ৰীসকলে যিয়ে যেনেকৈ পাৰে ইটানগৰলৈ গ’ল গৈ৷ বহুপৰ ৰৈ শেষত তাই শাব্দিকক দেখা পালে৷
বিশেষ গুৰুত্ব নিদিও বুলি ভাবিও শাব্দিকৰ ডেকা হৃদয়খনত প্ৰথমবাৰৰ বাবে কিবা এটা খেলি–মেলি লাগিল৷ অনৰ্গল কথা কৈ যোৱা ছোৱালীজনীলৈ তাৰ কিবা এটা মায়া জাগিল৷ অৰুণাচলৰ পাচিঘাটৰ পৰা নতুন দিল্লীলৈ তাইৰ জীৱন যাত্ৰাৰ আভাস দি গ’ল টাশিয়ে৷ অকলে গান শুনি আমনিদায়ক হৈ পৰা দীঘলীয়া যাত্ৰাটো টাশিক লগ পোৱাৰ পিছত কেতিয়া শেষ হ’ল গমেই নাপালে শাব্দিকে৷ বিদায়ৰ ক্ষণ সমাগত হ’ল৷ দুয়োৰে হিয়াৰ একোনত দুখৰ বাহী এটা ৰি ৰিয়াই বাজি উঠিল৷ পাচিঘাটত নামিবৰ পৰত টাশিয়ে শাব্দিকক লিফ্ট দিয়াৰ বাবে ভাড়া দিব খুজিলে৷ শাব্দিকে সজোৰে বাধা দিলত তাই দুই মিনিট ৰ’বলৈ কৈ খৰখেদাকৈ এফালে গ’ল৷ সোনকালেই উভতি আহিল টাশি৷ হাতত এটা সৰু টাবত এপাহি ফুলৰ সৈতে এটা সজীৱ ডেন্সিফ্লোৰাম পুলি৷ এটা ধুনীয়া হাঁহি মাৰি টাবটো শাব্দিকলৈ আগবঢ়াই তাই ক’লে, থেংকছ ফৰ ইয়ৰ কম্পেনী৷ আই হ’প ইউ উইল লভ ইট! বাই! ’’ বেগটো গাড়ীৰ পৰা নমাই টাশি গুছি গ’ল৷
প্ৰথমবাৰৰ বাবে কিবা এটা হেৰুৱাৰ নামবিহীন বেদনাই বুকুখনত আমনি কৰিলে শাব্দিকৰ৷ ফুলৰ টাবটোলৈ চাওঁতে সি দেখা পালে এখনি সৰু ওলমি থকা কাৰ্ড য’ত লিখা আছিল “হেই হেণ্ডচাম, আই নেভাৰ থত এনি ৱান উড এভাৰ মেক মি স্মাইল, লাফ এণ্ড কেপচাৰ মাই হাৰ্ট এজ ফাষ্ট এজ ইউ হেভ৷ গনা মিচ ইউ৷ হিয়েৰছ মাই কনটেক্ট নাম্বাৰ৷ ডু কল মি৷ প্লী…জ.! ’’
শাব্দিকৰ ওঁঠত এটি মিঠা হাঁহি বিয়পি পৰিল, ঠিক টাশিয়ে দি থৈ যোৱা ডেন্সিফ্লোৰাম ফুলপাহৰ দৰে৷ vv