
বিচিত্ৰ পৃথিৱীখনত মানৱ শৰীৰবোৰে কঢ়িয়াই ফুৰে একোটাকৈ বাখৰুৱা সপোন৷ আপুনি–মই, তেওঁলোক কোনো ব্যতিক্ৰম নহয়৷ মানৱ শৰীৰৰ এই যে ধুনীয়া মনবোৰৰ ভিতৰত থকা অনুভৱবোৰ একো একোটা যেন অনৰ্গল সাধুকথা৷ সাধুকথাবোৰত থাকে পোৱা–নোপোৱা, হৰ্ষ–বিষাদৰ অধ্যায়৷ উশাহ লোৱাৰে পৰা আৰম্ভ হয় জীয়াই থকাৰ তাড়না৷ সকলোৱে কেৱল জীয়াই থাকিয়েই সুখী হয়নে? সকলোৱে কেৱল মানুহ বুলিয়েই আনন্দ কৰেনে? নকৰে৷ সৃষ্টিশীল মনৰ অধিকাৰী প্ৰতিগৰাকী ব্যক্তিয়েই বিচাৰি ফুৰে নতুন নতুন সৃষ্টিৰ মাদকতা৷ জীৱনটোক সুন্দৰ কামেৰে সজাব খোজে তেওঁলোকে৷ ইহজগতত প্ৰতিটো সপোনৰে আছে এটা সুকীয়া মাধুৰ্য৷ যি সপোন দেখে হয়তো তেওঁৰে সপোনে দিঠকত সফলতা পায়৷ ‘পূৰ্বদিশ’ আলোচনীৰ তৰফৰ পৰা আমি আজি এনে এগৰাকী সৃষ্টিশীল মনৰ মানুহৰ সৃষ্টিৰ আঁৰৰ কিছু কথা আপোনালোকৰ বাবে আগবঢ়াইছোঁ৷ শ্ৰীযুতা ৰ’জি বৰা এগৰাকী দক্ষ চলচ্চিত্ৰ পৰিচালিকা৷ তেওঁ পৰিচালনা কৰা ‘দ্য লাষ্ট অ’নাৰ’ নামৰ বোলছবিখন ২২সংখ্যক ঢাকা ফিল্ম ফেষ্টিভেল, ২০২৪১ বাবে নিৰ্বাচিত হৈছে৷ যিটো অসমীয়া ছবিজগতৰ বাবে অন্যতম গৌৰৱৰ খবৰ৷
প্ৰথমেই ‘পূৰ্বদিশ’ আলোচনীৰ তৰফৰ পৰা ৰ’জি বৰা বাইদেউৰ লগতে চলচ্চিত্ৰখনৰ লগত জড়িত সমূহ কৰ্মকৰ্তাক অভিনন্দন জ্ঞাপন কৰিছোঁ৷
ৰ’জি বাইদেউ ঃ অশেষ ধন্যবাদ৷
ঃ বাইদেউ চলচ্চিত্ৰ জগতৰ কথালৈ যোৱাৰ পূৰ্বে জানিব খুজিছো আপোনাৰ শৈশৱৰ ৰোমাঞ্চকৰ ক্ষণ কিছুমানৰ কথা৷ যিবোৰে এতিয়াও আপোনাৰ মণিকোঠাত সজীৱ হৈ আছে৷
ৰ’জি বাইদেউ ঃ শৈশৱ পাৰ কৰিছোঁ গাঁও আৰু চহৰত৷ নগাঁও, মৰিগাঁও, অৰুণাচলৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত দেউতা–মাৰ সৈতে পাৰ কৰিছিলোঁ সোণোৱালী শৈশৱ৷ সেই সময়ত মৰিগাঁৱৰ বৰদেউতাহঁতৰ পৰিয়ালটোৰ সৈতে একেলগে পাৰ কৰা সময়বোৰে একোখন ঘৰ, এটা পৰিয়ালৰ বান্ধোন কি জনাৰ সুযোগ পাইছিলোঁ৷
ঃ অভিনয়ৰ প্ৰতি আকৰ্ষণ সৰুৰে পৰা আছিলনে পাছলৈ হ’ল?
ৰ’জি বাইদেউ ঃ ভাল অভিনয় ভাল লাগে৷ চিনেমাৰ পৰ্দাতে হওক, টিভিৰ পৰ্দাতে হওক নতুবা মঞ্চতে হওক– এগৰাকী নীৰৱ দৰ্শক হিচাপে অভিনয় চাওঁ৷ অভিনয়ৰ কৌশলবোৰ জনাৰ চেষ্টা কৰোঁ৷ তেনেকৈয়ে দুখনমান অসমীয়া চলচ্চিত্ৰত কেইমুহূৰ্তমানৰ বাবে অভিনয় কৰাৰ সুযোগ পাইছোঁ৷
ঃ আপোনাৰ সৃষ্টিশীল পথাৰখনত আগবাঢ়ি যোৱাৰ প্ৰেৰণা কোন আছিল?
ৰ’জি বাইদেউ ঃ অভিনয়তকৈ পৰিচালনাৰ দিশটোৱে মোক আকৰ্ষিত কৰি আহিছে৷ ইয়াৰ বাবে আগ্ৰহী দৰ্শক আৰু মোৰ দুয়োজনী ছোৱালীৰ প্ৰেৰণাৰ কথা পাহৰিব নোৱাৰোঁ৷
ঃ বাণিজ্যিকধৰ্মী ছবিবোৰৰ জাকজমকতাই ছবি এখনক মান্যতা প্ৰদান কৰে নে কাহিনীভিত্তিক ছবিয়ে? এই ক্ষেত্ৰত আপোনাৰ ধাৰণা কেনেধৰণৰ?
ৰ’জি বাইদেউ ঃ বাণিজ্যিক আৰু কাহিনীভিত্তিক দুই ধৰণৰ ছবিয়ে মোৰ প্ৰিয়৷ ছবি একোখন দৰ্শকৰ বাবে নিৰ্মাণ কৰা হয়৷ সকলো ধৰণৰ দৰ্শকে চাব পৰা ছবিৰ প্ৰতি মোৰ দুৰ্বলতা আছে৷
ঃ ‘দ্য লাষ্ট অ’নাৰ’ ছবিখনৰ কোনটো দিশ ৰাষ্ট˜ীয় পৰ্যায়ত নিৰ্বাচিত হোৱাৰ কাৰণ বুলি আপুনি ভাবে?
ৰ’জি বাইদেউ ঃ দ্য লাষ্ট অ’না’ৰ এখন গতিশীল ছবি৷ ৰুদ্ধশ্বাস সময়ত এজন মানুহৰ ত্যাগ আৰু কৰ্মক ছবিখনৰ জৰিয়তে স্বীকৃতি দিয়াৰ চেষ্টা চলোৱা হৈছে৷
ঃ ছবিখনৰ বিষয়বস্তু, চিত্ৰনাট্য, প্ৰযোজনা ইত্যাদি কথাবোৰৰ চমু আভাস আশা কৰিছোঁ৷
ৰ’জি বাইদেউ ঃ সকলোৰে চকুৰ আঁৰত থাকি যোৱা এজন মানুহ আৰু তেওঁৰ জীৱনৰ কাহিনীক লৈ নিৰ্মাণ কৰা হৈছে ছবিখন৷ দ্যা লাষ্ট অ’নাৰৰ কাহিনী জিতুমণি বৰা, প্ৰযোজনা মৃণাল বিন কুটুব, চিত্ৰনাট্য কুশল কুমাৰ গগৈৰ৷
ঃ এটা সংবেদনশীল বিষয়বস্তু হাতত লৈ শ্বুটিং কৰাৰ সময়ছোৱাত কিবা অসুবিধাৰ সন্মুখীন হৈছিল নেকি?
ৰ’জি বাইদেউ ঃ একো অসুবিধাৰ সন্মুখীন হোৱা নাই৷ শ্বুটিঙৰ সময়ত প্ৰযোজক আৰু প্ৰতিগৰাকী কলা–কুশলীৰ পৰা পোৱা সহযোগিতা পাহৰিব নোৱাৰোঁ৷ সকলোকে আকৌ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা যাচিলোঁ৷
ঃ ভাল ছবি মানে আপোনাৰ দৃষ্টিত কেনে ধৰণৰ ছবি?
ৰ’জি বাইদেউ ঃ ভাল ছবিৰ সংজ্ঞা দৰ্শক আৰু জুৰিৰ বাবে কেতিয়াবা একে আৰু কেতিয়াবা পৃথক৷
ঃ অসমৰ বাহিৰত অন্য ৰাজ্যত ছবি পৰিচালনা কৰাৰ পৰিকল্পনা আছে নেকি? লগতে অনাগত পৰিকল্পনাও জানিব খুজিছোঁ৷
ৰ’জি বাইদেউ ঃ পৰিকল্পনা বহুতেই আছে৷ আগন্তুক সময়বোৰ চিনেমা, নাটক, অভিনয়ৰ মাজতে পাৰ কৰাৰ একান্ত ই২৬া৷
ঃ আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ পৰিচালক হ’ব পাৰিনে? নে প্ৰবল ই২৬া শক্তি আৰু শিকাৰ হেঁপাহ থাকিলে এই ক্ষেত্ৰত আগুৱাব পাৰি?
ৰ’জি বাইদেউ ঃ আনুষ্ঠানিক শিক্ষাই ব্যাকৰণত সহায় কৰে৷ কেতিয়াবা আনুষ্ঠানিক শিক্ষা নোহোৱাকৈয়ে আগ্ৰহ আৰু সাধনাই সহায় কৰিব পাৰে৷
ঃ ছবিৰ লগত জড়িত নৱ প্ৰজন্মৰ বাবে আপোনাৰ ক’ব লগা?
ৰ’জি বাইদেউ ঃ ময়ো নতুন প্ৰজন্মৰ এগৰাকী পৰিচালক৷ সততা আৰু দায়বদ্ধতা ৰাখি কাম কৰি যোৱাটো বিচাৰোঁ৷
শেষত ‘পূৰ্বদিশ’ আলোচনীৰ তৰফৰ পৰা আপোনাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷ আগন্তুক সুদিনৰ বাবেও আমাৰ তৰফৰ পৰা আন্তৰিক শুভ কামনা জনাইছোঁ৷ আগুৱাই যাওঁক সফলতাৰ ন ন বাটত৷
ৰ’দালি নতুবা চন্দ্ৰাৱলী দুয়োখন আকাশেই আটকধুনীয়া৷ দুয়োখন আকাশেই ছটিয়াই দিয়ে যেন সম্ভাৱনা৷ সেয়ে সকলোৰে দুচকুত কিবা এটা কৰাৰ অপৰিসীম বাসনা৷ সৃষ্টিশীল মনবোৰেই হওক সপোন দেখা হূদয়ৰ বাবে এমুঠি প্ৰেৰণা৷ সময়ে কাণে কাণে ক’লে ‘মনৰ কলুষতা আঁতৰাই এনেকৈয়ে জগত মনোমোহা কৰো আহাঁনা…৷vv