
যোৱা সংখ্যাৰ পিছৰ পৰা…
ডুবাই আন্তজাৰ্তিক বিমান বন্দৰত বিমানৰ পৰা নামি আমি এৰাইভেল গেটৰ ফালে গ’লো৷ এৰাইভেল গেটেৰে সোমাই ভিতৰে ভিতৰে কিছুদুৰ খোজকাঢ়িলো মেট্ৰ ষ্টেচনলৈ৷ ডুৱাই এয়াৰ পৰ্টত এৰাইভেল বিল্ডিঙৰ পৰা কাৰ্গত পঠিওৱা লাগেজবোৰ ল’বলৈ আন এটা বিল্ডিংলৈ মেট্ৰ’ ৰেলেৰে ভিতৰে ভিতৰে যাৱ লাগে৷ সম্পূৰ্ণ বাতানুকূল পৰিবেশত দৌৰা দৌৰি কৰিলেও গৰম নেলাগে৷ প্ৰতি মিনিটৰ অন্তৰে অন্তৰে চলাচল কৰি থকা মেট্ৰ’বোৰত এৰাইভেলৰ যাত্ৰীক ডিপাৰচাৰ গেটলৈ আকৌ ডিপাৰচাৰ গেটৰ যাত্ৰীক এৰাইভেল গেটলৈ অনা–নিয়া কৰি থাকে৷ আমি মেট্ৰত উঠি ইমিগ্ৰেচন চেকৰ বিল্ডিং পালোগৈ৷ ইমিগ্ৰেচন চেকত সম্পূৰ্ণ আৰৱীয় পোছাকত থকা বিষয়াই আমাৰ পাছপৰ্ট ভিচা চেক কৰি তাত থকা কেমেৰাত আমাৰ চকু চাৱনিৰ ফটো লৈ পাচপৰ্টত ষ্টাম্প মাৰি বেগৰ বেল্টলৈ যাবলৈ বাট দেখুৱাই দিলে৷ আমাক বিদেশী বুলি জানি সুন্দৰ ব্যৱহাৰসহ সহায় আগবঢ়াই সহযোগ কৰিলে৷ আমি ঘূৰি থকা বেল্টৰ পৰা আমাৰ বেগ কেইটা সংগ্ৰহ কৰি ট্ৰলীত সেইবোৰ তুলি ললো৷ আহল–বহল ডাঙৰ এয়াৰ পৰ্টটোৰ ভিতৰত দেশী–বিদেশী সকলো যাত্ৰীৰ বাবে থকা সুব্যৱস্থাবোৰ দেখি ভাল লাগিল৷ এয়াৰপৰ্টৰ ভিতৰত ফ’ৰেইন এক্সেঞ্জৰ সুবিধা আছে৷ প্ৰয়োজন হ’লে বিদেশী যাত্ৰীয়ে মুদ্ৰা এক্সেঞ্জ কৰি ল’ব পাৰে৷ আমি গুৱাহাটিতে ডুবাইৰ কিছু নগদ কাৰেন্সি দিৰহাম লৈ গৈছিলোঁ৷ গতিকে তাত অসুবিধা হোৱা নাছিল৷ এয়াৰ পৰ্টৰ ভিতৰতে আমি পাতলীয়াকৈ আহাৰ খাই ললো৷ বাথৰূমত মুখ–হাত ধুই কিছু সতেজ হৈ এয়াৰ পৰ্টৰ পৰা লাগেজৰ ট্ৰলী থেলি বাহিৰলৈ ওলাই আহিলো৷ ডুবাইৰ আকাশত তেতিয়াও বেলি অস্ত যোৱা নাই৷ এয়াৰপৰ্টৰ সন্মুখেদি ভিন্ন গাড়ী অহা–যোৱা কৰি থাকে৷ বাহিৰত ৰ’দ আছিল যদিও এয়াৰপৰ্টৰ ভিতৰত থকা চেণ্ট্ৰেল এ চি ১ পৰা ওলাই আহি আমাৰ ভালহে লাগিছিল৷ ইতিমধ্যে আমি গুৱাহাটীৰ পৰা বুক কৰি থোৱা গাড়ীখন এয়াৰ পৰ্টৰ ক’ৰিদৰত ৰাখি চালকে আমাক আগুৱাই আহি লৈ যায়৷ আমি চাৰিজনীয়া চিটৰ আহল–বহল গাড়ীখনত বহি ললো৷ চালকে চিটৰ পিচফালে থকা বহল খালী ঠাইখিনিত আমি দেখাকৈ বেগকেইটা ভৰাই দিলে৷ ডুৱাই এয়াৰপৰ্টৰ পৰা গাড়ীৰে গৈ গুৱাহাটীৰ পৰা বুক কৰি থোৱা হোটেল পাওঁতে আমাৰ ঘড়ীত ভাৰতীয় সময়মতে প্ৰায় আঠ বাজিছিল কিন্তু ডুবাইৰ স্থানীয় সময় হৈছিল প্ৰায় সন্ধিয়া ছয় বজা৷ ডুবাইৰ গাড়ীবোৰত চালকৰ আসন থাকে বাওঁফালে৷ আমাৰ দেশত ড্ৰাইভাৰৰ চিট সোঁফালে থাকে৷ আমি হোটেলত সোমাই মুখ–হাত ধুই উঠোঁতে ডুবাই চহৰৰ চৌদিশ সুন্দৰ বিজুলীবাটিৰ পোহৰে বেলিৰ হেঙুলি ৰ’দক বিদায়৷ দিছিল৷
একেখন এচিয়া মহাদেশৰ দুখন ৰাষ্ট্ৰ৷ এখন প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ কিন্তু ইয়াৰ অপ–প্ৰয়োগে দেশখনক দিনক দিনে দৰিদ্ৰতাৰ শাৰীলৈ থেলি নি আছে৷ অথচ মানৱ সম্পদৰ সংখ্যা আৰু মাটি কালি পৰিমাণ বিশ্বৰ ভিতৰত লেখত ল’বলগীয়া৷ কিন্তু আনখন দেশৰ সম্পদৰ সুপ্ৰয়োগৰ বাবে দেশখনক বিশ্বৰ ভিতৰতে এখন উল্লেখনীয় উন্নত ৰাষ্ট্ৰ হিচাবে গঢ়ি তুলিছে৷ আৰৱৰ উদ্যোগী চহৰ ডুবাইৰ কাৰেন্সি এক ডেৰহামত ভাৰতীয় কাৰেন্সি ২৩ টকা৷ অৰ্থাৎ আমাৰ টকাৰ মূল্যৰ হাৰ ইউৰোপীয় দেশটো বাদেই মধ্যপ্ৰাচ্যতে নিম্ন৷ গতিকে আমি ভাৰতীয় সকলে ইউৰোপৰ ৰাষ্ট্ৰসমূহৰ উপৰিও এচিয়া মহাদেশৰে চীন, ডুবাই আদিত ফুৰিবলৈ যাওঁতে বহু মূল্য ভৰিবলগীয়া হয়৷ অদূৰ ভৱিষ্যতেও যে ভাৰতে ইয়াৰ পৰা সকাহ পাৱ তাৰ লক্ষণ দেখা নাই৷ বৰ্তমান ভাৰতত ভিক্ষাৰীৰ সূচাংকই শতকৰ ঘৰ অতিক্ৰম কৰিলে৷
আমি হোটেলত কিছুসময় জিৰণি লৈ পূৰ্ব নিৰ্ধাৰিত সূচীমতে ক্ৰীছত থকা ঢৌ ক্ৰুজত সন্ধিয়া চফৰ কৰিবলৈ গ’লো৷ এই ক্ৰুজত ভ্ৰমণ কৰিবলৈ প্ৰতিযাত্ৰীৰ বাবে টিকটৰ মূল্য ভাৰতীয় মূল্যত ২০০০ (দুহেজাৰ) টকা৷ আমি অসমতে ইয়াৰ বাবে টিকট কৰি নিছিলোঁ৷ আমাক ড্ৰাইভাৰে গাড়ীৰে নি লেকৰ পাৰত নমালে৷ আমি মেচিন নাৱেৰে সিপাৰলৈ গৈ নিৰ্দিষ্ট ক্ৰুজখনত বহি ললো’৷ আমাৰ টিকট পৰীক্ষা কৰি তাত থকা মতে আমাক নৈশ আহাৰ খাবলৈ দিলে৷ ক্ৰুজখন হ্ৰদত ফুৰি থাকোঁতে ক্ৰুজৰ ভিতৰত সংগীত, নৃত্য উপভোগ কৰি সজাই থোৱা বুফেৰ পৰ নিজা নিজা ৰুচি মতে নৈশ আহাৰ খাই আনন্দ উপভোগ কৰিলে৷ ক্ৰুজৰপৰা পাৰৰ বিভিন্ন ৰঙৰ পোহৰে উজলাই থকা সুউচ্চ অটালিকাবোৰ চাই খুউব ভাল লাগিছিল৷ ক্ৰুজৰ পৰা উঠি আহি গাড়ীত বহোঁতে ডুবাইত সম্পূৰ্ণ নিশাই আৱৰি ধৰিছিল যদিও ৰাজপথবোৰত গাড়ী চলি আছিল৷ আমাৰ ভাৰতীয় সময় মতে নিশা প্ৰায় চাৰে এঘাৰ বজাত হোটেলত ডুবাইৰ সময় হৈছিল নিশা প্ৰায় দহ বজা৷ গাড়ী ড্ৰাইভাৰে আমাক নমাই থৈ নিজগৃহলৈ গ’লগৈ৷ আমিও হোটেলত গা–পা ধুই শুবৰ কাৰণে যোগাৰ কৰিলোঁ৷
দিনটো টেক্সি, বিমান ,এয়াৰ বাছ, মেট্ৰ’ ক্ৰুজ বগাই ভাৰতৰ ৰাষ্ট্ৰ অসমৰ গুৱাহাটীৰ পৰা মধ্য প্ৰাচ্যৰ দেশ আৰৱৰ ডুবাই চহৰলৈকে প্ৰায় তেৰ ঘণ্টা ভ্ৰমণ কৰি দেহে জিৰণি বিচাৰিলে৷ হোটেলত আমি তিনিও চিন্তামুক্ত ভাৱে নিশাতো সুন্দৰভাৱে টোপনি গ’লো৷ যাক ঘোৰ টোপনি বুলি কোৱা হয়৷ গুৱাহাটীৰ আমাৰ ঘৰৰ পৰা দেখা পোৱা পুৱাৰ বেলিটিৰ ৰঙা ৰশ্মিবোৰ সুউচ্চ পাহাৰৰ মাজেদি আহি চৌদিশ পোহৰাই ধৰণীক জগাই তোলা সুন্দৰ দৃশ্য ডুবাইৰ হোটেলৰ পৰাও উপভোগ কৰিলোঁ৷ অৱশ্যে দুয়োখন ঠাইৰ পুৱাৰ সূৰ্যোদয়ৰ দৃশ্য ভিন্ন৷ এঠাইত সূৰ্যোদয় হয় চৰাই–চিৰিকটিয়ে গীত জুৰে৷ জান–জুৰিত ধ্বনিত হয় কুলু কুলু সুৰ৷ শেৱালিৰ পাহি সৰে, কুঁৱলীয়ে দুৱৰি সেমেকা কৰে৷ আনখন ঠাইত পুৱাৰ সূৰুজৰ সোণোৱালী পোহৰে উজলাই তোলে সুউচ্চ অট্ৰালিকা, সুবিশাল ৰাজপথ, হ্ৰদৰ নীলা পানীৰ ওপৰত ভাঁহি থকা ক্ৰুজৰ চিকমিকনি, দ্ৰুত গতিত ৰাজপথত শাৰী শাৰীকৈ চলি থকা ধুনীয়া গাড়ীবোৰ৷ ডুবাই, হোটেলৰ খিৰিকিয়েদি চাই এনে ভাব হয় যেন এইয়া শাস্ত্ৰত বৰ্ণনা কৰা স্বৰ্গ৷ য’ত আছে শান্তি৷ বিমল আনন্দ৷ চৌদিশে মাথোঁ মুকলি বিশালতা–পৰি২৬ন্নতা৷
আমি আটায়ে গা–পা ধুই পৰিষ্কাৰ কাপোৰ–কানি পিন্ধি পূৰ্ব নিৰ্ধাৰিত পৰ্যটন স্থানসমূহত ফুৰিবলৈ সাজু হ’লো৷ হোটেলত থকা ৰেষ্টুৰেণ্টত গৈ আমি অভিভূত হ’লো আহাৰৰ কণ্টেেইনাৰ সমূহ দেখি৷ বুফে কৰি সজাই থোৱা আহাৰসমূহত পৃথিৱীৰ বিভিন্ন ঠাইৰ লোকৰ বাবে সুবিধা কৰি দিয়া থাকিলেও আমাৰ ভাৰতীয় সকলৰ বাবেও সুবিধা হোৱাকৈ সকলো ধৰণৰ আহাৰেই সজোৱা আছে৷ সকলোৱে নিজ ইচ্ছামতে ঠালত আহাৰ লৈ খাৱ পাৰে৷ ব্ৰেকফাষ্ট হলেও ই লান্স অৰ্থাৎ দুপৰীয়াৰ আহাৰৰ দৰেই হয়৷ পুৱা দহ বজাত ব্ৰেকফাষ্ট বন্ধ কৰি দিয়ে৷ আমি বেকফাষ্ট খাই উঠি বাহিৰত ৰৈ থকা গড়ীত বহিলোগৈ৷ ড্ৰাইভাৰে মোবাইলত থকা সিদিনা ফুৰিবলগীয়া ঠাইসমূহৰ তালিকাখন উলিয়াই লৈ সেইমতে আমাক ফুৰাবলৈ হোটেলৰ পৰা গাড়ীৰে লৈ গ’ল৷
অভিজ্ঞতাৰ পৰা এটা উপলব্ধি হৈছে বাহিৰত নিৰ্ভয় মনে ফুৰিবলৈ তিনিটা বস্তুৰ প্ৰধানকৈ প্ৰয়োজন৷ সুস্বাস্থ্য, হাতত খৰচ কৰিব পৰাকৈ কিছুধন আৰু মত–বিনিময় কৰিব পৰাকৈ মাতৃভাষাৰ উপৰিও ৰাষ্ট্ৰীয় বা আন্তৰাষ্ট্ৰীয় ভাষাৰ অন্ততঃ এটাৰ জ্ঞান৷ ডুবাই যিহেতু এক আন্তৰাষ্ট্ৰীয় ব্যৱসায় আৰু বিশ্ব পৰ্যটন থলী৷ গতিকে ডুবাইত পৃথিবীৰ বিভিন্ন ভাষাৰ লগতে ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা হিন্দীও প্ৰায়বোৰ মানুহে বেপাৰ–বাণিজ্যত ব্যৱহাৰ কৰে৷ আমাৰ গাড়ীৰ দ্ৰাইভাৰজন আছিল পাকিস্তানী৷ তেওঁৰ মাতৃভাষা উৰ্দু হলেও হিন্দী সুন্দৰকৈ কয়৷ গতিকে আমাৰ দৰে যাত্ৰীৰ সৈতে গাড়ীৰে বিভিন্ন ঠাইত ঘুৰোতে যথেষ্ট সুবিধা হৈছিল৷ আমাৰ কন্যায়ো খানাপাৰাৰ কেন্দ্ৰীয় বিদ্যালয়, পাটনা এনআই টি, বম্বে আই আই টিত পঢ়াৰ বাবে হিন্দী আৰু ইংৰাজী দুয়োটা ভাষাতে কথাপতা আৰু লিখাৰ দক্ষতা আছে৷ গতিকে আমাৰ বাবে ভাষা সমস্যা নাছিল৷ ৷ দ্বিতীয় দিনা আমি ডুবাই চেণ্ট্ৰেলত প্ৰথমতে সোমালোঁ৷ মলত বস্তুবোৰৰ দান ভাৰতৰ তুলনাত বহু বেচি৷ ডুবাইৰ এক ডেৰহামৰ ভাৰতীয় মূল্য ২৩ টকা৷ আকৌ প্ৰায়বোৰ সাধাৰণতে কিনা বস্তুৰ মূল্য অন্ততঃ ১৫১ পৰা ৩০ডেৰহাম৷ গতিকে তাত বস্তু কিনোতে নিজৰ দেশীয় টকাৰ সৈতে মিলাই চোৱাটো ভাল৷
অহা সংখ্যাত…