
নাৰিকল গাখীৰৰ পুডিং (পালেংশাকৰ ক্ষীৰৰ লগত)
কি কি লাগিব ঃ নাৰিকল গাখীৰৰ পুডিংৰ বাবে লাগিব সৰু জোখৰ নাৰিকল এটা, চেনি একাপ, কৰ্ণফ্ল’ৰ চাৰিচামুচ৷
পালেং শাকৰ ক্ষীৰৰ বাবে লাগিব পালেঙৰ পাত এমুঠী, গাখীৰ তিনিপোৱা, চেনি আধাবাটি, পাউদাৰ গাখীৰ চাৰিচামুচ, ইলাচী পাউদাৰ এচামুচ ঘিঁউ এচামুচ আৰু কাজু পিষ্টা কেইটামান৷
ক্ষীৰ বনোৱা প্ৰণালী– গাখীৰখিনি উতলাই উতলাই পগাই আধা কৰি লব৷ আনহাতে পালেংখিনিৰ ঠাৰি ছিঙি পাতখিনি ধুই ল’ব৷ এটা চচ্পেনত একাপ পানী উতলাই পালেঙৰ পাতখিনি দি দুই মিনিট ৰাখি একাপ ঠাণ্ডা পানীত পালেঙৰ পাতখিনি দি একমিনিটমান ৰাখি পানীৰ পৰা টুকি লৈ পেষ্ট বনাই ল’ব অকণমান পানী মিলাই৷ পেষ্টখিনি চেকী ল’ব এটা চচ্পেন গৰমাই ঘি দি তাত পালেঙৰ ৰসখিনি দি উতলাই ইলাচী যোগ কৰি নমাই থব৷ অকণমান কুহুমীয়া গাখীৰত পাউদাৰ গাখীৰখিনি দি ভালকৈ মিলাই গুলি ল’ব৷ এতিয়া পগাই লোৱা গাখীৰখিনি পুনৰ চুলাত গৰমাই তাত পালেঙৰ ৰস আগতে ঘিঁউত ভাজি থোৱা কাজু খিচমিচ আৰু পাউদাৰ গাখীৰ চেনি মিলাই লৰাই থাকিব৷ যেতিয়া ডাঠ হৈ আহিব নমাই থব৷ আৰু ঠাণ্ডা কৰি লৈ নাৰিকলৰ পুডিঙৰ লগত পৰিৱেশন কৰিব৷
নাৰিকল গাখীৰৰ পুডিং বনোৱা প্ৰণালীঃ নাৰিকলৰ বাকলি গুচাই লৈ সৰু সৰু টুকুৰা কৰি মিক্সিত দি একাপ পানী মিহলাই পেষ্ট বনাই লৈ এখন কপাহী কাপোৰেৰে নাৰিকলখিনি চেপি নাৰিকলৰ গাখীৰ ওলায়াই ল’ব৷ পুনৰ আৰু এবাৰ আধাকাপ পানী মিলাই পেষ্ট বনাই লৈ গাখীৰ উলিয়াই ল’ব৷ এটা বাটিত আধাকাপ নাৰিকলৰ গাখীৰ লৈ তাত কৰ্ণফ্ল’ৰ দি ভালকৈ মিলাই থৈ দিব৷ আনহাতে এটা চচ্পেনত বাকীথকা নাৰিকলৰ গাখীৰখিনি ঢালি চেনি মিহলাই কম জুইত দি লৰাই থাকিব৷ অকণমান গৰম হলেই তাত নাৰিকল গাখীৰত গুলি থোৱা কৰ্ণফ্ল’ৰ লাহে লাহে মিলাই অলপ দেৰি লৰাই থাকিব, যেতিয়া ডাঠ হৈ আহিব তেতিয়া নমাই নিজৰ পছন্দৰ পাএত ঢালি দি ঠান্দা কৰি লৈ ফ্ৰিজত এঘণ্টা মান ৰাখি লৈ পালেঙৰ ক্ষীৰৰ লগত পৰিৱেশন কৰিব৷vv
বিস্কুটৰ লালমোহন

কি কি লাগিব ঃ বিস্কুটৰশ্চ Digestive)গুড়ি এবাটি, গাখীৰ আধাকাপ, ভাজিবৰ বাবে গৰু ঘিঁউ এবাটি৷ চুগাৰ চিৰাপৰ বাবে চেনি এবাটি, পানী দুবাটি, ইলাচী দুটা আৰু নেমুৰ ৰস এচামুচ৷ পৰিৱেশনৰ বাবে আলমন দুটা৷
প্ৰণালী–প্ৰথমতে বিস্কুটৰ গুড়িখিনি মিস্কিত দি আৰু গুৰি কৰি লৈ চালি লৈ গাখীৰ অলপ অলপ মিহলাই সানি লৈ লাৰু বনাই ২০মিনিট ঢাকি ৰাখিব৷ ২০মিনিটৰ পাছত ভালকৈ মথি লৈ সৰু সৰু গোল লাৰু বনাই ঘিঁউত ভাজি ল’ব৷ আনহাতে এটা কেৰাহীত চেনি আৰু পানী দি উতলাই তাত ইলাচী দি উতলাই থাকিব৷ যেতিয়া এডাল তাৰ আহিব হাতেৰে চুই চালে তেতিয়া তাত নেমু চেপি দিব৷ আৰু ভাজি থোৱা লাৰু কেইটা দি ভালকৈ লৰাই গেছৰ পৰা নমাই ঢাকি ৰাখিব৷ প্ৰায় ২ ঘণ্টা মান৷ তাৰ পাছত নিজৰ পছন্দৰ মতে পৰিৱেশন কৰিব৷vv