তৰাজানসন্মিলনৰশাৰদীয়নাট্যনিবেদন ‘‘জোঁৱাইশাস্ত্ৰ’’ (মামণি গগৈ হাজৰিকা) – Purbodix.com

তৰাজানসন্মিলনৰশাৰদীয়নাট্যনিবেদন ‘‘জোঁৱাইশাস্ত্ৰ’’ (মামণি গগৈ হাজৰিকা)

শাৰদীয় দুৰ্গোৎসৱৰ দিনকেইটাত যোৰহাটৰ বিভিন্ন পূজা মণ্ডপত দেৱী মাৰ পূজা অৰ্চনাৰ লগতে সাংস্কৃতিক সন্ধিয়াৰ আয়োজনেৰে আনন্দ উল্লাসৰ মাজেৰে যোৰহাটবাসী ভক্তপ্ৰাণ তথা সংস্কৃতিপ্ৰেমী ৰাইজে সমগ্ৰ দেশবাসীৰ লগতে দুৰ্গোৎসৱৰ সামৰণি মাৰিলে এটা বছৰৰ বাবে৷

যোৰহাটৰ পূজা মণ্ডপসমূহে পূজাৰ আধ্যাত্মিকতা ৰক্ষা কৰাৰ লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে তেওঁলোকে দুৰ্গোৎসৱ উদ্যাপন কৰে৷ পূৰ্বৰ পৰম্পৰা আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰি যোৰহাটৰ ঐতিহাসিক তৰাজান সন্মিলনে তেওঁলোকৰ প্ৰেক্ষাগৃহত একাদশী তিথি (২৫ অক্টোবৰ) অনুষ্ঠিত কৰা নাট্য সন্ধিয়াত মঞ্চস্থ কৰা হৈছিল বিখ্যাত বাংলা নাট্যকাৰ গৌতম ৰয়ৰ মূল বাংলা নাটক ‘‘জামাই বাবু’’ অসমী অভিযোজনা হাস্যমধুৰ নাটক ‘‘জোৱাই শাস্ত্ৰ’’ দৰ্শকক মন্ত্ৰ মুগ্ধ কৰি ৰাখিব পৰা হাস্যৰসিকতাপূৰ্ণ এই নাটকখনত অভিনয় কৰিছিল ভ্ৰাম্যমান, মঞ্চ, দূৰদৰ্শন তথা ৰূপালী পৰ্দাত অভিনয়েৰে জিলিকি থকা কেইবাগৰাকীও সুদক্ষ অভিনয় শিল্পীয়ে৷ চৰিত্ৰই দাবী কৰা ধৰণেৰে প্ৰতিজন অভিনেতাঅভিনেত্ৰীৰ অভিনয় আছিল অতি সুন্দৰ, সাৱলীল আৰু স্বাভাৱিক৷ কেৱল অভিনয়েই নহয় নাটক এখন মঞ্চসফল কৰি তুলিবলৈ প্ৰয়োজনীয় সকলো কলাৰ সুন্দৰ আৰু সুষম প্ৰয়োগে নাটকখনি উপভোগ্য কৰি তুলিছিল৷ মুঠতে যোৰহাটৰ নাট্যপ্ৰেমীলৈ তৰাজান সন্মিলনৰ এক সুন্দৰ শাৰদীয় উপহাৰ আছিল এই নাট্য সন্ধিয়াটি৷ অভিনয়ৰ ক্ষেত্ৰত বলিষ্ঠ অভিনেতা দিগন্ত বৰুৱাই ককা হৰগোবিন্দ বৰুৱাৰ চৰিত্ৰত কৰা সুদক্ষ অভিনয়েৰে দৰ্শকৰ মনত বিশেষভাৱে ৰেখাপাত কৰি যায়৷ প্ৰাক্তন সৈনিক ৰাধাগোবিন্দ বৰুৱাৰ চৰিত্ৰত দক্ষ অভিনেতা আলোক বৰুৱাৰ অভিনয় আছিল অতি স্বাভাৱিক আৰু সাৱলীল৷ মনোৰোগ বিশেষজ্ঞ অবাক আচাৰ্যৰ চৰিত্ৰত অভিনয়ৰ বিভিন্ন মাধ্যময় অভিনয় কৰা পৰিচিত কৌতুক অভিনেতা প্ৰশান্ত হাজৰিকাৰ স্বভাৱসুলভ কৌতুক অভিনয়ে প্ৰেক্ষাগৃহত দৰ্শকক হাঁহিৰ খোৰাক দি সকলো দৰ্শককে মোহা২৬ন্ন কৰি ৰাখে৷ দন্ত চিকিৎসকৰ চৰিত্ৰত ধ্ৰুৱজ্যোতি অধ্যাপকৰ অভিনয় আছিল অতি স্বাভাৱিক আৰু দৰ্শকৰ বাবে আন এক হাঁহিৰ খোৰাক৷ পশু চিকিৎসক জ্ঞানানন্দ নিত্যানন্দ পৰমানন্দ মজুমদাৰৰ চৰিত্ৰত জ্যেষ্ঠ অভিনেতা অৰূপ বৰুৱাৰ অভিনয় আছিল অতি সাৱলীল৷ হৃদৰোগ বিশেষজ্ঞ ডাঃ দীপক কাকতিৰ চৰিত্ৰত ৰঞ্জন শৰ্মাৰ স্বাভাৱিক অভিনয় আছিল অতি মন পৰশা৷ দৃজন গৃহ কৰ্মীৰ চৰিত্ৰ ধনাইৰ চৰিত্ৰত বিৰিঞ্চি দত্তৰ অভিনয় আৰু আনন্দিৰ চৰিত্ৰত প্ৰবীন অভিনেতা দ্বীজেন বৰুৱাৰ অভিনয়ে দৰ্শকক মন জয় কৰিবলৈ সক্ষম হয়৷ প্ৰাক্তন সৈনিকৰ পত্নী হেমা মালিনীৰ চৰিত্ৰত অভিনেত্ৰী জিনামণি বৰাৰ অভিনয়, প্ৰকাশভংগী আছিল অতি প্ৰাণস্পৰ্শী৷ কবি হীৰেণৰ চৰিত্ৰত বিদ্যুৎ বাসু বৰুৱা, নাৰ্চ ভানুৰ চৰিত্ৰত ৰিয়া বৰুৱা আৰু নাতিনী অনুৰাধাৰ চৰিত্ৰত মৃদুস্মিতা বৰুৱাৰ সুন্দৰ অভিনয়ে তেওঁলোকৰ অভিনয়ৰ ক্ষেত্ৰত উজ্জ্বল ভৱিষ্যতৰ ইংগিত দিয়ে৷ নাটকখনিৰ আন এটি আকৰ্ষণীয় চৰিত্ৰ মুন্নাৰ চৰিত্ৰত কৰিঅগ্ৰাফাৰ ৰাজেশ নেওগৰ অভিনয়ে দৰ্শকক যথেষ্ট আমোদ দিয়ে৷ প্ৰতিজন অভিনেতাঅভিনেত্ৰীয়ে নিজৰ নিজৰ চৰিত্ৰত একাত্ম হৈ নিজৰ অভিনয় দক্ষতাৰে প্ৰেক্ষাগৃহৰ প্ৰতিজন দৰ্শককে হাঁহিৰ খোৰাক দি আৰম্ভণিৰ পৰা নাটকৰ শেষলৈকে মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল৷

নাটখনি পৰিচালনা কৰিছিল জ্যেষ্ঠ অভিনেতা দিগন্ত বৰুৱা আৰু সহকাৰী পৰিচালক হিচাপে আছিল অভিনেতা আলোক বৰুৱা আৰু অভিনেতা প্ৰশান্ত হাজৰিকা৷ সংগীত পৰিচালনা মিহিৰ বেজবৰুৱা, সঞ্জীৱ বৰুৱা (চিকু), কল্যাণ চাংকাকতি, প্ৰাণজিত শৰ্মা, দিগবলয় বৰঠাকুৰৰ৷ নাটখনিৰ গীতৰ সুৰ আৰু কণ্ঠ আমিনুল হাচান ৰচিদ (বাবা), পোহৰৰ দায়িত্বত আছিল বোকাখাতৰ ৰাতুল বৰুৱা, শব্দত চুম, ৰূপসজ্জাত নিতু, দৃশ্যসজ্জাত সিদ্ধাৰ্থ শংকৰ কাকতি৷ নাটকৰ স্মাৰকৰ দায়িত্ব পালন কৰিলে জীতা বৰুৱা আৰু প্ৰাঞ্জল বৰদলৈয়ে৷ নাটখনিত জড়িত এই সকলো শিল্পী কলাকুশলীৰ সামূহিক প্ৰচেষ্টা আৰু কষ্টৰ ফলশ্ৰুতিতেই যোৰহাটবাসী ৰাইজে এখনি সৰ্বাংগসুন্দৰ নাটক উপভোগ কৰিলে৷ প্ৰকৃতাৰ্থতেই ‘‘জোঁৱাই শাস্ত্ৰ’’ আছিল এখনি মঞ্চ সফল নাট৷

 

নাটখনিৰ মঞ্চায়ণৰ প্ৰাকমুহূৰ্তত তৰাজান সন্মিলনৰ সদস্যযসদস্যা, বিশিষ্ট ব্যক্তিসকল আৰু দৰ্শকসকলৰ উপস্থিতিত নাটখনিৰ শুভ উদ্বোধন কৰে অসমৰ মঞ্চ আৰু চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী ৰীণা বৰাই৷ এই নাট্য সন্ধিয়াটিৰ সমূহ কাৰ্যসূচীৰ আঁত ধৰে অভিনেতা পুৰ্নম জ্যোতি বৰুৱাই৷ অনাগত দিনত তৰাজান সন্মিলনৰ পৰা আৰু সুন্দৰ সুন্দৰ নাট্য প্ৰযোজনা পাম বুলি আশা ৰাখিলোঁ৷ vv

Leave a Reply

Your email address will not be published. Required fields are marked *