
বিহু হৈছে অসমীয়াৰ প্ৰাণ৷ পৰম্পৰা ৰক্ষা কৰি অসমৰ লগতে সমগ্ৰ বিশ্বৰে অসমীয়াসকলে ধৰ্ম আৰু বৰ্ণ নিৰ্বিশেষে অতি উলহ–মালহেৰে বিহু উৎসৱ পালন কৰি আহিছে৷ মাঘ বিহু, বহাগ বিহু আৰু কাতি বিহু এই তিনি প্ৰকাৰৰ বিহুৰে অসমীয়া সমাজত এক বিশেষ বৈশিষ্ট্য আছে যদিও মাঘ মাহত অনুষ্ঠিত হোৱা মাঘবিহুৰ কথাই সুকীয়া৷ সন্মুখত মাঘ অথবা ভোগালী বিহুৰ বতৰ ৷ বহু কষ্টৰে কৰা পথাৰৰ খেতি চপাই আনি এই বিহুতে আপোনজনৰ লগত হাঁহে–মাহে এসাজ খাই আনন্দ কৰে প্ৰতিঘৰ অসমীয়াই৷ বিহু বুলিয়েই ঢেঁকীৰ শব্দ আৰু পিঠাৰ গোন্ধত চৌদিশে সৃষ্টি হৈছে উখল–মাখল পৰিবেশ৷ আমাৰ হিন্দু শাস্ত্ৰমতে বাৰটা ৰাশিচক্ৰ আছে আৰু সূৰ্যই বাৰ মাহত বাৰটা ৰাশি অতিক্ৰম কৰে৷ সূৰ্যই পৰ্যায়ক্ৰমে যেতিয়া মকৰ ৰাশিত প্ৰৱেশ কৰে, তেতিয়াই অসমীয়া লোকসকলে মাঘ বিহু উদযাপন আৰম্ভ কৰে৷
প্ৰকৃততে ভোগালী বিহু মানেই যেন অসমীয়াৰ ‘খাদ্যৰ উৎসৱ’৷ মাঘ বিহু শস্যৰ সৈতে সম্পৰ্কিত৷ বছৰটোৰ বাবে ভড়াললৈ লখিমী চপাই আনি এই বিহুত সকলোয়ে লগে–ভাগে এসাঁজ খায় উদ্যাপন কৰে৷ ভোগালী বিহু উদযাপন এদিন আগতে আৰম্ভ হয়৷ অৰ্থাৎ পুহ মাহৰ শেষৰ দিনটোত অসমবাসীয়ে উৰুকা পাতে৷ পথাৰৰ পৰা ধানৰ নৰা আনি মেজি সাজি সেইদিনা সকলোৱে মিলি–জুলি সেই মেজিতে নিশা ভোজ–ভাত খায়৷ নিশা মেজি ঘৰতেই কটায়৷ পুৱা গা–পা ধুই মেজি জ্বলাই সেই জুইতে সকলো অপায়–অমংগল দূৰ কৰাৰ বাবে সকলোৱে প্ৰাৰ্থনা জনায়৷ মাঘ বিহুৰ পুৱা মিঠা আলু, কাঠ আলু, জলপান–পিঠা, লাডু আদি খায় সকলোয়ে দিনটো আৰম্ভ কৰে৷ দুপৰীয়াৰ আহাৰৰ বাবে বিশাল ভোজৰ আয়োজন কৰা হয়৷
মাঘ বিহুৰ দিনা সকলোৱে পুৱা পৰম্পৰা অনুসৰি গা ধুই মেজি জ্বলায় ইশ্বৰক প্ৰৰ্থনা কৰে৷ বিহুৰ মেজি অঞ্চলটোৰ জ্যেষ্ঠ ব্যক্তিয়ে দাহ কৰে৷ সকলোয়ে মেজিৰ জুইত গা সেকি সমাজৰ পৰা অমংগল আঁতৰাই সকলোৰে উচিত চিন্তি অগ্নিদেৱতাক উপাসনা কৰে৷

ভোগালী বিহুৰ আন এক অন্যতম পৰিচয় যেন মহ যুঁজ৷ সমগ্ৰ অসমৰ গাওঁ তথা সৰু চহৰবোৰত মাঘ বিহু উপলক্ষে মুকলি ঠাইত মহ যুঁজ পতা হয়, য’ত বৃহৎ জনসমাগম হয়৷ মাঘ বিহুৰ আন এক আকৰ্ষণ চৰাই আৰু কণী যুঁজ৷ কণী যুঁজত দুই বা একাধিক খেলুৱৈয়ে ইজনে সিজনৰ বিৰুদ্ধে খেলত নামি পৰে৷ চৰাই যুঁজো দুটা চৰাইৰ মাজত হয়৷ মাঘ বিহু বিশেষ এই খেল উপভোগ কৰিবলৈ বহু মানুহৰ ভিৰ হয়৷
উল্লেখযোগ্য যে, শস্য চপোৱাৰ বতৰৰ সৈতে সংগতি ৰাখি ভাৰতৰ অন্যান্য প্ৰান্ততো ভিন ভিন নামেৰে উৎসৱ পালন কৰা হৈছে৷ তামিলনাডুত পুংগল, গুজৰাট, পশ্চিমবংগ আৰু কৰ্ণাটকত মকৰ সংক্ৰান্তি আৰু উত্তৰ ভাৰতৰ পঞ্জাৱ, হাৰিয়ানা, হিমাচল প্ৰদেশকে ধৰি ৰাজ্যসমূহত লোহৰি হিচাপে এই উৎসৱ পালন কৰা হয়৷
কৃষিৰ সৈতে সম্পৰ্কিত এই আনন্দময় উৎসৱ মাঘ বিহু হিচাপে, প্ৰকৃতিক সমৃদ্ধি আৰু শস্যৰ সংমিশ্ৰণেৰে ভৰাই তোলে, একেদৰে সমাজত প্ৰাচুৰ্য আৰু সৌন্দৰ্যৰ উদযাপন আৰু প্ৰতিটো ঘৰত প্ৰাচুৰ্য আৰু সৌন্দৰ্য উদযাপন কৰা উচিত! মাঘ বিহু উপলক্ষে সকলোকে আন্তৰিক শুভেচ্ছা জনাইছোঁ৷ vv