আইনগতভাবেঅঙ্গদান – Purbodix.com

আইনগতভাবেঅঙ্গদান

অংগ দান (Organ Transplant) মহান দান৷ যদি কোনো ব্যক্তিয়ে নিজৰ কোনো অংগ দান কৰি অন্য এজন ব্যক্তিক সুস্থ কৰি তুলিব পাৰে ইয়াৰ সমান পুণ্য কাম আন একোৱেই নোৱাৰে৷ এগৰাকী সুস্থ শৰীৰৰ ব্যক্তিয়ে জীৱিত অৱস্থাত যিকোনো অঙ্গ দান কৰিব পাৰে, আনহাতে কিছুমান ৰোগত আক্ৰান্ত হোৱা ৰোগীয়ে অংগদান কৰিব নোৱাৰে৷ কেন্সাৰ, এইচ আই ভি বা বীজাণু ৰক্ত প্ৰবাহ হোৱা ৰোগীয়ে কোনো অংগদান কৰিব নোৱাৰে৷ মৃত্যুৰ পাছত চকু আৰু দেহ আন ব্যক্তিৰ উপকাৰৰ স্বাৰ্থত দান কৰিব পাৰে৷ অংগদান প্ৰক্ৰিয়া সাধাৰণতে মৃত্যুৰ পাছত হয় যদিও মানৱ শৰীৰৰ টিচু, কিডনী আদি অংগ জীৱিত অৱস্থাতো দান কৰিব পাৰি৷ ইয়াৰ বাবে জীৱিত কালতে অংগদান কৰিব বিচৰা ব্যক্তি জনে নিজ ইচ্ছা, নিজ সুস্থ জ্ঞান তথা নিজ সন্মতি সাপেক্ষে ইচ্ছাপত্ৰ সম্পাদন কৰা আৱশ্যক৷

১৯৫৪ চনৰ ২৩ ডিচেম্বৰত বিখ্যাত শল্য চিকিৎসক যোছেফ মুৰেই অতি সফলতাৰে এজন ব্যক্তিৰ শৰীৰত কিডনি সংস্থাপন কৰে৷

যিকোনো অঙ্গ কোনো ব্যক্তিৰ দেহৰ পৰা অস্ত্ৰোপচাৰৰ জৰিয়তে সংৰক্ষণ কৰি যাৰ আৱশ্যক হয়, তেনে ব্যক্তিৰ দেহত অস্ত্ৰোপচাৰৰ দ্বাৰা সংৰোপণ কৰা হয়৷ সংৰোপণৰ বাবে কিছুমান অঙ্গ জীৱিত ব্যক্তিৰ শৰীৰৰ পৰা দান হিচাপে গ্ৰহণ কৰা হয়৷ ইয়াৰ উপৰিও মস্তিষ্কৰ মৃত্যু(brain death)হোৱা লোকৰ শৰীৰৰ অঙ্গই বহু লোকক জীৱন দান দিব পাৰে৷ মগজুৰ মৃত্যু হলে ব্যক্তিজনৰ মগজুৱে কাম কৰা সম্পূৰ্ণ বন্ধ কৰি দিয়ে কিন্তু শৰীৰৰ বাকী অংগবোৰ জীৱিত অৱস্থাতে থাকে৷ ব্ৰেইন ডেথ হলে জীৱনৰ সম্ভাবনা নাই কিন্তু মা অৱস্থাত জীৱনৰ সামান্য সম্ভাবনা থাকে৷ সেয়েহে মা হোৱা লোকৰ অংগদান কৰা নহয়৷ ব্ৰেইন ডেথ হোৱা ব্যক্তিৰ শৰীৰৰ অংগই বহুলোকক জীৱন দান দিব পাৰে৷ তেখেতৰ চকুৰ কৰ্ণিয়াই ২জন দৃষ্টিহীনক দৃষ্টিদান কৰিব পাৰে, হাওঁফাওঁৰ ২টা ভাগে জনক, হৃদপিণ্ডই এজনক, যকৃতে এজনক, পেনক্ৰিয়াচে এজনক, বৃক্কই ২জনক, ক্ষুদ্ৰান্ত্ৰই জনক, ইয়াৰ উপৰিও হাড় আৰু ছাল আন ব্যক্তিৰ শৰীৰত সংৰোপণ কৰিব পাৰি৷ মানুহৰ জীৱিত অৱস্থাত আটাইতকৈ বেছি দান দিয়া অংগ হৈছে কিডনি৷ যিহেতুকে মানুহৰ শৰীৰত ২টা কিডনি থাকে সেয়েহে ৰটা কিডনি দান কৰিলেও আনটো কিডনিৰে মানুহজনে সুস্থ ভাবে জীৱন নিৰ্বাহ কৰিব পাৰে৷ জীৱিত অৱস্থাত হাওঁফাওঁ আৰু লিভাৰৰ কিছু অংশ দান কৰিব পাৰি৷ তেনেলোকৰ পৰিয়ালৰ লোকৰ সন্মতি সাপেক্ষে অঙ্গ সংগ্ৰহ কৰা হয়৷

 

   বিভিন্ন অঙ্গৰ সংৰোপণ কৰা হয়৷ যেনেবৃক্ক, যকৃত, ক্ষুদ্ৰান্ত, হৃদপিণ্ড, হাওঁফাওঁ, পেনক্ৰিয়াছ, কৰ্ণিয়া, ছাল, হাড়, ভাচকুলাৰ টিচু আদি৷

   অঙ্গ সংৰোপণ তলত উল্লেখ কৰা ব্যক্তি সকলৰ কৰিব পাৰি

) কেন্সাৰ ৰোগীৰ সংৰোপণ কৰা নহয়

)) ঘনে ঘনে সংক্ৰমণ হোৱা ৰোগীৰ সংৰোপণ কৰা নহয়৷

)) ৬৫ বছৰ ঊৰ্দ্ধৰ ব্যক্তিৰ শৰীৰত সংৰোপণ সাধাৰণতে কৰা নহয়৷

)গ্গযি অঙ্গৰ সংৰোপণ কৰা তাৰ বাদে শৰীৰৰ আন অংশত জটিল অস্ত্ৰোপচাৰ বা আন গুৰুত্বৰ সমস্যা থাকিব নালাগিব৷

  তলত উল্লিখিত ব্যক্তিসকলে মৰণোত্তৰ দেহদান কৰিব পাৰে;

)) শৰীৰত কোনো প্ৰকাৰ সংক্ৰমণ থাকিব নালাগিব

)) ব্ৰেইন ডেথ লাগিব

)) শিশুৰ পৰা ৬০ বছৰ বয়সৰ ব্যক্তি

)) কেন্সাৰ ৰোগীয়ে অঙ্গ দান কৰিব নোৱাৰে

প্ত)) অঙ্গ দাতা আৰু দত্তক দুয়োৰে তেজৰ গ্ৰুপ একে হোৱা আৱশ্যক৷

   ১৯৭৫ চনত ইংলেণ্ডত অঙ্গ সংৰোপণ আইন প্ৰণয়ন কৰা হয়৷ ভাৰতত ১৯৯৪ চনত Transplant of Human Organ Act (THOট্ট) প্ৰবৰ্তন কৰা হয়৷ এই আইন কাৰ্যকৰী কৰাৰ পিছতে এইমচত ডাঃ বেণুগোপালে হৃদপিণ্ড সংৰোপণ কৰে৷

কোনো ব্যক্তিয়ে মানৱ অংগ ক্ৰয়বিক্ৰয় কৰিব নোৱাৰে৷ আইন অনুসৰি দণ্ডনীয়৷

  অঙ্গ সংৰোপণ সম্পৰ্কীয় দুখনমান আইন

)) HOTA(Human Organ Transplant Act)

)) MTERট্ট(Medical Therapy Education And Research Act)

   যি ব্যক্তিৰ অংগ সংৰোপণ কৰা জৰুৰী তেনে ব্যক্তিৰ নাম National Organ Transplant Act অধীনত নথিভুক্ত কৰা উচিত৷

 

  মানুহৰ বিভিন্ন ধৰণৰ অন্ধবিশ্বাস, কুসংস্কাৰ, ধৰ্মীয় বিশ্বাস আদিৰ বাবে বহুতেই অঙ্গ দান কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰে৷ পিছৰ জনমত অঙ্গক্ষত হৈ জন্ম লাভ কৰা, আত্মাই মুক্তি নোপোৱা আদি অন্ধবিশ্বাসৰ বাবেও কিছুমান লোকে অঙ্গ দান দিব নিবিচাৰে৷ অসমত ইলোৰা বিজ্ঞান মঞ্চই ২০০৪ চনৰ পৰা সজাগতা অভিযান চলাই এই ক্ষেত্ৰত বহু পৰিমাণে সফল পাৰিছে৷ vv

Leave a Reply

Your email address will not be published. Required fields are marked *