
ৰাংঢালী মিনতিজনী আজি–কালি বৰ বিমৰ্ষ হৈ পৰিছে৷ তাই দত্ত বাইদেউৰ ঘৰত কাম কৰি যিটো আনন্দ পাইছিল এতিয়া সকলো যেন অতীত হৈ পৰিল৷ সিদিনা মিনতি ৰাতিপুৱা গতানুগতিকভাবেই আহি দৰজাত কলিং বে’ল বজালে৷ বাইদেৱে দৰজাখন খুলি দিয়াত মিনতি ভিতৰলৈ গৈ দৈনন্দিন কামখিনি কৰাত লাগিল৷ মিনতিয়ে মন কৰিলে চাৰ ৰাতিপুৱাই হয়তো ঘৰৰ পৰা ওলাই গৈছে৷ এতিয়া বাইদেউও কাৰ্যালয়লৈ যাবলৈ সাজি–কাচি সাজু হৈছে৷ আগতে হ’লে দুয়ো স্বামী–স্ত্ৰী একেলগে গৈছিল৷ সোনকালে ঘৰলৈ উভতিছিল দুয়ো একেলগে৷ আজিকালি দুয়ো বেলেগে বেলেগে যায়৷ বেলেগে বেলেগে আহে নিশা দেৰিকৈ৷ চাৰ আৰু বাইদেৱো মাজত কিমান যে মৰম আছিল৷ লগতে সিহঁতৰ একমাত্ৰ পুত্ৰ দীপু দুয়োৰে আলাসৰ লাৰু আছিল৷ টোপ পৰিবলৈ নিদিয়া দীপুও আজি দুয়োৰে পৰা বহুত দূৰত্বত৷ বেচেৰা দীপু… এই সাত, আঠ বছৰীয়া ল’ৰাটোৱেনো কি জানে৷ মাক–দেউতাকৰ দুৰ্বাদল কাজিয়াবোৰ দেখি বেচেৰাটোৱে ভয়ত পেপুৱা লাগি চাই থাকে৷ কেতিয়াবা সি বৰকৈ কন্দা–কটা কৰে৷ ….এতিয়া মাথোঁ তিনিটা প্ৰাণীৰ যন্ত্ৰৱত সংসাৰখন যেন এক এৰাব নোৱাৰা কাৰণত চলি আছে! হঠাতে বাইদেউৰ মাতত মিনতি সঁচকিত হ’ল–‘মিনতি, দীপু স্কুলৰ পৰা আহিলে ভাত বাঢ়ি দিবি৷ সি ভাত খোৱাৰ পিছত আবেলি টিউচনলৈ লৈ যাবি৷’ এৰা, আজি কিছুদিন ধৰি এনেকৈয়ে বাইদেউহঁতৰ সংসাৰখন চলি আছে৷ মিনতিৰ এতিয়ালৈ জানিবলৈ বাকী নাই যে বাইদেউৰ জীৱনলৈ এজন বেলেগ পুৰুষৰ আগমন ঘটিছে৷ তাকে লৈ বহুত কাজিয়া লাগিল চাৰ আৰু বাইদেউৰ মাজত৷ অৱশ্যে আজিকালি চাৰে একেবাৰে মাত–বোল নকৰে৷ তাতোকৈ ডাঙৰ কথা এতিয়া চাৰৰো বেলেগৰ লগত…! আচলতে চাৰে বাইদেউক বহুত ভাল পাইছিল৷ কিন্তু বাইদেউৰ স্বভাৱৰ বাবে চাৰেও জেদতে এতিয়া বেলেগৰ লগত সম্পৰ্ক হৈছে৷ দুয়ো পিতৃ–মাতৃ অবৈধ প্ৰেমত মছগুল হওঁতে বেচেৰা দীপুৰ কি গতি হৈছে কোনোবাই এবাৰ যদি ভাবিলে হয়…! পিতৃ–মাতৃৰ এনেকুৱা চৰিত্ৰৰ অৱক্ষয়ে সন্তানৰ কোমল মনটোক কিমান বিধ্বস্ত কৰিব পাৰে! সেয়ে হয়তো দীপু আজি মৌন এটি কাঠৰ পুতলাৰ দৰে নীৰস হৈ পৰিছে৷ সি বুজিব পৰা নাই আচলতে ঘৰখনত কি হৈছে৷ ঘৰখনক প্ৰাণৱন্ত কৰি থোৱা সেই হাঁহি–ধেমালি, মৰম–চেনেহ, আবদাৰবোৰ হঠাতে ক’লৈ গুছি গ’ল৷ তাৰ শিশু মনে যদি এইবোৰ গম পালে হয়, নি(য় পিতৃ–মাতৃক বাধা দিলে হয়! সেইদিনা দীপুৱে স্কুলৰ পৰা আহি ভাত খাই বিছনাত পৰি নীৰৱে শুই যোৱা দেখি মিনতিৰ বৰ দুখ লাগিছিল৷ আজি কিছুদিন আগলৈকে তাৰ কাষে কাষে থকা দুয়ো পিতৃ–মাতৃৰ বুকুৰ মৰমে তাক যেন পৃথিৱীৰ সকলো সুখ দিছিল৷ এতিয়া বহু নিশালৈ পিতৃ–মাতৃ ঘৰত নাথাকে…সেয়ে সি এতিয়া একেবাৰে নিসংগ হৈ পৰিছে৷ মিনতিয়ে দীপুৰ মৰহি যোৱা মনটোলৈ চাই সিদিনা ভাবিছিল…এই কণমানি দীপুটোৰ কি হ’ব ভৱিষ্যত! হয়তো ডাঙৰ হৈ সি কৈফিয়ত বিচাৰিব… তাৰ প্ৰাপ্য মৰম–চেনেহখিনিৰ পৰা কিয় তাক বঞ্চিত কৰিব…ইয়াৰ পাই পাই হিচাব দিব লাগিব সিহঁতে… চাৰ, বাইদেৱে ঘৰৰ চৌহদৰে একাষৰীয়া সৰু ঘৰ এটাত মিনতিৰ পৰিয়ালটো থাকিবৰ ব্যৱস্থা কৰি দিছিল৷ মিনতিয়ে বাইদেউহঁতৰ ঘৰত কাম কৰাৰ লগতে বাইদেউহঁত ঘৰত নথকা সময়ত দীপুক চোৱা–চিতা কৰিব লাগে৷ মিনতিৰ গিৰিয়েক অনিল বাইদেউহঁতৰ গাড়ীৰ ড্ৰাইভাৰ৷ সকলোফালে সুন্দৰ ব্যৱস্থাৰে কিমানযে এটা ধুনীয়া পৰিয়াল৷ তথাপি, মানুহ যেন তাতো সন্তুষ্ট নহয়৷ চাৰ–বাইদেউহঁতৰ লগতে সিহঁতো সুখী হৈ আছিল একেটা পৰিয়ালৰ দৰে৷ কিন্তু এতিয়া সুখৰ এই আৱাসটোক যেন এফালৰ পৰা কোনোবাই মৰিয়াই মৰিয়াই ভাঙিবলৈ আৰম্ভ কৰিছে..!
য’ত এটা পৰিয়ালত পৰিয়ালৰ ইজনে–সিজনৰ প্ৰতি থকা মৰম–চেনেহেই এখন ঘৰলৈ স্বৰ্গীয় শান্তি কঢ়িয়াই আনে, য’ত এখন সংসাৰত থকা মৰম–চেনেহ বোৰেই মায়াময় সংসাৰৰ তমসা২৬ন্ন যাত্ৰাত আলোক সঞ্চাৰ কৰে, তাত যেতিয়া মৰমবোৰ থান–বান হৈ যায়, সন্তানক যেতিয়া এক অস্বাভাৱিক পৰিৱেশে নিষ্প্ৰাণ, স্পন্দনহীন কৰি তোলে তাত বিধাতাই কি প্ৰতিদান দিবহি পাৰে ভৱিষ্যতে….
এদিন সময় পাৰ হৈ বহু দুৰলৈ আগবাঢ়িছিল৷
চাৰ আৰু বাইদেউৰ ক’লা চুলিৰ মাজে–মাজে ৰূপালী চুলি জিলিকি উঠিছিল৷ সেইদিনা সন্ধিয়া সময়—- এটি চিঞৰ ভাহি আহিছিল…‘মিনতি অনিলক গাড়ীখন উলিয়াব ক এতিয়াই’ — হয় হয়…এয়া বাইদেউৰ মাত…৷ বাইদেউৰ চিঞৰ শুনি অনিলেও গাড়ীখন খৰধৰকৈ উলিয়ালে…চাৰ আৰু বাইদেৱে দীপুক ধৰি ধৰি গাড়ীত উঠাই দি দুয়ো তাৰ কাষে কাষে বহি অনিলক নিৰ্দেশ দিলে—‘গাড়ীখন নাৰ্চিংহোমলৈ লৈ ব’ল! ’
সময়ৰ কাঁটাডাল সঠিক ভাবেই ঘূৰি থাকে৷
আৰু এই সময়েই মানুহৰ জীৱনলৈ লৈ আহে মানুহৰ এটি এটি কৰ্মৰ হিচাব৷ পিতৃ–মাতৃৰ মৰম–আবদাৰৰ পৰিবৰ্তে এক অস্বাভাৱিক পৰিৱেশে ৰুক্ষ কৰি তোলা দীপু এতিয়া ড্ৰাগছ এডিক্ট৷
কলেজৰ ডিগ্ৰীটো সম্পূৰ্ণ কৰিব নোৱাৰা দীপুৱে এতিয়া ড্ৰাগছ ন’ললে থাকিব নোৱাৰে৷ বেচেৰা দীপু/
….কি দোষ আছিল তা১…! vv