ছয়াময়াআলোকৰছন্দেৰেচানডুবি … (ঊঅন্‌জনডেকা) – Purbodix.com

ছয়াময়াআলোকৰছন্দেৰেচানডুবি … (ঊঅন্‌জনডেকা)

প্ৰকৃতিয়েই সৰ্বস্ব৷ প্ৰকৃতিৰ মাজতেই নিহিত থাকে জীৱনৰ উৎস, ভাল লগা বেয়া লগাৰ সাঁথৰ আৰু সমিধান৷ প্ৰকৃতি মানেই ৰহস্য৷ প্ৰকৃতি মানেই মানৱ সমাজৰ বাবে এক তীব্ৰ আকৰ্ষণ৷ তেনে ধৰণৰ আকৰ্ষণ আৰু অধিক তীব্ৰতৰ হৈ উঠে, যেতিয়া সেই প্ৰকৃতিৰ মাজত চানডুবিৰ দৰে প্ৰকৃতিৰ অকৃপণ সৃষ্টিৰ বিষয়ে আলোকপাত কৰা হয়৷

আজিৰ তাৰিখত সম্ভৱতঃ অসমৰ সমূহ প্ৰকৃতি প্ৰেমী আৰু আলোকচিত্ৰৰ সৈতে জড়িত প্ৰতিগৰাকী আলোকচিত্ৰ শিল্পীৰ বাবে প্ৰকৃতিৰ অন্যতম সৃষ্টি দক্ষিণ কামৰূপ আৰু মেঘালয়ৰ সীমামূৰীয়া পৰ্যটন ক্ষেত্ৰ তথা প্ৰকৃতিৰ ৰম্যভূমি চানডুবি এক অন্যতম আকৰ্ষণ৷ প্ৰতিগৰাকী প্ৰকৃতিক ভালপোৱা মানুহেই এবাৰ নহয় এবাৰ চানডুবি ভ্ৰমণ কৰাৰ হেঁপাহ মনতে পুহি ৰাখে নাইবা সুযোগ সুবিধা বুজি ভ্ৰমণ কৰে৷ এক কথাত কবলৈ লে অসম তথা ভাৰতবৰ্ষৰ প্ৰতিগৰাকী প্ৰকৃতিপ্ৰেমীৰ বাবে চানডুবি এক আকৰ্ষণৰ কেন্দ্ৰ৷ প্ৰতিগৰাকী ব্যক্তিয়েই নিজৰ হাতত থকা কেমেৰাৰে এখন লেও নিজে তোলা আলোকচিত্ৰ নিজৰ আপোনজন বা বন্ধুমহলৰ আগত প্ৰদৰ্শন কৰি চানডুবিৰ মৰমৰ কোলাত এপলক জিৰণি লোৱাৰ গৌৰৱেৰে গৌৰৱাম্বিত হোৱাৰ বাসনা ৰাখে৷ মই নিজেও আলোকচিত্ৰৰ লগত জড়িত হিচাবে প্ৰতিবাৰেই চানডুবি ভ্ৰমণৰ সময়ত এখন লেও ব্যতিক্ৰমী ছবি তোলাৰ হেঁপাহ পুহি ৰাখিছোঁ৷ সেয়া সূৰ্যোদয়েই হওক বা সূৰ্যাস্ত, চানডুবিৰ আকাশত মেঘালয়ৰ পৰা আগুৱাই অহা মেঘৰ ধেমালিয়েই হওক অথবা ভয়ানক বিজুলীৰ ছিটিকনি, বিশাল চানডুবি বিলৰ পানীত পৰ্যটকেৰে ভৰা শাৰী শাৰী ৰঙচঙীয়া নৌকাবিহাৰেই হওক বা শীতকালৰ এখন্তেক নিৰ্জনতা বিচাৰি ঢপলিয়াই অহা শত সহস্ৰ পৰিভ্ৰমী চৰাই, শাৰী শাৰী সেউজীয়া গছগছনিৰে ভৰা সৰুবৰ পাহাৰৰ লগতে প্ৰতিজোপা গছত বসন্তকালৰ শেষত ফুলা নানা বৰণীয়া অৰ্কিড আৰু বনৰীয়া ফুলৰ লগতে এই অঞ্চলত বসবাস কৰা ভিনভিন জাতি জনগোষ্ঠীৰ জীৱনশৈলী আৰু সংস্কৃতি, প্ৰকৃতিয়ে অকৃপণ হাতেৰে গঢ় দিয়া এই অঞ্চলৰ মনজুৰোৱা নৈসৰ্গিকতা৷ এজন আলোকচিত্ৰ শিল্পীৰ লগতে এগৰাকী পৰ্যটকৰ বাবেও চানডুবি অনন্য৷

সঁচাকৈয়ে, চানডুবি অতুলনীয় ক্ক

কিছুবছৰ আগতে অসমৰ ছয়গাও নিবাসী লোকশিল্পী শ্ৰদ্ধাৰ কমিছন ৰাভাৰ সৈতে হোৱা কিছু অন্তৰঙ্গ কথা প্ৰসঙ্গত তেওঁ উল্লেখ কৰা অনুসৰি তেওঁৰ  শিক্ষাগুৰু ককাকক কলহী নৈত নামি গা ধোৱাৰ সময়ত হেনো ঘঁৰিয়ালে কামুৰিছিল৷ তেওঁলোক আছিল কলহী নদীৰ পাৰৰ বাসিন্দা৷ নৈ পৰীয়া হোৱাৰ বাবেই নৈৰ পানীত নামি গা ধোৱাতো তেওঁলোকৰ নিত্য অনুসূচী আছিল৷ সেয়া আছিল আজিৰ পৰা প্ৰায় আঠ দশক আগৰ কথা৷ ইয়াৰ পৰা একালত অসমৰ নৈবিল আদিত ঘঁৰিয়াল থকা কথাতো প্ৰমাণ হয়৷

দক্ষিণ কামৰূপৰ অন্যতম কাঞ্জালন প্ৰকাশনে প্ৰকাশ কৰি উলিওৱাচানডুবিশীৰ্ষক এক প্ৰবন্ধ সংকলনত প্ৰকাশিত ৰত্নকান্ত শৰ্মাৰঅনন্য সম্পদৰ ভাণ্ডাৰ আছিল চানডুবি’’ শীৰ্ষক প্ৰবন্ধত উল্লেখ থকা মতে ১৯৫৭ বৰ্ষত চানডুবি হ্ৰদত দুটা ঘঁৰিয়াল আছিল আৰু ১৯৬৪ বৰ্ষ মানলৈকে স্থানীয় ৰাইজে সেই ঘঁৰিয়াল দুটা প্ৰত্যক্ষ কৰিছিল৷ আনহাতে একেখন গ্ৰন্থতে প্ৰকাশিত ডঙ্ম মৃগেন্দ্ৰ মোহন গোস্বামীৰ প্ৰবন্ধ, “আদ্ৰৰ্ভূমি চানডুবিঃ অতীতবৰ্তমানৰ জৈৱবৈচিত্ৰ্য আৰু সংৰক্ষণঃ এটি আলোচনা’’ তথ্য অনুসৰি চানডুবি হ্ৰদত থকা শেষৰটো ঘঁৰিয়াল ৯৭৬ বৰ্ষত নিকটবৰ্তী ভেৰভেৰী গাঁৱৰ মানুহৰ হাতত নিধন হয়৷ সেয়া আছিল সম্ভৱতঃ অসম মুলুকত ঘঁৰিয়াল দেখিবলৈ পোৱাৰ অন্তিম ইতিহাস আৰু মানৱজাতিৰ অবিবেচনা আৰু অদূৰদৰ্শীতাৰ ফলস্বৰূপে বিলুপ্ত বলগীয়া হোৱা বন্যপ্ৰাণীৰ আন এক উদাহৰণ৷ সেই দিনটো চানডুবিৰ ইতিহাসৰ বাবে এটা অতি দুখৰ দিন বুলি বিবেচনা কৰিব পাৰি৷ আৰু এক লা অধ্যায় হিচাবেই চিহ্নিত হৈ ৰব, কাললৈ৷

ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা মাথো ৬৬ কিলোমিটাৰ দূৰৈৰ অসমৰ অন্যতম পৰ্যটন স্থলী চানডুবি আৰু ইয়াতেই অৱস্থিত অলেখ জৈৱবৈশিষ্ট্যৰে পৰিপূৰ্ণ প্ৰকৃতি সৃষ্ট চানডুবি হ্ৰদ৷ প্ৰায় পাঁচ কিলোমিটাৰ দৈৰ্ঘ্য আৰু এক কিলোমিটাৰ প্ৰস্থৰে বিস্তাৰিত চানডুবি জলাশয়ৰ পূবে আছে ৰাজাপাৰা, দক্ষিণে কঁঠালগুৰি, চাপৰাকাটা, আৰু মায়াং পাহাৰ, পশ্চিমে ছাগলচাৰী পাহাৰ, উত্তৰে জুপাংবাৰী৷

অসমৰ একমাত্ৰ ৰামচৰ ক্ষেত্ৰ তথা প্ৰকৃতিৰ অনুপম সৃষ্টি দীপৰ বিলৰ পৰা ঐতিহাসিক ৰাণীৰ মাজেৰে ইয়ালৈ দূৰত্ব মাথো ৪৩ কিলোমিটাৰ৷

এতিয়া শীতকাল৷ অসমত বনভোজ খোৱাৰ বতৰ৷ চানডুবি ঐতিহাসিক জলাশয়ৰ পাৰতো এই শীতকালত হেজাৰ হেজাৰ লোক উপস্থিত হয় সেউজীয়া প্ৰকৃতিৰ মাজত নিজকে বিলাই দি একেলগে এসাঁজ খোৱাৰ মানসেৰে৷ নিকটবৰ্তী লোকসকলৰ উপৰিও দুৰদুৰণিৰ লোকৰ বাবে তাহানিৰ পৰাই চানডুবি আৰু ইয়াৰ পাৰৰ বনভোজৰ বিষযটো এক বিশেষ আকৰ্ষণ৷ সময়ৰ লগে লগে বিকাশ হোৱা পৰ্যটন উদ্যোগৰ প্ৰসাৰৰ ফলত চানডুবিৰ আকৰ্ষণ আৰু বাঢ়িছে৷ বাঢ়িছে জনসমাগম৷ আকৰ্ষণ বাঢ়িছে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চল সমূহৰো৷ বৰ্তমান সময়ত চানডুবিৰ ওচৰেপাজৰে থকা কেইবাটাও সৰুবৰ জলপ্ৰপাত ছলকা(বাঢ়ৈ গাওঁ) কাফানদোঙা (ৰাণীখামাৰ) আমতেং (বাখালাপাৰা) আদিৰ কথাও পোহৰলৈ আহিছে৷ মেঘালয়ৰ পাহাৰৰ ওপৰেৰে বৈ অহা খৰস্ৰোতা জানজুৰি, নদীসমূহ হঠাতে নামনিলৈ নামি অহাৰ ফলত কেইবাটাও জলপ্ৰপাতৰ সৃষ্টি হৈছে আৰু একালৰ সেই দুৰ্গম স্থানসমূহ ক্ৰমাৎ সুগম হোৱাৰ লগতে জনসমাগমো ক্ৰমান্বয়ে বাঢ়িবলৈ লৈছে৷ বনভোজ খাবলৈ বুলি আগমন হোৱা লোকসকলে এই ঠাইবোৰৰ শান্তিশৃঙ্খলা পৰিৱেশ, পৰিস্থিতি আদিৰ প্ৰতি কিছু সচেষ্ট হোৱাতো প্ৰয়োজন৷ কিয়নো, সেই স্থানত বসবাস কৰা শান্তিপ্ৰিয় জীৱকূলৰ জীৱনশৈলী সম্পৰ্কে সমবেত লোকৰ অধিকাংশই অজ্ঞাত৷

১৮৯৭ খ্ৰীষ্টাব্দৰ জুন মাহৰ ১২ তাৰিখে আবেলি বাজি ১৭ মিনিটত অহা . ৰিখ্টাৰ প্ৰাবল্যৰ বৰভূইকঁপৰ ফলত চানডুবি হ্ৰদৰ সৃষ্টি হৈছিল৷ আমি সৰুৰে পৰা ইয়াক হ্ৰদ বুলি কিতাপত পঢ়িবলৈ পাইছো যদিও চানডুবিক প্ৰকৃততে আদ্ৰৰ্ভূমি বুলি কোৱাহে যুগুত৷ অসমৰ বুকুৰ এক বিশাল আদ্ৰৰ্ভূমিহে৷ এসময়ত অসমৰ ১৩৫৯৫৬ হেক্টৰ অঞ্চল বিয়পি থকা ১৩৯২টা বিল (বন্যা আদ্ৰৰ্ভূমি) পিটনি আৰু হাবিয়নিৰ জলাশয়ৰ ভিতৰেৰে অন্যতম চানডুবি৷ অসমৰ প্ৰাকৃতিক পৰিৱেশৰ প্ৰতি চানডুবি জলাশয়ৰ অৱদান অপৰিসীম৷ এই সমূহ পিছত বিশদভাবে আলোচনা কৰিম৷ যিদৰে বন্যভূমিবোৰক পৃথিৱীৰ হাওঁফাওঁ বুলি কোৱা হয়, ঠিক সেইদৰে আদ্ৰৰ্ভূমিসমূহক প্ৰকৃতিৰ বৃক্ক (কিডনী) বুলি পাৰি৷ পাশ্ববৰ্তী অঞ্চলৰ পৰা বৈ অহা প্ৰদূষিত সামগ্ৰী নিজৰ বুকুত ধাৰণ কৰি আদ্ৰৰ্ভূমিসমূহে পৰিৱেশ সুস্থিৰ আৰু প্ৰদূষণ মুক্ত হৈ থকাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ সেই ফালৰ পৰা চাবলৈ লে, গুৱাহাটী মহানগৰীৰ আশেপাশে থকা বিভিন্ন আদ্ৰৰ্ভূমিসমূহ, বিশেষকৈ, দীপৰ বিল, শিলসাঁকো, চলাবিল, খামব্ৰেঙ্গা (কামৰঙা) আদিয়ে মহানগৰীৰ পৰিৱেশৰ ওপৰত বিশেষ ধৰণেৰে প্ৰভাৱ বিস্তাৰ কৰে৷ সেয়েহে, অসমৰ ৰাজধানী চহৰখনৰ পাৰিপাৰ্শিকতাৰ সমতা ৰক্ষাৰ্থে এই বিল বা আদ্ৰৰ্ভূমিসমূহৰ সংৰক্ষণ অপৰিহাৰ্ষ৷ অপৰিহাৰ্ষ অৰণ্য অঞ্চলৰ সংৰক্ষণ৷ অন্যথা ৰাজধানী চহৰখনৰ বাসিন্দাসকলৰ ভৱিষ্যত চিন্তনীয়৷ একে কথা ব্যপক অৰ্থত চিন্তা কৰিলে সমগ্ৰ পৃথিৱীৰেই আদ্ৰৰ্ভূমিবোৰ সংৰক্ষণ কৰি ৰখাতো অতিশয় জৰুৰী৷

পৰিৱৰ্তিত সময়, মানৱজাতিৰ উন্নয়ন আৰু এই উন্নয়নৰ প্ৰক্ৰিয়াৰ বাবে হাতত লোৱা বিভিন্ন কামকাজৰ আমি বাস কৰা সেউজীয়া ধৰাৰ বকুত বহু পৰিবৰ্তন ঘটোৱা হৈছে৷ ইতিমধ্যে বিশ্বৰ বহু অৰণ্য, বনাঞ্চল, প্ৰকৃতি সৃষ্ট ঠাই আদি আদিৰ পৰিৱৰ্তন ঘটাই মানৱজাতিৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰাৰ ব্যৱস্থা কৰা হৈছে৷ বহু ঠাইত বনাঞ্চল আঁতৰাই কৃষি, উদ্যোগ আদি স্থাপন কৰা হৈছে৷ ফলশ্ৰুতিত সৃষ্টি হৈছে প্ৰদূষণ৷ এফালে যি দৰে উন্নয়নৰ প্ৰয়োভৰ আনফালে প্ৰদূষণৰ৷ সমগ্ৰ পৃথিৱীজুৰি অসংখ্য কলকাৰখানা আদি পৰা নিৰ্গত হোৱা ধোৱা, বৰ্জিত পদাৰ্থ আদিয়ে বায়ু মণ্ডলত জীৱকূলৰ প্ৰাণঘাতী এঙাৰ গেছৰ পৰিমাণ বৃদ্ধি কৰিছে৷ বনাঞ্চল তথা বায়ুমণ্ডলৰ এঙাৰগেছ (carbon-di-oxide) সমতা স্থাপনৰ বাবে ক্ৰমাৎ টুটি অহা বনাঞ্চলৰ গছগছনিৰ সংখ্যা বঢ়োৱাটো বনাঞ্চল সংৰক্ষণৰ বিষয়টো অতি প্ৰাসঙ্গিক হৈ পৰিছে৷ পৰিৱৰ্তিত পৰিৱেশে সৃষ্টি কৰা প্ৰতিকূল বতৰৰ প্ৰভাৱে অকল মানৱজাতিয়ে নহয়, সমগ্ৰ জীৱকূলৰ ওপৰতে প্ৰভাৱ পেলাইছে৷ বিষয়টো যথেষ্ট স্পৰ্শকাতৰ হোৱা সত্বেও যেন আমি কোনোবাখিনিত এনেধৰণৰ কথাবোৰ চিন্তা কৰাৰ পৰা বিৰত থাকো নাইবা উলাই কৰো৷ শেহতীয়াকৈ অসমত অনুভুত হোৱা কল্পনাতীত উষ্ণতা, অকল্পনীয় বৃষ্টিপাত, প্ৰলয়ঙ্কৰী বান আদিৰ ফলত ইয়াৰ জনসাধাৰণে ত্ৰাহি মধুসূদন দেখিছে৷ প্ৰকৃতিৰ এই আচৰিত প্ৰভাৱে জনসাধাৰণৰ জীৱনযাত্ৰা, জীৱন শৈলীত পোনপটীয়া প্ৰভাৱ পেলাইছে৷ প্ৰাকৃতিক পৰিৱৰ্তনৰ বাবে শেহতীয়াকৈ অসমৰ জীৱনৰেখা বুলি বিবেচিত ব্ৰহ্মপুত্ৰ নৈৰ জলস্তৰো উদ্বেগজনকভাবে হ্ৰাস পাইছে৷ বৰ্ধিত উষ্ণতাই মানুহৰ কৰ্মস্পৃহা হ্ৰাস কৰাৰ লগতে নিত্য নতুন সমস্যাই গা কৰি উঠিছে৷ প্ৰতিকূল পৰিৱেশৰ ফলত সমগ্ৰ বিশ্বতে জীৱকূলৰ জীৱন ধাৰণৰ ক্ষেত্ৰত অভাৱনীয় পৰিৱৰ্তন আহিছে৷ বহুতে হয়তো পৰিৱেশৰ সৈতে নিজকে খাপ খুৱাই পাৰিছে আৰু বহুতে এই যুদ্ধত হাৰ মানি নীৰৱে পৃথিৱীৰ পৰা বিদায় লৈছে৷ উদাহৰণস্বৰূপে ইতিমধ্যে পৃথিৱীৰ পৰা বিলুপ্ত হোৱা ডাইনছৰৰ কথাই পাৰি৷ আমাৰ সকলোৰে পৰিচিত শগুণ, বৰটোকোলা আদিৰ সংখ্যাও চকুত লগাকৈ হ্ৰাস হৈ আহিছে৷ শেহতীয়াকৈ আৰু বা কিমান প্ৰজাতি বিলুপ্ত হৈছে তাৰ কোনো ঠিকনা নাই৷

এই খিনিতে উল্লেখ কৰিব পাৰি যে বিগত শতিকাটোৰ ভিতৰত গোলকীয় উষ্ণতা, জলবায়ুৰ দ্ৰুত পৰিৱৰ্তন আৰু মানৱ সৃষ্ট বিভিন্ন কাৰকৰ বাবে বিশ্বৰ যথেষ্টসংখ্যক আদ্ৰৰ্ভূমি লোপ পাইছে৷ সাধাৰণভাবে আমি বিষয়টো উলাই কৰো যদিও বিশ্বৰ প্ৰেক্ষাপটত মানৱজাতিৰ বাবে উদ্বেগজনক আৰু ভয়াবহ ভবিষ্যতৰ কাৰণ৷ এক সমীক্ষা অনুযায়ী ১৯৮৭ বৰ্ষৰ পৰা ১৯৯৫ বৰ্ষৰ ভিতৰত ভাৰতবৰ্ষৰ আদ্ৰৰ্ভূমিৰ আয়তন ৭০০০০০ হেক্টৰৰ পৰা ৪৫৩০০০ হেক্টৰলৈ সংকুচিত হৈছিল৷ নিঃসন্দেহে এক দূৰ্ভাগ্যজনক বতৰা, সমগ্ৰ ভাৰতবাসীৰ বাবে৷

১৮৯৭ বৰ্ষত সৃষ্টি হোৱা চানডুবিৰ তেতিয়াৰ মাটি কালি ৭১০ হেক্টৰ আছিল যদিও ১৯৭৮ বৰ্ষৰ জৰীপ মতে এই আয়তন ২৮৮ হেক্টৰলৈ হ্ৰাস পাইছিল৷ আৰু বৰ্তমান চানডুবি আদ্ৰৰ্ভূমিৰ আয়তন ২০০ হেক্টৰতকৈ বহু কম৷ (ইণ্টাৰনেটৰ তথ্য)

যোৱা শতিকাৰ মাজভাগলৈকে চানডুবি আদ্ৰৰ্ভূমিখণ্ড গভীৰ অৰণ্যৰে আঁবৰি আছিল৷ এই জলাশয়খন আছিল প্ৰকাণ্ড প্ৰকাণ্ড মাছৰ আবাসভূমি৷ অসমৰ থলুৱা প্ৰায় আটাইবোৰ মাছেই এই জলাশয়ত পোৱা গৈছিল৷ ৰৌ, ভকুৱা, মিৰিগা, আঁৰি, বৰালি, চিতল, বাঘচিতল, আদিকে ধৰি কেইবাটাও বিলুপ্তপ্ৰায় প্ৰজাতিৰ বিচৰণ ভূমি এই জলাশয়৷ ইতিমধ্যে, এসময়ত দেখিবলৈ পোৱা গাগল, বাঘচিতল, বাঘবৰালি আদিৰ চানডুবিৰ পৰা কেতিয়াবাই বিলুপ্তি ঘটিছে৷ ইয়াৰ লগতে বিলুপ্ত হৈছে বা বিলুপ্ত বলৈ গৈ আছে কিছুবছৰ আগলৈকে চানডুবিত দেখিবলৈ পোৱা বহুকেইটা প্ৰজাতিৰ বন্যপ্ৰাণী৷ এই সমূহৰ ভিতৰত ঘঁৰিয়াল, বেঙা কাছ, জাতিয়াল কাছ, লগুণীয়া কাছ, নলতুৰা কাছ, বামতুৰা কাছ, খাদুৰীয়া কাছ, মাটি কাছ, কেঁকোৰা, মাটিগুই, সোণগুই, কমলাগুই, পানী বেং, বামুণ ভেকুলী, খগুৱা ভেকুলী, পাতবেং, চেঙৰকাটি বেং, ধান শামুক, ধোন্দোলা শামুক, চূণ শামুক, বিভিন্ন প্ৰজাতিৰ সাপ, ঊঁদ, কঁকালচেপা, পানী পৰুৱা, জোক আদি৷ 

ইয়াৰ উপৰিও লোপ পাইছে চানডুবিৰ আশেপাশে থকা বনাঞ্চলসমূহৰ অলেখ ভিন ভিন প্ৰজাতিৰ গছবিৰিখ৷ বহু প্ৰজাতিৰ বন্যপ্ৰাণী৷ আজি কিছুবছৰ আগলৈকে চানডুবি পৰিবেশতন্ত্ৰৰ বিজ্ঞানসন্মত অধ্যয়নৰ বাবে উপযুক্ত ক্ষেত্ৰ বুলি বিবেচিত হৈছিল৷ আৰু এতিয়াও সেই মান্যতাৰ অধিকাংশই সংৰক্ষিত হৈ আছে বুলি ধৰিব পাৰি৷ এই আদ্ৰভূমিৰ আশেপাশে তিনিটা বেলেগ বেলেগ পৰিবেশ দেখা যায়৷ বিশাল বৃক্ষৰে আঁৱৰা বিস্তৃত ভূমি (hilly tarrine), সেউজ তৃণভূমি (ever gree decidious forest) আৰু পলসুৱা জলচৰ বামভূমি (silted shallow plains) এনেধৰণৰ জৈৱ বৈশিষ্ট্য মানৱজাতি আৰু সমগ্ৰ পৃথিৱীৰ বাবে অতি প্ৰয়োজনীয়৷

চানডুবি সম্পৰ্কে প্ৰচলিত হৈ আহিছে বহু লোককথা৷ এশ পঁচিশ বছৰ গৰকা চানডুবি বিল সম্পৰ্কীয় বহু কথা এতিয়াও লিপিবদ্ধ নোহোৱাকৈয়ে জনশ্ৰুতিৰ ৰূপতেই প্ৰবাহিত হৈ আছে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ৷ অসমত বহলভাবে প্ৰচলিত দ্বাপৰ যুগৰ চম্পক নগৰৰ চান্দ সদাগৰৰ কাহিনীৰ সৈতেও চানডুবিৰ নাম জড়িত৷ সেই সময়ত হেনো চান্দ সদাগৰে চানডুবি আৰু ইয়াৰ সংযোগী জলধাৰাৰে ডিঙা বা পালতৰা নাও মেলি বণিজলৈ গৈছিল৷ এসময়ৰ কেঁকোৰা সাগৰৰ সৈতে সংযোজিত হৈ আছিল এই চানডুবি জলাশয়৷ বণিজৰ পৰা উভতি অহাৰ সময়তে প্ৰতিকূল বতৰৰ মুখামুখি হৈ চান্দসদাগৰৰ ডিঙাসমূহ পানীত বুৰ যায়৷ সেইবাবেই এই জলাশয়ৰ নাম চানডুবি বুলি কোৱা হয় বুলিও বহুতে মত প্ৰকাশ কৰে৷

আন এক কাহিনী অনুসৰি, এসময়ত এই অঞ্চললৈ আছিল জয়ন্তীয়া ৰজা আৰু ৰাজ পৰিয়ালৰ নিয়মীয়া আহযাহ৷ চানডুবি আছিল জয়ন্তীয়া ৰজাৰ ৰাজপৰিয়ালৰ এক উপাসনাস্থলী৷ চানডুবি কেইবাগৰাকী উপাস্য দেৱদেৱীৰ আবাসভূমি৷ সেই সময়ত এই বিশাল অঞ্চলটোৰ পাঁচটা বিশেষ শিলাখণ্ডৰ ওচৰত জয়ন্তীয়া ৰাজ পৰিয়ালৰ উপৰিও দাঁতি কাষৰীয়া আন আন ৰাজ পৰিয়ালৰ উপৰিও সাধাৰণ প্ৰজায়ো পূজাপাতল আগবঢ়াইছিল৷ এতিয়াও চানডুবিস্থ দুই এক স্থানত প্ৰাচীন শিল্পকৰ্ম সম্বলিত কেইবাটাও শিলাখণ্ড আৰু দুই এক ভগ্নাবশেষ দেখা যায়৷ সঠিক অধ্যয়নে চানডুবিৰ ঐতিহাসিক দিশৰ বিষয়েই পোহৰলৈ আনিব বুলি ভাবিব পাৰি৷

বৰ্তমান এই স্থানৰ বনভোজস্থলী হিচাপে পৰিচিত চানডুবি জলাশয়ৰ ঘাটটোককলংটাৰীবুলি কোৱা হয়৷ প্ৰতিৱেশী ৰাজ্য মেঘালয়ৰ খাচী সকলে দেৱাদিদেৱ শিৱক কাৰলং বুলি কয়৷ তাহানিতে এই ঘাটত থকা শিলাখণ্ডত শিৱৰ আৰধনা কৰা হৈছিল৷ বৰ্তমানে জুপাংবাৰী নামে জনাজাত ঠাইখনত থকা শিলাখণ্ডক বাতাহী শিল বুলি কোৱা হয়৷ প্ৰবাদ আছে, তাহানিৰ দুখীয়া দৰিদ্ৰ লোকসকলে কোনো সকামনিকামৰ আয়োজন কৰি প্ৰয়োজনীয় সামগ্ৰীৰ বাবে এই শিলাখণ্ডত পূজা আগবঢ়ালে দেৱদেৱীয়ে নিশাটোৰ ভিতৰতে হেনো প্ৰয়োজনীয় সামগ্ৰীসমূহ হেনো গোটাই দিছিল৷ তৃতীয় শিলাখণ্ড হৈছে খুবদিয়াৰ কেঁচাইখাইতী গোঁসানীৰ শিলাখণ্ড৷ চতুৰ্থ শিলাখণ্ড হৈছে বাৰেগাঁৱত থকা বগাশিল বা ডাইনী শিল৷ এসময়ত অপায় অমঙ্গলৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ৰাইজে এই ডাইনী শিলত গাহৰি আদিৰে পূজাপাতল আগবঢ়াইছিল৷ পঞ্চম শিলাখণ্ড হৈছে ছাগলচাৰী পাহাৰস্থিতলোৰখুন্দা শিল খাচী ভাষাতচানমানে পাঁচ আৰুডুবিমানে শিল৷ সেয়ে পাঁচটা বিশেষ শিলাখণ্ডৰ সৈতে জড়িত হৈ থকা এই জলাশয়ৰ নামচানডুবিবুলি ৰাইজে বিশ্বাস কৰে৷

এসময়ত এই চানডুবি জলাশয় যথেষ্ট গভীৰ আছিল৷ ১৯৫৭ বৰ্ষৰ এক জৰীপত এই জলাশয়ৰ কোনো কোনো ঠাইৰ গভীৰতা ৪৬ফুট পোৱা গৈছিল৷ অৱশ্যে পিছলৈ বিভিন্ন প্ৰাকৃতিক কাৰণত এই বিলৰ গভীৰতা যথেষ্ট হ্ৰাস পাইছে৷

শেহতীয়া উন্নয়নৰ বতাহে চানডুবিক ইতিমধ্যে চুই গৈছে৷ এক আকৰ্ষণীয় পৰ্যটন কেন্দ্ৰ হিচাবে গঢ় দিবলৈ লৈ যোৱা এই অঞ্চলত বহু সংখ্যক চৰকাৰীবেচৰকাৰী প্ৰকল্প হাতত লোৱা হৈছে৷ অদূৰ ভবিষ্যতে এই প্ৰকল্পসমূহ ৰূপায়িত লে হয়তো চানডুবিত এক নতুন পৰিবেশৰ সূচনা হব৷ কিছুবছৰ আগলৈকে বৰ্তি থকা এক চহকী পৰিবেশতন্ত্ৰৰ হয়তো বহুলাংশে পৰিবৰ্তন ব৷ হয়তো চানডুবি এক আকৰ্ষণীয় পৰ্যটন কেন্দ্ৰলৈ পৰ্যবসিত ব৷ তাৰ লগতে হয়তো হেৰাই যাব এই চহকী পৰিবেশতন্ত্ৰ৷

 

উন্নয়নৰ কৰা বাদ দি মানৱ জীৱনৰ কথা ভবা অসম্ভৱ৷ উন্নয়নৰ সমান্তৰালকৈ ইয়াৰ প্ৰাকৃতিক পৰিবেশ অক্ষুণ্ণ ৰখাটো আৰু অধিক জৰুৰী৷ অন্যথা বিতুষ্ট প্ৰকৃতিয়ে মানৱজাতিৰ তথা সমস্ত জীৱকূলৰ ওপৰত বিৰূ¸ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ অকল চানডুবিয়েই নহয় অসম, ভাৰতবৰ্য তথা বিশ্বৰ সকলো চহকী পৰিবেশতন্ত্ৰ সংৰক্ষিত হওক একমাত্ৰ মানৱজাতিৰ হিতৰ বাবে৷ লগতে চানডুবিৰ গৰিমা বিয়পি পৰক সমগ্ৰ বিশ্বজুৰি৷ প্ৰতিদিনেই আকৰ্ষিত হওক বিশ্বৰ বিভিন্ন স্থানৰ হেজাৰ হেজাৰ পৰ্যটক৷ পৰ্যটনৰ উন্নয়নৰ আচিলাৰে চানডুবি হওক অসমৰ অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্ৰখনৰ এক গুৰুত্বপূৰ্ণ অধ্যায়৷ vv

Leave a Reply

Your email address will not be published. Required fields are marked *